মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / উচ্চ ৰক্তচাপ জনস্বাস্থ্যৰ এক প্ৰত্যাহ্বান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ ৰক্তচাপ জনস্বাস্থ্যৰ এক প্ৰত্যাহ্বান

উচ্চ ৰক্তচাপৰ বিষয়ে লিখা হৈছে

উচ্চ ৰক্তচাপ কি-

বয়স বা অন্যান্য কাৰকৰ উপস্থিতি অনুযায়ী স্বাভাৱিক ৰক্তচাপৰে ভিন্নতা থাকিব পাৰে। কেঁচুৱাক ৰক্তচাপৰ জোখ ৯০/৬০ মিঃ মিঃ পাৰাস্তম্ভ হয় যদিও এজন সুস্থ তথা প্রাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত স্বাভাৱিক ৰক্তচাপৰ উধ্বর্তম সীমা ১৪০/৯০ হয়গৈ। পাছে বহুমূত্ৰ ৰোগৰ উপস্থিতিত এই সৰ্বোচ্চ সীমা ১৩৫/৮৫ মি:মি: বুলি থিৰাং কৰা হৈছে। ৰক্তচাপৰ পৰিমাণ নির্ণয়ৰ বাবে ব্যৱহাৰ হোৱা সংখ্যা দুটাই কলিজাৰ সংকোচন আৰু প্ৰসাৰণৰ সময়ৰ চাপৰ মাত্রা সূচায়।

সর্বসাধাৰণ মানুহখিনিয়ে ব্যবহাৰ কৰা ‘প্ৰেছাৰ' শব্দটোৰ জৰিয়তে প্রকৃততে ব্লাড প্ৰেছাৰ বা ৰক্তচাপৰ কথাহে চিকিৎসা বিজ্ঞানত বুজোৱা হয়। ধমনীৰ মাজেদি বিশুদ্ধ তেজ প্রবাহিত হোৱাৰ সময়ত বেৰত যি পাৰ্শ্বৱৰ্তী চাপৰ সৃষ্টি হয়, সেয়াই হৈছে এজন মানুহৰ ৰক্তচাপ। গতিকে ৰক্তচাপ কোনোধৰণৰ বেমাৰ নহয়- যিকোনো ব্যক্তিৰে ৰক্তচাপ থাকেই। মাথোঁ ইয়াৰ বঢ়া-টুটা হেতু অস্বাভাবিকতাৰ সৃষ্টি হ’ব পাৰে।

বয়স বা অন্যান্য কাৰকৰ উপস্থিতি অনুযায়ী স্বাভাবিক ৰক্তচাপৰে ভিন্নতা থাকিব পাৰে। কেঁচুৱাৰ ৰক্তচাপৰ ৯০/৬০ মিঃ মিঃ পাৰাস্তম্ভ হয় যদিও এজন সুস্থ তথা প্রাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত স্বাভাৱিক ৰক্তচাপৰ উৰ্ধতম সীমা ১৪০/৯০ হয়গৈ। পাছে বহুমূত্র ৰোগৰ উপস্থিতিত এই সর্বোচ্চ সীমা ১৩৫/৮৫ মিঃমিঃ বুলি থিৰাং কৰা হৈছে। ৰক্তচাপৰ পৰিমাণ নির্ণয়ৰ বাবে ব্যৱহাৰ হোৱা সংখ্যা দুটাই কলিজাৰ সংকোচন আৰু প্ৰসাৰণৰ সময়ৰ চাপৰ মাত্ৰা সূচায়। কলিজাৰ সংকোচন ঘটিলে ইয়াৰ ভিতৰৰ পৰা বিশুদ্ধ তেজ ধমনীৰ জৰিয়তে বিভিন্ন অংগলৈ ওলাই যায় আৰু পাছত প্ৰসাৰণৰ সময়ত সিৰাৰ মাজেদি তেজ কলিজাৰ সংকোচন ঘটিলে ইয়াৰ ভিতৰত প্রবেশ কৰে। কলিজাৰ সংকোচন আৰু প্ৰসাৰণৰ হেতুকে ধমনীৰ ওপৰত দুটা ভিন্ন ধৰণৰ চাপ পৰে আৰু ৰক্তচাপ হৈছে। ইয়াৰ বহিঃপ্রকাশ। স্ফিগ মেন'মিটাৰ যন্ত্ৰৰ জৰিয়তে ইয়াৰ মাপ লোৱা হয়। এই যন্ত্ৰৰ ভিতৰত থকা নলীত পাৰা থাকে আৰু পাৰাস্তম্ভৰ উচ্চতাৰ জৰিয়তে ৰক্তচাপৰ মাপ প্রকাশ কৰা হয়।

দৈনন্দিন জীৱনত আমি কৰিবলগীয়া কিছুমান কামৰ সময়ত স্বাভাৱিকতেই ৰক্তচাপ বাঢ়ে আৰু কামবোৰৰ সমাপ্তিৰ কিছু সময়ৰ পাছত ৰক্তচাপ পুনৰাই স্বাভাবিক অবস্থালৈ আহে। এনেবোৰ কামৰ ভিতৰত উল্লেখনীয় হৈছে-

ব্যায়াম, সাঁতোৰা, দৌৰা, দৈহিক শক্তিৰ প্রয়োগ, খাদ্য গ্ৰহণ, ধূমপান আৰু মদ্যপান, প্রয়োজনীয়তাৰ তাগিদাত শৰীৰৰ নানাধৰণৰ ভংগীত উপৱিষ্ট হ’বলগীয়া পৰিস্থিতি আদি। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্ধাৰিত সংজ্ঞা অনুযায়ী সংকোচন চাপ ১২০-১৩১ মিঃমিঃ আৰু প্রসাৰণজনিত চাপ ৮০-৮৯ মিঃমিঃৰ ভিতৰত থাকিলে ৰক্তচাপ স্বাভাবিক বুলি ধৰিব পাৰি। অৱশ্যে এইখিনিতে এষাৰ কথা উল্লেখ কৰা প্রাসংগিক হ’ব যে স্বাভাবিক ৰক্তচাপযুক্ত এগৰাকী ব্যক্তিৰে দিনটোৰ বিভিন্ন সময়ত ৰক্তচাপৰ ভিন্নতা থাকিব পাৰে। সাধাৰণতে ৰাতিপুৱাৰ সময়তে স্বাভাৱিক অৱস্থাতে ৰক্তচাপৰ মাত্ৰা বেছি হয় (অৱশ্যে ই স্বাভাৱিক পৰিসীমাৰ ভিতৰতে থাকে)। আৰু ক্ৰমাগতভাবে আবেলিৰ পিনে ই টুটি যায় যদিও স্বাভাবিক হৈয়েই থাকে।

গতিকে আমি অস্বাভাবিক ধৰণৰ ৰক্তচাপৰ বিষয়ে ফহিয়াই চালে দেখা পাম যে ৰক্তচাপ নিম্ন হ’ব পাৰে বা কোনো ব্যক্তি উচ্চ ৰক্তচাপত ভুগিব পাৰে। নিম্ন ৰক্তচাপত আক্ৰান্ত ব্যক্তিসকলৰ সঘনে মূৰ ঘূৰায়, দৈহিক দুর্বলতা বা অৱসাদ গ্ৰস্ততাৰ সৃষ্টি হয়, হাত-ভৰি জিনজিনায় আৰু কেতিয়াবা চকুৰে অন্ধকাৰ দেখিব পাৰে। সময় সাপেক্ষে ৰক্তচাপ বেছিকৈ টুটি গ’লে নাড়ীৰ স্পন্দন দুৰ্বল হৈ পৰে, শৰীৰৰ উষ্ণতা টুটি ভৰি- ভৰি চেঁচা হোৱাৰ উপৰি প্ৰস্ৰাৱৰ মাত্ৰা টুটিব পাৰে আৰু লগতে চেতন অৱস্থাৰ অবনতি ঘটে। ইয়াকে শ্বক (Shock) বা P.C.F (প্রান্তীয় ৰক্ত প্রবাহজনিত অচলাৱস্থা) বোলে।

জীৱন ধাৰণৰ শৈলীৰ পৰিৱৰ্তনৰ বাবেই এই ৰুগ্নাৱস্থাটোৰ প্রাদুর্ভাৱ ক্ৰমাগতভাবে বাঢ়ি যোৱা বুলি চিকিৎসা বিজ্ঞানীসকলে থিৰাং কৰিছে। এনেধৰণৰ ভ্ৰান্ত জীৱন ধাৰণৰ শৈলীৰ হেতুকে সৃষ্ট অন্যান্য ৰোগবোৰ হৈছে- বহুমূত্ৰ, কলিজাৰ নানা ৰোগ, গাউট আৰু লিভাৰৰ কেতবোৰ ৰোগ। ভ্ৰান্ত জীৱন ধাৰণৰ শৈলীৰ বিভিন্ন লাইখুটাবোৰ হৈছে- অত্যাধিক মাত্রাযুক্ত ফাষ্ট ফুড বা জাংক ফুড গ্রহণ, দৈহিক আক মানসিক ষ্ট্ৰেছ (Stress) পূর্ণ কামত পৰিস্থিতিৰ তাড়নাত নিয়োজিত হ’বলগীয়া বাধ্যবাধকতামূলক পৰিৱেশ, অত্যাধিক সুৰাপান বা অন্যান্য নিচাযুক্ত খাদ্য দ্ৰব্য গ্রহণ। দীঘলীয়া সময়ৰ বাবে এনেবোৰ অভ্যাসত ব্রতী হ’বলগীয়া হ’লে নানাধৰণৰ দৈহিক পৰিবর্তন ঘটি ৰক্তচাপ উপসর্গবিহীনভাবে বাঢ়িবলৈ ধৰে। উক্ত ৰক্তচাপক এক ভাসমান বৰফৰ টুকুৰাৰ সৈতে ৰিজাব পাৰি। ইয়াৰ জলপৃষ্ঠৰ ওপৰত থকা অংশটিহে দৃশ্যমান হয়। যোৱা শতিকাৰ সত্তৰৰ দশকত বিশ্বৰ বিভিন্ন উন্নত দেশবোৰত দেখা গৈছিল যে আক্ৰান্ত ব্যক্তিসকলৰ  অর্ধেকেই তেওঁলোকৰ দেহাত ইয়াৰ অস্তিত্বৰ বিষয়ে অজ্ঞ আৰু জ্ঞাতসকলৰো মাথোঁ অর্ধেকৰহে ৰোগাৰোগ্যৰ বাবে দৰব ব্যৱহাৰকাৰীসকলৰ ভিতৰতো মাথোঁ অর্ধেকেহে নিয়মীয়াভাবে ঔষধ খায়।

ইয়াকে Rule of halves বুলিছিল। পাশ্চাত্যৰ দেশবোৰতেই যিহেতুকে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে ভাৰতৰ লেখীয়া এখন দেশৰ পৰিস্থিতি পঢ়ুৱৈসকলৰ বাবে সহজে অনুমেয়।

আমেৰিকা যুক্তৰাষ্ট্ৰত প্রায় ২৫ নিযুত মানুহ এই ৰোগত আক্রান্ত হৈ আছে। অন্যান্য উন্নত দেশবোৰৰ মুঠ জনসংখ্যাৰ কমেও গড়ে ৮ শতাংশ মানুহেই এই ৰোগত ভুগি আছে। উপস্থিতিৰ হেতুকে কলিজাত নানাধৰণৰ জটিলতাৰ (হার্ট এটেক, কলিজাৰ আকাৰ বৃদ্ধি) সৃষ্টিৰ শংকা অন্যান্য সুস্থ মানুহৰ তুলনাত ২০ গুণ বাঢ়ে। (২০০৭ চনত ব্ৰ’নবালডৰ কলিজাৰ ৰোগৰ পাঠ্যপুথিৰ পৰা এই তথ্য সংগৃহীত) তদুপৰি এই ৰোগাক্ৰান্তা ব্যক্তিসকলৰ আয়ুস গড় হিচাপে ১০-২০ বছৰ টুটি যায়। নিচেই কম মাত্ৰাত ৰক্তচাপ বাঢ়িলেও যদিহে ব্যক্তিগৰাকীয়ে চিকিৎসা নোলোৱাকৈ থাকে, তেনেহ’লে মগজু, কিডনি আদি নানা অংগ ক্ষতিগ্ৰস্ত হোৱাৰ শংকা থাকে।

ফ্ৰেমিংহাম সমীক্ষাৰ (যিটো নেকি পাঁচটা দশক জুৰি চলি আছে) ফলৰ জৰিয়তে উপৰিউক্ত তথ্যবোৰ সত্য বুলি প্রতিপন্ন কৰা হৈছে। ৰক্তচাপ বাঢ়ি গ’লে হার্ট এটেক হোৱাৰ শংকা ২-৩ গুণ বাঢ়ে আৰু মগজুৰ ৰক্তক্ষৰণ হৈ শৰীৰৰ এটা অংশ অসাৰ হোৱাৰ শংকা ৭ গুণ বাঢ়ে। ৰক্তচাপৰ মাত্ৰা যৎসামান্য বাঢ়িলেই হার্ট এটেকৰ শংকা সাধাৰণ মানুহতকৈ শতকৰা ৫০ ভাগ বাঢ়ে আৰু মগজুলৈ ৰক্ত সৰবৰাহ হোৱাৰ শংকা ৩০% বাঢ়ে।

বিভিন্ন দেশত উচ্চ ৰক্তচাপ সম্পর্কে চলোৱা গৱেষণাত নানা তথ্যৰ সম্ভেদ পোৱা গৈছে। কোনো এখন জনসমাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কেতবোৰ পৰিবেশজনিত কাৰকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। উদাহৰণস্বৰূপে উজনি অসমৰ চাহ জনগোষ্ঠীয়ে চাহত নিমখ মিহলাই খোৱা অভ্যাসৰ বিষয়ে উল্লেখ কৰিব পাৰি। ইয়াৰ ফলত এইসকল মানুহৰ মাজত উচ্চ ৰক্তচাপৰ প্রাদুর্ভাৱ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

যোৱা শতিকাৰ শেষৰটো দশকত এই লেখকে অসমত উচ্চ ৰক্তচাপৰ ৰূপৰেখাৰ বাবে চলোৱা গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। প্রসংগক্ৰমে উল্লেখ কৰিব পাৰি যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লভা ব্যক্তি এই লেখকেই সর্বপ্রথম আছিল। ১৯৯৫ চনত সমাপ্তি ঘটা এই গবেষণামূলক সমীক্ষাৰ জৰিয়তে দেখা গৈছিল যে অসমৰ গ্রামাঞ্চলৰ আৰু নগৰ চহৰবোৰৰ অধিবাসীসকলৰ মাজত এই ৰোগৰ প্রাদুর্ভাৱ প্রায় সমান আৰু নাৰী আৰু পুৰুষ উভয়েই সমানেই এই বিকৃতিত আক্রান্ত হয়। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষামূলক তথ্য অনুযায়ী নগৰবোৰৰ তুলনাত গ্রামাঞ্চলত এই বিকাৰৰ প্রাদুর্ভাৱ তাৎপর্যপূর্ণভাৱে আৰু নাৰীৰ তুলনাত পুৰুষসকল এই ৰোগত তুলনামূলকভাবে বেছিকৈ ভোগে। উপসর্গবিহীনভাবে বহুতো ৰোগী থাকিব পাৰে। এনেবোৰ ৰোগীৰ কেতিয়াবা নিদ্রাহীনতাৰ অভিযোগ থাকে আৰু এনে পৰিস্থিতিত ৰক্তচাপ নিৰীক্ষণ কৰিলে মাত্ৰাধিক হ’ব পাৰে।

উচ্চ ৰক্তচাপৰ কাৰণ-

আধুনিক সভ্যতাৰ এক অন্যতম অভিশাপ মেদবহুলতা উচ্চৰক্তচাপৰ এক অন্যতম কাৰক ৰূপে পৰিগণিত হৈছে। সেয়েহে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতর্কতা অৱলম্বনৰ জৰিয়তে শৰীৰৰ চৰ্বী হ্রাস কৰিবলৈ প্রয়াস কৰিব লাগিব। নিমখত থকা ছডিয়ামে ৰক্তচাপ বৃদ্ধিৰ কাৰকৰূপে পৰিগণিত হৈছে। সেয়েহে উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলক মাত্ৰাধিক নিমখ খোৱাৰ পৰা বাৰণ কৰা হয়। দক্ষিণ প্রশান্ত মহাসাগৰীয় অঞ্চল, মেক্সিকো দেশৰ অংশ বিশেষ আৰু তিব্বতকে ধৰি বিশ্বৰ অন্যান্য কেতবোৰ অঞ্চলৰ মানুহে তাকৰীয়া মাত্ৰাত নিমখ খায় বাবে এনেবোৰ অঞ্চলৰ অন্য ঠাইৰ তুলনাত উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ সংখ্যা কম।

উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলক দুটা ভাগত ভগাব পাৰি। যিসকলৰ বৰ্ধিত ৰক্তচাপৰ কোনো হেতু নির্ণয় কৰিব পৰা নাযায়, তেওঁলোকক প্রাথমিক বিধৰ উচ্চ ৰক্তচাপত (Idiopathic) ভোগা বুলি কোৱা হয়। এনেধৰণৰ ৰোগীৰ সংখ্যাই সৰহ। আনহাতে শৰীৰৰ কোনো অন্য ৰোগৰ বাবে ৰক্তচাপ বাঢ়িলে সেয়া গৌণ ধৰণৰ উচ্চ ৰক্তচাপ বুলি পৰিগণিত হয়। কেতবোৰ গ্ৰন্থিজনিত ৰোগৰ হেতুকে এনেদৰে ৰক্তচাপ বাঢ়ে।

শেষত উল্লেখ কৰো যে বয়সৰ অগ্ৰগতিৰ আনুষংগিকভাবে নাৰী-পুৰুষ উভয়ৰে ৰক্তচাপ স্বাভাবিকতেই বাঢ়ে। অর্থাৎ এজন ডেকা মানুহৰ ক্ষেত্ৰত যিটো ৰক্তচাপক মাত্ৰাধিক বুলি গণ্য কৰা হয়, ৬০-ৰ উৰ্ধ্বৰ এজন মানুহৰ ক্ষেত্ৰত সেয়া স্বাভাবিকে হ'ব পাৰে। অত্যাধিক চৰ্বীযুক্ত খাদ্য সময় সাপেক্ষে উচ্চ ৰক্তচাপৰ কাৰক হোৱাৰ সম্ভাৱনীয়তাৰ পৰিপ্রেক্ষিতত আহাৰ গ্ৰহণৰ ক্ষেত্ৰত চিকিৎসক তথা পুষ্টিবিজ্ঞানীৰ পৰামর্শ গ্রহণ নিতান্তই বাঞ্ছনীয়। শাক-পাচলি, ফল-মূল আৰু অন্যান্য নিৰামিষ আহাৰ গ্রহণ কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হয়। চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথিত এনেধৰণৰ আহাৰক DASH (Diet aiming to stop hypertension) মাংসবিহীন খাদ্যৰ জৰিয়তে ৰক্তচাপ নিয়ন্ত্ৰণত সুফল লভিব পাৰি। প্রায় ১৫ বছৰ জুৰি উচ্চ ৰক্তচাপ ৰোগীৰ ওপৰত চলোৱা গৱেষণাৰ দ্বাৰা এই তথ্যৰ সত্যতা প্রতিপন্ন হৈছে। ১৮-৩০ বছৰ বয়সীয়া প্রায় ৪,৩০০ ৰোগীৰ ওপৰত চলোৱা গৱেষণাৰ জৰিয়তে দেখা গৈছে যে শাক-পাচলি যিমানেই সৰহীয়া মাত্ৰাত খোৱা যায়, ৰক্তচাপ নিয়ন্ত্ৰণৰ সম্ভাবনীয়তাও সিমানেই উজ্জ্বলতৰ হৈ পৰে। আধ্যাত্মিকতাৰ সৈতেও দৈহিক স্বাস্থ্যৰ যোগসূত্ৰ বিজ্ঞানীসকলে লাভ কৰিছে। ধর্মীয় বিশ্বাসে মানসিক প্রশান্তি প্রদান কৰি ৰক্তচাপকে ধৰি দৈহিক স্বাস্থ্য স্বাভাবিক কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায়।

লেখক: ডাঃ মিহিৰ কুমাৰ গোস্বামী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পালম’নাৰি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক।

2.82926829268
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top