অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এইড্‌ছঃ

এইড্‌ছৰ বিষয়ে লিখা হৈছে

এইড্‌ছৰ  বিষয়ে-

 

এইড্‌ছ নামৰ ব্যাধিটোৰ কথা বৰ্তমান আমি প্ৰায় সকলোৱে শুনিছোঁহক। এই ব্যাধি ১৯৮১ চনত পোন প্ৰথমবাৰৰ বাবে চিহ্নিত হয় আমেৰিকাত। কিন্তু বৰ্তমান বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰলৈয়ে ই বিয়পি পৰিছে আৰু বিশ্বৰ সমগ্ৰ মানুহ তথা প্ৰতিখন দেশৰে চৰকাৰক বিব্ৰত কৰি তুলিছে। লগতে মানৱ সমাজ, চিকিৎসা ব্যৱস্থা তথা আধুনিক বিজ্ঞানৰ ওপৰতো সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে। জীৱশ্ৰেষ্ঠ মানুহৰ আচাৰ-ব্যৱহাৰ, কৃষ্টি-সংস্কৃতি, আৰ্থ-সামাজিক উন্নয়ণ আদিকো বাৰুকৈয়ে বিঘ্নিত কৰিছে। জীৱন, যৌনতা আৰু মৃত্যুৰ নিচিনা উল্লেখনীয় তিনিওটা দিশকে সামৰি লৈ এই ভয়াবহ ব্যাধিটোৱে অকল চিকিৎসা বিজ্ঞানীকেই নহয় সমগ্ৰ মানৱ জাতিটোকে জনাইছে এক গভীৰ প্ৰত্যাহ্বান। তদুপৰি আজিকোপতি কোনো বিশেষ ফলপ্ৰসূ ঔষধ আৰু প্ৰতিষেধক ছিটা আৱিষ্কাৰ নোহোৱাত এই ৰোগে প্ৰতিদিনে হাজাৰ হাজাৰ নৰ-নাৰীৰ জীৱনলৈ নমাই আনিছে মহাকালৰ স্থবিৰতা।

এইড্‌ছ কি ?

 

এইড্‌ছৰ সম্পূৰ্ণ নামটো হৈছ একুৱাৰ্ড ইম্মিউনো ডেফিচিয়েন্সি চিনড্ৰ’ম। একুৱাৰ্ড মানে জন্মগতভাৱে নোপোৱা বা আৰ্জিত। ইম্মিউনো ডেফিচিয়েন্সি মানে হ’ল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অভাৱ, আৰু চিনড্ৰ’ম মানে বিভিন্ন ৰোগৰ লক্ষণৰ সমষ্টি বা সমাহাৰ। গতিকে থুলমূলভাৱে এইদৰে ক’ব পাৰি যে- শৰীৰত আৰ্জিত ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাৰ অভাৱৰ ফলত দেখা দিয়া বিভিন্ন ৰোগৰ সমষ্টিয়েই হ’ল এইড্‌ছ। এই ৰোগ উদ্ভৱ হয় এবিধ ভাইৰাছ বা বিষাণুৰ পৰা যাৰ নামাকৰণ কৰা হৈছে এইচ.আই.ভি. বুলি। মানৱ শৰীৰত প্ৰৱেশ কৰাৰ প্ৰায় ২ৰ পৰা ১০ বছৰ মানৰ পিছতহে শৰীৰত বিভিন্ন ৰোগৰ সমষ্টিয়ে দেখা দিয়ে আৰু তেতিয়াই ব্যক্তি এজনৰ এইড্‌ছ হোৱা বুলি কোৱা হয়। (শিশুৰ ক্ষেত্ৰত অৱশ্যে দুবছৰতকৈ আগতেও এই লক্ষণে দেখা দিব পাৰে)।

দেহৰ প্ৰতিৰোধক বা স্ব-প্ৰতিৰক্ষা (ইমিউনিটি) কি ?

 

ৰোগ প্ৰতিৰোধক বুলিলে সুক্ষ্ম অণুজীৱ (যেনে- ভাইৰাছ, বেক্টেৰিয়া, প্ৰট’জোৱা, ফাংগাছ আদি)ৰ বিপৰীতে শৰীৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰাকে বুজায়। প্ৰত্যেক ব্যক্তিৰেই শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ এক বিশেষ ক্ষমতা থাকে। এই প্ৰতিৰোধ ক্ষমতা দুই ধৰণৰ। এবিধ হ’ল জন্মগত বা স্বাভাৱিক আৰু অইনবিধ হ’ল আৰ্জিত বা আহৰণ কৰা।

শৰীৰৰ সংস্পৰ্শলৈ অহা বিভিন্ন বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিৰুদ্ধে জীৱনকালত শৰীৰে নিজেই এনেকুৱা কিছুমান প্ৰতিৰোধ ব্যৱস্থা সৃষ্টি কৰে যিয়ে এনে অণুজীৱৰ আক্ৰমণক প্ৰতিহত কৰিব পাৰে। এই ধৰণৰ প্ৰতিৰক্ষা ব্যৱস্থাকেই কোৱা হয় আৰ্জিত বা আহৰণ কৰা স্ব-প্ৰতিৰক্ষা ব্যৱস্থা (একুৱাৰ্ড ইমিউনিটি)।

আৰ্জিত প্ৰতিৰোধ ব্যৱস্থাৰ দুটা মূল অংশ আছে। এটা হ’ল কোষীয় প্ৰতিৰোধ আৰু আনটো হ’ল শ্লেষ্মা সম্বন্ধীয় প্ৰতিৰোধ। অণুজীৱৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ উভয়েই বেলেগ বেলেগ দিশত কাম কৰে আৰু প্ৰতিৰোধ গঢ়ি তোলে। তেজত থকা শ্বেত ৰক্তকণিকাৰ লিম্ফোচাইট নামৰ কোষবোৰে এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। শ্লেষ্মাজনিত প্ৰতিৰোধৰ ক্ষেত্ৰত বি-লিম্ফোচাইটবোৰে এণ্টিজেনৰ বিপৰীতে নিৰ্দিষ্ট এণ্টিব’ডি তৈয়াৰ কৰে। আনহাতে, টি-চেলবোৰেও এক বিশেষ প্ৰক্ৰিয়াৰ মাধ্যমেৰে এণ্টিজেনৰ বিপৰীতে এণ্টিব’ডি তৈয়াৰ কৰে। এই প্ৰক্ৰিয়াৰ বেণ্ডমাষ্টাৰ স্বৰূপ T4 লিম্ফোচাইটবোৰে বি লিম্ফোচাইটবোৰক সক্ৰিয় কৰি এণ্টিজেনৰ বিপৰীতে এণ্টিব’ডি তৈয়াৰ কৰে।

বীজাণু বা বিষাণুৰ বিপৰীতে শৰীৰত এণ্টিব’ডি তৈয়াৰ হওঁতে সাধাৰণতে সময় লাগে ২৪ৰ পৰা ৭২ ঘণ্টা। কিন্তু এইচ আই ভিৰ ক্ষেত্ৰত এণ্টিব’ডি তৈয়াৰ হওঁতে সময় লাগে প্ৰায় চাৰি সপ্তাহৰ পৰা ১৬ সপ্তাহ পৰ্যন্ত। তদুপৰি তেজত এইচ আই ভিৰ এণ্টিব’ডি পোৱা মানেই ই নুবুজায় যে এইড্‌ছ নামৰ ব্যাধিটোৰ বাবে শৰীৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈ গ’ল। ই অকল এণ্টিব’ডি পোৱা (এইচ আই ভিৰ) ব্যক্তিজনক এইচ আই ভিৰ বাহক ৰূপেহে চিহ্নিত কৰে। বিষাণুবিধ মানুহজনৰ শৰীৰতে থাকি যায় আৰু অতি লেহেম গতিত তেওঁৰ প্ৰতিৰোধ ক্ষমতা ক্ৰমশঃ দুৰ্বল কৰি তোলে।

অৱকাশ কাল বা উইনড’ পিৰিয়ডঃ

 

শৰীৰত এইচ আই ভি বিষাণু সোমোৱাৰ পিছৰে পৰা এণ্টিব’ডি তৈয়াৰ হোৱালৈকে মাজৰ এই প্ৰাথমিক সংক্ৰমণৰ সময়ছোৱাক কোৱা হয় উইনড’ পিৰিয়ড বা অৱকাশ কাল।

এইড্‌ছৰ আৰম্ভণিঃ

 

এইড্‌ছ নামৰ এই ৰোগবিধ সৌ সিদিনাখনহে মাথোন ১৯৮১ চনৰ জুন মাহত আমেৰিকাত ধৰা পৰে। আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই ল’জ এঞ্জেলছৰ দেখাত স্বাস্থ্যৱান যেন লগা সমকামী যুৱক পাঁচজনৰ গাত পোন প্ৰথমবাৰৰ বাবে এই ৰোগৰ লক্ষণ চিহ্নিত কৰে।

নিউম’চিচটিচ কেৰিনি নিউম’নিয়া (অস্বাভাৱিক ধৰণৰ এক নিউম’নিয়া ৰোগ) আৰু কাপ’ছিচাৰক’মা (এবিধ বিশেষ কৰ্কট ৰোগ) নামৰ ৰোগ দুবিধৰ জৰিয়তে চিহ্নিত কৰা এইড্‌ছ ৰোগ প্ৰথমাৱস্থাত অকল আমেৰিকাৰ এই যৌনকৰ্মীসকলৰ গাতেই পৰিলক্ষিত হৈছিল যদিও লাহে লাহে ইউৰোপ আৰু অষ্ট্ৰেলিয়াতো সেই একেই শ্ৰেণী মানুহৰ গাত দেখা পোৱা গৈছিল। সেয়ে তেতিয়া (আৰম্ভণিতে) ইয়াক নামাকৰণ কৰা হৈছিল গ্ৰীড (GRID- Gray Related Immuno Deficiency) বুলি। পিছলৈ হিম’ফিলিয়া ৰোগত ভোগা লোকসকল আৰু সিৰাৰে নিচাযুক্ত দৰব সেৱনকাৰী লোকসকলৰ মাজতো এইড্‌ছৰ লক্ষণসমূহ দৃষ্টিগোচৰ হ’বলৈ ধৰিলে। গতিকে সিদ্ধান্তলৈ অহা গ’ল যে এই ৰোগীসকল হয় সমকামী, নহয় গাৰ সিৰাত নিচাযুক্ত ঔষধ সুমুৱাই লোৱা লোক নতুবা শৰীৰত তেজ অথবা তেজৰ অইন উপাদান ল’বলগীয়া লোক। ৰোগ উদ্ভৱকাৰী বিষাণুবিধে এই আটাইবোৰ লোকৰে প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি দিয়া হেতুকে গ্ৰীডৰ সলনি পিছত ৰোগবিধৰ নামাকৰণ কৰা হয় এইড্‌ছ বুলি।

ক্ৰমশঃ কিগালি, ৰোৱান্দা, কিনছাছা, জাইৰে, জেম্বিয়া আদি আফ্ৰিকীয় দেশসমূহতো বৰ্ধিত সংখ্যাত ক্ৰিপ্টকোকেল মেনিনজাইটিছ, শৰীৰৰ ওজন কমা তথা কাপ’ছিচাৰক’মা আদি লক্ষণেৰে এইডছ ৰোগ বিয়পি পৰিল।

এইচ আই ভিৰ বিষয়ে কিছু কথাঃ

 

ভাইৰাছ বা বিষাণু হ’ল এবিধ সংক্ৰামক অণুজীৱ যাক সাধাৰণ অনুবীক্ষণ যন্ত্ৰেৰে মণিব নোৱাৰি। এতিয়ালৈকে চিনাক্ত কৰিব পৰা অণুজীৱৰ ভিতৰত ভাইৰাছেই হৈছে আটাইতকৈ সুক্ষ্মতম অণুজীৱ। এইচ আই ভিও এনেকুৱা এবিধ ভাইৰাছ বা বিষাণু। ইয়াৰ আকাৰ প্ৰায় ৯০-১২০ নেনোমিটাৰ অৰ্থাৎ গড় হিচাপত প্ৰায় এক মিলিমিটাৰৰ দহ হাজাৰ ভাগৰ এভাগৰ সমান। আকৃতিত মেৰ খাই থকা কেটেলা পহু বা সম্পূৰ্ণকৈ ফুলা বেলিফুল এপাহিৰ নিচিনা। চকা এটাৰ বাহিৰফালে চক্ৰাকাৰে কিছুমান শলাত ঘূৰণীয়া মূৰ থাকিলে যেনেকুৱা দেখি ঠিক তেনে আকাৰৰ। এইচ আই ভি বিষাণুত কেৱল আৰ এন এ প্ৰ’টিনবিধহে থাকে। তদুপৰি ইহঁতৰ ৰিভাৰ্ছ ট্ৰাস্নিক্ৰিপ্টেজ নামৰ এবিধ অসাধাৰণ এনজাইম থাকে আৰু সেইবাবেই ইহঁতক ৰেট্ৰভাইৰাছ বোলা হয়। আকৌ ইহঁতে একেবাৰে লেহেম গতিত মানুহৰ শৰীৰত ক্ৰিয়া কৰে বাবে ইহঁতক ৰেট্ৰভাইৰাছৰ লেণ্টি ভাইৰাছ উপভাগত শ্ৰেণীভুক্ত কৰা হৈছে।

কেৱল মানুহৰ শৰীৰতহে প্ৰভাৱ বিস্তাৰ কৰিব পৰা এইচ আই ভি বিষাণুবিধে শৰীৰত অতি মন্থৰ গতিত ক্ৰিয়া কৰি মানুহৰ আৰ্জিত প্ৰতিৰোধ ব্যৱস্থা ক্ৰমশঃ দুৰ্বল কৰি পেলায়।

এইচ আই ভি নামাকৰণঃ

 

ফ্ৰান্সৰ পেচটিওৰ ইনষ্টিটিউটৰ লুক মণ্টেগনিয়েৰ-এ ১৯৮৩ চনত এইডছ ৰোগীৰ তেজৰ পৰা এবিধ বিষাণু পৃথক কৰি উলিয়ায় যাক তেওঁ নামাকৰণ কৰিছিল লিমফ’এদিনপেথি এচ’ছিয়েটেড ভাইৰাছ বুলি। ১৯৮৪ চনত আকৌ আমেৰিকাৰ নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ ৰবাৰ্ট গেল আৰু তেওঁৰ সতীৰ্থসকলে এবিধ বিষাণু আৱিষ্কাৰ কৰে। তেওঁলোকে ইয়াক নামাকৰণ কৰিছিল হিউমেন টি-চেল লিমফ’ট্ৰফিক ভাইৰাছ বুলি। সমসাময়িকভাৱে আন দুই এগৰাকী বিজ্ঞানীয়েও এইড্‌ছ ৰোগীৰ তেজৰ পৰা এবিধ বিষাণু আৱিষ্কাৰ কৰে আৰু ইয়াৰ নামাকৰণ কৰে  এইড্‌ছ ৰিলেটেড ভাইৰাছ বুলি। পৃথক পৃথককৈ আৱিষ্কৃত হোৱা এই আটাইবোৰ বিষাণুই শেষত একেই বুলি প্ৰমাণিত হোৱাত ১৯৮৬ চনত বিষাণু নামাকৰণৰ আন্তৰ্জাতিক সমিতিয়ে ইয়াৰ নামাকৰণ কৰে এইচ.আই.ভি. বুলি। বৰ্তমান এই নামাকৰণ সৰ্বজনগৃহীত।

অইন এক গৱেষণা কাৰ্যৰ জৰিয়তে ১৯৮৫ চনত পশ্চিম আফ্ৰিকাৰ এইড্‌ছৰ লক্ষণযুক্ত ব্যক্তিৰ তেজৰ ওপৰত গৱেষণা চলাই আন এবিধ নতুন বিষাণুৰ উমান পোৱা যায়। সেয়ে আগৰ (প্ৰথম বা মূল) বিষাণুটোক এইচ.আই.ভি.-১ আৰু পিছৰ বা দ্বিতীয়বিধক (আফ্ৰিকাত পোৱা) নাম দিয়া হ’ল এইচ.আই.ভি.-২ বুলি।

এইচ.আই.ভি. ক’ৰ পৰা আহিল-

 

এইচ.আই.ভি. বিষাণুবিধৰ উৎপত্তি কেনেকৈ হ’ল বা ইয়াৰ গুৰি ক’ত ? এই বিষয়টো এতিয়াও ৰহস্যঘন সাধু হৈয়েই আছে। বিভিন্ন গৱেষণা কাৰ্য তথা অধ্যয়নৰ পৰা এইটো অনুমেয় হৈছে যে- সম্ভৱতঃ চল্লিশ আৰু পঞ্চাশৰ দশকৰ মাজভাগতেই ইয়াৰ সূত্ৰপাত হৈছিল। কিন্তু অনুসন্ধিৎসুতা এতিয়াও শেষ হোৱা নাই। সম্প্ৰতি নিম্নোক্ত তত্ত্বসমূহ (উৎপত্তি সম্পৰ্কে) আমাৰ জ্ঞাত।

(১) পৃথক জনগোষ্ঠী তত্ত্ব।

(২) বৰ্ণ-শংকৰ প্ৰজাতি সম্প্ৰসাৰণ তত্ত্ব।

(৩) পৰিৱৰ্তন তত্ত্ব।

(৪) জীৱণু যুদ্ধ তত্ত্ব।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, এই তত্ত্বসমূহৰ এটাও কিন্তু সৰ্বজনগৃহীত নহয় আৰু কোনোটোৱেই বৈজ্ঞানিকভাৱে প্ৰমাণিত বুলিও ক’ব নোৱাৰি। সেয়ে আমাৰ মূল লক্ষ্য হোৱা উচিত- ই ক’ৰ পৰা আহিল সেয়া সিমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু ই ক’লৈ গতি কৰি আছে সেয়াহে গুৰুত্বপূৰ্ণ।

এইচ.আই.ভি. বা এইড্‌ছ বিষাণু ধ্বংস কৰাৰ উপায়ঃ

 

এইড্‌ছৰ বিষাণুবিধ মানুহৰ শৰীৰত সোমোৱাৰ পিছত অতি মাৰাত্মক যদিও ই কিন্তু তেনেই ঠুনুকাও। পোনে পোনে পৰা সূৰ্যৰ পোহৰ অথবা মাত্ৰ ৫৬ চেণ্টিগ্ৰেড উষ্ণতাতেই ই ধ্বংস হয়। একেদৰে চাবোন পানী বা ক্ল’ৰিণ পানীৰে ধূলেও এই বিষাণু ধ্বংস হয়।

সামগ্ৰিকভাৱে এইচ.আই.ভি. ধ্বংস কৰিব পৰা উপায়সমূহ হ’লঃ

 

(১) উতলা পানীত এক মিনিট সময়।

(২) ৫৬ চেণ্টিগ্ৰেড উষ্ণতাত ৩০ মিনিট সময়।

(৩) ইথানল- ৭০% মিশ্ৰণ (৭০০ গ্ৰাম/লিটাৰ)।

(৪) ঘৰত ব্যৱহাৰ কৰা ব্লিচ- ১০% মিশ্ৰণ।

(৫) ফৰমেল ডিহাইড- ৩%মিশ্ৰণ।

(৬) ছ’ডিয়াম হাইপ’ক্ল’ৰাইড চলিউশ্বন- ১০% মিশ্ৰণ।

(৭) হাইড্ৰ’জেন পেৰ’ক্সাইড- ৩% শতাংশ মিশ্ৰণ।

(৮) আইচ’প্ৰ’পাইল এলকহল- ৩৫% মিশ্ৰণ।

(৯) লাইচল- ০.৫% মিশ্ৰণ।

(১) টুইন- ১০-২০% মিশ্ৰণ।

 

এইচ.আই.ভি. কিদৰে সম্প্ৰসাৰিত হয় বা সোঁচৰেঃ

 

এইচ.আই.ভি.ৰ দ্বাৰা আক্ৰান্ত ব্যক্তি এজনৰ শৰীৰৰ পেশী আৰু আটাইবোৰ শৰীৰ ৰসতেই কম-বেছি পৰিমাণে বিষাণুবিধৰ উপস্থিতি প্ৰমাণিত হৈছে।

তেজ, বীৰ্য, স্নায়ুৰস, নাৰী যৌনাংগৰ ৰস, মগজু, স্পাইনেল কৰ্ড, চকুৰপানী, শৰীৰৰ ঘাম, প্ৰস্ৰাৱ, লেলাওটি, মাতৃদুগ্ধ আদি আটাইবোৰ শৰীৰ ৰসতেই বিষাণুটো থাকে। কিন্তু তেজ, বীৰ্য, স্নায়ুৰস আৰু নাৰী যৌনাংগৰ ৰসত ইয়াৰ গাঢ়তা অত্যন্ত বেছি। সেয়ে এইকেইটা মাধ্যমেৰে এইডছৰ বিষাণুটো অতি সহজে সম্প্ৰসাৰিত হ’ব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব লাগে যে এইচ.আই.ভি. সম্প্ৰসাৰিত হ’বলৈ হ’লে এজন বিষাণুবাহক ব্যক্তিৰ শৰীৰৰ ৰস অইন এজন সুস্থ ব্যক্তিৰ শৰীৰ ৰসৰ পোনপটীয়া সংস্পৰ্শলৈ আহিব লাগিব অথবা ব্যক্তি দুজনৰ মাজত দৈহিক সম্পৰ্ক হ’ব লাগিব।

এইডছৰ বিষাণু বা এইচ.আই.ভি. মুখ্যতঃ নিম্নোক্ত তিনিটা মাধ্যমেৰে এজন আক্ৰান্ত ব্যক্তিৰ পৰা অইন এজন সুস্থ ব্যক্তিলৈ সম্প্ৰসাৰিত বা সংক্ৰমিত হ’ব পাৰে-

(১) যৌন সংগমৰ জৰিয়তেঃ

যৌনাংগ আৰু গুহ্যদ্বাৰ উভয় প্ৰকাৰৰ সংগমৰ জৰিয়তে পুৰুষৰ পৰা মহিলালৈ, মহিলাৰ পৰা পুৰুষলৈ অথবা পুৰুষৰ পৰা পুৰুষলৈ বিষাণুবিধ সম্প্ৰসাৰিত হয়। অসমকামী যৌন আচৰণতকৈ সমকামী যৌন আচৰণ কৰা পুৰুষৰ ক্ষেত্ৰত সংক্ৰমণৰ সম্ভাৱনা বেছি। কাৰণ, এইক্ষেত্ৰত ৰক্তক্ষৰণজনিত আঘাত হোৱাৰ আশংকা খুবেই বেছি। অইনহাতে পুৰুষৰ বীৰ্যত এইচ.আই.ভি.ৰ গাঢ়তা অতি বেছি বাবে পুৰুষৰ পৰা মহিলালৈ সংক্ৰমণ অধিক হয়।

(২) তেজ মাধ্যমেদিঃ

এইচ.আই.ভি. আক্ৰান্ত ব্যক্তিৰ পৰা তেজ অথবা তেজৰ উপাদান গ্ৰহণ, ড্ৰাগ আসক্ত নাৰী-পুৰুষৰ দ্বাৰা একেটা বেজী ব্যৱহাৰ কৰা, বেজী, চিৰিঞ্জ, খুৰ, দাঁত ঘঁহা ব্ৰাছ আৰু অন্যান্য সঁজুলি (যিবোৰত তেজ লাগিব পাৰে) কেবাজনেও ব্যৱহাৰ কৰিলে নতুবা এইচ.আই.ভি.ৰে দূষিত যিকোনো জোঙা অস্ত্ৰেৰে শৰীৰত আঘাত কৰিলে বিষাণুবিধ সম্প্ৰসাৰিত হ’ব পাৰে।

(৩) আক্ৰান্ত মাতৃৰ পৰা সন্তানলৈঃ

জন্মৰ আগতে, জন্মৰ সময়ত অথবা জন্মৰ ঠিক পিছতেইঃ এইচ.আই.ভি. আক্ৰান্ত মাতৃ এগৰাকীয়ে গৰ্ভধাৰণ কৰিলে তেওঁৰ পৰা গৰ্ভস্থ সন্তানলৈ ফুলেৰে বিষাণুবিধ সম্প্ৰসাৰিত হ’ব পাৰে। একেদৰে প্ৰসৱৰ সময়ত মাতৃৰ দূষিত তেজ বা অইন ৰস সন্তানৰ চকু-মুখ আদিৰ কোমল পাতল আৱৰণৰ সংস্পৰ্শলৈ আহিলে বিষাণুবিধ সন্তানলৈ সম্প্ৰসাৰিত হ’ব পাৰে। কেতিয়াবা জন্মৰ পিছত মাকে সন্তানক গাখীৰ খুৱাই থকা অৱস্থাতো মাতৃদুগ্ধেৰে বিষাণুবিধ সম্প্ৰসাৰিত হৈও সন্তানক সংক্ৰমিত কৰিব পাৰে (অৱশ্যে ইয়াৰ সম্ভাৱনা খুবেই কম)।

তলৰ তালিকাখনত বিশ্বায়তনত বিভিন্ন মাধ্যমেদি হোৱা এইচ.আই.ভি. সংক্ৰমণৰ শতকৰা হাৰ আৰু দক্ষতা দেখুওৱা হৈছে-

 

সম্প্ৰসাৰণৰ পথ

দক্ষতা/কাৰ্যকাৰিতা

মুঠৰ শতকৰা হাৰ

যৌন সংগম

০.১-১.০%

৭০-৮০%

-স্ত্ৰী যৌনাংগেৰে

 

৬০-৭০%

-গুহ্যদ্বাৰেৰে

 

৫-১০%

ৰক্ত সংৰচন বেজীৰে নিচাযুক্ত দৰব লোৱা

৯০%

৩-৫%

স্বাস্থ্য যতনঃ সঁজুলি/বেজী

০.৫-১.০%

৫-১০%

মাতৃৰ পৰা সন্তানলৈ

৩০%

৫-১০%

এইডছ বা এইচ.আই.ভি. কেনেকৈ সম্প্ৰসাৰিত নহয়ঃ

তলত দিয়া উপায়সমূহেৰে এইচ.আই.ভি. সম্প্ৰসাৰণ নহয় বুলি জানিব পৰা গৈছেঃ

(১) কৰমৰ্দন বা হ্যাণ্ডশ্বেক কৰা।

(২) আলিঙ্গন বা সামাজিক চুম্বন কৰা।

(৩) কাহ, হাঁচি আৰু কথা-বতৰাৰ পৰা।

(৪) ৰাজহুৱা শৌচাগাৰ, প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰা।

(৫) আহাৰ-পানী ভগাই খোৱা, একেবোৰ বাচন-বৰ্তন ব্যৱহাৰ কৰা।

(৬) একেটা পুখুৰীতে সাতোঁৰা।

(৭) মহৰ কামোৰ, উৰহৰ কামোৰ অথবা অইন পৰুৱাৰ কামোৰৰ পৰা।

(৮) ৰাজহুৱা টেলিফোন ব্যৱহাৰ কৰা।

(৯) একেলগে খেলা-ধূলা কৰা।

(১০) মাথোন এজন বিশ্বাসী ব্যক্তিৰ লগত সহবাস কৰা।

(১১) পৰিষ্কাৰ নতুন বেজী ব্যৱহাৰ কৰা।

ৰোগ উদ্ভৱৰ প্ৰক্ৰিয়াঃ

 

শৰীৰত প্ৰৱেশ কৰাৰ পিছতেই এইচ.আই.ভি. বিষাণুটো CD4 গ্ৰাহীকণ বা শংকুযুক্ত কিছুমান কোষৰ প্ৰতি আকৃষ্ট হয়। যেনে- তেজৰ শ্বেত কণিকাৰ CD4 + T4 লিমফ’চাইট (CD4 থকা T4 লিমফ’চাইট), মন’চাইট আৰু মেক্ৰফেজেচ, হাওঁফাওঁৰ এলভিওলাৰ মেক্ৰফেজেছ, মগজুৰ গ্লাইয়েল কোষ আৰু মাইক্ৰ’গ্লিয়া, ছালৰ লেংগাৰহ্যান্স ইত্যাদি কোষ। এইবোৰৰ ভিতৰত আকৌ CD4 + T4 লিমফ’চাইটবোৰ আক্ৰান্ত হয় আটাইতকৈ বেছি। আৰম্ভণিতে, বিষাণুটোৰ আৱৰণত থকা শংকুবোৰে T4 লিমফ’চাইটত থকা CD4 ত লাগি ধৰে আৰু লাহে লাহে কোষৰ ভিতৰলৈ সোমাই যোৱাৰ আগতে বিষাণুটোৰ আৱৰণখন ভাঙি যায়। ফলত বিষাণুত থকা আৰ এন এ প্ৰ’টিন T4 লিমফ’চাইট কোষত সোমাই পৰে। তাৰ পিছত ৰিভাৰ্ছ ট্ৰান্সক্ৰিপটেজৰ সহায়ত আৰএনএ ডিএনএ লৈ ৰূপান্তৰিত হৈ গৃহস্থী/আক্ৰান্ত কোষ (লিমফ’চাইট)ৰ ডিএনএৰ লগত অন্তৰ্ভুক্তি হয়। এনেকৈয়ে ই বহুত বছৰলৈ প্ৰ-ভাইৰাছ ৰূপে থাকি যাব পাৰে, নতুবা CD4+ কোষবোৰ বিষাণুৰ অনুগত হৈ নতুন নতুন এইচ আই ভি বিষাণু প্ৰস্তুত কৰে আৰু CD4 কোষৰ কোষাৱৰণ ভাঙি বাহিৰলৈ ওলাই আহি নতুন নতুন অইন কোষক আক্ৰমণ কৰিবলৈ লয়। এনেদৰে যেতিয়া বেছিভাগ CD4 কোষ আক্ৰান্ত হৈ ভাঙি যায় তেতিয়া মানুহজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সমপৰিমাণে কমি যায় (কাৰণ- CD4+ লিমফ’চাইটবোৰেই হৈছে কোষীয় প্ৰতিৰোধ ব্যৱস্থাৰ মুখ্য পৰিচালক)। ফলত, স্বাভাৱিক অৱস্থাত শৰীৰৰ প্ৰতিৰোধ ক্ষমতাই সহজেই বিনাশ কৰিব পৰা সাধাৰণ অনুজীৱবোৰেও শৰীৰত ৰোগ সৃষ্টি কৰে। ইবোৰক কোৱা হয় সুবিধাবাদী বা সুযোগসন্ধানী সংক্ৰমণ। এনেকৈয়ে এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত ব্যক্তি এজনৰ শৰীৰত এটা সময়ত বিভিন্ন অণুজীৱই বিভিন্ন ৰোগৰ সৃষ্টি কৰে। আনহাতে, এইচ আই ভিয়ে যিহেতু কেন্দ্ৰীয় স্নায়ুমণ্ডলীত থকা বিশেষ কোষ কিছুমানত পোনপটীয়াভাৱে আক্ৰমণ কৰে সেয়ে স্নায়ুজনিত লক্ষণবোৰেও দেখা দিব পাৰে। তদুপৰি কিছুমান গৱেষণাকাৰীৰ মতে CD4 + T4 লিমফ’চাইটবোৰ নিষ্ক্ৰিয় কিম্বা বিনাশ হোৱা প্ৰক্ৰিয়াই কৰ্কটৰোগ সৃষ্টিকাৰী জিনবোৰকো উত্তেজিত কৰে আৰু তাৰ ফলতেই কাপ’ছিচাৰক’মা, লিম্ফ’মা আদি কিছুমান কৰ্কট ৰোগেও দেখা দিব পাৰে। অৱশ্যে এইক্ষেত্ৰত সাৰ্বজনীন গ্ৰহণযোগ্য মন্তব্য এতিয়ালৈকে কোনেও দিব পৰা নাই।

এইডছৰ লক্ষণঃ

 

বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰা এইড্‌ছ ৰোগী চিনাক্তকৰণৰ সূত্ৰ এনে ধৰণৰ-

(১) প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত তলত উল্লেখ কৰা দুটা মুখ্য লক্ষণ আৰু ১টা গৌণ লক্ষণ থাকিব লাগিব।

মুখ্য লক্ষণঃ

  • কম দিনৰ ভিতৰত অস্বাভাৱিকভাৱে শৰীৰৰ ওজন শতকৰা দহভাগ বা তাতোকৈ বেছিকৈ কমা।
  • এমাহতকৈ বেছি দিন পনীয়া শৌচ বা গ্ৰহণী হোৱা।
  • এমাহতকৈ বেছি দিন অস্বাভাৱিকভাৱে জ্বৰত ভুগি থকা।

গৌণ লক্ষণঃ

  • সৰ্বশৰীৰত ছালৰ ৰোগ বা খজুৱতি হৈ থকা।
  • এমাহতকৈ বেছি দিন কাহত ভুগি থকা।
  • ছালত সঘনাই হাৰপিজ য’চটাৰ ৰোগ হৈ থকা।
  • মুখ, ডিঙি নাইবা খাদ্যনলীত ঘাঁ অথবা ডাঠ চামণি পৰা।
  • সাধাৰণভাৱে বা ক্ৰমাগতভাৱে গোটেই গাতে বিয়পি যোৱা সৰু সৰু ঘামচিৰ নিচিনা হাৰপিচ চিমপ্লেক্স বা জ্বৰ শুং হৈ থকা।
  • শৰীৰৰ গ্ৰন্থিবোৰ ফুলি উঠা বা গোটেই গাতে টেমুনাসদৃশ গাঙটি উঠা।

(২) শিশুৰ ক্ষেত্ৰত নিম্নোক্ত ২টা মুখ্য লক্ষণ আৰু ২টা গৌণ লক্ষণ থাকিলে এটা শিশুক এইড্‌ছ ৰোগী বুলি চিনাক্ত কৰিব পাৰি।

মুখ্য লক্ষণঃ

  • শৰীৰৰ ওজন হ্ৰাস বা নিৰ্দিষ্ট কোনো কাৰণ নোহোৱাকৈ স্বাভাৱিক বৰ্ধনত ব্যাঘাত।
  • এমাহতকৈ বেছি দিন নেৰানেপেৰাকৈ হোৱা গ্ৰহণী।
  • এমাহতকৈ বেছি দিন জ্বৰ হোৱা।

গৌণ লক্ষণঃ

  • ক্ৰমাগতভাৱে শৰীৰৰ লিম্ফগ্ৰন্থিবোৰ ফুলি উঠা।
  • মুখ আৰু খাদ্যনলীত ডাঠ চামণি পৰা।
  • বীজাণুৰ আক্ৰমণত সঘনাই কাণ পকা, ডিঙিৰ অসুখ, টনচিল আদি ৰোগ হৈ থকা।
  • একেৰাহে এমাহতকৈ বেছি দিন কাহ হৈ থকা।
  • ছালত বিভিন্ন ৰোগ হৈ থকা।
  • মাতৃৰ পৰা হোৱা নিশ্চিত এইচ আই ভি সংক্ৰমণ।

ভাৰতবৰ্ষৰ ক্ষেত্ৰত কিন্তু NACOই উদ্ভাৱন কৰা এইন এক সূত্ৰহে এইড্‌ছ ৰোগী চিনাক্তকৰণৰ বাবে প্ৰযোজ্য। সেয়া হ’ল-

(ক) কমপক্ষেও দুটা ভিন্ন এণ্টিজেনেৰে তৈয়াৰী কিটেৰে পৰীক্ষা কৰাৰ পিছত এইচ আই ভি আক্ৰান্ত বুলি প্ৰমাণিত হ’ব লাগিব।

(খ) তলৰ যিকোনো এটা লক্ষণঃ

  • (১) কম দিনৰ ভিতৰতে শৰীৰৰ ওজন শতকৰা ১০ ভাগ বা তাতোকৈ বেছিকৈ কমা (নিৰ্দিষ্ট কোনো কাৰণ নোহোৱাকৈ)।
  • (২) এমাহ বা ততোধিক সময়ৰ বাবে নেৰানেপেৰাকৈ গ্ৰহণী হৈ থকা।
  • যক্ষ্মাৰোগ (বিশেষকৈ হাওঁফাওঁত বাহিৰে অন্যত হোৱা)।
  • কাপ’ছিছাৰক’মা।
  • অন্য কোনো কাৰণ নোহোৱাকৈ স্নায়ৱিক লক্ষণে দৈনন্দিন কাম-কাজ কৰাত বাধাৰ সৃষ্টি কৰা।
  • খাদ্যনলীত ডাঠ চামণি পৰা।

পৰীক্ষাগাৰত এইচ আই ভি চিনাক্তকৰণ পৰীক্ষাঃ

এইচ আই ভি চিনাক্তকৰণৰ বাবে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা পৰীক্ষাসমূহক মুখ্যতঃ দুটা ভাগত ভগাই লোৱা হৈছে।

(১) পৰোক্ষ বা চেৰ’ল’জিকেল আৰু

(২) প্ৰত্যক্ষ বা ভাইৰ’ল’জিকেল।

মানুহৰ শৰীৰৰ পৰা তেজ ওলাই আহিলে গোট মাৰে। পৃথক হৈ অহা পণীয়া অংশখিনিক কোৱা হয় চেৰাম। চেৰামত এণ্টিব’ডিৰ উমান পোৱা যায়। সেয়েহে চেৰামৰ ওপৰত চলোৱা আটাইবোৰ পৰীক্ষা-নিৰীক্ষাকে কোৱা হয় চেৰ’ল’জিকেল পৰীক্ষা বুলি। আনহাতে বিষাণুটোক পোনে পোনে চিনাক্ত নকৰি এণ্টিব’ডিৰ উপস্থিতিৰ পৰাহে যিহেতু বিষাণুটো সম্পৰ্কে মন্তব্য দিয়া হয় সেয়ে ইয়াক কোৱা হয় পৰোক্ষ পৰীক্ষা বুলি। পৰীক্ষাৰ অন্তত চেৰামত এইচ আই ভিৰ এণ্টিব’ডি থকাটো নিশ্চিত হ’লে নিৰ্ণায়ক মন্তব্য দিয়া হয় চেৰ’পজিটিভ বা চেৰ’ধনাত্মক।

দ্বিতীয়তে, যেতিয়া ব্যক্তিজনৰ তেজ অথবা অন্য ইন্দ্ৰিয় আৰু কলা (টিছ্যু)ৰ পৰা বিষাণুটোক পৃথক কৰা হয় নতুবা বিষাণু বা বিষাণুটোৰ উপাদান (প্ৰ’টিন/এণ্টিজেন) থকা বুলি চিনাক্ত কৰি বিষাণুটোক পৃথক কৰাৰ বাবে নিৰ্ণায়ক পৰীক্ষা-নিৰীক্ষা চলোৱা হয় তাক কোৱা হয় প্ৰত্যক্ষ বা ভাইৰ’ল’জিকেল পৰীক্ষা।

পৰীক্ষাগাৰত এইচ আই ভি চিনাক্তকৰণ পদ্ধতি

প্ৰত্যক্ষ পদ্ধতি

(বিষাণু বা বিষাণুটোৰ অইন উপাদান চিনাক্তকৰণ)

পৰোক্ষ পদ্ধতি

(এণ্টিব’ডি চিনাক্তকৰণ)

পলিমাৰেজ চেইন ৰিয়েকচন (পিচিআৰ) (এইচ এই ভি এণ্টিজেন থকাটো প্ৰমাণ কৰা হয়)।

এলিছা (ELISA- Enzyme Linked Immuno Sorbant Assay)

ভাইৰেল কালচাৰ।

IFA- Immuno Fluorescene Assay

এই পৰীক্ষাসমূহ অত্যন্ত সংবেদনশীল, ব্যয়বহুল আৰু অত্যাধুনিক। আনহাতে কাৰিকৰী দিশত সহজ তথা বিপদমুক্ত নহয়। সেয়ে নিয়মিত চিনাক্তকৰণ পৰীক্ষাৰ বাবে এইবোৰ উপযুক্ত নহয়।

RIA or RIPA- Radio Immuno (precipitation) Assay

ৱেষ্টাৰ্ণ ব্লট (Western Blot)

এই পৰীক্ষাসমূহ বহুলখৰচী নহয়, কাৰিকৰী দিশতো সহজ। সেয়ে নিয়মিত চিনাক্তকৰণৰ বাবে ইহঁত ব্যৱহাৰোপযোগী। কিন্তু এইবোৰে কেতিয়াবা ভুল যোগাত্মক ফলো দিব পাৰে।

সহজলভ্যতা, নিৰ্ভৰযোগ্যতা, মিতব্যয়িতা আদি কথাসমূহ বিবেচনা কৰি এলিছা আৰু ৱেষ্টাৰ্ণ ব্লট পৰীক্ষা দুটা এইচ আই ভি পৰীক্ষাৰ বাবে বাছি লোৱা হৈছে। একাধিকবাৰ এলিছা কৰিলে শতকৰা ৯৯.৯৩ আৰু ৱেষ্টাৰ্ণ ব্লট কৰিলে শতকৰা ৯৯.৯৯ ভাগেই শুদ্ধ ফলাফল পাব পাৰি হেতুকে ৰাষ্ট্ৰীয় এইড্‌ছ নিয়ন্ত্ৰণ সংস্থা (NACO)ই ভাৰতত এইচ আই ভিৰ নিয়মিত পৰীক্ষাৰ বাবে এই দুটা পৰীক্ষাকে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

এইচ আই ভি চিনাক্তকৰণৰ উদ্দেশ্য ও পৰীক্ষা প্ৰণালীঃ

 

ব্যক্তি এজনৰ শৰীৰত এইচ আই ভি আছে নে নাই চোৱাৰ বাবে মুখ্যতঃ চাৰিটা কাৰণত পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰা হয়। সেই কাৰণ বা উদ্দেশ্যসমূহ হ’লঃ

(১) ৰক্ত সংৰচণৰ উদ্দেশ্যঃ

এইক্ষেত্ৰত ৰক্তদাতাৰ পৰা লোৱা তেজৰ নমুনাত HIV1 আৰু HIV2 উভয়ৰে বাবে এলিছা নতুবা বেগী/সৰলৰ এটা পৰীক্ষা কৰা হয়। ক্ষেত্ৰীয় ৰক্ত পৰীক্ষা কেন্দ্ৰ আৰু ৰক্তভাণ্ডাৰ সমূহত কৰা এই পৰীক্ষাত যদি এইচ আই ভিৰ এণ্টিব’ডি পোৱা যায় তেন্তে নিৰ্ণায়ক মন্তব্য দিয়া হয় চেৰ’ৰিএক্টিভ বুলি। চেৰ’ৰিএক্টিভ পালে উপযুক্ত সাৱধানতা সহকাৰে তেজখিনি লগে লগে পেলাই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু দ্বিতীয়বাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা ৰখা নহয়। তদুপৰি ৰক্তদাতাজনক অনুসৰণো কৰা নহয়।

(২) তদাৰক বা নিৰীক্ষণৰ উদ্দেশ্যঃ

এইক্ষেত্ৰত ব্যক্তিৰ নাম ঠিকনাৰ কোনো উল্লেখ নথকা তেজৰ নমুনাসমূহ ৰক্ত সংৰচনৰ উদ্দেশ্যে কৰাৰ নিচিনাই পৰীক্ষা কৰা হয়। কেৱল ইয়াত দ্বিতীয়বাৰো পৰীক্ষা কৰা হয়। প্ৰথমবাৰ চেৰ’ৰিএক্টিভ পোৱা যিকোনো তেজৰ নমুনাকে ভিন্ন এণ্টিজেনৰ ভিত্তিত পুনৰবাৰ এলিছা অথবা বেগী/সৰল পৰীক্ষা কৰা হয়। প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ ৰিএক্টিভ নোহোৱা যিকোনো তেজৰ নমুনাত এইচ আই ভিৰ এণ্টিব’ডি নাই বা এইচ আই ভি ঋণাত্মক বুলি মন্তব্য দিয়া হয়। দুয়োবাৰ ধনাত্মক পালে চেৰ’ধনাত্মক বুলি কোৱা হয়।

(৩) ৰোগ নিৰ্ণয়ৰ উদ্দেশ্যঃ

এই উদ্দেশ্যে কৰা পৰীক্ষাসমূহ ৰোগীৰ শাৰীৰিক অসুস্থতাৰ পৰ্যায়ৰ ওপৰত নিৰ্ভৰ কৰে। যেনে-

(ক) লক্ষণবিহীন (এইড্‌ছৰ) ৰোগীৰ ক্ষেত্ৰত বিভিন্ন এণ্টিজেনেৰে তৈয়াৰী কিটেৰে তিনিটা এলিছা বা বেগী/সৰল পৰীক্ষা কৰা হয়। তিনিওটাতে যোগাত্মক ফল পালে ব্যক্তিজনক এইচ আই ভি ধনাত্মক বুলি চিনাক্ত কৰা হয়। প্ৰথম দুটা পৰীক্ষাত যোগাত্মক আৰু শেষৰটোত ঋণাত্মক পালে অমীমাংসিত বা দ্ব্যৰ্থক মন্তব্য দিয়া হয়। এনেকুৱা অৱস্থাত তিনিমাহৰ পিছত পুনৰ পৰীক্ষা আৰম্ভ কৰা হয় বা নিশ্চিতকৰণৰ বাবে ৱেষ্টাৰ্ণ ব্লট পৰীক্ষা কৰিবলৈ দিয়া হয়।

(খ) লক্ষণযুক্ত ৰোগীৰ ক্ষেত্ৰত ধনাত্মক দুটা পৰীক্ষাই যথেষ্ট। দুয়োটাতে যোগাত্মক ফল পালে নিৰ্ণায়ক মন্তব্য দিয়া হয় ধনাত্মক বুলি আৰু প্ৰথমটোত ধনাত্মক তথা দ্বিতীয়টোত ঋণাত্মক ফল পালে নিৰ্ণায়ক মন্তব্য দিয়া হয় ঋণাত্মক বুলি।

(৪) গৱেষণাৰ উদ্দেশ্যঃ

এইক্ষেত্ৰত এইচ আই ভিৰ এণ্টিব’ডি চোৱাৰ বাবে চেৰামৰ নমুনাসমূহ অকল ৱেষ্টাৰ্ণ ব্লট পৰীক্ষাৰ দ্বাৰাহে পৰীক্ষা কৰি নিশ্চিত কৰা হয়।

মন কৰিবলগীয়া কথা এটা হ’ল এই যে- যিকোনো চেৰাম এটা পৰীক্ষা কৰি উঠাৰ পিছত নিৰ্ণায়ক ধনাত্মক মন্তব্য দিয়াৰ সময়ত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়। কিয়নো, আসোঁৱাহপূৰ্ণ অথবা ভুল মন্তব্যই সমাজত বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে।

ৰোগীৰ চিকিৎসা ব্যৱস্থাঃ

 

এইডছ এটা নিৰ্দিষ্ট ৰোগ নহয়, বিভিন্ন ৰোগৰ সমষ্টিহে। সেয়ে এইড্‌ছৰ কবলত পৰা ৰোগীসকলক সুবিধাবাদী অণুজীৱৰ সংক্ৰমণ অনুযায়ী চিকিৎসকসকলে (প্ৰশিক্ষণপ্ৰাপ্ত) চিকিৎসা আগবঢ়াব। স্নায়ুজনিত লক্ষণ আৰু কৰ্কট ৰোগৰ বেলিকাও সদ্যলব্ধ চিকিৎসাসমূহহে আগবঢ়োৱা হয়। যিদোভুদিন, আলফেইনটাৰফেৰন, ৰেবাভিৰিন, চুৰামিন আদি এইচ আই ভি- নাশক কিছুমান ঔষধ ওলাইছে যদিও ইবোৰ অত্যন্ত ব্যয়বহুল আৰু ইহঁতৰ যথেষ্ট পাৰ্শ্বক্ৰিয়াও আছে। সেয়েহে এই ঔষধবোৰৰ সাৰ্বজনীন প্ৰচলন এতিয়াও হোৱা নাই। গতিকে প্ৰকৃতাৰ্থত এইড্‌ছৰ কোনো ফলপ্ৰসূ ঔষধ নাই বুলিলেই হয়। (একেবাৰে শেহতীয়াভাৱে ক্ৰিক্সিভান, নৰভিৰ আৰু ইনভাইৰেজ আদি নামৰ কেইবিধমান ঔষধ ওলাই কিছু আশাৰ সঞ্চাৰ কৰিছে যদিও এইবোৰৰ প্ৰচলন সম্প্ৰতি হোৱা নাই।

এইচ আই ভি বা এইড্‌ছ আক্ৰান্ত ব্যক্তিসকলৰ বিধি ব্যৱস্থা সম্পৰ্কে আটাইতকৈ দৰকাৰী কথা হ’ল- এই ৰোগীসকলৰ ক্ষেত্ৰত কেতিয়াও পৃথকীকৰণ বা অইন ৰোগীৰ লগত প্ৰভেদ ব্যৱস্থা ৰাখিব নালাগে। সমাজত খেলিমেলিৰ সৃষ্টি কৰা এইড্‌ছ সম্পৰ্কীয় ভুল ধাৰণা আঁতৰাবলৈ ইতিমধ্যে ভালেকেইখন আন্তৰ্জাতিক অভিবৰ্তনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণঃ

 

প্ৰকৃতাৰ্থত যিহেতু এইড্‌ছৰ কোনো চিকিৎসাই উদ্ভাৱন হোৱা নাই সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমাৰ সন্মুখত উপায় মাথোন এটাই আছে। সেয়া হ’ল নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ। উপযুক্ত তথ্যপাতি আৰু শিক্ষাৰে সম্পূৰ্ণ জ্ঞান আহৰণ কৰিহে আমি এইড্‌ছক নিয়ন্ত্ৰণ কিম্বা প্ৰতিৰোধ কৰিব পাৰিমহঁক। নিয়ন্ত্ৰণ শব্দটোৰ অৰ্থ হৈছে ইতিমধ্যেই যিসকল এইচ আই ভি/এইডছৰ দ্বাৰা আক্ৰান্ত হৈছে তেওঁলোকৰ পৰা যাতে অইন সুস্থ ব্যক্তিলৈ অধিক সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা। আনহাতে, প্ৰতিৰোধ শব্দটোৰে বুজোৱা হৈছে এইচ আই ভি/এইডছ সম্প্ৰসাৰণৰ সমূহ পথতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা।

এহাতে, আক্ৰান্ত ব্যক্তিসকলক যিদৰে আমি মানসিক সাহস গোটাই নিত্য-নৈমিত্তিক কাম-কাজসমূহত সমানে অংশগ্ৰহণ কৰিবলে সুযোগ দিয়াটো আমাৰ প্ৰতিজন নাগৰিকৰে পবিত্ৰ কৰ্তব্য তথা দায়িত্ব। একেদৰে আক্ৰান্ত ব্যক্তিসকলেও তেওঁলোকৰ গাৰ পৰা অইনলৈ বিষাণু সংক্ৰমণ নকৰাকৈ থকাটোও এক পবিত্ৰ কৰ্তব্য তথা মহান দায়িত্ব। এইক্ষেত্ৰত তেওঁলোকৰ নীতি হোৱা উচিত আনৰ অনিষ্ট নকৰিবা। আক্ৰান্ত ব্যক্তিসকলে পালন কৰিবলগীয়া দায়িত্বসমূহ হ’ল-

(১) ৰোগৰ বিষয়ে যাকে-তাকে কৈ ফুৰিব নালাগে।

(২) ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।

(৩) অসুৰক্ষিত যৌনকৰ্মৰ পৰা বিৰত থাকিব লাগে।

(৪) স্বামী-স্ত্ৰী অথবা যৌনসংগীৰ লগত সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিলেও ৰোগৰ বিষয়ে তেওঁক অৱগত কৰোৱা উচিত।

(৫) চিকিৎসকৰ লগত সুহৃদপূৰ্ণ আলোচনাত ব্ৰতী হ’ব লাগে।

(৬) সুৰাপান, ধূমপান অথবা নিচাসক্ত দৰব সেৱনৰ পৰা বিৰত থাকিব লাগে।

(৭) সুষম পুষ্টিকৰ আহাৰ নিয়মীয়াকৈ খাব লাগে।

(৮) মনলৈ কেতিয়াও হতাশাৰ ভাব নানি নিত্য-নৈমিত্তিক কাম-কাজসমূহত নিঃসংকোচে অংশগ্ৰহণ কৰিব লাগে।

আক্ৰান্ত ব্যক্তিৰ মানসিক সাহস আৰু দায়িত্ববোধ জগাই তোলাত দিয়া পৰামৰ্শ বা কাউন্সেলিঙে এক উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে।

(কাউন্সিলিঙৰ বিষয়ে পিছত আলোচনা কৰা হৈছে)।

প্ৰতিৰোধৰ উপায়সমূহঃ

 

(১) বহুসংখ্যক বা অচিন (যাৰ শাৰীৰিক সুস্থতা তথা বৰ্তমান শৰীৰৰ অৱস্থা সম্পৰ্কে জনা নাযায়) যৌনসংগীৰ লগত যৌনসম্পৰ্ক স্থাপনৰ পৰা বিৰত থকা।

(২) বিপদজনক যৌন সম্পৰ্কত কনড’ম ব্যৱহাৰ কৰা।

(৩) যৌন সম্পৰ্কৰ দ্বাৰা উদ্ভৱ হ’ব পৰা বেমাৰৰ পৰা সাৱধানে থকা।

(৪) বেজীৰে নিচাযুক্ত দৰব সেৱন বন্ধ কৰা।

(৫) ৰক্ত গ্ৰহণৰ সময়ত সদায় বীজাণুমুক্ত তেজ ব্যৱহাৰ কৰা।

(৬) যিকোনো বেজী লওঁতে বীজাণুমুক্ত বেজী ব্যৱহাৰ কৰা, লগতে কাণ বিন্ধোৱা, নাক বিন্ধোৱা, চুন্নত কৰা, হাতত ফুল/নাম আদি কটা আদি কাৰ্যত বীজাণুমুক্ত সা-সজুলি ব্যৱহাৰ কৰা।

(৭) ব্যক্তিগত সামগ্ৰী, যেনে- টুথ্ ব্ৰাছ, খুৰ বা তেনে ধৰণৰ সা-সজুলি (যিবোৰত তেজ লাগিব পাৰে) অইনৰ লগত বিনিময় নকৰা।

(৮) আক্ৰান্ত মহিলাই গৰ্ভধাৰণ নকৰা।

(৯) পুষ্টিকৰ সুষম আহাৰ নিয়মীয়াকৈ খোৱা ইত্যাদি।

মুঠতে মহাব্যাধিটোৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে বিষাণুবিধ কেনেকৈ সম্প্ৰসাৰিত হয়, কেনেকৈ নহয় আদি বিষয়সমূহৰ ওপৰত বিস্তৃত জ্ঞান লাভ কৰাৰ লগতে প্ৰতিজন নাগৰিকে এক দায়িত্বজ্ঞানসম্পন্ন জীৱন যাপন কৰিব লাগে আৰু অতি বিপদশংকুল জনগাঁথনিৰ লোকৰ পৰা নিজকে দূৰৈত ৰাখিব লাগে।

দায়িত্বজ্ঞানসম্পন্ন জীৱনযাত্ৰা প্ৰণালী মানে ইয়াত এইচ আই ভি বিষাণুটোৰ পৰা নিজকে মুক্ত ৰাখি সচেতনভাৱে জীৱন যাপন কৰাকে বুজোৱা হৈছে। আনহাতে অতি বেছি বিপদ-শংকুল জনগাঁথনি মানে হ’ল যিসকল ব্যক্তি বিভিন্ন কাৰণত এইড্‌ছ বিষাণুৰ দ্বাৰা সহজেই আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। এনে জনগাঁথনিৰ লোক কিছুমান হ’ল-

  • যৌনাংগত যিকোনো প্ৰকাৰৰ ঘাঁ (যৌন ৰোগত আক্ৰান্ত) থকা পুৰুষ/মহিলা।
  • ব্যৱসায়ী যৌনকৰ্মী (পুৰুষ/মহিলা)।
  • সমকামীসকল।
  • বহুগামীসকল।
  • গণিকা গমনকাৰীসকল।
  • ব্যৱসায়ী ৰক্তদাতাসকল।
  • বেজীৰে নিচাযুক্ত দৰব সেৱনকাৰীসকল।
  • হিম’ফিলিয়া বা অন্য ৰক্তহীনতা ৰোগত ভুগি সঘনাই তেজ অথবা তেজৰ অন্য উপাদান ল’বলগীয়া ৰোগীসকল।

এইচ আই ভি বা এইড্‌ছ আক্ৰান্ত ব্যক্তিসকলৰ মানসিক অৱস্থাঃ

 

এইড্‌ছৰ যিহেতু কোনো ফলপ্ৰসূ চিকিৎসা নাই গতিকে এইচ আই ভিত আক্ৰান্ত হোৱাৰ ভয় মানেই অমূল্য মানৱ জীৱনটোও অকালতে হেৰুৱাই পেলোৱাৰ ভয়। এইড্‌ছ বিষাণু বা এইচ আই ভিত আক্ৰান্ত হোৱাৰ খবৰে মানুহজনৰ মনত বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ উদ্ভৱ কৰিব পাৰে। এনেকুৱা কিছুমান মানসিক অৱস্থাৰ কথা তলত উনুকিওৱা হ’ল-

(১) তাক্ষণিক মানসিক আঘাতঃ এইচ আই ভিত আক্ৰান্ত হোৱাৰ খবৰে মানুহজনক সাংঘাতিক ধৰণে মানসিক আঘাত দিয়াৰ লগতে তেওঁক নিয়ন্ত্ৰণহীন কৰি তুলিব পাৰে।

(২) অস্বীকাৰ বা প্ৰতিবাদঃ কিছুমান মানুহে তেওঁলোকৰ এইচ আই ভি সংক্ৰমণ বা এইডছৰ খবৰ সম্পূৰ্ণ অস্বীকাৰ কৰিবও পাৰে নতুবা খবৰটো কোনোপধ্যে মানি ল’বলৈ প্ৰস্তুত নহ’বও পাৰে।

(৩) দোষ বা পাপঃ আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছত ব্যক্তিজনে হয়তো নিজকে দোষী বা পাপী জ্ঞান কৰিব পাৰে।

(৪) দৰাদৰিঃ কিছুমানে আকৌ মানসিকভাৱে দৰাদৰিও কৰিব পাৰে। তেওঁলোকে ভাবে যে যদিহে সকলো ধৰণৰ যৌনকৰ্ম সম্পূৰ্ণ বন্ধ কৰি দিয়া যায় তেন্তে হয়তো ভগৱানে তেওঁলোকৰ অসুখ ভাল কৰি দিব। আকৌ কিছুমানে হয়তো ভাবিব পাৰে যে অকুমাৰী ছোৱালী নতুবা শিশুৰ লগত যৌনকৰ্মত লিপ্ত হ’লে ৰোগ আৰোগ্য হৈ যাব।

(৫) ভয়ঃ যন্ত্ৰণা, মৃত্যু, অক্ষমতা, কৰ্মকুশলতা হেৰুওৱা, গোপনীয়তা ভংগ, ক্ৰমশঃ মৃত্যুৰ ফালে গতি কৰা, অকলে মৰা, যন্ত্ৰণাত মৰা, ভৱিষ্যত তথা পৰিত্যক্ত হোৱা আদি বিভিন্ন কথাৰ বাবে আক্ৰান্ত মানুহজন ভয়াতুৰ হ’ব পাৰে।

(৬) ক্ষতি বা হানিঃ ভৱিষ্যৎ আৰু আশা, দৈহিক সৌন্দৰ্য তথা বল-বীৰ্য্য, যৌন সম্পৰ্ক, সামাজিক মৰ্যাদা, অৰ্থনৈতিক সুস্থিৰতা, স্বতন্ত্ৰতা, গোপনীয়তা, জীৱনৰ প্ৰতি থকা নিয়ন্ত্ৰণ তথা বিশ্বাস আদি হেৰুওৱাৰ আশংকা।

(৭) দুখ বা শোকঃ হেৰুৱাবলগীয়া হোৱাবোৰৰ বাবে দুখ।

(৮) খঙঃ পৰিস্থিতিটোৰ বাবে অসহায় হোৱা হেতু, হতভাগ্যৰ ওপৰত, সংক্ৰমণ মুক্ত হৈ থকা সকলৰ ওপৰত, স্বাস্থ্যকৰ্মীসকলৰ ওপৰত, তথা যিসকলে পৰিত্যাগ কৰিব বিচাৰে তেওঁলোকৰ ওপৰত খং উঠিব পাৰে।

(৯) আত্মহত্যা কৰা অথবা আত্মহত্যাৰ বাবে চিন্তা কৰা।

(১০) উৎকণ্ঠাঃ নিঃসন্তান হ’বলগীয়া হোৱা, অইনক সংক্ৰমিত কৰা, সামাজিক, ব্যৱসায়িক, ঘৰুৱা তথা যৌন শত্ৰুতা বা অগ্ৰাহ্যতা, পৰিত্যাগ বা পৃথকীকৰণ কৰা তথা শাৰীৰিক যন্ত্ৰণা, অৱজ্ঞা আৰু যন্ত্ৰণাত মৃত্যুবৰণ কৰা, এইচ আই ভি সংক্ৰমণৰ ঘটনা আৰু ফলাফলবোৰ সলনি কৰিব নোৱাৰা অক্ষমতা, ভৱিষ্যতে স্বাস্থ্য ভালে ৰাখিব পৰাৰ ক্ষমতা, ভালপোৱাজন তথা পৰিয়ালৰ বাকীবোৰৰ লগত মিলি থাকিব পৰাৰ ক্ষমতা, উপযুক্ত চিকিৎসাৰ পৰ্যাপ্ততা, জীৱন নিৰ্বাহ শৈলীৰ গোপনীয়তা ভংগ, ভৱিষ্যৎ সামাজিক আৰু যৌন অগ্ৰাহ্যতা, দক্ষতাৰে কাম কৰিব পৰা ক্ষমতাৰ অৱনতি, তথা শাৰীৰিক আৰু আৰ্থিক স্বতন্ত্ৰতাৰ হানি ইত্যাদিৰ বাবে বিভিন্ন উৎকণ্ঠাই দেখা দিব পাৰে।

(১১) হতাশাঃ আৰোগ্য হোৱাৰ উপায় নথকা হেতু অথবা ব্যক্তিগত নিয়ন্ত্ৰণ হেৰুৱাই পেলাবলগীয়া হোৱা বাবে।

(১২) আত্ম বিবেচনা হেৰুওৱাঃ পৰিত্যাগ কৰা বাবে অথবা আত্মবিশ্বাস হেৰোৱা বাবে।

(১৩) গ্ৰহণীয়তাঃ সদৌ শেষত নিজকে শান্তনা দি পৰিস্থিতি মূৰ পাতি লোৱা। ইত্যাদি।

গতিকে দেখা যায় এইচ আই ভিত আক্ৰান্ত অথবা এইড্‌ছ ৰোগী এজনৰ মনত উদ্ভৱ হ’ব পৰা আটাইবোৰ মানসিক অস্থিৰতাই দেখা দিয়ে- অনিশ্চয়তা আৰু নিয়ন্ত্ৰণক কেন্দ্ৰ কৰিহে। কিন্তু এনেকুৱা অৱস্থাত ব্যক্তি এজনক কাউন্সেলিঙে মানসিক স্থিৰতা ঘূৰাই অনাত যথেষ্ট সহায় কৰে।

কাউন্সেলিংঃ

কাউন্সেলিং হ’ল এনে এক প্ৰক্ৰিয়া য’ত এজন সমস্যা জৰ্জৰিত মানুহ আৰু তেওঁক সহায় কৰিব পৰা অইন এজন মানুহৰ মাজত গোপনে, ধাৰাবাহিকভাৱে আৰু নিবিড়ভাৱে আলোচনা কৰা হয়, যত মানুহজনৰ ব্যক্তিগত, একান্ত ঘনিষ্ঠ আৰু আচৰণ সম্পৰ্কীয় সমস্যাৰ সমাধানকল্পে উপায় উদ্ভাৱনৰ প্ৰয়াস কৰা হয়। কাউন্সেলিঙে মানুহৰ ব্যৱহাৰ আচৰণ সলনি কৰাত তথা ভয় আৰু উৎকণ্ঠা হ্ৰাস কৰাত সহায় কৰে। এইচ আই ভিত আক্ৰান্ত ব্যক্তি এজনৰ ক্ষেত্ৰতো এই একে প্ৰক্ৰিয়া অৱলম্বন কৰি সুফল পাব পাৰি।

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সংজ্ঞামতে- “HIV/AIDS Counselling is a dialogue between a client and a care provider aimed at enabling the client to cope with stress and to take personal decisions relating to HIV/AIDS.”

HIV/AIDS কাউণ্সেলিং সদায় দুটা মুখ্য উদ্দেশ্য আগত ৰাখি কৰা হয়-

(১) এইচ আই ভি সংক্ৰমণত প্ৰতিৰোধ সৃষ্টি কৰা আৰু অইনলৈ সম্প্ৰসাৰণ হোৱাত বাধা আৰোপ কৰা- একে আষাৰে প্ৰতিৰোধমূলক উদ্দেশ্য আৰু

(২) ইতিমধ্যে আক্ৰান্ত/প্ৰভাৱিত ব্যক্তিক সামাজিক-মানসিক সহায়ৰ খোৰাক আগবঢ়োৱা- একে আষাৰে সহায়ক উদ্দেশ্য।

প্ৰতিৰোধমূলক কাউন্সেলিঙৰ ক্ষেত্ৰত ধ্যান আৰোপিত বিষয়সমূহ হ’ল- বিপদ নিৰূপন (চিনাক্তকৰণ), বিপদ বা শংকা হ্ৰাসকৰণ আৰু এইচ আই ভি পৰীক্ষা কৰাৰ আগত আৰু পিছত কৰা কাউন্সেলিং। আনহাতে, আক্ৰান্ত ব্যক্তি বা তেওঁলোকৰ পৰিয়ালক সামাজিক-মানসিক সহায় কৰোঁতে সহায়ক কাউন্সেলিং আৰু সংকটকালীন কাউন্সেলিং- এই দুই ধৰণৰ কাউন্সেলিং দিয়াৰ প্ৰয়োজন আছে।

গতিকে এইচ আই ভি/এইডছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিম্নোক্ত শ্ৰেণীভুক্ত ব্যক্তিসকলক কাউন্সেলিং দিয়াৰ আৱশ্যকতা অনুভৱ কৰা যায়।

(১) যিসকলে অতীতত বা বৰ্তমানেও বিপদ-শংকুল আচৰণ কৰি আছে আৰু এইচ আই ভি/এইড্‌ছৰ বিষয়ে শুনিছে।

(২) যিসকলৰ এইচ আই ভি পৰীক্ষা কৰিব বিচৰা হৈছে (পৰীক্ষাৰ আগত আৰু পিছত)।

(৩) যিসকলে অতি বেছি বিপদ-শংকুল আচৰণ কৰি আছে অথচ কোনো সহায় বিচৰা নাই।

(৪) ইতিমধ্যেই এইচ আই ভি বা এইড্‌ছত আক্ৰান্ত বুলি চিনাক্ত কৰা ব্যক্তিসকল আৰু তেওঁলোকৰ পৰিয়াল অথবা অন্য প্ৰয়োজনীয় লোকক।

সমাজকৰ্মী, চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্চ, মনোবিজ্ঞানী, শিক্ষক, ৰক্ত ভাণ্ডাৰৰ কৰ্মী, ধৰ্মীয় নেতা, সম্প্ৰদায় নেতা, যৌনকৰ্মী, স্বেচ্ছাসেৱী দল তথা পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গকে আদি কৰি বিভিন্ন ব্যক্তিয়েই এজন কাউন্সেলৰ বা পৰামৰ্শদাতাৰ ভূমিকা পালন কৰিব পাৰে। কাউন্সেলৰ এজনৰ কেইটামান বিশেষ গুণ থকাৰ আৱশ্যকতা নোহোৱা নহয়। যেনে- তেওঁ লক্ষ্যত উপনীত হ’ব পৰা এজন চতুৰ ব্যক্তি হ’ব লাগিব, সমস্যাত পৰা মানুহজনৰ বিশ্বাসভাজন হ’ব পাৰিব লাগিব, সমস্যাটো সম্বন্ধে যথেষ্ট তথ্য সম্বলিত জ্ঞান থকা, সচেতন সুশ্ৰোতা, দোষী সাব্যস্ত নকৰি অইনৰ আচৰণৰ সঠিক বুজ ল’ব পৰা, সহানুভূতি দেখুওৱা অথচ পুতৌ নেদেখুওৱা, আনৰ মংগলৰ বাবে সদিচ্ছা আৰু ঐকান্তিকতা থকা, গোপনীয়তা ৰক্ষা কৰিব পৰা, যথেষ্ট সময় দিব পৰা, বিপদ শংকা অতিক্ৰম কৰিব পৰা ইত্যাদি বিভিন্ন গুণৰ অধিকাৰী হ’ব লাগিব।

সমাজত মানুহৰ ওপৰত পৰা এইচ আই ভি বা এইড্‌ছৰ কুপ্ৰভাৱ নিবৃত্তিৰ আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থা হ’ল কাউন্সেলিং।

এইড্‌ছ প্ৰতিৰোধৰ আন্তৰ্জাতিক কাৰ্যাৱলীঃ

এইড্‌ছ প্ৰতিৰোধৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত একেবাৰে আৰম্ভণিতে ১৯৮৫ চনত এখন গোলকীয় আঁচনি যুগুতোৱাৰ প্ৰয়াস কৰা হয়। ১৯৮৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰা এইড্‌ছৰ বিশেষ কাৰ্যক্ৰমণিকাখনক পিছলৈ এইড্‌ছৰ বিশ্বজোৰা কাৰ্যক্ৰমণিকালৈ ৰূপান্তৰিত কৰা হয়। এইড্‌ছ প্ৰতিৰোধৰ বাবে বিশ্বজোৰা নেতৃত্ব বহন কৰা বিশ্ব স্বাস্থ্য সংস্থাই গোটেই বিশ্বজুৰি তিনিটা বিশেষ কৌশল অৱলম্বন কৰিছিল। প্ৰথম কৌশল মতে, বিভিন্ন উপায়েৰে এইচ আই ভি সংক্ৰমণ ৰোধ কৰা। দ্বিতীয়তে, এইড্‌ছ আৰু এইচ আই ভি সংক্ৰমণে সমাজ তথা ব্যক্তিগত জীৱনত পেলোৱা কুপ্ৰভাৱসমূহ হ্ৰাস কৰা আৰু তৃতীয় কৌশল মতে, এইড্‌ছৰ বিৰুদ্ধে হাতত লোৱা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহ সংগঠিত তথা একত্ৰিত কৰা।

১৯৯৬ চনৰ জানুৱাৰী মাহৰ পৰা ‘নতুন যুক্তৰাষ্ট্ৰীয় এইড্‌ছ কাৰ্যক্ৰমণিকা’ (UNAIDS) এখন গ্ৰহণ কৰা হয়। এই কাৰ্যক্ৰমণিকা ৰূপায়ণাৰ্থে UNICEF, UNDP, UNESCO, UNFPA, WHO আৰু IBRD এই ছটা আন্তৰ্জাতিক অনুষ্ঠানে একেলগে কাম কৰিবলৈ লয়।

বিশ্ব এইড্‌ছ দিৱসঃ

 

এইড্‌ছৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বিশ্বজোৰা সংক্ৰমণ ৰোধ কৰিবলৈ মানৱ জাতিয়ে লোৱা সংকল্পসমূহক পুনৰুজ্জীৱিত কৰাৰ বাবে বিশ্ব এইড্‌ছ দিৱস বৰ্তমান এক বিশেষ কাৰ্যক্ৰমৰূপে পৰিগণিত হৈছে। ১৯৮৮ চনৰ পৰা প্ৰতিটো বছৰৰে ১ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপিত হৈ আহিছে।

সামৰণিঃ

সদৌ শেষত ইয়াকে ক’ব পাৰি যে সমগ্ৰ বিশ্বতে এইড্‌ছে সৃষ্টি কৰা ভয়াবহতাৰ ক্ষেত্ৰত এটাই মাথোন আশাব্যঞ্জক কথা হ’ল- এইড্‌ছ শতকৰা এশ শতাংশই প্ৰতিৰোধ্য, কেৱল ইয়াৰ বাবে প্ৰয়োজন প্ৰতিজন ব্যক্তিৰ নিজস্ব সচেতনতা, ঐকান্তিকতা আৰু নিৰাপদ জীৱন-যাপনৰ প্ৰৱণতা। সেয়ে, আহক আমি আটাইয়ে নিৰাপদ সুস্থ জীৱন-যাপন কৰি এই দুৰন্ত ব্যাধি এইড্‌ছক প্ৰতিৰোধ কৰোঁহক।

(উৎসঃ এইড্‌ছ সংবাদ, জগদীশ চন্দ্ৰ কলিতা, ডাঃ হেম চন্দ্ৰ বৰ্মণ)।

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top