মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কোষ্ঠকাঠিন্য আৰু বনৌষধি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোষ্ঠকাঠিন্য আৰু বনৌষধি

কোষ্ঠকাঠিন্য আৰু বনৌষধিৰ বিষয়ে লিখা হৈছে

 

কোষ্ঠকাঠিন্য বা কোষ্ঠবদ্ধতা হ’ল মানুহৰ পাকস্থলীত সাধাৰণতে হোৱা এবিধ ৰোগ। শৌচ পৰিষ্কাৰ নোহোৱাকে কোষ্ঠকাঠিন্য বুলি কোৱা হয়। এই ৰোগত ভোগা ৰোগীৰ সদায় নিয়মিতভাৱে শৌচ নহয়।

কোষ্ঠকাঠিন্যৰ কু-ফল

 

কোনো লোক যদি একেৰাহে এই ৰোগত ভোগে, তেন্তে তেওঁৰ দেহত মূৰৰ দেখা দিয়ে। এই ৰোগত ভোগা ৰোগীৰ শৰীৰ দুৰ্বল হয়। এই ৰোগে পাকস্থলীৰ ক্ষতিসাধন কৰে। তদুপৰি এই ৰোগত বহু দিন ধৰি ভোগা ৰোগীৰ দেহত পাছলৈ কেঁচুমূৰীয়া (Piles) ৰোগে দেখা দিব পাৰে।

তলত দিয়া বনৌষধিসমূহ ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰি-

 

  • মাটিকঁঠালৰ (আনাৰস) পকা ফলৰ ৰস প্রায় ৫০ মিলিলিটাৰ, পূৰঠ আমলখিৰ ফল পিচি উলিওৱা ৰস প্রায় ২৫ মিলিলিটাৰ, মৌ ২৫ মিলিলিটাৰ ভালকৈ মিহলাই আহাৰ খোৱাৰ পাছত দিনে দুবাৰকৈ তিনি দিন খাবলৈ দিব লাগে।
  • নৰসিংহৰ কুমলীয়া পাত খুন্দি ৰস উলিয়াব লাগে। এপালি দৰবৰ বাবে চাহৰ চামোচেৰে তিনি চামোচ নৰসিংহৰ পাতৰ ৰস খাবলৈ দিব লাগে।
  • কেঁচুৱা অৱস্থাত কোষ্ঠকাঠিন্য হ’লে পাণৰ ঠাৰি এডালৰ আগটোত মিঠাতেল সানি শৌচ কৰিবৰ সময়ত পায়ুত লাহেকৈ সুমুৱাই দিব লাগে। এনে কৰিলে কেঁচুৱাৰ শৌচ খোলোচা হয়।
  • বকুলৰ এটা পূৰঠ ফল আহাৰ খোৱাৰ পাছত দিনে তিনিবাৰকৈ প্রায় পোন্ধৰ দিনৰ বাবে খাব লাগে।
  • চতিয়নাৰ তৰুক্ষীৰ (গাখীৰৰ দৰে আঠাযুক্ত ৰস) দুটোপাল একাপ পানীত মিহলাই দিনে এবাৰকৈ আহাৰ খোৱাৰ পাছত তিনি দিন খাব লাগে।
  • শেৱালি(Nyctanthes arbortristis L) কাণ্ডৰ বাকলি, কেঁচেৰুৰ (Jussiaea Repens L) কাণ্ডৰ বাকলি আৰু সৰু মানিমুনিৰ (Hydrocotyle sibthorpioides Lam) গোটেই গছজোপা (প্রত্যেকবিধৰ সমপৰিমাণে ল’ব লাগে) একেলগে খুন্দি ৰস উলিয়াব লাগে। ইয়াৰ ৫০ মিলিলিটাৰমান ৰসৰ লগত সামান্য পৰিমাণে নিমখ মিহলাই পুৱা খালী পেটত এসপ্তাহ খাব লাগে। মন কৰিবলগীয়া যে আগদিনা প্রস্তুত কৰা দৰব পিছদিনা ব্যৱহাৰ কৰিব নালাগে।
  • ২৫ গ্ৰাম তিল (Sesamum indicum L) মিহিকৈ গুড়ি কৰি ৫০ গ্রাম কুঁহিয়াৰৰ গুড়ৰ লগত সানি আহাৰ খোৱাৰ পাছত দিনে দুবাৰকৈ এসপ্তাহ খাব লাগে।
  • পকা অমিতা বা পূৰঠ অমিতা (Carica papaya L.) যথেষ্ট পৰিমাণে দিনে তিনিবাৰ খাব লাগে। অমিতা খোৱাৰ পাছত ঠাণ্ডাপানী এগিলাচ খাব লাগে। অমিতা পাচলি হিচাপে ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।
  • ঔটেঙা (Dillenia indica L) সিজাই খাব লাগে। মাটিমাহ নতুবা মগুমাহত ঔটেঙা দি ৰান্ধি খাব লাগে।
  • চজিনা (Moringa oleifera Lam.)ৰ তিনিপাহ ফুল দিনে তিনিবাৰকৈ তিনিদিন খাব লাগে। প্রতিপালি দৰব খোৱাৰ পাছত এগিলাচ ঠাণ্ডা পানী খাব লাগে।
  • এটা পূৰঠ বেল ভালকৈ ধুই টুকুৰা টুকুৰাকৈ কাটি আধা লিটাৰ পৰিষ্কাৰ পানীত প্রায় ৮ ঘণ্টা ডুবাই থৈ পানীখিনি পুৱা খালী পেটত খাব লাগে। এই দৰব প্রায় এসপ্তাহ খাব লাগে।
  • এটা পকা বেলৰ খোৱা উপযোগী অংশ এগিলাচ গাখীৰত মিহলাই এবাৰকৈ তিনি দিন খালেও কোষ্ঠকাঠিন্যতাৰ পৰা সকাহ পোৱা যায়।
  • শেৱালি ফুল সংগ্ৰহ কৰি ধুই শুকুৱাই ভালকৈ গুড়ি কৰি এটা পাত্ৰত ভৰাই থ’ব লাগে। এনে শেৱালি ফুলৰ গুড়ি এচামোচ এগিলাচ পানীৰ লগত মিহলি কৰি খাব লাগে। এই দৰব দিনে দুবাৰকৈ এসপ্তাহ খাব লাগে।
  • শেৱালি ফুল ভাজি খালেও কোষ্ঠকাঠিন্যতাৰ পৰা সকাহ পোৱা যায়।
  • আকাশীলতাৰ (Cuscuta reflexa Roxb) গোটেই গছজোপা সংগ্ৰহ কৰি আনি ৰ’দত শুকুৱাই ভালদৰে খুন্দি গুড়ি কৰিব লাগে। ইয়াৰ এচামোচ গুড়ি এগিলাচ পানীৰ লগত মিহলাই খাব লাগে। এই দৰব দিনে দুবাৰকৈ খাব লাগে|
  • নাৰিকলৰ খোৱা উপযোগী অংশ চোবাই খালেও কোষ্ঠকাঠিন্যতাৰ পৰা সকাহ পোৱা যায়। এটা নাৰিকলৰ চাৰিভাগৰ এক অংশ দিনে এবাৰকৈ এসপ্তাহ খাব লাগে।
  • দুপৰটেঙাৰ (Bryophyllum Pinnatum) এখিলা পূৰঠ পাত এগিলাচ পানীৰ সৈতে খাব লাগে। এই দৰব দিনে তিনিবাৰ খাব লাগে। দুপৰ টেঙাৰ আন এটা নাম পাতেগজা।
  • হেলচী শাক যথেষ্ট পৰিমাণে খুন্দি ৰস উলিয়াব লাগে। প্রায় ৫০ মিলিলিটাৰকৈ ৰস দিনে দুবাৰকৈ তিনি দিন খাব লাগে। হেলচী শাক ভাজি খালেও উপকাৰ পোৱা যায়। এনেদৰে তিনি দিন খাব লাগে।
  • ভেদাইলতা (Paederia Foetida L) কুমলীয়া পাত খুন্দি ৰস উলিয়াব লাগে। এনে ৰস ৫০ মিলিলিটাৰকৈ দিনে দুবাৰকৈ তিনি দিন খাব লাগে। ভেদাইলতা, নৰসিংহ, মানিমুনি, দোৰোণ বন খুন্দি মাছৰ সৈতে জোল ৰান্ধি খালেও কোষ্ঠকাঠিন্যতাৰ পৰা সকাহ পোৱা যায়।
  • বৰমানিমুনি (Centella Gaialica Urban) খুব ভালকৈ পিচি ৰস উলিয়াই প্রায় ৫০ মিলিলিটাৰকৈ দিনে তিনিবাৰ খাব লাগে। এই দৰব এসপ্তাহ ব্যৱহাৰ কৰিব লাগে।
  • পানীটেঙেচী (Marsilea minuta L) পিচি ৰস উলিয়াব লাগে। এই ৰস প্রায় ২৫ মিলিলিটাৰকৈ দিনে তিনিবাৰ তিনি দিন খাব লাগে। পানীটেঙেচীৰ তৰকাৰি ৰান্ধি খালেও উপকাৰ পোৱা যায়।
  • চেংমৰাক (Lasia Spinosa The) পাত আৰু ঠাৰি অংশ তৰকাৰি ৰান্ধি ভাতৰ লগত খাব লাগে। প্রায় তিনি দিন খাব লাগে। দিনে দুবাৰকৈ খাব লাগে।
  • বৰটেঙেচী (Oxalis Corniculata L) তৰকাৰি ৰান্ধি খাব লাগে। দিনে এবাৰকৈ প্রায় তিনি দিন খাব লাগে।
  • ৰঙাটেঙামৰা (Hibiscus Subdoritta L) কুমলীয়া পাত পাতত দি ভাতৰ লগত প্রায় তিনি দিন খাব লাগে।

কোষ্ঠকাঠিন্য ৰোগত ভোগা ৰোগীয়ে পানী অধিক পৰিমাণে খাব লাগে। পুৱা শুই উঠিয়েই খালী পেটত এগিলাচ পানী খাব লাগে। মাখন, দাইল আদি বেছিকৈ খাব লাগে। মচন্দৰি, নৰসিংহ, ভেদাইলতা, বনজালুক, মানিমুনি, দোৰোণ বন, মাটিকাদুৰী আদি শাক মিহলাই জোল ৰান্ধি সপ্তাহত কমেও দুই-তিনি সাঁজ খাব পাৰিলে ভাল। মছলাযুক্ত খাদ্য, মাংস, কণী, কল, শুকানকৈ ভজা খাদ্য, চানা আদি বেছিকৈ খাব নালাগে। খোজকঢ়া আৰু লঘু ব্যায়াম পায়খানা কৰোৱাৰ অভ্যাস কৰিব পাৰিলে সুফল লাভ কৰিব পাৰি।

লিখক: ড° দিলীপ কলিতা, দৈনিক জনমভূমি।

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top