মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কোষ্ঠকাঠিন্য এটি ৰোগনে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোষ্ঠকাঠিন্য এটি ৰোগনে?

কোষ্ঠকাঠিন্যৰ ৰোগৰ বিষয়ে লিখা হৈছে ।

 

কিছুমান স্বাস্থ্য সমস্যা প্ৰত্যক্ষভাৱে আমাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ লগত জড়িত।এই সমস্যাবিলাকৰ ভিতৰত কোষ্ঠকাঠিন্যও এটা।আমাৰ শৰীৰৰ বেছিভাগ বেমাৰ আমাৰ পেটৰ পৰাই আৰম্ভ হয় আৰু আমি যিবিলাক খাদ্য সেৱন কৰোঁ তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে।কিন্তু আমি বেছিভাগ মানুহে এই কথাটো ভাবি নাচাওঁ।যিহকে পাওঁ তিহকে খাই ফুৰোঁ।বৰ্তমান আমাৰ সমাজত পাশ্চাত্য সভ্যতাৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা গৈছে আৰু ইয়াৰ সকলোতকৈ অধিক তথা ভয়ানক প্ৰভাৱ পৰিছে আমাৰ খাদ্যাভ্যাসৰ ওপৰত।আজিকালি আমি বেছিভাগ লোকেই বাহিৰত খাদ্য খোৱা পচন্দ কৰোঁ আৰু ৰেষ্টুৰেণ্ট,হোটেল ইত্যাদিত গৈ আমাৰ অৰ্ডাৰ হয় বাৰ্জাৰ,পিজ্জা,চাওমিন,ফ্ৰেন্স ফ্ৰাই ইত্যাদি।যিহেতু এই খাদ্যবোৰ অধিক কেল’ৰিযুক্ত হয় আৰু আঁহযুক্ত নহয়,ফলত এই খাদ্য নিয়মিতৰুপে সেৱনৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ ৰোগ তথা সমস্যা হোৱা দেখা যায়।কোষ্ঠকাঠিন্যৰ বিষয়ে সকলোৱে জ্ঞাত।কোষ্ঠকাঠিন্য মানে পায়খানা টান হোৱা বা সচৰাচৰ কৰা মলত্যাগতকৈ কম মলত্যাগ কৰা।সকলো মানুহে নিজৰ জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা এই সমস্যাটোৰ মুখামুখি হয়।প্ৰত্যেক মানুহৰে এবাৰ মলত্যাগ কৰাৰ পৰা অন্য এবাৰ মলত্যাগ কৰাৰ মাজৰ সময়ৰ ব্যৱধান বেলেগ বেলেগ।ই সাধাৰণতে দৈনিক তিনিবাৰৰ পৰা সপ্তাহত তিনিবাৰ পৰ্যন্ত হ’ব পাৰে।সাধাৰণতে ভাৰতীয় মানুহে দৈনিক মলত্যাগ কৰে।আনহাতে ইউৰোপীয় মানুহৰ সপ্তাহত তিনিবাৰ মলত্যাগ কৰাটো এটা স্বাভাৱিক অৱস্থা।যদিও কোষ্ঠকাঠিন্য এটা সুকীয়া বেমাৰ নহয় অন্য বেমাৰৰ ফলত লক্ষণ হিচাপে দেখা দিয়ে,কিন্তু বৰ্তমান সময়ত ই এটা সচৰাচৰ দেখা পোৱা বেমাৰৰ ৰুপ লৈছে।প্ৰত্যেক দুজন মানুহৰ ভিতৰত এজনৰ এই সমস্যাটো আজিকালি দেখা পোৱা যায়।

কোষ্ঠকাঠিন্য নিৰুপণৰ মাপকাঠী -

এজন মানুহৰ কোষ্ঠকাঠিন্য নিৰ্ণয় কৰিবলৈ সাধাৰণতে তলত দিয়া লক্ষণ বা চৰ্তসমুহ প্ৰযোজ্য হোৱাটো দৰকাৰ।তলৰ লক্ষণসমুহৰ দুটা বা ততোধিক লক্ষণ অতি কমেও তিনি মাহ ধৰি উপস্থিত থাকিলে সেই মানুহজনৰ কোষ্ঠকাঠিন্য হোৱা বুলি ধৰা হয়।

১/ স্বাভাৱিক মলত্যাগৰ সময়ত দিব লগা জোৰ বা হেঁচাতকৈ অতি কমেও ২৫ শতাংশ বেছি জোৰ দিবলগীয়া হোৱা।

২/ স্বাভাৱিক পায়খানাতকৈ অতিকমেও ২৫ শতাংশ টান পায়খানা হোৱা।

৩/ স্বাভাৱিক পায়খানাতকৈ অতিকমেও ২৫ শতাংশ পায়খানা ৰৈ যোৱাৰ নিচিনা অনুভৱ কৰা।

৪/সপ্তাহত তিনিবাৰতকৈ কম পায়খানা হোৱা।

৫/অতিকমেও ২৫ শতাংশ পায়খানা মলবাহী নলীত বাধাগ্ৰস্ত হৈ অৱৰুদ্ধ হৈ থকা।

লক্ষণ -

তলত দিয়া লক্ষণসমুহ থাকিব পাৰে-

১/কমকৈ পায়খানা কৰা।

২/মলত্যাগ কৰিবলৈ কষ্ট হোৱা বা খুব জোৰ লগাব লগা হোৱা।

৩/টান বা অতি কম পৰিমাণৰ পায়খানা।

৪/এনেকুৱা অনুভৱ হোৱা যে মলত্যাগৰ পাছতো পেট সম্পুৰ্ণৰুপে খালী হৈ যোৱা নাই।

৫/পেট ফুলি যোৱা আৰু পেটৰ বিষ ।

কাৰণ -

কোষ্ঠকাঠিন্যৰ কাৰণক মুলত:দুই ভাগত ভাগ কৰা হৈছে-(১)যান্ত্ৰিক বা mechanical আৰু ২)ক্ৰিয়াত্মক বা  functional ।

১/যান্ত্ৰিক কাৰণৰ ভিতৰত পাচন নলী বা মলবাহী নলীত হোৱা কোনো বাধাগ্ৰস্ততাৰ ফলত হোৱা কোষ্ঠকাঠিন্য বুজা যায়।এনে বাধাগ্ৰস্ততা বহুতো কাৰণত হ’ব পাৰে।মলবাহী নলীৰ ৰাস্তাত থকা   হোৱা কোনো বাধাগ্ৰস্ততা ,অন্ত্ৰত হোৱা যক্ষ্মা ৰোগ,অন্ত্ৰত হোৱা কোনো কৰ্কট ৰোগৰ ফলত হোৱা কোনো বৃদ্ধি (growth),পাইলচ বা অৰ্শৰোগৰ ফলতো পায়খানাৰ ৰাস্তা ফুলি উঠি পায়খানা হোৱাত বাধা হ’ব পাৰে।

২/ক্ৰিয়াত্মক কাৰণৰ ভিতৰত তলত কেইটামান উল্লেখ কৰা হ’ল-

*খাদ্যাভ্যাসৰ পৰিৱৰ্তন বা নিজৰ দৈনন্দিন কাৰ্যকলাপৰ পৰিৱৰ্তন।

*পৰ্যাপ্ত পানী আৰু আঁহজাতীয় খাদ্য সেৱন নকৰা।

*যথেষ্ট পৰিমাণে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী খাদ্য সেৱন কৰা।

*শাৰীৰিক সক্ৰিয়তাৰ অভাৱ।

*পায়খানাৰ গতি ৰোধ কৰা।

*মানসিক চাপ

*জুলাপ (laxative)সৃষ্টিকাৰী ঔষধৰ অধিক প্ৰয়োগ

*কিছুমান ঔষধ সেৱনৰ ফলত (বিশেষকৈ বিষ নিবাৰক ঔষধ অপিঅইডছ,নাৰ্কটিক,আইৰনৰ বড়ি,মানসিক বেমাৰৰ কিছুমান ঔষধ ইত্যাদি)

* কেলচিয়াম আৰু এলুমিনিয়ামযুক্ত এণ্টাচিড (antacid)বা এ চি ডি টি নিবাৰক ঔষধৰ অধিক প্ৰয়োগ।

*অত্যধিক গেছ উৎপন্নকাৰী খাদ্য সেৱন

*Irritable bowel syndrome

 

*পাচনতন্ত্ৰৰ মাংসপেশী বা স্নায়ুৰ সমস্যা

*গৰ্ভাৱস্থা

*কিছুমান স্নায়ুৰোগ যেনে-পাৰ্কিনচন,Multiple sclerosis.

 

*হাইপ’থাইৰয়ডিজম

*বৃদ্ধাৱস্থা ।বৃদ্ধাৱস্থাত অন্ত্ৰৰ ভিতৰত থকা লেষ্মাৱৰণ শুকাই যায়,যাৰ ফলত পায়খানা ওলাই  অহাত অসুবিধা হয়।

প্ৰতিৰোধ:

বহুক্ষেত্ৰত কোষ্ঠকাঠিন্য তলত দিয়া নিয়মবোৰ পালনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা যায়-

১/সদায় সমতুল্য আহাৰ গ্ৰহণ কৰিব লাগে।লগতে আঁহযুক্ত খাদ্য বেছিকৈ সেৱন কৰিব লাগে।যেনে-ফলমুল,শাক-পাচলি,মাহজাতীয় শস্য ইত্যাদি।

২/পৰ্যাপ্ত কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে।

৩/কেফেইনযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে।

৪/ময়দাৰ দ্বাৰা বনোৱা খাদ্য,বেকাৰীৰ খাদ্য,পেকেটৰ খাদ্য,বাহী খাদ্য,অধিক পৰিমাণৰ গাখীৰৰ দ্বাৰা বনোৱা খাদ্য সেৱন কৰিব নালাগে।

৫/দৈনিক ব্যায়াম কৰা উচিত।

৬/যেতিয়াই মলত্যাগৰ প্ৰবৃত্তি আহে মলত্যাগ কৰিব লাগে।

৭/বজাৰত উপলব্ধ কিছুমান বিৰেচক বা জুলাপ উৎপন্নকাৰী ঔষধ চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ অধিক দিন খোৱা অনুচিত।

আয়ুৰ্বেদিক দৃষ্টিভ্ংগী -

আয়ুৰ্বেদত কোষ্ঠকাঠিন্য মুখ্যত: দুটা কাৰণত হোৱা বুলি কোৱা হৈছে।অগ্নিবল বা হজম শক্তি কমি যোৱাৰ ফলত আৰু যিকোনো কাৰণত অন্ত্ৰত বায়ু প্ৰকোপিত হোৱাৰ ফলত।আমাৰ শৰীৰৰ অগ্নিবল বা হজম শক্তি কমি যায় মুখ্যত: চাৰিটা অনিয়মৰ ফলত।যেনে-সঠিক গুণাগুণসম্পন্ন খাদ্য নোখোৱাৰ ফলত।আজিৰ মানুহে প্ৰাকৃতিক বা জৈৱিক খাদ্য খাবলৈ পাহৰি গৈছে।তাৰ পৰিৱৰ্তে সংশ্লেষিত ৰাসায়নিক পদাৰ্থযুক্ত খাদ্য সেৱন কৰাৰ ফলত হজম শক্তিৰ বাধাগ্ৰস্ততা হয়।দ্বিতীয়তে খাদ্য যদি সঠিক পৰিমাণত খোৱা নাযায়,ইও হজম শক্তিৰ হানি-বিঘিনি ঘটায়।যদি কোনো খাদ্যবস্তু খুব সোৱাদযুক্ত হয়,তেন্তে তাক পাৰ্যমানে খাবলৈ চেষ্টা কৰোঁ আৰু খাদ্যবস্তু সোৱাদযুক্ত নহ’লে শৰীৰৰ প্ৰয়োজন অনুপাতেও সেৱন নকৰোঁ-যাৰ ফলত হজম শক্তিৰ হানি হয়।তৃতীয়তে খাদ্যৰ মিশ্ৰণ বা একেলগে খোৱা খাদ্যৰ প্ৰকাৰৰ ওপৰতো হজম শক্তি হানি বা বৰ্ধন নিৰ্ভৰ কৰে।যেনে-গৰিষ্ঠ ভোজন কৰি উঠিয়েই শীতল পানীয় সেৱন কৰা,কোনো আমিষ খাদ্য খাই উঠি গাখীৰ সেৱন কৰা,বিয়া আদি পাৰ্টীবোৰত ২০-৩০ ধৰণৰ খাদ্য একেলগে সেৱন কৰা ইত্যাদি কাৰণত আমাৰ হজম শক্তি কমি যায়।কাৰণ এনেকুৱা খাদ্যৰ মিশ্ৰণক মাৰাত্মক মিশ্ৰণ বা killing combination বুলি কোৱা হয়।চতুৰ্থতে আমি সঠিক সময়ত খাদ্য গ্ৰহণ নকৰিলেও আমাৰ হজম শক্তিত প্ৰভাৱ পৰে।আজিৰ এই ব্যস্ততাপুৰ্ণ জীৱনত মানুহে সময় অনুযায়ী খাদ্য খোৱাৰ অভ্যাস নোহোৱা হৈ গৈছে।কিন্তু আমাৰ শৰীৰৰ পাচনতন্দ্ৰৰ পৰা এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত এটা জৈৱিক ঘড়ীৰ নিচিনা পাচক ৰসসমুহ ক্ষৰণ হয় আৰু ফলত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত আমাৰ ভোক লাগে।আৰু তেতিয়াই আমি খাদ্য খোৱা উচিত।যদি সেই নিৰ্দিষ্ট সময়ত আমি খাদ্য সেৱন নকৰোঁ নি:সৰিত পাচক ৰস তথা হাইড্ৰ’ক্লৰিক এচিডৰ প্ৰভাৱত পাকস্থলীৰ শ্লেষ্মাৱৰণ আক্ৰান্ত হৈ গেষ্ট্ৰাইটিচৰ সৃষ্টি হয়।খাদ্য খোৱাৰ এই অনিয়মিতাৰ বাবে অকল যে কোষ্ঠকাঠিন্যৰ সৃষ্টি হ’ব,তেনে নহয় আমাৰ শৰীৰৰ প্ৰায়ভাগ বেমাৰ ইয়াৰ পৰাই সৃষ্টি হয়।ইয়াৰ উপৰি অশুদ্ধ জীৱনশৈলী তথা বাত প্ৰকোপক আহাৰৰ বাবে আমাৰ অন্ত্ৰত বায়ু প্ৰকোপিত হৈও কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰিব পাৰে।

আয়ুৰ্বেদিক চিকিৎসা -

যিহেতু কোষ্ঠকাঠিন্য এটা নিজেই বেমাৰ নহয়,ই অন্য বেমাৰৰ এটা লক্ষণ হিচাপেহে দেখা দিয়ে।গতিকে যিটো বেমাৰৰ বাবে ইয়াৰ সৃসটি হৈছে সেই বেমাৰৰ চিকিৎসা কৰা উচিত।তথাপি কিছুমান ক্ষেত্ৰত লক্ষণ অনুযায়ী কিছুমান ঔষধ প্ৰয়োগ কৰা হয়।যেনে-অভয়াৰিষ্ট,কুমাৰীআসৱ,অবিপত্তিকৰ চুৰ্ণ,অভয়া চুৰ্ণ,হৰিতকী চুৰ্ণ ,স্বাদিষ্ট বিৰেচন চুৰ্ণ,ত্ৰিফলা চুৰ্ণ তথা ৰস,এলোভেৰা ৰস,ইচবগোল,পঞ্চসকাৰ চুৰ্ণ,এৰণ্ড তেল ইত্যাদি।কিন্তু এই সকলোবোৰ ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰা উচিত।

লেখক: ডা: মুকুল শৰ্মা (দেওবৰীয়া সুকন্যা)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top