অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্লাষ্টাৰ ‘এ’ পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ :

ক্লাষ্টাৰ ‘এ’ পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ :

 

ব্যক্তিত্বৰ বিকাৰ(Personality Disorder) এনে এক বিকাৰ, য’ত ব্যক্তিজনৰ কিছু কিছু ক্ষেত্ৰত অস্বাভাৱিক আচৰণ আৰু এই অস্বাভাৱিক আচৰণৰ বাবে মনোবিজ্ঞানীসকলে ব্যক্তিজনক সম্পূৰ্ণভাৱে মানসিক ৰোগী বুলি নিৰ্ণয় কৰিব নোৱাৰে অথবা সুস্থ মানসিক স্বাস্থ্যৰ ব্যক্তি বুলিও অভিহিত কৰিব নোৱাৰে। মনোবিদসকলে ব্যক্তিত্বৰ বিকাৰসমূহক ১০ ভাগত বিভক্ত কৰিছে। প্ৰতিটো বিকাৰৰেই যোগসূত্ৰৰ সমন্বয় ঘটে বিভিন্ন ধৰণৰ মনোভাৱ আৱেগ আৰু আচৰণৰ লগত। এই ব্যক্তিত্বৰ বিকাৰসমূহক সামূহিকভাৱে তিনিটা গোটত বিভক্ত কৰিছে, মনোবিজ্ঞানীসকলে। এই গোটকেইটা হ’ল ক্লাষ্টাৰ ‘এ’, ‘বি’ আৰু ‘চি’। আমাৰ আজি আলোচনা কেৱল ক্লাষ্টাৰ ‘এ’ পাৰ্ছনেলিটী ডিছঅৰ্ডাৰৰ ওপৰত। আচহুৱা আৰু অস্বাভাৱিক আচৰণ Cluster ‘A’ Personality Disorder থকা ব্যক্তিসকলৰ মূল বৈশিষ্ট্য।

পেৰানয়ড পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ -

ব্যক্তিত্বৰ এই ধৰণৰ বিকাৰগ্ৰস্ত ব্যক্তিসকলে সাধাৰণতে ইনিজৰ অনুভৱ ব্যক্ত কৰে। নিৰ্বিকাৰ, নিলগে থকা বিধৰ আৰু আনৰ সৈতে সম্পৰ্ক বা সম্বন্ধ স্থাপন কৰিবলৈ আগ্ৰহী নহয়। নিজৰ আশে-পাশে থকা লোকসকলৰ প্ৰতি সন্দেহপৰায়ণ হয়। সন্দেহপ্ৰৱণতা এওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য। এই সন্দেহপ্ৰৱণ আৰু অবিশ্বাসী মানসিকতা চাৰিটা বা ততোধিক এনে মানসিক বৈশিষ্ট্যক সামৰি(DSM-IV, American Psychitic Association, 1994) অনুসৰি বৈশিষ্ট্যসমূহৰ ভাগ কৰিছে।

ক)পৰ্যাপ্ত ভিত্তি নথকাকৈ ক্লাষ্টাৰ ‘এ’ লোকসকল সন্দেহপৰায়ণ মনোভাবৰ, যেন কোনোবাই তেওঁক ক্ষতি, শোষণ আৰু ঠগিবলৈ বিচাৰি আছে।

খ)পূৰ্বৰে পৰা মনত পুহি ৰখা অবিবেচিত, যুক্তিহীন সন্দেহ নিৰ্ভৰযোগ্য বন্ধু, সহযোগী বা সতীৰ্থবৰ্গৰ ওপৰত।

গ)গোপনীয় বিষয়বস্তু আনকি বিশ্বস্ত লোকৰ ওচৰত প্ৰকাশ বা দাঙি ধৰিবলৈ অনিচ্ছুক বা ভৰসা নকৰা। ভয় হয় জানোচা কোনোবাই তেওঁৰ বিপক্ষে ভুল তথ্য আনক অৱগত কৰায়।

ঘ)ভাল বন্ধুত্বপূৰ্ণ আলাপ-আলোচনা, মন্তব্য বা ঘটনাক ক্ষতিকৰ বা ভাবুকিস্বৰূপ বুলি গণ্য কৰে।

ঙ)কাৰোবাৰ পৰা অপমান বা আঘাত পালে ক্ষমা কৰিবলৈ অপাৰগ।

চ)অযুক্তিকৰভাৱে অনবৰতে সন্দেহপৰায়ণ মনোভাব। আনকি নিজ পত্নী অথবা পতিৰ ওপৰত।

২)ছিছয়ড পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ:

ব্যক্তিত্বৰ এনে বিকাৰগ্ৰস্ততাৰ ব্যক্তিসকল সাধাৰণতে লাজুকীফ্যা, আনৰ সংগ এৰি চলা বিধৰ হয়। সন্দেহ ভাবাপন্ন। আনৰ লগত মিলা-মিছা বা আন্তৰিকতা গঢ়াত আগ্ৰহী নহয়। নিজৰ মনৰ আৱেগ-অনুভূতি ব্যক্ত কৰিব নিবিচাৰে। এওঁলোকৰ এখন সুকীয়া মনোজগত থাকে আৰু ইয়াতেই এওঁলোকে বিচৰণ কৰি ভাল পায়। আনে কি ভাবে? নাভাবে……। আন লোকৰ দৃষ্টিভংগী কি? তেওঁলোকে তাৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে।

ক)নিজৰ আত্মীয় অথবা ওচৰৰ সম্বন্ধক আওকাণ নকৰে অথবা কোনো মধুৰ সম্পৰ্কক উপভোগো নকৰে।

খ)এওঁলোক সঘনে এনেকুৱা ক্ৰিয়াকলাপত ব্যস্ত হয়, য’ত অন্য কোনো ব্যক্তি বা প্ৰতিষ্ঠান জড়িত নহয়।

গ)যৌন সম্পৰ্কৰ ক্ষেত্ৰত নামমাত্ৰও আগ্ৰহ প্ৰকাশ কৰা দেখা নাযায়।

ঘ)নিজৰ পৰিয়ালৰ বাবে ঘনিষ্ঠ বন্ধুৰ অভাৱ।

ঙ)আনৰ প্ৰশংসা বা সমালোচনাৰ প্ৰতি উদাসীন তথা প্ৰতিক্ৰিয়াহীন।

৩)ছিজ’টাইপেল পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ:

ছিজ’টাইপেল পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ ব্যক্তিত্বৰ ব্যক্তিসকলৰ বৈশিষ্ট্যসমূহ ছিজ’য়ড পাৰ্ছনেলিটী ডিছঅৰ্ডাৰ ব্যক্তিত্বৰ লগত অনুৰূপ ব্যক্তিত্বৰ হয়। এওঁলোকক ভীষণ বিশৃংখল চিন্তাই মনটোত ক্ৰিয়া কৰি থাকে। ভাব আদান-প্ৰদানত অসফল, দুৰ্বল ইয়াৰ উপৰি American Psychitic Association, 1994, DSM-IV অনুসৰি তলৰ বৈশিষ্ট্যসমূহক সামৰি লৈছে।

ক)অনৈমিত্তিক ঘটনা বা তথ্যৰ উৎস এওঁলোকে বিশ্বাস কৰে অথবা বাহিৰা কোনো ঘটনা বা শক্তিক আনে অনৈমিত্তিক ঘটনা বা কাৰণ বুলি ধাৰণা কৰিলেও কিন্তু এওঁলোকৰ বাবে বিশেষভাৱে অৰ্থ বহন কৰে।

খ)আচহুৱা বিশ্বাস বা ঐন্দ্ৰজালিক ভাৱনা, যিয়ে তেওঁলোকৰ আচৰণক প্ৰভাৱিত কৰে। সামাজিক ৰীতি-নীতিৰ আচৰণ মান ইত্যাদিৰ ওপৰত অসামঞ্জস্য বিশ্বাস। উদাহৰণস্বৰূপে- ইন্দ্ৰজাল, তন্ত্ৰ-মন্ত্ৰ, আধিভৌতিক টেলিপেথী ব ষষ্ঠইন্দ্ৰিয়ৰ ধাৰণাৰ ওপৰত বিশ্বাস।

গ)অনৈমিত্তিক অভিজ্ঞতাৰ উপলব্ধি বা অনুভৱ কৰা। উদাহৰণ হিচাপে- কোনোবাই যেন তেওঁক কাণে কাণে ফুচফুচাই তেওঁৰ নাম উচ্চাৰণ কৰিছে।

ঘ)অতিমাত্ৰা সন্দেহপৰায়ণ কল্পনা বা চিন্তা।

ঙ)নিজৰ অনুপযুক্ত আৱেগ-অনুভূতিক বহিৰ্প্ৰকাশৰ পৰা জোৰকৈ বাধা দিয়াৰ ফলত ব্যক্তিজনৰ বাহ্যিক ৰূপ আৰু আচৰণ অস্বাভাৱিক হৈ উঠে। উদাহৰণস্বৰূপে দৃষ্টিকটু অংগী-ভংগী, চকুলৈ নোচোৱা, বিৱৰ্ণ বা মৰহা কাপোৰ পিন্ধা। দেহত খাপ নোখোৱা পোছাক পৰিধান কৰা। ইত্যাদি এনে ব্যক্তিত্বৰ ব্যক্তিসকল বন্ধুহীন হোৱা দেখা যায়।

চ)আচহুৱা চিন্তা আৰু কথা-বাৰ্তা, লাগ-বান্ধ নোহোৱা শব্দৰ উচ্চাৰণ যিবোৰ অৰ্থহীন। বিষয়বস্তুৰ মাত্ৰাধিক ব্যাখ্যা আৰু আচল প্ৰসংগৰ পৰা ফালৰি কাটি যোৱা বিধৰ।

নিজৰ পৰিয়ালৰ বাদে অন্য লোকক বিশ্বাস নকৰা বাবে এওঁলোকৰ সামাজিক উদ্বিগ্নতা বৃদ্ধি পায়। ফলস্বৰূপে সামাজিক মিলা-মিছাৰ অভাৱ হয় আৰু সামাজিকভাৱে সুপৰিচিত বুলি জানিও অকলশৰীয়া অৱস্থা এটা বাছি লয় কেৱল সন্দেহপৰায়ণ মনোভাৱৰ বাবেই সমাজৰ প্ৰতি এওঁলোকৰ দৃষ্টিভংগী প্ৰায়েই বিয়োগাত্মক দেখা যায়।

চিকিৎসাবিধান -

ব্যক্তিত্বৰ বিকাৰ হৈছে ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ পূৰ্বৰে পৰা বিন্যস্ত কৰা এজন ব্যক্তিৰ অস্বাভাৱিক আচৰণ। বহু ব্যক্তি তেওঁলোকে নিজেও জ্ঞাত নহয় যে তেওঁলোকে ব্যক্তিত্বৰ বিকাৰত ভুগি আছে। চিকিৎসাৰ ক্ষেত্ৰত পৰিয়ালৰ চিকিৎসক যি জনে ব্যক্তিজনক মানসিক চিকিৎসকৰ ওচৰলৈ দিহা-পৰামৰ্শৰ বাবে পঠিয়াব পাৰে। মনোচিকিৎসকে পৰামৰ্শ আৰু মনোচিকিৎসা ব্যক্তিজনক প্ৰদান কৰি ব্যক্তিজনৰ কঠিন সমস্যাসমূহ সমাধান কৰাৰ বাট মুকলি কৰি দিয়ে। কেতিয়াবা ঔষধ সেৱনৰ ব্যৱস্থাও মনোচিকিৎসকে বা Psychotherapist-যে এইক্ষেত্ৰত ব্যক্তিজনৰ মনৰ সঁচা অনুভূতি, আন্দোলিত কৰি আগবঢ়োৱা দেখা যায়। মনৰ কঠিন বা অহেতুক সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত Cognitive Behvioural Therapy(CBT) হ’ল এক উত্তম মানসিক চিকিৎসা পদ্ধতি। Behvioural Therapy য়ে ব্যক্তিজনৰ মনটোক বিচলিত কৰা কাৰকসমূহক দুৰ্বল কৰি মনটোক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাত সহায় কৰে আৰু যিবোৰ কাৰকে ব্যক্তিজনক খঙাল, ৰুক্ষ, উদ্বিগ্ন বা হতাশাগ্ৰস্ত কৰি তোলে, সেইবোৰ কাৰকক শিক্ষণৰ যোগেদি সমস্যাসমূহ সমাধান কৰিবলৈ সহায় কৰে। যাতে ব্যক্তিজনে জীৱনৰ যিকোনো কঠিন পৰিস্থিতিতো নিজকে চম্ভালি ৰখাৰ মনোবল অটুট ৰাখিব পাৰে।

লেখক: বি কে তপন(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate