মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / আমৰ কেইটামান প্ৰধান ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমৰ কেইটামান প্ৰধান ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

আমৰ কেইটামান প্ৰধান ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান বতৰৰ ফল আৰু আম বজাৰত উভৈনদী হৈ পৰিছে। ফলৰ ৰজা বুলি ক’লে সাধাৰণতে আমকে বুজোৱা হয়। আম ভাল পোৱা মানুহ সাধাৰণতে কমে ওলাব। ভাৰতত প্ৰতি হেক্টৰ মাটিত প্ৰায় ১০ টন আম উৎপাদন হয়। কিন্তু বিভিন্ন ৰোগত ফলবোৰ কলিতে আক্ৰান্ত হোৱা দেখা যায়। অকল ফলেই নহয়, গছজোপা তথা পাতবোৰো ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বতৰ অনুকূল হ’লে ৰোগৰ বীজাণুবোৰ বৃদ্ধি পায় তথা বংশবৃদ্ধি আৰু আক্ৰমণো সহজ হৈ পৰে।

আমৰ প্ৰধান ৰোগবোৰে আমৰ মুকুল, কেঁচা পাত, পাতৰ গুড়ি আৰু আমৰ কলিবোৰত আক্ৰমণ কৰি ব্যাপক ক্ষতি কৰিব পাৰে। আমৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে ৰোগ দমন কৰাটো অপৰিহাৰ্য। এটা কথা মনত ৰাখিব লাগিব যে ৰোগ দমনতকৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাটোহে উত্তম উপায়। ৰোগাক্ৰান্ত ডাল-পাত নিয়মিত পৰিষ্কাৰ কৰা, নিয়মিতভাৱে সাৰ প্ৰয়োগ কৰা আৰু সময়ত আমৰ পোক দমন কৰাটো প্ৰতিৰোধক ব্যৱস্থা হিচাপে পৰিচিত। আমৰ কেইটামান প্ৰধান ৰোগ সন্দৰ্ভত আলোচনা কৰা হ’ল-

এনথ্ৰাকনোজ:

এই ৰোগে আক্ৰমণ কৰিলে আমগছত কেঁচা পাত, কাণ্ড, মুকুল আৰু ফলত প্ৰকাশ পায়। পাতত অসম আকৃতিৰ ধূসৰ বাদামী ৰঙৰ দাগ পৰে। ইয়াৰ লগে লগে দাগসমূহ একত্ৰিত হৈ বৃহৎ দাগৰ সৃষ্টি কৰিব পাৰে। তাৰ পিছত পাতবোৰ সৰি পৰিবলৈ আৰম্ভ কৰে। কাৰণ কেঁচা পাতত আক্ৰমণ হ’লে আক্ৰান্ত স্থানৰ কোষসমূহৰ দ্ৰুতভাৱে মৃত্যু হ’বলৈ ধৰে। আমাৰ মুকুল বা ফুল আক্ৰান্ত হ’লে ক’লা দাগ পৰা দেখা যায়। আৰু সেই ফুল আৰু মুকুলবোৰ সৰিবলৈ আৰম্ভ কৰে। মুকুলত আক্ৰমণ কৰিলে ফল ধাৰণ ক্ষমতা হত হয়। সৰু অৱস্থাত আমবোৰ আক্ৰান্ত হ’লে আমৰ গাত ক’লা দাগ পৰা দেখা যায় আৰু সৰু সৰু আমবোৰ সৰিবলৈ আৰম্ভ কৰে। লাহে লাহে আমবোৰ ডাঙৰ হৈ আহিলে ৰোগৰ জীৱাণুৱে আক্ৰান্ত কৰি সুপ্ত অৱস্থাত থাকে।

সেই অৱস্থাত ৰোগৰ লক্ষণ প্ৰকাশ নাপায়। যেতিয়া আমবোৰ পকিবলৈ আৰম্ভ কৰে আৰু মিঠা সোৱাদ বাঢ়িবলৈ ধৰে, তেতিয়া জীৱাণুবোৰ সক্ৰিয় হৈ উঠে আৰু পকা আমৰ ধূসৰ বাদামী বা ক’লা দাগৰ সৃষ্টি কৰে। ইফালে, গুদামত পৰিৱেশ অনুকূল হ’লে ৰোগে দ্ৰুত বিস্তাৰ লাভ কৰে। যেতিয়া আমবোৰ ডাঙৰ হ’বলৈ আৰম্ভ কৰে, সেই সময়ত যদি ঘনে ঘনে বৰষুণ হয় তেনেহ’লে আমৰ ৰোগৰ আক্ৰমণ বেছি দেখা যায়।

প্ৰতিকাৰ -

১)প্ৰতিবছৰে ৰোগাক্ৰান্ত বা মৰা ডাল-পাতবোৰ পৰিষ্কাৰ কৰি সেইবোৰ পুৰি পেলাব লাগে।

২)গছত থকা ৰোগাক্ৰান্ত পাত বা আমবোৰ সংগ্ৰহ কৰি পুৰি পেলাব লাগে অথবা গাঁত খান্দি পুতি থ’ব লাগে।

৩)যদি মুকুলত ৰোগৰ আক্ৰমণ প্ৰতিহত কৰিব বিচাৰে, তেনেহ’লে মেনকোজেব গ্ৰুপৰ কীটনাশক প্ৰতিলিটাৰ পানীত দুই গ্ৰামকৈ মিহলাই ভালদৰে স্প্ৰে কৰিব কৰিব লাগে। মুকুলবোৰ হ’লে ফুল ধৰাৰ আগেয়ে প্ৰথমবাৰ স্প্ৰে শেষ কৰিব লাগে। মটৰৰ দানাৰ দৰে যেতিয়া আমবোৰ হ’ব, তেতিয়া দ্বিতীয়বাৰ স্প্ৰে কৰিব লাগে। তেতিয়া দ্বিতীয়বাৰ স্প্ৰে কৰিব লাগে। তেতিয়া কেঁচা আমত আক্ৰমণ প্ৰতিহত হ’ব আৰু আমবোৰ সৰি নাযায়।

৪)লাহে লাহে ডাঙৰ হৈ আমবোৰ ৰোগমুক্ত কৰি ৰাখিবলৈ হ’লে আম সংগ্ৰহৰ ১৫ দিন আগেয়ে মেনকোজেবৰ কীটনাশক প্ৰতিলিটাৰ পানীত দুই গ্ৰামকৈ মিহলি কৰি ১৫ দিনৰ ব্যৱধানত ৩-৪ বাৰ স্প্ৰে কৰিব লাগে।

৫)গছৰ পৰা আম পাৰাৰ পিছত আমবোৰ গৰম পানীত ৫ মিনিট ডুবাই ৰাখি লতাৰ পিছত সেই আমবোৰ তুলি আনি শুকাই গুদামত জমা কৰিব লাগে।

পাউডাৰী মিলডিউ -

ৰোগৰ লক্ষণ:

পাউডাৰী ৰোগৰ আক্ৰমণ প্ৰধানতঃ আমৰ মুকুল আৰু কেঁচা আমত প্ৰকাশ পায়। প্ৰথমে আমৰ মুকুলৰ আগত বগা বা ধূসৰ বৰ্ণৰ পাউডাৰৰ দৰে আৱৰণ দেখা যায়। এই পাউডাৰবোৰ হ’ল কীটৰ জালিকা আৰু তাৰ বীজাণুৰ সমষ্টি। অনুকূল প[অৰিৱেশত এই পাউডাৰবোৰ সম্পূৰ্ণ মুকুলতে দ্ৰুত বিকাশ ঘটে। আক্ৰান্ত মুকুলৰ সকলো ফুলবোৰ নষ্ট হৈ যায়। এনে অৱস্থাত থাকে মাথোঁ মুকুলৰ ঠাৰিডালহে। আক্ৰমণ বেছি হ’লে সমস্ত মুকুল নষ্ট হোৱাৰ ফলত আমগছত কোনো ফল নধৰে। কেতিয়াবা কেতিয়াবা আকৌ কম আক্ৰান্ত মুকুলৰ ফল ধৰা দেখা যায় যদিও সেইধৰণৰ আমৰ বাকলিবোৰ খহটা হয়। যদি মুকুলবোৰ বেছি আক্ৰান্ত হয়, তেনেহ’লে কেঁচা আমবোৰ সৰি পৰে। পাউডাৰী মিলডিউ ৰোগৰ জীৱাণুবোৰ আৰ্দ্ৰ পৰিৱেশত দ্ৰুতভাৱে বৃদ্ধি পায়।  বীজাণুবোৰ বতাহৰ মাধ্যমত প্ৰৱাহিত হৈ মুকুলৰ ওপৰত পৰে আৰু ৫-৬ ঘন্টাৰ ভিতৰতে সেই বীজাণুবোৰৰ অংকুৰোদগম ঘটে। মেঘাচ্ছন্ন বতৰ আৰু পুৱাৰ ভাগত বীজাণুবোৰৰ দ্ৰুত বৃদ্ধি হয়।

প্ৰতিকাৰ:

১)গছজোপাত মুকুল ধৰাৰ সময়ত প্ৰতিদিনে পৰ্যবেক্ষণ কৰিব লাগে যাতে পাউডাৰী মিলডিউৰ ৰোগৰ আক্ৰমণ ধৰা পেলাব পাৰি। ৰোগৰ লক্ষণ দেখা দিলে ছালফাৰ গ্ৰুপৰ কীটনাশক প্ৰতিলিটাৰ পানীত দুই গ্ৰাম হাৰত মিহলাই ভালদৰে স্প্ৰে কৰিব লাগে।

আমৰ বৃন্ত পচা ৰোগ:

আমগছৰ পৰা ফলবোৰ পাৰি থোৱাৰ পাছত পকিবলৈ আৰম্ভ কৰিলে বৃন্ত পচা ৰোগে দেখা দিবলৈ আৰম্ভ কৰে। প্ৰথমে ঠাৰিবোৰত বাদামী অথবা ক’লা ৰঙৰ দাগ পৰা দেখা যায়। এই দাগবোৰ দ্ৰুতভাৱে বৃদ্ধি পৰা দেখা যায়। এই দাগবোৰ দ্ৰুতভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু গোলাকাৰ হৈ বৃন্তৰ চৌপাশে বিয়পি পৰে। জীৱাণুবোৰে ফলৰ ভিতৰত এনজাইম নিঃসৰণেৰে আমৰ কোষবোৰ দ্ৰুতভাৱে পচাবলৈ আৰম্ভ কৰে। এই ৰোগত আক্ৰান্ত আমবোৰ ২-৩ দিনৰ ভিতৰত নষ্ট হয়। ৰোগৰ বীজাণুবোৰ বৃন্তৰ বাহিৰেও আন আঘাতপ্ৰাপ্ত স্থানেৰে আমৰ ভিতৰত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰি আমবোৰ নষ্ট কৰিবলৈ ধৰে।

প্ৰতিকাৰ:

১)মেঘযুক্ত ৰৌদ্ৰোজ্জ্বল দিনত গছৰ পৰা আমবোৰ পাৰিব লাগে। আমবোৰ গছৰ পৰা পাৰাৰ সময়ত যাতে আঘাত নাপায়, সেই কথাট্যো লক্ষ্য ৰাখিব লাগে।

২)আমবোৰ ৫ চেন্টিমিটাৰৰ বেছি ঠাৰিৰে সৈতে পাৰিলে এই ৰোগৰ আক্ৰমণ হোৱাৰ সম্ভাৱনা কম থাকে।

৩)আম পাৰাৰ সময়ত গছজোপাৰ তলত বেছি সময় নাৰাখি সোনকালে উঠাই আনিব লাগে আৰু গঠৰ তলখিনি পৰিষ্কাৰ কৰি থ’ব লাগে।

৪)আমবোৰ পাৰি লগে লগে গৰম পানীত ৫ৰ পৰা ৭ মিনিট ৰাখিব লাগে অথবা বেভিষ্টিনৰ দ্ৰৱণত ৫ মিনিট বুৰাই ৰাখিব লাগে আৰু তাৰ পিছত শুকুৱাই কগুদামত থ’ব লাগে আৰু তাৰ পিছত শুকুৱাই থ’ব লাগে। তেতিয়া বৃন্ত পচা ৰোগৰ ভয় কম থাকে।

ৰঙা মৰিচা ৰোগ -

লক্ষণ:

ৰঙা মৰিচা ৰোগে প্ৰধানতঃ পাতত আক্ৰমণ কৰা দেখা যায়। কোনো কোনো সময়ত পাতৰ ঠাৰি অথবা কুহুমীয়া কাণ্ডতো আক্ৰমণ কৰা দেখা যায়। এই ৰোগে আক্ৰমণ কৰিলে প্ৰ্থমতে ধূসৰ ৰংবিশিষ্ট দাগ পৰে। তাৰ পিছত পৰৱৰ্তী সময়ত এই দাগবোৰে সুস্পষ্ট ৰঙা বাদামী ৰং ধাৰণ কৰে। এই দাগসমূহ গোলাকাৰ হোৱা দেখা যায়। বহুকেইটা দাগ একত্ৰিত হৈ বৃহৎ দাগৰ সৃষ্টি কৰে। দাগৰ মাজত অৱস্থিত শেলুৱৈবোৰে মখলমৰ ৰূপ ধাৰণ কৰে। এই ক্ষুদ্ৰ ক্ষুদ্ৰ শেলুৱৈবোৰৰ মূলতে থাকে বীজাণুবোৰ আৰু বতাহত বিয়পি পৰে। এই বীজাণুৱে আক্ৰমণ কৰা কোষসমূহ মৰিবলৈ আৰম্ভ কৰে। বীজাণুৰ আক্ৰমণ বেছি হ’লে পাতত থকা হৰিৎকণাবোৰ নষ্ট হয় আৰু খাদ্য উৎপাদনো হ্ৰাস পায়। তেতিয়া গা-গছবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

প্ৰতিকাৰ:

১)এই ৰোগৰ আক্ৰমণৰ পৰা বাছি থাকিবলৈ ৰোগ প্ৰতিৰোধী জাতৰ আমগছ ৰুব লাগিব। ৰোগাক্ৰান্ত পাতবোৰ সংগ্ৰহ কৰি পুৰি পেলাব লাগে।

২)কপাৰ সংমিশ্ৰণ থকা কীটনাশক যেনে- কুপ্ৰাভিট বা ছালকক্স প্ৰতিলিটাৰ পানীত দুই গ্ৰাম মিহলি কৰি অথবা বোৰ্ডোৰ মিশ্ৰণ ১৫ দিনৰ মূৰে মূৰে ৪-৫ বাৰ ছটিয়াই দিলে গছজোপা ৰোগমুক্ত হয়।

৩)প্ৰতিলিটাৰ পানী ২ মিলিলিটাৰ ফলিকুৰ মিহলি কৰি স্প্ৰে কৰিলেও গছজোপা ৰোগমুক্ত হয়।

উৎস: নিয়মীয়া বাৰ্তা

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top