মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এজমা বা হাঁপানি ৰোগৰ কাৰণ, প্ৰতিৰোধ আৰু বনৌষধি চিকিৎসা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এজমা বা হাঁপানি ৰোগৰ কাৰণ, প্ৰতিৰোধ আৰু বনৌষধি চিকিৎসা:

এজমা বা হাঁপানি ৰোগৰ কাৰণ, প্ৰতিৰোধ আৰু বনৌষধি চিকিৎসাৰ বিষয়ে লিখা হৈছে

 

এজমা ৰোগ কি?

 

এজমা হ’ল মানৱ দেহৰ শ্বাসনলী আৰু হাওঁফাওঁৰ এক প্ৰকাৰৰ ৰোগ, যাৰ উফলত ৰোগীৰ শ্বাস কষ্ট হয়। এই ৰোগত শ্বাস নলীৰ ভিতৰৰ অংশত এলাৰ্জিজনিত কাৰণত কেবাটাও পৰিৱৰ্তন ঘটে।

ক)শ্বাসনলীৰ বেৰৰ পেশীতন্ত্ৰ সংকুচিত হয়।
খ)শ্বাসনলীৰ মিউকাচ গ্ৰন্থিৰ সফীতি হয়।

গ)তাৰ পৰা ঘন ৰস নিঃসৰণ হয়। ইয়াৰ ফলত শ্বাসনলীত শ্বাস চলাচল বাধ্যপ্ৰাপ্ত হয়।

নাকেৰে উশাহ লওঁতে ট্ৰেকিয়া নামৰ বায়ু কঢ়িয়াই নিয়া এডাল নলীকাৰ মাজেদি বায়ু যায়। এই ট্ৰেকিয়া নলীডাল প্ৰধান দুটা ভাগত বিভক্ত হৈছে। ইয়াক ব্ৰংকাচ বোলে। এই ব্ৰংকাচ আকৌ সৰু সৰু নলীত বিভক্ত হয়। ইয়াৰ একেবাৰে সৰু নলীডালক ব্ৰংকিউল বোলে। ইয়াৰ পিছত নলীডাল হাওঁফাওঁত সোমায়। গতিকে, আমি উশাহ লওঁতে বায়ু অসংখ্য ব্ৰংকিউলৰ মাজেদি যায় আৰু নিশ্বাসত কাৰ্বন-ডাইঅক্সাইড এই ব্ৰংকিউলৰ মাজেদি ওলাই আহে। বায়ু চলাচল কৰা ব্ৰংকিউলবিলাক প্ৰধান দুটা কাৰনত সৰু হৈ পৰিলেই হাওঁফাওঁৰ ৰোগ হয়। ব্ৰংকিউল নামৰ নলীবোৰ মেৰিয়াই থকা মাংসপেশী সংকোচন হোৱাৰ ফলত নলীবোৰ কোঁচ খাই সৰু হৈ পৰে। দ্বিতীয় এই নলীবোৰৰ ভিতৰফালে ৰোগৰ বীজাণুৱে আক্ৰমণ কৰাৰ ফলত নলীবোৰ ভিতৰভাগ এবিধ তৰল পদাৰ্থৰে পূৰ্ণ হোৰাৱ উপক্ৰম হয়। ব্ৰংকিউল নলীবিলাকৰ ভিতৰৰ পৰিসৰ সৰু হৈ গ’লে উশাহ-নিশাহ লোৱাত কষ্ট হয়। বিশেষকৈ কাৰ্বন-ডাইঅক্সাইড উলিয়াই দিয়াত কষ্ট হয়। ফলত চিচি বা ঘেৰঘেৰণী শব্দৰ সৃষ্টি হয়। এনে অৱস্থাকে ‘এজমা’ বোলে।

এজমা বা হাঁপানি কেতিয়া আৰম্ভ হয়?

 

এজমা সাধাৰণতে জন্মৰ পিছৰে পৰা বা শিশু অৱস্থাৰ পৰাই আৰু মধ্য বয়সত আৰম্ভ হয়। মহিলাৰ সাধাৰণতে বেছি বয়সত আৰম্ভ হয়, তেন্তে তেনে ৰোগীৰ ওপৰত বংশগত হাঁপানিৰ প্ৰভাৱ কম হোৱা দেখা যায়।

এজমা ৰোগৰ কাৰণ:

 

সম্প্ৰতি সমগ্ৰ বিশ্বত আটাইতকৈ বেছি ৰোগী হ’ল এজমাৰ। কেৱল প্ৰাপ্তবয়স্ক লোকৰে নহয়, অধিকাংশ শিশু এই ৰোগত ভুক্তভোগী। শিশুৰ এজমা সাধাৰণতে বয়ঃসন্ধি সময়ৰ আগলৈকে অৰ্থাৎ ১৪ বছৰ বয়স পৰ্যন্ত প্ৰতিৰোধ ক্ষমতা কম থাকে কাৰণেত এই বয়সৰ আগতে এজমা ৰোগ বেছি হোৱা দেখা যায়। কেচুঁৱাৰ জন্মৰ ঠিক পিছতে মুখ আৰু নাক আদিৰ পৰা লেলাউটিৰ নিচিনা যিবিলাক বস্তু বাহিৰ ওলায়, সেই বস্তুখিনি যদি পৰিষ্কাৰ কৰি পেলোৱা নহয়, তেন্তে শিশুৰ এজমা বা ঘোমোৰুকীয়া ৰোগ হ’ব পাৰে। কেঁচুৱা এটি জন্মৰ পিছতে কান্দি নুঠিলে হাওঁফাওঁৰ কিবা বিকৃতি ঘটিছে বুলি ভাবিব পাৰি। আৰু এনে শিশুৰ হাওঁফাওঁৰ ক্ৰিয়া বন্ধ বা উশাহ-নিশাহ লোৱাত বিঘিনি ঘটিব পাৰে। শিশুৰ এই শ্বাস-প্ৰশ্বাস কম বা কোনো কাৰণত বন্ধ হ’লেই এজমা ৰোগ আৰম্ভ হয়।

এজমা ৰোগৰ অন্যতম মুখ্য কাৰণ হ’ল বায়ুত যিদৰে ধূলি-বালি, ৰাসায়নিক দ্ৰব্য বিশেষকৈ কাৰ্বন-ডাইঅক্সাইড, কাৰ্বন-মনোক্সাইড আদি বৃদ্ধি পাইছে, সেইবোৰৰ দ্বাৰা বায়ু প্ৰদূষণ হৈ এই ৰোগ হ’ব পাৰে। বীজাণুজনিত কাৰণতো এজমা ৰোঘ হ’ব পাৰে। বিশেষকৈ ৰেচপিৰেটৰী ছিনচাইটিয়েল ভাইৰাছ(Respiratory Syncytial Virus), ইনফ্লুয়েঞ্জা ভাইৰাছ, ৰাইনো ভাইৰাছ আদিৰ সংক্ৰমণৰ য়ফলত এজমা ৰোগ হ’ব পাৰে। যিবোৰ শিশুৰ চাৰি-পাঁচ বছৰ বয়সত ইনফ্লুয়েঞ্জা হয়, তেনে শিশুৰ আঠ-ন বছৰ বয়সত এজমা হ’ব পাৰে। পিতৃ-মাতৃ বা অন্য কোনো লোকে ঘৰত ধূমপান কৰিলে শিশুৰ এজমা হোৱাৰ সম্ভাৱনা থাকে। ধূম্ৰপান বা দূষিত বায়ু সেৱনৰ ফলত বয়ষ্ক লোকৰো এজমা হ’ব পাৰে। কেতিয়াবা অতিপাত গৰম বা অতিপাত ঠাণ্ডাৰ কাৰণে শিশুৰ শ্বাস কষ্ট হয়। তদুপৰি অতিৰিক্ত ব্যায়াম কৰাৰ ফলতো প্ৰাপ্তবয়ষ্ক লোকৰ কেতিয়াবা শ্বাসকষ্ট হোৱা দেখা যায়। কিন্তু এটা কথা মনত ৰখা উচিত যে, শ্বাসকষ্ট হ’লেই এজমা ৰোগ নহয়।

হঠাতে উত্তেজিত হোৱা আৰু ভীৰু লোকৰ এই ৰোগ বেছিকৈ হয়। অৰ্থাৎ মানসিক অৱস্থাৰ কাৰণে এজমা হ’ব পাৰে। পোহনীয়া জীৱ-জন্তুৰ নোম, চুলি, গাখীৰ বা গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্যদ্ৰব্য, ফুলৰ ৰেণু, ধূলি-মাকতি আদিৰ পৰাও এজমা হোৱাৰ সম্ভাৱনা অধিক। কেতিয়াবা আকৌ ঘূৰণীয়া পেলুৰ কাৰণে এজমা ৰোগ হোৱা দেখা যায়।

এজমা বা হাঁপানি ৰোগৰ মূল কাৰণসমূহ হ’ল:

 

ফুলৰ ৰেণুৰ দ্বাৰা:

ফুলৰ ৰেণুবিলাক অতি সৰু আৰু হালধীয়া বৰণৰ। ইয়াৰ কিছুমান ফুলৰ ৰেণু বায়ুত ভাহি থাকে, তেনে ৰেণুৱে এজমাৰ সৃষ্টি কৰে। তদুপৰি যিবিলাক ফুল সৰু আৰু গোন্ধহীন, তেনে ফুলৰ ৰেণুৰ দ্বাৰাও এজমা ৰোগ হ’ব পাৰে।

ভেঁকুৰৰ দ্বাৰা:

বাৰিষা কালত গছৰ বাকলিৰ ওপৰত বগা ৰঙৰ যি শুদ্ৰ উদ্ভিদ গজে, তাকে গছৰ ওপৰত হোৱা ভেঁকুৰ নামেৰে জনা যায়। এই ক্ষুদ্ৰ উদ্ভিদবিধৰ ক্লোৰোফিল নথকাৰ কাৰণে নিজে আহাৰ গ্ৰহণ কৰিব নোৱাৰে। এনেজাতীয় ভেঁকুৰৰ পৰাও এজমা হ’ব পাৰে।

খাদ্যৰ পৰা:

সাধাৰণতে বিভিন্ন খাদ্যদ্ৰব্যৰ দ্বাৰা বেছিকৈ এজমা ৰোগ হোৱা দেখা যায়। কাৰণ শিশুসকলে নতুন খাদ্য সহজে হজম কৰিব নোৱাৰে। ডাঙৰৰ যিদৰে ধূলি- ‘মাকতি আৰু পৰাগ ৰেণুৰ দ্বাৰা এজমা ৰোগ সৃষ্টি হয়, ঠিক সেইদৰে শিশুসকলৰ বিভিন্ন ন ন খাদ্য-বস্তুৰ দ্বাৰা এলাৰ্জি হয়। আটা আৰু ময়দাও শিশুৱে সহজে হজম কৰিব নোৱাৰে।

কণী, মাটিমাহ, মাটিকঠাল, কঠাল, কচু, বেঙেনা আদি খাদ্য খালেও বয়ষ্ক লোকৰো এলাৰ্জি হোৱা দেখা যায়। সাগৰীয় খাদ্য আৰু সাগৰীয় মাছৰ দ্বাৰাও এলাৰ্জি হ’ব পাৰে।

ঘৰৰ ভিতৰত থকা ধূলি-মাকতিৰ দ্বাৰা:

ঘৰৰ ভিতৰত বিশেষকৈ কাপোৰ-কানি, আচবাব, বিছনা, গাৰু আদিত ধূলি-মাকতি লাগি থাকিলে সেইবিলাক বায়ুত মিহলি হৈ নাকেদি হাঁওফাওঁলৈ প্ৰৱেশ কৰাৰ ফলত সহজে এজমা ৰোগ সৃষ্টি হয়। ভাৰতৰ উত্তৰ অঞ্চলত সাধাৰণতে দেৱালী আৰু দচেৰা উৎসৱৰ সময়ত এজমা ৰোগ বেছিকৈ হোৱা দেখা যায়।

কীট-পতংগৰ দ্বাৰা:

কিছুমান কীট-পতংগৰ দ্বাৰা- বিশেষকৈ মৌমাখি, বৰল, কোদো, হালধীয়া জেকেট পেপাৰ বা চপ আদিয়ে সহজে এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে। এনে কীট-পতংগই বিন্ধিলে বিন্ধা ঠাইত ৰঙা পৰি উখহি উঠাৰ লগতে বিষ আৰু খজুৱতি হয়। আমৰলি পৰুৱা, মেজালি পৰুৱাৰ দৰে কিছুমান পৰুৱাই কামুৰিলে এলাৰ্জি হ’ব পাৰে। আনহাতে বাৰিষাকালত বিভিন্ন কাৰণত হাজাৰ-বিজাৰ কীট-পতংগ মৃত্যুমুখত পৰে। মৃত্যুৰ পিছত দেহৰ বিভিন্ন অংগ মাটি-বায়ুত মিহলি হৈ এলাৰ্জিৰ সৃষ্টি কৰে।

হে-ফিভাৰৰ কাৰণে এজমা হ’ব পাৰে:

এই ৰোগত ব্যৱহাৰ কৰা ঔষধৰ প্ৰতিক্ৰিয়াৰ ফলতো এজমা ৰোগ হ’ব পাৰে।

ছালৰ এলাৰ্জিৰ কাৰণে:

ছালত হোৱা এলাৰ্জিৰ ফলতো এজমা ৰোগ হ’ব পাৰে। প্ৰায় ১১ শতাংশ লোকৰ বিভিন্ন সোণ-ৰূপৰ অলংকাৰ পিন্ধাৰ কাৰণে ছালৰ এলাৰ্জি হোৱা দেখা যায়। চামৰাত পোৱা পটাচিয়াম ডাইক্ৰ’মেট নামৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰাও ছালৰ এলাৰ্জি হ’ব পাৰে।

বিশেষ কিছুমান জীৱ-জন্তুৰ দ্বাৰা:

কিছুমান জীৱ-জন্তু বিশেষকৈ মেকুৰী, কুকুৰ, ঘোঁৰা আদিৰ দ্বাৰা সহজে অনেক লোকৰ এলাৰ্জি হোৱা দেখা যায়। তদুপৰি হাঁহ আৰু পাৰ বা অন্যান্য পক্ষীৰ দ্বাৰাও এলাৰ্জি হ’ব পাৰে।

কিছুমান ঔষধ ব্যৱহাৰৰ ফলত:

কিছুমান ঔষধ সেৱন কৰাৰ ফলত, বিশেষকৈ পেনিচিলিন, টেট্ৰাচাইক্লিন, এন্টিবায়োটিক, চালফাৰ যৌগ, ইনচুলিন, ট্ৰেংকুইলাইজাৰচ আৰু এছপিৰিণ জাতীয় ঔষধ ব্যৱহাৰৰ কাৰণে এলাৰ্জি হ’ব পাৰে।

পানীলগাৰ কাৰণে:

ঠাণ্ডা পানীত গা ধুলে বা অন্যান্য কাৰণত দীৰ্ঘদিন ধৰি পানীলাগিলে শেষত এনে ৰোগীয়েই এজমাত আক্ৰান্ত হ’ব পাৰে।

ইয়াৰ উপৰি এজমা ৰোগৰ অন্যান্য মূল কাৰণসমূহ হ’ল-

 

বংশগত কাৰণ:

বংশগত ভাৱেও এই ৰোগ হ’ব পাৰে। বিশেষকৈ পিতৃ-মাতৃ এই ৰোগত আক্ৰান্ত হ’লে তেওঁলোকে জন্ম দিয়া শিশুটিও কম বয়সতে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

উত্তেজনা:

উত্তেজনাৰ কাৰণে এজমা ৰোগ বৃদ্ধি আৰু সৃষ্টি হোৱাত সহায় হ’ব পাৰে। উত্তেজনাময় পৰিৱেশে আৰু অধিক চিন্তা-ভাৱনাইও এই ৰোগ হোৱাত অৰিহণা যোগায়।

সংক্ৰমণ:

বহু সময়ত অনেক শিশুৰ ডিঙিত সংক্ৰমণণ হোৱাৰ পিছত এজমা বা হাঁপানিৰ লক্ষণে দেখা দিয়ে। ঠিক সেইদৰে বয়ষ্ক লোকৰো সংক্ৰমণৰ দ্বাৰা এজমা ৰোগ হ’ব পাৰে।

জলবায়ু:

সেমেকা জলবায়ুৰ কাৰণে অনেক লোকে এজমা ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

ব্যৱসায়িক কাৰক:

ব্যৱসায়িক ভিত্তিত যিসকলে কাম কৰে, যেনে- হাঁহ-কুকুৰা, গৰু-ছাগলী, ম’হ পালন কৰা ফাৰ্ম, কৃষি পাম আদিত কাম কৰা বনুৱাসকলৰ এলাৰ্জি হোৱা দেখা যায়।

বায়ু প্ৰদূষণ:

বায়ু প্ৰদূষণৰ কাৰণেই অধিকাংশ লোক এজমা ৰোগত ভুগিছে, এই কথা কোনেও নুই কৰিব নোৱাৰে।

এজমাৰ প্ৰকাৰ:

এজমা দুই প্ৰকাৰৰ-

 

১)তাৎক্ষণিক এজমা অৰ্থাৎ হঠাতে হোৱা এজমা, আৰু

২)পুৰণি বা ক্ৰণিক দীৰ্ঘদিনীয়া এজমা।

এজমাৰ লক্ষণ:

সাধাৰণতে হঠাতে হোৱা আৰু পুৰণি এজমাৰ লক্ষণ প্ৰকাৰভেদে পৃথক পৃথক হয়।

শিশুৰ এজমাৰ লক্ষণ:

শিশু এজমা ৰোগত আক্ৰান্ত হ’লে কাহ হয়, উশাহ লোৱাত কষ্ট হয়। সাধাৰণতে হৃদপিণ্ডৰ স্পন্দন ২০-৪০ পৰ্যন্ত নামি আহে। কাহ-বাঢ়ি স্পন্দন ৬০-৭০-৮০ বাৰ পৰ্যন্ত হ’ব পাৰে। বুকুৰ পৰা ঘেৰঘেৰণি শব্দ হয়। মগজুলৈ অক্সিজেন কম পৰিমাণে যোৱাৰ ফলত ৰোগীয়ে ছটফটাই থাকে। লোহিত ৰক্তকণিকা হিমোগ্ল’বিনৰ লগত কাৰ্বন-মনোক্সাইড মিহলি হৈ Bio chemical acidoatice breathing আৰম্ভ হয়। ফলত শিশুৰ শ্বাস-প্ৰশ্বাস লওঁতে অতি কষ্ট হয়।

হঠাতে হোৱা এজমাৰ ৰোগীৰ নিশ্বাসত কষ্টৰ লগতে এটা চি চি শব্দ ওলায়। দিন বা ৰাতি যিকোনো সময়তে ই আৰম্ভ হ’ব পাৰে। বুকু হেঁচা মাৰি ধৰি থকাৰ দৰে লাগে। শ্বাস লোৱাৰ সময় কমি যায় আৰু শ্বাস এৰোতে দেৰি হয় আৰু কষ্ট হয়। ৰোগীয়ে বহি থাকিবলৈ ভাল পায়। নাক, বুকু আৰু ডিঙিৰ কিছুমান পেশীয়ে শ্বাস লোৱাত সহায় কৰে। চি চি শব্দ সাধাৰনতে শ্বাস এৰাৰ সময়ত ওলায় আৰু এই শব্দ ওলোৱাৰ লগে লগে কাহ হয়। জিভা নীলা ৰঙৰ হ’ব পাৰে। এই ৰোগ কেইদিনমান বা মাত্ৰ কেইঘন্টামান ধৰি চলে। কাহৰ লগত কফ বাহিৰ হয়। হঠাতে শ্বাসকষ্ট লাঘৱ হ’ব পাৰে।

ক্ৰণিক বা দীৰ্ঘম্যাদী নাইবা পুৰণি এজমা ৰোগত ৰোগীৰ সকলো সময়তে বুকুৰ পৰা ঘেৰঘেৰণি শব্দ হয় আৰু পৰিশ্ৰম কৰিলে, নিশ্বাস এৰোতে কষ্ট হয়। কাহৰ লগত পাতলীয়া কফ বাহিৰ ওলায়। এনে ৰোগী সাধাৰণতে শ্বাসতন্ত্ৰত বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়। ৰোগীৰ শেষ ৰাতি টোপনি কম হয়। ৰোগীয়ে বিছনাৰ পৰা উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰোগ বেছি পুৰণি হ’লে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে। এনে অৱস্থাক Status Asthematicus বোলা হয়।

সাধাৰণতে দেখা যায় যে হাঁপানি বা এজমাৰ লক্ষণবোৰ ঠাণ্ডা লাগি পানীলগাৰ দৰে আৰম্ভ হৈ পিছত অতি শোচনীয় হৈ পৰিব পাৰে। ৰোগীজনে যদি যথেষ্ট পৰিমাণে পৰিষ্কাৰ বায়ু নাপায়, তেন্তে তেওঁৰ নখ আৰু ওঁঠ নীলা বৰণীয়া হ’ব পাৰে আৰু ডিঙিৰ সিৰ ফুলি উঠিব পাৰে।

এজমাৰ প্ৰতিৰোধৰ ব্যৱস্থা:

 

  • জন্মৰ পিছতেই কেঁচুৱাটিৰ মুখৰ পৰা ওলোৱা বিজলুৱা বস্তুখিনি পৰিষ্কাৰ কৰি পেলাব লাগে।
  • ধূলি-মাকতি, চিগাৰেটৰ ধোঁৱা আৰু অন্যান্য কল-কাৰখানাৰ ধোঁৱাৰ পৰা সদায় শিশুক আঁতৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে।
  • সদায় সতেজ বস্তু খুৱাব লাগে, বাহী বস্তু খুৱাব নালাগে।
  • সদায় কুহুমীয়া পানী খুওৱা উচিত।
  • এলাৰ্জি সৃষ্টি কৰিব পৰা বস্তু খাব নালাগে আৰু তেনে  বস্তু বা জীৱ-জন্তু আদিৰ পৰা শিশুক আঁতৰত ৰাখিব লাগে।
  • প্ৰাপ্তবয়ষ্ক লোকেও প্ৰদূষিত বায়ুৰ পৰা সদায় আঁতৰত থাকিব লাগে। বাহিৰলৈ ওলালে মাস্ক ব্যৱহাৰ কৰিব লাগে।
  • কোনোধৰণৰ ধূমপান কৰিব নালাগে। বা আনে ধূমপান কৰিলেও তাৰ ধোঁৱাৰ পৰা আঁতৰত থাকিব লাগে।
  • আহাৰৰ লগত অধিক পানী খাব নালাগে। আহাৰ গ্ৰহণৰ আধা ঘন্টাৰ পিছতহে পানী খাব লাগে।
  • কুহুমীয়া গৰম পানী খাব। এক লিটাৰ পানীত পঞ্চাছ গ্ৰাম খুন্দি লোৱা আদা মিহলাই উতলাব লাগে। আৰু পানী নিয়মীয়াকৈ খাব লাগে।
  • আহাৰ গ্ৰহণ কৰাৰ পিছত এচামুচ মৌ, আধা চামুচ আদাৰ ৰস এচামুচৰ চাৰিভাগৰ এভাগ জালুকৰ গুড়ি মিহলি কৰি খাব লাগে।
  • মূলা, ধনিয়া, কেঁচা হালধিৰ ৰস, পিয়াঁজ আদি নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে।
  • এলাৰ্জি সৃষ্টি কৰিব পৰা বস্তুৰ পৰা আঁতৰত থাকিব লাগে।
  • অধিক পৰিশ্ৰম বা ঔষধৰ কাৰণে ৰোগ হ’লে সেইবিলাক ত্যাগ কৰিব লাগে।
  • পৰ্যাপ্ত পৰিমাণে জুলীয়া বস্তু খাব লাগে, ই শ্বাস-প্ৰশ্বাসত সহয় কৰে।
  • ঘৰৰ ভিতৰত বা থকা ঘৰৰ নিচেই কাষতে পশু-পক্ষী, জীৱ-জন্তু বান্ধিব নালাগে বা ঘৰৰ ভিতৰত সোমাবলৈও দিয়া উচিত নহয়।
  • বিছনাৰ কাপোৰ-কানি সদায় ৰ’দত দিয়াৰ ব্যৱস্থা কৰিব লাগে।
  • শোৱা কোঠা সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে ধূলি-মাকতি কেতিয়াও হ’ব নোৱাৰে।
  • কেঁচা হালধিৰ ৰস এচামুচ এটুকুৰা গুড়ৰ লগত মিহলি কৰি সপ্তাহত অন্ততঃ তিনিদিন নিয়মীয়াকৈ খাব লাগে।

এজমা ৰোগৰ বনৌষধি চিকিৎসা:

 

  • বগা বাহকৰ কেঁচা পাত বিছ খিলা বা শুকান পাত ত্ৰিছ খিলা প্ৰায় ২৫০ মিঃলিঃ পানীত সিজাই আধা কৰিব লাগে। তাত কেঁচা তুলসীৰ পাতৰ ৰস দুচামুচ, হালধিৰ ৰস এচামুচ, আদাৰ ৰস দুচামুচ, জালুকৰ গুড়ি এক-দুই চামুচ, মৌ দহ চামুচ মিহলি কৰি ৰোগীক আহাৰ খোৱাৰ পিছত খাবলৈ দিব লাগে। এনেদৰে দিনে দুবাৰকৈ একেৰাহে এমাহ পৰ্যন্ত খালেই বহু পুৰণি এজমা ৰোগীয়েও আৰোগ্য লাভ কৰিব পাৰে।
  • কফ বেছিকৈ জমা থাকিলে লেটাগুটি এটাৰ ওপৰৰ বাকলি এৰুৱাই ভিতৰ অংশ পিহি মৌৰ লগত বড়ি বনাই দিনে দুটাকৈ খালে কফ বাহিৰ হয়। একেৰাহে ২৫-৩০ দিন খাব লাগে।
  • সিজুৰ পাঁচখিলা পাত পানীৰে ধুই দুই মিনিটমান উতলাব লাগে। যেতিয়া পাতকেইখিলা লেতু-সেতু হ’ব, তেতিয়া তাক পানীৰ পৰা উঠাই আনি পটাত পিহিলে ৰস বাহিৰ হয়। এই ৰসৰ লগত চাৰি চামুচ মৌ আৰু দুচামুচ কলীয়া তুলসীৰ পাতৰ ৰস মিহলি কৰি এজমা ৰোগীক দিনে দুবাৰকৈ ২৫-২৬ দিন খাবলৈ দিলে ৰোগীয়ে আৰোগ্য লাভি কৰে।
  • তিতাফুল, যাক ৰঙা বাহক বুলি কয়, নাইবা বগা বাহকৰ ফুল ভাজি বা পাতত দি খালে এজমা ৰোগীয়ে যথেষ্ট আৰাম পোৱা দেখা যায়। দিনে দুবাৰকৈ আহাৰ খোৱাৰ পিছত একেৰাহে ১৫-২০ দিন খোৱা উচিত।
  • দুচামুচ ত্ৰিফলাৰ গুড়ি এশ মিঃলিঃ পানীত মিশ্ৰণ কৰি আহাৰ খোৱাৰ পিছত দিনে দুবাৰকৈ খাব লাগে।
  • যষ্ঠিমধুৰ শিপা সৰু সৰুকৈ কাটি চোবাই খালে কফ বাহিৰ হয় আৰু মাত শুৱলা হয়।
  • নীলকন্ঠৰ পাতৰ ৰস দুচামুচ সামান্য(এচামুচ) মৌৰ লগত খাব লাগে।
  • ভেকুৰী ফল পাতত দি খাব লাগে।

এই ৰোগত কি খাব লাগে:

 

ক’লা তুলসীৰ পাত, বগা বাহকৰ পাতৰ ৰস, তিতা ফুল(ৰঙা বাহক), বগা বাহকৰ ফুল, আদা, হালধিৰ ৰস, দোৰোণ বন, যষ্ঠিমধু, জালুক, মানিমুনি, বৰ মানিমুনি, ব্ৰাহ্মী শাক, পচতীয়াৰ কোমল পাত, যনী, আমলখি, শিলিখা, ত্ৰিফলা, জিলমিল(ভটুৱা) শাক, কিচমিচ, শুহনি বন, অৰ্জুন গছৰ চালৰ ৰস, নীলকন্ঠ, গোমধান, চজিনা, বিলাহী, মধুৰীআম, ধনিয়া, বিয়নীসাৱটা, সৰু ইলাচি, নহৰু, মৰাণ আদা, সুমথিৰা টেঙা, মহানিম, কেহৰাজ, ভেকুৰী, কালমেঘ, জৰাটেঙা, গুড়, থেকেৰা, জলকীয়া, ৰবাব টেঙা, বেল, চিৰতা।

এই ৰোগত কি খাব নালাগে:

 

কচু, বিড়ি-চিগাৰেট, সকলো ধৰণৰ মিঠা বস্তু, কচু, ভোলা বেঙেনা, বিজলুৱা বস্তু, লাউ, সৰিয়হ শাক, গাখীৰ, পিয়াঁজ, পূৰৈ শাক, মাখন, ধপাত, কলমৌ শাক, বৰফ, ভাং, ভেণ্ডি, বিভিন্ন প্ৰকাৰৰ আইচক্ৰীম, মদ, ঠাণ্ডা বস্তু, ঠাণ্ডা পানী, উৰহী, মাটিমাহ, আলু, মচুৰ দাইল, নতুন চাউলৰ ভাত, বৰালি মাছ, শাল মাছ, তেতেলী, চেঙা মাছ, ৰহৰ দাইল, মাগুৰ মাছ, আঁৰি মাছ, তামোল, পইতা ভাত আদি নাখাব, লগতে ধোঁৱা আৰু ধূলিৰ পৰা আঁতৰত থাকিব লাগে।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.17391304348
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top