মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / এমিবায়েচিছ আৰু এমিবিক ডিচেন্ট্ৰি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এমিবায়েচিছ আৰু এমিবিক ডিচেন্ট্ৰি

এমিবায়েচিছ আৰু এমিবিক ডিচেন্ট্ৰিৰ বিষয়ে লিখা হৈছে ।

আপোনাৰ পেটত কেতিয়াবা হঠাতে খামুচি ধৰা বিষ হয় নেকি? আপুনি লগে লগে পায়খানালৈ দৌৰিবলগীয়া হয় নেকি? পায়খানাত বহিও শান্তি নাই। পেটে গুৰগুৰকৈ মাতিছে, পেট কামুৰিছে আৰু অলপ অলপহে শৌচ ওলাইছে। এনেকৈ আপুনি বাৰে বাৰে পায়খানালৈ গৈ আছে।

কিমান অশান্তি, নহয় জানো? চিকিৎসকৰ ওচৰলৈ দৌৰি গৈ দৰব আনি খাইহে কিছু ৰক্ষা পায়। কেতিয়াবা আকৌ চাৰি-পাঁচ দিনলৈ আপুনি ভুগিয়েই থাকে। এনেকুৱা কিয় হয়, ভাবি চাইছেনে বাৰু?

ক্ৰান্তীয় দেশসমূহত হোৱা ৰোগবিলাকৰ ভিতৰত পানী আৰু অপৰিষ্কাৰ খাদ্যৰ দ্বাৰা বিয়পা ৰোগসমূহে বহুতো লোকক এনেদৰে ভোগায়। তেনে এবিধ ৰোগ হ’ল ‘এমিবায়েচিছ’। এই ৰোগে মানুহৰ অন্ত্ৰ আৰু যকৃত আক্ৰান্ত কৰে।

প্ৰাপ্ত পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে গোটেই ইবিশ্বত শতকৰা দহভাগ লোক এই ৰোগত আক্ৰান্ত হয় আৰু প্ৰায় ৭০,০০০ লোক এই ৰোগত মৃত্যু বৰণ কৰে। উন্নয়নশীল দেশসমূহত, বিশেষকৈ দক্ষিণ এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।

ভাৰতবৰ্ষৰ ভিতৰত অসম, পশ্চিমবঙ্গ, উৰিষ্যা আদি ৰাজ্যত এই ৰোগত আক্ৰান্ত হোৱা অঞ্চলৰ মানুহৰ পিছে এই ৰোগৰ দ্বাৰা শৰীৰৰ অংগসমূহ সাংঘাটিক ধৰণে আক্ৰান্ত নহয়। সেইবাবে এনে ঠাইত এমিবায়োচিচত মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম।

ৰোগৰ কাৰণ আৰু বিস্তাৰ -

এই ৰোগৰ কাৰণ হ’ল ‘এন্টামিবা হিষ্টোলাইটিকা’ নামৰ এক কোষীয় এবিধ সৰল জীৱ। এইবিধ জীৱ সাধাৰণতে আৰ্দ্ৰ আৰু অলপ গৰম পৰিৱেশত থাকে। আক্ৰান্ত লোকৰ অন্ত্ৰত ই সক্ৰিয় ৰূপত(Vegetative Form) থাকে আৰু শৌচৰ লগত ইয়াৰ ডাঠ আৱৰণেৰে আবৃত ভ্ৰূণ(Amoebic Cyst) ওলাই যায়।

এইবিধ ভ্ৰূণ গৰম আৰু আৰ্দ্ৰ পৰিৱেশত বহুতো সময় বাহিৰতো জীয়াই থাকে। পিছত খোৱা খাদ্য, পানী, শাক-পাচলি আদিৰ লগত মিহলি হৈ আন এজনৰ পেটত সোমায়গৈ। য’তে ত’তে শৌচ কৰা, খোৱাৰ আগতে ভালদৰে হাত নোধোৱা

লোকৰ শৰীৰত এইবিধ পৰজীৱী(Parasite) অণুজীৱই সহজে প্ৰ্ৱেশ কৰিবালৈ সুবিধা পায়। মানুহৰ অন্ত্ৰত স্থান লৈ ই সুবিধাজনক সময়লৈ ৰৈ থাকে আৰু পিছত ৰোগৰ সৃষ্টি কৰে।

ৰোগৰ ধৰণ

এন্টাবিমা হিষ্টোলাইটিকা নামৰ এইবিধ পৰজীৱী জীৱই প্ৰথমে মানুহৰ অন্ত্ৰত স্থিতি লয় আৰু সুবিধা পালেই বৃহদান্ত্ৰৰ ভিতৰৰ আৱৰণত ঘাৰ সৃষ্টি কৰে। এই ঘাবোৰ কেইবা ঠাইতো একে লগে হয়। ঘাবোৰৰ পৰা ৰক্তক্ষৰণ আৰু বীজলুৱা পদাৰ্থ নিৰ্গমণ হয় আৰু এইবোৰ শৌচৰ লগত মিহলি হৈ বাহিৰলৈ ওলাই আহে। কিছুমান ৰোগীৰ ক্ষেত্ৰত এনে ধৰণৰ ঘাবোৰ বৃহদান্ত্ৰৰ সকলো ঠাইলৈ বিয়পি গৈ সাংঘাটিক ৰূপ ল’ব পাৰে।

তেতিয়া গোটেই বৃহদান্ত্ৰ ফুলি উঠে আৰু কেতিয়াবা ফাটি গৈ পেটৰ ভিতৰত সাংঘাটিক সংক্ৰমণ হৈ ৰোগীৰ অৱস্থা সংকটজনক কৰি তোলে। ইয়াকে ‘টক্সিক কলাইটিচ’(Toxin Colitis) বুলি কোৱা হয়। সাধাৰণতে যিবোৰ অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কম, তাত থকা মানুহৰ এই পৰজীৱী বীজাণুৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা নোহোৱা বাবে এনে ৰোগৰ সাংঘাটিক ৰূপ-  টক্সিক কলাইটিচ হোৱাৰ সম্ভাৱনা বেছি।

আমাৰ অসমত বেছিভাগ লোকে এইবিধ বীজাণু অন্ত্ৰত প্ৰায়েই কাঢ়িয়াই লৈ ফুৰে বাবে আমাৰ ইয়াত এই ৰোগৰ এনে সাংঘাতিক ৰূপ সাধাৰণতে দেখা পোৱা নেযায়। ঘনাই ভুগি থকা ৰোগীৰ ক্ষেত্ৰত এই বীজাণুৱে বৃহদান্ত্ৰৰ আৰম্ভণি অংশত সংক্ৰমণ ঘটাই বৃহদান্ত্ৰৰ বেৰৰ কোষবোৰ উখহাই পেলায় আৰু ই হাতেৰে চুব পৰা টেমুনাসদৃশ ৰোগৰ সৃষ্টি কৰে। ইয়াকে ‘এমিবোমা’(Amoeboma) বোলা হয়।

কেতিয়াবা আকৌ এন্টামিবা হিষ্টোলাইটিকাই অন্ত্ৰৰ পৰা গৈ তেজবাহী নলীত প্ৰৱেশ কৰে আৰু তেজৰ লগত মিহলি হৈ গৈ যকৃতত সোমাইগৈ। যকৃতত এইবিধ বীজাণুৱে প্ৰৱেশ কৰি তাৰ কোষবোৰ ধ্বংস কৰে আৰু লাহে লাহে গাঁতটো ডাঙৰ হয় আৰু তাৰ ভিতৰত মুগা বৰণীয়া পূঁজ জমা হয়। ইয়াকে যকৃতৰ ফোঁহা(Amoebic Liver Abscess) বোলা হয়।

সাধাৰণতে এনে ফোঁহা হোৱাৰ আগতে ৰোগীয়ে প্ৰায়েই অন্ত্ৰত ঘা নোহোৱাকৈও যকৃতত ফোঁহা হ’ব পাৰে। যকৃতত হোৱা ফোঁহা ডাঙৰ হ’লে কেতিয়াবা ই পেটৰ ভিতৰতে ফাটি গৈ সাংঘাটিক ধৰণৰ অৱস্থা কৰিব পাৰে। এনে ধৰণৰ ফোঁহা সময় সাপেক্ষে ফাটি হাওঁফাওঁৰ ঢাকনিৰ মাজত আৰু আনকি হৃদপিণ্ডৰ ঢাকনিৰ মাজতো পূঁজ বিয়পাব পাৰে।

কেতিয়াবা ই ফাটি গৈ ছালৰ মাজেৰে বাহিৰলৈ পূঁজ ওলোৱাৰো উদাহৰণ আছে। মুঠতে যকৃতৰ সংক্ৰমণ এমিবায়েচিচৰ এক অতি ভয়লগা গুৰুত্বপূৰ্ণ সমস্যা।

খুব কম সংখ্যক ৰোগীৰ ক্ষেত্ৰত কেতিয়াবা এইবিধ বীজাণু তেজেৰে গৈ হাওঁফাওঁ বা মগজুত স্থিতি লয় আৰু সেইবোৰ অংগত ফোঁহাৰ(Lung/Brain Abscess) সৃষ্টি কৰা দেখা যায়।

ৰোগ নিৰ্ণয়

চিকিৎসকে ৰোগৰ লক্ষণ জানি লৈ আৰু নিজে পৰীক্ষা কৰি সাধাৰণতে এই ৰোগ নিৰ্ণয় বহু পৰিমাণে কৰিব পাৰে। কিন্তু সন্দেহজনক পৰিস্থিতিত বা ৰোগৰ বিষয়ে নিশ্চিতভাৱে জানিবলৈ হ’লে আৰু কিছুমান পৰীক্ষা কৰা আৱশ্যক।

শৌচ পৰীক্ষা:

আগতে উল্লেখ কৰা হৈছে যে ৰোগ হৈ থকা সময়ত শৌচত এন্টামিবা হিষ্টোলাইটিকা নামৰ বীজাণুৰ ডাঠ আৱৰণেৰে আবৃত ভ্ৰূণ(Cyst) ওলাই যায়।

সেয়েহে সেই সময়ত শৌচ পৰীক্ষা কৰি ভ্ৰূণৰ উপস্থিতি নিশ্চিত হ’লে এই ৰোগ সন্দেহাতীত ভাৱে চিনাক্ত কৰা হয়।

পিছে যিহেতু শৌচত ভ্ৰূণৰ নিৰ্গমণ সদায় নহয়, তিনি-চাৰিবাৰ শৌচ পৰীক্ষা কৰিলেহে ইয়াৰ উপস্থিতি ধৰা পৰে। আনহাতে সক্ৰিয়ভাৱে ৰোগ হৈ থকা অৱস্থাত এই বীজাণুৰ সক্ৰিয়ৰূপ(Vegetative Form) শৌচত ধৰা পৰে।

তেজ পৰীক্ষা:

তেজত চেৰোলজিকেল পৰীক্ষা কৰি এমিবাৰ এন্টিবডি ধৰা পেলাব পাৰি। এই পৰীক্ষা বেছি ইতিবাচক নহয়, যদি যকৃতত এই বীজাণুৱে আক্ৰমণ কৰি ফোঁহাৰ(Amoebic Liver Abscess) সৃষ্টি কৰে।

পিছে চেৰোলজিকেল পৰীক্ষাবোৰ ৰোগ নিৰাময় হোৱাৰ কেইবা বছৰ পিছলৈ ইতিবাচক হৈ থাকে। সেয়ে এই পৰীক্ষা ইতিবাচক হ’লেই ৰোগ হৈ থকা নুবুজায়। অৱশ্যে নেতিবাচক পৰীক্ষাই দিয়া ফলাফলে সদায় এন্টামিবা ইষ্টোলাইটিকাৰ সংক্ৰমণ নথকাটোকে বুজায়।

আল্ট্ৰাছ’নোগ্ৰাফী:

যকৃতত সংক্ৰমণ থকা বুলি সন্দেহ হ’লে আল্ট্ৰাছ’নোগ্ৰাফী কৰা উচিত। যকৃতৰ ভিতৰত হোৱা ফোঁহা এই পৰীক্ষাৰ দ্বাৰা সহজে ধৰিব পাৰি।

এণ্ডোস্কোপী:

বৃহদান্ত্ৰত এই ৰোগৰ সংক্ৰমণ হ’লে চিগমইডোস্কোপ(Sigmoidoscope) নামৰ যন্ত্ৰ শৌচদ্বাৰেদি সুমুৱাই দি ভিতৰৰ ঘা আদি প্ৰত্যক্ষ কৰিব পাৰি। সাধাৰণতে এন্টামিবা হিষ্টোলাইটিকাৰ দ্বাৰা হোৱা ঘাবোৰ সৰু সৰু হয় আৰু মাজৰ আৱৰণ সম্পূৰ্ণ অক্ষত অৱস্থাত থাকে।

অন্য ৰোগৰ বাবে বৃহদান্ত্ৰত ঘা হ’লে পিছে এনে নহয়। এই পৰীক্ষাৰ সময়ত ঘাৰ পৰা কিছু নমুনা সংগ্ৰহ কৰি অনুবীক্ষণ যন্ত্ৰত পৰীক্ষা কৰি এই ৰোগৰ বীজাণুৰ উপস্থিতিও সহজে ধৰা পেলাব পাৰি।

ৰোগৰ লক্ষণ

এমিবায়েচিচ অধ্যুষিত অঞ্চলৰ লোকে সাধাৰণতে তলত উল্লেখ কৰা লক্ষণসমূহত ভোগে-

  • ৰোগীয়ে বাৰে বাৰে শৌচ কৰিবলৈ যায় আৰু প্ৰতিবাৰতে অলপ অলপকৈ তেজ আৰু বীজলুৱা পদাৰ্থ মিহলি শৌচ কৰে। এই তেজ ৰঙা আৰু কম পৰিমাণে হয়।
  • তল পেটত আৰু পেটৰ দুয়োকাষে বিষ অনুভৱ কৰে। এই বিষ কেতিয়াবা খুব বেছি হয় আৰু ৰোগীয়ে বিছনাতে ছটফটাই থাকে। পেটৰ বিষ আৰু কম কমকৈ কৰা শৌচৰ প্ৰক্ৰিয়া।

এদিন-দুদিনৰ পৰা এসপ্তাহকৈ চলি থাকিব পাৰে। কিছুমান ৰোগীৰ এনে প্ৰক্ৰিয়া অলপ অলপকৈ কেইবা মাহলৈকো চলি থকা দেখা যায়।

  • কেতিয়াবা পেটৰ বিষৰ লগতে সোঁফালে তল পেট ফুলি উঠাও দেখা যায়। ফুলি উঠা ঠাইখিনিত হেঁচা দিলে বিষায়। কেতিয়াবা আকৌ সেই ঠাইতে এটা টেমিনাৰ উদ্ভৱ হয়। এনে টেমুনা সাধাৰণতে কিছু টান আৰু বেদনাদায়ক হয়।
  • যদি ৰোগে যকৃতত সংক্ৰমণ কৰে, ৰোগীয়ে ওপৰ পেটৰ সোঁফালে বিষ অনুভৱ কৰে। প্ৰথমে বিষ কম পৰিমাণে আৰম্ভ হয় আৰু সহ্য কৰিব পৰা ধৰণৰ হয়, পিছত ৰোগ বঢ়াৰ লগে লগে বিষ অসহ্য হ’বলৈ ধৰে। যকৃতৰ ভিতৰত পূঁজ জমা হ’লে বিষৰ লগতে জ্বৰো জ্বৰো উঠিব পাৰে।

এমিবায়েচিচ অধ্যুষিত এলেকাৰ বাহিৰৰ লোকে এই ৰোগত ভুগিলে ৰোগৰ লক্ষণ কিছু বেলেগ হয়-

  • ৰোগীয়ে অসহ্য পেটৰ বিষত ভোগে আৰু পাতল শৌচ কৰে। লাহে লাহে পেট ফুলি যায়, বমি কৰে আৰু শেষত লেবেজান হৈ পৰে।

চিকিৎসা -

এমিবায়েচিচৰ ফলত ডিচেন্ট্ৰি হৈ থাকিলে এমিবা বিধ্বাংসী দৰব- মেট্ৰোনিডাজল বা টিনিডাজল খোৱা উচিত।

প্ৰাপ্ত্বয়স্ক লোকে মেট্ৰোনিডাজল(মেট্ৰোজিল বা ফ্লেজিল) টেবলেট(৪০০ মিলিগ্ৰাম) এটাকৈ তিনিবাৰ কমেও পাঁচ বা সাত দিনৰ বাবে খোৱা উচিত।

শিশুৱে ২০০ মিলিগ্ৰাম টেবলেত তিনিবাৰকৈ খালেই হ’ব। ইয়াত কাম নহ’লে টিনডাজল নামৰ টেবলেট(৫০০ মিলিগ্ৰাম) চাৰিটা একেলগে তিনিদিনলৈ খাব পাৰে। লগতে হজম প্ৰক্ৰিয়া ঠিকে ৰাখিবলৈ এনজাইম টেবলেট খোৱা উচিত। অৱশ্যে দৰব খোৱাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক।

যকৃতৰ সংক্ৰমণ হ’লে পিছে ইয়াৰ লগত আন দৰবো ব্যৱহাৰ কৰিবলগীয়া হয়। যকৃতৰ ভিতৰত পূঁজ জমা হ’লে অস্ত্ৰোপচাৰ কৰি পূঁজ উলিয়াবলগীয়া হ’ব পাৰে।

অৱশ্যে আজি কালি আল্ট্ৰাছ’নোগ্ৰাফীৰ মাধ্যমেৰে বেজীৰে ফুটা কৰিও পূঁজ উলিয়াব পৰা হৈছেগৈ।

টক্সিক কলাইটিচ হ’লে অস্ত্ৰোপচাৰ কৰি বৃহদান্ত্ৰৰ সংক্ৰমিত অংশ অতি সোনকালে আৰু ক্ষীপ্ৰতাৰে উলিয়াই দিব পাৰিলেহে জীৱন ৰক্ষা কৰিব পৰা হয়গৈ।

আহাৰ:

এমিবায়েচিচ ৰোগৰ হজম প্ৰক্ৰিয়া আক্ৰান্ত হয় বাবে আহাৰ গ্ৰহণতো সাৱধানতা অৱলম্বন উচিত। সাধাৰণতে জ্বলা-মছলাযুক্ত আহাৰ পৰিহাৰ কৰা উচিত। সিজাই খোৱা খাদ্য বেছি উপকাৰী। মাংস আদি কমাই খোৱা উচিত।

ৰোগৰ প্ৰতিৰোধ

আগতে উল্লেখ কৰা হৈছে যে এই ৰোগ খোৱা খাদ্য আৰু পানীৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ বিয়পে।

ফলপ্ৰসূ অনাময় আঁচনিৰ অভাৱত ক্ৰান্তীয় দেশসমূহৰ এক বুজন সংখ্যক লোকে য’তে ত’তে শৌচ ক্ৰা আৰু য’ৰে ত’ৰে পানী খোৱাৰ অভ্যাস কৰি আহিছে।

তদুপৰি গৰম আৰু আৰ্দ্ৰ জলবায়ুৰ অঞ্চলত এন্টামিবা হিষ্টোলাইটিকাৰ ভ্ৰূণ বহুদিনলৈ বাচি থাকিব পাৰে বাবে এইবোৰ অঞ্চলত এই ৰোগে স্থায়ীকৈ খোপনি পুতিব পাৰে।

সেয়েহে এইবোৰ এলেকাৰ মানুহে কিছুমান সাৱধানতা অৱলম্বন নকৰিলে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ আন কোনো উপায় নাই।

  • খোৱা পানী উতলাই বা খুব ভালদৰে ফিল্টাৰ কৰি খাব কৰি খাব লাগে।
  • খোৱাৰ আগতে হাত চাবোনেৰে খুব ভালকৈ ধুব লাগে।
  • কেঁচা শাক-পাচলি নোখোৱাই ভাল। খালেও গৰম পানীৰে ভালকৈ ধুইহে খাব লাগে।
  • ৰাস্তাই-ঘাটে থকা সৰু সৰু হোটেলবিলাকত মুকলিকৈ ৰন্ধা খাদ্য খোৱাটো উচিত নহয়।
  • লেট্ৰিন আৰু বাথৰূম খুব ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে।
  • য’তে ত’তে শৌচ-পেচাব কৰাটো বিপদজনক। অনাময় আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ কৰি এই ব্যৱস্থা বিলোপ সাধন কৰাটো প্ৰয়োজনীয়।

লেখক: ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top