অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঁকালৰ বিষ :

কঁকালৰ বিষৰ বিষয়ে লিখা হৈছে ।


আধুনিক জীৱন শৈলীৰ ফলত বৰ্তমান সময়ত কঁকালৰ বিষত ভোগা ৰোগীৰ সংখ্যা যথেষ্ঠ বাঢ়ি থকা দেখা গৈছে।প্ৰত্যেকজন ব্যক্তিয়ে জীৱনকালত এদিন নহয় এদিন এনে ৰোগত নিশ্চয় ভোগে।
আমাৰ ৰাজহাৰ ডাল 33 ডাল হাৰেৰে গঠিত।এই হাৰ বোৰৰ মাজেৰে আমাৰ মস্তিষ্কৰ পৰা নাৰ্ভ ৰ এক গুচ্ছ (যাক আমি spinal cord বুলি কওঁ )ওলাই আহে।spinal cord ৰ পৰা 33 জোৰা nerve যাক আমি spinal Nerve বুলি কওঁ ওলাই গৈ আমাৰ শৰীৰৰ বিভিন্ন অংশত ক্রিয়াশীল কৰি তোলে।দুডাল ৰাজহাৰ ৰ টুকুৰাৰৰ মাজত স্পঞ্জৰ দৰে এবিধ বস্তু থাকে যাক intervertebral disc বুলি কোৱা হয়।

আমাৰ যিকোনো কৰ্মত যদি এই অংশবোৰত হেঁচা পাৰে তেন্তে ৰাজহাৰ পৰা ওলাই অহা নাৰ্ভ বোৰত হেঁচা প্ৰয়োগ কৰে যাৰ ফলত আমি কঁকালত বিষ অনুভৱ কাৰো।

কঁকালৰ বিষৰ মূল কাৰণ সমূহ -

১)অত্যাধিক ভাৰ বহন কৰা ।

২)বেছিকৈ হালি হালি কাম কৰা।

৩)বেকাকৈ থিয় হোৱা।

৪)শৰীৰৰ ওজন বঢ়িলে।

৫)ৰাজহাড়ৰ ক্ষয় হলে।

৬)অত্যাধিক খোজ কাঢ়িলে ।

৭)ৰাজহাড়ৰ ভিতৰত টিউমাৰ হলে।

৮)শ্লীপ ডিস্ক হলে।

৯)খাদ্যত কেলচিয়াম আৰু মেগনেছীযামৰ অভাব হলে।

১০)আঘাত পালে।ইত্যাদি ।


ককালৰ বিষৰ কেতবোৰ আনুসংগীক কাৰণ -

কঁকালৰ বিষৰ ইয়াৰোপৰি আন বহু কাৰণ দেখা যায়। যেনে...

১)আমি খোৱা খাদ্য যদি ভালদৰে হজম নহয় তেনেহলে ইয়াৰ ফলত পেটত গেছ উদ্ভৱ হয়।যাৰ ফলত আমাৰ ৰাজহাৰ ডাল পিছলৈ ঠেলা খায় আৰু আমি বিষ অনুভৱ কৰোঁ।

২)মহিলাসকলৰ যদি বগা শ্ৰাৱ হয় নতুবা গৰ্ভাশয় আৰু ইয়াৰ আশে পাশে থকা অংশ সমূহৰ কোনো ৰোগ হয় তেতিয়াও কঁকালৰ বিষ হোৱা দেখা যায়।

৩)মেৰুদণ্ডত হোৱা ৰোগ কিছুমান যেনে হাড়ৰ যক্ষ্মা ৰোগ,কেন্সাৰ ৰোগ,multiple myeloma নামৰ অন্য এবিধ ৰোগ,ৰাজহাৰ ভঙা, ইত্যাদিত ও কঁকালৰ বিষ হব পাৰে।

৪) অৰ্শ ৰোগ, পেটৰ ডিচেণ্টৰী ৰোগ,ৰক্ত হীনত আদি ৰোগটো সময় সাপেক্ষে কঁকালৰ বিষ হোৱা দেখা যায়।

৫)বৃক্কত হোৱা পাথৰ (kidney stone)ৰোগত কঁকালৰ বিষ হোৱা প্ৰায়েই দেখা যায়।

৬)বৃক্কত হোৱা বিভিন্ন ধৰণৰ টিউমাৰ ৰোগত কঁকালৰ বিষ হয়।

মনত ৰাখা উচিত যে মানসিক দুৰ্বলতা আৰু অত্যাধিক মানসিক চাপ ত ও কঁকালৰ বিষ অনুভৱ কৰা যায়।

কঁকালৰ হাড়ৰ মাজৰ পৰা নিৰ্গত শৰীৰৰ আটাইতকৈ দীঘল nerve ডাল যাৰ নাম sciatic nerve বুলি কোৱা হয় এই nerve ডাল কিবা কাৰণত ফুলি গলেও ককালৰ বিষ হয়।এনে ৰোগক আমি চায়েটিকা বুলি কওঁ ।

ইয়াৰ প্ৰতিকাৰ -

১)পুষ্টিকৰ আহাৰ সেৱন কৰিব লাগে।খাদ্য তালিকাত যাতে উপযুক্ত পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন থাকে তাৰ ওপৰত মনোযোগ দিব লাগিব।

২)কাম বন কৰোঁতে মনত ৰাখিব লাগিব যাতে আমাৰ মেৰুদণ্ড ডাল পোন হৈ থাকে অথবা যথা স্থানত থাকে।৩)সন্মুখৰ পিনে বেছিকৈ হালি কাম নকৰিব।

৪)নিতৌ আধা ঘণ্টামান পোন হৈ খোজ কাৰক।

৫)অত্যাধিক ওজনৰ বস্তু নাদাঙিব।

৬)কেতবোৰ ব্যায়ামে আমাৰ কঁকাল খন পোনাই ৰাখত সহায় কৰে যেনে.......

ক)চিধাকৈ ওপৰ মুখ কৰি শুই লওক।এতিয়া হাত দুখন বুকুৰ দুয়োপিনে বিচনাত ৰাখক।এতিয়া সোঁ ভাৰীখন পোনাই ওপৰলৈ যিমান দূৰ পাৰে ডাঙক।দহ চেকেণ্ড মান ৰাখি তললৈ নমাই দিয়ক।এনেদৰে আনখন ভৰিও কৰাক।এনেদৰে দাহ বাৰ কৈ কৰক।

খ)ওলোটা কৈ শুই লৈ আগৰ দৰে দুয়ো খন ভৰি এখন এখনকৈ ডাঙক।এনেদৰেই দহ বাৰ কৈ কৰক।

শ্লীপ ডিস্ক ৰ বিষয়ে দুআষাৰ -

ওপৰোক্ত লিখনিত কঁকালৰ বিষৰ বিষয়ে কিছু চর্চা কৰা হ'ল ।আশা কৰিছোঁ আপোনালোকে নিশ্চয় উপকৃত হৈছে।

মই ওপৰোক্ত লিখনিতেই উল্লেখ কৰিছোঁ যে আমাৰ ৰাজহাড় ডাল 33 ডাল হাড়ৰ সমষ্টি আৰু এই হাড় কেইডালক এডালৰ লগত আন ডালৰ ঘঁহনি নহবলৈ দুডাল হাড়ৰ মাজত স্পঞ্জৰ সদৃশ এবিধ বস্তু থাকে যাক আমি intervetebral disc বুলি কওঁ।দুডাল হাড় ৰ মাজেৰে মস্তিষ্কৰ পৰা নিৰ্গত তথা শৰীৰৰ অংগৰ পৰা মস্তিস্কলৈ অহা যোৱা কৰা nerve সমূহ থাকে।ডিস্ক খনে nerve বোৰক আঘাত নোপোৱাকৈ ৰাখে।বিভিন্ন কাৰণত এই ডিস্ক খন যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া nerve বোৰত আঘাত কৰে আৰু ৰোগীজনে কঁকালৰ বিষৰ উপৰি ভৰিলৈ বিষ অনুভৱ কৰে।

ডিস্ক prolapse ৰ মুখ্য কাৰণ সমূহ:

১)অত্যাধিক ওজন থকা বস্তু দাঙিলে।

২)অত্যাধিক যান বাহনত ভ্ৰমণ কৰিলে।

৩)একে স্থানতে বহুত সময় বহি থাকিলে।

৪)কঁকাল ঠেকেছা খাই পৰিলে।

৫)বেছিকৈ চিৰি বগাব লগা হলে।

লক্ষণ সমূহ -

১)ৰোগীজনে উঠাৰ পৰা বহা বা বহাৰ পৰা উঠোঁতে অসুবিধা হব।

২)কমৰৰ পৰা দুয়োখন বা কোনোবা এখন ভৰীলৈ প্ৰচ্ছন্দ বিষ অনুভৱ হব পাৰে।

৩)দুয়োখন ভৰি কাৰ্যক্ষম হীন অৰ্থাৎ paralysis হব পাৰে।

৪)কিছুমান ৰোগীয়ে খৰাই খৰাই খোজ কাঢ়িব লগা হয়।

৫)ৰোগবিধ পুৰণা হলে কোনোবা এখন ভৰি শুকাবলৈ ধৰে।কেতিয়াবা ভৰিৰ নিম্ন অংশ অকামিলা হৈ পৰে যাক foot drop বুলি কোৱা হয় ।ফলত ৰোগীয়ে চেণ্ডেল পিন্ধা, জোতা পিন্ধা লগতে খোজ কঢ়া ত অসুবিধা হয়।

চিকিৎসা:
আধুনিক চিকিৎসা বিজ্ঞানৰ মতে ৰোগাক্ৰান্ত ডিস্ক খনৰ ওলাই অহা অংশ কাটি দিয়া হয় যাক laminectomy operation বুলি কোৱা হয়।অৱশ্যে operation ৰ প্ৰয়োজনীয়তা নিৰ্ভৰ কৰিব ৰোগীৰ অৱস্থাৰ ওপৰত।ডিস্ক prolapse ৰ গভীৰতাক চাৰি ভাগত ভগাব পাৰি।প্ৰথম অৱস্থাত সামান্য ব্যায়ামৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি।laminectomy ৰ কেতবোৰ পাৰ্শ্বক্ৰিয়া দেখা যায় যেনে—

*ৰোগৰ পুনৰাবৃত্তি হোৱা।

*operation সঠিক ভাবে নহলে nerve কাটি যোৱাৰ 
সম্ভাৱনা থাকে যাৰ ফলত ভাৰীখনৰ কোনো অংশ কাৰ্যক্ষমহীন নতুবা কোনো অংশ জ্বলি পুৰি থকাযেন অনুভৱ কৰিব।যাৰ কোনো চিকিৎসা নাই।

*operation কৰা অংশ দুৰ্বল হৈ পৰে যাৰ ফলত পৰৱৰ্ত্তী সময়ত হাড়দুডাল ক্ষয় হোৱাৰ সম্ভসৱনাই দেখা দিয়ে।

আয়ুৰ্বেদিক চিকিৎসা -

আয়ুৰ্বেদিক চিকিৎসা ৰোগী আৰু ৰোগৰ বালাবল অনুসৰি প্ৰাৰম্ভ কৰা হয়।তলৰ চিকিৎসা পদ্ধতি সমূহৰ প্ৰয়োগত এনে ৰোগৰ পৰা মুক্তি পোৱা দেখা যায়।

১)কটি বস্তি চিকিৎসা।

২)নাদি স্বেদ চিকিৎসা।

৩)গুড বস্তি চিকিৎসা।

৪)ঔসধিৰ দ্বাৰা চিকিৎসা।

লেখক: ডাঃ অনুপ বৈশ্য

ফোন নং: 8638211711

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.0
ভৰত চন্দ্ৰ ফুকন Dec 07, 2018 03:57 PM

পৰামর্শ সমূহৰ পৰা উপকৃত হব পৰা যাব। পোনপটীয়াকৈ দৰব কি খাব লাগিব,দৰবৰ নামসমূহ দিয়া হেঁতেন বেছি ভাল আছিল ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top