মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / উচ্চ ৰক্তচাপ(high BP)ৰ বিষয়ে জানো আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ ৰক্তচাপ(high BP)ৰ বিষয়ে জানো আহক

উচ্চ ৰক্তচাপ(high BP) ৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান আটাইতকৈ বেছি ভুগি থকা ৰোগ বিধেই হৈছে হাই ব্লাড প্ৰেচাৰ অৰ্থাৎ উচ্চ ৰক্তচাপ। ৰোগীসকলে প্ৰায়েই কোৱা দেখা যায় ছাৰ মোৰ প্ৰেচাৰ আছে, কিছুমানে কয় মোৰ প্ৰেচাৰ নিল, কিছুমানে কয় মই নিতৌ ঔষধ খাওঁ, আন কিছুমানে কয় আগতে প্ৰেচাৰ আছিল এতিয়া নাই, কিছুমানৰ ভাষ্য প্ৰেচাৰৰ ঔষধ খাইছিলো কিন্তু এতিয়া ভাল পালো ঔষধ নাখাওঁ।

এই ধৰণৰ প্ৰশ্ন উত্তৰ আমি চিকিৎসক সকলে সদায়ে পাওঁ। এনেধৰণন ভিন্নতাই এটা কথাই সুচায় যে দৰাচলতে ৰোগী সকলৰ ব্লাড প্ৰেচাৰ সম্পৰ্কে সঠিক জ্ঞানৰ অভাৱ।

ইয়াৰ বাবে আমাৰ দৰে চিকিৎসক সকলেই দায়ী যেন অনুভৱ কৰো কিয়নো আমি ৰোগীসকলক ব্লাড প্ৰেচাৰৰ বিষয়ে অতি সহজ ভাষাত বুজাই দিব পৰা নাই।

আজি এই লিখনীটোৰে মই অতি সহজ ভাষাত ব্লাড প্ৰেচাৰৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় বুজি পাব।

আমাৰ শৰীৰৰ তেজ সমূহ হৃদয়ৰ পৰা aorta নামৰ ধমনিৰে শৰীৰৰ বিভিন্ন কোষলৈ অক্সিজেন আৰু লাগতিয়াল খাদ্য লৈ যায়।

কোষত কাৰ্বন ডাই অক্সাইড প্ৰাদুৰ্ভাৱ হয় আৰু ইয়াক সুক্ষ্ম শিৰাই(venules) বহন কৰি শৰীৰৰ নিম্ন অংশৰ(মূৰৰ তলৰ) পৰা ডাঙৰ শিৰা যাক কোৱা হয় inferior vena cava লৈ কঢ়িয়াই লৈ আহে আৰু এই ডাঙৰ শিৰা ডাল গৈ হৃদয়ৰ সোঁ ফাললৈ কঢ়িয়াই নিয়ে।

মূৰৰ অংশ superior vena cava ৰে গৈ হৃদয়ৰ সোঁফালে একে স্থানতে গৈ পৰে। সোঁ ফালৰ হৃদয়ৰ পৰা হাওঁফাঁও লৈ pulmonary artery ৰে বহন কৰি কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে।

আন এডাল শিৰাই যাক pulmonary vein বুলি কোৱা হয়, এই শিৰা দালে হাওঁফাওঁৰ পৰা অক্সিজেন সংগ্ৰহ কৰি হৃদয়ৰ বাওঁ ফাললৈ লৈ আহে আৰু এই বাওঁ ফালৰ হৃদয়ৰ পৰা aorta নামৰ ডাঙৰ ধমনিৰে গোটেই শৰীৰলৈ অক্সিজেন আৰু লাগতিয়াল খাদ্য কঢ়িয়াই নিয়ে।

এয়া হৈছে থুল মূলকৈ আমাৰ শৰীৰৰ ৰক্ত সঞ্চালনৰ প্ৰক্ৰিয়া। এই সমূহ প্ৰক্ৰিয়া নিৰ্দিষ্ট স্থানৰ চাপ বা প্ৰেচাৰৰ বাবেহে সম্ভৱ।

ব্লাড প্ৰেচাৰ মানে কি?

আমি আটায়ে জানো যে বায়ুমণ্ডলৰ প্ৰেচাৰৰ বাবে আমি থিয় হৈ বা খোজ কাঢ়ি থাকিব পাৰিছো। আৰু এই প্ৰেচাৰ যেতিয়া শূণ্য হয় যাক অন্তৰীক্ষ বুলি কোৱা হয়, তাত মানুহ গলে ওপঙি থাকে।

ইয়াৰ দ্বাৰা এইটো বুজিলোঁ যে প্ৰেচাৰৰ মানৱ শৰীৰত ভূমিকা আছে।প্ৰেচাৰৰ কাৰণেই পানী এঠাইৰ পৰা আন এথাইলৈ বৈ যায়, এজনে আন এজনক থেলি দিব পাৰে।

ঠিক তেনেদৰেই আমাৰ শৰীৰৰ ৰক্ত সমূহ হৃদয়ৰ পৰা গোটেই শৰীৰৰ কোষ বোৰলৈ বিয়পি পৰিবলৈ যি প্ৰেচাৰৰ প্ৰয়োজন তাক ব্লাড প্ৰেচাৰ বোলে।

হৃদয়ৰ ৰক্ত সমূহ হৃদয়ৰ সংকোচনৰ ফলত ধমনিৰে শৰীৰৰ বিভিন্ন অংশলৈ প্ৰবাহিত হয়।

এই হৃদয়ৰ সংকোচন আৰু ধমনিৰ আকুঞ্চন প্ৰসাৰণ ব্লাড প্ৰেচাৰ জোখা মেচিনৰ দ্বাৰা জোখা হয়। এই মেচিন টোক sphygmomenometer বুলি কোৱা হয়।

সংক্ষেপতে হৃদয়ৰ ৰক্ত সমূহ প্ৰবাহিত হৈ ধমিনীৰ ওপৰত পৰা প্ৰভাৱক ব্লাড প্ৰেচাৰ বুলি কোৱা হয়।

সহজ ভাষাত হৃদয়ৰ সংকোচনক systolic BP আৰু ধমিনিৰ প্ৰতিঘাতক diastolic BP বোলে।

অর্থাৎ আপোনাৰ প্ৰেচাৰ জুখিলে যিটো ওপৰৰ প্ৰেচাৰ তাক systolic আৰু তলৰ টোক diastolic বুলি কয়।

কেনেকৈ নিয়ন্ত্ৰিত হয় ব্লাড প্ৰেচাৰ?

ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ এক কঠিন প্ৰক্ৰিয়া।আমাৰ শৰীৰটোৱে বিভিন্ন উপায় অৱলম্বন কৰি ব্লাড প্ৰেচাৰ সঠিক কৰি ৰাখিবলৈ চেষ্টা কৰে যাতে শৰীৰৰ প্ৰতিটো কোষলৈ ৰক্ত সঞ্চালিত হয় আৰু কোষবোৰ সক্ৰিয় হৈ আমাৰ শৰীৰটোক সুস্থ কৰি ৰাখে।

এই প্ৰেচাৰ বেছি হলে যিকোনো অংশত অত্যাধিক হেঁচা প্ৰয়োগ কৰি কৃষবোৰক দুৰ্বল কৰি টোলে আনকি ৰক্ত ক্ষৰণও হব পাৰে।

প্ৰেচাৰ কমি গলে কোষ বোৰে খাদ্য আৰু অক্সিজেন নাপায় যাৰ ফলত কোষবোৰৰ মৃত্যু হব পাৰে।

মস্তিষ্কত এক চেকেণ্ড বাবে তেজ চলাচল বন্ধ হলে ব্যক্তিজন সংজ্ঞা হীন হৈ পৰে।

সেয়েহে শৰীৰে সদায় প্ৰেচাৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰে। এই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা বিভিন্ন প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল।

যেনে:

বেৰো ৰিচিপতৰ দ্বাৰা নিয়ন্ত্ৰণ -

হৃদয়ৰ তেজ সমূহ aorta নামৰ ডাঙৰ ধমনিৰে শৰীৰৰ আন আন অনু ধমনীলৈ প্ৰবাহিত হয়। হৃদয়ৰ পৰা ওলাই aorta ত প্ৰৱেশ কৰি যিখিনি ঠাইত খুন্দা মাৰে সেই ঠাইখিনি arch of aorta বুজি কোৱা হয়।

আৰু ইয়াতেই জন্মগত ভাৱে প্ৰেচাৰ জোখা এবিধ কোষ পুঞ্জ থাকে যাক baro receptor বোলে। bero receptor য়ে কিমান জোৰত হৃদয়ৰ পৰা ৰক্ত প্ৰবাহিত হৈছে তাৰ খবৰ মস্তিস্কলৈ প্ৰেৰণ কৰে আৰু মস্তিষ্কই লগাতকৈ বেছি প্ৰেচাৰত তেজ সংবহন কৰিলে হৃদয়ত নিয়ন্ত্ৰণ কৰে আৰু কম হলে বেছি কৰিবৰ আদেশ দিয়ে।

অৰ্থাৎ bero receptor য়ে এজন পিয়নৰ দৰে কাম কৰি আমাৰ শৰীৰত প্ৰেচাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ৰেনিন এনজিওতেনচিন ৰ দ্বাৰা প্ৰেচাৰ নিয়ন্ত্ৰণ -

ৰেনিন হ'ল এবিধ হৰমন যাৰ নিঃসৰণ হয় বৃক্কৰ পৰা যেতিয়া বৃক্কলৈ তেজ চলাচল কমি যায়।

ৰেনিন উৎপাদন হলে ৰেনিন এনজিওতেনচিন ১ লৈ ৰূপান্তৰিত হয় আৰু এনজিওতেনচিন ১ AEC নামৰ এবিধ এনজাইমৰ দ্বাৰা এনজিওতেনচিন ২ লৈ পৰিৱৰ্তিত হয়। এই এনজিওতেনচিন ২ ই ধমনি সমূহ সংকুচিত কৰে যাৰ ফলত প্ৰেচাৰ বাঢ়ে।

এলদোষ্টেৰণ হৰমনৰ ভূমিকা -

আমাৰ বৃক্কৰ কৰ্টেক্স অংশৰ পৰা এলদোষ্টেৰণ নামৰ হৰমন এবিধ নিঃসৰিত হয়। এই হৰমনে আমাৰ বৃক্কৰ কোষ যাক নেফ্ৰণ বুলি কোৱা হয়, এই নেফ্ৰণৰ দ্বাৰা চডিয়ামৰ পুনঃ শোষণ কৰে। চডিয়াম শৰীৰত বেছিকৈ জমা হবলৈ ধৰে।

চডিয়ামে পানী শোষণ কৰে যাৰ ফলত ৰোগীৰ পেচাব কব হয় আৰু ৰক্তৰ পৰিমাণ বাঢ়ি যায় কিয়নো পানী সমূহ ৰক্তৰ লগত মিহলি হয়। এনে অৱস্থাত হৃদয়ৰ ওপৰত অত্যাধিক হেঁচা প্ৰয়োগ হয় আৰু ব্লাড প্ৰেচাৰ বাঢ়িব ধৰে।

অত্যাধিক নিমখ খালেও এই কাৰণে প্ৰেচাৰ বাঢ়ে। সেই বাবেই চিকিৎসকে হাই প্ৰেচাৰ থকা ৰোগীক নিমখ খাবলৈ মানা কৰে।

*মস্তিষ্কৰ অতি ক্ৰিয়াশীলতা:

বিভিন্ন কাৰণত যেতিয়া কোনো লোকে মানসিক উত্তেজনা (যাক anxiety বুলি কোৱা হয়)ত ভোগে, নিদ্ৰাহীনতাত ভোগে তেতিয়া নাৰ্ভ বোৰ উত্তেজিত হয়, ফলত হৃদয়ৰ ওপৰত অতিৰিক্ত হেঁচা প্ৰয়োগ হয় আৰু ব্লাড প্ৰেচাৰ বাঢ়িবলৈ ধৰে।

সেই বাবেই হাই প্ৰেচাৰ থকা ৰোগীক মানসিক উত্তেজনাৰ পৰা আঁতৰি থাকিবলৈ পৰামর্শ দিয়া হয়।

ADH হৰমনৰ বাবে:

ADH হ'ল এবিধ হৰমন যাৰ নিঃসৰণ হয় মস্তিষ্কৰ ভিতৰৰ পিটুইটাৰী নামৰ গ্ৰন্থিটোৰ পৰা।এই হৰমনৰ নিঃসৰণ হলে পেচাবৰ পৰিমাণ কম হয়।

যাৰ ফলত ৰক্তৰ ভাৰ বাঢ়ে। সাধাৰণতে যেতিয়া কোনো কাৰণত হঠাৎ ব্লাড প্ৰেচাৰ কমি যায় তেতিয়া ব্লাড প্ৰেচাৰ নকমিবলৈ এই হৰমনৰ নিঃসৰণ হয়।

ফলত পেচাব কমে আৰু শৰীৰৰ পানী বাঁহীৰ হোৱাত বাধা প্ৰদান কৰি আমাৰ ব্লাড প্ৰেচাৰ সঠিক কৰি ৰাখি আন অংশমূহক সুৰক্ষিত কৰি ৰাখে।

কেতিয়াবা মস্তিষ্কত টিউমাৰ হলে এই হৰমনৰ নিঃসৰণ এনেয়ে বাঢ়ি যায় যাৰ ফলত প্ৰেচাৰ বাঢ়ে।

ওপৰৰ এই আটাইবোৰ প্ৰক্ৰিয়াই আমাৰ ৰক্তৰ প্ৰেচাৰ সঠিক কৰি ৰখাটো সহায় কৰে। কিন্তু কোনো কাৰণত বিশংগতি হলে ব্লাড প্ৰেচাৰ বাঢ়িব ধৰে।

এই প্ৰেচাৰ নিয়ন্ত্ৰণৰ কাৰণে আধুনিক চিকিৎসা বিজ্ঞানত ওপৰোক্ত প্ৰক্ৰিয়াক বাধা প্ৰদান কৰা ঔষধি প্ৰয়োগ কৰে, ফলত প্ৰেচাৰ সাময়িক ভাৱে নিয়ন্ত্ৰিত হয়।

পৰৱৰ্তী খণ্ডত ইয়াৰ কাৰণ, প্ৰতিকাৰৰ ওপৰত লিখিম লগতে মোৰ স্নাতকোত্তৰ ছাত্ৰ এজনে কৰি থকা গৱেষণাৰ বিষয়েও কিছু তথ্য আগবঢ়াম।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638211711

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top