মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কিডনি ষ্ট’ন আৰু প্ৰটেষ্ট গ্ৰন্থিৰ চিকিৎসাত লেজাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনি ষ্ট’ন আৰু প্ৰটেষ্ট গ্ৰন্থিৰ চিকিৎসাত লেজাৰ :

কিডনি ষ্ট’ন আৰু প্ৰটেষ্ট গ্ৰন্থিৰ চিকিৎসাত লেজাৰ, সেই বিষয়ে লিখা হৈছে ।

 

চিকিৎসা বিভাগত লেজাৰ পদ্ধতিৰ ব্যৱহাৰ কোনো নতুন কথা নহয়। মুত্ৰতন্ত্ৰ বিভাগত লেজাৰ পদ্ধতিৰ ব্যৱহাৰ প্ৰায় ৪০ বছৰ পুৰণি। প্ৰতিদিনেই লেজাৰ পদ্ধতিৰ নতুন নতুন প্ৰয়োগ, উদ্ভাৱন হৈ আহিছে। তাৰ ভিতৰত যিবোৰ পদ্ধতি সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য বুলি প্ৰমাণিত হৈছে সেই পদ্ধতি ব্যৱহাৰৰ বাবে বাছি লোৱা হৈছে।

১৯৯৬ চনত পাৰছন (Parson) নামৰ এজন বিজ্ঞানীয়ে পৰীক্ষণমুলক ভাৱে কুকুৰৰ মুত্ৰাশয়ত ‘Pulse Ruby Laser’ ব্যৱহাৰ কৰিছিল, ইউৰ’ল’জি বিভাগত লেজাৰ পদ্ধতিৰ প্ৰয়োগৰ কেইটামান উল্লেখযোগ্য পৰিঘটনা এনেধৰণৰ-

১) ১৯৮০ চনত  Condylomata অস্ত্ৰোপচাৰ বাবে CO2  লেজাৰৰ প্ৰয়োগ

২)১৯৮৩ চনত মুত্ৰাশয়ৰ কেনছাৰ চিকিৎসাত  Photodynamic Therapy (PDT)  প্ৰয়োগ।

৩) ১৯৮৪ চনত মুত্ৰাশয় (Prostate) গ্ৰন্থিৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে Nd: Yag laser ৰ প্ৰয়োগ।

৪) ১৯৮৭ চনত বৃক্কৰ পাথৰৰ চিকিৎসাৰ বাবে Pulsedye laser  ৰ প্ৰয়োগ।

মুত্ৰতন্ত্ৰ বিভাগত Side Firing লেজাৰ ফাইবাৰৰ ব্যৱহাৰ আৰু প্ৰষ্টেট গ্ৰন্থিত তাৰ প্ৰয়োগে ১৯৯০ চনত এক নতুন যুগৰ সুচনা কৰিলে।

প্ৰষ্টেট গ্ৰন্থি -

মুত্ৰাশয়ৰ ঠিক তলতে অৱস্থিত আৰু ইয়াৰ আকাৰ এটা তামোল বা আখৰটোৰ নিচিনা। মুত্ৰনলী প্ৰষ্টেটৰ মাজেদি আহি শৰীৰৰ পৰা অলাগতিয়াল জুলীয়া পদাৰ্থসমুহ প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰে। এই প্ৰষ্টেট গ্ৰন্থিয়ে নিষ্কাশন কৰা এবিধ জুলীয়া পদাৰ্থসমুই পুৰুষৰ শুক্ৰাণুবোৰক প্ৰয়োজনীয় খাদ্য যোগান ধৰে। পাছত সময় সাপেক্ষে এই পদাৰ্থবিধেই বীৰ্যৰুপে বাহিৰ হয়।

প্ৰষ্টেট ৰোগ তিনি ধৰণৰ হ’ব পাৰে -

১) Prostatitis : ই প্ৰষ্টেটত হোৱা একধৰণৰ সংক্ৰমণ ৰোগ। বীজাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। ৰোগৰ লক্ষণসমুহ হ’ল- প্ৰস্ৰাৱ কৰোঁতে জ্বলা পোৰা কৰা, সঘনাই প্ৰস্ৰাৱ লগা, জ্বৰ হোৱা ইত্যাদি।

২) প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি হোৱা:

সাধাৰণতে প্ৰায় সকলো পুৰুষৰ ৪০ বছৰৰ পাছত প্ৰষ্টেট গ্ৰন্থি ডাঙৰ হ’বলৈ আৰম্ভ হয়। ইয়াকে বি পি এইচ (BPH-Benign Prostatic Hyperplasia) বুলি কোৱা হয়। ৰোগৰ লক্ষণসমুহ হ’ল- প্ৰস্ৰাৱ কৰোঁতে জোৰ দিব লাগে, প্ৰস্ৰাৱৰ ধাৰ পাতল হয়, ঘনাই প্ৰস্ৰাৱ লগা, ঘনাই প্ৰস্ৰাৱ কৰিবলৈ ইচ্ছা হোৱা, ৰাতি বেছিকৈ প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ লগাৰ সময়ত ৰাখিব নোৱাৰি অলপ অলপ প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱ একেবাৰে বন্ধ হোৱা।

৩)প্ৰষ্টেট কৰ্কট ৰোগ:

পুৰুষৰ মাজত এই ৰোগ অন্য কৰ্কট ৰোগৰ তুলনাত বেছিকৈ হোৱা দেখা যায়। এই ৰোগৰ লক্ষণসমুহ বি পি এইচৰ দৰে হয় যদিও প্ৰস্ৰাৱত তেজ যাব পাৰে বা হাড়ৰ বিষ হ’ব পাৰে অথবা শৰীৰৰ ওজন কমিব পাৰে।

প্ৰষ্টেট ৰোগসমুহ ধৰা পেলাৱৰ বাবে সাধাৰণতে তেজ আৰু প্ৰস্ৰাৱৰ সাধাৰণ পৰীক্ষা, ডি আৰ ই (Digital Rectal Examinations) গুহদ্বাৰেদি আঙুলিৰে প্ৰষ্টেটৰ আকাৰ আৰু অৱস্থিতি জানিব পাৰি) আদি কৰা হয়। তদুপৰি Uroflowmentry, PSA, Ultra-sonography, Prostate Biopsy  আদিও কৰা হয়।

যেতিয়া কোনো বি পি এইচ ৰোগীয়ে প্ৰাৰম্ভিক ঔষধেৰে উপশম নাপায় বা জটিলতাৰ সন্মুখীন হয়, তেতিয়া ডাক্তৰৰ পৰামৰ্শ অনুযায়ী শল্য চিকিৎসা কৰিব লগা হয়।–

ক) TURP  :

এই পদ্ধতিত প্ৰস্ৰাৱৰ নলীয়েদি এণ্ড’স্ক’পি ভৰাই প্ৰষ্টেটৰ বাঢ়ি যোৱা অংশ কটা হয়।

খ) লেজাৰ পদ্ধতি:

এই পদ্ধতিত প্ৰষ্টেট গ্ৰন্থি সৰু কৰি পেলোৱা হয়।

লেজাৰ পদ্ধতিৰ সুবিধাসমুহ -

১) আন সকলো শল্য চিকিৎসাতকৈ নিৰাপদ আৰু কম বিপজ্জনক অস্ত্ৰোপচাৰ

২) অস্ত্ৰোপচাৰৰ সময়ত কম ৰক্তক্ষৰণ।

৩)TUR Syndrome নামৰ শল্য চিকিৎসাত সাধাৰণতে হোৱা অসুবিধা লেজাৰ পদ্ধতিত দেখা নাযায়।

৪) ১০০ গ্ৰাম ওপৰৰ প্ৰষ্টেট গ্ৰন্থিৰ অস্ত্ৰোপচাৰত এই পদ্ধতি ব্যৱহাৰৰ সুবিধা।

৫) অস্ত্ৰোপচাৰৰ বাবে সম্পুৰ্ণৰুপে সবল নোহোৱা ৰোগীৰ ক্ষেত্ৰতো এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। চেতনানাশক প্ৰয়োগ নকৰাকৈও সম্ভৱ।

৬) হাঁওফাঁও বা হৃদপিণ্ড দুৰ্বল ৰোগীৰ ক্ষেত্ৰত নিৰাপদ লেজাৰ বিভিন্ন প্ৰকাৰৰ। যেনে- হলিয়াম (Holmium), ডিঅ’ড কে টি পি (Diode KTP) আৰু অত্যাধুনিক থিউলিয়াম (Thulium)।

অত্যাধুনিক থিউলিয়াম লেজাৰৰ সুবিধাসমুহ হ’ল -

ক) মাত্ৰ এটা দিনতে চিকিৎসা সেৱা সম্ভৱ।

খ) হৃদৰোগীৰ বাবেও নিৰাপদ।

গ) কাহ, এজমা ৰোগীৰ বাবে নিৰাপদ।

ঘ) ল’কেল এনাছস্থেছিয়া প্ৰয়োগ কৰিও অস্ত্ৰোপচাৰ কৰিব লাগে।

ঙ) তেজৰ দোষ থকা ৰোগীৰ বাবে সম্ভৱ।

চ) তেজ দিয়াৰ প্ৰয়োজন নহয়।

লেজাৰ ব্যৱস্থা পদ্ধতিত আমাৰ অভিজ্ঞতা:

এই পদ্ধতিৰে ২০১৫- ৰ আগষ্টৰ পৰা এতিয়ালৈকে ৩০০ ৰো অধিক ৰোগীৰ সফলভাৱে অস্ত্ৰোপচাৰ কৰা হৈছে-

১) প্ৰষ্টেটৰ আকাৰ ৪০ গ্ৰামৰ পৰা ১৮৬ গ্ৰামলৈকে সামৰি লোৱা হৈছে।

২) তাৰে ৯২% ৰোগীয়ে অস্ত্ৰোপচাৰৰ পাছত উল্লেখনীয় ফলাফল লাভ কৰিছে।

৩) ৩ জন ৰোগী একেদিনাই ঘৰলৈ যাব লগা হৈছে।

৪) ৩৫ জন ৰোগীয়ে Ecospin লৈ থকা অৱস্থাতো অস্ত্ৰোপচাৰ কৰিব পৰা হৈছে।

৫) কেৱল ৬ জন ৰোগীক বাদ দি এদিনৰ পাছত হস্পিটেলৰ পৰা ছুটী দিব পৰা হৈছে।

বৃক্কৰ পাথৰ -

বৃক্কৰ পাথৰ হ’ল প্ৰস্ৰাৱ নলীৰ ভিতৰত প্ৰস্ৰাৱৰ পৰা পৃথক হৈ পৰা, স্ফটিকজনিত এক কঠিন পদাৰ্থ। এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ শতকৰা ৫০ ভাগেই ৩০-৫০ বছৰ বয়সৰ । বেছিভাগ পাথৰেই প্ৰস্ৰাৱৰ লগত আমাৰ শৰীৰৰ পৰা বাহিৰ হয় যদিও আকাৰ অনুযায়ী ৫ গ্ৰামতকৈ ডাঙৰ হোৱা পাথৰৰ ক্ষেত্ৰত বিষ হ’লে, সংক্ৰমণ হ’লে, প্ৰস্ৰাৱৰ নলী বন্ধ হ’লে অস্ত্ৰোপচাৰৰ সহায় ল’ব লগা হয়।

বৃক্কৰ পাথৰ হ’লে বিষ হোৱাৰ উপৰি বমিৰ ভাব, প্ৰস্ৰাৱত তেজ যোৱা, প্ৰস্ৰাৱ কৰোঁতে বিষ, তেজ যোৱা, প্ৰস্ৰাৱ কৰোঁতে বিষ, জ্বৰ আদি লক্ষণ হিচাপে দেখা দিয়ে। বৃক্কৰ পাথৰ পৰা পেলাবলৈ ৰোগৰ সম্পুৰ্ণ বিৱৰণ, ৰোগীৰ পৰীক্ষা যেনে- এক্স-ৰে, আল্ট্ৰাছাউণ্ড, আই ভি পি (Intravenous Pyelography) চি-টি স্কেন আদি কৰি পাথৰ সঠিক অৱস্থান, বৃক্কৰ গঠন আদি নিৰুপণ কৰি সেইমতে চিকিৎসা কৰিবলৈ দিয়া হয়।

বৃক্কৰ পাথৰে প্ৰস্ৰাৱ নলী বন্ধ কৰিলে প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰাৰ পাছত বৃক্কৰ কাৰ্যক্ষমতা ঘুৰাই আনিবলৈ সাধাৰণতে তিনি ধৰণৰ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হয়।

১)Shock Wave Lithotripsy (ESWL)

২) Percutaneous Nephrolitho-tomy (PCNL)

৩)Ureteroscopy (Retrograde Intrarenal Surgery)( RIRS)

ESWL পদ্ধতিত যন্ত্ৰৰ সহায়ত কিছু শক্তিশালী শব্দৰ তৰংগ পাথৰলৈ নিক্ষেপণৰ যোগেদি সৰু সৰু টুকুৰালৈ ভাঙি দিয়া হয় আৰু এই টুকুৰাবোৰ কিছুদিনৰ পাছত প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায়। (১ চে:মি: বা তাতকৈ সৰু পাথৰ সঠিক অৱস্থানত থাকিলে এই পদ্ধতি ফলপ্ৰসু হয়)

PCNL (Keyhole Surgery এটা সৰু ফুটাৰ যোগেদি ডাঙৰ পাথৰ শল্য চিকিৎসাৰ দ্বাৰা বৃক্কৰ পৰা বাহিৰ কৰা হয়।

Endoscopic Surgery:

  1. Ureteroscopy(Retrograde intral Renal Surgery)
  2. Ureteroscopic Lithotripsy (URSL)

এই দুটা পদ্ধতিৰে কোনোধৰণৰ কটা-ছিঙা নোহোৱাকৈ প্ৰস্ৰাৱৰ নলীৰে এটা সৰু মিহি যন্ত্ৰ দুৰবীণসহ সুমুৱাই দিয়া হয়। ৰোগীক নিয়ম অনুযায়ী সংজ্ঞা হৰণ কৰা হয়। যেতিয়া এই যন্ত্ৰটোৱে ৰোগীৰ প্ৰস্ৰাৱ পথত থকা পাথৰৰ অৱস্থানত গৈ পায় তেতিয়া লেজাৰ ফাইবাৰৰ জৰিয়তে পাথৰটো ভাঙি গুড়ি কৰা হয়। পাথৰৰ গুড়িসমুহ সাধাৰণ চেলাইনৰ (Normal Saline) যোগেদি উলিয়াই অনা হয়। অত্যন্ত অত্যাধুনিক এই পদ্ধতিত ৰোগীজন অস্ত্ৰোপচাৰৰ দিনাই ঘৰলৈ যাব দিব পৰা যায়। RIRS আৰু URSL  পদ্ধতিয়ে বৃক্কৰ পাথৰ ৰোগৰ চিকিৎসাত এক সুদুৰপ্ৰসাৰী আৰু আমুল পৰিৱৰ্তন আনিব পাৰিছে।

লেখক: ড° অৰুপ কুমাৰ নাথ (দৈনিক জনমভুমি)

 

 

 

3.11764705882
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top