মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ইউৰিক এচিড আৰু গাঁঠিৰ বিষ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইউৰিক এচিড আৰু গাঁঠিৰ বিষ

ইউৰিক এচিড আৰু গাঁঠিৰ বিষৰ বিষয়ে লিখা হৈছে ।

 

সাম্প্ৰতিক সময়ত ইউৰিক এচিডৰ সমস্যাই বহুতকে আক্ৰান্ত কৰিছে। ইউৰিক এচিডৰ সমস্যাৰ বাবেই মানুহে বিভিন্ন ধৰণৰ বিষত আক্ৰান্ত হৈছে। সেইবাবেই চিকিৎসকৰ কাষলৈ বিষৰ সমস্যা লৈ গ’লেই প্ৰায়সংখ্যক চিকিৎসকেই প্ৰথমে ইউৰিক এচিড পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে।

বৰ্তমান বহু লোক ইউৰিক এচিডৰ সমস্যাত ভোগাৰ অন্যতম কাৰণটো হৈছে খাদ্য। কাৰণ খাদ্যৰ সৈতে ইউৰিক এচিডৰ ওতঃপ্ৰোত সম্পৰ্ক আছে।

যিবোৰ খাদ্যই তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে, তেনে খাদ্য সঘনাই গ্ৰহণ কৰি থাকিলে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়।

ইউৰিক এচিড দৰাচলতে সকলো লোকৰ তেজতেই প্ৰাকৃতিকভাৱে থাকে। এনে নহয় যে বিষ বেদনা আদিৰ লগতে অন্যান্য উপসৰ্গই দেখা দিয়া লোকৰ ক্ষেত্ৰতহে নতুনকৈ ইউৰিক এচিডৰ সৃষ্টিব হয়।

ইউৰিক এচিড সকলো লোকৰ দেহতেই থাকে যদিও ইয়াৰ পৰিমাণ কম-বেছি হোৱাৰ ওপৰত ৰোগৰ লক্ষণ ফুটি উঠাৰ কথা নিৰ্ভৰ কৰে।

আমাৰ শৰীৰে বৰ্জনীয় পদাৰ্থবোৰ ভাঙি পেলোৱাৰ ফলত দেহত ইউৰিক এচিডৰ সৃষ্টি হয়। এনে পদাৰ্থসমূহত থকা বিষাক্ত উপাদানসমূহৰ লগতে আন ৰাসায়নিক উপাদানসমূহে মিলি তেজত ইউৰিক এচিডৰ মাত্ৰা বঢ়াই দিয়ে।

দেহৰ বৰ্জনীয় পদাৰ্থসমূহ দেহৰ ভিতৰত ভাঙি পেলোৱাৰ ফলত পিউৰিণজাতীয় এবিধ পদাৰ্থ তেজত মিহলি হয়। এই পদাৰ্থ অত্যধিক মাত্ৰাত তেজত মিহলি হ’লে ইউৰিক এচিডৰ পৰিমাণো বৃদ্ধি পায়। এক কথা ক’বলৈ গ’লে পিউৰিণৰ আধিক্যই ইউৰিক এচিডৰ আধিক্য বঢ়াই তোলে।

দেহৰ বৰ্জনীয় পদাৰ্থসমূহ ভাঙি যোৱাৰ ফলত পিউৰিণ সৃষ্টি হোৱাৰ দৰে কেতবোৰ বিশেষ খাদ্যতো ইউৰিক এচিড বঢ়াই তুলিব পৰা উপাদান বেছিকৈ থাকে।

তেনে খাদ্য গ্ৰহণ কৰিলে সেয়ে ইউৰিক এচিড বৃদ্ধি পোৱাৰ আশংকা থাকে। আমাৰ বৃক্কই তেজত থকা ইউৰিক এচিড চেকি সেই ইউৰিক এচিড প্ৰস্ৰাৱৰ জৰিয়তে দেহৰ বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰে।

কেতিয়াবা কেতিয়াবা দেহত ইমান বেছি পৰিমাণে ইউৰিক এচিড বাঢ়ি যায় যে আমাৰ বৃক্কই সেয়া সম্পূৰ্ণৰূপে চেকি পেলাব নোৱাৰে। ইয়াৰ ফলত ৰৈ যোৱা অতিৰিক্ত ইউৰিক এচিড ভাগ আমাৰ তেজত মিহলি হৈ পৰে। ইয়াৰ ফলত বিভিন্ন শাৰীৰিক উপসৰ্গই আমাৰ দেহত দেখা দিয়ে।

তেজত অত্যধিক হাৰত ইউৰিক এচিড মিহলি হৈ পৰা কথাষাৰক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘হাইপাৰ-ইউৰিচেমিয়া’ বুলি কোৱা হয়। এই অৱস্থাত তেজত প্ৰচুৰ পৰিমাণে ইউৰিক এচিড থাকে।

সদায় অত্যধিক তেল মচলাযুক্ত খাদ্যৰ লগতে মাংস আদি প্ৰচুৰ পৰিমাণে খোৱা লোক হাইপাৰ-ইউৰিচেমিয়াত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

একেদৰে মটৰমাহ, বিন আদিতো ইউৰিক এচিড সৃষ্টি কৰিব পৰা পিউৰিণ জাতীয় পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। সেইবাবে সঘনাই বিন আৰু মটৰমাহ খাই থকা লোকসকলো হাইপাৰ-ইউৰিচেনিয়াত আক্ৰান্ত হোৱাৰ ভয় থাকে।

কিছু কিছু ক্ষেত্ৰত কেতবোৰ বিশেষ ৰোগেও ইউৰিক এচিড বঢ়াই তোলে।

*লিউকেমিয়া,

*হিনট’লাইটিক এনিমিয়া,

*লিমফোমা আদি ৰোগীৰ ক্ষেত্ৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়।

দেহত ইউৰিক এচিড বৃদ্ধি পোৱাৰ আন কেতবোৰ কাৰকৰ ভিতৰত কামকৰাৰ পৰিৱেশ আদিৰ কথাও নিৰ্ভৰ কৰে। যিসকল লোকে এনে উদ্যোগত কাম কৰে যে উদ্যোগত কাম কৰে যি উদ্যোগত সীহ প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

তেনেধৰণৰ উদ্যোগত কৰ্মৰত লোকৰ দেহত সীহ প্ৰৱেশ কৰাৰ ফলত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাব পাৰে। ইউৰিক এচিড তেজত বৃদ্ধি পোৱাৰ প্ৰথম আৰু অন্যতম ৰোগবিধ হৈছে বাতবিষ। তেজত অত্যধিক হাৰত ইউৰিক এচিড বৃদ্ধি পোৱা লোকসকলৰ গাঁঠিয়ে গাঁঠিয়ে বিষ হয়।

ইউৰিক এচিড নিয়ন্ত্ৰণৰ চিকিৎসা বহুদিনলৈ নকৰিলে তেনে লোকৰ হাত-ভৰি আদিৰ গাঁঠিত ইউৰেট সফটিক জমা হ’বলৈ ধৰে। এনে পৰিস্থিতিত ৰোগীৰ বিষৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়।

সাধাৰণ দৃষ্টিৰে ইউৰিক এচিডৰ বাবে কেৱল বাতবিষ হয় বুলি ভবা হয় যদিও বাতবিষৰ উপৰিও আন কেতবোৰ শাৰীৰিক উপসৰ্গই দেখা দিব পাৰে। ইউৰিক এচিড অত্যধিক হাৰত বৃদ্ধি পালে হতাশাৰ চিকাৰ হ’ব পাৰে।

তদুপৰি ইউৰিক এচিডে দেহৰ শ্বেতৰক্ত কণিকাসমূহৰ ওপৰত আক্ৰমণ চলাই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে। সেইবাবে ইউৰিক এচিড যাতে তেজত স্বাভাৱিক অৱস্থাত থাকে তাৰ বাবে সতৰ্ক হ’ব লাগে।

ইউৰিক এচিড বৃদ্ধিৰ কাৰণ আৰু লক্ষণ -

ইউৰিক এচিড বিভিন্ন কাৰণত হ’ব পাৰে। বিশেষকৈ খাদ্য সম্পৰ্কীয় বিষয়ৰ সৈতে ইউৰিক এচিড বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছিকৈ জড়িত হৈ থাকে। যিবোৰ খাদ্যত ইউৰিক এচিড সৃষ্টিকাৰী পদাৰ্থ বেছিকৈ থাকে, তেনে খাদ্যসমূহ সঘনাই গ্ৰহণ কৰি থাকিলে তেজত ইউৰিক এচিড বৃদ্ধি পায়।

*পঠাৰ মাংস,

*ৰঙালাউ,

*বিন,

*মটৰ,

*মচুৰ দাইল আদি খাদ্যত পিউৰিণ জাতীয় পদাৰ্থ বেছিকৈ থাকে।

সেয়ে তেনে খাদ্য সঘনাই গ্ৰহণ কৰি থকা লোকৰ তেজত অত্যধিক হাৰত ইউৰিক এচিড বৃদ্ধি পায়। গতিকে এই খাদ্যসমূহ পৰাপক্ষত কমাই খাব লাগে।

বৃক্কই যেতিয়া তেজৰ ইউৰিক এচিডভাগ সম্পূৰ্ণৰূপে চেকি পেলাব নোৱাৰে, তেতিয়া তেজত মিহলি হোৱা অতিৰিক্ত ইউৰিক এচিডভাগ হাত ভৰিৰ গাঁঠি আদিত ইউৰেট সফটিক হিচাপে জমা হ’বলৈ ধৰে।

ফলত গাঁঠিবোৰ ৰঙা পৰি উঠাৰ লগে লগে ফুলি উঠে আৰু প্ৰচণ্ড বিষ হ’বলৈ ধৰে। বহু সময়ত গাঁঠিসমূহ ভাজ লগাব নোৱাৰা অৱস্থাৰো সৃষ্টি হয়।

ইউৰিক এচিডৰ পৰিমাণ তেজত অত্যধিক হাৰত বৃদ্ধি পালে বাত ৰোগত আক্ৰান্ত হোৱা লোকে আনকি বিছনাত ইকাটি সিকাটিও কৰিব নোৱাৰা হৈ পৰে। বহুক্ষেত্ৰত মাজনিশাৰ পৰা বাতবিষত আক্ৰান্ত ৰোগীৰ বিষ বেছি হ’বলৈ ধৰে।

বিষ কেতিয়াবা ইমানেই বেছি হয় যে ৰোগীয়ে হাতেৰে সাধাৰণ ওজনৰ বস্তু এবিধো দাঙিব নোৱাৰা হৈ পৰে।

বিষৰ লগে লগে বহু সময়ত ৰোগীৰ দেহত সামান্য জ্বৰো থাকিব পাৰে। এনেবোৰ লক্ষণ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ কাষ চপা উচিত।

চিকিৎসকে নিৰ্ধাৰিত পৰীক্ষাৰ জৰিয়তে লোকজন যে ইউৰিক এচিডৰ চিকাৰ হৈছে সেই কথা নিৰ্ধাৰণ কৰিব পাৰে আৰু সেইমতে চিকিৎসাৰ বিধান দিব পাৰে।

বাত ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত কেতিয়াবা বিষৰ প্ৰকোপ প্ৰায় এসপ্তাহমান থাকিব পাৰে আৰু তাৰ পিছত প্ৰায় এমাহমান অথবা কেতিয়াবা এবছৰলৈয়ো সেই বিষ নাথাকিব পাৰে।

এবছৰমান পিছত পুনৰ বিষে উক দিব পাৰে। বাতবিষত আক্ৰান্ত ৰোগীৰ গাঁঠিসমূহত শিলৰ দৰে কঠিন টফি নামৰ এবিধ পদাৰ্থ জমা হ’বলৈ ধৰে।

এই পদাৰ্থবোৰ যিমানেই গাঁঠিত বেছি জমা হ’ব, সিমানেই বেছি গাঁঠি লৰচৰ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ’ব।

এনে পৰিস্থিতিত বাত ৰোগী এগৰাকীয়ে অতি কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হয়। বহু সময়ত দেখা যায় যে বৃক্কই যেতিয়া তেজৰ অতিৰিক্ত ইউৰিক এচিড ভাগ সম্পূৰ্ণৰূপে চেকি পেলাব নোৱাৰে, তেতিয়া হাইপাৰ-ইউৰিচেমিয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ বাবে বৃক্কত পাথৰ হ’ব পাৰে।

অৰ্থাৎ ইউৰিক এচিডৰ সৈতে যে কেবল বাতবিষৰ কথাই জড়িত হৈ থাকে তেনে নহয়। ইউৰিক এচিড বৃদ্ধি পালে বৃক্কৰ পাথৰ হোৱাৰ আশংকাও বৃদ্ধি পায়। ইউৰিক এচিডৰ বাবে বৃক্কত পাথৰক ‘ৰেনাল কেলকুলি’ অথবা ‘ইউৰোলিথছ’ বুলি কোৱা হয়।

প্ৰ্তি বছৰে বিশ্বৰ কোটি কোটি লোক কেৱল ইউৰিক এচিডৰ আধিক্যৰ বাবেই এনেধৰণৰ বৃক্কৰ পাথৰত ভোগা দেখা যায়।

চিকিৎসা সম্পৰ্কীয় বিভিন্ন সমীক্ষাৰ পৰা এই কথা জনা গৈছে যে ইউৰিক এচিডৰ ফলত বৃক্কৰ পাথৰ মহিলাৰ তুলনাত পুৰুষৰ ক্ষেত্ৰত বেছিকৈ হয়।

এইক্ষেত্ৰত বৃক্কত পাথৰ হোৱা পুৰুষ-মহিলাৰ অনুপাত হৈছে ৪:১। কৈশোৰ অৱস্থাতেই পুৰুষৰ ক্ষেত্ৰত হাইপাৰ-ইউৰিচেমিয়া হ’ব পাৰে। এই হাইপাৰ-ইউৰিচেমিয়াই গুৰুতৰ ৰূপ ধাৰণ কৰি বাত ৰোগৰ সৃষ্টি কৰোতে কমেও বিশ বছৰ সময় ল’ব পাৰে।

অৰ্থাৎ হাইপাৰ-ইউৰিচেমিয়াত আক্ৰান্ত কিশোৰ এজনে ৩০-৩৫ বছৰ পিছত বাত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

বছৰ বাগৰি যোৱাৰ লগে লগে এই আশংকা আৰু অধিক বৃদ্ধি পায়। ৬০ বছৰমান বয়সত হাইপাৰ ইউৰিচেমিয়াত আক্ৰান্ত হোৱা লোক এজনক বাতবিষে অতি বেয়াকৈ কাবু কৰিব পাৰে।

মহিলাৰ ক্ষেত্ৰত এষ্ট্ৰোজেন হৰমোনে ইউৰিক এচিডৰ বুঢ়া-টুটাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। বিশেষকৈ মহিলাসকলৰ যেতিয়া ৰজোনিবৃত্তি ঘটে, সেই সময়ত মহিলাৰ দেহত এষ্ট্ৰোজেন হৰমোনৰ পৰিমাণ কমি গ’লে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়।

সেইবাবে ৰজোনিবৃত্তি ঘটা বহু মহিলা বাত বিষত আক্ৰান্ত হোৱাৰ আশংকা থাকে। এইক্ষেত্ৰত যদি মহিলাগৰাকীৰ ওজন বেছি হয়, তেন্তে তেওঁ বাতবিষত আক্ৰান্ত হোৱাৰ আশংকা দ্বিগুণে বৃদ্ধি পায়।

নিয়মীয়াকৈ মদ্যপান কৰা লোকসকলৰ ক্ষেত্ৰতো দেহত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পোৱাৰ আশংকা বাঢ়ে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ ব্যৱহাৰ কৰা বহু দৰবে হৃদযন্ত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়।

১৯৭৭ চনৰ পৰা ১৯৯৭ চনলৈ চলোৱা এক সমীক্ষাত এই কথা জনা গৈছিল যে এই সময়ছোৱাৰ ভিতৰত বিশ্বত বাত ৰোগীৰ সংখ্যা লক্ষণীয় হাৰত বৃদ্ধি পাইছিল।

এনেদৰে বাত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ নিৰ্দিষ্ট কাৰণ অৱশ্যে চিকিৎসা বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাছিল।

বহুতৰে মতে পৰিৱৰ্তিত খাদ্যাভ্যাসৰ বাবেই বিশ্বত বাত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল। এতিয়াও বিশ্বত বাত ৰোগীৰ সংখ্যা কমক চাৰি বছৰে বছৰে বৃদ্ধিহে পাই গৈছে।

ইউৰিক এচিডৰ চিকিৎসা -

ইউৰিক এচিড তেজত বৃদ্ধি পোৱাৰ কথাটো বাহ্যিক দৃষ্টিৰে ধৰা পেলাব নোৱাৰি। শৰীৰত দেখা দিয়া কেতবোৰ লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসকে কিছুমান নিৰ্দিষ্ট পৰীক্ষা কৰাবলৈ দিয়ে।

এনে পৰীক্ষাৰ ভিতৰত ৰোগীৰ তেজত থকা ইউৰিক এচিডৰ মাত্ৰা নিৰ্ধাৰণৰ পৰীক্ষা অন্যতম।

ৰোগীৰ দেহত অত্যধিক মাত্ৰাত ইউৰিক এচিড থাকিলে হাইপাৰ-ইউৰিচেমিয়াত ভোগা বুলি চিকিৎসক নিশ্চিত হয় আৰু সেইমতে ৰোগীক চিকিৎসা কৰা হয়।

এনেদৰে ৰোগীৰ দেহত অত্যধিক মাত্ৰাত ইউৰিক এচিড থকাৰ কথা নিশ্চিত কৰাৰ পিছতেই চিকিৎসা আৰম্ভ কৰা হয়।

বিশেষকৈ ৰোগীক অত্যধিক বিষ আৰু ফুলাৰ পৰা সকাহ দিবলৈ বিভিন্ন ধৰণৰ দৰব প্ৰয়োগ কৰা হয়। একেলগে ৰোগীৰ তেজত থকা অত্যধিক পৰিমাণৰ ইউৰিক এচিড হ্ৰাস কৰিবলৈ দৰব দিয়া হয়।

বাত ৰোগৰ চিকিৎসা এক দীৰ্ঘদিনীয়া চিকিৎসা প্ৰক্ৰিয়া। বাত ৰোগৰ চিকিৎসা এদিনতে কৰা চিকিৎসা নহয়। এই চিকিৎসা বহুদিন ধৰি কৰি থাকিব লাগে।

তেতিয়াহে ৰোগীয়ে লাহে লাহে ৰোগৰ পৰা মুক্ত হ’বলৈ ধৰে। আজিকালি আধুনিক চিকিৎসা বিজ্ঞানত বিভিন্ন ধৰণৰ থেৰাপিৰ জৰিয়তে বাত বিষৰ চিকিৎসা কৰা হয়। তেনে থেৰাপিসমূহো বহু দিনলৈ গ্ৰহণ কৰিবলগীয়া হয়।

ইউৰিক এচিডত গ্ৰহণ কৰিবলগীয়া খাদ্য -

আঁহযুক্ত খাদ্য গ্ৰহণ কৰক:

তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি সাধাৰণতে খাদ্যৰ বাবেই হয়। সেইবাবে খাদ্যাভ্যাসৰ ওপৰত বিশেষভাৱে চকু দিব লাগে।

ইউনিভাৰ্ছিটী অব মেৰিলেণ্ড মেডিকেল চেন্টাৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক সমীক্ষাত এই বুলি কৈছে যে অত্যধিক আঁহযুক্ত খাদ্য গ্ৰহণ কৰাৰ ফলত ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰি।

খাদ্যত সেয়ে অত্যধিক আঁহযুক্ত খাদ্য থাকিব লাগে। আঁহযুক্ত খাদ্যই তেজৰ অতিৰিক্ত এচিড শোষণ কৰি লোৱাত সহায় কৰে। ফলত বৃক্কই তেজৰ ইউৰিক এচিডভাগ চেকাত অসুবিধা নহয়। আঁহযুক্ত খাদ্যৰ ভিতৰত-

*ব্ৰকলি,

*ওটছ,

*বুটমাহ আদি অন্যতম।

নিতৌ ৫০০ মিলিগ্ৰাম ভিটামিন ‘চি’ গ্ৰহণ কৰক:

ভিটামিন ‘চি’যুক্ত খাদ্য গ্ৰহণৰ জৰিয়তেই তেজত ইউৰিক এচিডৰ পৰিমাণ কমাই ৰাখিব পাৰি। সেইবাবে প্ৰতিদিনে প্ৰচুৰ পৰিমাণে টেঙাজাতীয় ফলমূল আদি খাব লাগে।

স্বাস্থ্য বিষয়ক সমীক্ষা এটাত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰতিদিনে ৫০০ মিলিগ্ৰাম পৰিমাণৰ ভিটামিন ‘চি’ শৰীৰত প্ৰৱেশ কৰিলে তেজত থকা ইউৰিক এচিডৰ মাত্ৰা কেইসপ্তাহমানৰ ভিতৰতে নিয়ন্ত্ৰণলৈ আহে।

বেকাৰীৰ খাদ্য বেছিকৈ নাখাব -

ইউৰিক এচিডত আক্ৰান্ত ৰোগীয়ে কেতিয়াও-

*কেক,

*পেষ্ট্ৰি,

*বেকাৰীৰ বিভিন্ন খাদ্য,

*অত্যধিক চেনিযুক্ত খাদ্য খাব নালাগে।

এনেবোৰ খাদ্যত থকা চেচুৰেটেড ফেট আৰু ট্ৰেন্স ফেটে তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে। সেইবাবে এনেবোৰ খাদ্যৰ পৰা পাৰিলে আঁতৰত থকাই ভাল।

এন্টি অক্সিডেন্টযুক্ত খাদ্য গ্ৰহণ কৰক -

এন্টি অক্সিডেন্টযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে। এনেধৰণৰ খাদ্যই কেৱল যে তেজত ইউৰিক এচিড হ্ৰাস কৰাতেই সহায় কৰে তেনে নহয়।

এনেবোৰ খাদ্যই কৰ্কটৰ দৰে জটিল ৰোগো নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে।

সেইবাবে প্ৰচূৰ পৰিমাণে এন্টি অক্সিডেন্টযুক্ত খাদ্য দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। সাধাৰণতে-

*বিভিন্ন ধৰণৰ ফলমূল,

*বিলাহী,

*ব্ৰকলি আদিত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে।

সেইবাবেই বতৰৰ ফলমূল প্ৰতিদিনে খাদ্যৰ তালিকাত ৰাখিবই লাগে। এনেবোৰ ফলমূলে ইউৰিক এচিড হ্ৰাস কৰাৰ লগতে দেহত পুষ্টিৰ যোগান ধৰে। ঠিক তেনেদৰে সেউজীয়া শাক-পাচলি খাদ্যৰ তালিকাত ৰাখিব লাগে।

চেৰীয়ে দিয়ে উত্তম ফল -

ইউৰিক এচিডত আক্ৰান্ত লোকসকলে যথেষ্ট পৰিমাণে চেৰী ফল খোৱা উচিত।

চেৰী ফলত এনে এক উপাদান থাকে, যি উপাদানে তেজত জমা হোৱা অতিৰিক্ত ইউৰিক এচিডভাগ নোহোৱা কৰাত সহায় কৰে।

সেইবাবে প্ৰতি চাৰি ঘন্টাৰ মূৰে মূৰে যথেষ্ট পৰিমাণে চেৰী ফল খাই থাকিব পাৰিলে ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰিব পাৰি। চেৰী ফলৰ দৰে আপেল খোৱাৰ ফলতো দেহত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহে। অৱশ্যে চেৰী ফল যিহেতু বতৰৰ ফল, সেইবাবে সকলো সময়তে এই ফল পোৱা নাযায়। আপেল অৱশ্যে যিকোনো সময়তে পোৱা যায়।

সেইবাবে আপেল খোৱাটো দৈনিক অভ্যাসত পৰিণত কৰিব লাগে।

বহুতেই কয় দৈনিক এটাকৈ আপেল খোৱা লোকে কেতিয়াও চিকিৎসকৰ কাষলৈ যাবলগীয়া নহয়। আপেলৰ গুণ বহু বেছি বাবেই দেহটোক সুস্থ কৰি ৰখাত এই ফলবিধে যথেষ্ট সহায় কৰে।

তদুপৰি আপেলত অত্যধিক মাত্ৰাত ৰাসায়নিক পদাৰ্থও দিয়া নহয়। এবাৰ ৰোপণ কৰি থোৱা গছতেই প্ৰতি বছৰে আপেল লাগে। একেদৰে আপেল ভিনেগাৰেও দেহত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰিব পাৰে।

বিভিন্ন সম্ভ্ৰান্ত দৰবৰ দোকানত আপেল ভিনেগাৰ কিনিবলৈ পোৱা যায়। আপেল ভিনেগাৰক ‘এপল চাইডাৰ ভিনেগাৰ’ বুলিও কোৱা হয়।

এনে আপেল ভিনেগাৰ দিনত এগিলাছকৈ দুইৰ পৰা তিনি বাৰ খাব লাগে। এনেধৰণে আপেল ভিনেগাৰ খালে তেজত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস পায়।

একাপ আপেন ভিনেগাৰত তিনিকাপ পানী মিহলাইহে খাব লাগে। একেদৰে বিষ হোৱা স্থানতো আপেল ভিনেগাৰৰ সৈতে পানী মিহলাই লগালে সুফল পোৱা যায়।

নিচাজাতীয় দ্ৰব্য সেৱন নকৰিব -

দেহত ইউৰিক এচিড বৃদ্ধি পোৱাৰ আন এক কাৰণ হৈছে নিচাজাতীয় বস্তু গ্ৰহণ কৰা। বিশেষকৈ মাদকদ্ৰব্য গ্ৰহণ কৰা লোকসকলে প্ৰায় ক্ষেত্ৰতে ইউৰিক এচিডত আক্ৰান্ত হোৱাৰ আশংকা থাকে। সেইবাবে মাদকদ্ৰব্যৰ পৰা আঁতৰত থাকিব লাগে।

মাদক দ্ৰব্য সেৱনৰ ফলত কেবল যে ইউৰিক এচিড বৃদ্ধি পায় তেনে নহয়। যকৃতৰ বিভিন্ন ধৰণৰ ৰোগ, বৃক্কৰ ৰোগ আদিও অত্যধিক মাদকদ্ৰব্য সেৱন কৰাৰ ফলত হ’ব পাৰে।

দৈনিক প্ৰচুৰ পানী খাওক -

কোৱা পানীয়েই প্ৰাণীৰ প্ৰাণ। পানীয়ে বহু ৰোগৰ পৰা দেহটোক মুক্ত কৰি ৰাখিব পাৰে।

অৱশ্যে খোৱা পানী যাতে বিশুদ্ধ আৰু পৰিষ্কাৰ হয়, সেই কথাৰ প্ৰতি বিশেষ মন দিব লাগে। ইউৰিক এচিডৰ পৰা হাত সাৰি থাকিবলৈ দৈনিক কমেও ২-৩ লিটাৰ পৰ্যন্ত পানী খাব লাগে।

অত্যধিক পৰিমাণে পানী খালে পানীৰ সৈতে ইউৰিক এচিড মিহলি হৈ পৰাৰ ফলত বৃক্কই সেই এচিড অতি সহজে চেকিব পাৰে। সেইবাবে দৈনিক প্ৰচুৰ পৰিমাণে পানী খাব লাগে। দ

ৰাচলতে আমাৰ দেহৰ ৭০ শতাংশই পানীৰে গঠিত। পানীয়ে কেৱল ইউৰিক এচিড হ্ৰাস কৰাতেই সহায় নকৰে।

কোষ্ঠকাঠিন্য ৰোধ কৰাৰ পৰা আৰম্ভ কৰি দেহটোক বিভিন্ন সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে পানীয়ে। সেইবাবে নিয়মিত প্ৰচুৰ পৰিমাণে পানী খোৱাটো এক অভ্যাসত পৰিণত কৰিব লাগে।

এনেবোৰ বিধি-বিধান মানি চলিব পাৰিলে ইউৰিক এচিডৰ পৰা ৰক্ষা পাব পাৰি। তেজত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি নহ’লে বাত ৰোগৰ সম্ভাৱনাও নাথাকে।

লেখক: ডাঃ কিশোৰ কুমাৰ বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top