মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কিডনীৰ ৰোগ আৰু ইয়াৰ পথ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনীৰ ৰোগ আৰু ইয়াৰ পথ্য

কিডনীৰ ৰোগ আৰু ইয়াৰ পথ্যৰ বিষয়ে লিখা হৈছে ।

 

পৰিসংখ্যা অনুসৰি পৃথিৱীত প্ৰতি বছৰে প্ৰায় ৫ কোটি মানুহ ক্ৰনিক কিডনী ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে । ক্ৰম অনুসৰি কিডনীৰ বেমাৰক ৫ টা ভাগত বা ষ্টেজত ভাগ কৰা হয় ।

*ষ্টেজ ১ – নৰ্মেল বা আপেক্ষিকভাৱে উচ্চ গ্লমেৰুলাৰ ফিলট্ৰেশ্যন ৰেট (GFR) ২৯০ মি : লি: / মিনিট । এই ষ্টেজটোত সাধাৰণতে কোনো লক্ষণ দেখা নাযায় ।

*ষ্টেজ-২- গ্লমেৰুলাৰ ফিলট্ৰেশ্যন ৰেট কমি ৬০-৮৯ মি :লি: মিনিট / কেজি বডী ৱেইট হয়। প্ৰস্ৰাৱত এলবুমিন ওলায় । এক্স- ৰে, এম আৰ আই, চিটি আৰু আলট্ৰাছাউণ্ডত কিডনীৰ পৰিৱৰ্তন ধৰা পৰে ।

*ষ্টেজ – ৩ - GFR আৰু বেছি কমে । ৩০-৫৯ মি: লি:/ মিনিট হয় । এই ষ্টেজত ৰোগীৰ কিছুমান লক্ষণ দেখা যায় । এনিমিয়া (হিমগ্ল’বিন কমি যোৱা), হাড় দুৰ্বল হোৱা, ভাগৰ লগা, হাত ভৰি আৰু চকু ফুলা । কঁকালৰ বিষ আৰু ৰাতি মাংসপেশী সিৰামুৰি দিয়া (Uamps) ইত্যাদি । প্ৰস্ৰাৱত অধিক পৰিমাণে এলবুলিন পোৱা যায় ।

ষ্টেজ ৪ – ইয়াত GFR  সাংঘাতিক ভাৱে কমি যায় । ১৫-২৯ মি: লি: / মিনিট/ কেজি বডী ৱেইট হয় । এই ষ্টেজৰ লক্ষণসমূহ হৈছে- নিশ্বাসত বেয়া গোন্ধ ওলায় (Uremic Smell), ভোক কমি যায়, বমি বমি ভাব হয় আৰু মনৰ একাগ্ৰতা শক্তি (Concentration Power) কমি যায় ।

ষ্টেজ- ৫- কিডনী ফেইলাৰ । GRF< ১৫ মি: লি: / মিনিট/ কেজি বডী ৱেইট হয় । এই ষ্টেজত শৰীৰত উৎপন্ন হোৱা বৰ্জনীয় বিষাক্ত পদাৰ্থবোৰ কিডনীয়ে বাহিৰলৈ উলিয়াই পঠাবলৈ অপাৰগ হয় । ফলত এইবোৰৰ মাত্ৰা তেজত বাঢ়ি যায় । এই ষ্টেজত নিশ্বাসত সাংঘাতিক বেয়া গোন্ধ (Stroup Uremic Smell)ওলায়, ভোক কম হয় , বমি বমিভাব আহে । মনৰ একাগ্ৰতা শক্তি একেবাৰে কমি যায় আৰু ছালৰ ৰং সলনি হয় ।

কিডনীৰ ৰোগ হ’লে প্ৰথমে খোৱা আহাৰ ঠিক কৰিব লাগিব । ছ’ডিয়াম , পটাছিয়াম, কেলচিয়াম, ফছফৰাছ আদি মিনাৰেলবোৰ- যিবোৰৰ মাত্ৰা তেজত কিডনীৰ ৰোগত পৰিৱৰ্তন হ’ব পাৰে । সেইবোৰ আহাৰৰ দ্বাৰা যাতে সঠিক পৰিমাণত ৰাখিব পাৰি, তাৰ প্ৰতি সতৰ্ক হ’ব লাগে । ইয়াৰ উপৰি প্ৰ’টিনৰ মাত্ৰা আৰু ডায়েবেটিক ৰোগীৰ তেজত গ্লু’কজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব, যাতে কিডনী আৰু বেছি নষ্ট হৈ নাযায় ।

কি কি খাদ্য মাত্ৰাধিক অৰ্থত ত্যাগ কৰিব লাগে –

১) নিমখযুক্ত আচাৰ, চাটনি বৰফত ৰখা আহাৰ ।

২) কল, তৰমুজ ,ছিৰাল ।

৩) গাখীৰ, চিজ

৪) চেনি, মিঠাই

৫) মাংস

৬) মাখন, ক্ৰিম ।

ষ্টেজ-১ আৰু ষ্টেজ-২ ৰ খাদ্য –

ষ্টেজ-১ আৰু ষ্টেজ-২ ত সাধাৰণতে কিডনীয়ে যদিও নৰ্মেল কিডনীৰ দৰেই কাম কৰে, তথাপি কিডনী ক্ষয়-ক্ষতি হোৱাৰ পৰা বচাই ৰাখিবৰ বাবে আহাৰৰ অলপ পৰিৱৰ্তন কৰিব লগা হয় । নিম্ন প্ৰ’টিন কিন্তু উপযুক্ত কেলৰিমুক্ত আহাৰ যেনে-পাওৰুটী, পাচতা, ভাত আদি ল’ব পাৰে । উচ্চ প্ৰ’টিনযুক্ত আহাৰ যেনে-মাংস, হাঁহ-পাৰ, মাছ আৰু কণী খাব নালাগে । ছ’ডিয়াম, ফচফৰাছযুক্ত আহাৰ কমাব লাগে । গ্লু’কজ আৰু চেকুৰেটেড ফেট (চৰ্বি) নিয়মিত মাত্ৰাত ল’ব লাগিব । মাহ-পাচলি খাব লাগে । কিন্তু ঘিউ-মাখনৰ পৰিমাণ কমাব লাগে । নিমখ আৰু নিমখযুক্ত আহাৰ-আচাৰ, চাটনি, নিমখীয়া বিস্কুট কমাব লাগে । চেনিযুক্ত খাদ্য, যেনে-জাম, জেলি, মৌ, মিচিৰি সীমিত পৰিমাণতহে গ্ৰহণ কৰিব লাগে ।

ষ্টেজ-৩ আৰু ষ্টেজ-৪ ৰ আহাৰ-

ষ্টেজ-৩ আৰু ষ্টেজ-৪ ৰ ৰোগীয়ে আহাৰৰ ক্ষেত্ৰত দৃঢ় নিয়ম অৱলম্বন কৰিব লাগিব । ষ্টেজ-১ আৰু ষ্টেজ-২ ত দিয়া আহাৰৰ পৰিৱৰ্তনৰ উপৰি আহাৰত প্ৰ’টিন আৰু বেৱছি পৰিমাণে কমাব লাগিব । দৈনিক প্ৰ’টিন গ্ৰহণ ০৮ গ্ৰাম / কেজি বডী ৱেইট হ’ব লাগিব , কিন্তু সঠিক কেলৰি আহাৰত পাব লাগিব । যদি তেজত পটাছিয়ামৰ মাত্ৰা বেছি হয় । তেন্তে পটাছিয়াম, বেছি থকা খাদ্য, যেনে- কল, তৰমুজ, ছিৰাল, আলু আদি খোৱা বন্ধ কৰিব লাগে । তাৰ সলনি কম পটাছিয়ামযুক্ত আহাৰ, যেনে-আপেল, বন্ধাকবি, ক্ৰেনবেৰিজ আদি খাব পাৰে । আহাৰত কম ছ’ডিয়াম, উচ্চ কলেষ্টেৰল, চেকুৰেটেড আৰু ট্ৰেন্স ফেট (চৰ্বি) ল’ব লাগে । ভিজিটেবল অইল, কেনলা (Canola) তেল আৰু অলিভ অইল ব্যৱহাৰ কৰিব লাগে । কম ফচফৰাছযুক্ত আহাৰ, যেনে- ইটালিয়ান আৰু ফ্ৰেন্স ব্ৰেড, গোমধানৰ পিঠাগুড়ি, মাহ, ঘেঁহু, নিমখ নিদিয়া পপকৰ্ন, নেমুটেঙাৰ চৰৱত আদি খাব লাগে । আৰু কমাব লাগিব । শৰীৰত পানী কমাবৰ বাবে চাহ, কফি, ফলৰ ৰস, আইচক্ৰীম, চুপ আদি খোৱা বন্ধ কৰিব লাগিব । ‘বি’ আৰু ‘চি’ ভিটামিন ল’ব লাগে ।

ষ্টেজ-৫ ৰ ৰোগীৰ আহাৰ-

ষ্টেজ-৫ ত ৰোগীৰ কিডনীৰ কাৰ্য প্ৰণালী একেবাৰে কমি যায় । সেইবাবে এইটো ষ্টেজলৈ যোৱা ৰোগীয়ে হয় ডায়েলাইছিছ, নহ’লে কিডনী সংৰোপণ কৰিবলগীয়া হয় । ইয়াত আহাৰৰ তালিকা ওপৰত দিয়া ষ্টেজ ৩ আৰু ৪ ৰ আহাৰৰ নিচিনাই, কিন্তু প্ৰ’টিনৰ মাত্ৰা দৈনিক ০.৬ ৰ পৰা ০.৭৫ গ্ৰাম/ কেজি বডী ৱেইট হ’ব লাগিব । ফচফৰাছ, পটাছিয়াম, নিমখ, ছ’ডিয়াম, কেলচিয়াম আৰু পানী গ্ৰহণ অৰু কমাব লাগিব । শৰীৰত পানী কমাবৰ বাবে চাহ, কফি, ফলৰ ৰস, আইচক্ৰীম, চুপ আদি খোৱা বন্ধ কৰিব লাগিব । ‘বি’ আৰু ‘চি’ ভিটামিন ল’ব লাগে ।

কিডনী ৰোগী ডায়েলাইছিছত থাকিলে আহাৰ বেলেগ কৰিব লাগে নেকি ?

ডায়েলাইছিছত তেজৰ প্ৰ’টিন আৰু পানীত দ্ৰৱণীয় ভিটামিন কমি যায় । সেইবাবে কমি যোৱাখিনি উচ্চ প্ৰ’টিনযুক্ত আহাৰ আৰু পানীত দ্ৰৱণীয় ভিটামিনৰ দ্বাৰা পূৰ কৰিব লাগে । ডায়েলাইছিছত তেজত থকা ছুগাৰো বাহিৰ হয় । গতিকে ছুগাৰৰ ক্ষেত্ৰত কটকটীয়া প্ৰতিবন্ধকতা অলপ নামানিলেও হয় । হিমডায়ে-লাইছিছত ছ’ডিয়াম , ফচফৰাছ, পটাছিয়াম আৰু পানী গ্ৰহণ কৰা বাধা থাকিব । পেৰিটনিয়েল ডায়েলাইছিছত এই প্ৰতিবন্ধকতা কিছু কাম কৰিব পাৰি, তথাপি একেবাৰে বিলাই দিবও নোৱাৰি । যিহেতু পেৰিটনিয়েল ডায়েলাইছিছৰ ক্লুইজ্ঞ ডেক্লট্ৰজ থাকে সেইবাবে আহাৰৰ ছুগাৰটো সেই হিচাপে নিৰ্ণয় কৰিব লাগে ।

ডায়েবেটিক নেফ্ৰপেথিৰ ৰোগীয়ে কেনে আহাৰ গ্ৰহণ কৰিব লাগে ?

ডায়েবেটিক নেফ্ৰপেথিৰ ৰোগীৰ ব্লাড গ্লু’কজ লেভেলটো নিয়মিত পৰিমাণত ৰখাটো অতি প্ৰয়োজনীয় । এইটো ঠিক কৰি ৰাখিব লাগে যে সদায় যাতে একেধৰণৰ আহাৰ একে সময়তে খোৱা হয় । আহাৰৰ প্ৰতিবন্ধকতাৰ উপৰি সদায় ব্লাড গ্লু’কজ লেভেল পৰীক্ষা কৰা । ফিজিকেল একটিভিটিজ আৰু ল’ব লগীয়া ঔষধ নিয়মিতৰুপে ল’ব লাগে ।

কিডনী ৰোগত কিয় নিমখ কোৱা কমাব লাগে ?

বেমাৰী কিডনীয়ে উপযুক্ত পৰিমাণত ছ’ডিয়াম শৰীৰৰ পৰা বাহিৰ কৰি উলিয়াই দিব নোৱাৰে । ফলত তেজত ছ’ডিয়ামৰ মাত্ৰা বাঢ়ি যায় আৰু শৰীৰত বেছি পানী ধৰি ৰাখে, যাৰ ফলত উচ্চ ৰক্তচাপ আৰু ভৰি ফুলা সৃষ্টি হয় । উচ্চ ৰক্তচাপে কিডনীক আৰু বেছি ৰোগীয়া কৰি তোলে । সেইবাবে এইটো বৰ প্ৰয়োজনীয় যে এজন কিডনী ৰোগীৰ আহাৰত ছ’ডিয়াম দৈনিক ২.৩ গ্ৰামৰ কম থাকিব লাগে ।

কিডনী ৰোগীয়ে ভিটামিন আৰু মিনাৰেল যথেষ্ট পৰিমাণে ল’ব পাৰে নেকি ?

কিডনীৰ ৰোগীজনে পুৰক হিচাপে ‘বি’ ভিটামিন, যেনে- ৰাইবফ্লেভিন, চায়েন’ কবালমিন’, পাইৰ’ডক্সিন আৰু ফলিক এচিড ল’ব লগীয়া হ’ব পাৰে । কিন্তু ওপৰঞ্চি নিয়াচিন ভিটামিন ‘চি’, ‘এ’, ‘ই’ আৰু ‘কে’-ৰ দৰকাৰ নহয় ।

কিডনীৰ ৰোগত্ৰ কেলচিয়াম আৰু পটাছিয়ামৰ প্ৰভাৱ কেনেধৰণৰ ?

কিডনীৰ ৰোগত কেলচিয়াম আৰু পটাছিয়ামৰ পোনপটীয়া প্ৰভাৱ নাই যদিও কিডনীৰ ৰোগৰ বাবে তেজত এই দুটাৰ মাত্ৰা পৰিৱৰ্তন হয় । কেলচিয়াম হাড়ৰ বাবে অতি দৰকাৰী । ৰুগীয়া কিডনীৰ দ্বাৰা ভিটামিন’ডি’ ৰ উৎপন্ন কমি যায়, ফলত হাড়ৰ কেলচিয়াম কমি যায় আৰু হাড় চনকা হয় । কম আঘাতেই ভাঙি যাব পাৰে । ইফালে কিডনীৰ ৰোগত উৎপন্ন হোৱা উচ্চ ফচফৰাছ লেভেল হাড়ৰ পৰা কেলচিয়াম বাহিৰলৈ উলিয়াই আনে আৰু অত্যধিক কেলচিয়াম, ফচফেটে কিডনী ষ্ট’ন সৃষ্টি কৰি কিডনীক আৰু ৰুগীয়া কৰে । সেইবাবে ভিটামিন ‘ডি’ ৰ পৰিপূৰক, ফচফেট বাইণ্ডাৰ আৰু নিম্ন ফচফৰাছযুক্ত আহাৰ গ্ৰহণ কৰাটো নিতান্তই আৱশ্যকীয় । পটাছিয়াম মাংসপেশী আৰু হাৰ্টক সবল কৰি ৰখাৰ শেষৰ ষ্টেজত  তেজত পটাছিয়ামৰ মাত্ৰা বাঢ়িবও পাৰে, কমিবও পাৰে । সেইবাবে ডাক্তৰে নিৰ্দেশ দিয়া মতে ঔষধ ল’ব লাগে ।কাৰণ খুব বেছি বা খুব কম পটাছিয়াম দুয়োটাই বিপজ্জনক ।

নিম্ন প্ৰ’টিন আহাৰ বুলিলে কি বুজায় আৰু ক্ৰনিক কিডনী ৰোগত ইয়াৰ প্ৰয়োজনীয়তা-

প্ৰ’টিনে ইউৰিয়া, ইউৰিক এচিড, ক্ৰিয়েটিনিন আদি অদৰকাৰী বৰ্জনীয় পদাৰ্থবোৰ সৃষ্টি কৰে।যিবোৰ কিডনীয়ে পেচাবত বাহিৰলৈ উলিয়াই দিয়ে । কিন্তু ক্ৰনিক কিডনী ৰোগত কিডনীয়ে এইবোৰ বাহিৰলৈ উলিয়াবলৈ অপাৰগ হয় । ফলত তেজত এইবোৰৰ মাত্ৰা বাঢ়ি যায় আৰু শৰীৰত জটিলতাৰ সৃষ্টি কৰে । কিডনী ৰোগত ডায়েবেটিছ নথকা ৰোগীৰ ক্ষেত্ৰত আহাৰত দৈনিক প্ৰ’টিন ০.৮ গ্ৰাম/ কেজি আৰু ডায়েবেটিক ৰোগীৰ ক্ষেত্ৰত দৈনিক ০.৮-১.০ গ্ৰাম/ কেজি সীমিত ৰাখিব লাগে ।

আহাৰত প্ৰ’টিনৰ মাত্ৰা কণ্ট্ৰল কৰিলে ব্লাড গ্লু’কজ, লিপিড, ৰক্তচাপ, হাড়ৰ বেমাৰ আৰু মেটাবলিক এচিডছিছ কণ্ট্ৰল কৰাত সহজ হয় । কিন্তু প্ৰ’টিনৰ বেছি প্ৰতিবন্ধকতাই মাল নিউট্ৰিশ্যন সৃষ্টি কৰিব পাৰে । সেই কাৰণে লক্ষ্য কৰি থাকিব লাগে ।

নিম্ন প্ৰ’টিনযুক্ত আহাৰৰ উৎস –

আমিষভোজীৰ বাবে প্ৰ’টিনযুক্ত আহাৰৰ উৎস হৈছে- চিকেন, মাছ, কণীৰ বগা অংশ এইবোৰ সীমিত পৰিমাণত ল’লে শৰীৰলৈ প্ৰ’টিন নিম্ন মাত্ৰাত যাব । নিৰামিষভোজীৰ প্ৰ’টিনৰ উৎস হৈছে- বিন, মাহ-চাউল আদি শস্য আৰু বাদাম, নাৰিকল আদি ।

PEM কি আৰু ইয়াক কেনেকৈ চিকিৎসা কৰা হয়

PEM মানে প্ৰ’টিন এনাৰ্জি মাল নিউট্ৰিশ্যন । ই শৰীৰৰ এটা সাংঘাতিক ক্ষয়কৰণ বেমাৰ, যিটো শৰীৰে অতি কম পৰিমাণ প্ৰ’টিন আৰু এনাৰ্জি বা কেলৰি পোৱাৰ বাবে সৃষ্টি হয় । ই শৰীৰৰ বাবে অতি লাগতিয়াল প্ৰাণৰক্ষক পথ্য নিউট্ৰিনবোৰ শৰীৰলৈ শুহি ল’ব নোৱৰাৰ বাবে বা এইবোৰ তেজত শক্তি ৰুপান্তৰ কৰিব নোৱৰাৰ বাবে হ’ব পাৰে । PEM ৰোগীৰ খুব সোনকালে ভাগৰ লাগে । পেট ফুলি যায় আৰু খুব ঠাণ্ডা লাগে ।

ইয়াৰ প্ৰথম চিকিৎসা হৈছে ফ্লুইড আৰু ইলেক্ট’লাইট সমতা ৰক্ষা কৰা আৰু ইনফেকয্যন বা কণ্ডিশ্যন,- যিটোৱে PEM সৃষ্টি কৰিছে, তাৰ চিকিৎসা কৰা । দ্বিতীয়তে দৰকাৰী নিউট্ৰিয়েণ্টবোৰ বেছিকৈ গ্ৰহণ কৰি লাগতিয়াল নিউট্ৰিয়েণ্টবোৰ পূৰ কৰা ।

লেখক : ডা: অংকিত শৰ্মা

উৎস – দৈনিক জনমভূমি

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top