মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কিডনিৰ অসুখৰ অন্যতম প্ৰধান কাৰক- ডায়েবেটিছ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনিৰ অসুখৰ অন্যতম প্ৰধান কাৰক- ডায়েবেটিছ:

ডায়েবেটিছৰ বিষয়ে লিখা হৈছে

 

ডায়েবেটিছ(যাক ডাক্তৰী ভাষাত ‘ডায়েবেটিছ মেলিটাছ’ বুলি কোৱা হয়) ৰোগ হ’লে শৰীৰটোৱে প্ৰয়োজন অনুপাতে ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰা হয় আৰু শৰীৰে প্ৰস্তুত কৰা স্বাভাৱিক পৰিমাণৰ ইনচুলিন উপযুক্তভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। ইনচুলিন নামৰ হৰমোনবিধে আমাৰ তেজত শৰ্কৰাৰ(Sugar) পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। তেজৰ উচ্চ মাত্ৰাৰ শৰ্কৰা থাকিলে আমাৰ শৰীৰৰ বহুতো অংগত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ডায়েবেটিছ কেইপ্ৰকাৰৰ আছে?

 

প্ৰধানকৈ দুবিধ ডায়েবেটিছেই সাধাৰণতে হোৱা দেখা যায়। এই দুবিধ হ’ল- টাইপ-১ আৰু টাইপ-২। টাইপ-১ বিধৰ ডায়েবেটিছ সাধাৰণতে শিশুৰ মাজত বেছিকৈ হোৱা দেখা যায়। এইবিধ ৰোগক ‘কৈশোৰকালীন ডায়েবেটিছ মেলিটাছ’ বা ‘ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিছ মেলিটাছ’ বুলিও কোৱা হয়। এই শ্ৰেণীৰ ৰোগত ৰোগীৰ পেনক্ৰিয়াছে(অগ্নাশয়ে) প্ৰয়োজন অনুপাতে ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰে আৰু ৰোগীয়ে জীৱনৰ বাকী কালছোৱা ‘ইনচুলিন বেজি’ লৈ থাকিবলগা হয়।

টাইপ-২ ডায়েবেটিছ হৈ আটাইতকৈ বেছি লোকৰ মাজত হোৱা এবিধ ডায়েবেটিছ ৰোগ। এই ৰোগ ৪০ বছৰৰ ওপৰ বয়সৰ লোকৰ মাজত সাধাৰণতে হয় বাবে ইয়াক ‘প্ৰাপ্তবয়স কালীন ডায়েবেটিছ মেলিটাছ’ বুলি কোৱা হয়। এই ৰোগক ‘ইনচুলিনৰ ওপৰত নিৰ্ভৰ কৰিব নলগীয়া ডায়েবেটিছ মেলিটাছ’ বুলি কোৱা হয়। এই শ্ৰেণীৰ ডায়েবেটিছ হ’লে ৰোগীৰ অগ্নাশয়ে(পেনক্ৰিয়াছে) ইনচুলিন প্ৰস্তুত কৰে, কিন্তু ৰোগীৰ শৰীৰে এই পৰিমাণৰ ইনচুলিন ব্যৱহাৰ কৰিব নোৱাৰা হয়। উচ্চ মাত্ৰাৰ ৰক্ত শৰ্কৰা প্ৰায়ে ৰোগীৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা খাদ্য তালিকা বা ঔষধ সেৱন কৰি অথবা কিছুসংখ্যক ৰোগীয়ে ইনচুলিন বেজি লৈ নিয়ন্ত্ৰণত ৰাখিবলগা হয়। এই শ্ৰেণীৰ ৰোগ সমগ্ৰ বিশ্বৰে সকলো শ্ৰেণীৰ বা জাতিৰ লোকৰ মাজত সচৰাচৰ হোৱা দেখা যায়।

ডায়েবেটিছে কিডনিৰ ওপৰত কি প্ৰতিক্ৰিয়া কৰে?

 

ডায়েবেটিছ হোৱাৰ পিছৰে পৰা শৰীৰৰ সূক্ষ্ম ৰক্তবাহীবোৰ ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰে। কিডনিত থকা সূক্ষ্ম ৰক্তবাহী নলীবোৰ যেতিয়া ক্ষতিগ্ৰস্ত হয়গৈ, আমাৰ কিডনি দুটাই শৰীৰৰ ৰক্ত পৰিশোধন স্বাভাৱিকভাৱে কৰিব নোৱাৰা হয়। ৰোগীৰ শৰীৰত প্ৰকৃততে থাকিবলগা পৰিমাণতকৈ বেছি পানী আৰু লৱন ৰৈ যায়। ইয়াৰ পৰিণতিত শৰীৰৰ ওজন বৃদ্ধি পায় আৰু ভৰিৰ গাঁঠি ফুলে। এনে অৱস্থা হ’লে ৰোগীৰ প্ৰস্ৰাৱত প্ৰোটিন থাকি যাব পাৰে। তাৰোপৰি শৰীৰৰ বৰ্জ্য দ্ৰব্যবোৰ তেজৰ লগত মিহলি হৈ পৰিব পাৰে।

ডায়েবেটিছৰ ফলত শৰীৰৰ স্নায়ুবিলাকো নষ্ট হ’ব পাৰে। এই অৱস্থা হ’লে ৰোগীৰ মূত্ৰথলী খালী থোৱাত অসুবিধা হয়। ৰোগীৰ মূত্ৰথলী প্ৰস্ৰাৱেৰে পূৰা হৈ থকাৰ ফলত ওলোটাকৈ কিডনিৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে আৰু তাৰ ফলত কিডনি দুটাৰ ক্ষতি হ’ব পাৰে। যদি ৰোগীৰ মূত্ৰথলীত বেছি মাত্ৰাৰ শৰ্কৰাযুক্ত প্ৰস্ৰাৱ দীৰ্ঘ সময়ৰ বাবে ৰৈ যায়, তেনেহ’লে প্ৰস্ৰাৱথলীত বেক্টেৰিয়াৰ দ্ৰুত বংশবৃদ্ধিৰ ফলত কিডনিত সেই বেক্টেৰিয়াৰ সংক্ৰমণ আৰম্ভ হ’ব পাৰে।

কিমানজন ডায়েবেটিছ ৰোগীৰ কিডনিৰ ৰোগ হ’ব পাৰে?

 

টাইপ-১ ডায়েবেটিছত ভোগা শতকৰা ৩০ জন ৰোগী আৰু টাইপ-২ ডায়েবেটিছত ভোগা শতকৰা দহ জনৰ পৰা চল্লিছ জন ৰোগীয়ো পিছলৈ কিডনিৰ বিফলতাত(Kidney failure) ভুগিব পাৰে।

ডায়েবেটিছ ৰোগীয়ে কিডনিৰ অসুখত ভোগাৰ লক্ষণবিলাক কি কি?

 

ডায়েবেটিছ ৰোগীৰ কিডনিৰ অসুখত ভোগাৰ প্ৰাথমিক লক্ষণ হ’ল- প্ৰস্ৰাৱত ‘এলবুমিন’ নিঃসৰণ বৃদ্ধি পায়। এই লক্ষণটো চিকিৎসকে ৰোগীক প্ৰস্ৰাৱ পৰীক্ষা কৰিবলৈ দিয়াৰ বহু আগতেই আৰম্ভ হয় যদিও ৰোগীয়ে গম নেপায় আৰু পৰীক্ষাত এই বিসংগতি ধৰা পৰিলেহে কিডনিৰ ৰোগ হোৱাটো প্ৰমাণিত হয়। সেইকাৰণে ডায়েবেটিছৰ ৰোগীয়ে এই পৰীক্ষা প্ৰতিবছৰে এবাৰকৈ কৰোৱা উচিত। কিডনিৰ অসুখ হ’লে শৰীৰৰ ওজন বৃদ্ধি পাব আৰু ভৰিৰ পানী গাঁঠি ফুলিবলৈ আৰম্ভ কৰিব। এই ৰোগ আৰম্ভ হ’লে ৰোগীয়ে ৰাতি সঘনাই প্ৰস্ৰাৱ কৰিবলৈ উঠিব লগা হয়। ৰোগীৰ ৰক্তচাপো যথেষ্ট মাত্ৰাত বৃদ্ধি পায়। ডায়েবেটিছৰ ৰোগী হিচাপে আপুনি প্ৰতিবছৰত এবাৰকৈ আপোনাৰ তেজ, প্ৰস্ৰাৱ আৰু ৰক্তচাপো পৰীক্ষা কৰাই থাকিব লাগে। এই পৰীক্ষাবোৰে আপোনাৰ কিডনিৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰাৰ উপৰি উচ্চ ৰক্তচাপ আৰু কিডনিৰ ৰোগৰ চিকিৎসা সোনকালে পোৱাত সহায় কৰিব। আপোনাৰ ৰক্ত শৰ্কৰাৰ (Blood Sugar) মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰিলে কিডনিৰ ৰোগৰ জটিলতা কমি থাকিব।

ডায়েবেটিছ ৰোগীৰ কিডনিৰ অসুখ দেৰিকৈ প্ৰকাশ পোৱা লক্ষণ কি কি?

 

ৰোগীৰ কিডনি বিকল হোৱাৰ লগে লগে ৰোগীৰ ‘ব্লাড ইউৰিয়া নাইট্ৰোজেন’ৰ(BUN) পৰিমাণ বুজি পায় আৰু তেজৰ ‘ক্ৰিয়েটিনিন’ৰ মাত্ৰাও বাঢ়ে। এনে অৱস্থা হ’লে ৰোগীয়ে মূৰ ঘূৰণি, বমি আৰু খাবলৈ মন নোযোৱা, দুৰ্বলতা, ক্ৰমে বৃদ্ধি পোৱা অলসতা, শৰীৰত খজুৱতি, মাংসপেশী সিৰামূৰিয়ে ধৰা(বিশেষভাৱে ভৰিৰ পেশী টানি ধৰা) আৰু ৰক্তাল্পতা আদি উপসৰ্গত ভুগিব পাৰে। আপোনাক পূৰ্বতকৈ কম মাত্ৰাত ইনচুলিন প্ৰয়োজন হ’ব পাৰে, কাৰণ কিডনি দুটাই পূৰ্বতকৈ কম ইনচুলিনহে ব্যৱহাৰ কৰি ক্ষয় কৰিব পাৰে।

যদি আপুনি এইবিলাক লক্ষণৰ যিকোনো এটিত ভুগিছে, তেনেহ’লে তৎক্ষণাত চিকিৎসকক দেখুৱাওক।

ডায়েবেটিছত ভুগি থকা ৰোগীৰ কিডনিৰ অসুখৰ লক্ষণবোৰ:

 

  • প্ৰস্ৰাৱত এলবুমিন/ প্ৰোটিন বৃদ্ধি পায়।
  • উচ্চ ৰক্তচাপ।
  • ভৰিৰ পানীগাঁঠি আৰু ভৰি ফুলাৰ লগতে ভৰিৰ পেশী টানি ধৰা।
  • ৰাতি সঘনাই প্ৰস্ৰাৱ কৰিবলৈ উঠা।
  • তেজত ‘ব্লাড ইউৰিয়া নাইট্ৰোজেন’ৰ লগতে ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধি পোৱা।
  • শৰীৰত ইনচুলিন বা ডায়েবেটিছৰ ঔষধৰ প্ৰয়োজন কম হোৱা।
  • পুৱা শুই উঠি গাটো বেয়া লাগে, মূৰ ঘূৰায়, বমিৰ ভাব হয় বা বমি হয়।
  • গা দুৰ্বল লাগে, শেঁতা পৰে আৰু ৰক্তাল্পতা হয়।
  • গাত খজুৱতি হয়।

যদি কোনো ৰোগীৰ দুয়োটা কিডনিয়েই বিনষ্ট হৈছে, তেতিয়া কি হ’ব?

এনে অৱস্থা হ’লে চিকিৎসকে পৰীক্ষাৰ যোগেদি এটা কথা নিৰ্ণয় কৰিব বিচাৰিব, যে ডায়েবেটিছৰ কাৰণে কিডনিৰ এনে অৱস্থা হৈছে নেকি? কাৰণ আন কিছুমান ৰোগৰ বাবেও কিডনি অকামিলা হ’ব পাৰে। যদি আপুনি তলত দিয়া দিহাবোৰ মানি চলে, তেনেহ’লে আপোনাৰ দুয়োটা কিডনিয়ে ভালদৰে কাম কৰিব আৰু দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব।

  • আপোনাৰ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখক।
  • আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক।
  • প্ৰস্ৰাৱ নলীত হোৱা সংক্ৰমণৰ চিকিৎসা অনতিপলমে কৰাওক।
  • আপোনাৰ প্ৰস্ৰাৱতন্ত্ৰত হোৱা যিকোনো সমস্যা সোনকালে সমাধান কৰক।
  • আপোনাৰ কিডনি দুটাক ক্ষতি কৰিব পৰা যিকোনো ঔষধৰ পৰা আঁতৰি থাকক। (বিশেষভাৱে ফাৰ্মাচিৰ পৰা পোনে পোনে কিনি আনি খাব পৰা বিষ নিৰাময়ৰ ঔষধ নেখাব।)

যদি আপোনাৰ কিডনিত আন একো সমস্যা দেখা নেপায়, তেনেহ’লে আপোনাৰ চিকিৎসক যিমান দিনলৈকে পাৰে, সিমান দিনলৈ কৰ্মক্ষম কৰি ৰাখিবলৈ যত্ন কৰিব। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে দিয়া ঔষধে(এঞ্জিওটেনচিন কনভাৰ্টিং এনজাইমছ, ACE) প্ৰতিৰোধকৰ কাম কৰি, কিডনিৰ কৰ্মশমতা ক্ষতি কৰা প্ৰতিক্ৰিয়া মন্থৰ কৰাত সহায় কৰে।

কেনেকৈ দীৰ্ঘদিনলৈকে কিডনিক কাৰ্যক্ষম কৰি ৰাখিব?

 

কিদনি ৰোগ বিশেষজ্ঞ চিকিৎসক বা নেফ্ৰ’ল’জিষ্টে আপোনাৰ লগতে আপোনাৰ পৰিয়াল আৰু আপোনাৰ খাদ্য বিশেষজ্ঞৰ লগত আলোচনা কৰি আপোনাৰ চিকিৎসাৰ এখন আঁচনি প্ৰস্তুত কৰি ল’ব। আপোনাৰ কিডনি দুটা সুস্থ কৰি ৰখাৰ বাবে দুটা কথাৰ প্ৰতি সদায় লক্ষ্য ৰাখিব। প্ৰথমটো হ’ল- এ.চি.ই.ইনহিবিটৰৰ সহায়ত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক আৰু কিডনিৰ বাবে উপযোগী ডায়েবেটিক খাদ্য গ্ৰহণ কৰক। আপোনাৰ আহাৰত প্ৰোটিনৰ মাত্ৰা সীমিত ৰখাটোও কিডনি সুস্থকৈ ৰখাত সহায়ক হ’ব পাৰে। আপুনি আৰু আপোনাৰ বাবে খাদ্যৰ পৰামৰ্শদাতা দুয়োজনে আলোচনা কৰি আপোনাৰ খাদ্যৰ তালিকা এখন প্ৰস্তুত কৰি ল’ব আৰু সেইখন নিশ্চিতভাৱে মানি চলিব।

ডায়েবেটিছত ভুগি থকা ৰোগীৰ কিডনি বিফলতাৰ শেষ অৱস্থাটো কেনেকুৱা?

 

যেতিয়া কিডনি দুটাই সুস্থ অৱস্থাৰ দৰে ৰোগীক সহযোগ কৰিব নোৱাৰা হয়গৈ, তেতিয়াই কিডনি বিফলতাৰ শেষ অৱস্থাটোৱে দেখা দিয়ে। এনে অৱস্থা হ’লে ৰোগীয়ে ডায়েলিচিছ কৰাব লগা হয় বা আনৰ পৰা কিডনি গ্ৰহণ কৰি প্ৰতিস্থাপন কৰাব লগা হয়। যেতিয়া আপোনাৰ কিডনি দুটাই ১০ৰ পৰা ১৫ শতাংশহে সক্ৰিয়ভাৱে কাম কৰিব পৰা হৈ থাকেগৈ, তেতিয়াই কিডনি বিফলতাৰ শেষ অৱস্থা বুলি ধৰি লোৱা হয়।

ডায়েবেটিছ ৰোগীৰ কিডনিৰ বিফলতাৰ চিকিৎসা কেনেকৈ কৰা হয়?

কিডনি বিফল হৈ পৰিলে তিনি প্ৰকাৰৰ চিকিৎসা দিব পৰা হয়। প্ৰথমতে আনৰ পৰা কিডনি গ্ৰহণ কৰি প্ৰতিস্থাপনৰ চিন্তা কৰা হয়। দ্বিতীয়তে হিমোডায়েলিচিছ আৰু তৃতীয়তে পেৰিটনিয়েল ডায়েলিচিছৰ ব্যৱস্থা কৰা হয়।

ডায়েবেটিছত ভুগি থকা ৰোগীয়ে কিডনি প্ৰতিস্থাপন কৰিব পাৰেনে?

প্ৰতিস্থাপন কৰাব পাৰে। যদি আপুনি কোনো আত্মীয়ৰ পৰা নতুন সুস্থ কিডনি এটা পায় তেনেহ’লে প্ৰ্তিস্থাপন কৰাত কোনো অসুবিধা নাই। অৱশ্যে আপোনাক উচ্চ মাত্ৰাৰ ইনচুলিনৰ দৰকাৰ হ’ব পাৰে। আপোনাৰ খোৱাৰ ৰুচি বৃদ্ধি পাব আৰু সেয়ে নতুন কিডনিটোৱে পুৰণি ক্ষতিগ্ৰস্ত কিডনিতকৈ ইনচুলিন বেছি ভালকৈ ব্যৱহাৰ কৰিব পাৰে। নতুন কিডনিটো ৰোগীৰ শৰীৰত বেছি ভালকৈ খাপ খুৱাই লবৰ বাবে ষ্টেৰয়ড প্ৰয়োগ কৰা হয়। যদি নতুন কিডনিটোও যদি কিবা কাৰণৰ বিফল হয়, তেনেহ’লে আন এটা নতুন কিডনি নোপোৱালৈকে ডায়েলিচিছ চিকিৎসা আৰম্ভ কৰিব পাৰে।

ডায়েবেটিক কিডনি ৰোগ কি?

ডায়েবেটিছ ৰোগৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰৰ কিডনিৰ ৰোগ। কিডনি ৰোগৰ অন্যতম প্ৰধান কাৰণ হ’ল ডায়েবেটিছ।

ডায়েবেটিছত ভুগি থকা প্ৰতি চাৰিজন ৰোগীৰ ভিতৰত এজনৰ কিডনিৰ ৰোগ হ’ব পাৰে।

কিডনিৰ প্ৰধান কাম হ’ল- তেজৰ পৰা বৰ্জ্য দ্ৰব্য আৰু অতিৰিক্ত পানীভাগ পৰিশোধন কৰি প্ৰস্ৰাৱ উৎপাদন কৰা। আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত আৰু শৰীৰটো সুস্থ কৰি ৰখাৰ বাবে প্ৰয়োজনীয় হৰমোনবিলাক প্ৰস্তুত কৰাত কিডনি দুটাই সহায় কৰে।

আপোনাৰ কিডনি দুটা পিঠিৰ সোঁমাজত আৰু কামিহাড়ৰ সঁজাটোৰ নিচেই তলতে অৱস্থিত। যেতিয়া আপোনাৰ কিডনি দুয়োটা ক্ষতিগ্ৰস্ত হয় তেতিয়া দুয়োটাই স্বাভাৱিকভাৱে ৰক্ত পৰিশোধন কৰিব নোৱাৰা হয়। ফলত ৰোগীৰ শৰীৰত বৰ্জ্য দ্ৰব্য সঞ্চিত হৈ ৰয়। কিডনি ক্ষতিগ্ৰস্ত হ’লে আন কেবাটাও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ডায়েবেটিছৰ ফলত কিডনি ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰক্ৰিয়াটোৰ যথেষত মন্থৰ গতিত হয়, এই প্ৰক্ৰিয়াটোৰ বাবে কেবাবছৰো লাগিব পাৰে। আপুনি আপোনাৰ কিডনি দুটাৰ সুৰক্ষাৰ কাৰণে ভালেমান পদক্ষপ ল’ব পাৰে আৰু কিডনি দুটা বিকল হোৱাটো প্ৰতিৰোধ অথবা লেহেমীয়া কৰিব পাৰে।

ডায়েবেটিছে কেনেকৈ কিডনি ৰোগৰ সৃষ্টি কৰে?

উচ্চ মাত্ৰাত তেজৰ গ্লুকজ বা ৰক্ত শৰ্কৰাই কিডনিৰ তেজ পৰিবাহী নলীবিলাক নষ্ট কৰি দিব পাৰে। ৰক্তবাহী নলীবিলাক ক্ষতিগ্ৰস্ত হ’লে সেইবিলাকে ভালদৰে কাম কৰিব নোৱাৰা হয়। ডায়েবেটিছত ভুগি থকা বহুতো ৰোগীয়ে উচ্চ ৰক্তচাপতো ভোগে। এই বিসংগতিয়েও ৰোগীৰ কিডনি নষ্ট কৰিব পাৰে।

ডায়েবেটিক কিডনি ৰোগ হোৱাত কিহে অৰিহনা যোগায়?

দীৰ্ঘ সময় ধৰি ডায়েবেটিছত ভুগি থাকিলে কিডনি ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপোনাৰ ডায়েবেটিছ আছে, আপোনাৰ কিডনি ৰোগ হোৱাৰ আশংকা থাকে। যদি আপোনাৰ-

  • ৰক্ত শৰ্কৰাৰ মাত্ৰা অতি বেছি
  • ৰক্তচাপো যথেষ্ট বেছি থাকে

যদি আপোনাৰ ডায়েবেটিছ আছে, তাতে যদি আপুনি

  • ধূমপান কৰে
  • ডায়েবেটিছ ৰোগীৰ বাবে থকা খাদ্য তালিকা ‘মানি নচলে।
  • বেছি নিমখ দিয়া খাদ্য খাই থাকে।
  • আপুনি যদি সক্ৰিয় নহয়।
  • যদি আপোনাৰ দেহৰ ওজন বহু বেছি।
  • হৃদৰোগ যদি আছে।
  • কিডনি বিফলতাৰ ইতিহাস যদি পৰিয়ালত আছে।

মোৰ ‘ডায়েবেটিক কিডনি’ ৰোগ আছে বুলি মই কেনেকৈ জানিম?

‘ডায়েবেটিক কিডনি ৰোগ’ থকা লোকৰ শৰীৰত কোনোধৰনৰ ৰোগ লক্ষণ প্ৰকাশ নেপায়। আপোনাৰ ডায়েবেটিক কিডনি ৰোগ আছে নেকি, সেই কথা ওজানিবৰ কাৰণে আপুনি কিডনিৰ পৰীক্ষা কৰাওক। আপোনাৰ চিকিৎসকে আপোনাৰ তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰাই ডায়েবেটিক কিডনি ৰোগ আছে নেকি সেই কথা নিশ্চিত কৰিব। আপোনাৰ এলবুমিনৰ কাৰণে প্ৰস্ৰাৱ পৰীক্ষা কৰাব আৰু কিডনি দুটাই কিমান ভালকৈ ৰক্ত পৰিশোধন কৰিব পাৰিছে সেই কথা জানিবৰ কাৰণে তেজ পৰীক্ষা কৰাব।

  • যদি আপুনি টাইপ-২ ডায়েবেটিছত ভুগি আছে, তেনেহ’লে আপুনি কিডনিৰ ৰোগত ভুগিছে নেকি, সেই কথা জানিবৰ কাৰণে প্ৰতিবছৰে এবাৰকৈ পৰীক্ষা কৰোৱাওক।
  • যদি আপুনি টাইপ-১ ডায়েবেটিছ ৰোগত পাঁচ বছৰতকৈ অধিক সময় ভুগি আছে, তেনেহ’লেও কিডনিৰ ৰোগৰ বাবে বছৰত এবাৰকৈ পৰীক্ষা কৰোৱাওক।
  • এক সৰু বটল তেজ আৰু এবটল প্ৰস্ৰাৱৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে দিব।

যদি আপোনাৰ ডায়েবেটিছ আছে, তেনেহ’লে কিডনি দুটা সুস্থ কৰি কেনেকৈ ৰাখিব?

আপুনি ডায়েবেটিছ জনিত কিডনি ৰোগৰ আগ্ৰাসন মন্থৰ বা প্ৰতিৰোধ কৰিব খোজে, তেনেহ’লে আপোনাৰ তেজৰ শৰ্কৰা আৰু ৰক্তচাপ যিমান পাৰি স্বাভাৱিক কৰি ৰখাৰ চেষ্টা কৰক। স্বাস্থ্যসন্মত জীৱন শৈলীৰ অভ্যাস আৰু চিকিৎসকে পৰামৰ্শ দিয়ামতে ঔষধ খাই থাকিলে আপুনি এই লক্ষ্যত উপনীত হ’ব পাৰিব আৰু স্বাস্থ্যও ভালে ৰাখিব পাৰিব।

আপোনাৰ ‘ৰক্তশৰ্কৰা’ৰ মাত্ৰা কমাই ৰাখক:

আপোনাৰ চিকিৎসকে আপোনাৰ A1C পৰীক্ষা কৰিব। আপোনাৰ যোৱা তিনিমাহত গড়ে ৰক্তশৰ্কৰাৰ মাত্ৰা কিমান আছিল, সেই কথা A1C নামৰ তেজ পৰীক্ষা আপুনি নিজে কৰোৱা ‘ৰক্ত শৰ্কৰা’ পৰীক্ষাতকৈ সম্পূৰ্ণ বেলেগ। এই পৰীক্ষাত A1Cৰ সংখ্যা বেছি থকাৰ প্ৰমাণ পালে, যোৱা তিনিমাহত আপোনাৰ ‘ৰক্ত শৰ্কৰা’ৰ মাত্ৰা বেছি থকাটো প্ৰমাণিত হ’ব। এই A1Cৰ লক্ষ্য বহু ডায়েবেটিছত ভোগা লোকৰ ক্ষেত্ৰত ৭ শতাংশতকৈ কম। এই পৰীক্ষা কৰাই উঠি আপোনাৰ চিকিৎসকক সোধক- আপোনাৰ বাবে এই সংখ্যা কিমান হোৱা উচিত। আপুনি এই সংখ্যাটো জনাৰ পিছত চিকিৎসকৰ পৰামৰ্শ লৈ ইয়াক নিৰ্দিষ্ট লক্ষ্যলৈ নমাই আনিব পাৰিলে, কিডনি দুটাক ক্ষতি হোৱাৰ পৰা বচাই ৰাখিব পাৰিব। A1Cৰ লক্ষ্যত উপনীত হ’বৰ কাৰণে আপোনাৰ চিকিৎসকে আপোনাক ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰাবলৈ ক’ব পাৰে। এই পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চিকিৎসকক আপোনাৰ খাদ্য, শাৰীৰিক শ্ৰম আৰু ঔষধ আদি সম্পৰ্কে পৰামৰ্শ দিবলৈ ক’ব। আপোনাৰ চিকিৎসকজনক সুধিব- আপুনি কিমান সঘনাই ‘ৰক্ত শৰ্কৰাৰ’ৰ মাত্ৰা পৰীক্ষা কৰাব লাগিব। আপোনাৰ তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি কিডনি দুটা সুৰক্ষিত কৰক।

আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক:

আপোনাৰ ৰক্তবাহী নলীবিলাকৰ বেৰত চলাচল কৰি থকা তেজে যি চাপৰ সৃষ্টি কৰে, সেয়াই ৰক্তচাপ(Blood Pressure)। উচ্চ ৰক্তচাপে হৃদয়যন্ত্ৰটোক অধিক কষ্টেৰে কাম কৰিবলগা অৱস্থা কৰে। এই অৱস্থাটোৱেই হাৰ্ট এটেক, ষ্ট্ৰোক আৰু কিডনিৰ ৰোগ সৃষ্টি কৰে। আপোনাৰ চিকিৎসকে আপোনাৰ স্বাভাৱিক ৰক্তচাপৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। ডায়েবেটিছত ভুগি থকা লোকৰ ৰক্তচাপৰ লক্ষ্য ১৪০/৯০ মিঃমিঃ এইচ.জি.ৰ তলত হ’ব লাগে। আপোনাৰ ৰক্তচাপৰ আদৰ্শ লক্ষ্য কিমান হোৱা উচিত, আপোনাৰ চিকিৎসকক সোধক।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰি কিডনি দুটা সুৰক্ষিত কৰি ৰাখক। ৰক্তচাপ কমাই ৰখা ঔষধেও কিডনি ক্ষতি হোৱা প্ৰক্ৰিয়া মন্থৰ কৰে। ৰক্তচাপৰ বাবে দুই শ্ৰেণীৰ ঔষধ আছে। এ.চি.ই.ইনহিবিটৰ ARB আৰু জাতীয় এই দুবিধ ৰক্ৰচাপৰ ঔষধে কিডনি দুটাক ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰে। ডায়েবেটিছত ভোগা ৰোগীৰ উচ্চ ৰক্তচাপ আৰু ‘ডায়েবেটিক কিডনি ডিজিজ’(DKD) থাকিলে এই দুবিধ ঔষধে কিডনি ক্ষতি হোৱা প্ৰক্ৰিয়া মন্থৰ কৰে। এই দুবিধ ঔষধৰ শেষ অংশত- pril বা –bartan থাকে। কিন্তু ‘ACE ইনহিবিটৰ’ আৰু ARB শ্ৰেণীৰ ঔষধ গৰ্ভৱতী মহিলাৰ বাবে নিৰাপদ নহয়।

স্বাস্থ্যসন্মত জীৱনশৈলী:

স্বাস্থ্যসন্মত জীৱনশৈলীৰ অভ্যাস কৰিলে আপোনাৰ ৰক্তশৰ্কৰা আৰু ৰক্তচাপ নিয়ন্ত্ৰিত মাত্ৰাত ৰাখিব পাৰিব। তলত উল্লেখ কৰা পদক্ষেপবিলাক মানি চলিলে আপুনি কিডনি দুটা সুস্থ কৰি ৰাখিব পাৰিব।

  • ধূমপান ত্যাগ কৰক।
  • আপোনাৰ ডায়েবেটিছৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য বিশেষজ্ঞই আপোনাৰ বাবে এখন খাদ্য তালিকা প্ৰস্তুত কৰি দিব আৰু সেই তালিকা আপুনি মানি চলাৰ লগতে খাদ্যৰ লগত নিমখ আৰু ছডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব।
  • আপোনাৰ দৈনন্দিন কামৰ ৰুটিন শাৰীৰিক শ্ৰম বা ব্যায়ামৰ কাৰণে নিৰ্দিষ্ট সময় ৰাখিব।
  • আপোনাৰ বাবে স্বাস্থ্যসন্মত শাৰীৰিক ওজন সীমিত কৰি নিয়ন্ত্ৰণত ৰাখিব।
  • যথেষ্ট সময় শুব। প্ৰতি নিশা সাত-আঠ ঘন্টা শোৱাৰ চেষ্টা কৰিব। ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ বাবে দিয়া দিহাবোৰ মানিবলৈ শিকক।
  • চিকিৎসকে দিয়া পৰামৰ্শমতে ঔষধ নিয়মীয়াকৈ খাওক।
  • আপোনাৰ চিকিৎসা আঁচনিত ঔষধ সেৱন আপোনাৰ চিকিৎসাৰ গুৰুত্বপূৰ্ণ অংশ হ’ব পাৰে। শৰীৰৰ বাবে বিশেষ চিকিৎসাৰ প্ৰয়োজনত বিশেষ ঔষধ লাগে বুলি চিকিৎসকে ক’ব পাৰে। এনে ঔষধে আপোনাৰ ৰক্ত শৰ্কৰা আৰু ৰক্তচাপ নিয়ন্ত্ৰণলৈ আনিব পাৰে। ৰক্তচাপ নিয়ন্ত্ৰণলৈ আনিবৰ বাবে এটাতকৈ বেছি ঔষধো আপুনি খাবলগীয়া হ’ব পাৰে।

আপুনি খাই থকা আৰু খাবলগীয়া সকলো ঔষধৰ বিষয়ে আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰি লওক।

সময়ৰ লগে লগে ডায়েবেটিক কিডনি ৰোগ বেছি তীব্ৰ হ’ব পাৰে নেকি?

হয়, সময় আগবঢ়াৰ লগে লগে ডায়েবেটিছৰ ফলত হোৱা কিডনিৰ ক্ষতি হ’ব পাৰে। অৱশ্যে অপোনাৰ কিডনি দুটা সুস্থ কৰি ৰখাৰ বাবে আৰু লগতে কিডনিৰ ক্ষতিৰ প্ৰক্ৰিয়া মন্থৰ কৰাৰ লগতে এই প্ৰক্ৰিয়া প্ৰতিৰোধ কৰাৰ বা দেৰি কৰাৰ বাবে কিছু পদক্ষেপ ল’ব পাৰে। কিন্তু বিকল হোৱা মানে আপোনাৰ কিডনি দুটাই ইয়াৰ কামবোৰ কৰাৰ সক্ষমতা কম হয়। সুস্থ কিডনিতকৈ ১৫ শতাংশৰো কম মাত্ৰাতহে ৰোগগ্ৰস্ত কিডনিয়ে কাম কৰি থাকিব পৰা হয়গৈ। অৱশ্যে ডায়েবেটিছ আৰু কিডনি ৰোগত আক্ৰান্ত লোকৰ অধিকাংশৰ কিডনিৰ বিফলতাৰ বাবে মৃত্যু নহয়। যদি ডায়েবেটিছৰ কাৰণে আপোনাৰ কিডনি দুয়োটা বিকল হৈছে, তেনেহ’লে কিডনিৰ ৰোগ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব, সেই কথা শিকি লওক।

যদি কিডনিৰ কাৰ্যক্ষমতা বেয়াৰ পিনে গৈছে, তেনেহ’লে তাৰ লক্ষণবিলাক হ’ব-

  • হাত, ভৰি আৰু মুখ ফুলিব।
  • টোপনিত আৰু কামত একাগ্ৰতা কমি আহিব।
  • বমি বমিৰ ভাব হ’ব।
  • গাটো দুৰ্বল লাগি থাকিব।
  • ছাল অতি শুকান হ’ব লগতে খজুৱতি(কিডনি ৰোগৰ অন্তিম অৱস্থা) হ’ব।
  • টোপনি টোপনি ভাব(কিডনি ৰোগৰ অন্তিম অৱস্থা)।

ডায়েবেটিক নেফ্ৰোপেথি কি?

কিডনি বিফল হোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল- ডায়েবেটিছজনিত কিডনিৰ ৰোগ। ইয়াকে ‘ডায়েবেটিক নেফ্ৰ’পেথি’ বুলি কোৱা হয়। প্ৰতি তিনিজন ডায়েবেটিছ ৰোগীৰ এজনে ‘ডায়েবেটিক নেফ্ৰপেথি’ত আক্ৰান্ত হয়। একমাত্ৰ কিডনিৰ ৰোগত ভোগা লোক এজনতকৈ ডায়েবেটিছ আৰু কিডনি ৰোগত একেলগে ভূগি থকা ৰোগী এজনৰ সামগ্ৰিকভাৱে স্বাস্থ্যৰ অৱস্থা বেছি বেয়া হয়। ইয়াৰ কাৰণ- হ’ল- ডায়েবেটিছত ভুগি থকা লোক এজনৰ শৰীৰত দীৰ্ঘদিনীয়া বিবিধ স্বাস্থ্য সমস্যা থাকেই। সেইবিলাক হৈছে- উচ্চ ৰক্তচাপ, উচ্চ মাত্ৰাৰ কলেষ্টেৰল আৰু ৰক্তবাহী নলীৰ ৰোগ(এথেৰোছক্লেৰোচিছ) আদি। ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ কিডনি সম্পৰ্কীয় অন্য ৰোগো থকাৰ সম্ভাৱনা থাকে। সেইবিলাক হ’ল- গলব্লাডাৰত সংক্ৰমণ আৰু ব্লাডাৰলৈ থকা স্নায়ুৰ ক্ষতি।

টাইপ-১ শ্ৰেণীৰ ডায়েবেটিছ ৰোগীৰ টাইপ-২ শ্ৰেণীৰ ডায়েবেটিছ কিডনিৰ ৰোগ সামান্য বেলেগ হয়। টাইপ-১ ডায়েবেটিছত কিডনিৰ ৰোগ প্ৰথম দহ বছৰত প্ৰায়ে দেখা নিদিয়ে। টাইপ-২ ডায়েবেটিছৰ কিছুমান ৰোগী ৰোগ চিনাক্ত হোৱাৰ আগতেই কিডনিৰ ৰোগত আক্ৰান্ত হৈ থাকেই।

লিখক: ডাঃ পংকজ প্ৰতিম বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top