মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ঋতুৰ পৰিৱৰ্তনত হোৱা ৰোগ বসন্তৰ কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঋতুৰ পৰিৱৰ্তনত হোৱা ৰোগ বসন্তৰ কিছু কথা

ঋতুৰ পৰিৱৰ্তনত হোৱা ৰোগ বসন্তৰ কিছু কথাৰ বিষয়ে আলোচনা কৰা হৈছে।

সাধাৰণতে বসন্ত কালত ধূলিময় বাট-পথ, ধুমুহাৰ প্রকোপ আদি বৃদ্ধি পায়। ফলত আমাৰ দেহলৈ বিভিন্ন ৰোগৰ বীজাণু সংক্ৰমিত হ’বলৈ ধৰে। বতাহৰ জৰিয়তে অহা বীজাণুবোৰে ইজন মানুহৰ দেহৰ পৰা সিজন মানুহৰ দেহলৈ বিয়পে। এই সময়ত প্ৰকৃতিয়ে এটা নতুন ৰূপ পৰিগ্ৰহ কৰে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ সৈতে মানুহে সহজতে খাপ খুৱাই ল’বলৈ কিছু সময়ৰ দৰকাৰ। তদুপৰি এই পৰিৱৰ্তনৰ প্ৰভাৱ কিছু পৰিমাণে মানুহৰ মাজতো দেখা দিয়ে। কিয়নো মানুহো প্রকৃতিৰে সন্তান। সেয়ে ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ দেহলৈ বিভিন্ন ৰোগৰ বীজাণুৰ আক্ৰমণ তথা সংক্রমিত হ’বলৈ সুবিধা পায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কিছু সাৱধানতা আৰু সতর্কতা অৱলম্বন কৰিলেই স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰাখিব পাৰি।

ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। সেইবোৰৰ ভিতৰত এলাৰ্জী, শ্বাস-প্রশ্বাসৰ সমস্যা, ভাইৰেল জ্বৰ ইত্যাদি। এইবোৰৰ উপৰি আমাৰ দেহত আন এবিধ ৰোগে সাধাৰণতে দেখা দিয়ে, সেইবিধ হৈছে বসন্ত ৰোগ। এই বসন্ত ৰোগৰ বিষয়ে কিছু কথা পাঠকক অবগত কৰিব বিচৰা হৈছে।

ঋতু পৰিৱৰ্তনৰ ফলত হ’ব পৰা এবিধ সংক্রামক ৰোগ হৈছে মাজু আই। এই ৰোগৰ ভাইৰাছে যিকোনো ব্যক্তিৰ দেহলৈ সংক্ৰমিত হ’ব পাৰে।

১। কোনো বসন্ত ৰোগীৰ যদি একেটা কোটাতে থাকে।

২। ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানি পিন্ধিলে।

৩। অনবৰত ৰোগীৰ সংস্পৰ্শত থাকিলে এই ৰোগৰ বীজাণুৱে সহজতে এজনৰ পৰা আনজৰ দেহলৈ বিয়পিব পাৰে।

সাধাৰণতে এই ৰোগ শৰীৰত দেখা দিয়াৰ দুদিনমান আগৰ পৰা ৰোগ উপশম হোৱা পাঁচ দিনমান পিছলৈকে আনৰ দেহলৈ সংক্ৰমিত হোৱাৰ অৱকাশ থাকিব পাৰে। আমি বহুত আকৌ এই ৰোগবিধৰ সংক্ৰমণৰ ওপৰত বিশেষ গুৰুত্ব প্রদান নকৰে আৰু ইয়াৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ অনিচ্ছুক। কিন্তু সময়মতে এইবিধ ৰোগৰ সঠিক চিকিৎসা বা ডাক্তৰৰ পৰামৰ্শ নল’লে ই ক্ৰমে জটিলতৰ হোৱাৰ সম্ভাৱনাই অধিক। উল্লেখযোগ্য যে বেমাৰৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত ছালখন যেতিয়া শুকাবলৈ আৰম্ভ কৰে অথবা ছালৰ ঘাবোৰৰ চোকোৰাবোৰ এৰি যোৱাৰ পিছত এই ঘাবোৰে আকৌ মূৰ দাঙি উঠিব নোৱাৰে। এই ৰোগত আক্ৰান্ত ৰোগীক সেই সময়ছোৱাত ঘৰৰ বাহিৰলৈ পৰাপক্ষত যাবলৈ দিব নালাগে। এই সময়ত ৰোগীজন বেছি দুর্বল তথা অৱস হৈ থাকে। পৰিয়ালৰ আনবোৰ সদস্যও সতর্কতা অবলম্বন কৰা উচিত। মাজু আই হোৱা ৰোগীৰ দেহত সাধাৰণতে প্ৰতিৰোধ ক্ষমতা হ্রাস পায়।

এই ৰোগৰ বীজাণুবিধৰ নাম হ’ল ‘ভেৰিচেল্লা জোষ্টাৰ ভাইৰাছ’ (Voricella Zoster Virus)। এই বীজাণুয়ে পোন প্ৰথমতে আমাৰ দেহৰ শ্বাস-প্রশ্বাস নলীত সংক্ৰমণ ঘটায় আৰু পিছলৈ ক্ৰমে ই তেজলৈ বিয়পি পৰে। দেহৰ পৰা এইবিধ ৰোগ নাইকিয়া হৈ গ’লেওঁ বা উপশম লাভ কৰিলেও কেতিয়াবা ইয়াৰ বীজাণু আমাৰ স্নায়ুতন্ত্ৰৰ মাজত সুপ্ত অৱস্থাত থাকিব পাৰে। এই সুপ্ত অৱস্থাত থকা বীজাণুৱে কেতিয়াবা আমাৰ শৰীৰত হাৰ্পিছৰ ৰূপত ধৰা দিয়ে।

বসন্ত ৰোগৰ লক্ষণ

১। শৰীৰৰ উত্তাপ বৃদ্ধি হয়। এই ৰোগৰ লক্ষণ দেখা দিয়াৰ এসপ্তাহমানৰ ভিতৰত গুটিবোৰৰ ভিতৰত জমা হোৱা পানীখিনি শুকাবলৈ আৰম্ভ কৰে। এই ৰোগৰ লক্ষণে দেখা দিয়াৰ দুদিনমান আগৰ পৰাই এমে বীজাণুবিধে সকলোলৈকে বিয়পিবলৈ আৰম্ভ কৰে আৰু গুটিবোৰ শুকাবলৈ ধৰাৰ সময়ত ইয়াৰ প্ৰকোপ বেছি হয়।

এই ৰোগে দেখা দিলে পেটৰ বিষ, মূৰৰ বিষ, ভোক নলগা ইত্যাদি লক্ষণে দেখা দিয়ে।

সৰু-ডাঙৰ সকলো ব্যক্তিৰ দেহত এই ৰোগে দেখা দিব পাৰে। এই ৰোগৰ পৰা মানুহৰ কোনো বিপদ হোৱাৰ সম্ভৱনা নাথাকে যদিও এই ৰোগৰ পৰাই নিউমোনিয়া আদিৰ দৰে ৰোগেও দেখা দিব পাৰে। সাধাৰণতে সৰু ল’ৰা-ছোৱালীয়ে যদি এই ৰোগত আক্ৰান্ত হয়, তেন্তে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বর্তমান সময়ত কেঁচুৱা জন্মৰ পিছত এই ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰা হয়। সেয়ে আমি এনে ৰোগ হ'লে ডাক্তৰৰ পৰামৰ্শ লোৱাতো খুবেই জৰুৰী।

আমাৰ শৰীৰত আন এবিধ বসন্ত ৰোগে দেখা দিব পাৰে, সেইবিধ হৈছে সৰু আই। এই সৰু আইৰ আকৌ ভাগ দুটা-

১। জার্মান মিজলছ আৰু

২। ৰুবেলা।

উক্ত দুয়োবিধ আইৰ মাজত বিশেষ পার্থক্য দেখা নাযায়। এই ৰোগৰ বীজাণু । দেহত সংক্ৰমিত হোৱাৰ লগে লগে দেহ অস্বস্তিকৰ হ’বলৈ আৰম্ভ কৰে। কোনো কাম কৰিবলৈ মন নোযোৱা হয়। এই সৰু আই ৰোগ মেৰামিক্স ভাইৰাছৰ ফলত সৃষ্টি হয়। এই ভাইৰাছে দেহত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ দেহত কিছুমান লক্ষণ দেখা দিয়ে। যেনে— চৰ্দি লাগে, কাহ হয়, শৰীৰৰ উত্তাপ বৃদ্ধি পায় আৰু গাত ঘামচিৰ দৰে সৰু সুৰ গুটি ওলাবলৈ আৰম্ভ কৰে। ফলত ঠিকমতে খাবলৈ মন নোযোৱা, মন মাৰি থকা, কোনো কামৰ প্ৰতি অনিহা, এলাহ আদি ভাব জন্মে। ১২ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত ঘামচিৰ দৰে গুটিবোৰ ৰঙা হৈ গোটেই শৰীৰ, যেনে— হাত, মুখ, পিঠি, বুকুত বিয়পি পৰে। গুটিবোৰ নখজুৱায় যদিও অলপ পৰিমাণে পিৰপিৰাই থাকে। দুই-তিনি দিনমানৰ পিছত এইবোৰ পকি লাহে লাহে ছালবোৰ এৰাবলৈ ধৰে। বাকী লক্ষণসমূহ মাজু আইৰ দৰেই। আমি মাজু আইৰ দৰেই সকলো সাৱধানতা আৰু সতর্কতা মানি চলিব লাগে।

উৎস: জীৱন আৰু স্বাস্থ্য বিশেষ।

3.25714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top