মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এনকাইলোজিং স্পণ্ডিলাইটিছঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এনকাইলোজিং স্পণ্ডিলাইটিছঃ

এনকাইলোজিং স্পণ্ডিলাইটিছৰ বিষয়ে লিখা হৈছে ।

 

কঁকালৰ প্রদাহজনিত বাত ৰোগ এনকাইলোজিং স্পণ্ডিলাইটিছত মেৰুদণ্ডৰ অস্থিসন্ধিসহ অন্যান্য অঙ্গপ্রত্যঙ্গ আক্রান্ত হয় ।ইয়াক একেবাৰে নির্মূল কৰিব পৰা নগলেও আধুনিক চিকিৎসাৰ মাধ্যমত নিয়ন্ত্রণত ৰাখিব পৰা যায়।

স্পণ্ডিল'আর্থ্রাইটিছ হ’ল এক প্ৰকাৰৰ বাত ৰোগ। স্পণ্ডিল'আর্থ্রাইটিছ সংক্ৰমনত কেইবাটাও অস্থিৰ ৰোগ হব পাৰে, যাৰ অন্যতম এটি হল এনকাইলোজিং স্পণ্ডিলাইটিছ। অন্য ৰোগবোৰ হল ৰি-একটিভ আর্থ্রাইটিছ, ছৰিয়াটিক আর্থ্রাইটিছ, ইনফ্লেমেটৰি বাওয়েল ডিজিজ আর্থ্রাইটিছ,জুভেনাইল ইডিওপেথিক আর্থ্রাইটিছ, ক্রনছ্ ডিজিজ ইত্যাদি। এনকাইলোজিং স্পণ্ডিলাইটিছ নামক বাত ৰোগটি তুলনামূলকভাৱে নাৰীৰ তুলনাত পুৰুষৰ বেছি হয়।

উপসর্গসমূহ -


*মূল উপসর্গ হল কঁকালৰ বিষ। প্রথমতে বিষ মৃদু থাকে।কিন্তু দিন যোৱাৰ লগে লগে এই বিষ তীব্রতৰ হয়।

*বিচনাত বিষৰ কবলত ইফাল-সিফাল কৰে। ৰাতি বিষ ইমানেই বেছি হয় যে বিষৰ বাবে সাৰ পাই যায়।

*বিশ্রাম ললে বিষ বাঢ়ে কিন্তু কাম কাজ কৰি থাকিলে বিষ কমি থাকে।

*কঁকালত বিষ নহলেও বিভিন্ন অস্থিসন্ধি যেনে ভৰিৰ বিভিন্ন গাঁঠি সমূহত বিষ হোৱাৰ লগতে ভৰিৰ নিম্নাংশ ফুলি যাব পাৰে। এটা ভৰিত বেছি বিষ অনুভৱ হলে আনটোত বিষ কম হয়।

*ভৰিৰ মাংসপেশীসমূহ যিবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে সেইবোৰ স্থানত বিষ বেছি হয়।

কাৰণসমূহ -


*পৃথিবীৰ প্ৰায় ৮০ শতাংশ মানুহৰ জীৱনত কোনোবা না কোনোবা বয়সত কঁকালৰ বিষ হয়েই। মানৱ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বা ইমোইন ছিস্টেম থাকে যাৰ কামেই হল শৰীৰক নিঃৰোগী কৰি ৰখা। ইমোইন ছিস্টেম দূৰ্বল হৈ যোৱাৰ ফলত শৰীৰৰ বিভিন্ন গাঁঠি বা জইন্ট, মাংসপেশী, হাড় প্রভৃতিকে আদি কৰি সকলো অংগ-প্ৰতংগ সংক্ৰমিত হয়।

*এনকাইলোজিং স্পণ্ডিলাইটিছ পুৰুষ-মহিলা উভয়ৰে হব পাৰে।


ইয়াৰ বাবে দায়ী কাৰকসমূহ:

*বংশগত: ২০-২৫ শতাংশ ক্ষেত্রত জেনেটিক কাৰণ বা বংশপৰম্পৰা কাৰক হিচাপে অভিহিত কৰা হয়।

*ভাইৰাছ: কিছু কিছু ভাইৰাছ সংক্ৰমনৰ ফলতো এই ৰোগ হয়।

*বেক্টেৰিয়া: বেক্টেৰিয়াৰ আক্রমণ কৰিলেও এনকাইলোজিং স্পণ্ডিলাইটিছ হব পাৰে।

*পৰীক্ষাঃ চিকিত্সকৰ পৰামৰ্শমতে নিন্মোক্ত পৰীক্ষাসমূহ কৰিলে ৰোগ নিশ্চিত কৰিব পাৰি-

*লেব টেস্ট: তেজৰ কিছু পৰীক্ষা-নিৰীক্ষা কৰিলে এই ৰোগ ধৰা পৰে। যেনে: ছিবিছি(CBC), ইএছআৰ(ESR), এইছএলএ-বি২৭(HlaB-27) ইত্যাদি।

*ইমেজিং: মেৰুদণ্ডৰ দুয়োকাষে থকা দুয়োটা ছেক্ৰ'ইলিয়াক(SI)জইন্টৰ এক্স-ৰে কৰিলে এই ৰোগ নিশ্চিত হব পাৰি। ক্ষেত্রবিশেষে হাড়ৰ ছফট্ টিচুবোৰত বিশেষ চিহ্ন বা লক্ষণ চাই ৰোগ নির্ণয়ৰ বাবে ছেক্ৰ'ইলিয়াক জইন্টৰ ছিটি স্কেন, এমআৰআই কৰি নিশ্চিত হব পাৰি।

*আলট্রাছাউণ্ড বা ছন'গ্ৰাফী: এনকাইলোজিং স্পণ্ডিলাইটিছ নিশ্চিত কৰিবলৈ মাস্ক'স্কেলেটাল আলট্রাছন'গ্রাফী পৰীক্ষাটিও কৰিব পাৰি।

চিকিৎসা ও কৰণীয় -

*ফিজিঅ'থেৰাপি : এনকাইলোজিং স্পণ্ডিলাইটিছ হলে দৈনিক শাৰিৰীক ব্যায়াম বা ফিজিঅ'থেৰাপিয়ে ৰোগ নিৰাময়ত বহুত সহায় কৰে। শাৰিৰীক ব্যায়ামে মাংসপেশীসমূহক শক্তিশালী ও কাৰ্যক্ষম কৰি ৰখাৰ উপৰিও ৰাতি গভীৰ টোপনি অহাত সহায় কৰে।

*ছাৰ্জাৰী বা অস্ত্ৰোপচাৰ: ছাৰ্জাৰীৰ জড়িয়তে এই ৰোগ নিৰ্মূল কৰিব পাৰি। বিশেষ কৰি ভৰিৰ ওপৰৰফালে যিসকলে অৱস অৱস অনুভৱ কৰাৰ ওপৰিও প্রস্রাৱ-পায়খানাত সমস্যা হয় তেখেত সকলৰ বাবে অস্ত্ৰোপচাৰ জৰুৰী।

এনকাইলোজিং স্পণ্ডিলাইটিছৰ ভয়াবহতা -

*এনকাইলোজিং স্পন্ডিলাইটিছ হলে দেহৰ অন্যান্য অঙ্গ-প্রত্যঙ্গও আক্রান্ত হব পাৰে। ইয়াৰ ফলত চকু আক্ৰান্ত হয়।

*প্রায় ২০-৩০ শতাংশৰো বেছি ক্ষেত্রত অন্যান্য গাঁঠি যেনে-ঊৰুসন্ধি বা হিপ জইন্ট আৰু নি জইন্ট বা আঁঠু আক্রান্ত হয়।

*হৃদযন্ত্র বা হার্টৰ সমস্যা হব পাৰে।

*স্নায়ুতন্ত্র আক্রমণ কৰাৰ লগতে স্নায়ুৰ শিৰাবোৰ দুর্বল কৰি নানা জটিলতাৰ সৃষ্টি কৰে।

*চকুত সংক্ৰমন হয়।

*এনকাইলোজিং স্পণ্ডিলাইটিছৰ সমস্যা দীর্ঘদিন থাকিলে অস্টিঅ'পোৰ'ছিছ বা হাড়ৰ ক্ষয়জাতীয় ৰোগ হব পাৰে।

প্রতিৰোধ কৰণীয় -

এনকাইলোজিং স্পণ্ডিলাইটিছ ৰোগ চিনাক্ত হোৱাৰ পিছতে দ্রুত চিকিৎসা কৰিলে প্রায় সম্পূৰ্ণ সুস্থতা লাভ কৰিব পাৰি। সেয়ে কঁকালৰ বিষ অনুভৱ কৰিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লব লাগে।

বিশেষ সতৰ্কীকৰণঃ বিষনাশক ঔষধৰ অত্যধিক প্ৰয়োগৰ ফলত মাইগ্ৰেন, কিডনিত পাথৰ হব পাৰে।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 9707738197

 

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top