মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কঁকালৰ বিষৰ বাবে:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঁকালৰ বিষৰ বাবে:

কঁকালৰ বিষৰ বাবে কি কৰিব লিখা হৈছে

কঁকালৰ বিষ বুলিলে প্ৰায় সকলো মানুহেই বুজি পায়। কেতিয়াবা তলৰ পৰা বস্তু এটা তুলি লওঁতেই হঠাৎ কঁকালখন বিষাই উঠে। এই বিষে কিমান কষ্ট দিয়ে সেই কথা ভুক্তভোগীয়েহে বুজি পায়। কেইটামান ঘৰুৱা উপায়েৰে এই কঁকালৰ বিষৰ চিকিৎসা কৰিব পাৰে-

  • ওপৰলৈ মুখ কৰি শুই ওদিয়ক। মূৰত এটা পাতল গাৰু ল’ব পাৰে। আঁঠুৰ তলতো গাৰু এটা ল’ব পাৰে। কোমল তুলীত শোৱা অনুচিত।
  • এখন চকীত এটা গাৰু দি ভৰি দুখন তুলি দিয়ক। এনেদৰে কিছুসময় বিশ্ৰাম কৰি ল’বলৈ চেষ্টা কৰক। বিশ্ৰাম মানেই শুই থকা নহয়। মাজে মাজে কিছুসময় খোজ কাঢ়িব।
  • কেতিয়াবা মাংসপেশীৰ বাবেও এই কঁকালৰ বিষ হ’ব পাৰে। তেতিয়া ‘হট ৱাটাৰ বেগ’ লৈ সেক দিলে আৰাম পোৱা যায়। ‘আইচ পেক’ৰে মালিচ ল’ব পাৰে।
  • পিঠিৰ বিষ থকা মানুহে ওখ জোতা বা চেণ্ডেল পিন্ধিব নালাগে।
  • দীঘলীয়া সময় থিয় হৈ থাকিব লগা হ’লে এখন ভৰিত ভৰ দি থিয় হ’ব লাগে।

উৎস: জিএনআৰচি স্বাস্থ্য

2.94285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top