মানুহকে ধৰি ভূমণ্ডলৰ সমস্ত প্ৰাণীয়েই উশাহ নিশাহ লৈ জীয়াই থাকে। উশাহ নিশাহ নোলোৱাকৈ আমি এক মুহূৰ্তও জীয়াই থকাৰ কল্পনাও কৰিব নোৱাৰো। যদি কেনেবাকৈ আমাৰ এই উশাহ নিশাহ লোৱাত বেমেজালিৰ সৃষ্টি হয় তেতিয়া ভুক্তভোগীৰ কেনে অৱস্থা হব বাৰু? উশাহ নিশাহত কষ্ট অনুভৱ কৰা তেনে এবিধ ৰোগ হৈছে এজমা বা হাপানী নামৰ ৰোগটো। এজমা বা হাপানী নামৰ ৰোগটোৰ লগত সকলো পৰিচিত। সৰুৰে পৰা ডাঙৰলৈকে যিকোনো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হব পাৰে। এই ৰোগত ভোগা শিশু আৰু বয়সস্থ লোকে যথেষ্ট কষ্ট পায়।
- ধূলি,
- বালি,
- ধোঁৱা,
- ফুলৰ ৰেণু,
- জীৱ জন্তুৰ নোম আদি বিভিন্ন কাৰকৰ বাবে এজমা ৰোগ হব পাৰে।
বতৰ পৰিৱৰ্তন হোৱাৰ সময়ত বিশেষকৈ ঠাণ্ডা দিনত আৰু ফাগুন চ'ত মাহত ধূলি, বালি বেছি হোৱাৰ সময়ত মানুহ এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। কিছুমান চহৰত বায়ু প্ৰদূষণৰ ফলতো এই ৰোগৰ সৃষ্টি হয়। ইয়াৰ উপৰিও চিগাৰেট, গোটখা আদি সেৱন কৰা ব্যক্তিৰো এই ৰোগ হোৱা দেখা যায়। কিছুমান বৃত্তিত যেনে চিমেণ্ট ফেক্টৰী আদিত কাম কৰা ব্যক্তিৰো এই ৰোগ হোৱা দেখা পোৱা যায়।
- ৰোগীয়ে উশাহ নিশাহ লোৱাত কষ্ট পায়,
- ঘন ঘনকৈ উশাহ নিশাহ লয়,
- বুকুখন টানি ধৰে,
- কাহ হয় যদিও কফ ভালকৈ নোলায়(শেহৰাতি বা ৰাতিপুৱা বেছিকৈ হয়),
- উশাহ নিশাহত বুকুৰে সো সোঁ শব্দ হয় যাক চিকিৎসা বিজ্ঞানৰ ভাষাত হুইজিং চাউণ্ড বুলি কোৱা হয়।
ৰাতি অত্যাধিক কাহ হয় বাবে ৰোগীয়ে ভালকৈ শুব নোৱাৰে। আমাৰ হাওঁফাওঁৰ কাম হৈছে অক্সিজেনযুক্ত বায়ু গ্ৰহণ কৰা আৰু কাৰ্বনদাইঅক্সাইড যুক্ত বায়ু নিষ্কাশন কৰা। হাওঁফাওঁৰ বায়ুনলিকাবোৰে এই কাৰ্য্য কৰে। কিন্তু কেতিয়াবা কিছুমান কাৰকৰ বাবে এই বায়ু নলিকাসমূহ সংকুচিত হৈ পৰে। আচলতে এই কাৰকসমূহৰ বাবে বায়ুনলিকাসমূহত প্ৰদাহ বা ইনফ্লেমেচন হয় যাৰ ফলত এই নলিকাসমূহ সমূহৰ মাংসপেশী সংকুচিত হৈ বায়ুনলিকা ঠেক হৈ পৰে আৰু ইয়াৰ ভিতৰত শ্লেষ্মাৰ ক্ষৰণ বৃদ্ধি হয়। ইয়াৰ ফলত ৰোগীয়ে উশাহ নিশাহ লওঁতে কষ্ট অনুভৱ কৰে আৰু সোঁ সোঁ শব্দ হয়। এজমা সৃষ্টি কৰা বেছিভাগ কাৰকেই ৰোগীৰ শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰে।
- শৰীৰৰ মাষ্ট চেল আৰু ইয়'চিন'ফিল,
- টি লিম্ফ'চাইট নামৰ শ্বেত ৰক্তকণিকাৰ কোষসমূহ এই এলাৰ্জিৰ প্ৰতিক্ৰিয়াৰ লগত জড়িত।
হিষ্টামিন নামৰ ৰাসায়নিক পদাৰ্থৰ বাবে-
- বায়ু নলিকাসমূহ সংকুচিত হয়,
- ছালত খজুৱতি হয়,
- এলাৰ্জি জনীত কাৰণত এই ৰোগ হলে ৰোগীৰ সঘনে পানীলগা,
- চৰ্দি,
- কাহ হৈ থাকে,
- হাঁচি আহে,
- ছালত খজুৱতি হব পাৰে।
শ্বাসজনীত এই ৰোগক আয়ুৰ্বেদত 'তমক শ্বাস' নামেৰে জনা যায়। আশ্চৰ্যজনক ভাবে আয়ুৰ্বেদত বৰ্ণনা থকা 'তমক শ্বাস'ৰ কাৰণসমূহ, লক্ষণসমূহ এতিয়াৰ আধুনিক চিকিৎসা বিজ্ঞানত উল্লেখ থকা এজমাৰ কাৰণ, লক্ষণৰ সৈতে যথেষ্ট সাদৃশ্য আছিল। প্ৰধানকৈ কফ দোষৰ বাবে এই ৰোগ হয়।
এজমা ৰোগৰ কাৰক -
জেনেটিক কাৰণ বা পাৰিপাৰ্শ্বিক কাৰকৰ বাবে সাধাৰণতে এজমা ৰোগ হোৱা দেখা যায়। আৰু আন বহুতো কাৰক আছে। এজমা ৰোগ সৃষ্টিৰ কাৰক সমূহ হৈছে :-
- ধোঁৱা, ধূলি, ফুলৰ ৰেণু, জীৱ জন্তুৰ নোম, পৰিবেশ প্ৰদূষণ, ঠাণ্ডা আৰু শুকান বতাহ, উগ্ৰ গোন্ধযুক্ত পাৰ্ফিউম আদি।
- চৰ্দি, পানীলগা, নিউমনীয়া, ভাইৰাছ, বেক্টেৰিয়া আদিৰ সংক্ৰমণৰ বাবে।
- চিগাৰেট সেৱন বা পৰোক্ষ ভাবে ইয়াৰ ধোঁৱা সেৱন কৰা।
- কিছুমান বিশেষ ঔষধি সেৱনৰ ফলত।
- কেতবোৰ খাদ্যত থকা বিশেষ কিছুমান পদাৰ্থৰ বাবে যেনে ফাষ্ট ফুডত থকা মন চডিয়াম গ্লুতামেট বা msg আদি।
- ব্যায়াম, শোক, দুচিন্তা, মানসিক উদ্বেগ ইত্যাদিৰ বাবে।
- আৰু অন্যান্য বহু কাৰণ।
লক্ষণসমূহৰ উপৰিও-
- স্পাইৰ'মেট্ৰি,
- বুকুৰ এক্স ৰে,
- তেজৰ ইয়োচিন'ফিল,
- IgE পৰীক্ষা আদি কেতবোৰ পৰীক্ষাৰ দ্বাৰা এই ৰোগ চিনাক্ত কৰা হয়।
হাপানী বা এজমা ৰোগৰ চিকিৎসাত -
- এলাৰ্জি প্ৰতিৰোধী ঔষধ,
- ষ্টেৰয়ড,
- ব্ৰংক'দাইলেটৰ,
- ইনহেলাৰ আদি প্ৰয়োগ কৰা হয়।
এই ঔষধি সমূহে ৰোগ নিয়ন্ত্ৰণত ৰোগীক বহু সকাহ দিয়ে। এজমা ৰোগৰ চিকিৎসাৰ মুখ্য লক্ষ্য হৈছে:-
- এই ৰোগ সৃষ্টিকাৰী মুখ্য কাৰকসমূহৰ পৰা আঁতৰি থকা,
- বায়ুনলিকাৰ সংকোচন ৰোধ কৰা,
- হাওঁফাওঁৰ প্ৰদাহ ৰোধ কৰা ইত্যাদি।
আয়ুৰ্বেদত এই এজমা বা তমক শ্বাসৰ খুব সুন্দৰ চিকিৎসা আছে। আয়ুৰ্বেদে সৰ্বপ্ৰথমে 'নিদান পৰিবৰ্জন' অৰ্থাৎ যি কাৰকৰ বাবে এই ৰোগ সৃষ্টি হৈছে সেই কাৰকৰ পৰা দূৰত থাকিবলৈ উপদেশ দিছে।
- বতৰ সলনি হোৱাৰ সময়ত,
- ধূলি,
- ধোঁৱা,
- কফবৰ্ধক আহাৰ সেৱন আদিৰ পৰা ৰোগী সাৱধানে থকা উচিত।
আয়ুৰ্বেদ অনুসৰি 'তমক শ্বাস' বা এজমাৰ নিদান বা কাৰক এই বোৰেই। লগতে ৰোগীৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত গুৰুত্ব দিব লাগে। আমলখি, তুলসী আদিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শিশুসকলক শ্ৰৱনপ্ৰাচ খুৱালেও সুফল পোৱা যায়। উপৰি আন বহুতো ঔষধি প্ৰয়োগেৰে এই ৰোগৰ চিকিৎসা কৰা হয়। যেনে-
- হালধি,
- ত্ৰিকটু(সম পৰিমাণৰ শুকান আদা, পিপলি, জালুক) চূৰ্ণ,
- বগা বাহক(বাসক তিতা),
- যষ্টিমধু,
- তুলসী,
- শেৱালি আদি।
এইবোৰে এলাৰ্জি কম কৰাত সহায় কৰাৰ উপৰিও কফ গলি ওলাই অহাত সহায় কৰে।
- শীতোপলাদি চূৰ্ণ,
- তালিছাদি চূৰ্ণ,
- বাসাৱলেহ,
- কণ্টকাৰী অৱলেহ,
- কনকাৰিষ্ট ইত্যাদি বিভিন্ন শাস্ত্ৰীয় ঔষধ প্ৰয়োগৰ দ্বাৰা
এই ৰোগৰ উপশম পাব পাৰি। ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰা উচিত। স্ৰোত শুদ্ধিৰ বাবে বা সংশোধন চিকিৎসা হিচাবে পঞ্চকৰ্মৰ সহায়ো লব পাৰি। এজমা ৰোগীৰ বাবে উপকাৰী কেইবিধমান দিহা হৈছে:-
- ধোঁৱা, ধূলি, ঠাণ্ডা বতাহ, চিগাৰেট সেৱন আদিৰ পৰা বিৰত থাকক। ঠাণ্ডা বতাহৰ পৰা আঁতৰি থাকক। ধূলি, ধোঁৱাৰ পৰা বিৰত থাকিবলৈ মাস্ক ব্যৱহাৰ কৰিব পাৰে।
- কিবা খাদ্যৰ পৰা এলাৰ্জি আছে নেকি ধ্যান দিয়ক আৰু তেনে খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। ৰোগ হৈ থকা অৱস্থাত বেঙেনা, উৰহি, মাতিদাইল, কচু, বৰা চাউল আদি নাখাব। কাৰণ এইবোৰ খাদ্য কফবৰ্ধক আৰু এইবোৰ এলাৰ্জিৰ কাৰক হব পাৰে। ঠাণ্ডা পানী, ঠাণ্ডা খাদ্য, দৈ আদিও কফবৰ্ধক। অত্যাধিক চেনি দিয়া খাদ্য, ফাষ্ট ফুড এৰাই চলক। মানসিক চাপ কম লওক।
- শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মাজে মাজে তুলসী, নিম, আমলখি আদি সেৱন কৰক। এইবোৰে তেজৰ শোধন কৰে আৰু এলাৰ্জিৰ সমস্যা কম কৰে। আদা, তুলসীৰ পৰা তৈয়াৰ কৰা প্ৰাকৃতিক চাহ ও উপকাৰী। আমলখিৰ চূৰ্ণ, তুলসীৰ চূৰ্ণ ও সেৱন কৰিব পাৰে।
- শ্ৰৱনপ্ৰাচ সেৱন কৰিলেও সুফল পোৱা যায়।
- ৰোগীয়ে দৈনিক এচামুচকৈ মৌ সেৱন কৰিব পাৰে।
- দুচামুছ হালধিৰ ৰস একাপ গাখীৰৰ লগত মিহলাই ৰাতি শোৱাৰ সময়ত সেৱন কৰিব পাৰে।
- সম পৰিমানৰ শুকান আদা গুৰি আৰু হালধি গুৰি বটলত ভৰাই ৰাখি থব। তাৰে দৈনিক আধা চামুচ গৰম পানীৰ লগত সেৱন কৰক।
- শেৱালি ফুল খাৰ দি খাব পাৰে নাইবা আদা নহৰু দি ভাজি খাবও পাৰে। শেৱালিৰ কোমল পাতৰ বৰ খাব পাৰে। শেৱালি পাতৰ ৰস মৌ দি খালেও সুফল পোৱা যায়।(আধা চামুচ বা এচামুছ ৰস মৌৰ লগত)
- চিকিৎসকৰ পৰামৰ্শ অনুসৰি ত্ৰিকটু চূৰ্ণ মৌৰ লগত সেৱন কৰিব পাৰে।
- যষ্টিমধু বা মুলেঠি এডোখৰ, পিপ্পলি দুই বা তিনি ডোখৰ, শুকান আদা এডোখৰ এগিলাচ পানীত উতলাই আধা গ্লাছ থাকোতে নমাই থব। ঠাণ্ডা হোৱাৰ পাছত বটলত ভৰাই থব। দিনে চাৰি চামুচ কৈ তিনিবাৰ অকণমান মৌ দি সেৱন কৰক। শিশুসকলক বাদ দি বাকীসকল লোকে এইবিধ সেৱন কৰিব পাৰে।
- শিশুসকলক আমাৰ পৰম্পৰাগত ভাবে প্ৰচলিত কেঁচা আদাৰ ৰস, তুলসী পাতৰ ৰস আৰু মৌ মিহলাই খুৱাব পাৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে অন্য ঔষধি খুউৱা উচিত।
- দুকাপ পানীত তুলসী পাত কেইটামান, আদাৰ ৰস, জালুক দুটামানৰ গুৰি, লং দুটামান একেলগে উতলাই একাপ থাকোতে নমাই থওক। অলপ ঠাণ্ডা হোৱাৰ পাছত এচামুছ মৌ দি সেৱন কৰক।
- পুৰণা চাউলৰ ভাত, তিতাবাহকৰ ফুল উত্তম পথ্য। তিতাফুল ভাজি খালেও কিছু সকাহ পোৱা যায়।
- এজমা ৰোগীয়ে নিয়মিত ভাৱে প্রানায়ম কৰিব লাগে।
- ঠাণ্ডা দিনত এজমা ৰোগৰ প্ৰাবল্য বেছি হয়। সেয়েহে শীতৰ দিনকেইটাত অলপ সতৰ্কতা অৱলম্বন কৰা উচিত। বিশেষকৈ শিশুৰ শৰীৰত ঠাণ্ডা লগাব নালাগে আৰু ধোঁৱা, ধূলি আদি এলাৰজেনৰ পৰা যিমান পাৰে আতৰাই ৰাখিব লাগে। ৰোগীৰ অৱস্থা জটিল হলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
লেখিকা: ডাঃ ৰেইনী দেৱী
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং: 7399114617