মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কঁকালৰ বিষৰ কেইজনমান ৰোগীৰ কথাৰে কেতবোৰ জানিব লগীয়া কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঁকালৰ বিষৰ কেইজনমান ৰোগীৰ কথাৰে কেতবোৰ জানিব লগীয়া কথা

কঁকালৰ বিষৰ কেইজনমান ৰোগীৰ কথাৰে কেতবোৰ জানিব লগীয়া কথাৰ বিষয়ে লিখা হৈছে ।

 

কঁকালৰ বিষৰ ওপৰত ইতিমধ্যে মই কেইবাটাও পোষ্ট আমাৰ এই গোটত লিখিছো।মোৰ ওচৰলৈ কঁকালৰ বিষৰ বাবে বহু ৰোগী আহে যাৰ কিছু সংখ্যক ৰোগী বহু পুৰণি। অৰ্থাৎ চাৰি পাছবছৰ আগতে মোৰ চিকিৎসা লৈ ভাল পাইছিল কিন্তু এতিয়া আকৌ বিষ হৈছে।কিয়? এই প্ৰশ্নটি ৰোগীয়ে কৰে। কেতবোৰ ৰোগীয়ে নিজৰ কৰ্মলৈ উভতি গলে পুনৰ বিষ অনুভৱ কৰে। ইয়াৰ পরিত্রাণৰ উপায় কি?আজি কেইজনমান ৰোগীৰ কথাৰে লিখনিটো আগবঢ়াইছো।

প্ৰথম ৰোগী -


পাঁচ বছৰমান আগতে এজন ৰোগীক মই আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা কৰিছিলোঁ। তেওঁৰ কঁকালৰ বিষ আৰু MRI ৰ ৰিপোৰ্ট মতে L5, S1 ঠাইত ডিস্ক প্ৰলাপছ আছে। তেওঁৰ প্ৰচণ্ড বিষ। খোজ কাঢ়িব, হালিব নোৱাৰে।

তেওঁৰ বয়স 40 ৰ ওচৰ হব। নিউৰো চার্জনে অপাৰেচন কৰিব দিছিল যদিও তেওঁ ভয় খাই মোৰ ওচৰলৈ আহিছিল উপায় বিচাৰি। ৰোগীজনক ভৰ্তি কৰাই এমাহ চিকিৎসা দিলোঁ। সম্পূৰ্ণ সুস্থ হৈ উভতি গ'ল। পেছাত তেওঁ এজন মাৰ্কেটিং বিভাগৰ কৰ্মচাৰী আৰু মাহত প্ৰায় তিনি চাৰিহেজাৰ কিলোমিটাৰ গাড়ীৰে যাত্ৰা কৰিব লগা হয়। চিকিৎসাৰ দুই বছৰ ভালেই থাকিলে কিন্তু হঠাৎ এদিন প্ৰচণ্ড বিষ হোৱাত পুনৰ মোৰ ওচৰলৈ আহিল।

মই পৰীক্ষা কৰি দেখিলো তেওঁৰ ডিস্ক প্ৰলাপছ অংশত পুনৰ নাৰ্ভত হেঁচা পৰিছে। চিকিৎসা আৰম্ভ কৰাত পুনৰ সুস্থ হল। এতিয়া কথা হ'ল তেওঁৰ পুনৰ বিষ কিয় হ'ল। ৰোগীজনে প্ৰায়েই দুই তিনি ঘণ্টা মটৰ চাইকেল চলাই থকা বাবে উপৰি উক্ত কঁকালৰ অংশত যথেষ্ঠ হেঁচা পৰে। যিহেতু তেওঁৰ সেয়া ব্যৱসায় সেয়ে মই তেওঁক এটি উপদেশ দিলোঁ যে তেওঁ আধাঘণ্টা গাড়ী চলাই ৰখি দিব আৰু পাছ মিনিট মান খোজ কাঢ়িব। লগতে মই শিকাই দিয়া ব্যায়াম সমূহ কৰি থাকিব।আজি প্ৰায় তিনি বছৰ তেওঁ এনেদৰেই চলি আছে আৰু কঁকালৰ বিষত ভূগা নাই।

আচলতে ৰোগীজনে আধা ঘণ্টাৰ মূৰে মূৰে থিয় হৈ খোজ কঢ়াৰ বাবে কঁকালৰ উক্ত অংশত নিৰবিচ্ছিন্ন ভাৱে হেঁচা প্ৰয়োগ নহয়, যাৰ ফলত নাৰ্ভৰ ওপৰত হেঁচা প্ৰয়োগ কমি যায়।

দ্বিতীয় ৰোগী -


এগৰাকী মহিলা ৰোগী তিনি বছৰ মান আগতে ভৰ্তি হৈছিল একে সমস্যাৰ বাবে। তেওঁৰো L4,L5 মাজৰ ডিস্ক ৰ সমস্যা। ৰোগীজনীক স্ট্রেচাৰেৰে চিকিৎসালয়লৈ আনিব লগা হৈছিল। তেওঁক ভৰ্তি কৰাই সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা কৰাত পোন্ধৰ দিনত খোজ কাঢ়িব পৰা হ'ল। এমাহৰ মূৰত যাবলৈ দিলোঁ।

এবছৰ পিছত পুনৰ কঁকালৰ বিষ আৰম্ভ হোৱাত(অৱশ্যে আগতকৈ যথেষ্ট কম) মোৰ ওচৰলৈ আহিল।মই সুধি গম পালোঁ তেওঁ কঁকালৰ ব্যায়াম কেইটা কৰা বাদ দিছো। মই সুধিলোঁ কিয় বাদ দিছে? ছাৰ, ভাল পাইছিলোঁ সেয়েহে বাদ দিলোঁ, তেওঁ কলে। মই পুনৰ সুধি গম পালোঁ যে তেওঁ ঘৰৰ সমস্ত কাম যেনে ঘৰ মোচা, জাৰু দিয়া, ফিলটাৰত পানী দিয়া আদি সকলো কাম কৰে।

দৰাচলতে ডিস্ক প্ৰব্লেম থকা ৰোগীয়ে সন্মুখৰ পিনে হাউলি কাম কৰিব নালাগে। এনে কৰিলে ডিস্ক প্ৰলাপছ বাঢ়ি যাব পাৰে আৰু যিমানেই প্ৰলাপছ বাঢ়িব সেই ঠাইৰে কলালৰ নিম্ন অংশলৈ অহা নাৰ্ভবোৰৰ ওপৰত হেঁচা পৰিব আৰু কলালৰ লগতে ভৰিলৈ বিষ হব পাৰে।

আন এটি কথা হল ডিস্ক প্ৰলাপছৰ ৰোগীয়ে দুই কেজিতকৈ বেছি ওজনৰ বস্তু কঁকালৰ ওপৰ অংশলৈ দাঙিব নালাগে। এনে কৰিলে ওজনৰ ভাৰ কঁকালৰ নিম্ন অংশত পৰে আৰু হাৰ দুডালৰ মাজৰ স্পঞ্জ সদৃশ ডিস্কত হেঁচা পৰে যাৰ ফলত নাৰ্ভত হেঁচা পৰে আৰু কঁকালৰ বিষ হবলৈ ধৰে।

আমাৰ এই ৰোগী গৰাকীয়ে উক্ত নিয়ম সমূহ মানি নচলাৰ বাবে পুনৰ কঁকালৰ বিষত ভূগে। মই পুনৰ তেওঁক ভালদৰে বুজায় কলো যে আপুনি জীয়াই থকালৈ এই নিয়ম সমূহ মানি চলিব লাগিব। তাৰ কোনো গত্যান্তৰ নাই।এনেদৰেই আজি তিনি বছৰ তেওঁ সুস্থ হৈ আছে।

তৃতীয় ৰোগী -


এই গৰাকী ৰোগীৰ বয়স ২৩ বছৰ। ৰোগীজনীয়ে ঘৰৰ বাৰাণ্ডাত পিছলি পৰি ডিস্ক প্ৰলাপছ হৈছিল। তেওঁকো চিকিৎসালয়ত ভৰ্তি কৰাই সুস্থ কৰি পঠিয়াই দিছিলো। দুবছৰ পিছত পুনৰ কঁকালৰ বিষ হোৱাত মোৰ ওচৰলৈ আহে। মই গম পালোঁ যে তেওঁ কঁকালৰ বিষৰ উপশমৰ এবছৰ পিছত গৰ্ভাৱতী হয়।

সন্তান সুকলমে প্ৰসৱ কৰায়।তাৰ পিছত সন্তানক স্তন পান কৰাবৰ কাৰণে খাদ্য অলপ বেছিকৈ খাবলৈ ললে যাৰ ফলত তেওঁৰ শৰীৰৰ ওজন প্ৰায় ১০ কেজি বাঢ়ি গ'ল। ৰোগীৰ ইতিবৃত্তান্ত লৈ গম পালোঁ যে তেওঁৰ শৰীৰৰ ওজন বৃদ্ধি, সন্তানক ডাঙি থকা আৰু স্তন পান কৰাবৰ কাৰণে একাটি হৈ বহু সময় অতিবাহিত কৰা বাবেই তেওঁৰ কঁকালৰ বিষ পুনৰ আৰম্ভ হৈছে।
শৰীৰৰ ওজন বঢ়িলে ডিস্কৰ লগতে নাৰ্ভত হেঁচা পৰে।সন্তানক দাঙি থকাৰ বাবেও আৰু হেঁচা বাঢ়ি যায়। ইয়াৰ উপৰিও তেওঁ বিছনাত শুই একাটি হৈ স্তনপান কৰোৱাৰ ফলত ৰাজহাৰডাল কিছু বেকা হৈ থাকে। এই আটাইবোৰ কাৰণত তেওঁৰ পুনৰ কঁকালৰ বিষ হৈছে। মই নিয়ম বোৰ শিকাই দিলোঁ। তেওঁ মোক প্ৰশ্ন কৰিলে "ছাৰ মই মোৰ সন্তানক কোচত লব নোৱাৰিম নেকি? স্তনপান কেনেদৰে কৰাম? মই কৈছিলোঁ যে স্তনপান বহি কৰাব আৰু কেতিয়াবা শুই কৰালেও বাগৰ সলাই কৰাব।একে স্থিতিত বেছি সময় নাথাকিব। বেছিভাগ মাতৃয়ে স্তনপান কৰাই কৰাই একে দিশতে শুই পৰে। এনে কৰিলে কঁকালৰ হাড়, নাৰ্ভ আৰু ডিস্কত হেঁচা পৰে। এনেদৰেই এইজন ৰোগীয়েও তিনি বছৰ অতিক্ৰম কৰিলে কিন্তু কঁকালৰ বিষত ভূগা নাই।অন্য বেমাৰৰ কাৰণে মোৰ তাত প্ৰায়েই আহি থাকে।

চতুৰ্থ ৰোগী -

এইজন ৰোগী তিনি বছৰ আগতে মোৰ তালৈ আহিছিল। ৰোগীজনে ডিস্ক প্ৰলাপছৰ অপাৰেচন কৰিছিল পাছ বছৰমান আগতে।দুবছৰ সুন্দৰকৈ কটালে। পিছত এদিনাখন প্ৰচণ্ড কঁকালৰ বিষ হোৱাত আয়ুৰ্বেদিক চিকিৎসা কৰাৰ মানসিকতাৰে মোৰ ওচৰলৈ আহে। এটি নতুনকৈ MRI কৰিব দিয়াত গম পালোঁ যে পুনৰ অপাৰেচন কৰা স্থানৰ ডিস্ক খন ওলাই আহিছে। মই কথাখিনি বুজাই কলো। মানুহজন শংকিত হল। তেওঁৰ ভাষ্য মতে অপাৰেচন কৰি তেওঁ সম্পূৰ্ন সুস্থ হৈ থাকিব বুলি আশা কৰিছিল আৰু সেই বাবেই তেওঁ জীৱন নিৰ্বাহ আগৰ দৰেই কৰিছিল। অৰ্থাৎ মটৰ চাইকেল চলোৱা, বজাৰ সমাৰ কৰা, গেছৰ ছিলিণ্ডাৰ কঢ়িওৱা ইত্যাদি। মানুহজন কম্পিউটাৰ অপাৰেটৰ।সেই বাবে বহু সময় একে লেঠাৰিয়ে বহি কাম কৰিব লগা হয়। মই চিকিৎসা আৰম্ভ কৰিলোঁ আয়ুৰ্বেদিক সূত্ৰ অনুসৰি। তেওঁ বহু আৰোগ্য অনুভব কৰিলে। মই তেওঁক একেলেঠাৰিয়ে বহু সময় বহি থাকিব মানা কৰিলো। কলো যে আপুনি আধা ঘণ্টাৰ মূৰে মূৰে থিয় হৈ অলপ সময় খোজ কাঢ়িব,তাৰ পিছত আকৌ কাম কৰক। ৰাতিপুৱা, গধূলি শিকাই দিয়া ব্যায়াম সমূহ কৰি থাকিব।লগতে আন কেতবোৰ উপদেশ দি পঠিয়াই দিলো।

ওপৰৰ আটাইকেইজন ৰোগীৰেই এটাই ধাৰণা আছিল যে ডিস্ক প্ৰলাপছ ভাল হলে আৰু পুনৰাই নহয়। কিন্তু এটা কথা সকলোৱে মনত ৰখা উচিৎ যে এবাৰ ডিস্ক প্ৰলাপছ হলে যিকোনো চিকিৎসা কৰিলেও পুনৰাই হব পাৰে। কিয়নো ডিস্ক খনৰ ঠাইখিনি দুৰ্বল হৈ থাকে। অপাৰেচন কৰিলেও ডিস্ক খনৰ এটি অংশ পেলাই দিয়া হয়। যাৰ ফলত অংশটি দুৰ্বল হৈ থাকে।

কঁকালৰ বিষৰ ৰোগীয়ে সদায় তলৰ নিয়ম সমূহ মানি চলিব লাগে -

১)পুষ্টিকৰ আহাৰ সেৱন কৰিব লাগে। খাদ্য তালিকাত যাতে উপযুক্ত পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন থাকে তাৰ ওপৰত মনোযোগ দিব লাগিব।

২)কাম বন কৰোঁতে মনত ৰাখিব লাগিব যাতে আমাৰ মেৰুদণ্ড ডাল পোন হৈ থাকে অথবা যথা স্থানত থাকে।

৩)সন্মুখৰ পিনে বেছিকৈ হালি কাম নকৰিব।

৪)নিতৌ আধা ঘণ্টামান পোন হৈ খোজ কাঢ়ক।

৫)অত্যাধিক ওজনৰ বস্তু নাদাঙিব।

৬)কেতবোৰ ব্যায়ামে আমাৰ কঁকাল খন পোনাই ৰাখত সহায় কৰে যেনে.......

ক)চিধাকৈ ওপৰ মুখ কৰি শুই লওক। এতিয়া হাত দুখন বুকুৰ দুয়োপিনে বিচনাত ৰাখক।এতিয়া সোঁ ভাৰীখন পোনাই ওপৰলৈ যিমান দূৰ পাৰে ডাঙক। দহ চেকেণ্ড মান ৰাখি তললৈ নমাই দিয়ক। এনেদৰে আনখন ভৰিও কৰক। এনেদৰে দাহ বাৰ কৈ কৰক।

খ)ওলোটা কৈ শুই লৈ আগৰ দৰে দুয়ো খন ভৰি এখন এখনকৈ ডাঙক। এনেদৰে দহ বাৰকৈ কৰক।
গ)ওলোটাকৈ পেট পেলাই শুই লওঁক। এতিয়া সোঁ ভৰিখন ওপৰৰ পিনে ডাঙক, লগতে বাওঁ হাতখন ওপৰৰ পিনে দাঙি মূৰটোও হাতখনৰ দিশত ডাঙক। ৩০ চেকেণ্ড মান এনেদৰে থাকি এইবাৰ বাওঁ ভৰি আৰু সোঁ হাত, আৰু মূৰটো ওপৰৰ পিনে ডাঙক। এনেদৰে ৫ৰ পৰা দহবাৰ মান কৰক।

এই আটাইবোৰ ব্যায়াম ৰাতিপুৱা গধূলি কৰিব লাগে। এজন সুস্থ ব্যক্তিয়েও এই ব্যায়াম খিনি কৰি থাকিলে ভৱিষ্যতে কঁকালৰ বিষ হোৱাৰ সম্ভাৱনা নিচেই ক্ষীণ।

ওপৰৰ আটাইকেইটা ব্যায়ামে আমাৰ কঁকালৰ ৰাজহাৰ অংশ পোনাই ৰখাত সহায় কৰিব যাৰ ফলত ডিস্ক ত হেঁচা নপৰে আৰু নাৰ্ভ সমূহতো হেঁচা নপৰে আৰু আমি কঁকালৰ বিষৰ পৰা মুক্ত হৈ থাকিব পাৰো।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638211711

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top