অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এছ এল ই ৰোগঃ

এছ এল ই ৰোগৰ বিষয়ে লিখা হৈছে

এছ এল ই ৰোগ কি-

 

এছ এল ই অৰ্থাৎ Systematic Lupus Erythematosus হ’ল এবিধ স্বপ্ৰতিৰোধী ৰোগ। স্বপ্ৰতিৰোধী ৰোগ হ’ল এনে কিছুমান ৰোগ, য’ত মানৱ দেহৰ ৰোগ প্ৰতিৰোধী কোষসমূহে দেহৰ সুস্থ কোষসমূহক আক্ৰমণ কৰাৰ লগতে মানৱ দেহৰ সংক্ৰামক ৰোগৰ প্ৰতি থকা ক্ষমতা কমি যায় অথবা লোপ পায়। এছ এল ই শব্দটোৰ কোনো অসমীয়া প্ৰতিশব্দ নাই। এছ এল ই হ’লে মানৱ শৰীৰৰ ছালৰ লগতে অন্যান্য অংগ-প্ৰত্যংগসমূহো আক্ৰান্ত হ’ব পাৰে। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত এই ৰোগ ৯ গুণ বেছিকৈ হোৱা দেখা যায়। মহিলাসকলৰ ভিতৰত বিশেষকৈ যুৱতীসকলৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। শিশুসকলৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ অতি নগণ্য।

এছ এল ই ৰোগ হোৱাৰ কাৰণ-

 

এছ এল ই ৰোগ হোৱাৰ কোনো নিৰ্দিষ্ট কাৰক নাই। এই ৰোগ বংশানুক্ৰমতা, পাৰিপাৰ্শ্বিকতা আৰু হৰম’ন ইত্যাদি কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। এই ৰোগ হ’লে মানৱ দেহত কিছুমান এণ্টিবডী (যেনে- এণ্টি নিউক্লিয়াৰ এণ্টিবডী, এণ্টি ডি এছ এন এ এণ্টিবডী আদি) উৎপাদন হয়। এই এণ্টিবডীবোৰে নিজ শৰীৰৰে সুস্থ কোষবোৰক আক্ৰমণ কৰি এই ৰোগৰ সমস্যাসমূহ সৃষ্টি কৰে। এই ৰোগৰ লক্ষণসমূহৰ ভিতৰত মুখমণ্ডল আৰু সূৰ্যৰ ৰশ্মি শৰীৰৰ অংশসমূহত (যেনে- ডিঙি বা বুকুৰ ওপৰৰ অংশসমূহ) ৰঙা পৰা, মুখৰ ভিতৰত ঘা হোৱা, গাঁঠিৰ বিষ হোৱা, ৰক্তহীনতা হোৱা, চুলি সৰা, নখৰ কাষৰ ছাল ৰঙা পৰা আদি প্ৰধান। ছাল ৰঙা পৰা লক্ষণ সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত বেছি পৰিস্ফূট হৈ পৰে। এই ৰোগৰ এক প্ৰধান লক্ষণ হ’ল দুগালৰ সৈতে নাকৰ ওপৰত হোৱা পখিলা আকৃতিৰ ৰঙা দাগ। ইয়াৰ উপৰি এই ৰোগত বৃক্ক, হৃদপিণ্ড, হাঁওফাঁও, স্নায়ুতন্ত্ৰ আদিও বিভিন্ন ধৰণে আক্ৰান্ত হয়। এই আভ্যন্তৰীণ অংগসমূহ আক্ৰান্ত হ’লে আন কিছুমান লক্ষণ, যেনে- ভৰি ফুলা, প্ৰস্ৰাৱ কমি যোৱা, মূৰ্ছা যোৱা, পক্ষাঘাত বা ভাগৰ লগা ইত্যাদি লক্ষণেও দেখা দিব পাৰে। এছ এল ই ৰোগ হ’লে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱাৰ কাৰণে অন্যান্য সংক্ৰামক ৰোগেও (যেনে- যক্ষ্মা, নিউমোনিয়া আদি) এনে ৰোগৰ ৰোগীসকলক আক্ৰমণ কৰাৰ আশংকা বাঢ়ি যায়।

এই ৰোগ চিনাক্তকৰণৰ কাৰণে ৰোগৰ লক্ষণসমূহৰ উপৰি এই ৰোগত মানৱ দেহত উৎপাদন হোৱা বিভিন্ন এণ্টিবডীবোৰ (যেনে- এণ্টি নিউক্লিয়াৰ এণ্টিবডী, এণ্টি ডি এছ এন এ এণ্টিবডী আদি) চিনাক্ত কৰাৰ কাৰণে ৰোগীৰ ৰক্ত পৰীক্ষা কৰাটো দৰকাৰ। কেতিয়াবা ৰোগৰ জটিলতা জানিবলৈ বৃক্ক, হাঁওফাঁও, হৃদযন্ত্ৰ বা স্নায়ুতন্ত্ৰৰ বাবে আন কেতবোৰ পৰীক্ষাৰ দৰকাৰ হয়।

এছ এল ই ৰোগ সম্পূৰ্ণ নিৰ্মূল কৰিব নোৱাৰি, ইয়াক নিয়ন্ত্ৰণহে কৰিব পাৰি। এই ৰোগীসকলে বিধিসন্মতভাৱে চিকিৎসা কৰি এটা সম্পূৰ্ণ সুস্থ জীৱন-যাপন কৰিব পাৰে। ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ দৰে এছ এল ই ৰোগৰ চিকিৎসাও জটিল আৰু জীৱনজোৰা হয়। কাৰোবাৰ শৰীৰত উক্ত ৰোগৰ লক্ষণসমূহ দেখা দিলে অনতি পলমে চিকিৎসকৰ কাষ চপা উচিত। প্ৰাথমিক অৱস্থাতে ৰোগ চিনাক্ত কৰি অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়। আজিকালি এই ৰোগৰ বাবে আন বহুতো নতুন ঔষধ সংযোজন হৈছে। সঠিক সময়ত চিকিৎসা নকৰিলে পিছলৈ এনে ৰোগীৰ আভ্যন্তৰীণ অংগসমূহ (যেনে- বৃক্ক, স্নায়ুতন্ত্ৰ আদি) আক্ৰান্ত হ’লে চিকিৎসা পদ্ধতি অধিক জটিল হোৱাৰ লগতে ৰোগীৰ মৃত্যুও হ’ব পাৰে।

ল’ৰা বা ছোৱালীয়েই হওক বিবাহৰ ক্ষেত্ৰত এনে ৰোগীৰ কোনো বাধা নাই। সন্তান-সম্ভৱা হোৱাৰ আগতে এই ৰোগত আক্ৰান্ত মহিলা ৰোগীয়ে বিশেষজ্ঞ চিকিৎসকৰ মতামত লোৱাটো অতি প্ৰয়োজনীয়। গৰ্ভধাৰণৰ সময়ছোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰিব লাগে।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মীয়াকৈ ঔষধ সেৱন কৰাৰ উপৰি এছ এল ই ৰোগীসকলে কিছুমান কথা মানি চলিলে এই ৰোগৰ উপসৰ্গসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে। এনে ৰোগীয়ে ঘৰৰ বাহিৰলৈ ওলাওঁতে ৰ’দৰ পৰা বাচি থাকিবলৈ শৰীৰত ছানস্ক্ৰীন প্ৰলেপ ব্যৱহাৰ কৰাৰ উপৰি ছাতি লৈ আৰু শৰীৰৰ বাকী অংশ আবৃত হৈ থকাকৈ কপাহী কাপোৰ পৰিধান কৰা উচিত। ৰোগী পৰিষ্কাৰকৈ থকাৰ উপৰি শৰীৰত অন্য সংক্ৰমণ হ’ব পৰা যিকোনো পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগে। এছ এল ই ৰোগীসকলে অধিক কেলচিয়ামযুক্ত খাদ্য (যেনে- গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী বস্তু, সেউজীয়া শাক-পাচলি, চয়াবিন ইত্যাদি) খাব লাগে। প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত মাছ আৰু মাংস, বিশেষকৈ কুকুৰাৰ মাংস আদি খাব লাগে। অধিক পটাছিয়াম থকা খাদ্য (যেনে- কল, কমলা, কলাজামু আৰু বজাৰত উপলব্ধ শুকান ফল-মূল আদি) খাব লাগে। জালুক, বেঙেনা, বিলাহী আৰু মিঠাআলু আদি গ্ৰহণ কৰিব নালাগে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top