কান্ধ শৰীৰৰ এনে এটি অংশ যি তিনিডাল হাড়, চাৰিটা জোৰা আৰু ত্ৰিশটা মাংশপেশীৰ সমন্বয়েৰে তৈয়াৰী । এই ত্ৰিশটা মাংশপেশীৰ মাজৰ চাৰিটা পেশী আৰু চাৰিটা জোৰাৰে গঠিত গ্লেনো-হিউমেৰাল জইণ্ট খুবেই গুৰুত্বপূৰ্ণ । মানৱ শৰীৰৰ কান্ধৰ গাঁঠি গঠনগতভাৱে খুবেই অস্থিতিশীল, কিন্তু শৰীৰৰ অন্যান্য গাঁঠিবোৰৰ তুলনাত সকলোতকৈ বেছি লৰচৰ হয় । ফলত অতি সহজেই এই গাঁঠিটো ডিছপ্লেচমেণ্ট হয় বা সুলকি যায় । কোনো গাঁঠি একাধিকবাৰ সুলকি গ’লে তাক ৰিকাৰেণ্ট ডিছপ্লেচমেণ্ট বা ৰিকাৰেণ্ট চাবলেক্সন বোলা হয় ।
এবাৰ গাঁঠি ডিছপ্লেচমেণ্ট হ’লে পৰৱৰ্তী সময়ত জোৰাডাল শতকৰা ৮০% সুলকি যোৱাৰ সম্ভাৱনা থাকে । প্ৰথম আঘাতৰ ২ বছৰমানৰ ভিতৰতে এই অসুবিধা বাঢ়ি গৈ থাকে । সন্মুখৰ ফালে শতকৰা ৯৪%, পিছফালে ৪% আৰু তলফালে ১% ডিছপ্লেচমেণ্ট হয় । জন্মগতভাৱে জইণ্টৰ লিগামেণ্ট আৰু কেপচুল ঢিলা থাকিলে জইণ্টটো সকলো ফালে ডিছপ্লেচমেণ্ট হোৱাৰ সম্ভাৱনা থাকে । ক্ৰিকেট, ভলীবল, বাস্কেটবল, জেভলিন থ্ৰ’ খেলা খেলুৱৈৰ মাজত কান্ধৰ জইণ্ট ডিছপ্লেচমেণ্টৰ সম্ভাৱনা বেছি । ষ্ট’ক আৰু পেশী দুৰ্বলতা ৰোগৰ বাবে বেছি দুৰ্বল হ’লে জোৰা সুলকি যোৱাৰ সম্ভাৱনা বহুত থাকে । ইয়াৰ উপ ই প্ৰথম ডিছপ্লেচমেণ্টৰ পাছত সাৱধানতা অৱলম্বন নকৰিলে জোৰাডাল বাৰে বাৰে সুলকি যায় । গাঁঠি ডিছপ্লেচমেণ্ট হোৱাৰ ফলত কান্ধত অসহ্যকাৰ বিষ হয় । অৱশ্যে বাৰে বাৰে জইণ্ট ডিছপ্লেচমেণ্ট হ’লে কান্ধত বিষৰ পৰিমাণ কম অনুভৱ হয় । জোৰা সুলকি যোৱাৰ পাছত বাহু এটা নিৰ্দিষ্ট অৱস্থানত থাকে, ফলত লৰচৰ কৰিব পৰা নাযায় । জইণ্ট ডিছপ্লেচমেণ্ট হ’লে জইণ্টৰ ঠাইখিনি খালী আৰু ডিছপ্লেচমেণ্টৰ ঠাইত ফুলি উঠা দেখা যায় । কেতিয়াবা কেতিয়াবা টোপনিৰ সময়ত, সাঁতোৰাৰ সময়ত আৰু খেলা-ধুলাৰ সময়ত বাহুৰ এটা নিৰ্দিষ্ট অংশৰ লৰচৰ হোৱাৰ ফলত কান্ধৰ গাঁঠি সুলকি যায় । ইয়াৰ উপৰি ওপৰফালে কিবা ধৰিব বা বাছৰ হেণ্ডেল ধৰি বাছত উঠাৰ চেষ্টা ক ইলেও জোৰা সোলকি যোৱাৰ সম্ভাৱনা বহুত থাকে । জোৰা প্ৰথমে ডিছপ্লেচমেণ্ট হোৱা প্ৰায় ৪০% ৰোগীৰ ক্ষেত্ৰত হিউমেৰাল হে’ড ফ্ৰেকচাৰ হয় । বাৰে বাৰে জোৰা ডিছপ্লেচমেণ্টৰ বাবে গ্লেন’য়েড ৰিম (ব’নি বেংকাৰ্ট) ভাঙি যায়, ফলস্বৰুপে গাঁঠিত অস্থিঅ’আৰ্থ্ৰাইটিছ আৰু জইণ্ট নষ্ট হয় । বয়স্ক মানুহৰ জোৰাৰ পেশী ছিঙি যোৱাৰ ফলত হাত ওপৰলৈ তুলিব নোৱৰা হয় । স্কেপুলাৰৰ অনিয়মত লৰচৰ হোৱাৰ বাবে পেশী শুকাই যায় আৰু পিঠিত প্ৰচণ্ড বিষ অনুভৱ হয় ।
কান্ধৰ গাঁঠি ডিছপ্লেচমেণ্টৰ চিকিৎসাৰ আগত চিকিৎসকৰ পৰামৰ্শ মতে এক্স-ৰে, অৰ্থ’গ্ৰাফি, এম আৰ আই আদি পৰীক্ষাৰ মাধ্যমত ৰোগ সম্পৰ্কে নিশ্চিত হ’ব পাৰি ।
বাৰে বাৰে গাঁঠি সোলকি যোৱা ৰোগী ঔষধ খাই ভাল পোৱাৰ সংখ্যা তেনেই সীমিত । অস্ত্ৰোপচাৰেই ইয়াৰ একমাত্ৰ চিকিৎসা । সামূহিকভাৱে কিছুদিনৰ বাবে সকাহ পাবলৈ বাহুৰ যিটো মুভমেণ্টত কান্ধৰ জোৰা সুলকি যায়, সেইধৰণৰ মুভমেণ্ট নৰি পেশী শক্তিশালী হোৱা ব্যায়াম কৰিব পাৰি । বিভিন্ন পদ্ধতিৰে জইণ্ট ডিছপ্লেচমেণ্টৰ অস্ত্ৰোপচাৰ কৰিব পৰা যায় । ইয়াৰে ‘লেটাৰজেট’ পদ্ধতিত অস্ত্ৰোপচাৰ কৰিলে জোৰাৰ স্থিতিশীলতা বেছি হয় ।
বৰ্তমান সময়ত গাঁঠিৰ চিকিৎসাত সফল আৰু জনপ্ৰিয় কাৰ্যকৰ সমাধান আনি হে বিস্ময়কৰ অৰ্থ্ৰ’ছস্ক’পি নামৰ অস্ত্ৰোপচাৰটোৱে । অৰ্থ’পেডিক চিকিৎসাৰ বৰ্তমান যুগৰ জনপ্ৰিয় সৰ্বাধুনিক পদ্ধতি এইটো । সৰু ছিদ্ৰাৰ মাধ্যমত কেমেৰাযুক্ত অৰ্থ্ৰ’ছস্ক’প জোৰাৰ ভিতৰত প্ৰৱেশ কৰাই যন্ত্ৰৰ লগত সংযুক্ত বাহিৰ মনিটৰত চাই লেবৰাম, কেপচুল আৰু লিগামেণ্ট ৰিপায়েৰিং কৰা হয় । এই পদ্ধতিৰে ৰোগী অতি সোনকালে সুস্থ হৈ উঠে ।
অত্যধিক বিষৰ পৰা পৰিত্ৰান পাবলৈ ব্যৱহাৰ কৰা পেইনকিলাৰ জাতীয় ঔষধৰ বহুল ব্যৱহাৰৰ ফলত কিডনিত পাথৰ, মাইগ্ৰেন আদি বেমাৰ হ’ব পাৰে ।
লেখক :- ডা: শ্বাহিদুল ইছলাম প্ৰীতম
উৎস :- দৈনিক জনমভূমি
শেহতীয়া উন্নীতকৰণ: : 3/9/2020