মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কিডনিৰ অসুখ আৰু ইয়াৰ চিকিৎসা -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনিৰ অসুখ আৰু ইয়াৰ চিকিৎসা -

কিডনিৰ অসুখ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

বৰ্তমান যুগত কিডনিৰ সমস্যাবিলাক ক্ৰমান্বয়ে বাঢ়ি পৰিলক্ষিত হৈছে। আধুনিক চিকিৎসা ব্যৱস্থাৰ বহুত উন্নতি হৈছে যদিও আমাৰ, বিশেষকৈ অসমকে ধৰি উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনত এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কিডনিৰ অসুখ আৰোগ্য কৰাৰ বাবে অতি আধুনিকতম যন্ত্ৰপাতি আৰু চিকিৎসাৰ উদ্ভাৱন হৈছে সঁচা, কিন্তু প্ৰকৃতাৰ্থত বৃক্ক ডায়েলাইচিচ কৰা, বৃক্ক সংস্থাপন কৰা আদিৰ ব্যৱস্থাৰ ফলত প্ৰকৃততে আমাৰ দেশৰ কিডনি অসুখত ভুগি থকা শতকৰা ৬০ ভাগ ৰোগীয়ে ইমান ব্যয়বহুল চিকিৎসা কৰোৱাৰ বিফল হৈছে। অন্যহাতে ডায়েলাইচিছ পদ্ধতিৰে যোগেদি কিডনিৰ অসুখত ভোগা ৰোগী সৰ্বস্বান্ত হৈ মৃত্যুৰ মুখত পৰাহে সাধাৰণতা অৱলম্বন কৰিব নোৱাৰাৰ বাবে বিশেষকৈ দূষিত পৰিৱেশৰ বাবে কিডনি অসুখ সম্পূৰ্ণৰূপে নিৰাময় নহয়।

আমি সকলোৱে জনা উচিত যে আমাৰ কিডনি দুটাই প্ৰধানকৈ তেজৰ পৰা মূত্ৰ নিঃসৰণৰ কাম কৰে। কিডনি দুটাই ফিল্টাৰৰ কাম কৰে আৰু শৰীৰৰ দূষিত পদাৰ্থবিলাক ফিল্টাৰ কৰি শুদ্ধ তেজ শৰীৰত আন আন অংশলৈ পঠিয়ায়। আমাৰ শৰীৰত থকা দুটা কিডনিয়ে গোটেই জীৱন ব্যাপি তেজ পৰিষ্কাৰ কৰি থাকে। ফিল্টাৰ স্বৰূপ কিডনি দুটাত থকা নেফ্ৰনচবিলাকে চেকনিৰ দৰে কাম কৰে। শৰীৰত কিডনি দুটাই ফিল্টাৰ কৰি শুদ্ধ তেজৰ যোগান ধৰিব নোৱাৰিলে শৰীৰৰ হিম’গ্লবিনৰ মাত্ৰা কমি যায়। ফলত শৰীৰটো দুৰ্বল হয় আৰু কিডনি দুটা অসুস্থ হ’লে পিছলৈ কিডনি ফেইলৰ হৈ ৰোগী মৃত্যুমুখত পৰে।

আমাৰ প্ৰকৃতিয়ে আমাক সদায়েই ৰক্ষা কৰি আহিছে। আমি প্ৰকৃতিৰ মাজতেই জন্ম লৈছোহঁক আৰু প্ৰকৃতিৰ মাজতেই এদিন মৃত্যুবৰণ কৰিব লাগিব। সেয়ে প্ৰকৃতিৰ নিয়মবোৰ উলংঘা কৰিব নেলাগে। আমি ভোগা অসুখ-বিসুখবোৰ মূলতে হ’ল প্ৰকৃতিৰ নিয়মৰ বিপৰীতে আমি খাদ্য গ্ৰহণ কৰা ৰীতি-নীতি, জীৱন ৰক্ষাৰ বাবে কৃত্ৰিম ব্যৱস্থা গ্ৰহণ কৰা, শোৱা-খোৱা, দৈনিক কৰিব লগা কাম আৰু সময়ৰ সৎ ব্যৱহাৰ নকৰাৰ বহুবিধ অসুখত ভুগিবলগা হয়। প্ৰকৃতিয়ে ৰোগ নিৰাময়ৰ বাবে বনৌষধিৰ যোগান ধৰিছে, খাদ্যৰ যোগান ধৰিছে। কিন্তু বৰ্তমান কৃত্ৰিম খাদ্য খোৱাত অভ্যস্ত হৈ প্ৰকৃতিৰ বহুমূলীয়া বস্তুৰ প্ৰতি অনীহা দেখুৱাই আমি নিজৰ বিপদ নিজে মাতি আনিছোহঁক।

কিডনি অসুখত ভোগা ৰোগীয়ে প্ৰাকৃতিক ঔষধি গুণযুক্ত উদ্ভিদৰ পাত, শিপা, বীজ আদিৰ উপযুক্ত ব্যৱহাৰ গ্ৰহণ কৰি এই অসুখটো আৰোগ্য কৰিব পাৰে।

কিডনি অসুখ আৰোগ্যত চাহ গছৰ ব্যৱহাৰ -

আমি প্ৰায় সকলো মানুহে চাহ খাওঁহক। বৰ্তমান সময়ত খোৱা চাহটোপা প্ৰকৃততে কৃত্ৰিম উপায়েৰে তৈয়াৰ কৰা আৰু গছ-পাতত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় লগতে তেনে পাতৰ পৰাই চাহ তৈয়াৰ কৰা হৈছে। চাহ থেৰাপিৰ যোগেদি কিডনি অসুখ আৰোগ্য কৰা ব্যৱস্থাটোৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।

তেজত থকা বিষাক্ত দ্ৰব্য (টক্সিন)বোৰ আঁতৰাই কিডনি দুটা পৰিষ্কাৰ কৰিলেহে শৰীৰত বিশুদ্ধ তেজৰ সোঁত বব। আমাৰ সমাজৰ সকলোৱে চাহটোপা খাব জানে, কিন্তু ইয়াৰ ঔষধি গুণবোৰৰ কথা নাজানে। চাহৰ ঔষধি গুণৰ বিষয়ে জানিলে কিডনি ফেইলৰৰ দৰে ভয়াৱহ অসুখটোৰ পৰা পৰিত্ৰাণ পাব পাৰি। (চাহৰ উপকাৰিতাৰ বিষয়ে পিছত আলোচনা কৰা হ’ব।)

কিডনি অসুস্থ হোৱাৰ কাৰণ -

বৰ্তমান নৱ প্ৰজন্মৰ মাজত প্ৰকৃতি বিৰোধী জীৱন যাপনৰ ব্যৱস্থাবোৰ দেখা গৈছে। বৰ্তমান কৰ্ম বিমুখিতা, এলেহুৱা জীৱন যাপন, মোবাইলৰ অপব্যৱহাৰ, মচৰ চাইকেল, গাড়ীত উঠি অলস আৰু বিলাসপূৰ্ণ জীৱন-যাপন কৰা প্ৰৱণতাৰ ফলত যুৱক-যুৱতীৰ মাজত উচ্চৰক্তচাপ, অতিপাত শকত হোৱা, ডায়েবেটিছ আদি অসুখ প্ৰায়ে দেখা গৈছে। তেওঁলোকে হোটেল-ৰেষ্টুৰেন্টত ফাষ্টফুড, জুতি লগা খাদ্য খাই ভাল পোৱা, তেল-ঘিউত ভজা মছলাযুক্ত খাদ্য খোৱাত অভ্যস্ত হৈ পৰিছে। ইয়াৰ ফলত তেওঁলোকৰ তেজত টক্সিনৰ পৰিমাণ বাঢ়ি গৈছে। অন্যহাতে শাৰীৰিক পৰিশ্ৰম কৰিবলৈ ইচ্ছা নকৰা, ব্যায়াম, আসন, খোজকঢ়া আদি কৰ্মসূচীৰ প্ৰতি অনীহা হোৱাৰ ফলত কম বয়সতে ডায়েবেটিছ, মেদবহুলতা, কিডনিৰ অসুখ, যেনে- কিডনিত পাথৰ হোৱা, প্ৰস্ৰাৱৰ অসুখ, নেফ্ৰাইটিছ, আদি মাৰাত্মক বেমাৰত ভুগিব লগাত পৰিছে। তাৰোপৰি- বিড়ি, চিগাৰেট, মদ্যপান, ডাগছৰ ব্যৱহাৰৰ প্ৰৱণতা নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীৰ মাজত বাঢ়ি গৈছে। ফলত কিডনি নষ্ট হোৱা দেখা গৈছে।

শৰীৰত টক্সিনবোৰৰ পৰিমাণ বাঢ়ি গৈ থাকিলে পিছত ই এনে এটা পৰ্যায় পায়গৈ যে শৰীৰত নাইট্ৰ’জেনৰ পৰিমাণো বৃদ্ধি পায়গৈ। পিছলৈ ক্ৰিয়েটিনিনৰ পৰিমাণ তেজত বাঢ়ি যায়। ইয়াৰ মাত্ৰা যেতিয়া ৮.০০% হয়গৈ, চিকিৎসকে এনে অৱস্থাত কিডনি ফেইল হৈছে বুলি ঘোষণা কৰে। ৰোগীক এনে অৱস্থাত ডায়েলাইচিছ কৰাৰ পৰামৰ্শ দিব লগা হয়। কিডনি ৰোগত ভোগা ৰোগীৰ শৰীৰত পানীৰ পৰিমাণ বাঢ়ি যাব ধৰে। ভৰি-হাত ফুলিব ধৰে, উশাহ-নিশাহতো কষ্ট পাব পাৰে। কিডনি অসুখত ভোগা ৰোগীৰ তেজত ক্ৰিয়েটিটিন বাঢ়ি অসুখত ভোগা ৰোগীৰ তেজত ক্ৰিয়েটিনিন বাঢ়ি গৈ থাকে আৰু ৰোগীক কিডনি সংৰোপণ বা ট্ৰেন্সপ্লেন্ট কৰিবলৈ পৰামৰ্শ দিনে। এনে চিকিৎসা অতি ব্যয়বহুল। সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়।

ডায়েলাইচিছ আৰু কিডনি ট্ৰেন্সপ্লেন্ট কৰিলেও ৰোগীক আৰোগ্য কৰাৰ প্ৰতিশ্ৰুতি চিকিৎসকে দিব নোৱাৰে। ডায়েলাইচিছ প্ৰতিবাৰতে এহেজাৰ টকাৰ কম নহয়। মাহেকত হয়তো এক-দুই লাখ টকা খৰচ পৰিব। ধনী মানুহৰ বাহিৰে এনে ব্যয়বহুল চিকিৎসা সৰ্বসাধাৰণ ৰোগীয়ে কৰিব নোৱাৰে। অন্যহাতে কেইবালাখ টকা খৰচ কৰি কিদনি ৰোগীক চিকিৎসা কৰিও সুফল পাব নোৱাৰি।

কিডনিৰ অসুখটো আৰোগ্য কৰাত ‘আকুপ্ৰেছাৰ থেৰাপি’(Acupressure Therapy) হ’ল এক আশ্চৰ্যজনক প্ৰাকৃতিক ব্যৱস্থা। আকুপ্ৰেছাৰ থেৰাপিৰ প্ৰয়োগৰ যোগেদি বেমাৰটোৰ মূল কাৰণটো সহজতে ধৰা পেলাব পাৰি। বেমাৰীয়ে নিজৰ ঘৰত থাকি কোনো ধৰণৰ অৰ্থ বা পুঁজি নোহোৱাকৈ এই অসুখৰ চিকিৎসা অতি সহজতে কৰি ৰোগটো একেবাৰে নিৰ্মূল কৰাৰ ব্যৱস্থা আছে। কিডনি অসুখটো ভাল কৰিবলৈ প্ৰয়োজন হয় মাত্ৰ পোন্ধৰ দিন।

কিডনি অসুখৰ চিকিৎসা -

*ৰোগীয়ে ঘৰতে আৰম্ভ কৰিবলগ চিকিৎসা- কিডনি অসুখত ভোগা ৰোগীয়ে চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বতে এটা আইনাৰ গিলাচত প্ৰথমে স্ব-মূত্ৰ এশ গ্ৰাম জমা কৰক। মূত্ৰখিনি নিৰীক্ষণ কৰিলে দেখিব যে ইয়াৰ ৰং ধোঁৱাবৰণীয়া(Hazy) বা অপৰিষ্কাৰ। আৰু মূত্ৰখিনিত এটা বেয়া গোন্ধ থাকে। এইটোৱে প্ৰমাণ কৰিব যে মূত্ৰখিনি প্ৰকৃততে বেয়া আৰু কিডনিয়ে ভালকৈ কাম কৰিব পৰা নাই।

*দ্বিতীয়তে একাপ পানী উতলাওক। তাত এচামুচ চাহ দিয়ক। পানীখিনিত চেনি বা গাখীৰ মিহলাব নালাগে। পানীকাপ উতলাই আধা কাপ পৰিমাণে ৰাখিব। তাৰ পিছত ইয়াক চেকি তাত অলপ চেঁচা পানী মিহলাব। গৰমে গৰমে ইয়াক খাওক। এই চাহ খোৱাৰ পোন্ধৰ-বিছ মিনিটৰ ভিতৰত ৰাতিপুৱাৰ আহাৰ খাওক। এই চাহ খাই উঠাৰ পিছত কোনো কোনো ৰোগীয়ে বমি কৰিব পাৰে। তেনেক্ষেত্ৰত মিচিৰি এটুকুৰা নাইবা এটা বা দুটা লং মুখত ৰাখিব। এইদৰে তৈয়াৰ কৰা চাহ দহ-বাৰ দিন খাব লাগে।

১২ দিনৰ পিছত পুনৰ স্ব-মূত্ৰ একাপ এটা আইনাৰ গিলাচত ৰাখিব। নিৰীক্ষণ কৰি চাব যে এই পানীখিনি পৰিষ্কাৰ হৈ পৰিছেনে নাই। মূত্ৰখিনিত থকা বেয়া গোন্ধ কমি গৈছে নে নাই। যদি পিছত লোৱা পানীখিনি পৰিষ্কাৰ হৈছে আৰু গোন্ধ কমি গৈছে, তেতিয়া বুজিব আপোনাৰ কিডনি সুস্থ হৈছে। পুনৰ এইদৰে পোন্ধৰ দিন ধৰি চাহ খাই থাকিব। ভালপালে খোৱা বন্ধ কৰিব।

(জানিবলগীয়া- কীটনাশক দ্ৰব্য দি খেতি কৰা চাহপাত ব্যৱহাৰ নকৰিব। নিজৰ ঘৰতে গোবৰ সাৰ দি ৰোৱা চাহপাতৰ চাহহে উপকাৰত আহে। কীটনাশক বা চাহগছত স্প্ৰে মৰা চাহপাত পৰাপক্ষত ব্যৱহাৰ নকৰিলে ভাল। অন্যথা বজাৰত চাহ পাত ব্যৱহাৰ যদি কৰে তেতিয়া ৫০ শতাংশ উপকাৰহে হ’ব। দিনে দুবাৰকৈ খালে ভাল।)

*চিকিৎসা চলি থকাৰ সময়ত আঠ গিলাচ চিলভাৰ চাৰ্জি পানী(Silver Charged Water) উতলাই দুকাপ পৰিমাণে ৰাখি খাব। দিনে এবাৰ মাত্ৰ।

চিলভাৰ চাৰ্জ পানী ব্যৱহাৰ -

অলপমান(৩০ গ্ৰাম) ৰূপ সোণাৰীৰ পৰা কিনি আনি ব্যৱহাৰ কৰিব। অলংকাৰত ব্যৱহাৰ কৰা ৰূপ(Silver) কেতিয়াও ব্যৱহাৰ নকৰিব।

উতলোৱাৰ নিয়ম -

ষ্টেইনলেছ পাত্ৰত ৩০ বা ৪০ গ্ৰাম খাঁটি কপাৰ কইন(Coin) পানীত উতলোৱাৰ আগতে পৰিষ্কাৰ কৰি ধুই ল’ব।(দিনে দুই-তিনিবাৰ খাব)।

*দৈনিক দুই-তিনি কাপ গ্ৰীণ জুচ(Green Juice) খাব। তাত চেনি বা মচলা নিদিব। (আমলখি আৰু তিঁয়হৰ ৰস খাব পাৰে)।

*কিডনি পইন্টত এক-দুই মিনিটকৈ দিনে দুবাৰ(পইন্ট ২৬) বুঢ়া আঙুলিৰে টিপি থাকিব, বিছ-পঁচিছ দিন পৰ্যন্ত।

*দৈনিক ডেৰ লিটাৰ পানীহে খাব। বেছিকৈ নাখাব। এইধৰণৰ চিকিৎসাৰে জটিল কিডনিৰ অসুখ ভাল হয়। ৰোগীয়ে কোনো ধৰণৰ টেনচন লোৱাৰ পৰা বিৰত থাকিব।

লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.84210526316
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top