মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এজমা বা হাঁপানি ৰোগৰ সবিশেষ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এজমা বা হাঁপানি ৰোগৰ সবিশেষ :

এজমা বা হাঁপানি ৰোগৰ সবিশেষৰ বিষয়ে লিখা হৈছে ।

 

মানৱ দেহৰ শ্বাসনলী কিছুমান কাৰ্টিলেজ বা কোমল হাড় আৰু আৱৰণি অথবা পাতল চালৰ দ্বাৰা গঠিত হৈছে। ইয়াক চিকিতসা বিজ্ঞানৰ ভাষাত ট্ৰেকিয়া বুলিও কোৱা হয়। এই অংশটো দীঘলে ১০-১১ চেঃমিঃ হয়। বক্ষগহ্বৰৰ মাজত ই সোঁ আৰু বাওঁ ব্ৰংকাছ নামৰ দুটা ভাগত ভাগ হৈ হাওঁফাওঁলৈ সোমাই গৈছে। ব্ৰংকাছ দুটা হাওঁফাওঁৰ ভিতৰত অগণন শাখা-প্ৰশাখাত বিভক্ত হৈছে। ব্ৰংকাছৰ ক্ষুদ্ৰতম প্ৰশাখাক ক্লোম শাখা বুলি কোৱা হয়( Bronchial)। ইয়াৰ ব্যাস মাথোঁ ০.২ মিঃমিঃ। ইহঁতে শ্বাসক্ৰীয়াত সহায় কৰে। ইহঁতে আকৌ এলভিঅ’লাৰ ডাক্ট নামেৰে প্ৰায় ১১ টা ভাগত বিভক্ত হয়। আমি নাকেদি গ্ৰহণ কৰা শ্বাস বায়ু এনেডৰে ক্ৰমান্বয়ে হাওঁফাওঁত প্ৰবেশ কৰে।

নিশ্বাসৰ সময়ত যেতিয়া অত্যাধিক কষ্ট হয় তেনে অৱস্থাকে হাঁপানী বুলি কোৱা হয়। আমাৰ মস্তিষ্কৰ পৰা উৎত্তি হোৱা ভেগাছ নামৰ এডাল স্নায়ুৱে (vagous nerve) শ্বাসনলী আৰু হাওঁফাওঁক চেতনা সৰবৰাহ কৰে।এইডাল স্নায়ুৱে স্বাস প্ৰশ্বাস সময় আৰু গতিৰ হাৰ নিয়ন্ত্ৰ কৰে।কিবা কাৰণবশতঃহাঁপানী ৰোগীসকলৰ ভেগাছ স্নায়ু যদি অত্যন্ত উত্তেজিত হয় তেতিয়া কাহৰ উৎত্তি হয়। আৰু বহু সময় কাহি থকাৰ ফলত ব্ৰংকাছৰ পৰা নিৰ্গত হোৱা লেলাউটি আৰু কঁফ মুখেদি বাহিৰলৈ ওলাই আহে। ফলত উশাহ লওঁতে অত্যন্ত কষ্ট অনুভৱ হয়। লগতে বুকুত অস্বস্তি অনুভৱ হয়। আঙুলিৰ পতাবোৰ বহু সময়ত নীলা বৰণৰ হয়।

হাঁপানী আক্ৰমণৰ সময়ত ব্ৰংকিঅ’লৰ শ্লেষ্মাৰ আৱৰণ ফুলি উঠাৰ বাবে বায়ু ভিতৰলৈ সোমাব নোৱাৰা হয় আৰু ব্ৰংকিঅ’লত অক্সিজেন গেছৰ অভাৱ ঘটে। ফলত বায়ুকোষবোৰত বায়ুৰ পৰিমাণ কমি যায়। কিছু কিছু ক্ষেত্ৰত হাঁও ফাওঁত অক্সিজেন প্ৰৱেশ কৰিবই নোৱাৰা হয়গৈ। তেতিয়া কাৰ্বন-ডাই-অক্সাইডৰ আধিক্যৰ বাবে তেজ চলাচল কৰা নলিকাবোৰত ইয়াৰ পৰিমাণ বাঢ়ি যায়। মগজুৰ শ্বাসকেন্দ্ৰও সাময়িকভাৱে দূৰ্বল হৈ যাব পাৰে। ফলত ভীষণ শ্বাসকষ্টই দেখাদিব পাৰে। ব্ৰংকিঅ’লৰ কাম হৈছে শ্বাস-স্ৰশ্বাস লোৱাৰ সময়ত লাহে লাহে সংকোচন প্ৰসাৰণ কৰি থকা। কিন্তু হাঁপানীৰ আক্ৰমণ ঘটিলে ব্ৰংকিঅ’লৰ শ্বাস-স্ৰশ্বাস প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয়।
শ্বাসকাৰ্যৰ সৈতে জড়িত আটাইবোৰ মাংসপেশীৰ সংকোচন ঘটাৰ বাবে নিশ্বাসৰ সময়ত অত্যন্ত শ্বাসকষ্ট অনুভব হয়। হাওঁফাওঁৰ ভিতৰত অত্যধিক চাপৰ সৃষ্টি হয়। যাৰ ফলত সংকুচিত ব্ৰংকিঅ’লৰ মাজেদি অৱৰুদ্ধ বায়ু জোৰকৈ বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰে।

হাঁপানী ৰোগৰ কাৰণসমূহ -

বহু ক্ষেত্ৰত এই ৰোগ বংশগতভাৱে হোৱা দেখা যায়। অত্যন্তশ শুষ্ক, উত্তপ্ত বা শীতল আৰু জলীয় বাষ্পপুৰ্ণ বায়ুৰ বাবেও এই ৰোগৰ উৎপত্তি হোৱা বুলি গণ্য কৰা হয়। ধূলীবালী, ঘোঁৰাৰৰ গোবৰৰ গোন্ধ বা ফুলৰ ৰেনু যুক্ত বায়ু অথবা খাদ্যৰ বিশংগতিৰ বাবেও এই ৰোগ উদ্ভৱ হব পাৰে। এই ৰোগ হলে বিভিন্ন অনুসাংগিক সমস্যা কিছুমানো উদ্ভৱ হয়। নাকৰ মধ্য ভাগত থকা আৱৰনি চাল খনত থকা পলিপাচ (nasal polypus) বাঢ়ি যোৱাৰ লগতে বিভিন্ন সমস্যায় দেখা দিয়ে লমস্যা বোৰ হল- টনচিলৰ বৃদ্ধি, এডেনয়েড, ক্ৰিমি, জৰায়ু বা ডিম্বাকোষৰ (ovary) ৰোগ, অধিক ভোজন, কোষ্ঠবৰ্দ্ধতা, পুৰণা বদ হজমি ৰোগ বোৰৰ প্ৰৱনতা বাঢ়ি যোৱা দেখা যায়। ঋতু সম্বন্ধীয় সমস্যা,বাত বিষ,সিফিলিচ,পুৰণা ব্ৰংকাইটিচ,যক্ষ্মা এই ৰোগ সমূহো প্ৰায়েই ইয়াৰ সহকাৰি বা উত্তেজনা দায়ক হয়।শীতকালৰ আৰম্ভনি আৰু শেষ ভাগত এই ৰোগৰ প্ৰৱনতা বেছিকৈ হোৱা দেখা যায়।

এজমা বা হাঁপানিৰ লক্ষণ -

হাঁপানিৰ আক্ৰমনৰ সময়ত বায়ুনলীৰ আৱৰণ খন স্ফীত হয়, তাৰ সংকুচিত পেশীবোৰে ভিতৰলৈ সোমোৱা বায়ু প্ৰবেশ কৰাত বাধা জন্মাই আৰু ভিতৰত থকা বায়ু ওলাই আহিব নোৱাৰা হয়। সেই বাবে বায়ু কোণ বোৰ ফুলি উঠে সেই সমস্যা বাৰে বাৰে উদ্ভৱ হোৱাৰ বাবে বায়ু কোষবোৰৰ স্ফিতি স্থায়ী হৈ এমফাইজিমা আৰু ক্ৰমান্বয়ে হ্ৰিদপিণ্ডৰ দক্ষিণ ফাল ও সৰ্ব শৰীৰৰ শাৰীৰিক ৰক্ত সঞ্চালনতো ব্যাঘাত জন্মাই। লক্ষণ সমূহ প্ৰায় পিছ নিশাৰ পৰা আৰম্ভ হয়। ৰোগ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় অস্থিৰতা, মানসিক অৱসাদ, উদাৰতা আৰু বুকুত হেছা দিয়াৰ দৰে অনুভৱ হয়। ৰোগীৰ উশা বন্ধ হোৱা উপশম হয় আৰু শুই থকিলেও হৰ্থাত সাৰ পাই উঠে লগতে ৰোগৰো উপক্ৰম বাঢ়িব ধৰে। ৰোগী উঠিবলৈ বাধ্য হয়, ৰোগীৰ সন্মুসত থকা বস্তু বোৰ আজুৰি ফুৰে, লাহে লাহে ৰোগীৰ মূখমণ্ডল ৰং নীলা হবলৈ ধৰে। প্ৰথমে বুকুৰ মাজত ঘৰ-ঘৰ শব্দৰ(Wheezing) লগতে কষ্টকৰ খুকখুক শুকান কাঁহ হয়। আৰু যেতিয়া কফ বোৰ গলি উলাই তেতিয়া ৰোগী সুস্থ অনুভৱ কৰে।

প্ৰত্যেক দিনা ৰোগ নিৰাময় হোৱাৰ পাছত অন্য ৰাতিৰ দৰে স্থগিত থাকি পুৰ্ণৰ আৰম্ভ হবলৈ ধৰে আকৌ কেতিয়াবা কেই ঘণ্টামান বা কেই দিনমান স্থায়ী ভাৱে (Status asthmaticus) নেৰানেপেৰাকৈও থাকিব পাৰে।

শাৰীৰীক লক্ষণ সমূহ -

ৰোগ আক্ৰান্তৰ সময়ত বক্ষস্থল ফুলি উঠে আৰু শ্বাস-প্ৰশ্বাসৰ প্ৰসাৰতা (inspiratory expansion) অতি সামান্য হৈ থাকে। ৰোগৰ প্ৰৱনতা বাঢ়িলে শ্বাস-প্ৰশ্বাৰ লগতে ডিঙিৰ হাড়ৰৰ ওপৰ ফাল আৰু বুকুৰ কামিহাড়ৰৰ তল ভাগ(supra-clavicular and sub-costal regions) ভিতৰ ফালে আক্ৰান্ত হয় (sucked in) আৰু বুকুৰ শব্দ অধিক বাঢ়িবলৈ ধৰে। উশাহ লোৱাটো চুতি হয় আৰু নিশ্বাস এৰোটে দীঘল কৈ এৰিব লগা হয় আৰু বুকুৰ ভিতৰ ভাগত স্পষ্ট ঘেড় ঘেড়নীৰ শব্দ (rales)শুনা যায়। এইধৰণে ৰোগ যদি দীৰ্ঘ সময়ৰ বাবে হৈ থাকে ৰোগীৰ বক্ষস্থল চুঙাকৃতি বা চুঙাৰ দৰে (barrel shaped) হবলৈ ধৰে, ৰোগীৰ জীৰ্ণ শীৰ্ণা হবলৈ ধৰে, ৰোগীৰ মানসিক পৰিৰ্ৱতন আহিপৰে, শিংশিঙিয়া শ্বভাৱৰ হয়, সামান্য কাৰণতে উশাহ বন্ধ হৈ যায় (out of breath)। এই অৱস্থাক পুৰণী এজমা বা পুৰণী হাঁপানি(chronic asthma) বোলা হয়।

কফ-জেপেতিয়া, আঠাযুক্ত তানি দিলে লেথাৰি কৈ ৰছিৰ নিচিনা দীঘল হৈ যায় (curschmann’s spirals), ছাগু দানাৰ দৰে (Laennec’s spirals)।

তেজ পৰীক্ষাঃ-

তেজত অত্যাধিক eosinophiles বৃদ্ধি পায় শতকৰা ৫০ পৰ্যন্ত হব পাৰে ইয়াৰ স্বাভাৱিক সংখা ১ৰ পৰা ৪ হয়।

ৰোগ-নিৰ্ণয়ঃ-
বংশগত ইতিহাস, এলাৰ্জি, সৰ্বসাধাৰণতে সুওব কম বয়সতে এই ৰোগৰ অৰম্ভ হয় আৰু মাজে মাজে বোগৰ আক্ৰমনৰ লগতে হাওঁ-ফাওঁ ৰোগ আৰু শেষত কাঁহি-কাঁহি জেপেতিয়া কফৰ সৈতে তেজ মিহল হৈ সৰহ পৰিমানে বাহিৰ হয়। কফ আৰু তেজৰ সৈতে ইসিনোফিল বাহিৰ হোৱা দেখা যায় এই সমূহ চাৰিত্ৰিক বৈশিষ্টৰ পৰাই ৰোগ নিৰ্ণয় কৰা হয়।

চিকিৎসাঃ-
স্বাস্থ্য সম্পৰ্কীয় বিধি মানি চলা উচিত। ঠাণ্ডা বা ৰ’দ লগা, অধিক ভোজন, অত্যাধিক পৰিশ্ৰম আৰু যিবোৰ বস্তু ব্যৱহাৰ কৰিলে এলাৰ্জি হব পাৰে বা ৰোগ বৃদ্ধি হোৱা সম্ভাৱনা থাকে তেনেকোৱা বস্তু বৰ্জন কৰাই ভাল। লগতে কুকুৰ, মেকুৰী, গৰু, ছাগলী ঘোঁৰা আদি প্ৰাণী সমূহৰ পৰা আঁতৰি থকিব লাগে।

হাঁপানী ৰোগত ব্যৱহৃত হোমিঅপেথিক ঔষধ সমূহ -

হোমিঅপেথিক চিকিৎসা সম্পুৰ্ণ প্ৰাকৃতিক, নিৰাপদ, কাৰ্যকৰী আৰু স্থায়ী। আপোনাৰ লগতে আপোনাৰ পৰিয়য়ালৰ প্ৰতিজন সদস্যকে হোমিঅপেথিক চিকিৎসা কৰাওক আৰু হোমিঅপেথিক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা গ্ৰহন কৰক। আপোনালোকক জনাওঁ যে হোমিঅপেথিকত কোনো ৰোগক চিকিৎসা কৰা নহয়। বৰঞ্চ ৰোগীকহে চিকিৎসা কৰা হয়। সেইবাবে সাধাৰণ পানী লগা জ্বৰ হলেও লক্ষণৰ ওপৰত ভিত্তি কৰিহে ঔষধ ব্যৱহাৰ কৰিব লগা হয়। কফৰ পৰা আদি কৰি যি বেমাৰেই নহওক কিয় হাঁপানী, ব্ৰংকাইটিস, চৰ্দি-কাহঁ বা হোপিং কাহঁ যিয়েই নহওক ৰোগীজনৰ লক্ষণ অনুযায়ী হে ঐষধ ব্যৱহাৰ কৰা হয়। ৰোগৰ লক্ষণ অনুযায়ী সঠিক ঔষধ প্ৰয়োগ কৰিলে এশ শতাংশ ৰোগমুক্ত হোৱাৰ সম্ভাৱনা থাকে। তলত লক্ষণ অনুযায়ী কিছুমান ঔষধৰ বৰ্ণননা দাঙিধৰা হল যদিও প্ৰয়োগৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅপেথেক চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়োৱা হল।

Aconitum nepellus:-

যেনেকোৱা ধৰনৰেই কাঁহ নহওক কিয় যদি প্ৰথম অৱস্থাৰ পৰাই মাৰাত্মত ভাৱে দেখা দিয়ে বা ৰোগ আৰম্ভ হোৱাৰ ২ৰ পৰা ৪ ঘণ্টাৰ ভিতৰতেই ভয়ংকৰ ৰূপ ধাৰণ কৰে তেনে ক্ষেত্ৰত aconitum napellus নামৰ ঔষধ টোক মনত পেলাব লাগে।এই ঔষধটোৰ ৰোগীৰ লক্ষণ বোৰ এনে ধৰনৰ- প্ৰচণ্ড জ্বৰ হয় কিন্তু ক্ষন্তেকীয়া, কঁফৰ পৰিমানো ইমানে বাঢ়ি যায় যে ৰোগীয়ে মৃত্যুৰ ভয়ত কাতৰ হৈ পৰে। ৰোগী মৃত্যুৰ ভয় থাকিলে সেই সময়ত এই ঔষধ টো বৰ উপকাৰি।
Bryonia alba:

ব্ৰায়নিয়াৰ প্ৰধান লক্ষ হ’ল ৰোগীৰ ওঁঠ, জিভা, শ্বাস নলি শুকাই যায়, ৰোগীৰ অত্যাধিক পিয়াহ সাগে, বৰকৈ পানী খাব বিচাৰে। ৰোগীয়ে কিছু সময়ৰ মূৰে মূৰে পানী খাব বিচাৰে আৰু অধিক মাত্ৰাত ঠাণ্ডা পানী পান কৰে। ৰোগীয়ে অন্ধকাৰ ঠাইত থাকিব নোৱাৰে, লৰ-চৰ কৰিব নিবিছাৰে। কাৰণ সেইবোৰ কৰিলে ৰোগীৰ কষ্ট বৃদ্ধি পায়। কোষ্টকাঠিন্যই দেখা দিয়ে অৰ্থাত পায়খানা কঠিন হয়। ৰোগী বিছনাত পৰি বাগৰি ফুৰে আৰু ৰোগীয়ে অকলে থাকিব বিছাৰে, ৰোগীয়ে কাঁহমাৰিলে মূৰ আৰু বুকুখন টুকুৰা টুকুৰকৈ ভাগি যোৱাৰ দৰে অনুভৱ কৰে।
Antimmonium tartaricum:-

এণ্টিম টাৰ্ট ঔষধটোৰ কফৰ প্ৰধান লক্ষণ সমূহ হল কাঁহৰ শব্দ শুনিলে ভাব হয় বুকুৰ ভিতৰত প্ৰচুৰ কফেৰে পৰিপূৰ্ণ হৈ আছে কিন্ত কাঁহিলে কোনো ধৰণৰ কঁফ বাহিৰ নহয়। খোৱাবোৱা কৰিলে কাঁহ বৃদ্ধি হয়। জিভাত বগা ডাঠ প্ৰলেপ পৰে, শৰীৰত কঁপনি, টোপনিৰ ভাব আৰু পেটৰ কিবা নহয় কিবা সমস্যা থাকে।কাঁহোতে কাঁহোতে শিশুৱে বমি কৰি দিয়ে আৰু বমি কৰাৰ পিছত কিছু আৰাম পায়। শ্বাসলবলৈ কষ্ট হোৱাৰ বাবে নাকৰ পাহি দ্ৰুত উঠা নমা কৰে।

Sambucus nigra:-

শুকান কাঁহ বা বুকুৰ ঘেৰঘেৰনী যুক্ত কাঁহ এই দুয়োতা লক্ষণতে sumbucus nigra ঔষধ টোৱে প্ৰযোজ্য হব পাৰে। কাঁহ আৰু কঁফৰ লগতে শ্বাস-প্ৰশ্বাসত কষ্ট, কাঁহৰ প্ৰৱলতাত ৰোগীৰ মূখৰ ৰং নীলা হৈ যায়, শুই থকা অৱস্থাত হৰ্থাত উশাহ বন্ধ হৈ গলে ৰোগী খাৰ পায় উঠে আৰু উঠি বহিবলৈ বাধ্য হয়। ৰোগীয়ে খুওব কষ্ট কৰি টানি টানি উশাহ লবলৈ চেষ্টা কৰে, উশাহ লব পাৰে কিন্তু এৰিব নোৱাৰে লাগি ধৰে। ৰোগীয়ে উশাহ ঘোৰাবলৈ বহু সময় কষ্ট কৰিব লগা হয়, শুই থকা সময়ত ৰোগীৰ দেহ শুকাই থাকে কিন্তু শুই উঠাৰ পাছত উথাৰ পাছত ৰোগীৰ অত্যাধিক ঘামি থাকে। পাছ নিশা ২-৩ টাত ঠাণ্ডা বাঢ়ি যোৱাৰ পিছত ৰোগীৰ ৰোগৰ প্ৰৱনতা বাঢ়ি যায়।
Arnica Montana:-

বুকু বা অন্য কোনোঠাইত আঘাত পোৱাৰ বাবে যদি এই কাঁহ হয় তেন্তে arnica Montana নামৰ ঔষধ টোৱে খুওব ভাল কাম কৰে। কাঁহিদিলে যদি বুকু বা ডিঙিৰ বিষ অনুভৱ হয় এনে সমস্যা বোৰৰ বাবে এই ঔষধ টো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। কেতিয়াবা মন কৰিব শিশু সকলৰ যেতিয়া কাহ আৰম্ভ হোৱাৰ আগত বা পাছত খুব আমনি কৰে আৰু কা্ন্দি থাকে ইয়াৰ কাৰণ হল শিশু সকলৰ বুকুৰ বিষ বা ডিঙিত প্ৰচণ্ড বিষ অনুভব কৰে। এই লক্ষণত arnica Montana ব্যৱহাৰ কৰিব লাগে। এই লক্ষণত ৰোগীৰ ডিঙি শুৰ শুৰাই থাকে শিশু সকলে কান্দিলে লগতে কাঁহ আৰম্ভ হয়।

Causticum:-
কষ্টিকামৰ প্ৰধান লক্ষণ সমূহ হল কাঁহ মাৰিলে প্ৰসাব বাহিৰ হৈ যায়। ৰাতিপূৱা মাত ভাঙি থাকে, বুকুৰ ভিতৰত প্ৰচণ্ড কঁফেৰে পৰিপু্ৰ্ণ হৈ থাকে কিন্তু কঁফ বাহিৰ হৈ নাহে, কাঁহি কাঁহি অৱশেষত যিকন উলাই সেইকণো পুৰ্ণৰ উভতি যায়। পেত অথবা শৰীৰৰ যিকোনো ঠাইত জ্বলা পোৰা কৰে, ঠাণ্ডা পানী খালে কাঁহ কমি যায়।এই ঔষধৰ মানসিক লক্ষণ হ’ল আনৰ দুখ-কষ্ট সহিব নোৱাৰে।

Rumex crispus:-

ৰোমেস্ক ঔষধ টোৰ প্ৰধান লক্ষণ হ’ল ৰোগ ঠাণ্ডা বতাহত বৃদ্ধি পায়। ডিঙিৰ উপৰ ফাল বা বুকৰ উপৰ ফালে ভিতৰ অংশত সুড়-সুড়াই থাকে আৰু কাহৰ প্ৰৱনতা বাঢ়ি যায়। ঠাণ্ডা বতাহ নাক বা মুখত খুমালে বা শৰীৰত ঠাণ্ডা বতাহ লাগিলেও ৰোগ বৃদ্ধি হবলৈ আৰম্ভ কৰে। লেপ অথবা কম্বলৰ ভিতৰত মূৰ সোমূৱাই শুলে বা গৰম বতাহ পালেহে ৰোগৰ প্ৰৱনতা কমে। বুকু বা ডিঙিত হেঁচা দিলে কাহ বাঢ়ি যায়। কথা কলে আৰু দীঘল কৈ উশাহ ললে বা ঘন ঘন চুতি চুতি উশাহ ললে কাহ বাঢ়ি যায়। ডিঙি বা বুকুত চাপ দিলেও কাহ বাঢ়ি যায়।
Drosera rotundifolia:-

ড্ৰচেৰাৰৰ প্ৰধাণ লক্ষন হ’ল ডিঙিৰ মাজ ভাগত অত্যন্ত খুড় খুড়নি, কাহি কাহি উশাহ বন্ধ নোহোৱা পৰ্যন্ত আৰু বমি নোহোৱা পৰ্যন্ত কাহ ৰাখিব নোৱাৰে, প্ৰচণ্ড কাহত বুকুৰ বিষ হোৱাৰ বাবে শিশু সকলে দুহাতে বুকুত হেঁচা মাৰি ধৰে, কাহ মাজ ৰাতি বৃদ্ধি পায় আৰু শুই থাকিলে বৃদ্ধি পায়, কাহোতে কাহোতে ৰোগীৰ মুখৰ ৰং নীলা হৈ যায়। ড্ৰচেৰা ঔষধ টো ঘনাই ব্যৱহাৰ কৰিব নালাগে কাৰণ এই ঔষধ টো ঘনাই ব্যৱহাৰ কৰিলে কাহ বৃদ্ধি হৈ বিপদ ঘটাব পাৰে। 
Hepar sulph:-

হিপাৰ চালফাৰৰ প্ৰধান ক্ষণ হ’ল শুকান তথা ঠাণ্ডা বতাহত কাহ বৃদ্ধি পায়, ঠাণ্ডা পানী খালে বৃদ্ধি পায়, মাজৰাতি আৰু ৰাতি পূৱাৰ ভাগত ৰোগ বৃদ্ধি পায়। এনে লক্ষণ প্ৰকাশ পালে সামান্যই হওক বা তিব্ৰ যেনেকোৱাই কাহ নহওক এই ঔষধটো উপযুক্ত। কিন্তু শুকান কাহত বা বুকুত কফ জমা নোহোৱা কাহত এই ঔষধৰ কোনো কাম নাই।

Ignatia:-

ইগ্নেশিয়া হ’ল এটা অদ্ভুত লক্ষণ পুৰ্ণ যুক্ত ঔষধ। কেতিয়াবা এনেকোৱা হয় কানত কিবা বতাহ মৰাৰ দৰে শব্দ হয় গান শুনিলে কমি যায়, পাইলচৰ বেদনা চলাফুৰা কৰিলে কমি যায়, ডিঙিৰ বিষ ঢোক গিলাৰ সময়ত কমে, মাথাৰ বিষ তল মূৰ কৰিলে কমি যোৱা ইত্যাদি। একবাৰ কাহ অৰম্ভ হলে এৰিবই নুখোজে ক্ৰমান্বই বৃদ্ধি হৈ গৈ থাকে-এনেকুৱা লক্ষণ থাকিলে Ignatia ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে শোক, দুখ, বিৰহ, বিচ্ছেদ, প্ৰেমত ব্যৰ্থতা, আত্মীয়ৰ মৃত্যু ইত্যাদিৰ কাৰনে যিকোনো ৰোগ হলে তাত Ignatia প্ৰযোজ্য হয়।

Ipecac :-

এই ঔষধৰ প্ৰধান লক্ষণ হল বমি বমি ভাব থাকিব বা কাঁহি কাঁহি বমি হয় কিন্ত জিহ্বা পৰিস্কাৰ থাকে। সামান্য কাহৰ পৰা একেবাৰে নিমোনিয়া, হুপিংকাহ আৰু হাঁপানীৰ দৰে মাৰাত্মক কাহতো ইপিকাক দিব পাৰে যদি উপৰোক্ত লক্ষণ দুটা প্ৰকাশ পায়।
Kali bichrom:- হোমিঅপেথিকৰ নাক, কান আৰু ডিঙিৰ এটা আতি উতকৃষ্ট ঔষধ। ইয়াৰ প্ৰধান লক্ষণ হল কফ আঁঠাৰ দৰে লিকতীয়া হয় আৰু কোনো থাইত লাগিলে টানিলে সূতাৰ দৰে দীঘল হৈ যায়। এই লক্ষণ প্ৰকাশ পালে কাহ বা যিকোনো ৰোগত এই ঔষধে মন্ত্ৰদৰে কাম কৰে।
Spongia tosta:-

এই ঔষধ শুকান কাহত পষোজ্য। সৰ্বসাধাৰণতে ডিঙিৰ ভিতৰটো শুকাই টান হৈ থাকে। কাহিলে ড্ৰাম বজাৰ দৰে শব্দ হয়। মাৰাত্মক কাহ, শ্বাস লোৱাৰ সময়ত অসুবিধা হয়, হিচ হিচ শব্দ হয়। মিঠা বস্তুখালে, ঠাণ্ডা পানী প্ৰাণ কৰিলে, ধূম্ৰপ্ৰাণ কৰিলে, তলমূৰ কৰি শুলে, মাজৰাতি আৰু ঠাণ্ডা শুকান বতাহত কাহ বৃদ্ধি হয়। গৰম পানী বা গৰম বস্তু খালে কাহ কমি যায়। হৃদ ৰোগৰ সৈতে সম্পৰ্ক থকা কাহত এই ঔষধ বেছি উপকাৰী।

Sticta pulmonaria:-

এই ঔষধৰ প্ৰধান প্ৰধান লক্ষণ সমূহ হল শুকান কাহ, বিয়লি অথবা ৰাতি বৃদ্ধি পায়, ৰোগী শুবনোৱাৰে বহি থাকিব লগা হয়। ৰোগীয়ে বুকুৰ উপৰত এটা গধুৰ শিলে হেঁচামাৰি থকাৰ দৰে অনুভৱ কৰে। অবিৰত হাঁচি আৰু প্ৰচণ্ড মাঠাৰ বিষ আদি।

Cuprum met:-

ভয়ংকৰ কাহ, এবাৰ কাহ ধৰিলে বহু সময় পৰ্যন্ত থাকে, কাহি শেষ হলে ৰোগী দূৰ্বল হৈ লেবেজান হৈ পৰে। দিন বা ৰাতি যিকোনো সময়তে কাহ হয়, কাহোতে কাহোতে (ধনুষ্টংকাৰৰ দৰে) শৰীৰ বেঁকাহৈ যোৱা আদি Cuprum met প্ৰধান লক্ষণ।

Mephitis:-

হুপিংকাহৰ দৰে মাৰাত্মক কাহত মেফিটিছ ব্যৱহাৰ হয়, যত সহজেই ৰোগী দূৰ্বল হৈ যায়। উচ্চস্বৰত পঢ়াশুনা কৰিলে, কথাকলে, কিবা খালে কাহ বৃদ্ধি পায়। কাহিলে বুকুৰ ভিতৰত শো শো শব্দ হয়। গোটেই ৰাতি কিছু সময়ৰ পিছে পিছে কাহ হৈ থাকে। ইয়াৰ এটা আদ্ভুত লক্ষণ হল- ৰোগী ইমান বেছি গৰম হয় যে, বৰফৰ দৰে ঠাণ্ডা পানী গাত লগালেও কোনোধৰণৰ অসুবিধা বোধ নহয় বৰঞ্চ আৰামহে অনুভৱ হয়।

Jaborandi:-

এই দৰবৰ প্ৰধান প্ৰধান লক্ষণ সমূহ হল- চৰ্ম, প্ৰেৰচিড গ্লাণ্ড আৰু টনচিলৰ উপৰত বেছি কাম কৰে। ডিঙিৰ পৰা প্ৰচুৰ কফ আৰু টেঙা পানী নিৰ্গত হোৱা, জ্বৰ, বমি, এলাৰ্জি ইত্যাদি। কাঁহৰ ক্ষেত্ৰত ইয়াৰ লক্ষণ হল অত্যাধিক কফ উলোৱা, একেবাৰা অত্যাধিক পৰিমানৰ কফ উলাই থাকিলে কেৱল জবৰণ্ডি নামৰ দৰবটোৱেই কাম কৰিব।

ইয়াৰ উপৰিও Blatar ori, Justicia adhaduda, Marc Sol, Arsenic, Acid nit, Gelsemium, Antim Cud আদি বহু ফলপসু হোমিঅপেথিক দৰব আছে হাপানীৰ বাবে।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102

 

3.46153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top