মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়াঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়াঃ

একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়া ৰোগৰ বিষয়ে লিখা হৈছে

একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়া ৰোগ কি হয়-

একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়া এবিধ জিনীয়, বিপাকীয় ৰোগ। ই হিমৰ উৎপাদন বিঘ্নিত কৰে। হিম হ’ল হিম’গ্লবিনৰ অক্সিজেন বহন ক্ৰিয়াৰ সৈতে জড়িত তেজৰ এটি অংগ। এই ৰোগত পৰ্ফ’বিলিনোজেন উৎসেচক দ্ৰব্যৰ স্বল্পতা হয়। তথ্য মতে প্ৰতি ১,০০,০০০ জন মানুহৰ পাঁচৰ পৰা দহজনৰ এই ৰোগ হ’ব পাৰে। এই তথ্য সঠিক নহয়, কিয়নো পৰ্কাইৰিয়া বহুদিনলৈ সুপ্ত হৈ থাকিব পাৰে।

একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়া ৰোগৰ লক্ষণসমূহ-

একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়া ৰোগৰ লক্ষণসমূহ বিভিন্ন ধৰণৰ হয়। ৯৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত পেটৰ বিষ হয়। তদুপৰি প্ৰস্ৰাৱ কৰাৰ সময়ত হোৱা বিষ, প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা, প্ৰস্ৰাৱ সম্পূৰ্ণৰূপে নোহোৱা, ক’লা ৰঙৰ প্ৰস্ৰাৱ আদিও হোৱা দেখা যায়। এই ৰোগত মানসিক ৰোগৰ লক্ষণ, যেনে- উদ্বিগ্নতা, চঞ্চলতা, ভ্ৰম, প্ৰলাপ বকা, হতাশা আদিও দেখা দিব পাৰে। অৱশ্যে এইবোৰ সম্পূৰ্ণৰূপে মানসিক ৰোগৰ লক্ষণ নহয়। এই লক্ষণসমূহে স্বয়ংক্ৰিয় স্নায়ৱিক প্ৰক্ৰিয়াৰ বৈকল্য সূচাব পাৰে। এনেকুৱা হ’লে হৃদপিণ্ডৰ গতি দ্ৰুততৰ হয়, ৰক্তচাপ বৃদ্ধি হয়, প্ৰচুৰ ঘাম নিৰ্গত হয়, অস্বাভাৱিক অনুভূতি, হাত-ভৰিৰ কম্পন, মাংসপেশীৰ দৌৰ্বল্য, ওকালি আৰু কোষ্ঠকাঠিন্যও হ’ব পাৰে। তেজৰ ছ’ডিয়ামৰ মাত্ৰা হ্ৰাস হ’ব পাৰে। ইয়াৰ ফলত মৃগীসদৃশ লক্ষণ দেখা দিব পাৰে।

ছুইডেনত কৰা এক অধ্যয়নৰ মতে শতকৰা ৯০ ভাগ ৰোগীৰ ক্ষেত্ৰত একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়াৰ মূল কাৰক হ’ল এইচ এম বি এছ জিনৰ উৎপৰিৱৰ্তন।

স্বাভাৱিক অৱস্থাত হিমৰ উৎপাদন আৰম্ভ হয় মিট’ক্ৰন্দিয়াত, তাৰপৰা কোষলৈ যায়, পুনৰ মিট’ক্ৰন্দিয়ালৈ আহি হিমৰ উৎপাদন প্ৰক্ৰিয়া বিঘ্নিত হয়। এই ৰোগৰ অন্য কাৰকসমূহ হ’ল হৰম’ন, ঔষধ আৰু খাদ্যৰ পৰিৱৰ্তন।

এই ৰোগ নিৰ্ণয়ৰ বাবে কোনো নিৰ্দিষ্ট পৰীক্ষা উপলব্ধ নহয়। তেজৰ হিম’গ্লবিনৰ মাত্ৰা, হিম’গ্লবিনৰ গঠন, তেজ আৰু প্ৰস্ৰাৱত পৰ্ফ’বিলিনোজেনৰ মাত্ৰা, পৰ্ফ’বিলিনোজেন ডিএমাইনেজৰ মাত্ৰা, মগজুৰ ই ই জি আৰু চিটিস্কেন ইত্যাদি কেতবোৰ পৰীক্ষা কৰা প্ৰয়োজনীয়।

চিকিৎসাৰ ক্ষেত্ৰত ১০ শতাংশ গ্লুক’জ সঞ্চৰণৰ প্ৰয়োজনীয়তা আছে। যদি কিবা ঔষধৰ হেতু এই ৰোগ হৈছে বুলি চিহ্নিত হয় তেনেহ’লে সেই ঔষধ সেৱন কৰিব লাগিব। যদি কিবা সংক্ৰমণ হয় তেনেহ’লে সেই সংক্ৰমণ নিৰাময়ৰ বাবে উপযুক্ত এণ্টিবায়’টিক ব্যৱহাৰ কৰিব লাগিব। ওকালি যদি বেছি হয়, তেনেহ’লে ফেন’থিয়াজাইন ঔষধ ব্যৱহাৰ কৰিব লাগিব। গৰম পানীৰে গা ধুলে ওকালিৰ পৰা সাময়িকভাৱে উপশম পাব পাৰি। পৰ্কাইৰিয়াৰ চিকিৎসাৰ বাবে হিম আৰু হিমাটিন ফলপ্ৰসূ ঔষধ। এই ঔষধে সম্পূৰ্ণ নিৰাময় নকৰিলেও সাময়িক উপশম দিব পাৰে।

একিউট ইণ্টাৰমিটেণ্ট পৰ্কাইৰিয়া ৰোগীসকলে লগত ৰোগৰ চমু বিৱৰণ থকা কাৰ্ড বা ব্ৰেচলেট ৰাখিব লাগে। কিয়নো যিকোনো সময়ত যিকোনো ঠাইত এই ৰোগ উক দিয়াৰ সম্ভাৱনা থাকে। ৰোগী সেই সময়ত চিকিৎসক বা চিকিৎসা সহায়কক ৰোগ সম্পৰ্কে ভালকৈ বিৱৰণ দিব পৰা অৱস্থাত নাথাকে। তদুপৰি এই ৰোগত কেতবোৰ ঔষধ সম্পূৰ্ণ অব্যৱহাৰ্য। পৰ্কাইৰিয়া উক দিয়াৰ ক্ষেত্ৰত চাৰিটা কথা মনত ৰাখিব লাগিব। সেইবোৰ হ’ল- ঔষধ, অপুষ্টি, ঋতুস্ৰাৱ আৰু পীড়া।

এই ৰোগত ভুগি থকা ৰোগীৰ দীৰ্ঘম্যাদী পেট আৰু হাত-ভৰিৰ বিষ হয়। ইয়াৰ মূলতে হ’ল কেতবোৰ স্নায়ুৰ বৈকল্য। ইয়াৰ বাবে দীৰ্ঘস্থায়ী আফিংযুক্ত ঔষধ ব্যৱহাৰ কৰাৰ প্ৰয়োজন হয়। তৎসত্ত্বেও বিষ সম্পূৰ্ণ নিৰাময় কৰা সম্ভৱ নহ’বও পাৰে। থোৰতে ক’বলৈ হ’লে এই ৰোগৰ সম্পূৰ্ণ নিৰাময়ৰ ঔষধ এতিয়াও উপলব্ধ হোৱা নাই।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।

2.96774193548
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top