মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কাণ বাজি থকা ৰোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাণ বাজি থকা ৰোগ :

কাণ বাজি থকা ৰোগৰ বিষয়ে লিখা হৈছে ।

এই ৰোগৰ লক্ষণ হ’ল কাণৰ ভিতৰত হো-হোৱাই থকা বা আন ধৰণৰ শব্দ কৰি থকা। এখন বা দুয়োখন কাণৰ অথবা মূৰৰ ভিতৰত অনবৰতে একধৰণৰ শব্দ হৈ থকা যেন লাগে।

সাধাৰণতে ৰোগীয়ে নিজেহে এনেধৰণৰ শব্দবোৰ শুনি থাকে। কোনো কোনো ক্ষেত্ৰত অৱশ্যে এনে শব্দ আন মানুহেও শুনিব পাৰে।

প্ৰাচীন মিছৰীয় লেখকৰ লেখাত কাণ বাজি থকা লোকৰ বিষয়ে উল্লেখ আছে। তেওঁলোকে এই ৰোগৰ চিকিৎসা কৰিবলৈ কাণত বোকা-মাটি, গছৰ ৰস বা তেল ঢাকি দিছিল। মেছোপটেমিয়াৰ অধিবাসীসকলেও মাটিৰ ফলিত এই ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা ঔপচাৰিক অনুষ্ঠান আৰু মন্ত্ৰ লিপিবদ্ধ কৰিছিল।

অতীজৰ গ্ৰীক আৰু ৰোমানসকলৰ চিকিৎসা শাস্ত্ৰতো কাণৰ হো-হোৱনি ৰোগৰ কাৰণ আৰু চিকিৎসাৰ উল্লেখ আছে। তেওঁলোকে এই ৰোগৰ কাৰণ নিৰ্ণয় কৰি তাৰ চিকিৎসা কৰিবলৈ চেষ্টা কৰিছিল।

উদাহৰণস্বৰূপে কাণৰ হো-হোৱনি যদি চৰ্দি, পানীলগাৰ পৰা হোৱা বুলি ভাবিছিল, তেন্তে কাণ পৰিষ্কাৰ কৰিবলৈ আৰু উশাহ ধৰি ৰাখিবলৈ দিহা দিছিল। তেওঁলোকে যদি এনে হো-হোৱনি মূৰৰ পৰা উদ্ভুত বুলি ভাবিছিল, তেন্তে মূৰ মালিচ কৰা, মূৰৰ বিভিন্ন কচৰৎ বা কুলকুলি আদি কৰাৰ দিহা দিছিল। হিপ’ক্ৰেটিছ আৰু এৰিষ্টটলেও কাণৰ এই ৰোগৰ বিষয়ে চিন্তা-চৰ্চা কৰিছিল। তেওঁলোকে লক্ষ্য কৰিছিল যে ডাঙৰ শব্দবিলাকে কাণৰ হো-হোৱনি নোহোৱা কৰিব পাৰে। তেওঁলোকৰ প্ৰশ্ন আছিল ডাঙৰ শব্দই কাণৰ সৰু শব্দবোৰ অস্তিত্বহীন কৰিব পাৰে নেকি?

মধ্য যুগত কাণৰ তপত ৰুটী লগাই দিয়া বা মমবাতি জ্বলাই দিয়া আদি চিকিৎসা ব্যৱস্থাৰো উল্লেখ পোৱা যায়। নৱজাগৰণৰ যুগত বিভিন্ন অস্ত্ৰোপচাৰ কৰি কাণৰ হো-হোৱনি বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল।

তেওঁলোকে মাষ্টইড নামৰ অস্থিৰ অস্ত্ৰোপচাৰ কৰিছিল। ঊনৈশ শতিকাত এই ৰোগ নিৰাময়ৰ বাবে বৈদ্যুতিক শক্তি ব্যৱহাৰ কৰা হৈছিল। (প্ৰসংগ: এলিজাবেথ উইলিংহা, এম বি, বেইলৰ কলেজ অৱ মেডিচিন, হাউছটন, ট্ৰেক্সাছ) এতিয়াও প্ৰতিদিনে পৃথিৱীৰ বহুসংখ্যক লোক এই ৰোগত আক্ৰান্ত হয়। কিন্তু অতি কমসংখ্যক লোকহে চিকিৎসকৰ কাষ চপা দেখা যায়।

এই ৰোগৰ কাৰণ এতিয়াও সঠিকভাৱে নিৰ্ণয় হোৱা নাই। স্বাভাৱিকতে সম্পূৰ্ণ সফল চিকিৎসা এতিয়ালৈকে সম্ভৱ হোৱা নাই। অন্তঃকৰ্ণৰ স্নায়ুৰ বিকাৰৰ বাবে এই ৰোগ হোৱা বুলি বিশ্বাস কৰা হয়।

  • শব্দ প্ৰদূষণ,
  • বৃদ্ধাৱস্থা,
  • কিছুমান ঔষধৰ(যেনে- এছপিৰিন) প্ৰভাৱতো কাণৰ হো-হোৱনি হোৱা দেখা যায়।

মিনিয়াৰ্ছ ৰোগতো কাণৰ হো-হোৱনি হোৱা লক্ষ্য কৰা যায়।

  • কাণৰ মলি,
  • কাণত বেক্টেৰিয়া বা ভেঁকুৰজাতীয় ৰোগ সংক্ৰমণ,
  • এলাৰ্জী বা ৰক্তচাপৰ তাৰতম্য হ’লেও কাণৰ হো-হোৱনি ৰোগ হ’ব পাৰে।

কাণৰ কাষৰ ইউষ্টেচিয়ান নলী বা হাড়ৰ জোৰাত হোৱা ৰোগৰ প্ৰভাৱতো কাণৰ হো-হোৱনি ৰোগ হ’ব পাৰে। কাণৰ পৰ্দা বা মধ্য কৰ্ণৰ বিভিন্ন ৰোগৰ ফলতো কাণত হো-হোৱনি শব্দ হৈ থাকিব পাৰে।

এই ৰোগত ঔষধ ব্যৱহাৰ কৰি বা অস্ত্ৰোপচাৰ কৰি বিশেষ সাফল্য লাভ কৰা হোৱা নাই। জিংকো বাইল’বা নামৰ ঔষধ এই ৰোগত ব্যৱহাৰ কৰা হয়। কিন্তু এই ঔষধৰ প্ৰভাৱো সীমিত বুলি প্ৰমাণিত হৈছে।

লেখক: ডাঃ বিশ্বনাথ শৰ্মা(নিয়মীয়া বাৰ্তা)

শ্ৰৱণ যন্ত্ৰ -

কমকৈ শুনা লোক বা বধিৰক শব্দ, মাত-কথা আদি শুনাত সহায় কৰা যন্ত্ৰ বিশেষেই হৈছে শ্ৰৱণ যন্ত্ৰ। এই কৃত্ৰিম যন্ত্ৰটোৰ বৈশিষ্ট্য হৈছে যে ই শব্দক কাণৰ ভিতৰলৈ প্ৰেৰণ কৰে আৰু অনাৱশ্যকীয় কোলাহলবোৰ নিস্তেজ কৰে। কাণৰ ভিতৰত বা কাণৰ পিছফালে এই যন্ত্ৰ স্থাপন কৰিলে শ্ৰৱণ শক্তিৰ সমস্যাত ভুগি থকা লোক উপকৃত হয়। দুৰ্বল শ্ৰৱণ শক্তিসম্পন্ন লোকে কাণৰ কাষত হাতখন নি বিশেষ কৌশলেৰে শব্দক কাণৰ ভিতৰত প্ৰেৰণ কৰিবলৈ প্ৰয়াস কৰে। ইয়াৰে আগতে চুঙা ব্যৱহাৰ কৰি শ্ৰৱণ শক্তি বঢ়াবলৈ অৰ্থাৎ চুঙাটো কাণত ৰাখি চেষ্টা কৰা হৈছিল।

বৰ্তমান ব্যৱহৃত বেটেৰীচালিত এই যন্ত্ৰটো দৰাচলতে এটা বৈদ্যুতিক সৰঞ্জামহে। ই প্ৰথমতে শব্দবোৰ সংগ্ৰহ কৰে আৰু দ্বিতীয়তে সেই সংগৃহীত শব্দ পিছত পৰিৱেশকৰ সহায়ত কাণলৈ প্ৰেৰণ কৰে। সম্প্ৰতি সৰু-ডাঙৰ বিভিন্ন আকৃতিৰ শ্ৰৱণ যন্ত্ৰ সাজি উলিয়াইছে। আকৃতিত ডাঙৰ শ্ৰৱণ যন্ত্ৰ চোলাৰ পকেটত ৰাখিব পাৰি। এই শ্ৰৱণ যন্ত্ৰৰ সৈতে বিশেষ তাঁৰেৰে সংযোজিত স্পীকাৰটো কাণত লগাই থ’ব লাগে। আন কিছুমান শ্ৰৱণ যন্ত্ৰ তেনেই সৰু।

এইবোৰ কাণৰ পিছফালে বা কাণৰ ভিতৰত সুমুৱাই থ’ব পাৰি। ইয়াৰে এবিধৰ একাংশ কাণৰ বাহিৰত ওলাই থাকে, যাক আই টি চি অৰ্থাৎ In the canal বুলি কোৱা হয়। আনবিধ চি আই চি, যাক সম্পূৰ্ণভাৱে কাণৰ ভিতৰত সুমুৱাই থ’ব লাগে। অৱশ্যে শ্ৰৱণ শক্তি যথেষ্ট হ্ৰাস পোৱাসকলৰ বাবে এনে যন্ত্ৰ উপযোগী নহয়। শক্তি অনুযায়ী শ্ৰৱণ যন্ত্ৰক এনালগ আৰু ডিজিটেল এই দুই ভাগত বিভক্ত কৰা হৈছে। এনালগৰ সৰল প্ৰযুক্তিয়ে সংগ্ৰহ কৰা শব্দৰাশি উচ্চাৰিত শব্দৰ সমানেই জোৰে শুনা যায়।

আনহাতে ডিজিটেল প্ৰযুক্তিৰ মাধ্যমত শব্দ তৰংগবোৰ ভাগ ভাগকৈ ডাঙৰকৈ শুনিব পৰা যায়। এই প্ৰযুক্তিৰ সহায়ত অনাৱশ্যকীয় কোলাহলৰ মাত্ৰা হ্ৰাস কৰিব পাৰি।

মগজুৰ অস্ত্ৰোপচাৰ কৰি বহুওৱা এবিধ শ্ৰৱণ যন্ত্ৰও আছে। এই যন্ত্ৰই মগজুৰ অস্থিৰ জৰিয়তে দুয়োখন কাণলৈ শব্দ তৰংগ প্ৰেৰণ কৰি শ্ৰৱণ শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু এনে যন্ত্ৰৰ প্ৰয়োগ সীমিত। কাণেৰে একেবাৰে নুশুনা মানুহক শ্ৰৱণ যন্ত্ৰই সহায় কৰিব নোৱাৰে। ককলিয়াৰ ইমপ্লেন্ট নামৰ শেহতীয়া যন্ত্ৰটোৱে শুনাত সহায় কৰিছে। অৱশ্যে ইয়াৰ সুফল পাবলৈ ব্যৱহাৰকাৰীয়ে বিশেষভাৱে শিকিবলগীয়া হয়।

লেখক: ডাঃ মলয় বৰুৱা(নিয়মীয়া বাৰ্তা)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top