মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ইৰিটেবল বাৱেল ছিণ্ড্ৰোম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইৰিটেবল বাৱেল ছিণ্ড্ৰোম

ইৰিটেবল বাৱেল ছিণ্ড্ৰোমৰ বিষয়ে লিখা হৈছে

*প্ৰণীত তালুকদাৰৰ প্ৰায়েই একেৰাহে কেইবাদিনো কোষ্ঠকাঠিন্য হয়, পেট ওফন্দি উঠে আৰু শিলৰ দৰে টান হয়। তিনি-চাৰিদিনৰ পিছত শৌচ হয়, কিন্তু অসম্পূৰ্ণ যেন অনুভৱ হয়। পেটত গেছ জমা হয়, ওকালি আহে, মূৰৰ বিষ হয়, পিঠিও বিষায়। ক’লন’স্ক’পীকে ধৰি কেতবোৰ পৰীক্ষা কৰা হ’ল, কিন্তু একো ধৰা নপৰিল।

*৫৫ বছৰীয়া বিনীতাৰ প্ৰায় পেটৰ বিষ হয়। তেওঁৰ ধাৰণা, তেওঁৰ ধাৰণা, তেওঁৰ পেট দুৰ্বল হৈছে। শৈশৱত প্ৰায়েই পনীয়া শৌচ হৈছিল। এতিয়াও হয়। মাজে মাজে এনে অনুভৱ হয় যেন তেওঁৰ কাপোৰে কানিয়ে শৌচ হ’ব। চিকিৎসকে পৰীক্ষা কৰি পালে, তেওঁ ডায়েবেটিছত ভোগা নাই। কোনো পাৰ্শ্বক্ৰিয়া হোৱা নাই, অন্ত্ৰত বেক্টেৰিয়াৰ আধিক্যও হোৱা নাই। আনকি কোনো ধৰণৰ বেমাৰতো ভোগা নাই। বিনীতাই অনুভৱ কৰে, নিকট আত্মীয় এজন কেন্সাৰত ঢুকুৱাৰ পিছত লক্ষণবোৰ বৃদ্ধি হৈছে।

*৪ বছৰ আগেয়ে নবীন দাস গাঁৱৰপৰা চহৰলৈ আহিছিল ইঞ্জিনীয়াৰিং পঢ়িবলৈ। তেতিয়াৰপৰাই তেওঁৰ সঘনে পেটৰ অসুখ হৈ থাকে। হোষ্টেলৰ খাদ্য নিম্ন মানৰ, গতিকে তেওঁ স্থানীয় ধাবাৰ খানা খায়। এদিনাখন তেওঁৰ তীব্ৰ পেটৰ বিষ হ’ল আৰু লগে লগে পায়খানালৈ যাবলগীয়া হ’ল। তাৰ পিছৰেপৰা তিনি চাৰিদিনৰ মূৰে মূৰে হাগনি হৈ থাকে। হাগনিৰ পিছত হয় কোষ্ঠকাঠিন্য। চিকিৎসকে তেওঁৰ অন্ত্ৰৰ কেন্সাৰ অথবা প্ৰদাহীৰোগ হৈছে নেকি পৰীক্ষা কৰি চালে ফলাফল শূন্য, ৰোগ ধৰা নপৰিল।

ওপৰত উল্লেখ কৰা তিনিওগৰাকী ব্যক্তিয়ে দৰাচলতে ‘ইৰিটেবল বাৱেল ছিণ্ড্ৰোম’(Irritable Bowel Syndrome, চমুকৈ IBS)ত ভুগিছিল। বাৰম্বাৰ পেট ওফন্দি উঠা, পেটৰ বিষ হোৱা, হাগনি হোৱা, কোষ্ঠকাঠিন্য হোৱা ইত্যাদি এইৰোগৰ নিৰ্দ্ধাৰক লক্ষণ। তদুপৰি পায়ুৰে অত্যধিক গেছ নিৰ্গমন, পেট কামোৰণি, বুকু জ্বলাপোৰা কৰা, ওকালি অহা, শ্ৰান্ত অনুভৱ কৰা, কঁপনি উঠা, হঠাতে অনিয়ন্ত্ৰিত শৌচ হোৱা আদি লক্ষণো দেখা যাব পাৰে। কিছুসংখ্যক আক্ৰানিত ব্যক্তিয়ে অনুভৱ কৰে যে তেওঁলোকৰ মৃত্যু অৱধাৰিত। উপলব্ধ পৰীক্ষাৰ দ্বাৰা এইৰোগ নিৰ্ণয় কৰিব নোৱাৰি। গতিকে লক্ষণসমূহ নিৰীক্ষণ কৰি, ৰোগীৰ স্বাস্থ্য সম্পৰ্কীয় ইতিহাস অধ্যয়ন কৰি আৰু অন্য কোনো ৰোগ নথকাটো নিশ্চিত কৰি ৰোগ নিৰ্ণয় কৰিবলগীয়া হয়।

বহুবছৰ ধৰি চিকিৎসা বিজ্ঞানীসকলে এইৰোগৰ বিষয়ে বিতংকৈ জানিবলৈ চেষ্টা কৰা নাছিল। সম্প্ৰত্তি প্ৰচুৰ গৱেষণা হৈছে। ফলত এই ৰোগ সম্পৰ্কে জানিবপৰা গৈছে, ফলপ্ৰসূ চিকিৎসাও উপলব্ধ হ’বলৈ ধৰিছে। অৱশ্যে ভাৰতত এনে গৱেষণা সীমিত। বিশেষজ্ঞৰ চিকিৎসকৰ মতে ভাৰতত ১২০ৰ পৰা ১৫০ নিযুত মানুহে ‘আইবিএছ’ত ভোগে। উত্তৰ ভাৰতৰ লোকসকলৰ মাজত এইৰোগৰ প্ৰাদুৰ্ভাৱ অধিক, মুঠ ৰোগীৰ প্ৰায় ৪ শতাংশ এই অঞ্চলৰ।

‘আইবিএছ’ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিম্নলিখিত ব্যৱস্থাসমূহ ল’ব পাৰি:

ৰোগী অন্য ৰোগত ভুগি থকা নাই বুলি নিশ্চিত হোৱা:

 

কেতবোৰ ৰোগৰ লক্ষণ ‘আই বি এছ’ৰ নিচিনা। যেনে চিলিয়াক ডিজিজ, প্ৰদাহী আন্ত্ৰিক ৰোগ আৰু কেতবোৰ কেন্সাৰ। এই ৰোগবোৰ প্ৰাদুৰ্ভাৱ ‘আই বি এছ’ৰ তুলনাত কম যদিও এইবোৰ নাই বুলি নিশ্চিত হ’বলৈ কেতবোৰ পৰীক্ষা কৰা প্ৰয়োজন। এইৰোগত ভোগা সকলো ৰোগীয়ে চিলিয়াক ডিজিজৰ নিৰ্ণায়ক তেজৰ পৰীক্ষা কৰা উচিত। এই পৰীক্ষাত খাদ্যত থকা ‘গ্লুটেন’ৰ স্থিতি ধৰা পৰে। বহুতে গ্লুটেন সহ্য কবিব নোৱাৰে। গতিকে তেওঁলোকে গ্লুটেনযুক্ত খাদ্য আৰু লগতে লেক্ট’জযুক্ত দুগ্ধজাত দ্ৰব্য পৰিহাৰ কৰা উচিত। আনহাতে ক্ৰোনজ ডিজিজ(Chron’s Disease) নিৰ্ণয়ৰ বাবেই ফিকেল কেলপ্ৰটিন(Foceal Calproten)পৰীক্ষা কৰা প্ৰয়োজনীয়। এই পৰীক্ষা অৱশ্যে ব্যয়বহুল। তদুপৰি ক’লন, পাকস্থলী আৰু ডিম্বাশয়ৰ কেন্সাৰ আছে নেকি পৰীক্ষা কৰি চাব লাগে। বিশেষকৈ হঠাতে আই বি এছৰ লক্ষণ দেখা দিয়া বয়স্কলোকৰ ক্ষেত্ৰত।

আই বি এছৰ শ্ৰেণী বিভাগ:

 

সাধাৰণতে তিনি প্ৰকাৰৰ আই বি এছ দেখা যায়-

ক)হাগনি হোৱা(IBS Diarrhoea),

খ)কোষ্ঠকাঠিন্য হোৱা(IBS Constipation), আৰু

গ)এবাৰ হাগনি, এবাৰ কোষ্ঠকাঠিন্য হোৱা(IBS Alternating)।

প্ৰতিজন ৰোগীৰ সমস্যা ভিন্ন ভিন্ন হ’ব পাৰে। উদৰেও ভিন্ন ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে অন্ত্ৰৰ ভেদ্যতা(Permiability) নিয়ন্ত্ৰণ কৰে জনুলিন(Zohnulin) নামৰ এবিধ প্ৰোটিনে। আইবিএছ ৰোগীৰ ক্ষেত্ৰত এই প্ৰোটিনৰ মাত্ৰা অধিক হয়। আই বি এছ সুক্ষ্মতম জৈৱিক ৰোগ।

সংক্ৰমণজনিত আই বি এছ ৰোধ কৰক:

 

এক তৃতীয়াংশ ভাইৰাছ আৰু বেক্টেৰিয়াজনিত আই বি এছ পাকান্দ্ৰিয়(Gastrointestinal) সংক্ৰমণ অথবা ফুড পইজনিং হেতু হ’ব পাৰে। ২০০৮ চনত কানাডাৰ ৱাকাৰটন নগৰত পাকান্দ্ৰিয় সংক্ৰমণ হৈছিল। ইয়াৰ কাৰণ আছিল ই-কলাই(E. Coli) আৰু কেম্পাইল’বেক্টাৰ(Compy lobecter)। আক্ৰান্ত হৈছিল ২৫০০ ব্যক্তি। এই ব্যক্তিসকলক ৮ বছৰ ধৰি নিৰীক্ষণ কৰা হৈছিল। দেখা গৈছিল, আক্ৰান্ত ব্যক্তিসকলৰ ৩৬ শতাংশ পিছলৈ আই বি এছত ভুগিছিল। এইকথাও জানিব পৰা গৈছিল যে এইক্ষেত্ৰত কাৰকসমূহ আছিল স্ত্ৰীলিঙ্গ, গভীৰ সংক্ৰমণ, এন্টিবায়টিকৰ ব্যৱহাৰ, উদ্বেগ আৰু জিনীয় প্ৰৱণতা।

*খাদ্য:

কেতবোৰ খাদ্যই আইবিএছৰ লক্ষণসমূহ গভীৰ কৰিব পাৰে। তেনে কিছু খাদ্য হ’ল মন’ছেক্কাৰাইডযুক্ত মিঠা ফল আৰু শাক-পাচলি, আলিগ’ ছেক্কাৰাইডযুক্ত গোমধান, পিয়াঁজ, কফি, তেলেতীয়া খাদ্য আদি। এইবোৰ পৰিহাৰ কৰিব লাগে।

*ভোজ্য আঁহ:

দ্ৰৱণীয় ভোজ্য আঁহযুক্ত খাদ্য যথেষ্ট পৰিমাণে খাওক। অদ্ৰৱণীয় আঁহযুক্ত খাদ্য পৰিহাৰ কৰক। দ্ৰৱণীয় আঁহে আইবিএছৰ লক্ষণসমূহ নিয়ন্ত্ৰণ কৰে। ওটচ আদি দ্ৰৱণীয় আঁহযুক্ত খাদ্য। ভোজ্য আঁহ সম্পূৰক ঔষধি বা খাদ্য হিচাপেও খাব পাৰি। যিসকল ৰোগীয়ে হাগনিত ভোগে, তেওঁলোকৰ ক্ষেত্ৰত ভোজ্য আঁহে পানী শোষণ কৰে। যিসকলে কোষ্ঠকাঠিন্যত ভোগে, তেওঁলোকৰ ক্ষেত্ৰত ভোজ্য আঁহে পানীৰ পৰিমাণ বৃদ্ধি কৰে।

অন্ত্ৰ আৰু মগজুৰ সংযোগ:

 

যদিও মানসিক চাপ আৰু উদ্বেগে আই বি এছৰ লক্ষণসমূহ বৃদ্ধি কৰে, ই মানসিক ৰোগ নহয়। কিছুসংখ্যক আইবিএছ ৰোগীৰ অন্ত্ৰ অতি সংবেদনশীল তেওঁলোকৰ ক্ষেত্ৰত ই কিছুপৰিমাণে মানসিক চাপ আৰু উদ্বেগজনিত হ’ব পাৰে।

*প্ৰ’বায়টিক খাওক:

কিছুসংখ্যক ৰোগীৰ ক্ষেত্ৰত বিশেষকৈ সংক্ৰমণজনিত আইবিএছৰ ক্ষেত্ৰত অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়া(প্ৰ’বায়টিক) বিপুল পৰিমাণে ধ্বংস হ’ব পাৰে। তেনেক্ষেত্ৰত প্ৰ’বায়টিকযুক্ত খাদ্য(যেনে-দৈ গাখীৰ) আৰু প্ৰ’বায়টিক ঔষধ খাব লাগিব। তেতিয়া আই বি এছৰ লক্ষণসমূহ নিয়ন্ত্ৰিত হ’ব।

*ইন্টাৰনেটত আই বি এছ সম্পৰ্কীয় তথ্য চাওক:

আইবিএছ ৰোগীয়ে অকলশৰীয়া অনুভৱ কৰে। ৰাজহুৱাকৈ পেটৰ সমস্যা আলোচনা কৰাটো এতিয়াও প্ৰতিষিদ্ধ(Taboo)। বহুতো চিকিৎসকেও আই বি এছৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে। গতিকে ইন্টাৰনেটত এইৰোগ সম্পৰ্কে তথ্য চাওক। মন মুকলি লাগিব। অকলশৰীয়া অনুভৱ হ্ৰাস পাব।

লেখক: ডাঃ জীৱন দত্ত বৰুৱা(দৈনিক অসম)

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top