মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ইমিউন’থেৰাপি আৰু কৰ্কট ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইমিউন’থেৰাপি আৰু কৰ্কট ৰোগ :

ইমিউন’থেৰাপি আৰু কৰ্কট ৰোগৰ বিষয়ে লিখা হৈছে ।

ইমিউন’থেৰাপি -

ইমিউন’থেৰাপীৰ স্ৰষ্টা বুলি অভিহিত কৰিব পাৰি ডা: উইলিয়াম ক’লিফ- যিয়ে ঊনবিংশ শতিকাৰ শেহৰ পিনে নিউয়ৰ্কৰ বিখ্যাত মেম’ৰিয়েল হস্পিটেলৰ অস্থি কৰ্কট ৰোগ বিভাগৰ মুখ্য চিকিৎসৰুপে কাম কৰিছিল । ক’লিজ টক্সিন বা লিজ ফ্লুইড শীৰ্ষক এবিধ বেক্টেৰিয়া মিশ্ৰিত তৰল দ্ৰব্য তেওঁ উদ্ভাৱন কৰিছিল । দৈহিক সুৰক্ষাতন্ত্ৰ অধিক মজবুত কৰি কৰ্কট ৰোগৰ অস্বাভাৱিক কোষবোৰ ই ধ্বংস কৰিব বুলি তেওঁ বিশ্বাস কৰিছিল । জ’লা (Zola) নামৰ নিউয়ৰ্কৰ নিৱাসী এগৰাকী ইটালিয়ান ৰোগীক পৰীক্ষামূলক- ভাৱে দৰববিধ প্ৰয়োগ কৰা হৈছিল ।

জ’লাৰ বিষয়ে আজিৰ তাৰিখত কেৱে নাজানে যদিও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ নাম আজিৰ প্ৰজন্মৰ বহুতে শুনিছে । ২০১৫ চনত জনা গৈছিল যে তেওঁৰ মেলিগনেণ্ট মেলানমা হৈছে আৰু বিভিন্ন অংগলৈ এই ৰোগ ইতিমধ্যে বিয়পিছে । পৰিস্থিতি যথেষ্ট নিৰাশজনক হৈ পৰিছিল যদিও চিকিৎসকসকলে ইমিউন’থেৰাপী নামৰ কৰ্কট ৰোগৰ নৱতম চিকিৎসা পদ্ধতিৰ প্ৰয়োগ ঘটাইছিল কাৰ্টাৰৰ শৰীৰত । নাটকীয়ভাৱে প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ জীৱন ৰক্ষা পৰিছিল । এই ইমিউন’থেৰাপিৰ অগ্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল জেমছ এলিছন আৰু টাছুকু হ’ন’জো নামৰ বিজ্ঞানী দুজনাই । কাকতালীয়ভাৱে সদ্য উল্লিখিত নিউয়ৰ্কৰ অস্থি ৰোগ বিশেষজ্ঞজনাৰ ইমিউন’থেৰাপিৰ সম্পৰ্কত লিখা গৱেষণামূলক প্ৰবন্ধটো (প্ৰকাশৰ ১২৫ সংখ্যক বাৰ্ষিকীৰ দিনাখনেই ১০ ডিচেম্বৰ) এই বিজ্ঞানী দুজনাক নোবেল বঁটা প্ৰদান কৰা হ’ব ।

আমাৰ শৰীৰৰ তেজত থকা শ্বেত ৰক্তকণিকাৰ এবিধ বিশেষ প্ৰকাৰ হৈছে T  কোষ । এই T  কোষস্থিত এবিধ প্ৰ’টিনৰ নাম হৈছে  CTLA-4  । ইমিউন’থেৰাপিৰ মূল নীতি হৈছে এই CTLA-4 ৰ কাম-কাজ নিয়ন্ত্ৰণ তথা পৰিসীমিতকৰণ । ইয়াৰ ফলত T  কোষবোৰৰ পুনৰাই সক্ৰিয় হয় আৰু ফলত কৰ্কট ৰোগসৃষ্ট অস্বাভাৱিক গুণধৰ্মযুক্ত কোষবোৰ ধ্বংস কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত কিছু আলোচনা মই এই নিবন্ধটোৰ ক্ষুদ্ৰ পৰিসৰত আলোচনা কৰিম । তাৰ আগতে বিজ্ঞানীদ্বয়ৰ চিনাকি পৰ্বটো কৰি লওঁ ।

বিগত এক অক্টোবৰৰ দিনা চিকিৎসা বিগানৰ (মেডিচিন আৰু ফিজিঅ’লজি) ক্ষেত্ৰত নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে । কৰ্কট ৰোগৰ অভিশাপৰ বিপক্ষে যুঁজিবলৈ দৈহিক সুৰক্ষা বা অসংক্ৰামণ্যতা তন্ত্ৰই নিজকে কিদৰে শক্তিশালী আৰু প্ৰস্তুত কৰি তোলে- সেই সন্দৰ্ভত চলোৱা গৱেষণাৰ বাবে আমেৰিকা আৰু জাপানৰ দুগৰাকী বিজ্ঞানীক যুটীয়াভাৱে এই সন্মান যচা হৈছে । ইয়াৰে এগৰাকী হৈছে অষ্টিন নগৰস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ জেমছ এলিছন আৰু আনগৰাকী হৈছে কিয়’ট’ বিশ্ববিদ্যালয়ৰ টাছুকু হ’ন’জো ।

ইয়াৰ ভিতৰত প্ৰথমগৰাকীয়ে সৰ্বসাধাৰণ জ্ঞাত এবিধ প্ৰ’টিনৰ বিষয়ে অধ্যয়ন চলাই এক ভিন্ন ধৰণৰ চিকিৎসা প্ৰণালী উদ্ভাৱন কৰিছিল আৰু পাছৰজনে এনে এবিধ নতুন প্ৰ’টিন উদ্ভাৱন কৰিছিল, যিয়ে নেকি অসংক্ৰামণ্যতা তন্ত্ৰৰ কোষবোৰৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰকৰুপে ভূমিকা পালন কৰে ।

সমগ্ৰ বিশ্বতে প্ৰতিবছৰে অগণন লোক আক্ৰান্ত হয় কৰ্কট ৰোগত । আমাৰ সৰ্বসাধাৰণৰ মাজত থকা ধাৰণাটো হৈছে যে শৰীৰৰ যি অংশতেই এই ৰোগ নহওক কিয় ইয়ে যেন মৃত্যুৰ অশনি সংকেত কঢ়িয়াই আনে । একবিংশ শতিকাৰ ঊষা লগ্নলৈ হয়তো ধাৰণাটো শুদ্ধই আছিল । পাছে বৰ্তমান সময়ত বিজ্ঞান তথা প্ৰযুক্তিৰ চৰম উন্নতিৰ মুহূৰ্তত নানা তৰহৰ কৰ্কট ৰোগ নিৰাময় আংশিকভাৱে হ’লেও বাস্তৱায়িত হৈ উঠিছে । বিশেষজ্ঞসকলৰ মতানুযায়ী প্ৰাৰম্ভিক অৱস্থাত ৰোগ ধৰা পৰিলে ৯৫ শতাংশ ক্ষেত্ৰতে আৰোগ্য লভাৰ সম্ভাৱনা উজ্জ্বল । নানধৰণৰ নিচাদায়ক দ্ৰব্যৰ প্ৰতি আসক্তি আৰু জেনেটিক কাৰকৰ প্ৰভাৱ হৈছে ই ৰোগৰ সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ধৰণৰ প্ৰভাৱ বিস্তাৰকাৰী শক্তি । কৰ্কট ৰোগৰ কোনো প্ৰতিষেধক এতিয়ালৈকে উদ্ভাৱন হোৱা নাই যদিও ৰোগীয়ে উচিত চিকিৎসা লভিলে সকাহ সম্ভৱপৰ হয় । নি:সন্দেহে প্ৰতিবছৰে সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ কেইবা নিযুত মানুহৰ মৃত্যু হয় আৰু মানুহৰ বাবে ই বৃহত্তম স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰুপে পৰিগণিত হৈছে । মানৱ দেহৰ অসংক্ৰামণ্যতা তন্ত্ৰৰ জন্মগত সামৰ্থ্যক ক্ষমতাত বৃদ্ধিৰ জৰিয়তে এই বছৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ীসকলে এই ৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক নৱ দিগন্তৰ উন্মেষণ ঘটাব খুজিছে ।

বিজ্ঞানী দুজনাৰ যুগান্তকাৰী গৱেষণা ঘাইকৈ চলিছিল মানুহৰ অসংক্ৰামণ্যতা তন্ত্ৰৰ ওপৰত আৰু ইয়াৰ ফল এক নতুন শ্ৰেণীভুক্ত কৰ্কটৰোধক দৰবৰ আৱিষ্কাৰ হৈছে । কৰ্কট ৰোগৰ চিকিৎসাৰ সন্দৰ্ভত চলোৱা এনে গৱেষণা সন্দৰ্ভত এইবোৰেই সৰ্বপ্ৰথম নোবেল বঁটা প্ৰদান কৰা হৈছে ।

কৰ্কট হৈছে এনে এবিধ ৰোগ, য’ত নেকি অস্বাভাৱিক ধৰণৰ কোষবোৰ শৰীৰৰ সংশ্লিষ্ট আক্ৰান্ত অংগত অবাৰিত নিৰিখত বাঢ়িবলৈ ধৰে । ইয়াৰ চিকিৎসাৰ পদ্ধতিৰ ভিন্নতা আছে । ইয়াৰ ভিতৰত উল্লেখনীয় হৈছে-১) শল্য চিকিৎসা (অস্ত্ৰোপচাৰৰ জৰিয়তে আক্ৰান্ত অংগ ছেদন) ।

২) ৰঞ্জন ৰশ্মি স্থানীয়তাৰে প্ৰয়োগ কৰি অস্বাভাৱিক ধৰণৰ কোষৰ ধ্বংসীভৱন আৰু

৩) বিভিন্ন ধৰণৰ দৰবজনিত চিকিৎসা ।

এনে ধৰণৰ দৰব সন্দৰ্ভত চলোৱা গৱেষণাৰ বাবে ইতিমধ্যে কেইবাজনো বিশিষ্ট বিজ্ঞানীক নোবেল বঁটাৰে সন্মানিত কৰা হৈছে । ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি- পুৰুষৰ প্ৰ’ষ্টেট নামৰ অংগটোৰ চিকিৎসাৰ বাবে প্ৰয়োগ কৰা হৰম’ন ঘটিত চিকিৎসা । আজিৰ পৰা প্ৰায় অৰ্ধ শতিকাৰ পূৰ্বেই অৰ্থাৎ ১৯৬৬ চনতেই চাৰ্লছ বি হাগিমছ এই সন্দৰ্ভত নোবেল বঁটা লভিছিল ।

লিউকিমিয়া হৈছে তেজৰ কৰ্কট ৰোগ -

এই ৰোগৰ চিকিৎসা এক অন্যতম উপাদান হৈছে  অস্থিমজ্জা সংস্থাপন (BONEMARROW TRANSPLAN TATION)  । ১৯৯০ চনত ইয়াৰ বাবে থ’মাছক নোবেল বঁটা দিয়া হৈছিল । পাছে এষাৰ কথা অনস্বীকাৰ্য যে ৰোগবিধৰ অগ্ৰগতি তথা বিভিন্ন অংগলৈ বিস্তাৰ ঘটিলে চিকিৎসা কৰাটো কঠিন হৈ পৰে । আৰোগ্যৰ আশা তেনে ক্ষেত্ৰত সুদূৰপৰাহত হৈ পৰে । ঊনবিংশ শতিকাৰ শেহৰ পিনে আৰু কুৰি শতিকাৰ আৰম্ভণিতে বিজ্ঞানীসকলৰ মাজত এটা ধাৰণাৰ সৃষ্টি হৈছিল যে কৰ্কট ৰোগৰ কোষবোৰৰ ধ্বংস কৰাৰ এক অন্যতম তন্ত্ৰ অধিকতৰ মজবুত কৰা । দৈহিক সুৰক্ষা ব্যৱস্থা সক্ৰিয়তাৰ কৰি তুলিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে ব্যক্তিবিশেষৰ শৰীৰত বীজাণু সুমুৱাই দিয়া হৈছিল । এনেধৰণৰ প্ৰয়াসৰ ফল মধ্যমীয়া ধৰণৰ হৈছিল যদিও মূত্ৰস্থলীৰ (BLADDER) কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে যৎসামান্য পৰিৱৰ্তন ঘটাই এই কৌশল প্ৰয়োগ কৰা হৈছিল । বি চি জি নামৰ যক্ষ্মা ৰোগৰ বীজাণুৰ প্ৰতিষেধক ছিটাৰ এই ক্ষেত্ৰত ব্যৱহাৰ হৈছিল । অৱশ্যে অধিকতৰ তথা আধুনিকতৰ জ্ঞানৰ প্ৰয়োজনীয়তা সকলোৱেই অনুভৱ কৰিছিল । বিজ্ঞানীসকলে অসংক্ৰামণ্যতা তন্ত্ৰৰ বিষয়ত চলোৱা গৱেষণাৰ জৰিয়তে দেখিছিল যে দৈহিক সুৰক্ষা তন্ত্ৰৰ কৰ্কট ৰোগৰ কোষবোৰ চিনাক্তকৰণ কৰিব পাৰে । ইমানখিনিৰ পাছতো কৰ্কট ৰোগৰ বিপাক্ষ সাধাৰণীকৃত নৱতম চিকিৎসাৰ কৌশলৰ নিৰ্ণয় কঠিন হৈয়েই আছিল ।

মানৱ দেহৰ সুৰক্ষাৰ ব্যৱস্থাৰ মৌলিক গুণাগুণ হৈছে যে শৰীৰৰ নিজস্বখিনি আছুতীয়াভাৱে ৰাখিবলৈ ই তৎপৰ হৈ থাকে । অৰ্থাৎ বাহ্যিক দ্ৰব্যৰ অনুপ্ৰৱেশৰ সন্দৰ্ভত ই অনৱৰতে সজাগ । ফলত ভাইৰাছ, বেক্টেৰিয়া বা অন্যান্য অপকাৰী দ্ৰব্যৰ বিপক্ষে এই তন্ত্ৰটো অনৱৰতে সজাগ ।  T কোষ নামৰ এবিধ শ্বেত ৰক্ত কণিকাৰ ভূমিকা এই ক্ষেত্ৰত উল্লেখনীয় । এনেধৰণৰ T  কোষবোৰত থকা গ্ৰাহক বিন্দুৰ জৰিয়তে বাহ্যিক দ্ৰব্যৰ চিনাক্তকৰণ সম্ভৱপৰ হয় । ফলত দৈহিক সুৰক্ষা ব্যৱস্থাৰ সক্ৰিয়তা বাঢ়ে । তদুপৰি T  কোষৰ দক্ষতাবৰ্ধক ৰুপে কৰ্মৰত কেতবোৰ প্ৰ’টিনৰ প্ৰাসংগিকতা এইখিনিতে আহি পৰে । T কোষৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰকৰুপে কৰ্মৰত কেতবোৰ প্ৰ’টিন ইতিমধ্যে বিজ্ঞানীসকলে নিৰ্ণয় কৰিছে- যিবোৰে নেকি সুৰক্ষা তন্ত্ৰৰ সক্ৰিয়তা বৃদ্ধিৰ প্ৰক্ৰিয়া ৰোধ কৰে । সক্ৰিয়তাবৰ্ধক আৰু ৰোধককোষৰ মাজৰ ভাৰসাম্যতা ৰক্ষা এই ক্ষেত্ৰত অতিকৈ আৱশ্যকীয় হৈ পৰে । দৈহিক সুৰক্ষা ব্যৱস্থা এই সময়ত বাহ্যিক দ্ৰব্যৰ বিপক্ষে সক্ৰিয় হ’লে জীৱাণুৰ ধ্বংস সম্ভৱপৰ হয় । পাছে অত্যধিক সক্ৰিয়তাৰ বাবে স্বাভাৱিক কোষবোৰ ধ্বংসপ্ৰাপ্ত হ’ব পাৰে ।

বিগত শতিকাৰ নব্বৈৰ দশকত আমেৰিকাৰ বাৰ্কলিস্থিত কালিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ চৌহদত থকা লেবৰেটৰীত জেমছ এলিছনে T কোষস্থিত CTLA-4 নামৰ প্ৰ’টিনৰ বিষয়ত গৱেষণা চলাই দেখিছিল যে ই T কোষৰ নিয়ন্ত্ৰকৰুপে কাম কৰে । অন্য গৱেষকসকলে এইখিনি তথ্যৰ জৰিয়তে অ’টইমিউন শ্ৰেণীভুক্ত ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়াস কৰিছিল । পাছে এলিছনৰ চিন্তাধাৰা আছিল সুকীয়া । CTLA-4 ৰ সৈতে যুক্ত হ’ব পৰা এটা এন্টিবডি তেওঁ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ (CTLA-4  ) কাৰ্যকলাপ ৰোধ কৰি কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস কৰাৰ ব্যৱস্থা কৰিছিল । এলিছন আৰু তেওঁৰ সহকৰ্মীসকলে ১৯৯৪ চনৰ শেহৰ পিনে এই গৱেষণাত সফলতা লভিছিল । আশাতীত ফল পোৱা গৈছিল । কৰ্কট ৰোগাক্ৰান্ত নিগনিবোৰক এন্টিবডিৰ জৰিয়তে চিকিৎসা কৰি আৰোগ্য কৰি তোলা হৈছিল । যদিও দৰবৰ ব্যৱসায়ত জড়িত বহুজাতিক কোম্পানীবোৰৰ পৰা সহায় পোৱা নাছিল, তেনে অসুবিধালৈ কেৰেপ নকৰি এলিছনে মানুহৰ ওপৰত সম্পৰীক্ষা চলোৱাৰ প্ৰয়াস কৰিছিল আৰু আশানুৰুপ ফল লাভ কৰিছিল আৰু মেলানমা নামৰ কৰ্কটবিধত আক্ৰান্ত হৈ অন্তিম পৰ্যায়ত থকা ৰোগীসকলৰ ক্ষেত্ৰতো সুফল পোৱা গৈছিল । মেলানমা হৈছে ছালৰ এবিধ কৰ্কট ৰোগ । কেইবাজনো ৰোগী সম্পূৰ্ণভাৱে আৰোগ্য হৈছে । ইমানখিনি সুফল কোনো ৰোগীৰ ক্ষেত্ৰতেই অতীতত পোৱা নগৈছিল । অৰ্থাৎ কৰ্কট ৰোগ চিকিৎসাৰ ক্ষেত্ৰত অসংক্ৰামণ্যতা তন্ত্ৰৰ ব্যৱহাৰ হৈছে এক নাটকীয় ধৰণৰ অগ্ৰগতি । কৰ্কট ৰোগৰ অন্যান্য চিকিৎসা পদ্ধতিৰ লেখীয়াকৈ এইবিধৰো পাৰ্শ্বক্ৰিয়া (SIDE EFFECTS) নথকা নহয় । পাছে এনেবোৰৰ সুচিকিৎসাৰ ব্যৱস্থা আছে । অৱশ্যে এনেবোৰ পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰাৰ বাবে বিজ্ঞানীসকলে গৱেষণা চলাই আছে । নতুন চিকিৎসাবিধৰ আন এটা ভাগ হৈছে PD1  ৰ বিপৰীতেমুখী বিক্ৰিয়া সৃষ্টি । হাঁওফাঁও, কিডনীৰ কৰ্কট ৰোগৰ উপৰি লিম্ফমা আৰু মেলানমা ৰোগৰ ক্ষেত্ৰতো এই শেহোক্ত পদ্ধতিবিধ ফলপ্ৰসূ বুলি বিবেচিত হৈছে । এই দুজনা বিজ্ঞানীৰ এই অসামান্য অৱদানৰ এশ বছৰ আগৰে পৰা অসংক্ৰামণ্যতা তন্ত্ৰৰ জৰিয়তে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৱেষকসকলে প্ৰচেষ্টা চলাই আহিছে । শেহতীয়া সফলতা নিশ্চয়কৈ এক মাইলৰ খুঁটি ।

লেখক :- ডা: মিহিৰ কুমাৰ গোস্বামী

উৎস :- দৈনিক জনমভূমি

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top