মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কিডনী ষ্টনৰ আয়ুৰ্বেদিক চিকিৎসা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনী ষ্টনৰ আয়ুৰ্বেদিক চিকিৎসা :

কিডনী ষ্টনৰ আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ে লিখা হৈছে ।



আয়ুৰ্বেদিকত কিডনী ষ্টন বা পাথৰক মূত্ৰ অশ্মৰী বোলা হয় । এই ৰোগৰ বিষয়ে সুন্দৰ বৰ্ণনা চৰক আৰু সূশ্ৰুত সংহিতাত পোৱা যায়। একমাত্ৰ আয়ুৰ্বেদিক ঔষধেহে কিডনী পাথৰ ভাঙি পেচাবৰ লগত বাহিৰ কৰিব পাৰে বাবে আয়ুৰ্বেদিক চিকিৎসাত ইয়াক সাধাৰণ ৰোগ হিছাপে গণ্য কৰা হয়।


পূৰ্ব সঞ্চিত কাৰণ -



(১) কমকৈ পানী খোৱাৰ কাৰণে কিডনী পাথৰ হয় । আমাৰ শৰীৰ তথা কিডনী ভালদৰে পৰিস্কাৰ হবলৈ গঢ়ে এজন বয়সস্থ ব্যক্তিয়ে প্ৰায় চাৰিলিটাৰ পানী খাব লাগে। কিন্তু পানী কমকৈ খোৱা বাবে কিডনীৰ শ্ৰোণীত সঞ্চিত হোৱা খনিজ পদাৰ্থ আৰু লৱন সঠিক ভাৱে নিৰ্গত হ'ব নোৱাৰে। পিছত এই গেদ গোটমাৰি টানহৈ পাথৰলৈ ৰূপান্তৰ হয় ।
(২) গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদন হোৱা খাদ্যত কেলছিয়াম যথেষ্ট পৰিমাণে থাকে। এই ধৰণৰ খাদ্য বেছিকৈ খালে তেজত কেলছিয়াম বৃদ্ধি হোৱাৰ বাবে কিডণী ষ্টন হয়।
(৩) গ্ৰীষ্ম প্ৰধান অঞ্চলত বসবাস কৰিলে পেচাব কমকৈ হয় আৰু কিডনীৰ শ্ৰোণীত সঞ্চিত হোৱা গেদ সঠিক পৰিমাণে নিৰ্গত নহয় । ফলস্বৰূপে এই গেদ পাথৰলৈ ৰূপান্তৰ হয়।
(৪) সৰু মাছ , চূণ , চীনাবাদাম ,বিলাহী, বীট ,ফুলকবি ,কণীৰ কুহুম ,ক'লা আঙুৰ ,তিয়হ আদিত কেলছিয়াম আৰু মেগনেছিয়াম বেছি থাকে। সেয়েহে কেলছিয়াম আৰু মেগনেছিয়াম থকা খাদ্য বেছিকৈ খালে তেজত কেলছিয়ামৰ আৰু মেগনেছিয়ামৰ পৰিমাণ বৃদ্ধি হৈ কিডনী পাথৰ হয়।
(৫) সঞ্চিত কিডনী ফেইলাৰ, হাইড্ৰোনেফ্ৰচিছ আৰু নেফ্ৰাইটিছ আদি ৰোগত বহুত দিন আক্ৰান্ত হৈ থাকিলেও কিডনী পাথৰ হব পাৰে।


ৰোগৰ লক্ষণসমূহ -

 

ককালৰ ওপৰ অংশত দুকাষে দুটা কিডনী অৱস্থিত।সেয়েহে প্ৰায়েই ককালৰ ওপৰত দুয়োকাষে বিষ হয় । মাজে সময়ে তলপেট , বুকু, কৰঙন আৰু ককালৰ বিষ হয় । পুৰুষৰ অণ্ডকোষ বিষায়। পাথৰটো লৰচৰ হলে বিষ বাঢ়ে , বেজীয়ে বিন্ধাৰ দৰে বিষ হয় , বিষৰ কাৰণে জ্বৰ উঠে আৰু অস্থিৰতা আহে। পূৱাবেলা বিষ প্ৰায়েই নাথাকে বা কমকৈ থাকে । পিছবেলাৰ পৰা ক্ৰমে বিষ বাঢ়িবলৈ ধৰে আৰু ৰাতি অত্যন্ত বিষ হয়। মূত্ৰবাহী নলীৰে পাথৰটো নামি আহোতে ঘহনি খাই কেতিয়াবা ৰক্ত পেচাব হয়। গেছৰ কাৰণে বুকু জ্বলা-পোৰা কৰে , টেঙাপানী আহে, ওকালি বা বমি হয়।

কিডনী পাথৰৰ উপসৰ্গ -



কিডনী পাথৰ ৰোগত বহুত দিন আক্ৰান্ত হৈ থকাৰ ফলত নেফ্ৰাইটিছ , কিডনী ফেইলাৰ , ইউৰেমীয়া , শোথ আদি হব পাৰে। কিন্তু আয়ুৰ্বেদিক ঔষধ খালে এনে ধৰণৰ উপসৰ্গ হব নোৱাৰে।
কিডনী পাথৰ কেবা প্ৰকাৰৰ

(১) কেলছিয়াঅ অক্জেলেটৰে গঠিত পাথৰ টান , সৰু আৰু ক'লা বৰণীয়া। এই প্ৰকাৰৰ পাথৰ মূত্ৰবাহী নলীৰে তললৈ নামি আহোতে ঘহনি খোৱাৰ ফলত ৰক্তক্ষৰণ হয়।
(২) কেলছিয়াম ফছফেটৰে গঠিত পাথৰৰ লগত কেতিয়াবা এমোনিয়াম, মেগনেছিয়াম ফছফেট আদিও উপাদান হিচাপে থাকে। এইবিধ পাথৰক "ষ্টেগহৰ্ণ" পাথৰ বুলিও কোৱা হয় ।
(৩) ইউৰিক এচিড আৰু ইউৰেটৰে গঠিত পাথৰ কঠিন , মিহি আৰু একেটা সময়তে কেবাটাও হয় । সচৰাচৰ শিশু আৰু যুৱক অধিক আক্ৰান্ত হয় ।
(৪) চিষ্টিনৰে গঠিত পাথৰ সাধাৰণতে যুৱতীৰ হয় । এই প্ৰকাৰ পাথৰ একেটা সময়তে কেবাটাও হয়। পেচাবৰ লগত প্ৰায়েই চিষ্টিন নিৰ্গত হয় ।
(৫) জেনথিনৰে গঠিত পাথৰ সচৰাচৰ দেখা পোৱা নাযায়। কাছিৎহে এই ধৰণৰ পাথৰ গঠন হয় ।
(৬) নীলা পাথৰ ইণ্ডিকানৰে গঠিত আৰু আমাৰ দেশত এই ধৰণৰ কিডনী পাথৰ ৰোগী পোৱা নাযায়।
ৰোগ নিৰ্ণয়

(১) আলট্ৰা চ'নগ্ৰাফি কৰিলে ৭০% কিডনী পাথৰ ধৰা পৰে । কিছুমান ৰোগীৰ ক্ষেত্ৰত ৩-৪ খন আলট্ৰা চ'নগ্ৰাফি কৰিলেও এই ৰোগ ধৰা নপৰে
(২) এক্সৰে কৰিলে ৮০% মানহে কিডনী পাথৰধৰা পৰে। কাৰ্বনেত , ফছফেট, ইউৰেট আৰু অক্জেলেট পাথৰ এক্সৰে কৰিলে ধৰা পৰে । ইঊৰিক এচিড আৰু চিষ্টিনৰে গঠিত পাথৰ এক্সৰে কৰিলে ধৰা নপৰে‌।
(৩) আই,ভি,পি কৰিলেও কিডনী পাথৰ ধৰা পৰে । সচৰাচৰ আলট্ৰা চ'নগ্ৰাফি আৰু এক্সৰেত ধৰা নপৰা ৰোগীৰ ক্ষেত্ৰত আই, ভি,পি কৰা হয় ।
(৪) চি,টি স্কেন কৰিলেও কিডনী পাথৰ ধৰা পৰে।
(৫) পেচাব পৰীক্ষা কৰিলে কিডনী পাথৰ ধৰা পৰে। এইবিধ পৰীক্ষা কৰিলে স্বাস্থ্যৰ ক্ষতি নহয় । এক্সৰে ,আলট্ৰা চনগ্ৰাফী আৰু চি,টি,স্কেন কৰিলে শৰীৰৰ কোষৰ যথেষ্ঠ ক্ষতিসাধন কৰে।
আহাৰ-বিহাৰ

(১) কিডনী পাথৰ ৰোগীয়ে যথেষ্ঠ পৰিমাণে অন্তত দৈনিক ৪ লিটাৰ পানী খাব । ঔষধে গলোৱা আৰু ভঙা গুৰিবোৰ পেঢাবৰ লগত বাহিৰ হয় । তাৰোপৰি পানী বেছিকৈ খালে কিডনী পৰিস্কাৰ হোৱা বাবে ভৱিষ্যতে পাথৰ হোৱাৰ সম্ভাৱনা নাথাকে।
(২)‌ নাৰিকনল পানী , কূহিয়াৰ ৰস আৰু ভীমকলৰ চৰ্বত খাব । ভীমকলৰ চৰ্বতত যথেষ্ট পৰিমাণে ভিটামিন-বি থাকে আৰু ই তেজত থকা অতিৰিক্ত কেলছিয়াম , মেগনেছিয়াম, ফছফেট আদি পেচাবৰ জৰিয়তে বাহিৰ কৰি কিডনী পাথৰ গঠণত বাধা দিয়ে।
(৩) দূপৰ টেঙা পাতৰ ৰস ৩-৪ চামুচকৈ দিনে ৩ বাৰ মিছিৰিৰ লগত মিহলাইখালে পাথৰ সহজে বাহিৰ হয় ।
(৪) নেমু চৰ্বত প্ৰচুৰ পৰিমাণে খাব । নেমু ৰসত থকা এচকৰ্বিক এচিডে কেলচিয়াম অক্জেলেট আৰু ফছফেট গলোৱাত সহায় কৰাৰ উপৰিও কিডনীত জমা হোৱাত বাধা দিয়ে। নেমু চৰ্বত খালে কিডনী পাথৰ হব নোৱাৰে।
(৫) বেঙেনা , বিলাহী , ফুলকবি , পালেং , তিয়হ আৰু ৰঙালাও নাখাব ।
(৬) তিতা কেৰেলা , কল ,গাজৰ ,মাটি দাইল , আনাৰস আদি খোৱাটো উপকাৰী।
(৭) সদায় স্কিপি‌ঙ কৰিব । স্কিপি‌ঙ কৰিলে পাথৰ মূত্ৰ নলীৰ ভিতৰত লৰচৰ কৰি তললৈ সহজেই নামি আহে । স্কিপি‌ঙ কৰোতে বিষ বাঢ়িলে নকৰিব , বিষ কমিলে পুণৰ স্কিপি‌ঙ কৰিব।
(৮) মূলাপাতৰ ৰস ৬ চামূচকৈ দিনে ৩ বাৰ খালে পাথৰ গলি পেচাবৰ লগত নিৰ্গত হয় ।
(৯) বুটমাহ তিওৱা পানী আৰু। বুটমাহ খালেও পাথৰ বাহিৰ হোৱাত সহায় কৰে।
(১০) বৰুণ গজৰ বাকলিৰে তৈয়াৰী ক্বাথ ৪-৬ চামূচকৈ দিনে ৩ বাৰ খালে কিডনী পাথৰ ওলোৱাত সহায় কৰে।
চিকিৎসা

(১) Cystone, Calcury , Niree যিকোনো এবিধ টেবলেত দুটাকৈ তিনিবাৰ খাব ।
(২) Varunadya lauha- দুটাকৈ দিনে তিনিবাৰ খাব ।
(৩) Chandra prabha vati- দুটাকৈ দিনে তিনিবাৰ খাব ।
(৪) Punarnawarista , chandanasav , Gokhuradi gugulu , Punarnawa mandur ইত্যাদি কৰি বহুত ফলপ্ৰসু আয়ুৰ্বেদিক ঔষধ আছে । এই ঔষধ প্ৰয়োগ কৰিলে কিডনী পাথৰ ভাঙি পেচাবৰ সৈতে নিৰ্গত হয়

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top