মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / আমাৰ সমাজত কিছুমান ৰোগ সম্পৰ্কীয় কেতবোৰ বিশ্বাস অন্ধবিশ্বাস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ সমাজত কিছুমান ৰোগ সম্পৰ্কীয় কেতবোৰ বিশ্বাস অন্ধবিশ্বাস :

আমাৰ সমাজত কিছুমান ৰোগ সম্পৰ্কীয় কেতবোৰ বিশ্বাস অন্ধবিশ্বাসৰ বিষয়ে লিখা হৈছে ।

 

এদিন মই হস্পিতালৰ বহিৰ্বিভাগত ৰোগী চাই আছো। এজন আদহীয়া মানুহ সোমাই আহিল, লগত এজন ডেকা ল'ৰা। কলে বোলে তেওঁক হেনো দুসপ্তাহ আগত কুকুৰে কামুৰিছিল। বেজৰ ওচৰলৈ গৈছিল, বনদৰৱ দিলে। সেয়া খোৱাৰ পিছত তেওঁৰ প্ৰস্ৰাৱৰ লগত ৫-৬টামান সৰু সৰু কুকুৰৰ পোৱালি ওলাইছে। পেটে পেটে মোৰ খং উঠিছে হাঁহি ও উঠিছে, সুধিলো এতিয়া তেখেতৰ সমস্যা কি। তেওঁ কলে যে তেওঁৰ এতিয়া তীব্ৰ পেটৰ বিষ হৈছে, তেওঁৰ পেটৰ ভিতৰত কুকুৰৰ পোৱালি ৰৈ গ'ল নেকি মই চাই দিব লাগে। ভাৱক এইখন সমাজ আমাৰ সমাজ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে কাহানিবাই চন্দ্ৰত ভৰি দিলে । ইতিমধ্যে আমাৰ দেশ ভাৰতেও মংগল গ্ৰহত ভৰি দিবলৈ মংগলায়ন মহাকাশলৈ প্ৰেৰণ কৰিছে! জকাইচুকীয়া হলেও আমিও ৰিম`ট টিপি টিভি চাবলৈ শিকিছোঁ। অথচ মোবাইলেৰে দূৰত নেদেখাজনৰ সৈতে কথা পাতি থকাৰ মুহূৰ্ততো শনিবাৰে নতুন কামত হাত দিম নে নিদিওঁ সেই দোমোজাত থাকোঁ !

নিজৰ ল`ৰা-ছোৱালীক ডাক্তৰ -ইঞ্জিনীয়াৰ আদি বনাবলৈ যত্নৰ অকণো ট্ৰুটি নকৰোঁ কিন্তু অৱদেৱতাৰ প্ৰভাৱৰপৰা হাত সাৰিবলৈ দুই বাহু আৰু ককাঁলত আঁৰি দিওঁ কমেও এক ডজন তাবিজ ! ভূত-প্ৰেত-পিশাচ আদিৰ নজৰৰপৰা ৰক্ষা পাবলৈ সদ্যজাত ফুলকুমলীয়া কেঁচুৱাটোৰ কণমানি শৰীৰটোত ওলোমাই দিয়া হয় কেইটামান তাবিজ । নিজৰ দেহটোৰ বহন কৰিব নোৱাৰিলেও তাবিজৰ ওজন নিতৌ সহ্য কৰিবলগীয়া হয় । কেচুৱাটোৰ পেট কামোৰণি হ`লেও বেজৰ জৰা-ফুকা কৰা পানীখিনি নুখুওৱালৈকে দেখোন মনত শান্তি নালাগে।

চিকিৎসকৰ ওচৰলৈ এবাৰ দুবাৰ যোৱাৰ পাছত যদি কোনো ৰোগ আৰোগ্য নহ`ল, তেতিয়া হলে কোনোবাই আহুদি খুৱালে নেকি তাকে চাবলৈ বেজ বা ওজাৰ ওচৰ পাইগৈ ।কি বিচিত্ৰ মনৰ আধুনিক যুগৰ আমাৰ সমাজ !

পগলা কুকুৰে কামুৰিলে জলাতংক ৰোগ হয় বুলি আমি প্ৰায় সকলোৱে জানো । পানীৰ ওচৰত গলেই এই ৰোগৰ ৰোগী আতংকিত হৈ পৰে বাবেই ৰোগবিধৰ নাম জলাতংক দিয়া হৈছে । অৱশেষত ৰোগীয়ে পানী নোখোৱাকৈ মৃত্যুক সাৱটিব লগীয়া হয় । আমাৰ সমাজত এতিয়াও বিশ্বাস আছে যে কুকুৰে কামোৰা ব্যক্তিগৰাকী হেনো কুকুৰৰ দৰে পগলা হৈ অনাই-বনাই ঘূৰি ফুৰে ! তেনে ব্যক্তিয়ে হেনো আন মানুহক কামুৰিলে সেই ব্যক্তিও পাগল হব । কুকুৰে কামোৰাৰ পাছত, ৰোগ পুৰণি হলে কামোৰা ব্যক্তিগৰাকীয়ে হেনো কুকুৰৰ দৰে ভুকিব ধৰে ! প্ৰথমতে কৈ অহাৰ দৰে বহুতে কুকুৰে কামুৰিলে মানুহৰ শৰীৰত কুকুৰৰ সৰু সৰু পোৱালি হয় বুলিও এক অদ্ভুত বিশ্বাসো কৰে। ইয়াতকৈ আৰু মানুহৰ বাবে নীচাত্মক চিন্তা কি হব পাৰে ?

এই ৰোগ আৰু ৰোগীৰ লক্ষণক লৈ অলেখ জনবিশ্বাস আৰু অন্ধবিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈ আছে । সেইবোৰ আৰু ইয়াত বৰ্ণনা নকৰোঁ । জলাতংক(Rabies)ৰোগবিধ হয় এবিধ বিশেষ ধৰণৰ ভাইৰাছৰ আক্ৰমণৰ ফলত ।Rabies শব্দটো আহিছে লেটিন শব্দ rabio-ৰপৰা, যাৰ অৰ্থ হৈছে পাগল হৈ যোৱা । গ্ৰীক ভাষাত lyssa নামৰ এটা শব্দ আছে যাৰ অৰ্থ হৈছে পাগলামি কৰা । গ্ৰীক ভাষাতে জলাতংকক hydrophobia বোলা হয় য`ত hydro মানে হৈছে পানী, আৰু phobos মানে হৈছে ভয় বা আতংক । এই ৰোগবিধ অতি সাংঘাটিক, কাৰণ এইবিধ ভাইৰাছে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে যাৰ বাবে উত্তেজনা, আক্ৰমণাত্মক অংগী-ভংগী আৰু অনিচ্ছাকৃত পাগলামিয়ে দেখা দিয়ে । অৱশেষত মাংসপেশী অৱশ হৈ ৰোগী মৃত্যুমুখত পৰে। এই ৰোগবিধ যে কেৱল কুকুৰৰপৰাই হয় এনে নহয় শিয়াল, মেকুৰী, বাঘ, বান্দৰ, বাদুলী আদিৰপৰাও হব পাৰে । তদুপৰি শিয়াল, কুকুৰ, মেকুৰীয়ে কামুৰিলেই যে এই ৰোগ হব তাৰ কোনো নিশ্বয়তা নাই। কামোৰা প্ৰাণীবিধৰ শৰীৰত পূৰ্বেই এই ভাইৰাছবিধ সংক্ৰমিত হব লাগিব আৰু ভাইৰাছ থকা প্ৰানীৰ লালটি মানুহৰ তেজৰ সৈতে মিহলি হব লাগিব ।১৮৮১ চনত ফৰাচী বিজ্ঞানী লুই পেস্টিউৰে এই বীজাণু আৱিষ্কাৰ কৰিছিল । ৰোগাক্ৰান্ত কুকুৰ বা শিয়ালে কামোৰাৰ লগে লগে এই ৰোগ নহয়, এই ৰোগ হওঁতে কমেও ১২ দিনমান লাগে; কেতিয়াবা দুই এমাহ বা এবছৰ পাছতো ৰোগে দেখা দিব পাৰে । যি কুকুৰে বা শিয়াল বা যি প্ৰানীয়ে কামোৰে সেই প্ৰানীটো যদি কামোৰাৰ ১২ দিনৰ পাছতো জীয়াই থাকে তেন্তে বুজিব লাগিব তাৰ শৰীৰত জলাতংক ৰোগবিধ নাছিল । গতিকে তাৰ কামোৰৰপৰা এই ৰোগ বিয়পাৰ সম্ভাবনা নাই । কাৰণ, ৰোগ আৰম্ভ হোৱাৰ পাছত ৮-১০ দিনতকৈ বেছি কুকুৰ বা শিয়াল জীয়াই থাকিব নোৱাৰে আৰু ৰোগ আৰম্ভ হোৱাৰ ৪ দিন আগৰেপৰা তাৰ লালটিত সংক্ৰামক ভাইৰাছ নাথাকে । সেইবাবে কমেও ১২ দিন কামোৰা কুকুৰ, মেকুৰী বা শিয়ালটো লক্ষ্য ৰাখিব লাগে । তাৰ পাছতো কুকুৰ বা শিয়াল বাছি থাকিলে ৰেবিছ ভাইৰাছ ধ্বংস কৰাৰ বাবে বেজী(antirabies vaccine, ARV) লোৱাৰ কোনো প্ৰয়োজন নাই । অৱশ্যে প্ৰাণীবিধক লক্ষ্য ৰাখিব নোৱাৰিলে জীৱনৰ নিৰাপত্তাৰ বাবে বেজীকেইটা লবই লাগিব । কাৰণ, এই ৰোগটো হলে এসপ্তাহৰ ভিতৰত মৃত্যু অনিবাৰ্য্য ।
জলাতংক ৰোগ আৰম্ভ হোৱাৰ পিছত এই ভাইৰাছে ৰোগীৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত আক্ৰমণ চলায় । ইয়াৰ ফলত ৰোগী মানসিকভাবে সামান্য উত্তেজিত হলেই শৰীৰৰ মাংসপেশীবোৰো অতি তীব্ৰভাবে উত্তেজিত হৈ পৰে। পানী খাব ললেই মুখমণ্ডলৰ স্নায়ু বা যিবোৰ পেশী লৰচৰ কৰিবলগীয়া হয়, সেইবোৰ উত্তেজনাৰ বাবেই সংকুচিত হৈ পৰে । লগে লগে ৰোগীৰ চেহেৰা ভয়ানক হয় । আচলতে ৰোগীয়ে পানী দেখিলে আতংকিত নহয়, ৰোগীয়ে পানীলৈ চাই থাকিব পাৰে, খোৱাৰ কথা ভাবিলেহে লাগে লেঠা ! আচলতে পানী খোৱাৰ কথা নভবালৈকে ৰোগীৰ একো নহয় ।
কেৱল পানী খাবলৈ চেষ্টা কৰিলেই যে এনেকুৱা হয়, তেনে নহয়; শীতল বতাহ, তীব্ৰ শব্দ-পোহৰ-গোন্ধ ইত্যাদি সামান্য উত্তেজনাতেই মুখৰ মাংসপেশী সংকুচিত হৈ পৰে । আনকি হাত-ভৰিৰ পেশীও উত্তেজিত হৈ পৰে । স্বৰযন্ত্ৰৰ পেশী সংকুচিত হলে মাত বিকৃত হব পাৰে ; সেইবুলি কুকুৰৰ দৰে মাত ওলাব বুলি কোনো কথা নাই । মাংসপেশীৰ আকস্মিক সংকোচনৰ বাবে কেতিয়াবা দাঁত-মুখ নিকটাই থকাৰ দৰে, হা-কৈ মুখখন মেলি, আৰু কেতিয়াবা লালটি ওলাই থাকিব পাৰে । তেনে অৱস্থাত কমুৰিবলৈ বা আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ নিচিনা লাগে যদিও প্ৰকৃততে এনে ৰোগীৰ তেনে কোনো অভিপ্ৰায় নাথাকে । আচলতে জলাতংক বা hydrophobia শব্দটো ভুল ধাৰণাৰ ভিত্তিত প্ৰতিস্থিত । ওজা বা বেজে এই ৰোগ কোনোপধ্যে আৰোগ্য কৰিব নোৱাৰে । সেইবাবে কাৰোবাক কুকুৰ বা শিয়ালে কামুৰিলে ওজাৰ শৰণাপন্ন হোৱাতকৈ বিজ্ঞান-সন্মত চিকিৎসা ব্যবস্থা অতি জৰুৰী ।

ভাবিলেই আচৰিত লাগে, আমাৰ প্ৰতিটো খোজতে অন্ধবিশ্বাস তথা কু-সংস্কাৰে এনেকৈ শিপাই আছে যে তাৰ কবলৰপৰা উদ্ধাৰ পোৱা বৰ দূৰূহ কথা।
অন্ধবিশ্বাসে আমাৰ হাড়ে-হিমজুৱে এনেকৈ শিপাই আছে যে জণ্ডিছৰ দৰে যকৃতৰ গুৰুতৰ ৰোগতো কোনোবা বেজৰ মালা পৰিধান কৰিলেই এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি বুলি আমি আজিও ভাবোঁ ! এই পৰিঘটনাটোৱে জনবিশ্বাসত স্থান লাভ কৰিব পৰাকৈ চমৎকাৰিতাও অৰ্জন নকৰাকৈ নথকা নহয় ! কাৰণ, মালাধাৰি পৰিধান কৰাৰ পাছত আচৰিত ধৰণে ই বাঢ়িব ধৰে ! এটা সময়ত এই বৃদ্ধি বন্ধ হয় আৰু জণ্ডিছ ৰোগো আঁতৰি যায় ! আমাৰ গ্ৰাম্যাঞ্চল, আনকি চহৰ অঞ্চলতো এনে মালা প্ৰদানকাৰী বেজৰো অভাৱ নাই আৰু মালা পৰিধানকাৰী ব্যক্তিৰো অভাৱ নাই; বিজুলী-বাতিৰ পৰশ নপৰা কোনোবা জকাইচুকৰ খেতিয়কজনৰ পৰা আৰম্ভ কৰি চহৰৰ সদা ব্যস্ত বিজ্ঞান-স্নাতক তথা ইঞ্জিনিয়াৰ, অফিচাৰ আদি-সমাজৰ প্ৰায় সিংহভাগ ব্যক্তি ইয়াৰ মোহত আচ্ছন্ন হৈ আছে ।
জণ্ডিছ হলে চকুৰ বগা অংশৰ লগতে নখ, ছাল, জিভা আদি হালধীয়া হৈ পৰে । আচলতে বিলিৰুবিন(bilirubin) নামৰ এবিধ হালধীয়া ৰাসায়নিক ৰঞ্জক পদাৰ্থৰ বাবে এনে হয় । মানুহ আৰু অন্যান্য মাংসভোজী প্ৰাণীৰ যকৃতৰ পিত্তথলীত (gall bladder) এই বিলিৰুবিন নামৰ ৰঞ্জক পদাৰ্থবিধ থাকে। আৰু এই ৰঞ্জক পদাৰ্থৰ পৰিমান শৰীৰত ১৫-৩০% মাত্ৰ । তেজৰ লোহিত কনিকাৰ হিম`গ্ল`বিনৰ পৰা যকৃতৰ কোষত এক নিৰ্দিষ্ট ৰাসায়নিক প্ৰক্ৰিয়াৰে এই সোণালী ৰঙৰ পদাৰ্থবিধ তৈয়াৰ হয় । পিত্তবাহী নলীৰে এই পদাৰ্থ ক্ষুদ্ৰান্ত্ৰলৈ যায় আৰু তাত চৰ্বিজাতীয় খাদ্য হজম কৰাত সহায় কৰে । আমাৰ মল-মুত্ৰটো কিছু পৰিমানে বিলিৰুবিন মিহলি (প্ৰতিদিনে ৪০-২৮০ মিলিগ্ৰাম) হয় বাবেই মল-মুত্ৰৰ ৰং কিছু পৰিমাণে হালধীয়া হয় । যকৃতৰ উপৰিও প্লীহা আৰু হাড়ৰ মজ্জাতো সামান্য পৰিমানে বিলিৰুবিন প্ৰস্তুত হয় । তেজত থকা ইয়াৰ স্বাভাবিক পৰিমাণ হৈছে প্ৰতি ১০০ চিচিত ০.১-১ মিলিগ্ৰাম । ইয়াতকৈ বেছি পৰিমানে ক্ষৰণ হলে আমাৰ মল-মুত্ৰ, চকুৰ বগা অংশ, নখ, ছাল, জিভাৰ তল অংশ আদি অতিৰিক্ত ভাবে হালধীয়া হয় । তেজত বিভিন্ন কাৰণত বিলিৰুবিনৰ পৰিমান বাঢ়িব পাৰে । তাৰে এটা সাধাৰণ কাৰণ হৈছে ভাইৰাছজনিত যকৃতৰ প্ৰদাহ(Hepatitis)। এই ভাইৰাছক নিৰ্মূল কৰিবপৰাকৈ কোনোধৰণৰ কোনো ঔষধ নাই যদিও আমাৰ শৰীৰৰ সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ই এসপ্তাহতকৈ বেছি দিন থাকিব নোৱাৰে । অৱশ্যে ইয়াৰ বাবে ৰোগীক পুৰ্ণ বিশ্ৰামৰ লগতে ভিটামিন আৰু গ্লুকোজ জাতীয় খাদ্যৰ প্ৰয়োজন হব, লগতে চৰ্বিজাতীয় খাদ্য, পিত্ত উত্তেজক খাদ্য পৰিহাৰ কৰিব লাগিব । পিত্তনলীত পাত্থৰ, টিউমাৰ, কৰ্কট হলে বা পিত্তনলীৰ ওচৰত হোৱা আন কোনো অৰ্বুদে(Tumour)পিত্তনলীৰ পথ অৱৰুদ্ধ কৰিলে পিত্তই তাৰ লক্ষ্যস্থান ক্ষুদ্ৰান্তলৈ যাব নোৱাৰাৰ ফলত তেজত পিত্তৰস বা বিলিৰুবিনৰ পৰিমাণ বাঢ়ি যায় । তেতিয়া আমাৰ শৌচৰ ৰং প্ৰায় বগা হৈ পৰে । কেতিয়াবা কোনো কাৰণত তেজৰ লোহিত কণিকা যদি অত্যধিক পৰিমানে ভাঙিব ধৰে তেতিয়াও হিম`গ্ল`বিনত বেছি পৰিমানে বিলিৰুবিন প্ৰস্তুত হব । তেনে ক্ষেত্ৰত জণ্ডিছ হব পাৰে । সাধাৰণতে নৱজাতকৰ ক্ষেত্ৰত, কিছুমান ৰক্তহীনতাত, সৰ্প দংশনত, ৰোগীক তেজ দিয়াৰ গণ্ডগোল হলে এনে জণ্ডিছ হব পাৰে । এনে জণ্ডিছৰোগত বেজৰমালাৰ দ্বাৰা প্ৰকৃত চিকিৎসা কোনোপধ্যেই সম্ভব নহয় ।
সাধাৰণতে ভাৰ্গী(Clerodendron siphonanthus), অপামাৰ্গ (Achyranthes asperao) আৰু ভৃংগৰাজ(Eclypta alba)ৰ ডালেৰে জণ্ডিছৰ মালা গাঁথা হয় । কিন্তু আচৰিত কথা এই যে আয়ুৰ্বেদ বা ভেষজবিজ্ঞানৰ কোনো এটা পাততে এই উদ্ভিদসমূহৰ জণ্ডিছৰ সৈতে সম্পৰ্কৰ উল্লেখ নাই ।অবশ্যে যকৃতৰ ৰোগত ভৃংগৰাজৰ ক্ৰিয়া আছে, কিন্তু জণ্ডিছত নহয় । গতিকে এইবিলাক উদ্ভিদৰ ডালৰ মালাই জণ্ডিছ নিৰাময় কৰে বুলি ভবাটো তেনেই অবান্তৰ !
তেতিয়াহলে প্ৰশ্ন হয় এই মালা পৰিধান কৰিলে মালাৰ দৈৰ্ঘ্য বাঢ়ে কিয় ? পিছে আমোদজনক কথাটো হল- কেৱল পৰিধান কৰিলেই নহয়, এনে ওলোমাই থলেও ইয়াৰ দৈৰ্ঘ্য বাঢ়ে । আপোনালোকে কোনোবা ওজাৰপৰা এধাৰি মালা নি পৰীক্ষা কৰি চাব পাৰে । এই ৰহস্যৰ অন্তৰালত আছে মালাৰ গাঁথি ! ওপৰত উল্লেখ কৰা উদ্ভিদৰ সৰু সৰু ডালবোৰ দুই আঙুল জোখত সমানকৈ কাটি সূতাৰে গাঁথি দিয়া হয়; যিটো গাঁথিক ইংৰাজীত কোৱা হয় Shiffers' knot বা Sailor's knot । ডালবোৰ যিমানেই শুকায়, গাঁথিবোৰ সিমানেই ঢিলা হয়; সূতাৰ পাক ঢিলা হৈ হৈ মালাডাল দীঘল হয় ! ডাঙৰ কথাটো হৈছে , মালা পৰিধান কৰিলে জণ্ডিছ কমে ! পিছে মালা পৰিধান নকৰিলেও জণ্ডিছ কমিব, যদিহে ৰোগীয়ে তেল-মছলা, চৰ্বি-মাখন আদি খোৱা সাময়িকভাবে পৰিহাৰ কৰি নিৰামিষ তথা সিদ্ধ খাদ্য গ্ৰহণ কৰে । মন কৰিবলগীয়া কথা এই যে কোনো বেজে পথ্য-অপথ্যৰ সতৰ্কীকৰণ নোহোৱাকৈ মালা নিদিয়ে আৰু এই পথ্য-অপথ্যতে অন্তৰ্নিহিত হৈ আছে জণ্ডিছ আৰোগ্যৰ মূলমন্ত্ৰ !!!

বসন্ত ৰোগৰ বাবে আমি শীতলা আইক দায়ী কৰাটো একপ্ৰকাৰ আমাৰ এক সংস্কাৰত পৰিণত হৈছে । শীতলা হৈছে পৌৰানিক দেবী, শুনা যায় পৌৰানিক যুগৰ শেষৰফালে মানুহৰ মনত এই দেবীয়ে থিতাপি লৈছিল ।সেইবাবে সৰস্বতী, লক্ষ্মী, পাৰ্বতী, কামাখ্যা, গংগা আদি দেবীৰ চৰিত্ৰ আৰু বৈশিষ্ট্যৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে এই দেবীক । শীতলাৰ হাতত আছে কূলা আৰু ঝাৰু ।কূলা আৰু ঝাৰুৰ দ্বাৰা অপদেৱতাৰ প্ৰভাৱ আৰু অমংল দূৰ কৰাৰ পৰিকল্পনা অতি প্ৰাচীন কালৰ ! বসন্ত ৰোগ হলে শীতলাৰ নামটো উস্য ৰাখি `মাৰ দয়া` বা মাৰ আশীষ বুলি কোৱাটো একপ্ৰকাৰ আমাৰ সমাজৰ ৰীতি হৈ পৰিছে। সেইবাবে বসন্ত হলে শীতলা দেবীৰ পূজা কৰা, দেবীৰ থানত শৰাই আগবঢ়োৱা আদিৰ লগতে বসন্তৰোগীক জাপ জৰী পৰিধান কৰোৱাৰ দৰে কেতবোৰ সংস্কাৰ প্ৰচলিত হৈ আহিছে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ তৎপৰতাত সমগ্ৰ পৃথিৱীতে ভয়াবহ গুটি বসন্তৰ নিৰ্মূল হৈছে।
বসন্ত ৰোগ হয় একপ্ৰকাৰৰ ভাইৰাছৰ আক্ৰমণৰ ফলত । বসন্ত হলে ছালৰ ওপৰিভাগত পানীৰে ভৰা এবিধ গুটি ওলায় । পানীভৰা গুটিক pock বোলা হয়, যাৰ বহুবচন pox ! বসন্ত দুই ধৰণৰ-গুটি-বসন্ত(small pox)আৰু পানী বসন্ত (chicken pox)। গুটি বসন্ত অতি মাৰাত্মক । জ্বৰ হোৱাৰ তিনিদিনৰ পাছত হাত-ভৰি-গাল-মুখ আদিত গুটি ওলাবলৈ ধৰে । কিন্তু পানীঅবসন্তৰ গুটি, জ্বৰ হোৱাৰ প্ৰথম দিনাৰপৰাই ওলাব ধৰে । সাধাৰণতে শিশুসকল এই বসন্তত বেছিকৈ আক্ৰান্ত হয় । ভাইৰাছক নিৰ্মূল কৰিবৰ বাবে Acyclovir, Femcyclovir, আদি ঔষধ ব্যৱহাৰ কৰা হয় ।তদুপৰি উপযুক্ত সেৱা-শুশ্ৰূষা আৰু আনুষংগিক চিকিৎসাৰ দ্বাৰা ৰোগীক ৰক্ষা কৰিব পাৰি । সম্প্ৰতি মানুহৰ বৈজ্ঞানিক চিন্তা-চেতনা যথেষ্ট বৃদ্ধি পালেও ভাইৰাছৰ বিৰুদ্ধে যুঁজিব পৰাকৈ প্ৰযুক্তিক জ্ঞানৰ অভাৱ আছে । প্ৰাচীনকালত এনে অসহায়তা আছিল আৰু ব্যাপক, এই অতি-সংক্ৰামক ৰোগবিধৰপৰা ৰোগীক ৰক্ষা কৰিবপৰা বিজ্ঞান-সন্মত পদ্ধতিও জনা নাছিল ।হয়তো সেইবাবেই এটা সময়ত এই ৰোগৰ কবলত পৰি এখনৰ পাছত এখনকৈ কেইবাখনো গাঁও মৰিশালীত পৰিণত হৈছিল । ৰোগ আৰু মৃত্যুৰ ভয়াবহতাৰ মাজত ঠিয় হৈ তাহানিৰ অসহায় মানুহে শীতলা দেবীকে ধৰি নানান দেৱ-দেৱী তথা অতীন্দ্ৰিয় শক্তিৰ ওপৰত নিৰ্ভৰশীল হবলৈ বাধ্য হৈ পৰিছিল । মাদুলি-তাবিজ-মন্ত্ৰ আদিকে ৰোগ নিৰাময়ৰ একমাত্ৰ অস্ত্ৰ হিছাপে বাছি লবলৈ বাধ্য হৈছিল ।

আজিৰ মানৱে উন্নত চিন্তা-ধাৰাৰ দ্বাৰা উৎঘাটন কৰিব পাৰিছে যে ৰোগবোৰ বীজাণু বা ভাইৰাছৰ আক্ৰমণতহে হয়। গতিকে তাহানিৰ দৰে পূজা-অৰ্চনা কৰি, মন্ত্ৰপুতঃ মাদুলি-তাবিজ পৰিধান কৰালে ৰোগীক মৃত্যুমুখলৈ ঠেলি দিয়াহে হব, সমাজৰ প্ৰত্যেক ব্যক্তিয়ে এনে ভাৱ-ধাৰা ললে ঠিক তাহানিৰ দৰে কোনো ভাইৰাছ বা জীৱাণুজনিত সংক্ৰামক ৰোগৰ কবলত পৰি একো একোখন গাঁও উছন হওঁতে বেছি দিন নালাগে । মাদুলি তাবিজে অন্ধবিশ্বাসীজনক সাময়িকভাবে মানসিক সকাহ দিব পাৰে; কিন্ত তাৰ বিপৰীতে তেনেজনৰ দেহৰপৰা ৰোগৰ বীজাণু সুস্থজনলৈ বিয়পাত তেওঁ নিজেই বাহক হৈ পৰে । উল্লেখ্য, পৃথিৱীৰপৰা গুটিবসন্ত সম্পূৰ্ণ নিৰ্মূল হৈছে যদিও সেই ৰোগ যে কোনো ঠাইত পুনৰ নহব তাৰ কোনো নিশ্চয়তা নাই ! পানী বসন্তৰ প্ৰাদূৰ্ভাৱ আমাৰ দেশত এতিয়াও আছে । ইয়াৰ ভাইৰাছ খুৱ এটা ভয়াবহ নহয়, ছালত কিছু দাগ এৰি লাহে লাহে ই আঁতৰি যায় । যত্ন ললে কিছুদিন পাছত সেই দাগো মিলি যায় । কোনো সুস্থ ব্যক্তি বসন্তৰোগীৰ সংস্পৰ্শলৈ অহাৰ তিনি দিনৰ ভিতৰতে টিকা ললে তেওঁৰ গালৈ এই ৰোগ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বহুগুণে কমি যায় । মানুহৰ বাহিৰে অন্য প্ৰাণী এই ৰোগত নোভোগে যদিও ৰোগ সংক্ৰমিত হোৱাত সহায় কৰে । সেইবাবে শৈশৱতে এই টিকা ললে দেহলৈ এই ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা বহুগুণে কমি যায় ।

নৱজাত শিশুক যখ-যখিনী বা পিশাচনীয়ে পায় বুলি আমাৰ সমাজত আৰু এক প্ৰকাৰ অন্ধবিশ্বাসে বাৰুকৈয়ে শিপাই আছে । সাধাৰণতে নৱজাতকে প্ৰায়ে জ্বৰ আৰু আক্ষেপন(Spasm)ত ভূগে । গ্ৰাম্যাঞ্চলৰ বেছিভাগ নৱজাতক এই ৰোগত মৃত্যুমুখত পৰে । মানুহৰ বিশ্বাস শিশুটোক পিশাচনীয়ে মাৰে । নৱজাতকক পিশাচনীৰ পৰা ৰক্ষা কৰিবলৈ পিতৃ-মাতৃ ওজাৰ শৰণাপন্ন হয় । বেছিভাগ ক্ষেত্ৰতে ওজা বিফল হয় আৰু শিশুটি মৃত্যুমুখত পৰে ! কাৰণ অস্তিত্বহীন যখ বা যখিনী বাবে নহয়, ক্লষ্ট্ৰিডিয়াম টিটেনি(Clostridium tetani) নামৰ এবিধ জীৱাণুৰ বাবেহে, যি টিটেনাছ নামৰ ৰোগ এটাৰ বাবে দায়ী । ইয়াৰ উপৰিও অন্য জীৱাণু বা ভাইৰাছৰ আক্ৰমণৰ ফলত হোৱা মেনিনজাইটিছ, এনকেফেলাইটিছ, নিউমোনিয়া আদি ৰোগৰ বাবেও জ্বৰ, আক্ষেপন আদি হব পাৰে । এইবিলাক ৰোগৰ চিকিৎসা কেতিয়াও বেজৰ বেজালিৰে নহয় ।ঘৰৰ দুৱাৰমুখত আঁৰি দিয়া বগৰীৰ কাঁইট বা শিশুৰ গাঁত দিয়া ফটা মাছ মৰা জালে এনে ৰোগ আৰোগ্য কৰিব নোৱাৰে । সাধাৰণতে উষ্ণ অঞ্চল, দৰিদ্ৰ পৰিয়াল আৰু অস্বাস্থ্যকৰ পৰিৱেশত এই ৰোগ বেছিকৈ হয় । নৱজাতকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হলে এই ৰোগ হোৱাৰ সম্ভাৱনা আৰু বৃদ্ধি পায় । প্ৰথম কেইমাহমানৰ বাবে শিশুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা পায় নিজৰ মাতৃৰপৰা । মাতৃয়ে যদি অপুষ্টিত ভুগি দুৰ্বল হৈ পৰে তেন্তে তেনে মাতৃৰ শিশুক এইবোৰ ৰোগে আক্ৰমণ কৰাৰ সম্ভাৱনা খুবেই প্ৰৱল। গতিকে গৰ্ভাৱস্থাত মাতৃক উপযুক্ত পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে আৰু এমাহৰ ব্যৱধানত টিটেনাছ প্ৰতিৰোধী বেজী দুবাৰ দিয়াটো গুৰুত্বপূৰ্ণ কাম । সাধাৰণতে প্ৰসবৰ পাছত শিশুৰ শৰীৰৰ সৈতে সংলগ্ন নাড়ী(umbilical cord)কটাৰ ক্ষতৰ পৰাই শিশু টিটেনাছত আক্ৰান্ত হয় । সেইবাবে মহিলাৰ প্ৰসৱ চিকিৎসালয়ত কৰাব লাগে য'ত আজিকালি সকলো বীজাণুমুক্ত পদ্ধতিৰ দ্বাৰা পৰিচালিত হয়। শিশুৰ টিটেনাছ বা জ্বৰ অথবা আক্ষেপন হলে বা শৰীৰ টান হৈ পৰিলে ততালিকে হস্পিতাললৈ গৈ বিজ্ঞানসন্মত বিধিৰ বাবে চিকিৎসকৰ শৰণাপন্ন হব লাগে ।

এনে ভ্ৰান্ত বিশ্বাসসমুহকে মূল উপজীব্য হিচাপে লৈ এচাম অসাধু ওজা বা বেজে অতি গাম্ভীৰ্য্য আৰু বিশ্বাসযোগ্যতাৰে সাধাৰণ মানুহৰ আগত উপস্থাপন কৰি অন্ধবিশ্বাসৰ আন্ধাৰ কণ দ-কৈ শিপোৱাত সহায় কৰি আহিছে যাতে বিজ্ঞানৰ পোহৰে তেওঁলোকক সহজে স্পৰ্শ কৰিব নোৱাৰে ।

গতিকে আমাৰ সমাজৰ প্ৰতিজন নাগৰিকৰ সচেতনতা বৃদ্ধি কৰি এই অন্ধবিশ্বাস আৰু কু সংস্কাৰ বোৰ আঁতৰাবই লাগিব। তেতিয়াহে আমি পশ্চিমীয়া উন্নত দেশবোৰৰ লগত সমানে সমানে আগবাঢ়িব পাৰিম। নহলে আমাৰ গতি বাহিৰে ৰং চং ভিতৰে কোৱাঁভাতুৰী।

লেখক: মনোজ কুমাৰ গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top