অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আৰ্থ্ৰাইটিছ :

আৰ্থ্ৰাইটিছৰ বিষয়ে লিখা হৈছে ।

 

আৰ্থ্ৰাইটিছ এটি নিদ্দিষ্ট ৰোগ নহয়।সাধাৰণতে আৰ্থ্ৰাইটিছ হ'ল অস্থিসন্ধি বা জয়েণ্ট প্ৰদাহ বা সহজ ভাষাত গাঠিৰ বিষ। অস্থিসন্ধি, অস্থিসন্ধিৰ আশেপাশে থকা মাংসপেশী, টেণ্ডন ইত্যাদি অনেক বেমাৰক একেলগে আৰ্থ্ৰাইটিছ বুলি কোৱা হয়। আৰ্থ্ৰাইটিছৰ বহুতো ভাগ আছে তাৰ ভিতৰত অষ্টিওআৰ্থ্ৰাইটিছ (Osteoarthritis), ৰিউমেটইড আৰ্থ্ৰাইটিছ (Rheumatoid arthritis), গাউট (Gout) ,বাত বিষ আদি প্ৰধানত।

অষ্টিওআৰ্থ্ৰাইটিছ (Osteoarthritis)-


সাধাৰণতে ৫০ৰ উৰ্দ্ধৰ লোকসকলৰ অষ্টিওআৰ্থ্ৰাইটিছ বা (OA) হয় যদিও কম বয়সীয়া লোকৰ ক্ষেত্ৰতো হব পাৰে। বিশেষকৈ যিসকলে গধুৰ ওজনৰ বস্তু কঢ়িয়াই তেওঁলোকৰ কম বয়সত এই ৰোগ হোৱা দেখা যায়।আৰামী জীৱন যাপন কৰা লোক, অধিক ওজনৰ ব্যক্তিৰ OA হোৱা দেখিবলৈ পোৱা যায়। আনহাতে জিনীয় কাৰণতো OA হ'ব পাৰে। ওখ গেৰুৱাৰ জোতা বা চেণ্ডেল পিন্ধা ব্যক্তিৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা পৰিলক্ষিত হয়।ইয়াৰ উপৰিও খৈলুৱৈসকলে খেলাৰ সময়ত সন্ধি বা গাঠিত পোৱা আঘাতৰ বাবেও অষ্টিওআৰ্থ্ৰাইটিছ হোৱাৰ সম্ভাৱনা থাকে।

অষ্টিওআৰ্থ্ৰাইটিছ প্ৰায় সকলোবোৰ সন্ধিতেই হ'ব পাৰে। ভাৰতীয় সকলৰ আঠু, ৰাজহাড়,কান্ধ,উৰু সন্ধি আৰু সৰু সৰু গাঠি বিলাকত এই ৰোগ হোৱা সচাৰচৰ দেখিবলৈ পোৱা যায়। সন্ধিৰ বিষৰ ভিতৰত আঠুৰ বিষেই বেছিকৈ হোৱা দেখা যায়। স্বাভাৱিক অৱস্থাত সন্ধিবোৰত দুডাল হাড়ৰ মূৰ দুটাত কুচনৰ দৰে এবিধ পদাৰ্থ থাকে যাৰ বাবে হাড় দুডালৰ মূৰ দুটা ঘহনি নাখায় আৰু হাড় দুডালৰ মাজত সৃষ্টি হোৱা ফাক পূৰায়। ইয়াক উপাস্থি বা কাৰ্টিলেজ বুলি কোৱা হয়। দীৰ্ঘ দিনৰ ক্ষয়- উপক্ষয় বা আঘাতৰ ফলত অষ্টিওআৰ্থ্ৰাইটিছৰ সৃষ্টি হয়।এই ৰোগ উপাস্থিত আৰম্ভ হৈ হাড়লৈকে বিস্তৃত হয়।


চিকিৎসা -


*প্ৰাৰম্ভিক পৰ্য্যায়ত অষ্টিওআৰ্থ্ৰাইটিক সম্পূৰ্ণ ভাবে নিৰ্মূল কৰিব পৰা যায়।
*ফিজিওথেৰাপি চিকিৎসাৰ দ্বাৰা অষ্টিওআৰ্থ্ৰাইটিছ নিৰ্মূল কৰিব পাৰি।
*আৰ্থ্ৰাইটিছত ব্যৱহৃত ফিজিওথেৰাপি চিকিৎসা পদ্ধতি
*ফিজিওথেৰাপি চিকিৎসাৰ দ্বাৰা উপশম নাপালে কৃত্ৰিম আঠুৰ সহায় ল'বলগীয়া হয়।


সাবধানতা -


*শৰীৰৰ ওজন কমাই ৰাখিব লাগে।
*চিৰিত বেছিকৈ উঠা নমা কৰিব নালাগে।
*দৈহিক অবয়ব সঠিকভাবে ৰাখিব লাগে।
*দৈনিক ব্যায়াম কৰিব লাগে।
*তলত বহিব নালাগে ( আঠু ভাজ কৰি)
*বেছি ওখ আৰু টান চেণ্ডেল/ জোতা পিন্ধিব নালাগে।

লেখিকা : ডা: প্ৰণামী বৰ্মন

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top