মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কান্ধৰ বিষ বা ফ্ৰজেন ছোল্‌ডাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কান্ধৰ বিষ বা ফ্ৰজেন ছোল্‌ডাৰ

কান্ধৰ বিষ বা ফ্ৰজেন ছোল্‌ডাৰৰ বিষয়ে লিখা হৈছে

যেতিয়া কান্ধৰ গাঠিটো বিষাবলৈ ধৰে আৰু লৰচৰ কৰিব নোৱাৰা হয়, আমি সেই অৱস্থাটোকে ‘ফ্ৰজেন ছোল্‌ডাৰ’ হোৱা বুলি কওঁ। এই ৰোগটোৱে সাধাৰণ মানুহৰ ভিতৰত শতকৰা দুই ভাগকহে কাবু কৰে| সাধাৰণতে চল্লিশৰ পৰা পঞ্চাশ বছৰৰ ভিতৰৰ মহিলাসকল এই ৰোগত বেছিকৈ আক্রান্ত হয়।

কান্ধৰ গাঁঠিৰ গঠন

 

কান্ধৰ গাঁঠিটোত হিউমাৰাচ, স্কেপুলা আৰু ক্লেভিকুল- এই তিনিডোখৰ হাড় লগ লাগি থাকে। গাঁঠিটোৰ চাৰিওফালে কিছুমান ক'লাৰে গঠিত এখন ঢাকনি বা কেপছুল থাকে। তাৰ ওপৰত কেইটামান শক্তিশালী মাংসপেশীয়ে কান্ধৰ গাঁঠিটো আৱৰি থাকে। গাঁঠিটো শৰীৰৰ গাঁঠিবোৰৰ ভিতৰত আটাইতকৈ বেছিকৈ লৰচৰ কৰিব পৰা গাঁঠি। লৰচৰ কৰাৰ সুবিধাৰ বাবে এই গাঁঠিৰ ভিতৰত কম-বেছি পৰিমাণে তৰল পদার্থ জমা হৈ থাকে।

ফ্রজেন ছোল্‌ডাৰ হ’লে কান্ধৰ গাঁঠিৰ কেপছুলটো যথেষ্ট পৰিমাণে ডাঠ হৈ উঠে। তদুপৰি গাঁঠিৰ ভিতৰত তৰল পদার্থৰ পৰিমাণ কমি যোৱা বাবে ই লৰচৰ কৰিব নোৱাৰা হয়। লাহে লাহে কেপছুলটোৰ চাৰিওফালে থকা মাংসপেশীৰ আঁহবোৰ কেপছুলত লাগি ধৰে। ইয়াৰ ফলতো কান্ধৰ গাঁঠিটো যথেষ্ট পৰিমাণে জঠৰ (Stiff) হৈ পৰে।

ৰোগৰ কাৰণ

 

ফ্রজেন ছোল্‌ডাৰ ৰোগৰ প্রকৃত কাৰণ কি কোৱাটো বৰ কঠিন। হাতেৰে বেছিকৈ কাম কৰা আৰু কোনো বিশেষ পেশীৰ লগত ইয়াৰ সম্বন্ধ থকা দেখা নাযায়। কিন্তু কিছুমান কাৰকৰ বাবে এই ৰোগ হ’ব পাৰে বুলি অনুমান কৰিব পাৰি। উদাহৰণ স্বৰূপে বহুমুত্র ৰোগত ভুগি থকাসকলৰ ভিতৰত শতকৰা ২০ৰ পৰা ৩০ ভাগেই ফ্ৰ'জেন ছোল্‌ডাৰ ৰোগত ভোগা দেখা যায়। পিছে ইয়াৰ কাৰণ কি, তাক ঠিকমতে ক’ব পৰা নেযায়। অন্যান্য ৰোগৰ ভিতৰত, থাইৰয়ড গ্রন্থিৰ ৰোগ, পাৰ্কিনচন্স ডিজিজ আৰু হৃদপিণ্ডৰ বিভিন্ন ৰোগত ভোগা ৰোগীসকলে বেছি পৰিমাণে ফ্ৰজেন ফোল্‌ডাৰ ৰোগতো ভোগা দেখা যায়।

এটা কথা কিন্তু ন’ দি ক’ব পাৰি যে যিসকল ৰোগীৰ হাড় ভঙা, কোনো অস্ত্ৰোপচাৰ বা হাতত দুখ পোৱাৰ বাবে হাতখন কিছু দিনলৈ বান্ধি থ’বলগীয়া হয়, তেওঁলোকৰ বেছিভাগৰে ফ্রজেন  ছোল্‌ডাৰ হোৱাতো নিশ্চিত| সেইবাবে ফ্রজেন ছোল্‌ডাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে এনেধৰণৰ ৰোগীক চিকিৎসকে যিমান পাৰি কম সময়ৰ বাবে হাত বান্ধি থ’বলৈ দিব লাগে আৰু খুলি দিয়াৰ পিছত ক্ষীপ্ৰতাৰে কান্ধৰ বিভিন্ন ব্যায়াম কৰোৱাটো উচিত।

ৰোগৰ লক্ষণ

 

এই ৰোগৰ মূল লক্ষণ হ’ল বিষ। ৰোগীয়ে হাতৰ ওপৰ অংশ, কান্ধ আৰু পিঠিৰ ফালে বিষ অনুভৱ কৰে। আৰম্ভণিতে বিষটো কম পৰিমাণে হয় যদিও লাহে লাহে বাঢ়ি গৈ থাকে আৰু তাৰ লগতে কান্ধৰ গাঁঠিটো লৰাব পৰা শক্তিও লাহে লাহে কমি আহে। কান্ধৰ গাঁঠিটো লাহে লাহে জঠৰ হৈ আহে। এনেদৰে ৬ ৰ পৰা ৯ মাহলৈ যদিও, কান্ধৰ গাঁঠিটো বেছিকৈ লৰচৰ কৰিব নোৱাৰা অৱস্থা হয়। অৱশ্যে চিকিৎসা অবিহনেও ডেৰ দুই বছৰৰ পিছত গাঁঠিৰ বিষ কম হয় আৰু জঠৰতাও লাহে লাহে কম হৈ আহে।

প্রথম অৱস্থাত এনেকুৱা ৰোগীক ডাক্তৰে পৰীক্ষা কৰোতে আক্ৰান্ত কান্ধটো লৰালেই যথেষ্ট বিষ অনুভৱ কৰে। সময় যোৱাৰ লগে লগে হাতখনৰ ব্যৱহাৰ কমি অহাৰ ফলত কান্ধৰ চাৰিওফালৰ মাংসপেশীবোৰ ক্ষীণাই যায়।

আনফালৰ সুস্থ কান্ধখনৰ লগত তুলনা কৰিলেই ৰোগাক্রান্ত কান্ধখনৰ অৱস্থাটো ধৰাত বিশেষ অসুবিধা নহয়।

ৰোগ ধৰা পেলোৱাৰ উপায়সমূহ

 

এক্স-ৰে'

কান্ধৰ এক্স-ৰে' এখন কৰাটো এই ক্ষেত্ৰত অতি আৱশ্যকীয়| সাধাৰণতে ফ্র’জেন ছোল্‌ডাৰত হাড়ৰ একো পৰিৱৰ্তন নহয়। কিন্তু যদি গাঁঠিত আৰ্থ্ৰাইটিছ ৰোগ থাকে, তেতিয়াহ’লে হাড়ত ইয়াৰ বাবে পৰিৱৰ্তন দেখা যাব। কেতিয়াবা আকৌ হাড়ত হোৱা কেন্সাৰ জাতীয় টেমুনাৰ বাবেও কান্ধৰ গাঁঠিৰ বিষ হোৱা দেখা যায়। এক্স-ৰে'ত এনেধৰণৰ টেমুনা সহজে ধৰা পৰে।

এম.আৰ.আই.

হাড়ৰ চাৰিওফালে থকা মাংসপেশী আদিত দুখ পোৱা বাবে ছিঙিলে বা অন্য ধৰণৰ ৰোগ হ’লে এম.আৰ.আইৰ দ্বাৰা অতি সহজে ধৰিব পৰা যায়।

চিকিৎসা পদ্ধতি

 

ফ্রজেন ছোল্‌ডাৰ সাধাৰণতে দুই-তিনি বছৰৰ ভিতৰত নিজে নিজে উপশম হয়। পিছে এই কেইবছৰতে ৰোগটোৱে যথেষ্ট কষ্ট দিয়ে। সেয়েহে ইয়াৰ চিকিৎসাৰ প্রয়োজন হয়| চিকিৎসাৰ লক্ষ্য হ’ল বিষ উপশম কৰা, কান্ধৰ গাঁঠিৰ সঞ্চালন বৃদ্ধি কৰা| এইখিনি কৰিবলৈ নিয়মিত ফিজিঅ’থেৰাপি বা গাঁঠিৰ সঞ্চালন বৃদ্ধি কৰিবলৈ ব্যায়ামৰ প্রয়োজন। শতকৰা ৯০ ভাগ ৰোগীৰে কোনো ধৰণৰ অস্ত্ৰোপচাৰ নকৰাকৈয়ে এই ৰোগ নিৰাময় কৰিব পাৰি।

১) ঔষধ, উত্তাপ আৰু গাঁঠিৰ সঞ্চালন: উখহা কাম কৰা আৰু বিষ উপশমকাৰী ঔষধ Anti-Inflammatory Analgesics) নিয়মিতৰূপে দি থাকি, লগতে নিমখ ভাঁজি কাপোৰত টোপোলা কৰি দিয়া উত্তাপে (সেক) ফ্রাজেন ছোলডাৰৰ বিষ কমাৰ পিছত, কান্ধৰ গাঁঠি সঞ্চালন কৰা ব্যায়াম লাহে লাহে আৰম্ভ কৰিব লাগে।

২) ষ্টেৰইড বেজি: হাইড্ৰো কৰ্টিছ্ন বেজি কান্ধৰ গাঁঠিৰ আটাইতকৈ বেছি বিষোৱা ঠাইখিনিত ভালকৈ দিব পাৰিলে এই ৰোগৰ উপশম হয়। অৱশ্যে এই বেজি কেতিয়াবা এসপ্তাহৰ অন্তৰত এটাকৈ, পাঁচ-ছটালৈ দিবলগীয়া হ’ব পাৰে। ইয়াৰ লগতে কিছু বিষ উপশমকাৰী দৰব দিয়া আৰু ব্যায়াম কৰাব পাৰিলে ৰোগ সম্পূৰ্ণৰূপে নিৰাময় হোৱা দেখা যায়।

৩) ফিজিঅ’থেৰাপি: কান্ধৰ গাঁঠিৰ চাৰিওফালে থকা মাংসপেশী আৰু আঁহযুক্ত ক'লাবোৰ টান খুওৱা ব্যায়াম কিছুমান প্রশিক্ষকৰ ওচৰত শিকি ভালদৰে কৰিলে বহুতো উপকাৰ পোৱা যায়। পিছত সেই ব্যায়ামবোৰ নিজে ঘৰতো কৰিব পাৰি। ঘৰতে সহজে কৰিব পৱা কিছুমান ব্যায়ামৰ উদাহৰণ তলত দিয়া হ’ল-

  • কান্ধ বাহিৰলৈ ঘূৰোৱা ব্যায়াম

ঘৰৰ দুৱাৰৰ ফ্ৰেমৰ ফালে মুখ দি কিলাকুটি ৯০ ডিগ্ৰী ভাঁজ কৰি ফ্ৰেমত ভালদৰে হাতেৰে ধৰি থাকক। তাৰ পিছত লাহে লাহে সোঁফালে ঘূৰি দিয়ক। এনে এনে কৰিলে আপোনাৰ কান্ধখন বাহিৰলৈ ঘূৰিব। এনেকৈ ৩০ ছেকেণ্ড সময় ধৰি থাকিব। পুনৰাই একে ধৰণে ব্যায়ামটো আঠৰ পৰা দহবাৰ কৰিব।

  • সন্মুখলৈ ভাঁজ কৰা ব্যায়াম:

ভৰি দুখন পোন কৰি লৈ ওপৰমুৱাকৈ শুই লওক| এইবাৰ সুস্থ হাতখনেৰে ৰোগাক্রান্ত হাতখনত ধৰি লাহে লাহে মূৰৰ ফালে হাতত টান নপৰালৈকে ওপৰলৈ লৈ যাওক। পোন্ধৰ ছেকেণ্ড সময় তেনেকৈ ৰখাৰ পিছত লাহে লাহে হাতখন তললৈ নমাই আনক। এনেকৈ কেইবাবাৰো কৰক।

  • বিপৰীত কান্ধলৈ হাত নিয়া ব্যায়াম

সুস্থ হাতখনেৰে ৰোগাক্ৰান্ত হাতখন ভালদৰে ধৰি লৈ লাহে লাহে বিপৰীত কান্ধৰ পিনে টানি নিয়ক। দহ-পোন্ধৰ ছেকেণ্ড তেনেকৈ ৰাখি ঢিলা কৰি দিয়ক। এনেদৰে আঠ-দহবাৰ কৰক।

  • ছোলডাৰ হুইল

এটা বিশেষ ধৰণৰ লোহাৰে তৈয়াৰী চকা বেৰত লগাই থৈ, তাৰ হেণ্ডেলত ধৰি হাতখন লাহে লাহে ঘূৰালে কান্ধৰ গাঁঠিতে লৰচৰ হয়। নিয়মিতভাৱে এই ব্যায়াম কৰিলে কান্ধৰ গাঁঠিৰ বিষ লাহে লাহে কমি যায়।

সাধাৰণতে ঔষধ আৰু ব্যায়াম ঠিকমতে কৰিলে শতকৰা ৯০ ভাগ ৰোগীৰ কান্ধৰ বিষ লাহে লাহে কমি আহে। কিন্তু কিছুমান ৰোগীৰ বিষ এইদৰে নকমিবও পাৰে। তেনে ৰোগীক অস্ত্রোপচাৰৰ আৱশ্যকতা নুই কৰিব নোৱাৰি।

অস্ত্রোপচাৰ

এই ধৰণৰ চিকিৎসা অতি কমসংখ্যক ৰোগীৰহে প্রয়োজন হয়। অস্ত্রোপচাৰ ৰোগী ভেদে দুই ধৰণে কৰিব পাৰি—

  • ৰোগীজনক সংজ্ঞাহীন কৰি কান্ধৰ গাঁঠিটো লাহে লাহে ইফালে-সিফালে ঘূৰাই দিয়া হয়। এনে কৰিলে কান্ধৰ গাঁঠিৰ ঢাকনিখন শিথিল হৈ পৰে আৰু লাহে লাহে বিষৰ উপশম হয়।
  • আৰথ্ৰোস্ক’পি: এটা সৰু ফুটা কৰি কান্ধৰ গাঁঠিৰ ভিতৰলৈ দূৰবীণ থকা আৰথ্রোস্কোপ সুমুৱাই দি গাঁঠিৰ ভিতৰখন চোৱাৰ উপৰিও গাঁঠিৰ ঢাকনিখন প্রথমে স্ফিট কৰি পিছত ঢিলা কৰিব পৰা হয়। ইয়াৰ দ্বাৰা গাঁঠিৰ বিষ উপশম হয়।

কিছুমান ক্ষেত্ৰত সংজ্ঞাহীন কৰি গাঁঠিটো লৰচৰ কৰাৰ লগতে আৰথ্ৰোস্কোপি কৰি গাঁঠিৰ ঢাকনিখন শিথিল কৰিব পাৰিলে ৰোগী অতি সোনকালে আৰোগ্য কৰে।

অস্ত্ৰোপচাৰ কৰাৰ পিছতো ৰোগীক ফিজিঅ’থেৰাপি দিয়াটো অতি আৱশ্যক। তেতিয়াহে এনেধৰণৰ সহজে এৰা নিদিয়া বিষৰ উপশম হ'ব পাৰে। বিষ আৰু গাঁঠিৰ জঠৰতা যাবলৈ ছয় সপ্তাহৰ পৰা তিনি মাহ সময়ৰ প্রয়োজন হয়। কিছুমান ৰোগীক আকৌ সকলো ধৰণৰ চিকিৎসা দিয়াৰ পিছতো গাঁঠিৰ জঠৰতা কিছু পৰিমাণে থাকি যায়। কিন্তু এনে ৰোগীৰ সংখ্যা অতি নগণ্য।

লিখক: ডা: ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top