মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / আৰম্ভ কৰক কেঞ্চাৰ,কিডনী ৰোগ বিৰোধী যুজঁ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আৰম্ভ কৰক কেঞ্চাৰ,কিডনী ৰোগ বিৰোধী যুজঁ :

আৰম্ভ কৰক কেঞ্চাৰ,কিডনী ৰোগ বিৰোধী যুজঁ,সেই বিষয়ে লিখা হৈছে ।


আমাৰ অসমীয়া মানুহক ঔষধ আৰু আন কোম্পানীয়ে গিণিপিগৰ দৰে ব্যৱহাৰৰ কৰাৰ বাবে দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগ বৃদ্ধি হব ধৰিছে আৰু আমাৰ পিছৰ প্ৰজন্মৰ কফিনত শেষ গজালটোহে মাৰিবলৈ বৰ্তমান বাকী আছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ আমি এতিয়া সচেতন হবৰ হল। ১৭ বাৰকৈ মোগলক পৰাক্ৰম কৰা অসমীয়া সকল এতিয়া ভেজাল খাদ্য আৰু ঔষধ খাই দেশৰ ভিতৰতে ৰূগীয় হোৱাৰ পথত। আমি নিজে নিজকে ৰক্ষা কৰিব লাগিব অন্যথা জাতিটো জীয়াই নাথাকিবগৈ। ইংৰাজ অহাৰ পিছত অসমতো প্ৰচলন হবলৈ ধৰিলে পশ্চিমীয়া চিকিৎসা পদ্ধতি‌ । আমি সকলো পদ্ধতিৰ পাৰ্শ্বক্ৰিয়া বিহীন চিকিৎসা আদৰি লোৱাৰ পক্ষপাতি, কিন্তু পাৰ্শ্বক্ৰিয়া থকা ঔষধ খোৱাৰ পক্ষপাতি নহয়‌। আজি কেইবছৰমানৰ পৰা অসমত কিডনী ফেইলাৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে।
(১) কিডনী ফেইলাৰ আৰু দূৰাৰোগ্য কেঞ্চাৰ ৰোগ কাৰক গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেত আৰু কেপচুল সম্পূৰ্ণ ভাৱে বৰ্জন কৰক। এই ঔষধৰ পৰা ৩৩% কিডনী ফেইলাৰ আৰু দুই তৃতীয়াংশৰ পাকস্হলী কেঞ্চাৰ হোৱাৰ সম্ভাৱনা। ফাৰ্মাছীৰ পৰা আনি নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক।
(২) কিছুমান চিকিৎসকে জধেমধে লিখা থাইৰক্সিন হৰমন ঔষধ দুবছৰতকৈ অধিক সময় খালে মহিলাৰ স্বনত আৰু জৰায়ুত টিউমাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু পিছলৈ কেঞ্চাৰলৈ ৰূপান্তৰিত হয়। তাৰোপৰি গৰ্ভাশয়ত চিষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত বিবাহিত মহিলাই গৰ্ভধাৰণ ক্ষমতা চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হয়।
(৩) ইতিমধ্যে নিমেচুলাইড ঔষধ খোৱা বাবে অসমত ভালেমান লোক আজি কিডনী ৰোগত আক্ৰান্ত হৈ আছে। নিমেচুলাইডৰ লগত একেলগে পেৰাচিটামল আৰু ক্ল'ৰজক্সাজন থকা ঔষধ আৰু ক্ষতিকাৰক যদিও অসমৰ বজাৰত এই ঔষধ এতিয়াও উভৈনদী । সেয়েহে এই ঔষধ জধেমধে নাখাব ।
(৪) অসমত কেইবছৰমানৰ পৰা হঠাতে বৃদ্ধি পাইছে কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগী। ইয়াৰ বাবে একাংশ ধনলোভী চিকিৎসক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দায়ী। কিছুবছৰ আগতে নিমেছুলাইড নামৰ ঔষধ জ্বৰ আৰু বিষ নাসক হিচাবে প্ৰয়োগ কৰাৰ বাবে অসমৰ বহুত মানুহৰ কিডনী ফেইলাৰ হৈছে। এতিয়া গেষ্ট্ৰাইটিচৰ ঔষধে অসমৰ মানুহক দেশৰ ভিতৰতে সৰ্বাধিক কিডনী ফেইলাৰ আৰু কেঞ্চাৰ ৰোগী কৰিব।
(৫) আমাৰ কিছুমান ব্যক্তিয়ে অজ্ঞতাবশত ঘৰৰ কণী, গাখীৰ কল আদি বিক্ৰী কৰি টনিকৰ বটল আনি ৰোগীক খুৱাই বল শক্তি পাবৰ বাবে। এনে মানসিকতা পৰিহাৰ কৰি এই ভাল বস্তু ৰোগীক খুৱাওক। পানীত দ্ৰৱনীয় ভিটামিন বেছিকৈ খালে অতিৰিক্ত ভিটামিন পেছাবৰ লগত নিৰ্গত হয় বাবে শৰীৰৰ ক্ষতি নকৰে। কিন্তু মিনাৰেল বা খনিজ পদাৰ্থ থকা টনিক বেছি খালে এই পদাৰ্থ শৰীৰৰ কোষত সঞ্চিত হোৱাৰ ফলত যকৃত আৰু কিডনিৰ ক্ষতিকৰে।
(৬) কেঞ্চাৰ ৰোগ সৃষ্টিকাৰক পশ্চিমৰ ৰাজ্যৰ চাউল, ঘেহু আদি বৰ্জন কৰক। সেউজ বিপ্লৱৰ নামত পাঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আদি ৰাজ্যত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা হয় । এই ৰাসায়নিক সাৰ আৰু কীটনাশক ৫%- ৭% শস্যত সঞ্চিত হয়। তাৰোপৰি চাউল, ঘেহু ইত্যাদি খাদ্য শস্য নপচিবলৈ আৰু পোকে নাখাবলৈ ডি ডি টি, মালাথিয়ান ,ফুৰাদন আদি কৰি স্বাস্থ্য খতিকাৰক বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলাই দিয়া হয়। চাউলতকৈও বেছি খতিকাৰক ৰঙা চাকি আটা। মনত ৰাখিব , চাউল ধূলে কম পৰিমাণে হলেও বিষাক্ত পদাৰ্থ আতৰ হয়। কিন্তু আটা ধূই খাব নোৱাৰি আৰু আটা বনোৱাৰ আগতেও ঘেহু ধূই পৰিস্কাৰ নকৰে। সেয়েহে সৰু লৰা-ছোৱালী , বৃদ্ধ আৰু ডায়েবেটিচ ৰোগীৰ বাবে ৰঙা চাকি আটা খোৱাটো বেছি বিপদজনক। উল্লেখযোগ্য যে আমি খাদ্যৰ নামত এই বৰবিহ খোৱাৰ বিপৰীতে আমেৰিকাই অসমৰ পৰা সাধাৰণ চাউলতকৈ প্ৰায় তিনি গুণ পুষ্টিকৰ ৰঙা বাওঁ আৰু বৰা চাউল ক্ৰয় কৰি খাইছে। মোৰ সাধাৰণ জ্ঞানৰ কথাবোৰ বিবেচনা কৰি চাওক।
সেউজ বিপ্লৱৰ নামত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰাৰ ফলত পাঞ্জাৱত ভূতলৰ পানী বিশেষকৈ ভাটিন্দা জিলাৰ পানী সম্পূৰ্ণ বিষাক্ত হৈছে। এতিয়া পাঞ্জাৱৰ খাদ্য আনকি পানী খালেও কেঞ্চাৰ ৰোগ হয়। পাঞ্জাৱত ব্যাপক হাৰত বৃদ্ধি হৈছে কেঞ্চাৰ ৰোগ। পশ্চিমীয়া ৰাজ্যৰ এই বিষাক্ত খাদ্য আমি কণ কণ শিশু আৰু ছাত্ৰ-ছাত্ৰীক খুৱাইছো , দূখীয়াক খুৱাইছো, ৰোগীক খুৱাইছো আৰু সুস্থ সকলেও খাই ধন্য মানিছো। তিনি টকীয়া চাউল খাই আমি কিমান দিন জীয়াই থাকিম?? অসমীয়া যুৱক সকলে আন ৰাজ্যত গেবাৰী নাখাতি নিজ ৰাজ্যত জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আগবাঢ়ি আহক।
(৭) ৰাস্তাৰ কাষত পৰি থকা গেলি-পচিব ধৰা মৃতদেহতকৈও দূষিত আৰু বিষাক্ত চালানী মাছ বৰ্জন কৰক। চালানী মাছ নাখালে মানুহ নমৰে। মানুহৰ বিষ্ঠা, মৰা জীৱ-জন্তু, নাড়ী আদি খুৱাই ডাঙৰ কৰা চালানী মাছত ফিটা পেলু থাকে। ডেডবডী সংৰক্ষণৰ কাৰণে ব্যৱহাৰ কৰা , কেঞ্চাৰ তথা কিডনী ফেইলাৰ ৰোগ কাৰক বিষাক্ত ফৰ্মেলিন সানি অসমীয়া সকলক দূৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী ফেইলাৰ ৰোগত আক্ৰান্ত কৰিব বিছৰা চালানী মাছ সম্পূৰ্ণ বৰ্জন কৰক। এই চালানী মাছৰে অন্নপ্ৰাশন, শ্ৰাদ্ধৰ ভোজ, আলহীক আপ্যায়ন, বিয়া-সবাহ আৰু অন্যান্য উৎসৱ পাৰ্বনত খুৱাৰ মানসিকতা দূৰ কৰক, নিজেও নাখাব আৰু আনকো খাবলৈ মানা কৰক। প্ৰয়োজন সাপেক্ষে আলুপিটিকা আৰু পইতা ভাত খাওক, অন্তত নিৰোগী হৈ থাকিব পাৰিব।
(৮) কাৰ্বাইদ দি পকোৱা কল বৰ্জন কৰিলে কল বেপাৰীয়ে কলত কাৰ্বাইদ দিয়া বন্ধ কৰিবলৈ বাধ্য হব।
(৯) প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ নকৰিব। ননষ্টিক টাৱা , কেৰাহী ব্যৱহাৰ নকৰিব। সাতাম পুৰুষে ব্যৱহাৰ কৰি অহা লোহাৰ কেৰাহী , কাহৰ বাচন ব্যৱহাৰ কৰক।
(১০) ফাষ্টফুড বিশেষকৈ মমো, শীতল পানীয় , পেকেজি‌ঙ খাদ্য বৰ্জন কৰক। শীতল পানীয় বা কল্ড ড্ৰিঙ্কচত থকা বি ভি অ কেঞ্চাৰ ৰোগকাৰক। ইয়াৰ পৰিৱৰ্তে তেততলি, ভীমকল, নেমুচৰ্বত , ডাবৰ পানী খাই সুস্বাস্থ্য অটুট ৰাখক।
(১১) ধপাত সেৱন বন্ধ কৰক। ধপাত খোৱাৰ কাৰণে চকুত চানি পৰা, গৰ্ভস্থ সন্তানৰ ওজন হ্ৰাস,নপুংসতা,হৃদৰোগৰ উপৰিও ওঠৰ কেঞ্চাৰ, মুখগহ্বৰ কেঞ্চাৰ, হাওঁফাওঁৰ কেঞ্চাৰ, জৰায়ু আৰু পেটৰ কেঞ্চাৰ হয়। নৱ প্ৰজন্মক গুটকা নাখাবলৈ উপদেশ দিয়ক।
(১২) ৰিফাইন তেলৰ পৰিৱৰ্তে সৰিয়হ বা তিলতেল খাওক।
(১৩) অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা শাক-পাচলি , ফল-মূল বৰ্জন কৰক। অৱশ্যে এই ধৰণৰ শাক-পাচলি কেবাঘন্টা সময় নিমখ পানীত ডুবাই ৰাখি খালে বিষাক্ত পদাৰ্থ কিছু কমে।
(১৪) পৰম্পৰাগত আমাৰ সাতাম পুৰুষীয়া খাদ্য খাওক। অসমৰ থলুৱা শাক-পাচলি খাওক।
(১৫) অপ্ৰিয় সত্য, অসমৰ একাংশ চিকিৎসকে
ৰোগীক কমিচনৰ ধান্দাত জধেমধে সঘনাই এক্সৰে, আলট্ৰা চনগ্ৰাফী, এম আৰ আই, চি টি স্কেন কৰিবলৈ বাধ্য কৰে। এই বিলাক বেছি কৰিলেও ৰেডিয়েচন কাৰণেও কেঞ্চাৰ হব পাৰে। কিন্তু প্ৰয়োজন সাপেক্ষে কৰিলে কমকৈ খতি কৰে বাবে বিশেষ চিন্তনীয় নহয় ।
(১৬) আতাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, অনাৱশ্যক ভাৱে বেছিকৈ ঔষধ প্ৰেছক্ৰাইব কৰা আৰু বেছিকৈ লেবৰেটৰীত পৰীক্ষা কৰিবলৈ বাধ্য কৰিব বিছৰা চিকিৎসকক সম্পূৰ্ণ বৰ্জন কৰক। এই ধৰণৰ চিকিৎসকে আপোনাৰ লগতে আন দহজনৰো শাৰীৰিক, মানসিক আৰু আৰ্থিক খতিসাধন কৰে।
(১৭)অপ্ৰিয় সত্য যে,ঔষধ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ সকলৰ নিৰ্দেশ মানি কমিচনৰ লোভত একাংশ চিকিৎসকে স্বাস্থ্য হানিকাৰক ঔষধ লিখাৰ ফলত অসমীয়া সকলৰ মাজত দিনক দিনে বৃদ্ধি পাইছে কিডনী ফেইলাৰ, কেঞ্চাৰ আদিৰ দৰে দূৰাৰোগ্য ব্যাধি। লগে লগে এই ৰোগ নিৰাময়ৰ নামত গঢ়ি উঠিছে অন্য এক ব্যক্তিগত খণ্ডৰ ৰমৰমীয়া ভটিয়নী উদ্যোগ ডায়েলাইছিচ আৰু কেঞ্চাৰ হস্পিতেল । সামান্য ক্ৰিয়েটিনিন বাঢ়িলেও আৰম্ভ কৰি দিয়ে ডায়েলাইছিচ, কিন্ত অসমত ডায়েলাইছিচ কৰা কিমান জন ৰোগী ভাল হৈছে??? বৰং ডায়েলাইছিচ কৰাৰ পিছত সেই ৰোগীৰ মৃত্যুৰ সময় চমু চাপি আহে।
আমাৰ ফকৰা যোজনা আছে " সাচি খাবা জাগি শুবা " সদায় ভাবিচিন্তি খাব , বয়বস্তু কিনিব আৰু চিকিৎসা কৰিব।


লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top