মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কঁকালৰ বিষ আৰু ফিজিঅ’থেৰাপী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঁকালৰ বিষ আৰু ফিজিঅ’থেৰাপী

কঁকালৰ বিষ আৰু ফিজিঅ’থেৰাপীৰ বিষয়ে লিখা হৈছে

জন্মৰ পৰা মৃত্যুপর্যন্ত আমাৰ শৰীৰৰ ওজন কঢ়িওৱা সর্বোচ্চ ডাঙৰ জইণ্টটোৱেই হ’ল কঁকাল। তাৰ পাছতহে আঁঠু দুটা বা অন্যান্য। কঁকাল বিষৰ কাৰণ ভিন্ন। অতিমাত্ৰ কাম কৰা, একেৰাহে বহি থকা বা থিয় হৈ থকা, অতিমাত্রা খোজকঢ়া ইত্যাদি কাৰণত কঁকালৰ বিষ হোৱা দেখা যায়।

আমাৰ ৰাজহাড়ডাল হৈছে বত্ৰিছচটা হাড়ৰ সমষ্টি। অৰ্থাৎ মগজুৰ স্কাল অংশৰ পৰা কঁকালৰ তললৈকে এখনৰ লগত আনখন ডিস্ক মিলি সমান্তৰালভাৱে ই বিস্তৃত হৈ আছে। আমাৰ এই ডিস্কবোৰ দেখাত প্রায় এছ (S) আকৃতিৰ দৰে। মন কৰিব লগীয়া কথাটো হ’ল ডিঙিৰ আৰু কঁকালৰ অঞ্চলটোতহে বিষ হোৱা লোকৰ সংখ্যা অধিক। তাৰ তুলনাত মাজৰ অঞ্চলটোত বিষ হোৱা ৰোগীৰ সংখ্যা নগণ্য। আমাৰ সচৰাচৰ লৰচৰ হৈ থকা শৰীৰৰ জইণ্টবোৰ অতি সহজতে বিষৰ সংস্পৰ্ষলৈ আহে। আঁঠু আৰু ডিঙিৰ তুলনাত কঁকাল বিষৰ সমস্যা সেই অনুপাতে যথেষ্ট বেছি দেখা যায়।

কঁকালৰ বিষৰ কাৰণ

 

ব্যক্তি অনুযায়ী পেছাগত কাৰণত হোৱা বিষৰ সমস্যাও বিভিন্ন হ’ব পাৰে। বিষৰ সমস্যাবোৰ তলত উল্লেখ কৰা ধৰণৰ—

    ৰাজহাড়ৰ ক্ষয়ৰোগ

     

  • ৰাজহাড়ৰ মাজত থকা কোমল অংশবিশেষ ওলাই আহি কাষৰ স্নায়ুত খুন্দা মাৰি সৃষ্টি হোৱা সমস্যা, – যাক শ্লীপ ডিস্ক বোলা হয়। ই কঁকাল বিষৰ এটা প্রধান কাৰণ।
  • ৰাজহাড়ৰ সমান্তৰালভাৱে থকা লিগামেণ্টত অর্থাৎ হাড়বোৰৰ সংযোগী অংশত হোৱা আঘাত।
  • এডাল বিশেষ নাৰ্ভত (Sciatica) হোৱা সমস্যা। সাধাৰণতে Sciatica নামৰ এই বিশেষ নাৰ্ভডাল কঁকালৰ পৰা গোৰোহালৈকে বিস্তৃত হৈ থাকে। বাইক চলাওতে ব্যৱহৃত অধিক কিক্‌ মৰাৰ ফলত বা তেনেকুৱা যিকোনো কাম, যেনে— কোনো ছোৱালীয়ে ক্লাছিকেল নৃত্য কৰা, হিল সঘনাই পিন্ধা আৰু গোৰোহা জোৰে জোৰে মাটিত পেলোৱা কার্য কৰে, তেনে লোক সঘনাই এই সমস্যাৰ সন্মুখীন হয়। এনে কার্য বাৰে বাৰে কৰাৰ ফলত এই Sciatica নার্ভ ডাল আঘাতপ্রাপ্ত অথবা কম্প্রেছড হয়। তেতিয়া লাহে লাহে দীৰ্ঘম্যাদি এক বিষ অনুভৱ হয়, এই বিষ কঁকালৰ পৰা তলৰ যিকোনো অংশত হ’ব পাৰে। সুদীর্ঘ সময় বহা বা অন্য কাৰণতো Sciatica-ৰ বিষ হোৱা শুনিবলৈ পোৱা যায়। যিটো ২৫-৩৫ বছৰ বয়সৰ ব্যক্তিৰো হ’ব পাৰে।
  • অষ্টিঅ'প'ৰ'ছিছ বা হাড়ৰ কেলচিয়ামৰ পৰিমাণ কম হোৱাও এটা কাৰণ।
  • নাৰ্ভৰ সংকোচন বা স্পাইনেল কেনাল ষ্টিম’ছিছ, ছেক্ৰেলাইজেছন আদিও অন্যতম কাৰণ।
  • বাতবিষ বা আৰ্থৰাইটিছ সচৰাচৰ ৰিউমেটইড আৰু অষ্টিঅ’আৰ্থৰাইটিছেই প্রধান। শৰীৰৰ প্ৰায় সকলোবোৰ জইণ্টত ৰিউমেটইড আর্থৰাইটিছৰ প্ৰভাৱ পৰে। ই পর্যায়ক্ৰমে গোটেই শৰীৰটোক অচল কৰি পেলায়। পিছলৈ লাহে লাহে কঁকালত ইয়াৰ প্ৰভাৱ বেছি দেখা যায়।
  • অষ্টিঅ' আৰ্থৰাইটিছ আঁঠুত বেছি হয় যদিও কঁকাল, বাউসী আদিতো ইয়াৰ প্ৰভাৱ কম পৰিমাণে হয়।
  • সচৰাচৰ হৈ থকা পানীলগা জ্বৰ, নিউম'নিয়া ইত্যাদিৰ পাছতো কঁকালৰ বিষ যিকোনো বয়সৰ ব্যক্তিৰ দেখিবলৈ পোৱা যায়।
  • স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ নকৰাটোও কঁকাল বিষৰ এটা কাৰণ হ’ব পাৰে।
  • পুৰুষসকলে পেণ্টৰ পিছফালে শকত মানিবেগ ৰখাৰ ফলতো বিষ হয়। যিটো Sciatica বা মাংসপেশীৰ এটা অসহনীয় বিষৰ কথা জানিব পৰা গৈছে। সেয়ে পিছফালৰ পকেটত কি বা বস্তু ৰখা হয়, বহা অৱস্থাত যাতে একো ৰখা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
  • ১৮-২০ বছৰ বয়সৰ ল’ৰা এজনে যদি অতিমাত্ৰা কঁকালৰ বিষ হোৱা প্ৰায়ে কোৱা শুনা যায়, পলম নকৰি অভিজ্ঞ চিকিৎসকৰ অতি শীঘ্ৰে কাষ চপা উচিত। চিকিৎসকেও কেতিয়াবা এনে সমস্যা থকাজনৰ চিকিৎসাৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত লোৱা দেখা যায়। প্রকৃততে খেল-ধেমালি বা বহা-শোৱাৰ ভুল পৰিণতিত এনে বিষ হোৱা বুলি চিকিৎসা চলাই থকা হয় আৰু কোনোপধ্যেই যদি সুফল নাপায়, সেয়া হয়তো এংকাইল’জিং স্পণ্ডাইল'ছিছ —যিটোক বেম্বস্পাইন বুলিও কোৱা হয়, তেনে হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এনে বয়সত অতি কম পৰিমাণেহে ধৰা পৰে। এনেকুৱা ধৰণৰ সন্দেহ হ’লে চিকিৎসকৰ পৰামৰ্শ মতে HLA-B-27 নামৰ পৰীক্ষা কৰাটো অতি বাঞ্ছনীয়। যিহেতু এই ৰোগ হোৱাটো নিশ্চিত হ’লে লগে লগে চিকিৎসা আৰম্ভ কৰিব পৰা যায়। সময়মতে চিকিৎসা আৰম্ভ হ’লে অধিক সুফল আশা কৰিব পাৰি।
  • ৰাজহাড়ৰ কেন্‌ছাৰৰ বাবেও কঁকাল বিষ হ’ব পাৰে। ৰাজহাড়ৰ গঠনৰ জন্মতেই বিজুতি ‘স্পাইনাবাইফিডা’,— য’ত ৰাজহাড়ৰ পশ্চাৎভাগ বন্ধ হোৱাৰ পৰিৱর্তে খোলাকৈ থাকি যায়। এনে অৱস্থাত সকলোৰে কঁকালৰ বিষ যদিও নহয়, দুই-এজনৰ ক্ষেত্ৰত ইয়াৰ বিৰূপ প্রতিক্রিয়া দেখা যায়।
  • মধুমেহ ৰোগ, থাইৰয়ড গ্লেণ্ড, বৃক্ক-যকৃৎ, মূত্রথলী, বা কিডনীৰ পাথৰ আদিৰ সমস্যাৰ বাবেও কেতিয়াবা কঁকালৰ বিষ হ’ব পাৰে।

তুলনামূলকভাৱে পুৰুষতকৈ মহিলাৰ কঁকাল বিষজনিত সমস্যা অধিক দেখা যায়। অধিক চর্বিযুক্ত পেটৰ বাবে এজন পুৰুষৰ অতিমাত্ৰা কঁকাল বিষৰ সমস্যা নোহোৱা নহয়, অধিক চর্বিযুক্ত পেটৰ বাবেই ৰাজহাড়ৰ যি নিয়মীয়া কার্ভ তাৰ বিৰূপ প্ৰভাৱ পৰা দেখা যায়। —যিটো ‘কাইফ’ছিছ’, ‘লৰ্ডাছিছ’, আদিৰ দৰে বিসংগতি বুলি কোৱা হয়। একে বিসংগতি এগৰাকী ৫–৬ মহীয়া সন্তানসম্ভৱা মহিলাৰ ক্ষেত্ৰত হোৱা দেখা যায়। ভাৰতবৰ্ষৰ ৯৯ শতাংশ মহিলাই কেলচিয়াম আৰু মাল্টিভিটামিন অভাৱত ভোগে বুলি এটা সমীক্ষাত প্রকাশ। বেছি পৰিমাণে মহিলাৰ কঁকাল বিষৰ সেয়াও এটা কাৰণ বুলি ভাবিৰ থল আছে। চিন্তনীয় বিষয় যে কেলচিয়াম বা মাল্টিভিটামিনৰ অভাৱ মহিলাগৰাকীৰ অকল সন্তান জন্মৰ পাছতেই যে হয় তেনে নহয়, সন্তান জন্মৰ আগতো হয়।

চিকিৎসা আৰু ল’ব লগা সাৱধানতা

 

ব্যক্তি অনুসৰি বিষৰ কাৰণ বা কঁকাল বিষ হোৱা উৎসটো যদি চিকিৎসকজনে সঠিকভাৱে নিৰীক্ষণ কৰি উলিয়াব পাৰিছে, তেন্তে উপশম হোৱাটো প্রায় নিশ্চিত বুলি ক’ব পাৰি।

  • সৰু সুৰা কামৰ বাবে হোৱা কঁকালৰ বিষৰ বাবে কিছু সময় বিশ্রাম লওক, সাৱধানতা অৱলম্বন কৰক। বিশ্রাম মানেই অকল অতিৰিক্ত সময় শুই কটোৱা ধাৰণাটোও ভুল।
  • প্রাথমিক পর্যায়ত ঘৰুৱা কিছুমান দিহাৰেও সাধাৰণ কঁকাল বিষৰ পৰা বহুদূৰ উপশম পাব পাৰি।
  • হট ৱাটাৰ বেগ, গৰম পানী বা সুবিধা অনুযায়ী অন্য গৰম সেক দিনত দুই-তিনিবাৰকৈ ২০-৩০ মিনিট সময় ল’ব পাৰে।
  • ফিজিঅ’থেৰাপি চিকিৎসা অনুসৰি ব্যায়াম আৰম্ভ কৰাটো অতি প্রয়োজনীয়, যদিহে কঁকাল বিষৰ সমস্যাত ঘৰুৱা যতন কৰিও সুফল পোৱা নাই।
  • যদি কোনোধৰণৰ বিষৰ কবলত কেতিয়াও পৰা নাই , তেনেহ’লে সকলো বয়সৰ পুৰুষ-মহিলাই নিয়মিত খোজ কাঢ়া, চাইকেল চলোৱা, সাতোৰা, দৌৰা আদিৰ জৰিয়তে স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰিলে অদূৰ ভৱিষ্যতে হ’ব পৰা সমস্যাৰ পৰা কিছু পৰিমাণে হ’লেও হাত সাৰিব পাৰি।
  • চহৰৰ মহিলাসকলে যিদৰে একেবিধ ব্যায়ামৰ দ্বাৰা শৰীৰ সক্ষম কৰি ৰাখিবলৈ চেষ্টা কৰে, ঠিক তেনেদৰে গ্রামাঞ্চলৰ মহিলায়ো আজৰি পৰত নিৰ্দিষ্ট সময় উলিয়াই যত্নপৰ হোৱাটো প্রয়োজন।
  • পোনকৈ উঠা-বহাৰ অভ্যাস কৰিব লাগে।
  • নির্দিষ্ট সময় শোৱাৰ উপৰি, শোৱা বিছনাখন অলপ টান হ’ব লাগে। পর্যাপ্ত কোমল ক্ষতিকাৰক অথবা স্বাস্থ্যসন্মত নহয়।
  • কঁকাল বিষ হ’লে সাধাৰণতে খেলুৱৈসকলে ৱেট-লিফ্‌টিং, কাৰাটে, ফুটবল, হকী, বাস্কেটবল, হেণ্ডবল ইত্যাদি খেলৰ পৰা বিৰতি লোৱাটো বাঞ্ছনীয় আৰু স্প’ৰ্ট ফিজিঅ’থেৰাপিষ্ট চিকিৎসকৰ নির্দেশ মতে চলাটো অতি গুৰুত্বপূর্ণ, যিহেতু তেওঁহে নির্ধাৰণ কৰিব আপুনি পুনৰ খেলত যোগদান কৰিব পৰাকৈ সুস্থ হয়নে নহয়। যদি নহয়, তেওঁৰ পৰামর্শ মতে সুফল লাভ কৰিবলৈ থেৰাপী অৱলম্বন কৰক।
  • সাধাৰণ কঁকাল বিষৰ ঘৰুৱা দিহা উল্লেখ কৰা মতে ল’লেও তাৰ সমান্তৰালকৈ গধুৰ বস্তু দঙা, কুঁজী হৈ যিকোনো কাম কৰা বা মহিলাসকলে ওখ গোৰোহাৰ জোতা-ছেণ্ডেল আদি পৰিহাৰ কৰা নিতান্তই প্রয়োজনীয়। আধুনিক চিকিৎসা ব্যৱস্থাত ফিজিঅ’থেৰাপি চিকিৎসা এটা সফল চিকিৎসা হিচাপে পৰিচিত হৈছে। কঁকাল বিষকে ধৰি আন বিষত ফিজিঅ’থেৰাপি চিকিৎসা পদ্ধতি আন পৰীক্ষা এক্স-ৰে, চিটি-স্কেন আদি কৰি ব্যয়বহুল খৰচ নকৰাকৈয়ে ফিজিঅ’থেৰাপি চিকিৎসকৰ নিৰীক্ষণৰ দ্বাৰা বিশেষ অবজাৰভেশ্যন আৰু পৰীক্ষাৰ মাধ্যমেৰে কেৱল Exercise Therapy আৰু Electrotherapyৰ জৰিয়তে যথেষ্ট সুফল পোৱা গৈছে। আনহাতে শ্লীপ ডিস্ক, Sciatica, লম্বাৰ স্পণ্ডাইল’ছিছ আদিৰ দৰে সমস্যাত অপাৰেশ্যনত এক বুজন পৰিমাণৰ ধন খৰচ হোৱাৰ উপৰি বহুত কম পৰিমাণেহে সফল হ’ব পাৰিছে। এইক্ষেত্ৰত অপাৰেশ্যনৰ পাছতো ৰোগীয়ে দীৰ্ঘম্যাদিভাৱে পুনৰায় ফিজিঅ’থেৰাপি চিকিৎসা গ্রহণ কৰাটো কেতিয়াবা একান্তই প্রয়োজনীয় হোৱা দেখা যায়। ফিজিঅ’থেৰাপি চিকিৎসাৰ দ্বাৰা এনেকুৱা ৰোগীয়ে এটা বৃহৎ পৰিমাণৰ ধনৰ খৰচ বহন নকৰাকৈ বা অপাৰেশ্যনৰ সন্মুখীন নোহোৱাকৈ সুস্থ শৰীৰৰ অধিকাৰী হোৱাটো চিকিৎসা জগতৰ এটা সফল খোজ বুলি ক’ব পৰা যায়। যদিও বিশেষ কাৰণত এনেকুৱা কোনো ৰোগীৰ ক্ষেত্ৰত অপাৰেশ্যনেই চুড়ান্ত বুলি বিবেচিত হয়, অপাৰেশ্যনৰ পাছতে ৰোগীজনক ফিজিঅ’থেৰাপি চিকিৎসাৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি।
  • শৰীৰৰ ডাঙৰ জইন্ট বুলিয়েই নহওক কিয়, আমি সকলোৱে কঁকালৰ সামান্য বিষ হ’লেও সাৱধানতা অৱলম্বন কৰাটো প্রয়োজনীয়। অদূৰ ভৱিষ্যতে যাতে শ্লীপ ডিস্ক, লম্বাৰ স্পণ্ডাইল'ছিছ, Sciatica আদিৰ দৰে সমস্যাৰ সন্মুখীন নহয়, তাৰ প্রতি সকলো সতর্ক হোৱা উচিত। পুৰুষৰ তুলনাত নাৰীৰ কঁকালৰ জইণ্ট তুলনামূলকভাৱেই ডাঙৰ। কঁকালৰ যত্নৰ প্ৰতি সকলোৱে সচেতনতা অৱলম্বন কৰাটো অতিশয় গুৰুত্বপূর্ণ, যিহেতু আমাৰ শৰীৰৰ সর্বোচ্চ ডাঙৰ জইণ্ট কঁকালটোৰ সামান্য বিজুতিৰ বাবেই অলৰ-অচৰ হৈ পৰোঁ; তাৰ প্রতি সচেতনতা অৱলম্বন কৰি এটা সর্বাংগসুন্দৰ জীৱনৰ অধিকাৰী হওক।

লেখক: ডা: গৌতম গোবিন্দ চেতিয়া, দৈনিক জনমভূমি।

3.21052631579
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top