মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / কৰ’নাৰী এনজিঅ’গ্ৰাফী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ’নাৰী এনজিঅ’গ্ৰাফী

কৰ’নাৰী এনজিঅ’গ্ৰাফীৰ বিষয়ে লিখা হৈছে

কৰ’নাৰী  এনজিঅ’গ্ৰাফী কি

 

মানুহৰ হাৰ্টৰ পৃষ্ঠভাগত তিনিডাল কৰ’নাৰী ধমনী থাকে।এই ধমনীবোৰত কিবা ব্লকেজ আছে নেকি অৰ্থাৎ ঠেক হৈ গৈছে নেকি সেইটো জানিবৰ বাবে এবিধ দৰবযুক্ত পদাৰ্থৰ ইনজেকচন দিয়া হয়।ইয়াৰ ফলত তেজৰ ধমনীত ঠেক হোৱা ঠাইবিলাকত বিশেষ ধৰণৰ এক্সৰে মেচিনৰ দ্বাৰা দেখা পোৱা যায়।ইয়াকে  কৰ’নাৰী এনজিঅ’গ্ৰাফী বুলি কোৱা হয়।

কেনেদৰে কৰা হয়

 

আমাৰ হাতৰ বা কৰঙনীৰ ধমনী এটাত সৰু ফুটা এটা কৰা হয় আৰু সেই ফুটাৰে এটা কেথেটাৰ অৰ্থাৎ সৰু নলী এডাল সুমুৱাই দিয়া হয় আৰু বাহিৰৰ পৰা সেই নলীৰ মাজেৰে এটা ইনজেকচন দিয়া হয়,যাৰ ফলত ঠেক হোৱা ঠাইডোখৰ পৰিস্ফুট হয়।

 

এনজিঅ’গ্ৰাফী  কৰাৰ আগেয়ে ৰোগীজনে কেনে ব্যৱস্থা ল’ব লাগে

 

এনজিঅ’গ্ৰাফী  কৰাৰ দিনাখন ৰোগীজনে অন্তত:৩-৪ ঘণ্টামান একো নোখোৱাকৈ থাকিব লাগে।অৱশ্যে পানী খাব পাৰে।খোৱা বস্তু বা দৰবৰ পৰা কিবা এলাৰ্জি থাকিলে মধুমেহ বা বৃক্কৰ ৰোগ থাকিলে ,সেই কথা চিকিৎসকৰ আগত ক’ব লাগে।কিডনী আৰু বৃক্কৰ সঠিক অৱস্থানৰ বিষয়ে জানিবলৈ এনজিঅ’গ্ৰাফী কৰাৰ আগতে ‘ক্ৰিয়েটিনিন’নামৰ পৰীক্ষাটি কৰাটো নিতান্তই প্ৰয়োজনীয়।কিছুমান ক্ষেত্ৰত আন কিছুমান টেষ্টৰো প্ৰয়োজন হ’ব পাৰে।

এনিজঅ’প্লাষ্টি কৰাৰ পিচত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে

 

এনিজিঅ’প্লাষ্টি  কৰি ষ্টেণ্ট লগোৱাৰ পিচত মানুহজনে প্ৰথম এক বছৰ  দুই ধৰণৰ ৰক্ত তৰল কৰা দৰব ব্যৱহাৰ কৰিলে ষ্টেণ্টৰ মাজত তেজ চলাচল কৰোতে,তেজ গোট মাৰি নাযায় আৰু ধমনীত নতুনকৈ ব্লক নোহোৱাৰ বাবে চৰ্বি কমোৱা ঔষধো ব্যৱহাৰ কৰিব লাগে।অন্যক্ষেত্ৰত মানুহজনে সম্পুৰ্ণ সুস্থ জীৱন যাপন কৰিব পাৰে।নিয়মীয়া শাৰীৰিক পৰিশ্ৰম,খেল-ধুলা ,যোগাভ্যাস,কৰিব পাৰিলে ৰোগটো পুনৰ হোৱাৰ সম্ভাৱনা কম থাকে।

এনজিঅ’গ্ৰাফীত ব্লক পালে,সকলো ক্ষেত্ৰত এনজিঅ’প্লাষ্টিকৰ প্ৰয়োজন হয় নেকি

 

এনজিঅ’গ্ৰাফী কৰাৰ সময়ত প্ৰায় পাঁচৰ পৰা আঠটা ফটো লোৱা হয় আৰু সেই ফটোবোৰ অধ্যয়ন কৰা হয় আৰু কম্পিউটাৰৰ সহায়ত ধমনীটো কিমান অংশ ঠেক হৈছে,সেইটো হিচাপ কৰি উলিওৱা হয়।যদি ৭০% ৰো কম ঠেক থাকে,তেনেক্ষেত্ৰত প্ৰথমাৱস্থাত দৰব দিয়া হয় আৰু যদি ৭০% তকৈ বেছি ঠেক হৈ যায়,তেন্তে তেওঁক এনজিঅ’প্লাষ্টি বা বাইপাছ ছাৰ্জাৰী কৰিবলৈ উপদেশ দিয়া হয়।অৱশ্যে ইয়াৰ লগতে ৰোগীজনৰ বয়স,কিডনীৰ অৱস্থা ,ডায়েবেটিছ,শাৰীৰিক অৱস্থা,হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা ইত্যাদি নানান কথা অধ্যয়ন কৰিহে শেষ সিদ্ধান্ত লোৱা হয়।

এনজিঅ’গ্ৰাফী  কৰিলে ৰোগীজন ভৰ্তি হৈ থাকিব লাগেনে

 

এনজিঅ’গ্ৰাফী সাধাৰণতে ভৰি আৰু হাতৰ ধমনীৰ মাজেৰে কৰা হয়।ভৰিৰ ধমনীৰে এনজিঅ’গ্ৰাফী  কৰিলে অন্তত: ৬ ঘণ্টা ভৰিখন লৰচৰ নকৰাকৈ শুই থাকিব লাগে আৰু তেনেক্ষেত্ৰত ৰোগীজন ভৰ্তি হোৱাটো বাঞ্জনীয়।হাতেৰে  এনজিঅ’গ্ৰাফী কৰিলে পিচ মুহুৰ্ততে বাহিৰ বা থিয় হ’ব পাৰে আৰু কেইঘণ্টামান পৰ্যবেক্ষণ কৰাৰ পিচত ঘৰলৈ যাব পাৰে।

শৰীৰত কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া হ’ব নেকি

 

এনজিঅ’গ্ৰাফী কৰাৰ ফলত শৰীৰত পৰৱৰ্তী কালত কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া নহয় বা তাৰ প্ৰভাৱ নাথাকে।এইটো এটা পৰীক্ষাহে।প্ৰয়োজন হ’লে চিকিৎসাৰ খাতিৰত এইটো কৰিব লগীয়া হয়।কিন্তু  এনজিঅ’গ্ৰাফী কৰাৰ সময়ত যি ঔষধ দিয়া হয়,তাৰ ফলত কিডনীত প্ৰভাৱ পৰিব পাৰে বা এলাৰ্জি বা কিডনীৰ সমস্যা থাকিলে চিকিৎসকক জনাই দিব লাগে।আৰু এনজিঅ’গ্ৰাফী  শেষ হোৱাৰ পিচত যথেষ্ট পৰিমাণে পানী খাব লাগে।

এনজিঅ’প্লাষ্টি মানে কি

 

এনজিঅ’প্লাষ্টি কৰাৰ পিচত যদি কোনোবা এটা ধমনী যথেষ্ট পৰিমাণে ঠেক হৈ যোৱা দেখা যায় বা সম্পুৰ্ণৰুপে বন্ধ হৈ থাকে,সেই ঠেক ঠাইখিনিত বাহিৰৰ পৰা বেলুন এটাৰে ফুলাই দিয়া হয় আৰু বেলুনৰ সহায়ত এটা ক্ষুদ্ৰ তাঁৰৰ জালি বা ষ্টেণ্ট বহাই দিয়া হয়,ইয়াকে এনজিঅ’প্লাষ্টি বোলা হয়।

 

এনজিঅ’প্লাষ্টি বাইপাছ ছাৰ্জাৰীৰ মাজত পাৰ্থক্য কি

 

এনজিঅ’প্লাষ্টি সাধাৰণতে লোকেল অৰ্থাৎ স্থানভিত্তিক এনাস্থেছিয়া দি কৰা হয়।গোটেই প্ৰক্ৰিয়াটো প্ৰায় একৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰত সম্পুৰ্ণ হয় আৰু ৰোগীজনক খুব সোনকালে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।আনহাতে বাইপাছ ছাৰ্জাৰী জেনেৰেল এনাস্থেছিয়াৰ সহায়ত ৰোগীজনক অজ্ঞান কৰি কৰা হয়।ইয়াত ৰোগীজনক ভৰিৰ সিৰা কাটি বা শৰীৰৰ অন্য অংশৰ পৰা ধমনী কাটি,ঠেক হোৱা ঠাইডোখৰক বাইপাছ কৰি তেজ চলাচলৰ নতুন ৰাস্তা বনাই দিয়া হয়।

 

লেখক:ডা: বিপ্লৱ পল (সম্ভাৰ)

 

 

 

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top