মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / ককলিয়াৰ ইমপ্লান্ট:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ককলিয়াৰ ইমপ্লান্ট:

ককলিয়াৰ ইমপ্লান্টৰ বিষয়ে লিখা হৈছে

 

ককলিয়াৰ ইমপ্লান্ট হৈছে শল্য চিকিৎসাৰ দ্বাৰা সংৰোপণ কৰা এবিধ বিশেষ উদ্দেশ্য সাধক বৈদ্যুতিক শ্ৰৱণ যন্ত্ৰ, যিয়ে শব্দৰ অনুভূতি শ্ৰৱণ বিকলাংগসকলক প্ৰেৰণ কৰাত সহায় কৰে আৰু সাধাৰণ শ্ৰৱণ যন্ত্ৰৰ নিচিনা নহয়। এই ককলিয়াৰ ইমপ্লান্টবোৰৰ শ্ৰৱণশক্তি অথবা বধিৰতাৰ আৰোগ্য বা আৰোগ্য কৰিব পৰা ক্ষমতা নাথাকে। এইটো এটা কৃত্ৰিম বিকল্প, যিয়ে প্ৰত্যক্ষভাৱে ককলিয়াৰ ভিতৰত সোমাই ইয়াক কৃত্ৰিম কোষবোৰক চেতনাৰ দ্বাৰা কৰ্মক্ষম কৰাই সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰাত উৎস যোগায়। ইমপ্লান্ট সংৰোপণ কৰাৰ আগেয়ে কাণেৰে নুশুনা শিশুবোৰ সাধাৰণ শ্ৰৱণ যন্ত্ৰ পৰিধান বা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয় আৰু পৰৱৰ্তী সময়ত যদিহে এই সাধাৰণ শ্ৰৱণ যন্ত্ৰবোৰৰ পৰা কোনোধৰণৰ সুফল পোৱা নাযায়, তেতিয়া ককলিয়াৰ ইমপ্লান্ট পৰিধানৰ বা ব্যৱহাৰৰ বাবে এই শিশুসকলক প্ৰস্তুত কৰা হয়। একবিংশ শতিকাৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰযুক্তিবিদ্যাৰ একোটা অংশ হিচাপে বিবেচিত হৈছে এই ককলিয়াৰ ইমপ্লান্ট নামৰ শ্ৰৱণ যন্ত্ৰটোৰ। বৰ্তমান যুগত ব্যৱহাৰ হোৱা এই ককলিয়াৰ ইমপ্লান্টবোৰ অতি গ্ৰহণযোগ্য তথা সুৰক্ষিত আৰু চিকিৎসাৰ ক্ষেত্ৰত অতি কাৰ্যকৰী হোৱা দেখা যায়। যিসকল কণ কণ ল’ৰা-ছোৱালী তথা মধ্যমীয়াম্বা প্ৰাপ্তবয়স্কসকলৰ শ্ৰৱণ ক্ষমতা মধ্যমৰ পৰা গভীৰতমলৈ হ্ৰাস হয়।

 

যন্ত্ৰটোৰ উদ্ভাৱন:

 

ককলিয়াৰ ইনপ্লান্টৰ সমায়ত নিম্ন শব্দৰ কম্পনাংকৰ লগত উচ্চ শব্দৰ কম্পনাংকবোৰো সহজে শ্ৰৱণ বিকলাংগ অথবা বধিৰসকলক যোগান ধৰিব পাৰে, কিন্তু সাধাৰণ শ্ৰৱণ যন্ত্ৰবোৰে এই উচ্চ শব্দৰ কম্পনাংকবোৰৰ প্ৰেৰণ কৰাত ব্যৰ্থ হয়। আধুনিক প্ৰযুক্তিবিদ্যা অথবা আধুনিক চিকিৎসা বিকাশৰ ন ন উদ্ভাৱনৰ লগে লগে এই ককলিয়াৰ ইনপ্লান্টবোৰতো বহু নতুনত্ব্ বা সালসলনি হোৱা পৰিলক্ষিত হৈছে। শ্ৰৱণ বিকলাংগ অথবা বধিৰসকলক ককলিয়াৰ ইমপ্লান্ট সংৰোপণ কৰি শ্ৰৱণশক্তি বিদ্যুতৰ তৰংগৰ মাজেৰে মগজুলৈ প্ৰেৰণৰ উৎসৰ মূলতে হ’ল ডিজাৰ্নো আৰু আইৰিছ নামৰ দুজন বিজ্ঞানী(১৯৫৭ চনত)। এই মহান বিজ্ঞানী দুজনৰ আৱিষ্কাৰৰ চমৎকাৰ ৰূপ দিয়ে নাক, কাণ আৰু ডিঙিৰ বিশেষজ্ঞৰ লগতে শ্ৰৱণ বিশেষজ্ঞৰ অৱদানো অপৰিহাৰ্য।

ইমপ্লান্ট যন্ত্ৰৰ প্ৰসাৰতা:

 

প্ৰথমাৱস্থাত এই ইমপ্লান্টবোৰ সংৰোপণৰ পিচত শ্ৰৱণ বিকলাংগ অথবা বধিৰসকলৰ কিছু অসুবিধাৰ বা আসোঁৱাহৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ ভিতৰত অন্যতম আছিল পিচফালৰ পৰা কোৱা কথা বা শব্দবোৰ বুজি পোৱাত আসোঁৱাহ বা অসুবিধা। ১৯৬১ চনত উইলিয়াম হাউছে প্ৰথমে একমাত্ৰ চেনেলৰ ককলিয়াৰ ইমপ্লান্ট ডয়েল এট অলৰ সহায়ত ডিজোৰ্নো আৰু আইৰিছতকৈ উন্নতমানৰ আৱিষ্কাৰ কৰি ১৯৬৪ চনত প্ৰথমে প্ৰাপ্তবয়স্কৰ আৰু পৰৱৰ্তী সময়ত শিশুৰ দেহত ৰোপণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত। ইয়াৰ পৰৱৰ্তী সময়ত গ্ৰহাম ক্লাৰ্কে প্ৰথম একাধিক চেনেলযুক্ত ককলিয়াৰ ইমপ্লান্ট আৱিষ্কাৰ কৰিপ ১৯৭৮ চনত প্ৰাপ্তবয়স্কৰ দেহত সংৰোপণ কৰিছিল। ১৯৮৫ চনত শিশুসকলৰ দেহত অষ্ট্ৰেলিয়াৰ মেলবৰ্ন চহৰত সংৰোপণ কৰিছিল, ইয়াৰ সমান্তৰালকৈ ১৯৮৭ চনত লাক্সফোৰ্ড এট এল আৰু ব্ৰেকমেনেও ককলিয়াৰ ইমপ্লান্টৰ আধুনিকীকৰণ কৰিছিল। বৰ্তমান ব্যৱহাৰ হোৱা এই ইমপ্লান্টৰ পদ্ধতিটোত একেলগে গোটেই অংশবোৰ মিলি শব্দ তৰংগ ইমপ্লান্টত শিশুসকলৰ মগজুলৈ প্ৰেৰণ কৰায়।

শিশুক এই যন্ত্ৰ ব্যৱহাৰৰ নিয়মাৱলী:

 

  • যিবোৰ শিশুৰ শ্ৰৱণশক্তি ছিভিয়াৰৰ পৰা প্ৰফাউণ্ড চেনচৰী নিউৰেলৰ কবলত(দুয়োখন কাণৰ) পৰে বা শূন্য শ্ৰৱণ হয়, শ্ৰৱণশক্তি ইলেক্ট্ৰ’ফিজিঅ’লজিক মাপকৰ দ্বাৰা অৱধাৰিত হ’ব লাগিব।(ABR/OAE)
  • শিশুবোৰৰ বয়স এবছৰৰ বা ওপৰৰ হ’ব লাগিব।
  • শিশুবোৰ সাধাৰণ শ্ৰৱণযন্ত্ৰৰ দ্বাৰা অকণো ফল নোপোৱা হ’ব লাগিব।
  • শ্ৰৱণশক্তিৰ মাত্ৰা নিৰূপণ।
  • মানসিক মূল্যায়ন।
  • শিশুবোৰ ছাৰ্জাৰীৰ বাবে ৰেডিঅ’লজিকেল অথবা মেডিকেলৰ কোনো আসোঁৱাহ থাকিব নোৱাৰিব।
  • শ্ৰৱণশক্তি বিকাশৰ বাবে উপযুক্ত শিক্ষাৰ আন্তঃগাঁথনি থকাটো বাধ্যতামূলক।
  • পিতৃ-মাতৃ অথবা অভিভাৱকক সবিশেষ ইমপ্লান্টৰ বিষয়ে অৱগত কৰোৱা।
  • চিকিৎসকে সম্পূৰ্ণ পৰীক্ষা তথা চিকিৎসা ইতিহাস ভালদৰে দাখিল কৰিব লাগিব।
  • চিটিস্কেন, এম আৰ আইৰ ৰুটিন পৰীক্ষা।
  • শ্ৰৱণযন্ত্ৰৰ প্ৰয়োগ কৰি উচিত মূল্যায়ন নিৰূপণ আৰু বাক আৰু ভাষা উপলব্ধি পৰীক্ষা।
  • কাউন্সিলিং।

সংস্থাপনৰ পিচত ল’বলগীয়া ব্যৱস্থা:

 

ইমপ্লান্ট ৰোপণৰ পিচত ল’বলগীয়া বা কৰিবলগীয়া ব্যৱস্থাটো হ’ল পুনঃপ্ৰতিষ্ঠা বা পুনৰবাসন। আমাৰ মূল লক্ষ্য হ’ল যে এই ইমপ্লান্ট ৰোপণ কৰা শিশুসকলক কেনেকৈ শিকাব লাগিব যন্ত্ৰৰ ব্যৱহাৰ। মুখেৰে মাত মতাৰ বিভিন্ন কৌশল যিটো সম্পূৰ্ণৰূপে উপকাৰ হ’ব যদিহে ইমপ্লান্টৰ ক্ৰিয়াকাণ্ড, গুণগত মানৰ, দীৰ্ঘম্যাদী হোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু শ্ৰৱণশক্তি গভীৰতাৰ ওপৰতো নিৰ্ভৰশীল। সময়ে সময়ে এই ইমপ্লান্টত শিশুসকল চিকিৎসকৰ ওচৰলৈ গৈ বা শ্ৰৱণ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰি থাকিব লাগে।

ককলিয়াৰ ইমপ্লান্টৰ খৰচ ৮ৰ পৰা ৯ লাখ টকাপৰ্যন্ত হয়। সৌভাগ্যৰ কথা যে অসম চৰকাৰে এই ককলিয়াৰ ইমপ্লান্ট সংৰোপণ বিনামূলীয়া কৰিবৰ বাবে ‘সমৰ্থ অসম’ নামেৰে এখন আঁচনি হাতত লৈছে। আশা কৰো ইয়াৰ দ্বাৰা উপকৃত হ’ব শ্ৰৱণ বিকলাংগ অথবা বধিৰ লোকসকল।

কাৰ্য প্ৰণালী:

 

ককলিয়াৰ ইমপ্লান্টৰ অংশবোৰৰ প্ৰথটো হ’ল কাণৰ বাহিৰৰ অংশত পিন্ধি থকা স্পীচ প্ৰচেছৰ বাকধ্বনি প্ৰেৰণ কৰা যন্ত্ৰাংশ আৰু হেডছেট উপাদান। দ্বিতীয়টো হ’ল শল্য চিকিৎসাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভিতৰুৱা উপাদান, য’ত অতি সূক্ষ্ম বৈদ্যুতিক তাঁৰ এডালৰ সহায়ত শব্দৰ তৰংগ অন্তৰ্কনলৈ প্ৰেৰণ কৰি মগজুলৈ পঠিওৱা। বাহিৰৰ স্পীচ প্ৰচেছৰে শব্দবোৰ গ্ৰহণ কৰি ডিজিটেল ধ্বনি বা সংকেতবোৰ প্ৰচেছৰৰ সহায়ত ভিতৰৰ ইমপ্লান্টৰ অংশলৈ প্ৰেৰণ কৰে। তৃতীয়তে ভিতৰৰ ইমপ্লান্টটোৱে ডিজিটেল ধ্বনি বা সংকেতবোৰ আকৌ বৈদ্যুতিক সংকেতলৈ পৰিবৰ্তন কৰি ভিতৰত থকা সূক্ষ্ম বৈদ্যুতিক তাঁৰৰ সহায়ত ককলিয়ালৈ প্ৰেৰণ কৰে। চতুৰ্থতে এই বৈদ্যুতিক তাঁৰডালে ককলিয়াৰ পৰিবাহী স্নায়ুৰ কোষবোৰক চেতনা যোগায় আৰু ক্ষতিগ্ৰস্ত কোষবোৰৰ ওপৰেদি শব্দ তৰংগৰ সংকেত মস্তিষ্কৰ মাজত থকা শ্ৰৱণ কৰ্টেক্সলৈ প্ৰেৰণ কৰে আৰু ফলত এই ইমপ্লান্টত শিশুসকলে শব্দবোৰ শুনে।

লেখক:সূৰ্যৰঞ্জন ডেকা(সম্ভাৰ)

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top