মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এইডছ কি? আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এইডছ কি? আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা:

এইডছ কি? আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা লিখা হৈছে

 

এইচ.আই.ভি. বুলিলে আমি কি বুজো?

‘এইচ’ মানে ‘ইমিউন’। এইবিধ ভাইৰাছ অকল মানুহৰ দেহলৈ সংক্ৰমিত হয়। অৰ্থাৎ ইমিউনোডেফিচিয়েন্সি। এইচ.আই.ভি.য়ে দেহৰ ৰোগ প্ৰতিৰোধী কোষবোৰক ধ্বংস কৰি পেলায়। ‘ভি’ৰ অৰ্থ ‘ভাইৰাছ’। এই ভাইৰাছবিধে মানৱ দেহৰ কোষ এটাক ধ্বংস কৰি নিজৰ বংশবৃদ্ধি কৰিব পাৰে। উল্লেখ্য যে ‘হিউমেন ইমিউনো ডেফিচিয়েন্সি ভাইৰাছ’ আন ভাইৰাছবোৰৰ দৰে একে। কিন্তু মূল পাৰ্থক্যটো হৈছে আন আন ভাইৰাছবোৰৰ আক্ৰমণৰ পৰা দেহটোৱে ৰক্ষা পালেও এইচ.আই.ভি. ভাইৰাছৰ পৰা ৰক্ষা পাব নোৱাৰে। ইয়াৰ কাৰণ বৰ্তমানো বৈজ্ঞানিকসকলে প্ৰমাণ কৰিব পৰা নাই। উল্লেখ্য যে দেহৰ কোষত এইচ.আই.ভি. বীজাণু সোমাই থাকি প্ৰতিৰোধী ‘T’ কোষ আৰু ‘CD4’ কোষবোৰক আক্ৰমণ কৰে। ফলত কোষবোৰে সংক্ৰমণ ৰোধ কৰিব নোৱাৰে। এইচ.আই.ভি.ৰ সংক্ৰমণে এইডছ ৰোগৰ সৃষ্টি কৰে।

এইডছ কি?

‘A’ হৈছে Acquired। অৰ্থাৎ এইডছ ৰোগ পিতৃ-মাতৃৰ পৰা জন্মগতভাৱে লাভ কৰিব পাৰে।‘I’- ইমিউনো, ৰোগ প্ৰতিৰোধ, ‘D’ ডেফিচিয়েন্সি, অভাৱ ঘটা। ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পায়, ‘S’ ছিণ্ড্ৰম, ৰোগৰ লক্ষণ।

এইডছ ৰোগ হৈছে মাৰাত্মক ৰোগ। এইচ.আই.ভি. সংক্ৰমণৰ শেষ পৰ্যায় হৈছে এইডছ। এইডছ আক্ৰান্ত লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে নষ্ট হয় আৰু ৰোগীৰ সুবিধাবাদী বীজাণুৰ সংক্ৰমণৰ বাবে বিপদ বাঢ়ি যায়। এইডছ আক্ৰান্ত ৰোগীক মৃত্যুৰ পৰা বচাবলৈ চিকিৎসা প্ৰদান কৰিব লগা হয়।

এইচ.আই.ভি.ৰ উৎপত্তি ক’ৰ পৰা?

পশ্চিম আফ্ৰিকাৰ এবিধ বিশেষ চিপাঞ্জীৰ দেহৰ ;পৰা এইচ.আই.ভি. ভাইৰাছ অহা বুলি বৈজ্ঞানিকসকলে বিশ্বাস কৰে। এই চিপাঞ্জীৰ মাংস খোৱাৰ পিছত এইচ.আই.ভি. মানুহৰ দেহলৈ বিয়পা বুলি অনুমান কৰা হয়। আৰু এয়া ১৮০০ চনৰ পিছত ঘটিছিল।

সমগ্ৰ বিশ্বত এইডছ আক্ৰান্ত ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। শেহতীয়াকৈ এইচ আই ভি/এইডছ আক্ৰান্ত লোকৰ সংখ্যা ৩৬.৬ নিযুতৰ অধিক হ’ব। ১৯৮১ চনত প্ৰথমজন এইডছ ৰোগীৰ মৃত্যুৰ পিছত বৰ্তমানলৈ ২৬ নিযুতৰ অধিক লোক এইডছ ৰোগত মৃত্যুমুখত পৰিছে। উল্লেখ্য যে সমগ্ৰ বিশ্বৰ এইডছ আক্ৰান্ত ৰোগীসকলৰ তথ্য গোটাই জানিব পৰা গ’ল যে ৯৭ শতাংশ এইচ আই ভিত আক্ৰান্ত লোকেই কম আয়ৰ দেশবোৰৰ বাসিন্দা।

বিশ্ব এইডছ দিৱস উপলক্ষে ইউ এন এইডছ(United Nations Programme on HIV/AIDS)এ মুঠ ২৫খন দেশৰ ওপৰত এক সমীক্ষা চলাইছিল। সমীক্ষাটোত কোৱা হৈছে যে ২০১১ চনৰ পৰা উক্ত দেশকেইখনত এইচ.আই.ভি. সংক্ৰমিত লোকৰ সংখ্যা কমাই আনিব পৰা গৈছে।

যোৱা দুটা বছৰত নৱজাতক শিশুসকলৰ মাজত সংক্ৰমণ আধালৈ কমাই আনিব পৰা গৈছে। আনহাতে আটাইতকৈ বেছি এইচ.আই.ভি. ৰোগী থকা দেশবোৰতো ২০১১ চনৰ পৰা এইচ.আই.ভি. আক্ৰান্ত লোকৰ সংখ্যা কমাই অনাত সফলতা পোৱা গৈছে।

এইচ.আই.ভি.ৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ দেশবোৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ছটা বছৰত আফ্ৰিকাত এইডছ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ এক-তৃতীয়াংশ কমাই আনিব পৰা গৈছে। আনহাতে যোৱা দুবছৰত ৫৯ শতাংশ লোকক এন্টি-ৰেট্ৰোভিৰেল চিকিৎসা প্ৰদান কৰা সম্ভৱ হৈছে। ২০১১ চনলৈ এন্টি-ৰেট্ৰোভিৰেল থেৰাপি লৈ ৮ নিযুতৰ অধিক লোক জীয়াই আছিল। ২০০৯ চনৰ পৰা ২০১১ চনলৈ এইচ আই ভি চিকিৎসা কৰা লোকৰ সংখ্যা ৬৩ শতাংশলৈ বৃদ্ধি পাইছে। ১০খন অনুন্নত দেশৰ ৮০ শতাংশৰো অধিক লোকে এন্টি-ৰেট্ৰোভিৰেল থেৰাপি লোৱাৰ সুবিধা পাইছে। আনহাতে এইচ.আই.ভি.ত আক্ৰান্ত ৭২ শতাংশ শিশুৱে কিন্তু উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে। ইউ এন এইডছৰ তথ্য অনুসৰি শিশুৰ ওপৰত এইচ আই ভিৰ সংক্ৰমণ কমাই অনাত সফলতা পোৱা গৈছে। যোৱা দুবছৰত শিশুৰ ওপৰত সংক্ৰমণ ২৪ শতাংশ কমাই অনা হৈছে।

একেদৰে এন্টি-ৰেট্ৰোভিৰেল থেৰাপিৰ সহায়ত এইডছ আক্ৰান্ত ৰোগীত জীৱন ৰক্ষা কৰিব পৰা গৈছে। সমগ্ৰ বিশ্বত এই থেৰাপি লোৱা ৰোগীৰ সংখ্যা ৬৩ শতাংশ বাঢ়িছে।

ইউ এন এইডছৰ সমীক্ষাটোত কোৱা হৈছে যে এইডছ ৰোগীৰ যক্ষ্মা হৈ মৃত্যু হোৱাৰ পৰিমাণ কমাই আনিব পৰা গৈছে। ২০০৪ চনৰ তুলনাত ইয়াৰ হাৰ ২৫ শতাংশ কম। যোৱা দুটা বছৰত এই মৃত্যুৰ হাৰ কমিছে ১৩ শতাংশ। সমীক্ষাটোত লগতে কোৱা হৈছে যে যক্ষ্মা আৰু এইচ আই ভি থকা লোকক শীঘ্ৰে এন্টি-ৰেট্ৰোভিৰেল থেৰাপি দিলে যক্ষ্মা ৰোগ সোনকালে ভাল হোৱাৰ লগতে এইচ আই ভিলৈয়ো জীয়াই থাকিব পাৰে।

উল্লেখ্য যে ৩৪ নিযুত এইচ আই ভি আক্ৰান্ত লোকৰ আধা সংখ্যকে কিন্তু এইচ আই ভিত আক্ৰান্ত বুলি জ্ঞাত নহয়। এই লোকসকলে এই আই ভি আক্ৰান্ত বুলি জানিব পাৰিলে বহুলোককে চিকিৎসা প্ৰদান কৰিব পৰা গ’লহেতেন।

কিন্তু এইডছ ৰোগ সন্দৰ্ভত সজাগতা, চিকিৎসা আদিয়ে আজিও চুব পৰা নাই যৌনকৰ্মীসকলক। ইয়াৰ ভিতৰত সমকামী আৰু ড্ৰাগছ লোৱা লোকসকলো পৰে। ২০১২ চনৰ তথ্য অনুসৰি বেজীৰে ড্ৰাগছ লোৱা লোকৰ এইডছ/এইচ আই ভি হোৱাৰ প্ৰকোপ পাকিস্তান আৰু ইণ্ডোনেছিয়াত ২৫ শতাংশ আৰু ৩৫ শতাংশৰো বেছি। বাংলাদেশত এই সংখ্যা কম। মাথোঁ ২ শতাংশ। এইচ আই ভি থকা লোকৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক হ’লে এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ ঘটে। সাধাৰণতে যৌন সম্পৰ্কৰ সময়ত কনডম ব্যৱহাৰ নকৰিলে এই ৰোগ বিয়পে।

তলত দিয়া নিয়মবোৰ মানি চলিলে যৌন সম্পৰ্কৰ দ্বাৰা এইচ আই ভিৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাথাকে।

  • এইচ আই ভি লোকৰ সৈতে যৌন সম্পৰ্ক নকৰিব।
  • বহুগামী নহ’ব। মাথোঁ এজন সংগীৰ সৈতে যৌন ওসম্পৰ্ক হ’লে এইচ আই ভি সংক্ৰমিত হোৱাৰ সম্ভাৱনা নাথাকে।
  • যৌন সম্পৰ্কৰ পূৰ্বে পুৰুষ বা মহিলাগৰাকী এইচ আই ভি আক্ৰান্ত নেকি, সেয়া জানি ল’ব।
  • সদায় যৌন সম্পৰ্কৰ সময়ত কনডম ব্যৱহাৰ কৰিব। ইয়াৰ উপৰি কনডম ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ’ব। লেটেক্স কনডমে এইচ আই ভি বীজাণু সহজে প্ৰতিৰোধ কৰিব পাৰে। লেমবিস্কন কনডমে এইচ আই ভি প্ৰতিৰোধ কৰিব নোৱাৰে। সেয়ে কনডম ব্যৱহাৰ কৰাৰ সময়তো সাৱধান হ’ব।

পুৰুষ আৰু মহিলা উভয়ে ব্যৱহাৰ কৰা কনডমে এইচ আই ভি আৰু যৌন সম্পৰ্কৰ দ্বাৰা খোৱা যিকোনো সংক্ৰমণ ৰোধ কৰে। কিন্তু মনত কনডমে যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত ৰোগ ১০০ শতাংশই প্ৰতিৰোধ কৰিব নোৱাৰে।

সকলো ধৰণৰ যৌন সম্পৰ্ক নিৰাপদ হোৱা উচিত। ইয়ে এইচ আই ভি, যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত ৰোগ হোৱাৰ সম্ভাৱনা কমাই আনে। তলত কেইটিমান যৌন সম্পৰ্কৰ কথা উল্লেখ কৰা হ’ল, যিয়ে এইচ আই ভি সংক্ৰমণ ঘটোৱাৰ সম্ভাৱনা থাকে।

যৌন সম্পৰ্ক ঘটিলে মহিলাৰ ক্ষেত্ৰত:

  • কনডম অবিহনে যৌন সম্পৰ্ক ঘটিলে এইচ আই ভি সংক্ৰমণ ঘটে।
  • যৌন সম্পৰ্কৰ সহায়ত পুৰুষৰ পৰাহে মহিলালৈ বেছিকৈ এইচ আই ভি বিয়পে।
  • যদি মহিলাগৰাকীৰ যৌন ৰোগ আছে তেতিয়াহ’লে পুৰুষজনৰ যৌনৰোগ হোৱাৰ সম্ভাৱনা অধিক।
  • মহিলাসকলে ব্যৱহাৰ কৰা কনডমেও এইছ আই ভি ৰোধ কৰে।

পুৰুষৰ ক্ষেত্ৰত:

  • যৌন সম্পৰ্কৰ সময়ত সদায় নতুন কনডম ব্যৱহাৰ কৰিব।
  • কিছুমান যৌন ৰোগৰ লক্ষণ গম পোৱা নাযায়। ফলত তেনে মহিলাৰ সৈতে কনডম অবিহনে যৌন সম্পৰ্ক কৰিলে এইচ আই ভি সংক্ৰণ ঘটে।

অ’ৰেল ছেক্স:

মহিলাৰ ক্ষেত্ৰত:

  • অ’ৰেল ছেক্সৰ বাবেও পুৰুষজনৰ পৰা এইচ আই ভি বিয়পে।
  • Chlamydia, গ’নোৰিয়া আদি যৌন ৰোগ হ’ব পাৰে।
  • মুখৰ ঘা থাকিলে এইচ আই ভি সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক থাকে।
  • অ’ৰেল ছেক্সৰ সময়ত কনডম ব্যৱহাৰ কৰিলে যৌন ৰোগ হ’ব নোৱাৰে।

পুৰুষৰ ক্ষেত্ৰত:

  • মহিলাগৰাকীৰ যৌনাংগত এইচ আই ভি বীজাণু থাকিলে, অ’ৰেল ছেক্সৰ দ্বাৰা পুৰুষজন সংক্ৰমিত হয়।
  • যৌন ৰোগ বিয়পি পৰাৰ সম্ভাৱনা থাকে।
  • অ’ৰেল ছেক্স কৰাৰ সময়ত প্লাষ্টিক ৰেপ ব্যৱহাৰ কৰিব।

উল্লেখ্য যে ছেক্স টয়জ ব্যৱহাৰ কৰাটো নিৰাপদ যদিও ছেক্স টয়জ আনক নিদিব। আনৰ পৰা আনি ব্যৱহাৰ কৰিলে কনডম ব্যৱহাৰ কৰিব আনহাতে ছেক্স টয়জ ব্যৱহাৰ কৰাৰ সময়ত সদায় ভালদৰে ধুই ল’ব।

তলত দিয়া কাৰ্যবোৰৰ দ্বাৰা এইচ আই ভি সংক্ৰমিত নহয়:

  • যৌন উত্তেজক বাৰ্তালাপ।
  • সাধাৰণভাৱে চুম্বন কৰিলে।
  • স্ব-মৈথুন।
  • সাবটা-সাবটি কৰিলে।

যোৱা কেইবাবছৰ ধৰি পুৰুষৰ চুণ্ণৎ কাৰ্যৰ দ্বাৰা এইড আই ভি সংক্ৰমণ ৰোধ কৰিব পৰা যায় নে নাযায় এই লৈ চিকিৎসকসকলে গৱেষণা চলাই আছে। গৱেষকসকলে চুণ্ণৎ কাৰ্যৰ দ্বাৰা এইচ আই ভি সংক্ৰমণ ৰোধ কৰিব পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ২০০৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই পুৰুষৰ চুণ্ণৎ কাৰ্যৰ দ্বাৰা ৬০ শতাংশ এইচ.আই.ভি. সংক্ৰমণ ৰোধ কৰিব পৰা যায় বুলি এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল। উগাণ্ডা, কেনিয়া আৰু দক্ষিণ আফ্ৰিকাত এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই সমীক্ষা চলাইছিল।

শেহতীয়াকৈ জানিব পৰা গৈছে যে পুৰুষৰ চুণ্ণৎ কৰিলেও এইচ আই ভি আক্ৰান্ত হ’লে মহিলাগৰাকীও এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।

এইচ আই ভি আক্ৰান্ত লোকৰ চিকিৎসা সম্ভৱনে?


পূৰ্বে এই ৰোগৰ কোনো চিকিৎসা নাছিল যদিও বৰ্তমান ৰোগীগৰাকীক চিকিৎসা প্ৰদান কৰি জীয়াই ৰখাটো সম্ভৱপৰ হৈছে। এইচ আই ভি ৰোগীক ভালকৈ চোৱা-চিতা কৰিব লাগে। ইয়াৰ বাবে চিকিৎসক, নাৰ্ছ, সমাজকৰ্মী, মনোবিদ, ফাৰ্মাচিষ্ট, পুষ্টি বিশেষজ্ঞ, দন্ত চিকিৎসক আদিৰ সহায়ু-সহযোগ অতি প্ৰয়োজন।

এইচ আই ভিৰ চিকিৎসা কৰাৰ সময়ত কেইটিমান কথালৈ মন কৰিব। যেনে-

  • এইচ আই ভি বিশেষজ্ঞ চিকিৎসক এজনৰ ওচৰত গৈ পৰামৰ্শ ল’ব।
  • এইচ আই ভিৰ চিকিৎসা সেৱা আগবঢ়োৱা সংস্থা বা অনুষ্ঠানটোৰ বিষয়ে ভালকৈ জানি ল’ব।
  • উপযুক্ত সেৱা লাভ কৰিছে নে নাই, তাৰ প্ৰতি চকু ৰাখিব।
  • সময়মতে ঔষধ খাব।
  • কোনো ঔষধ খালে পাৰ্শ্বক্ৰিয়াই দেখা দিলে ততালিকে চিকিৎসকক জনাব।
  • আন চিকিৎসকৰ পৰামৰ্শ ল’বলৈ দিলে ততালিকে পৰামৰ্শ ল’ব।

চিকিৎসকৰ পৰামৰ্শ লোৱাৰ সময়ত কি কি বিষয়ত গুৰুত্ব দিব?

 

  • এইচ আই ভি ৰোগ, চিকিৎসা সন্দৰ্ভত জানিব লগা কথাবোৰৰ তালিকা এখন কৰিব। চিকিৎসকক দেখুওৱাৰ সময়ত তেতিয়া কিবা কথা সুধিবলৈ পাহৰি যোৱাৰ ভয় নাথাকে।
  • বন্ধু-বৰ্গ বা ইন্টাৰনেটত এইচ আই ভি সন্দৰ্ভত তথ্য পালেই টুকি ৰাখিব।
  • বৰ্তমান খাই থকা ঔষধৰ তালিকা এখন কৰিব। আনকি কি কি ভিটামিন, ছাপ্লিমেন্ট খাই আছে, সেয়াও তালিকাভুক্ত কৰিব।
  • শেহতীয়াকৈ পৰীক্ষাৰ ৰিপৰ্টবোৰ চিকিৎসকক দেখুৱাব।

এইচ আই ভি আক্ৰান্ত পুৰুষ-মহিলা উভয়ে সমানে যত্ন ল’ব লাগে। কিন্তু মহিলাসকলে আৰু অধিক যত্ন লোৱা উচিত।

  • এইচ আই ভি সংক্ৰমণৰ বাবে মহিলা এগৰাকীৰ গাইনোকোল’জিকেল সমস্যাৰ সৃষ্টি হয়।
  • এইচ আই ভি আক্ৰান্ত মহিলাই প্ৰেগনেন্সি আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত সাৱধানতা ল’ব লাগে।
  • যৌন ৰোগ থকা মহিলা এগৰাকী ‘Kaposis Sarcoma’ নামৰ কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ডাঃ পি চি যোশী)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top