মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এটি পৰিচিত সমস্যা এলাৰ্জী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এটি পৰিচিত সমস্যা এলাৰ্জী

 

আপোনাৰ সঘনে চৰ্দি, পানী লগা হৈ থাকে নেকি? অকণমান ঠাণ্ডা লাগিলেই নাক বন্ধ হৈ যায় বা নাকৰ পৰা পানী ওলাবলৈ ধৰে নেকি? ঋতু পৰিৱৰ্তন বা ঠাণ্ডা গৰম পৰিৱেশ সলনি হোৱাৰ ফলত বা অকণমান ধূলি, বালিৰ স্ংস্পৰ্শত শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সৃষ্টি হয় নেকি নে নেৰানেপেৰাকৈ হাঁচিয়াবলৈ ধৰে? কিবা খাদ্য বস্ত্তৰ সেৱনৰ ফলত গা বিজবিজাই আৰু খজুৱতি হয় নেকি? এই সকলো প্ৰশ্নৰ উত্তৰ যদি ‘হয়’ বুলি কয় তেন্তে ইয়াৰ মূখ্য কাৰণ হ’ব পাৰে এলাৰ্জী এলাৰ্জী হ’ল আমাৰ শৰীৰত ঘটা একধৰণৰ বিৰুপ প্ৰতিক্ৰিয়া।কোনো এলাৰ্জেন(Allergen) যেনে-ধূলি, বালি, ঋতু পৰিৱৰ্তন, কোনো খাদ্য বস্ত্তৰ ঔষধ আদিৰ প্ৰভাৱ শৰীৰে সহ্য কৰিব নোৱাৰিলে কিছুমান বিৰুপ প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু শৰীৰে এই এলাৰ্জেনবিলাক শৰীৰৰ পৰা আঁতৰাই পঠিয়াবলৈ বা ধ্বংস কৰিবলৈ কিছুমান সঁহাৰি জনাই যাক Allergic reaction বুলি কোৱা হয়।আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাই আমাক নিয়মিতভাৱে এলাৰ্জেনবিলাকৰ পৰা সুৰক্ষা দি আছে।শৰীৰত Allergic reaction সৃষ্টিকাৰী এই এলাৰ্জেনবিলাকক Antigen বুলিও কোৱা হয় আৰু শৰীৰত এনে এণ্টিজেন প্ৰৱেশ কৰাৰ পিছত এই এণ্টিজেনবিলাকক শৰীৰৰ পৰা উলিয়াই পঠিয়াবলৈ বা ধ্বংস কৰিবলৈ তেজৰ শ্বেতৰক্ত কণিকাবিলাকে Antibody ৰ সৃষ্টি কৰে।এই Antibody বিলাকৰ কাম হ’ল Antigen বিলাক চিনাক্ত কৰি তাক ধ্বংস কৰা।এণ্টিবডী উৎপন্ন আমাৰ শৰীৰত থকা এবিধ প্ৰ’টিন জাতীয় পদাৰ্থ যাক Immunoglobulin E বুলি কোৱা হয়।কিন্ত্ত কেতিয়াবা কিছুমান শৰীৰৰ হানি-বিঘিনি নঘটোৱা পদাৰ্থকো শৰীৰে এলাৰ্জেন বুলি গণ্য কৰি এণ্টিবডী উৎপন্ন কৰে যেনে-প্ৰ’টিন জাতীয় কিছুমান খাদ্য, কচু, বেঙেনা আদি।ভিন ভিন এণ্টিজেনৰ এণ্টিবডীও ভিন ভিন হয়।অৱশ্যে এটা কথা যিকোনো পদাৰ্থই এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে বা এলাৰ্জেন হিচাপে ক্ৰিয়া কৰিব পাৰে।ভিন ভিন মানুহৰ বাবে এলাৰ্জেনো ভিন ভিন হয়।সচৰাচৰ আমি দেখা এলাৰ্জেনবিলাকৰ ভিতৰত ধূলি, মাকতি, ফুলৰ ৰেণু (Pollen),কিছুমান গছৰ শুং, ঔষধ (যেনে-Ibuprofen, Sulfa drug, Penicillin),কীট-পতংগৰ শুং বা কামোৰণি(যেনে-মহৰ কামোৰণি, মৌ বা বৰলৰ শুং),কিছুমান খাদ্য পদাৰ্থ (যেনে- মিছামাছ, বেঙেনা, কণী ইত্যাদি)পোহনীয়া জীৱ-জন্ত্তৰ নাম আদিয়ে প্ৰধান।এই Allergic reaction নিৰ্ভৰ কৰে মানুহজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ ওপৰত আৰু বেছিভাগ ক্ষেত্ৰতে এইটো অনুমান কৰিব পৰা নাযায়।যেতিয়া আমাৰ তেজত থকা এণ্টিবডীয়ে কোনো এটা এণ্টিজেন বা এলাৰ্জেন চিনাক্ত কৰে আৰু তাক আক্ৰমণ কৰে সেই এণ্টিবডীবিলাকে কিছুমান chemical ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে যাক Mediator বুলি কোৱা হয়।সাধাৰণতে allergic reaction ৰ সময়ত আমাৰ শৰীৰৰ Mast cell বিলাক উত্তেজিত হয় আৰু Mast cell বিলাকৰ পৰাই এণ্টিবডী নিৰ্গত হয়।এই Mast cell বিলাক সাধাৰণতে ছাল, খাদ্যনলী আৰু শ্বাস-প্ৰশ্বাস তন্ত্ৰত বোছিকৈ থাকে।সেয়েহে এলাৰ্জীৰ লক্ষণসমূহ এই অংগসমূহত বেছিকৈ দেখা যায়।Allergic reaction ৰ সময়ত Mast cell ত এণ্টিবডীবিলাকে বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে।তাৰ ভিতৰত হিষ্টামিন প্ৰধান।অত্যাধিক হিষ্টামিন নিৰ্গত হোৱাৰ ফলত শৰীৰত এলাৰ্জী উৎপন্ন হয় আৰু কেতিয়াবা অতি বেছি এলাৰ্জী হৈ মানুহৰ শ্বাস আৰু হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুপৰ্যন্ত হ’ব পাৰে।যাক Anaphylaxis বুলি কোৱা হয়।আগতে কোৱা হৈছে মানুহ এজনৰ এলাৰ্জীৰ প্ৰভাৱ কম বা বেছি হোৱাটো নিৰ্ভৰ কৰে মানুহ জনৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত।আজিকালি অশুদ্ধ খাদ্যাভাস আৰু অশুদ্ধ জীৱনশৈলীৰ প্ৰভাৱত আমাৰ শৰীৰত পোষক তত্ত্বৰ অভাৱ (nutritional deficiency)পৰিলক্ষিত হোৱা দেখা যায় আৰু ইয়ে আমাৰ শৰীৰক আৰু মানসিকভাৱে দুৰ্বল কৰি পেলায়।যাৰ ফলত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যায় আৰু আমি বাৰে বাৰে বিভিন্ন এলাৰ্জীৰ দ্বাৰা আক্ৰান্ত হওঁ।উদাহৰণস্বৰুপে যদি মানুহ এজন কোনো বেমাৰৰ ফলত দুৰ্বল হৈ পৰে তেতিয়া মানুহজন খুব খিংখিঙিয়া স্বভাৱৰ হয় আৰু সৰু সৰু কথাতে খ্ং উঠে।তেনেদৰে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল হ’লে শৰীৰৰ অংগ-প্ৰত্যংগবিলাক খিংখিঙীয়া হয় আৰু অতি স্ংবেদনশীল(Hypersensitive)হয়। সৰু সৰু কিছুমান কাৰকৰ প্ৰভাৱত যেনে-ধূলি, ধোঁৱা, পাৰফিউম, ঠাণ্ডা বাতাৱৰণ, ঠাণ্ডা পদাৰ্থ, টেঙা পদাৰ্থ সেৱন, গৰিষ্ঠ ভোজন আদিৰ প্ৰভাৱত শৰীৰত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু অতি সংবেদনশীল হৈ পৰে যাক আমি(Hypersensitivity reaction বা Allergic reaction)বুলি কওঁ।

 

এলাৰ্জীৰ লক্ষণসমূহ Allergic reaction ৰ ফলত হ’ব পৰা বিভিন্ন লক্ষণসমূহ তলত দিয়া হ’ল-

* ছালত হোৱা লক্ষণ: ছাল বিজবিজোৱা, ৰঙা পৰা, খজুৱতি, ফুলি উঠা, পানী জোলা, ছাল উখহি উঠা আদি।

* মুখমণ্ডলত হোৱা লক্ষণ:মুখমণ্ডল, ডিঙি, চকুৰ পতা, ওঁঠ, জিভা ফুলি বা উখহি উঠা, মাত ভাঙি যোৱা, মূৰৰ বিষ আদি।

* নাকত হোৱা লক্ষণ: নাকৰ ফুটা বন্ধ হৈ যোৱা, নাকৰ পৰা পানী ওলোৱা(Allergic rhinitis), হাঁচি, নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদাৰ্থ ওলোৱা আদি।

* পাকস্থলীত হোৱা লক্ষণ: পেটৰ বিষ, বমি ভাব, বমি, ডায়েৰিয়া, তেজযুক্ত ডায়েৰিয়া আদি।

* হাঁওফাঁওত হোৱা লক্ষণ: হাঁওফাঁওৰ পৰা সোঁ সোঁ শব্দ হোৱা, দীঘল দীঘলকৈ উশাহ লোৱা, শ্বাস কষ্ট, মৃত্যু আদি।

* অন্য লক্ষণ: ভাগৰুৱা বা অৱশতা, মূৰ আচন্দ্ৰাই কৰা বা ঘূৰোৱা, মূৰ পাতল পাতল লগা, অজ্ঞাত হৈ যোৱা, গোটেই শৰীৰত ৰঙা চকলাচকল দাগ লগতে খজুৱতি(Uritcaria)আদি।

এলাৰ্জেনৰ প্ৰকাৰ আৰু মানুহজনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অনিযায়ী লক্ষণসমূহো ভিন ভিন হয়।উপৰিউক্ত লক্ষণসমূহৰ যিকোনো লক্ষণ দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত।কাৰণ Allergic reaction খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰুপ ল’ব পাৰে।

*এলাৰ্জীৰ ফলত হ’ব পৰা জটিলতা-

এলাৰ্জীৰ ফলত শৰীৰৰ বিভিন্ন অংশ আক্ৰান্ত হ’ব পাৰে।

*যদি নাকৰ শ্লেষ্মাৱৰণ আক্ৰান্ত হৈ তেন্তে তাৰ পৰা এলাৰ্জীক ৰাইনাইটিছ বা সহজ ভাষাত চৰ্দি বা পানী লগা(Hay fever)উৎপন্ন হয়।

*তাৰ পৰা অলপ ভিতৰত Naso pharynx আক্ৰান্ত হ’লে adenoid প্ৰভাৱিত হয়।

*Oro pharynx আক্ৰান্ত কৰি টনছিলাইটিছৰ সৃষ্টি কৰে।

*মুখমণ্ডলৰ চাইনাছক আক্ৰান্ত কৰি ছাইনাছাইটিছৰ সৃষ্টি কৰে।

*লগতে মূৰৰ ফালে আক্ৰমণ কৰি মাইগ্ৰেইনৰ মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে।

*ই আমাৰ চুলি সৰা বা চুলিৰ অকাল পক্কতাৰ কাৰণো হ’ব পাৰে।

*এই এলাৰ্জী যদি শ্বাসনলীৰ তলৰ অংশত গুচি যায় তাৰ পৰা ব্ৰ্ংকিয়েল এজমাৰ সৃষ্টি হয়।

যদি ওপৰত উল্লেষ কৰা বেমাৰবোৰৰ নাম বা লক্ষণ ভিন ভিন হয় ইহঁতৰ কাৰণ একেটাই।সেইটো হৈছে এলাৰ্জী।

পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষা-

 

*তেজৰ সম্পূৰ্ণ কোষৰ সংখ্য নিৰ্ণয়(Complete Blood count)।এইটো পৰীক্ষাত তেজৰ ইওচিনোফিল নামৰ কোষৰ স্ংখ্যা বেছিকৈ ওলাব পাৰে।

*IgE ImmunoglobulinE এণ্টিব’ডীৰ পৰীক্ষাৰ সহায়ত মানুহজনৰ কি কি পদাৰ্থৰ প্ৰতি এলাৰ্জী আছে তাক পৰীক্ষা কৰা হয়।

*কিছুমান ইনজেকচন লগোৱাৰ আগতে ছালত পৰীক্ষা(Skin test)কৰিব দিয়া হয়।

এলাৰ্জীৰ প্ৰতিৰোধ :যি কাৰকৰ পৰা এলাৰ্জীৰ সৃষ্টি হয় সেই কাৰকৰ পৰা আঁতৰি থকাই একমাত্ৰ প্ৰতিৰোধ।লগতে আমি সুষম আহাৰ, ফল-মূল, সেউজীয়া শাক-পাচলি বেছিকৈ সেৱন কৰিব লাগে।ধূলি-বালি বা প্ৰদূষিত বাতাৱৰণ পৰা পাৰ্যমানে আঁতৰি থাকিব লাগে।

চিকিৎসা:আধুনিক চিকিৎসা ব্যৱস্থাত এটি হিষ্টামিনিক,ষ্টেৰইড আদি ব্যৱহাৰ কৰা হয় আৰু  অতি ভয়াৱহ Allergic reaction  ৰ ক্ষেত্ৰত এপিনেফ্ৰিন নামৰ ঔষধ (Injection)ব্যৱহাৰ কৰা হয়।ইয়াৰ উপৰি এলাৰ্জীৰ ফলত হোৱা বিভিন্ন লক্ষণ বা জটিলতাৰ বাবে সেই লক্ষণ বা জটিলতা অনুযায়ী চিকিৎসা কৰা হয়।

আয়ুৰ্বেদিক চিকিৎসা:আয়ুৰ্বেদত এই সমস্যাটোৰ প্ৰতিৰোধ তথা ইয়াৰ লক্ষণ আৰু জটিলতা অনুযায়ী বিভিন্ন ঔষধীৰ ব্যৱহাৰৰ উল্লেখ আছে।একক ঔষধীৰ ভিতৰত হৰিদ্ৰা,গুৰুচী,আদা,পিপ্পলী,ক’লা জালুক,দালচেনি ,কণ্টকাৰী,বাসা,মুলেথি,তুলসী আদিয়েই প্ৰধান।

*শাস্ত্ৰীয় ঔষধ:লক্ষণ আৰু জটিলতাৰ ভিন্নতা অনুযায়ী তলৰ শাস্ত্ৰীয় ঔষধসমুহ প্ৰয়োগ কৰা হয়,যেনে-হৰিদ্ৰা খণ্ড,ত্ৰিকুট চুৰ্ণ,শীতোপলাদি চুৰ্ণ,মুলেথি চুৰ্ণ,তালিসাদি চুৰ্ণ,গিলোই স্বত্ব,কৈশোৰ গুগ্গুল,নাৰদীয় লক্ষ্মীবিলাস ৰস,তংকন ভস্ম,স্ফটিকা ভস্ম,কণ্টকাৰী অৱলেহ,বাসা অৱলেহ,চিত্ৰক হৰিতকী অৱহেলা আদি।

*পেটেণ্ট ঔষধী:চেপ্টিলিন,Immusante,লাৰ্জিনা,শীতপিত্তান্তক বটী আদি।

ওপৰত উল্লেখ কৰা ঔষধসমুহ চিকিৎসকৰ পৰামৰ্শ অহিবনে সেৱন কৰা অনুচিত।কাৰণ ভিন ভিন ৰোগী বা মানুহ অনুসৰি ঔষধো ভিন ভিন হয়।

লেখক: ডা: মুকুল শৰ্মা (দেওবৰীয়া সুকন্যা)

 

 

 

 

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top