মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কিছু জানিবলগীয়া উচ্চ ৰক্তচাপ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিছু জানিবলগীয়া উচ্চ ৰক্তচাপ :

কিছু জানিবলগীয়া উচ্চ ৰক্তচাপৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান সময়ত গাঁৱে-ভূঁয়ে, চহৰে-নগৰে স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত মানুহ বহুত আগবাঢ়িছে। প্ৰায় প্ৰতিজন ব্যক্তিয়ে নিজক বিভিন্ন ৰোগ-ব্যাধিৰ আক্ৰমণৰ পৰা বচাই এক সুস্থ আৰু নিৰোগী জীৱন যাপনৰ বাবে ব্যক্তিবিশেষে যথেষ্ট চেষ্টাও কৰা দেখা গৈছে। এয়া নিঃসন্দেহে আমাৰ সমাজৰ বাবে ইতিবাচক দিশ। সাধাৰণ স্বাস্থ্যৰ প্ৰতি আজিৰ মানুহৰ সচেতনতা বৃদ্ধিয়ে মানুহৰ আয়ুসকাল বৃদ্ধি কৰাতো অৰিহণা যোগাইছে।

কিন্তু ইয়াৰ মাজতো কিছুমান কাৰকে মানুহে ক’ব নোৱাৰাকৈয়ে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱো পেলাই আহিছে। ইয়াৰ ভিতৰত মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ পৰিৱৰ্তন, মানসিক চাপ, নিজ নিজ কৰ্মক্ষেত্ৰৰ হেঁচা ইত্যাদি কিছু কিছু কাৰকে মানুহে নভবাকৈয়ে তেওঁলোকক কিছুমান ৰোগ-ব্যাধিত আক্ৰান্ত কৰাইছে।

ইয়াৰ ভিতৰত উচ্চ ৰক্তচাপ অন্যতম। আজিৰ এই শিতানত উচ্চ ৰক্তচাপ অন্যতম। আজিৰ এই শিতানত উচ্চ ৰক্তচাপনো কি আৰু ৰোগ সম্পৰ্কত কিছু জানিবলগীয়া দিশ সম্পৰ্কে পঢ়ুৱৈ সমাজৰ জ্ঞাতাৰ্থে আগবঢ়োৱা হ’ল।

উচ্চ ৰক্তচাপনো কি?

মানুহৰ শৰীৰত দৈনন্দিন অহৰহ ৰক্ত সঞ্চালন হৈ থাকে, শৰীৰত থকা ধমনীসমূহৰ মাজেৰে আৰু এই প্ৰক্ৰিয়া সমগ্ৰ জীৱন ব্যাপী চলে। এনেদৰে ৰক্ত প্ৰৱাহিত হওঁতে এয়াই ধমনীসমূহৰ বেৰত একপ্ৰকাৰ চাপ বা হেঁচা প্ৰয়োগ কৰে।

এই চাপ বা হেঁচাকে আমি ৰক্তচাপ বুলি কওঁ। এই ৰক্তচাপ যেতিয়া অত্যধিক হয়, তাক উচ্চ ৰক্তচাপ বা Hypertension বা High blood pressure বুলি কোৱা হয়। বহুদিন ধৰি থকা উচ্চ ৰক্তচাপে শৰীৰৰ ধমনীবোৰৰ অনিষ্ট সাধন কৰে। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহতো নানা বিসংগতিয়ে দেখা দিয়ে।

উচ্চ ৰক্তচাপত আক্ৰান্ত অধিকসংখ্যক লোকেই ইয়াৰ বিষয়ে জ্ঞাত নহয়। উচ্চ ৰক্তচাপৰ কোনো বিশেষ লক্ষণ(Symtom) নাথাকে। গতিকে অধিকসংখ্যক লোকেই নাজানে যে, তেওঁলোকে উচ্চ ৰক্তচাপত ভুগি আছে। কোনো বিশেষ লক্ষণ নাথাকিলেও উচ্চ ৰক্তচাপে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহৰ অনিষ্ট সাধন কৰি থাকে আৰু আক্ৰান্ত হোৱা ব্যক্তিজনে এক অকালমৃত্যুক সাবটি ল’বলগা হয়। সেয়েহে উচ্চ ৰক্তচাপক ‘Silent Killer’ বুলিও কোৱা হয়।

ভাৰতবৰ্ষত উচ্চ ৰক্তচাপৰ বোজা(Burden):

বৰ্তমান ভাৰতবৰ্ষত প্ৰায় ১০ কোটি লোক উচ্চ ৰক্তচাপত ভুগি থকা বুলি গণনা কৰা হৈছে। উচ্চ ৰক্তচাপে ভাৰতবৰ্ষত এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এইটোৱে সচেতন মহলক ভবাই তুলিছে যে, ২০২০ চনৰ ভিতৰত ভাৰতৰ প্ৰায় ১/৩ লোক উচ্চ ৰক্তচাপত আক্ৰান্ত হ’ব। সাধাৰণতে এইটো দেখা যায় যে, উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ থকা লোকসকলৰ ভিতৰত মাত্ৰ ১৫-২০% লোকৰহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ ভিতৰত থাকে।

শৰীৰত উচ্চ ৰক্তচাপৰ বিৰূপ প্ৰভাৱ:

শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগত উচ্চ ৰক্তচাপৰ যথেষ্ট বিৰূপ প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ অধিকাংশই যথেষ্ট গুৰুতৰ। শৰীৰৰ বেছিকৈ প্ৰভাৱিত হোৱা অংগসমূহ হৈছে:

*হৃদযন্ত্ৰ:

উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট ফেইলিয়ৰ(Heart Failure), হাৰ্ট এটেক(Heart attack) আদিৰ দৰে অতি গুৰুতৰ সমস্যাই দেখা দিব পাৰে। বহুদিন ধৰি থকা উচ্চ ৰক্তচাপৰ ফলত হৃদযন্ত্ৰৰ মাংসপেশীবোৰ দুৰ্বল হৈ পৰিব পাৰে।

*বৃক(Kidney):

বহুদিন থকা উচ্চ ৰক্তচাপ অথবা অতি বেছি ৰক্তচাপৰ ফলত বৃক্ক বিকল হ’ব পাৰে(Renal Failure)। ইয়াৰ ফলত ৰোগীৰ আয়ুস যথেষ্ট পৰিমাণে হ্ৰাস পায়।

*মগজু(Brain):

উচ্চ ৰক্তচাপৰ ফলত সঘনাই হোৱা এক গুৰুতৰ বেমাৰ হৈছে মগজুৰ ষ্ট্ৰোক(Stroke)। ইয়াৰ ফলত ৰোগীৰ শৰীৰৰ এটা ফাল(হাত, ভৰি) বিকল হ’ব পাৰে, কথা কোৱাৰ শক্তি হেৰুৱাব পাৰে আৰু বহুক্ষেত্ৰত মৃত্যুপৰ্যন্ত হ’ব পাৰে। উচ্চ ৰক্তচাপে মনত ৰখা আৰু ভবা ক্ষমতা কমাই পেলায়।

*চকু:

উচ্চ ৰক্তচাপে চকুৰ ভিতৰত থকা ৰেটিনাৰ(Retina)ৰ ক্ষতি সাধন কৰি দৃষ্টিশক্তি হ্ৰাস কৰিব পাৰে।

*হাওঁফাওঁ:

উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট ফেইলিয়াৰ ৰোগৰ সৃষ্টি হৈ হাওঁফাওঁত পানী জমা হ’ব পাৰে। ইয়াক(Pulmonary Oedema) বুলি কোৱা হয়। ইয়াৰ ফলত ৰোগীৰ উশাহ ল’বলৈ যথেষ্ট কষ্ট হয় আৰু সোনকালে চিকিৎসা নকৰালে মৃত্যুপৰ্যন্ত হ’ব পাৰে।

উচ্চ ৰক্তচাপৰ লক্ষণ:

এইটো মনত ৰখাটো অতি আৱশ্যক যে, উচ্চ ৰক্তচাপৰ কোনো বিশেষধৰণৰ লক্ষণ নাথাকে। বেছিভাগ ক্ষেত্ৰতে উচ্চ ৰক্তচাপত আক্ৰান্ত লোকজনে গমেই নাপায় যে, তেওঁ উচ্চ ৰক্তচাপত ভুগি আছে। কিছুসংখ্যক লোকৰ ক্ষেত্ৰত কিছুমান লক্ষণ দেখা যায় যদিও সেয়া বিভিন্নজনৰ ক্ষেত্ৰত বিভিন্নধৰণৰ হ’ব পাৰে।

এনে লক্ষণসমূহ উচ্চ ৰক্তচাপৰ বাবে নহৈ আন ৰোগৰ বাবেও দেখা দিব পাৰে। সেয়েহে কিবা লক্ষণ থাকিলেহে উচ্চ ৰক্তচাপ থাকিব পাৰে বুলি ভবাটো উচিত নহয়। কিছু ক্ষেত্ৰত দেখা দিয়া এনে লক্ষণসমূহৰ ভিতৰত প্ৰধান লক্ষণসমূহ হ’ল-

*মূৰৰ বিষ,

*মূৰ ঘূৰোৱা,

*বেছিকৈ ভাগৰ লগা

*বুকুৰ ধপধপনি হোৱা

*উশাহ ল’বলৈ কষ্ট পোৱা

*নাকেৰে ৰক্তক্ষৰন হোৱা।

এনে লক্ষণসমূহ দেখা দিলে, বহুক্ষেত্ৰত ৰক্তচাপ অতি বেছি বা কোনো অংগৰ বিসংগতি হোৱাৰ সম্ভাৱনা থাকে।

উচ্চ ৰক্তচাপৰ প্ৰকাৰ:

প্ৰায় ৯০% লোকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ প্ৰকৃত কাৰণ বুজা নাযায়। এনে উচ্চ ৰক্তচাপক Primary বা Essential Hypertension বুলি কোৱা হয়। বাকীসকলৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ এটা কাৰণ বিচাৰি পোৱা যায়। ইয়াক বুলি Secondary Hypernsion কোৱা হয়।

বৃক্কৰ ৰোগ, ইয়াৰ এক প্ৰধান কাৰণ। বিভিন্ন হৰমনৰ(Hormone) বিসংগতি, বৃক্কলৈ তেজ কঢ়িওৱা ধমনীৱ সৰু হৈ যোৱা, মদ বা আন নিচাযুক্ত দ্ৰব্যৰ অত্যধিক সেৱন আদিৰ ফলতো উচ্চ ৰক্তচাপে দেখা দিব পাৰে।

উচ্চ ৰক্তচাপৰ মাত্ৰা আৰু জোখ:

ৰক্তচাপ সাধাৰণতে Sphygmomanometer বুলি এক যন্ত্ৰৰ দ্বাৰা জোখা হয়। ইয়াৰ প্ৰথম বা উচ্চ সংখ্যাটোক Systocic Blood pressure বোলা হয় আৰু দ্বিতীয় বা নিম্ন সংখ্যাটোক Diastolic Blood pressure বুলি কোৱা হয়। হৃদযন্ত্ৰ সংকুচিত হোৱাৰ সময়ত(Contraction) থকা ৰক্তচাপেই হৈছে Systolic Blood pressure আৰু দুটা সংকোচনৰ মাজত থকা ৰক্তচাপেই হৈছে Diastolic Blood pressure। ৰক্তচাপ সাধাৰণতে millimeter of Mercury বা mmof Hg হিচাপে প্ৰকাশ কৰা হয়।

ৰক্তচাপ ১২০/৮০তকৈ থাকিলে তাক অনুকূলতম বা Optimum ৰক্তচাপ বুলি কোৱা হয় স্বাভাৱিক বা Normal ৰক্তচাপ 120-129 mm of Hg Systolic আৰু 80-84 mm of Hg Diastolic।

কোনে উচ্চ ৰক্তচাপত ভূগিব পাৰে:

যিকোনো লোকে উচ্চ ৰক্তপাচৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ সম্ভাৱনা বেছি দেখা যায়।

*যদি আপোনাৰ বয়স ৫৫ বছৰতকৈ বেছি।

*যদি আপোনাৰ মা-দেউতা বা ভাই-ভনী উচ্চ ৰক্তচাপত ভুগিছে।

*যদি আপুনি মধুমেহ(Diabetes) ৰোগ বা বৃক্কৰ(Kidney)ৰ ৰোগত ভুগি আছে।

*যদি আপোনাৰ শৰীৰৰ ওজন অত্যধিক বা মেদবহুলতাত ভুগিছে।

*যদি আপুনি অত্যধিক মদ্যপান কৰে।

*যদি আপুনি ধূমপান কৰে।

*যদি আপুনি শাৰীৰিক পৰিশ্ৰম নকৰে।

*যদি আপুনি মানসিক অশান্তিত ভুগিছে।

উচ্চ ৰক্তচাপত ভুগিলে কি কৰিব লাগে?

প্ৰথম আৰু আটাইতকৈ প্ৰয়োজনীয় কামটো হ’ল এজন অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ গৈ নিজৰ ৰক্তচাপ পৰীক্ষা কৰা। এজন চিকিৎসকেহে উচ্চ ৰক্তচাপ সঠিককৈ নিৰ্ণয় আৰু চিকিৎসা কৰিব পাৰে। যিহেতু উচ্চ ৰক্তচাপৰ কোনো নিৰ্দিষ্ট লক্ষণ নাথাকে, গতিকে ৰক্তচাপ পৰীক্ষা নকৰাকৈ ইয়াক নিৰ্ণয় কৰাটো সম্ভৱ নহয়।

নিয়মীয়াকৈ চিকিৎসকৰ ওচৰলৈ গৈ স্বাস্থ্য পৰীক্ষা কৰাটো অতি আৱশ্যকীয়। ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপ উচিতভাৱে চিকিৎসা কৰাৰ লগতে ইয়াৰ শৰীৰৰ ওপৰত থকা আন আন বিৰূপ প্ৰভাৱবোৰ এৰাই চলিব পাৰি। উচ্চ ৰক্তচাপৰ সঠিক চিকিৎসাৰ বাবে দৰবৰ লগতে নিজৰ জীৱন ধাৰণ প্ৰণালী(Life style)ৰো কিছু সাল-সলনি ঘটাব লাগে। যেনে:

*শৰীৰৰ ওজন হ্ৰাস কৰা

*ধূমপান পৰিহাৰ কৰা

*মদ্যপান আৰু খাদ্যত নিমখৰ পৰিমাণ হ্ৰাস কৰা

*মানসিক অশান্তি দূৰ কৰা

*ফল-মূল, শাক-পাচলি আদি খাদ্য বেছিকৈ গ্ৰহণ কৰা।

উচ্চ ৰক্তচাপৰ চিকিৎসা:

*উচ্চ ৰক্তচাপৰ চিকিৎসাৰ বাবে বিভিন্নধৰণৰ অতি কাৰ্যক্ষম দৰব বৰ্তমান সহজলভ্য। বেলেগ বেলেগ দৰবৰ কাম কৰাৰ পদ্ধতি বা উপকাৰিতাও বিভিন্ন। ৰোগীজনৰ উচ্চ ৰক্তচাপৰ স্তৰ(Level)ৰ ওপৰত ভিত্তি কৰি দৰবৰ নিৰ্বাচন আৰু তাৰ পৰিমাণ বা মাত্ৰা(Dose) নিৰ্দ্ধাৰণ কৰা হয়। ৰোগীজনৰ শৰীৰত থকা আন কোনো ৰোগ যেনে:

*মধুমেহ,

*বৃক্কৰ ৰোগ,

*হৃদযন্ত্ৰৰ ৰোগ,

*ষ্ট্ৰোৰ্ক(Stroke) আদিয়ে দৰবৰ নিৰ্বাচনৰ ওপৰত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

এবিধ দৰব সকলো ৰোগীৰ বাবে উপযুক্ত নহ’ব পাৰে। সেয়েহে উচ্চ ৰক্তচাপৰ চিকিৎসা সদায় অভিজ্ঞ চিকিৎসকৰ দ্বাৰাহে কৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ দৰব আনি খোৱাটো অত্যন্ত বিপজ্জনক। উচ্চ ৰক্তচাপ ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ বহুক্ষেত্ৰত একাধিক দৰবৰ প্ৰয়োজন হ’ব পাৰে।

নিয়মীয়াকৈ দৰব গ্ৰহণ নকৰা আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা নকৰাটো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ নোহোৱাৰ মুখ্য কাৰণ দৰবৰ কাৰ্যক্ষমতা, বিভিন্নজনৰ ক্ষেত্ৰত ভিন্ন হ’ব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰিব লাগে। তেতিয়াহে এজন ব্যক্তিৰ বাবে দৰবৰ উচিত মাত্ৰা(dose) নিৰ্দ্ধাৰণ কৰাটো সম্ভৱ হয়।

উচ্চ ৰক্তচাপৰ বাবে ব্যৱহাৰ কৰা দৰবসমূহ সাধাৰণতে শৰীৰৰ বাবে নিৰাপদ। কিন্তু আন যিকোনো দৰবৰ নিচিনাকৈ কেতিয়াবা সাধাৰণ পাৰ্শ্বক্ৰিয়া(side effect) দেখা দিব পাৰে। এনেক্ষেত্ৰত শংকিত নহৈ চিকিৎসকৰ লগত পৰামৰ্শ কৰিব লাগে। দৰবৰ মাত্ৰা কমাই দিলে অথবা দৰব সলনি কৰিলে সাধাৰণতে এনে পাৰ্শ্বক্ৰিয়াবোৰ উপশম হয়।

উচ্চ ৰক্তচাপৰ দৰব চিকিৎসকৰ পৰামৰ্শ অবিহনে বন্ধ কৰা উচিত নহয়। এনে কৰিলে শৰীৰৰ যথেষ্ট ক্ষতি হ’ব পাৰে। স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সময়ত নিৰ্দিষ্ট দৰব সময়মতে সেৱন কৰি যাব লাগে। তেতিয়াহে দৰবৰ কাৰ্যক্ষমতা সম্পৰ্কে চিকিৎসকে সঠিকভাৱে গম পাব পাৰে আৰু দৰবৰ মাত্ৰা সঠিকভাৱে নিৰ্দ্ধাৰণ কৰিব পাৰে।

উচ্চ ৰক্তচাপ সহজতে নিয়ন্ত্ৰণ কৰিব পাৰি। এইক্ষেত্ৰত ৰোগীসকলৰ সজগতা আৰু সচেতনতাৰ নিত্যান্ত আৱশ্যক। নিয়মীয়াকৈ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা আৰু নিয়মীয়াকৈ দৰব সেৱন কৰাটো নিতান্তই প্ৰয়োজনীয়। আনহাতে উচ্চ ৰক্তচাপ সময়ত সঠিকভাৱে নিয়ন্ত্ৰণ নকৰিলে ই শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে।

শৰীৰৰ বিভিন্ন অংগসমূহ বিসংগতিয়ে দেখা দিলে এইসমূহ স্বাভাৱিক অৱস্থালৈ অনাটো বেছিভাগ ক্ষেত্ৰতে সম্ভৱ নহয়। এই সমস্যা অথবা বিপদৰ পৰা আঁতৰি থাকিবলৈ ৰোগীজন নিজে বিশেষ তৎপৰ হ’ব লাগিব আৰু প্ৰয়োজনীয় চিকিৎসা বিধি মানি চলিবলৈ ইচ্ছুক আৰু আগ্ৰহীও হ’ব লাগিব।

এইক্ষেত্ৰত চিকিৎসক আৰু নিজৰ পৰিয়ালৰ লোকৰ লগত সহযোগিতাৰে আগবঢ়াটোও নিত্যান্তই আৱশ্যক। ৰক্তচাপ নিয়মীয়াকৈ পৰীক্ষা কৰা আৰু উচ্চ ৰক্তচাপজনিত সমস্যা হ’লে সঠিকভাৱে নিয়ন্ত্ৰণ কৰাটো অপৰিহাৰ্য। এয়াই ব্যক্তিজনক(ৰোগী) এক সুস্থ-সবল জীৱন যাপনত যথেষ্ট সহায় কৰিব।

 

উচ্চ ৰক্তচাপ

Systolic ৰক্তচাপ(mm of Hg)

Diastolic ৰক্তচাপ(mm of Hg)

Grade- 1

140-159 mm Hg

90-109 mm Hg

Grade- 2

160-179 mm Hg

100-109 mm Hg

Grade- 3

180 mm Hg

110 mm Hg

Systolic ৰক্তচাপ 130-139 mm Hg আৰু Diastolic  ৰক্তচাপ 85-89 mm Hgক উচ্চ স্বাভাৱিক বা High Normal ৰক্তচাপ বুলি কোৱা হয়।

 

লেখক: ডাঃ অমিতাভ মিশ্ৰ(সাদিন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top