গোটেই পৃথিৱীতে প্ৰায় ৩০০ নিযুত এজমা ৰোগী আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত ১৫ৰ পৰা ২০ নিযুত এজমা ৰোগী আছে। কিন্তু বিভিন্ন সমীক্ষাত দেখা গৈছে আমাৰ দেশত ৩০ নিযুত এনে ৰোগী আছে।
এজমা, হাঁপানী বা উদফাই ৰোগ মাজে মাজে হৈ থকা(ক্ৰণিক) এটা অতি কষ্টদায়ক ৰোগ, য’ত হাঁওফাঁওৰ বতাহ যোৱা নলীসমূহৰ ব্যাসাৰ্ধ কমি যায় আৰু শ্বাস-প্ৰশ্বাসত বহুত কষ্ট হয়।
এই সংকুচিত প্ৰণালীটো স্থায়ী নহয় আৰু উপযুক্ত ঔষধ সেৱন কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰি।
গোটেই পৃথিৱীতে প্ৰায় ৩০০ নিযুত এজমা ৰোগী আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতত ১৫ৰ ২০ নিযুত এজমা ৰোগী আছে। কিন্তু বিভিন্ন সমীক্ষাত দেখা গৈছে আমাৰ দেশত ৩০ নিযুত এনে ৰোগী আছে।
গ্ল’ৱেল ইনিচিয়েটিভ অন এজমা নামৰ সংস্থাটোৰ মতে, প্ৰত্যেক ২০ জন ভাৰতীয়ৰ ভিতৰত এজন এজমা ৰোগত আক্ৰান্ত হয়। ৫ৰ পৰা ১১ বছৰৰ শিশুৰ মাজত এজমাৰ হাৰ খুব বেছি। যোৱা ১০ বছৰত শিশুৰ মাজত এই ৰোগ যথেষ্ট বৃদ্ধি পাইছে।
তাৰ প্ৰধান কাৰণ হৈছে প্ৰাকৃতিক পৰিৱেশৰ প্ৰদূষণ। বিশ্ব স্বাস্থ্য সংস্থাই অলপতে জেনেভাত প্ৰকাশ কৰা তালিকা মতে পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত ১৫ খন মহানগৰীৰ ভিতৰত ১৪ খন ভাৰতত অৱস্থিত। ইয়াৰ ভিতৰত আটাইতকৈ প্ৰদূষিত হৈছে কানপুৰ।
অসমৰ ৰাজধানী গুৱাহাটী পৃথিৱীৰ ভিতৰতে ‘ব্লেক কাৰ্বন’ প্ৰদূষিত মহানগৰী। ই গুৱাহাটীবাসীৰ বাবে এটা বিপদ সংকেত। ‘ব্লেক কাৰ্বন’ সাধাৰণতে পেট্ৰ’ল বা ডিজেলত চলা যান-বাহনৰ পৰা নিৰ্গত হয়।
ই স্বাস্থ্যৰ কাৰণে অতি ক্ষতিকাৰক, বিশেষকৈ এজমাৰ কাৰণে। ভাৰতৰ বিভিন্ন স্থানতকৈ অসমত এজমাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বেছি।
জানি আচৰিত হ’ব যে গুৱাহাটীত প্ৰতিদিনে ৪ লাখতকৈ অধিক যান-বাহন চলাচল কৰে। তাৰে ৭০ শতাংশ যান-বাহনৰ এমিছ’ন ক্লিয়েৰেন্স চাৰ্টিফিকেট নাই।
তদুপৰি যিমানেই ‘ট্ৰেফিক জাম’ বেছি হ’ব, ‘ট্ৰেফিক জাত’ত ইঞ্জিন চলাই ৰৈ থকা যান-বাহনৰ পৰা সিমানেই বেছি ‘ব্লেক কাৰ্বন’ নিৰ্গত হ’ব। জনসাধাৰণৰ কাৰণে ই এটা ভয়ংকৰ স্বাস্থ্য সমস্যা।
যিহেতু শীতকাল আৰম্ভ হোৱাৰ লগে লগে এজমাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়, সেইবাবে এজমা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে তলত উল্লেখ কৰা হ’ল-
১)বংশগত:
কোনো ব্যক্তিৰ যদি মাক-দেউতাক বা ভাই-ভনী এজমাত ভুগিছে।
২)এলাৰ্জী:
যদি ছাইনাছাইটিছ, ৰাইনাইটিছ, ডাৰ্মাটাইটিছ আদি এলাৰ্জীজনিত ৰোগত আক্ৰান্ত হৈছে।
৩)ধূমপান কৰিলে। দেউতাকে ঘৰত ধূমপান কৰাৰ ফলত সন্তানৰ এজমা হ’ব পাৰে।
৪)ৰাসায়নিক দ্ৰব্য উৎপাদন কৰা কাৰখানাত চাকৰি কৰা ব্যক্তিসকল।
৫)বতাহত খুব বেছি প্ৰদূষণ থাকিলে।
নানা ধৰণৰ এলাৰ্জী সৃষ্টি কৰা দ্ৰব্য বা দূষিত বতাহ যেতিয়া শৰীৰত প্ৰৱেশ কৰে, তেতিয়া তৎক্ষণাৎ এলাৰ্জী আৰম্ভ হয় আৰু হাঁওফাঁওৰ বতাহ যোৱা নলীবোৰ সংকুচিত হৈ যায়।
ফলত শ্বাস-প্ৰশ্বাস ল’বৰ বাবে কষ্টকৰ হয়। এলাৰ্জী সৃষ্টি কৰা কাৰকসমূহ ব্যক্তিবিশেষে বেলেগ বেলেগ হ’ব পাৰে।
প্ৰত্যেকগৰাকী এজমা ৰোগীয়ে আৰু এজমাত আক্ৰান্ত হোৱা শিশুৰ অভিভাৱকসকলে কিদৰে এজমাৰ এটেক নোহোৱাকৈ ৰাখিব পাৰে, সেই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয়। এই বিষয়ে উল্লেখ কৰা হ’ল।
১)পোহনীয়া জীৱ-জন্তু, যেনে- কুকুৰ আৰু মেকুৰীক শোৱনি কোঠালৈ আহিব নিদিব, ঘৰত নাৰাখিলে বেছি ভাল।
২)শোৱনি কোঠাত কাৰ্পেট, ৰাগ আৰু নোম থকা পুতলা নাৰাখিব।
৩)সপ্তাহত কমেও দুবাৰ ভেকুৱাম ক্লীনাৰেৰে ঘৰ পৰিষ্কাৰ কৰিব।
৪)এলাৰ্জীপ্ৰুফ গাৰু আৰু তুলী ব্যৱহাৰ কৰিব।
৫)স্নানাগাৰ সদায় শুকানকৈ ৰাখিব, পানীৰ নলীৰ পৰা পানী সৰকি যাতে ভেঁকুৰ নহয় তাৰ প্ৰতি চকু দিব। কিবা উদ্ভিদ থাকিলে আঁতৰাই পেলাব।
৬)ধূমপান কৰা স্থান এৰি চলিব। পিন্ধি থকা কাপোৰ, পৰ্দা আদিত থকা চিগাৰেটৰ ধোঁৱাৰ গোন্ধে এজমা এটেক আনিব পাৰে। হোটেলত থাকিলে ধূমপানমুক্ত কোঠা ল’ব।
৭)খুব ঠাণ্ডা আৰু আৰ্দ্ৰ(হিউমিড) বতৰত ঘৰৰ পৰা বাহিৰলৈ নাযাব।
৮)মানসিক চাপ বৃদ্ধি হ’বলৈ নিদিব।
৯)কিবা এলাৰ্জীজনিত ৰোগ থাকিলে উপযুক্ত চিকিৎসা লওক।
১০)চিকিৎসকৰ পৰামৰ্শ অনুসৰি এজমাৰ নিয়মীয়া চিকিৎসা কৰাওক। এজমাৰ এটেক বেছি ধৰণে হ’লে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাওক। চিকিৎসালয়লৈ নিয়াত পলম হ’লে ৰোগীৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে।
১১)বিদ্যাৰ্থীৰ ক্ষেত্ৰত শিক্ষকক সন্তানৰ এজমা ৰোগৰ বিষয়ে অৱগত কৰাই থ’ব।
১২)বায়ুৰ প্ৰদূষণ বেছিকৈ হ’লে ঘৰৰ পৰা বাহিৰলৈ নাযাব। বাহিৰলৈ যাব লগা হ’লে ভাল ধৰণৰ ‘মাস্ক’ ব্যৱহাৰ কৰিব।
১৩)এটেকৰ পৰা ততালিকে সকাহ পাবলৈ ইনহেলাৰ বা স্প্ৰে সদায় লগত ৰাখিব।
১৪)আপেল,
মাজে মাজে হৈ থকা এজমাৰ বাবে-
পৃথিৱীত বহুত যশস্বী ব্যক্তি আছে, যিসকল এজমা ৰোগত আক্ৰান্ত। কিন্তু নিয়মীয়া চিকিৎসা আৰু ল’ব লগা সাৱধানতাবোৰ অৱলম্বন কৰি এটা সুস্থ জীৱন যাপন কৰি যথেষ্ট সুনাম অৰ্জন কৰিছে।
১)বতাহত ভাহি থকা-
২)খুব ঠাণ্ডা বতাহ লাগিলে।
৩)ব্যায়াম কৰাৰ সময়ত।
৪)শ্বাস যন্ত্ৰৰ সংক্ৰমণ হোৱা ৰোগ যেনে-
৫)খুব উগ্ৰ আতৰ বা সুগন্ধি(পাৰফিউম),
৬)খৰিৰ জুই আৰু কয়লাৰ পৰা ওলোৱা ধোঁৱা,
৭)প্ৰচেছফুডত ব্যৱহাৰ কৰা বিভিন্ন ৰং আৰু স্বাদ বৃদ্ধি কৰা বিভিন্ন দ্ৰব্য।
৮)গাজনি ঢেৰেকনিৰে অহা বতাহ-বৰষুণৰ পাছত।
৯)বিষ নিৰাময় কৰা ঔষধ(পেইনকিলাৰ্ছ) এছপিৰিণ,
১০)ছালফাইড থকা কিছুমান পেকেট বা টিনত বিক্ৰী কৰা খাদ্য বা পানীয় যেনে-
১১)মিছামাছ জাতীয় খোলা থকা মাছ(ছেলফিছ)।
১২)খাদ্যনলীৰে পাকস্থলীৰ পৰা মুখলৈ টেঙাপানী বা এচিড উজাই অহা ৰোগ থাকিলে।
১৩)খুব বেছি আৱেগিক স্থিতি, যেনে-
লেখক: ডাঃ চন্দন বৰুৱা(নিয়মীয়া বাৰ্তা)