মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এফেচিয়া বা বাকৰুদ্ধতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এফেচিয়া বা বাকৰুদ্ধতা

এফেচিয়া বা বাকৰুদ্ধতাৰ বিষয়ে লিখা হৈছে ।

মানুহ আন জীৱবোৰতকৈ এইবাবেই পৃথক যে মানুহে মগজুৰ দ্বাৰা চিন্তা কৰি সিদ্ধান্ত ল’ব পাৰে আৰু মনৰ ভাব ভাষা বা কথাৰে সম্পূৰ্ণৰুপে প্ৰকাশ কৰিব পাৰে। এই যে কথাৰে ভাব প্ৰকাশ কৰা বা কথা কোৱা, কথা বুজি পোৱা, কথা-বতৰাৰ ভাগ লৈ নিজৰ মনৰ ভাব ব্যক্ত কৰা বা উত্তৰ দিয়া, কথা মনত ৰখা, শব্দবোৰ মনত ৰাখি থোৱা আৰু সেই শব্দবোৰৰ সঠিক সময়ত সঠিক ব্যৱহাৰ কৰা আদি প্ৰক্ৰিয়াবোৰ এজন সুস্থ মানুহে ইমান সহজতে কৰে যে তাৰ বাবে কোনো সমস্যা বা বিশেষ গুৰুত্ব দিবলগীয়া নহয়।

ই ঈশ্বৰপ্ৰদত্ত এক অদ্ভুত শক্তি। যেতিয়ালৈকে আমি ইয়াক সুচাৰুৰপে কৰি থাকো অথবা আমাৰ বাকশক্তি সুস্থ হৈ থাকে তেতিয়ালৈ এইবোৰ যে এক জটিল প্ৰক্ৰিয়া এই কথা মনলৈ নাহে। কিন্তু কিবা কাৰণত যদি এই প্ৰক্ৰিয়াত সমস্যা আহে তেতিয়াহে আমি বুজি পাওঁ যে মুখেৰে এটা শব্দ সৃষ্টি কৰাটো কিমান জটিল কথা। এনে এক জটিল ৰোগৰ নাম হ’ল এফেচিয়া (Aphasia) বা বাকৰুদ্ধতা। বাক সমস্যা বহুধৰণৰ আছে, তাৰ ভিতৰত এফেচিয়া বা বাকৰুদ্ধতা হ’ল এক স্নায়ৱিক কাৰণৰ বাবে হোৱা এক সমস্যা বা  Neurogenic speech disorder।

সাধাৰণতে যিকোনো কাৰণত যদি কোনো লোকৰ মগজুৰ বাকশক্তিক পৰিচালনা কৰা অংশত ৰক্তক্ষৰণ হয় বা আঘাত লাগে, তেন্তে সেই লোকজনৰ এই বাকৰুদ্ধতা বা কথা ক’ব নোৱাৰা ৰোগ হয়। বেছিভাগ ক্ষেত্ৰতে পক্ষাঘাত ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে বাকৰুদ্ধতা ৰোগ হোৱা দেখা যায় ।

মানুহৰ মগজুৰ টিউমাৰ হ’লে, মগজুৰ সংক্ৰামক ৰোগ, যেনে- মেনিনজাইটিছ বা এনকেফেলাইটিছ আৰু ডিমেনচিয়া বা স্মৃতিবিভ্ৰম ৰোগ হ’লেও আংশিক বা সম্পূৰ্ণৰুপে বাকৰুদ্ধতা ৰোগ হ’ব পাৰে ।

এফেছিয়া বা বাকৰুদ্ধতা ৰোগ মূলত: চাৰি প্ৰকাৰৰ -

১) কথা বুজি পায় কিন্তু ক’ব নোৱাৰে, যাক ‘মটৰ এফেছিয়া’ (Motor Aphasia) বুলি কোৱা হয় ।

২) কথা ক’ব পাৰে কিন্তু কথা বুজি নাপায় । ইয়াক ছেনছৰী এফেচিয়া (Sensory Aphasia) বুলি কোৱা হয় ।

৩) কেৱল বস্তু বা মানুহৰ নাম পাহৰে । এনে সমস্যাক নমিনেল এফেছিয়া (Nominal Aphasia) বা Amnesic Aphasia বুলি কোৱা হয় ।

৪)যদি কোনো এজন লোকে কথা বুজিও নাপায় বা ক’বও নোৱাৰে, তেনে সমস্যাক গ্লোবেল এফেছিয়া (Global Aphasia) বুলি কোৱা হয় ।

এফেছিয়া ৰোগৰ লক্ষণ :-

এফেছিয়া ৰোগ সাধাৰণতে পক্ষাঘাত বা মগজুৰ আঘাত বা মগজুৰ সংক্ৰামক ৰোগৰ পিছত হঠাৎ আৰম্ভ হয় । এই ৰোগৰ লক্ষণবোৰৰ ভিতৰত কথা কোৱা বন্ধ হৈ যোৱা, বাক্য সলসলীয়াকৈ ক’ব নোৱাৰা, হাত-ভৰি বা নানান ধৰণৰ অংগী-ভংগীৰে কথা বুজাবলৈ চেষ্টা কৰা, কিছুমান লোকে একেটা শব্দৰে মনৰ ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰা, বহু লোকে আকৌ বস্তুৰ নামটো ক’ব নোৱাৰি বস্তুটোৰ বিভিন্ন বৰ্ণনা দি বুজাবলৈ চেষ্টা কৰে ।

আন কিছুমান লোকে আকৌ কিছুমান অবোধ্য অৰ্থহীন শব্দৰে মনৰ ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰে, যাক Jargon speech বুলি কোৱা হয় । কিছু৮মান ৰোগীয়ে কথা কোৱাৰ সমস্যাৰ লগতে হাতেৰে লিখিব নোৱাৰা হয় আৰু কাণেৰে শুনিব নোৱাৰাও হয় ।

ওপৰোক্ত সকলোবোৰ লক্ষণ যে একেজন লোকৰে হ’ব তেনে নহয় । ব্যক্তিভেদে লক্ষণবোৰো বেলেগ বেলেগ হ’ব পাৰে । কিন্তু কথা ক’ব নোৱাৰিলেও এনে ৰোগীৰ বিবেক বা বুদ্ধি ঠিকেই থাকে । সেয়েহে এনে ৰোগীৰ কথা কোৱা সমস্যাক লৈ কেতিয়াও ঠাট্টা-মস্কৰা বা বিদ্ৰূপ কৰা উচিত নহয় । ইয়ে ৰোগীক মানসিকভাৱে আঘাত দিয়ে । বৰঞ্চ ৰোগীক কথা ক’বৰ বাবে মানসিক উৎসাহ দিব লাগে ।

এফেছিয়া ৰোগৰ চিকিৎসা -

বহু চিকিৎসক তথা মানুহে ভাবে যে এই ৰোগৰ কোনো চিকিৎসা নাই । প্ৰকৃততে বাক চিকিৎসা (Speech Therapy) ৰ দ্বাৰা এই ৰোগৰ পৰা আংশিক বা সম্পূৰ্ণৰুপে আৰোগ্য লাভ কৰিব পাৰি । এই ৰোগৰ আৰোগ্য তথা চিকিৎসা দুটা কথাৰ ওপৰত নিৰ্ভৰ কৰে । প্ৰথমটো হ’ল ৰোগীৰ মগজুৰ কোন অংশ বা কিমান অংশ আঘাতপ্ৰাপ্ত হৈছে । আনহাতে দ্বিতীয়টো হ’ল শুদ্ধভাৱে স্পীচ থেৰাপী দিয়া হৈছে নে নাই । চিকিৎসা পদ্ধতি চলি থকা সময়ছোৱাত পৰিয়াল বা নিকটাত্মীয় লোকৰ সহযোগ অতি অপৰিহাৰ্য । পৰিয়ালৰ লোকসকলে তলত দিয়া কথাবোৰ মানি চলিলে চিকিৎসা অধিক ফলপ্ৰসূ হ’ব । যেনে- পৰিয়ালৰ লোকে ৰোগীৰ বাকৰুদ্ধতা বা শাৰীৰিক সক্ষমতাৰ বিষয়ে ভালদৰে বুজি পাব লাগিব ।

ৰোগীয়ে কথা প্ৰকাশ কৰোতে যদি সময় লয় বা বিভিন্ন ধৰণৰ অংগী- ভংগীৰ সহায় লয়, তেন্তে তেওঁক মনৰ ভাব প্ৰকাশ কৰিবলৈ সহায় কৰা উচিত । এই বাকৰুদ্ধতা ৰোগ যিমানে জটিল, ইয়াৰ চিকিৎসাও সিমানে দীঘলীয়া । সেয়েহে পৰিয়ালৰ লোকে ধৈৰ্য সহকাৰে ৰোগীৰ চিকিৎসা প্ৰক্ৰিয়াত সহায় কৰা উচিত । প্ৰথম অৱস্থাত ৰোগীৰ আৰোগ্য লেহেমীয়া হয় যদিও শেষৰ ফালে ক্ষিপ্ৰতাৰে ৰোগী আৰোগ্য হয় ।

ঘৰৰ সকলো কামতে ৰোগীয়ে যেনেদৰে সিদ্ধান্ত দিছিল ঠিক তেনেদৰে এতিয়াও পৰিয়ালৰ লোকে তেওঁৰ মতামত ল’বলৈ চেষ্টা কৰা উচিত । খাদ্য বা পোছাক-পৰিচ্ছদত তেখেতৰ পচন্দৰ কথা সুধিব লাগে আৰু ঠিক তেনেদৰেই দিবলৈ চেষ্টা কৰিব লাগে । ইয়াৰ দ্বাৰা ৰোগীৰ ইচ্ছাক সন্মান কৰা হয় তথা তেখেতৰ মগজুক সক্ৰিয় কৰা হয় ।

ৰোগীক কথা ক’বলৈ উৎসাহ দিব লাগে আৰু ৰোগীৰ উৎসাহক প্ৰশংসা কৰিব লাগে । ৰোগীক ৰেডিঅ’ বা টেলিভিছন চোৱাৰ সুবিধা কৰি দিব লাগে । কিন্তু ৰোগীক কেতিয়াও এনে কাম কৰিবলৈ দিয়া উচিত নহয়, যিটো তেওঁৰ বাবে অসম্ভৱ ।

পুৰণি ফটো, পুৰণি আনন্দৰ মুহুৰ্তবোৰৰ কথা ৰোগীক মনত পেলাই দিব লাগে । পৰিয়ালৰ বা আত্মীয় লোকৰ ফটো দেখুৱাই তেওঁৰ বিষয়ে বৰ্ণনা দিব লাগে । বন্ধুবৰ্গ বা আত্মীয় লোকে ৰোগীৰ খবৰ ল’বলৈ আহিলে তেওঁলোকক আগতীয়াকৈ নিৰ্দেশ দিব লাগে, যাতে ৰোগীক কোনো কথাতে নিৰুৎসাহ নকৰে বা ৰোগীৰ আগত কন্দা-কটা নকৰে ।

কাৰণ এই ৰোগৰ চিকিৎসাত ৰোগীৰ মানসিক শক্তিয়েই মূল সম্পদ । প্ৰবল মানসিক শক্তিয়ে ৰোগীৰ আৰোগ্য ক্ষিপ্ৰতৰ কৰি তোলে । সকলোৰে সহযোগ থাকিলে বাক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰি ।

লেখক :- হেমন্ত কলিতা

উৎস :- জি এনআৰচি স্বাস্থ্য

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top