মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এইচ আই ভি, এইডছ প্ৰাথমিক আৰু প্ৰয়োজনীয় কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এইচ আই ভি, এইডছ প্ৰাথমিক আৰু প্ৰয়োজনীয় কথা

এইচ আই ভি, এইডছ প্ৰাথমিক আৰু প্ৰয়োজনীয় কথা

 

এইচ আই ভিৰ ইতিহাস

 

চিকিৎসা বিজ্ঞানৰ উত্তৰোত্তৰ প্ৰগতি আৰু উৎকর্ষতাৰ কালজয়ী যুগতো এক কঠিন প্রাচীৰ তথা প্রত্যাহবানৰ নাম হৈ থিয় দিছে এইড্‌ছ নামৰ বহুচৰ্চিত ৰোগবিধ। নিৰবিচ্ছিন্ন গৱেষণা আৰু অধ্যয়নৰ পাছতো এই ৰোগৰ ওপৰত আধুনিক বিজ্ঞানৰ সম্পূর্ণ বিজয় আৰু নিয়ন্ত্রণ সম্ভৱ হোৱাগৈ নাই। তথাপি এই ৰোগ, প্রতিৰোধ ব্যৱস্থা আৰু আংশিক ফলপ্ৰসূ চিকিৎসাৰ দ্বাৰা কিছুখিনিলৈকে কাবু কৰিব পৰাৰ এক স্তৰ পাবগৈ পৰা হৈছে। হিউমেন ইমিউন ডেফিচিয়েন্‌ৰ্ছী (এইচ আই ভি) নামৰ ভাইৰাছবিধৰ যদি ইতিহাসলৈ জুমি চোৱা যায় তেনেহ’লে দেখা যাব যে এই ভাইৰাছৰ জন্ম হৈছিল কংগো প্ৰজাতন্ত্ৰৰ ডাঠ অৰণ্য এলেকাত পোৱা এবিধ চিম্পাঞ্জী শ্রেণীৰ প্ৰাণীৰ দেহত। আদি অৱস্থাত সেই ভাইৰাছবোৰক কোৱা হৈছিল ছিমিয়ান ইমিউন ডেফিচিয়েন্‌ছী ভাইৰাছ। চিম্পাঞ্জাবোৰে চিকাৰ কৰি আহাৰ হিচাপে গ্রহণ কৰা এবিধ সৰু প্রজাতিৰ বান্দৰৰ শৰীৰৰ পৰা তেনে ভাইৰাছ চিম্পাঞ্জীৰ ৰক্তলৈ আহিছিল। সেই সময়ত তেনেবোৰ ঠাইত বসবাস কৰা একাংশ মানুহে চিকাৰ কৰি চিম্পাঞ্জীৰ মাংস ভক্ষণ কৰোঁতে বা হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে দেহত হোৱা কটা-ছিঙাবোৰত আঘাতপ্রাপ্ত চিম্পাঞ্জীৰ তেজ লাগি সেই ছিমিয়ান শ্ৰেণীৰ ভাইৰাছ মানৱ দেহত পোনপ্ৰথমে প্রবেশ কৰে। ক্ৰমবিকাশ হৈ পাছলৈ এইচ আই ভি ভাইৰাছৰ উদ্ভৱ হয়গৈ। সেয়া প্রায় ১৯২০ চনমানৰ কথা। তেনে সময়ত হাইটি নামৰ দেশখনৰ ভালেমান মানুহ কৰ্মসূত্ৰে কংগো দেশলৈ আগমন হৈছিল। তাৰ পৰিণতিত সেই আক্রান্ত একাংশ মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলত হাইটিৰ পৰা যোৱা বহু লোকৰ দেহলৈ ভাইৰাছৰ আগমন হ'বলৈ ধৰে। কালক্ৰমত তেনেকৈয়ে মানুহৰ প্ৰৱজন আৰু ঔপনিবেশিক যাতায়াতৰ ফলত বিশ্বৰ আন আন প্রান্তলৈ এই ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে পাঁচোখন মহাদেশ আৱৰি ধৰে। সেই সময়ৰ পৰাই দৰাচলতে বহু ৰোগী এইচ আই ভিৰ গৰাহত পৰে আৰু অতি নীৰৱে আৰু নিৰ্ধাৰণ নোহোৱাকৈয়ে মৰণ পথলৈ গতি কৰে। ১৯৮০ চনমানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাঁচজন সমকামী ব্যক্তিৰ দেহত প্রথমবাৰৰ কাৰণে এই জীৱাণু ধৰা পেলোৱা হয়। ভাৰতবৰ্ষত আকৌ ১৯৮৬ চনত মুম্বাই আৰু চেন্নাইৰ দুগৰাকী যৌনকৰ্মীৰ শৰীৰত প্রথম এই ৰোগৰ জীৱাণু থকা কথাটো নিশ্চিত কৰা হয়।

 

এইচ আই ভিৰ আক্ৰমণ

 

এইচ আই ভি ভাইৰাছে আক্ৰমণ কৰিলেনো হয় কি? সেই কথালৈ যোৱাৰ আগতে কৈ লোৱা ভাল যে আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ব্যৱস্থাটো মূলতঃ নিৰ্ভৰ কৰে শ্বেত ৰক্তকণিকাবিলাকৰ ওপৰত। তেনে এবিধ কণিকাৰ নাম হ'ল টি লিমফোচাইট বা হেলপাৰ চেল। এইড্‌ছ ৰোগৰ ভাইৰাছবিলাকে মূলতঃ এই কোষবোৰকে আক্ৰমণৰ কেন্দ্ৰ কৰি লয়। তেনে কোষৰ বৰঘৰত সোমাই ভাইৰাছবিলাকে নিজৰ বংশ ফালি-ছিৰি ওলাই আহি আন এচাম নতুন লিমফোচাইটক ডকাহক দিবলৈ আৰম্ভ কৰে। এই প্রক্রিয়া নিৰন্তৰ গতিত চলিবলৈ ধৰে দুর্বল ভাবে। ভাইৰাছৰ এনে আকস্মিক আক্ৰমণত সহায়কাৰী লিমফোচাইতবিলাকৰ সংখ্যা আৰু শক্তি হ্রাস হ’বলৈ ধৰে। এই কোষবিলাকৰ সংখ্যা যিমানে লোপ পায়, সিমানেই দেহৰ ৰোগ প্রতিৰোধ ব্যৱস্থা ধৰাশায়ী হ’বলৈ ধৰে আৰু শৰীৰটোত বিভিন্ন জীবাণু আৰু টিউমাৰৰ সম্ভাবনা বাঢ়িবলৈ ধৰে। প্রতিৰোধক প্রণালীটোৰ সম্পূর্ণ কঁকাল ভাগি পৰিবলৈ বেছ কিছু বছৰৰ প্রয়োজন হ’ব পাৰে। সেইবাবেই এইচ আই ভিৰ দ্বাৰা সংক্রমিত হ’লেও এজন ৰোগীৰ দেহত বিভিন্ন উপসর্গ দেখা দিবলৈ কমেও দহৰ পৰা পোন্ধৰ বছৰ দৰকাৰ হ’ব পাৰে, যদিহে চিকিৎসা লোৱা নাযায়। খুব কমসংখ্যক ৰোগীয়েহে তিনি-চাৰি বছৰৰ ভিতৰতে ৰোগাৱস্থালৈ গতি কৰে। পূৰ্ণাংগ ৰোগাৱস্থাটোকহে বোলা হয়। এইড্‌ছ (Acquired Immune Deficiency Syndrome)। অর্থাৎ এইচ আই ভি সংক্রমণ মানেই এইড্‌ছ হৈছে বোলা কথাষাৰ সমার্থক নহয়। আধুনিক চিকিৎসাৰ দ্বাৰা তেনে ৰোগাৱস্থালৈ যোৱাৰ সময় পর্যাপ্তভাৱে দীঘলীয়া কৰি ৰাখি ৰোগীক সংক্ৰমণৰ পৰা দূৰৈত ৰাখিব পৰা যায়।

সংক্ৰমণৰ পথ

 

  • আক্ৰান্ত ৰোগীৰ তেজ, শৰীৰৰ বিভিন্ন নিঃসৰণ, দুগ্ধ আদিত ভাইৰাছৰ পয়োভৰ হয়। যদি তেনে ব্যক্তিৰ সৈতে কোনো প্রতিৰোধক অবিহনে যৌন সম্পর্ক ৰখা হয় তেনেহ’লে ৰোগৰ জীৱাণু আনজন ব্যক্তিৰ দেহলৈ যাব পাৰে। আজিকালি মুক্ত যৌনাচাৰ আৰু মূল্যবোধৰ অবনতিৰ বাবেই, যৌন পন্থাৰে এই ৰোগ বিয়পাৰ মাত্রা বাঢ়িছে।
  • একাংশ নিচাযুক্ত দৰবৰ অভ্যাসত ভোগা মানুহে, বেজী বা চিৰিঞ্জৰ জৰিয়তে তেনে নিচাযুক্ত দৰব ধমনীত ভৰাই লওঁতে একেটা বেজীকেই নিজৰ সংগীসকলৰ মাজত ভগাই লোৱাৰ ফলতো, তেনে বেজীৰ আগত লাগি অহা ৰক্ত কণিকাৰ যোগেদিও ভাইৰাছৰ কণিকা এজনৰ পৰা আনজনৰ শৰীৰত সোমাবগৈ পাৰে।
  • কেতিয়াবা অসাৱধানৱশতঃ আক্ৰান্তব্যক্তিৰ শৰীৰত প্রয়োগ হোৱা বেজী, ছুৰী আদিৰ পৰা হোৱা খোঁচ বা কটা-ছিঙাৰ দ্বাৰাও জীৱাণু বিয়পিব পাৰে। বিশেষকৈ আক্রান্ত ৰোগীৰ চিকিৎসা সেৱাৰ সৈতে সংলগ্ন ব্যক্তিৰ শৰীৰত এনে ধৰণেৰে হোৱা সংক্ৰমণৰ নজিৰ আছে।
  • কেতিয়াবা প্রমাদৱশতঃ বা অৱহেলাৰ হেতু  সংক্ৰমিত ৰক্ত যদি আন ৰোগীৰ দেহত সংবহন কৰা হয় তেনেহ’লে নিশ্চিতভাবে ব্যক্তিজন এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হ’ব। ৰক্ত সংবহনৰ ভুলৰ কাৰণে হোৱা এইচ আই ভি সংক্ৰমণৰ দুৰ্ভাগ্যজনক ঘটনা এইখন অসমতে ঘটিছে।
  • এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত মাকৰ দুগ্ধ যদি তেওঁৰ সন্তানে পান কৰে তেতিয়াও ৰোগৰ জীৱাণু সৰবৰাহ হোৱাৰ সম্ভাৱনা থাকে।
  • এনে মাধ্যামবিলাকৰ বাহিৰে আন মাধ্যম যেনে স্পর্শ কৰা, একেলগে শোৱা, কাপোৰ-কানি আদান-প্রদান কৰা, একেখন থালিলে খোৱা-বোৱা কৰা, একেখন ঘৰতে থকা মেলা কৰা ইত্যাদিৰ দ্বাৰা এই ৰোগ বিয়পাৰ সম্ভাৱনা নাথাকে। দুৰ্ভাগ্যবশতঃ বহু লোকেই এনে কথাবোৰক লৈ সংশয় আৰু ভীতিগ্ৰস্ততাত ভোগে আৰু ৰোগীকো অবজ্ঞাৰ চকুৰে চায়। এনে ভাবধাৰাবোৰ তিলমানো বিজ্ঞানসন্মত নহয়।

প্রাৰম্ভিক লক্ষণ

 

  • জীৱাণুৰ প্ৰাৰম্ভিক প্রৱেশৰ সময়ত কেতিয়াবা কেতবোৰ লঘু উপসর্গই দেখা দিব পাৰে।
  • সামান্য জ্বৰ উঠা, হাত-ভৰিৰ পেশীৰ বিষ হোৱা, ভোক নলগা, গাঙঠি উঠা, ছালত সৰু সৰু গুটি উঠা ইত্যাদি।
  • এনে উপসৰ্গবোৰ সংক্ৰমণৰ তিনি-চাৰি সপ্তাহমানত দেখা দি এসপ্তাহ মানতে নিজে নিজে নোহোৱা হয়।
  • তাৰ পাছৰ পর্যায়ত ৰোগীৰ বিশেষ উপসর্গ দেখা নাযায় যেতিয়ালৈকে শৰীৰৰ ৰোগ প্রতিৰোধী ব্যবস্থা অকামিলা হৈ নপৰে। যি সময়ত তেনে ব্যবস্থা ভাগি পৰিবলৈ আৰম্ভ কৰে তেতিয়া পর্যায়ক্ৰমে বিভিন্ন ৰোগৰ সংক্রমণে দেথা দিবলৈ ধৰে।
  • বিভিন্ন সুযোগ-সন্ধানী বেক্টেৰিয়া, ভেঁকুৰ আৰু ভাইৰাছৰ উপৰ্যুপৰি আঘাতত শৰীৰ ক্ৰমাৎ দুর্বল হ’বলৈ ধৰে।
  • তদুপৰি বিভিন্ন টিউমাৰ শ্রেণীৰ অসুখেও মূৰ দাঙি উঠে। প্রায়বিলাক সংক্ৰমণৰ তীব্রতা আৰু প্রভাৱ স্বাভাবিক অৱস্থাতকৈ অধিক আগ্ৰাসী আৰু মাৰাত্মক হয়।
  • ভূতৰ ওপৰত দানহ পৰাদি সংক্রমণকাৰী জীৱাণুবিলাকৰ অধিকাংশই আকৌ দৰকাৰ প্রতি অপ্রতিক্রিয়াশীল অর্থাৎ ৰেজিষ্টেন্ট। এনে আক্ৰমণবোৰৰ প্ৰভাৱ লাহে লাহে শৰীৰৰ গুৰুত্বপূর্ণ অংগবোৰত পৰিবলৈ ধৰে।
  • উপযুক্ত চিকিৎসা অবিহনে ৰোগীৰ অৱস্থা ক্ৰমশ: বেয়াৰ ফাললৈ গতি কৰে।
  • মন কৰিবলগীয়া কথাটো হ'ল যে এইডছ ৰোগীৰ শাৰীৰিক সমস্যাখিনি পোনপটীয়াকৈ এইচ আই ভিৰ কাৰণে নহৈ আন সংক্ৰমণবোৰৰ কাৰণেহে দৰাচলতে হয়।

ৰোগ চিনাক্তকৰণ

 

  • এইচ আই ভি সংক্রমণ ধৰা পেলোৱাৰ নিমিত্তে এলাইজা শ্রেণীৰ যি টেষ্ট ব্যৱহাৰ কৰা হয় সেই পদ্ধতিৰে তেজত জমা হোৱা ভাইৰাছ বিৰোধী এণ্টিবডিৰ মাত্রা নিৰ্ধাৰণ কৰা হয়। কিন্তু এনে এন্টি’বডি তেজত উৎপন্ন হ’বলৈকো প্রায় ত্রিশৰ পৰা নব্বৈ দিনৰ প্রয়োজন হয়। এই সময়কণক কোৱা হয় উইনড’ পিৰিয়ড। অৰ্থাৎ এই সময়ৰ আগতে তেজত এণ্টি’বডি ধৰা পেলোৱা সম্ভৱ নহয়। সেই হেতুকে খুব প্রাৰম্ভতে এনে টেষ্ট কৰিলে তিনি মাহৰ পাছত আকৌ এবাৰ কৰিলেহে পূর্ণ শতাংশ নিশ্চিত হ’ব পৰা যায়। উইনড’ পিৰিয়ডত ৰোগ ধৰা পেলাবলৈ উন্নত কেন্দ্র কিছুমানত, পি চি আৰ নামৰ পদ্ধতি প্রয়োগ কৰি তেজত থকা এইচ আই ভি ভাইৰাছৰ জিনীয় অংশবিশেষ ধৰা পেলাই ৰোগ নিৰ্ধাৰণ কৰিব পৰা যায়। প্রাৰম্ভিক স্তৰত ধণাত্মক ফলাফল দেখুৱালে পুনৰ এটা নিশ্চিতি প্রদানকাৰী টেষ্টৰ দ্বাৰাহে সংক্ৰমণ হোৱাটো খাতাং কৰা হয়।

গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত

এইচ আই ভি সংক্ৰমিত গৰ্ভৱতী মহিলাৰ পৰা গৰ্ভস্থ সন্তানৰ দেহলৈ ৰক্তৰ যোগেদি ভাইৰাছ প্রবাহিত হ’ব পাৰে। সেইদৰে প্ৰসৱৰ সময়তো ভাইৰাছ বিয়পাৰ উপৰি জন্মৰ পাছত দুগ্ধ দান কৰাৰ সময়তো গাখীৰৰ মাধ্যমতো এই ৰোগৰ ভাইৰাছ শিশুৰ গালৈ যাব পাৰে। কিন্তু সুখৰ কথা এয়ে যে যদি গৰ্ভৱতী মহিলাই গর্ভাৱস্থাত সঠিক আৰু সম্পূর্ণভাবে এণ্টি ৰেট্ৰ'ভাইৰাছ থেৰাপি অর্থাৎ দৰব সেৱন কৰে, তেনেহ'লে তেজত ভাইৰাছৰ পৰিমাণ অতি নগণ্য হৈ পৰাৰ ফলত বহু সময়ত গৰ্ভস্থ সন্তান সংক্রমিত নোহোৱাকৈ সাৰি যোৱা সম্ভাৱনাও থাকে।

চিকিৎসা ব্যৱস্থা

 

এইচ আই ভি ভাইৰাছৰ সংখ্যা নবঢ়াকৈ,  শৰীৰৰ সহায়কাৰী টি লিমফোচাইটৰ শক্তি বৰ্তাই ৰাখি দেহৰ ৰোগ প্রতিৰোধী সামর্থ দীর্ঘ সময়ৰ কাৰণে অটুট ৰখাৰ উদ্দেশ্যৰে চৰকাৰীভাৱে প্রদান কৰা এণ্টি ৰেট্রভাইৰেল থেৰাপিৰ অন্তর্গত কেইবাবিধো দৰবৰ সফল প্রয়োগ কৰা হয়। তাৰ মাজে মাজে তেজত সহায়কাৰী টি লিমফোচাইতৰ সংখ্যা গণনা কৰি চিকিৎসাৰ প্রভাবৰো খতিয়ান লৈ থকা হয়। ই এক দীঘলীয়া পৰিক্ৰমা। ইয়াৰ জৰিয়তে ৰোগীক এটা স্বাভাৱিক আৰু দীঘলীয়া জীৱন দান কৰিব পৰাটো চিকিৎসা বিজ্ঞানৰ এক সফলতা বুলিব পাৰি। একোজন ৰোগীক এনে চিকিৎসা প্ৰদান কৰোঁতে বার্ষিক প্রায় আশী-নব্বৈ হাজাৰ টকা খৰচ হোৱা কথাটোহে ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশৰ বাবে ডাঙৰ প্রত্যাহ্বান।

প্ৰসাৰতা ৰোধৰ বাবে সজাগতা

 

এই ৰোগৰ প্ৰসাৰত ৰোধ কৰিবৰ নিমিত্তে উপযুক্ত যৌনজ্ঞান আৰু সজাগতামূলক ব্যবস্থা সম্পৰ্কে ৰাইজক অৱগত কৰা নিতান্তই দৰকাৰী কথা। স্কুল স্তৰতে নূন্যতম বিজ্ঞানসন্মত জ্ঞানকণ যদি শালীনতাৰ গণ্ডীৰ ভিতৰত থাকি দিব পৰা যায়, তেন্তে তাৰ ফল হ’ব সুদূৰপ্ৰসাৰী।

  • কনডমৰ দৰে প্ৰতিৰোধী ব্যৱস্থা সম্বন্ধে মানুহক দ্রুত গতিত সজাগ কৰাৰ প্রয়াস চলি আছে। বিশেষভাবে ট্রাক চালক, ভ্ৰাম্যমাণ শ্ৰমিক, নিচাগ্ৰস্ত ব্যক্তি, যৌনকৰ্মীৰ মাজত কনডম জাতীয় বস্তুৰ উপযোগিতা সম্পর্কে জ্ঞানৰ প্ৰসাৰতাৰ খুবেই প্রয়োজন।
  • তেনেকৈ নিচাগ্রস্ততাৰ পৰা মুক্তিৰ দিশতো কৰণীয় আছে। বাহিৰৰ বহু দেশৰ দৰে যৌনকর্মীৰ নিয়মিত বসতিপ্রধান এলেকাত চৰকাৰীভাবে নিয়মীয়াকৈ স্বাস্থ্য বিধিৰ প্ৰচাৰ আৰু স্বাস্থ্য সেবা প্রদান কৰা যুগুত। অতি আধুনিক জীবন চর্যাৰ অভিশাপ অবাধ আৰু মুক্ত যৌনাচাৰৰ কদৰ্য জগতখনক লেকাম লগাবলৈ মূল্যবোধ আৰু সুসংস্কাৰপূৰ্ণ জীৱনৰ দিশে নতুন প্রজন্মক ধাৱমন কৰাটো সময়ৰ আহ্বান।
  • এইড্‌ছ সম্বন্ধে বর্তি থকা সামাজিক অন্ধবিশ্বাস আৰু বৈষম্যবোৰৰো অন্ত পেলাব লাগিব।
  • এইচ আই ভি কেৱল ব্যাভিচাৰ, সমকামিতা, নিচাগ্রস্ততাৰ কাৰণেই হয় বুলি থকা ভুল ধাৰণাটো আঁতৰ হ’ব লাগিব।
  • এইচ আই ভি সংক্রমিত ব্যক্তিৰ সৈতে পৰিয়ালত একেলগে বাস কৰা, একেলগে বিদ্যালয়লৈ যোৱা, চাকৰি-বাকৰি কৰা,  বিয়াই-সবাহ খোৱা যে সমূলি শংকাৰ কাৰণ নহয়, সেই বাৰ্তা জনমানসলৈ যোৱাটো খুবেই প্রয়োজনীয়।
  • পৰিয়ালৰ ভিতৰতো আক্ৰান্ত ব্যক্তিক সংক্ৰমণৰ কথা লুকুৱাবলৈ প্ৰৰোচিত কৰা, মুকলিভাবে চিকিৎসা গ্রহণ নকৰিবলৈ হেঁচা দিয়া দুৰ্ভাগ্যজনক। প্রয়োজন হ'লে সংক্ৰমিত ব্যক্তিয়ে সম্মুখীন হোৱা বৈষম্য আৰু অত্যাচাৰ ৰোধ কৰিবলৈ আইনগত ব্যৱস্থাৰো সহায় ল’ব লাগিব। তেনেকৈ বহু চিকিৎসা প্রদানকাৰী অনুষ্ঠান বা ব্যক্তিয়ে এইচ আই ভি সংক্ৰমিত লোকক উপযুক্ত চিকিৎসা দিবলৈ অপাৰগতা আৰু ইতস্ততঃ ৰোধ কৰিলে আইনগত ব্যৱস্থাৰ আশ্রয় ল’ব লগা হ’ব পাৰে।

মূল কথা হ’ল পর্যাপ্ত সাৱধানতাৰে এইচ আই ভিক ৰোধ কৰিব পৰা যায়। লাগে মাথোঁ বিজ্ঞানসন্মত মানসিকতা। তেনেদৰে উপযুক্ত চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। লগতে প্রয়োজন হয় আক্ৰান্ত ৰোগীক সমাজৰ এজন ব্যক্তি হিচাপে প্রাপ্য সন্মান আৰু অধিকাৰেৰে এটা সুন্দৰ জীৱন উপভোগৰ নিমিত্তে সমাজৰ প্ৰতিজন ব্যক্তিৰে অকণমান সহযোগিতা স্নেহ আৰু সাহচর্যৰ।

 

লেখক: ডাঃ প্রাঞ্জলিজ্যোতি দত্ত, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৰ্মৰোগ বিভাগৰ সহকাৰী অধ্যাপক।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top