টিনত সংৰক্ষণ কৰি ৰখা বিলাহী: সতেজ বিলাহী শৰীৰৰ বাবে উপকাৰী আৰু কৰ্কট প্ৰতিৰোধ হোৱাৰ বিপৰীতে টিনত সংৰক্ষণ কৰি ৰখা বিলাহী শৰীৰৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে টিনত সংৰক্ষণ কৰি ৰখা অধিকাংশ খাদ্যই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। টিনত সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা বিচফেনল-এ অথবা বিপিএ নামৰ ৰাসায়নিক দ্ৰব্যই মানুহৰ মগজুত কুপ্ৰভাৱ পেলায়। সেয়ে পৰাপক্ষত টিনত সংৰক্ষণ কৰি ৰখা খাদ্যতকৈ সতেজ খাদ্য অধিক হোৱা উচিত।
ছ’ডা: গৱেষণাৰ দ্বাৰা প্ৰমাণ হৈছে যে যিসকল লোকে দৈনিক ছ’ডা গ্ৰহণ কৰে, তেওঁলোকৰ ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা ছ’ডা গ্ৰহণ নকৰা লোকতকৈ বহুত বেছি। এনেধৰণৰ পানীয়ত শৰ্কৰা ভৰি থাকে আৰু নামমাত্ৰও কেলৰি নাথাকে। ফলত এনে পানীয় গ্ৰহণে ওজন বৃদ্ধি কৰে। অবেচিটিপৰ্যন্ত হয়। অধিক পৰিমাণৰ ছ’ডা গ্ৰহণ কৰিলে বহুমুত্ৰ ৰোগ হ’ব পাৰে। ছ’ডাৰ নিয়মিত গ্ৰহণ কৰ্কটৰ কাৰক।
পটেট’চিপছ: মুখৰোচক পটেট’ চিপছ খাই বেয়া পোৱা মানুহৰ সংখ্যা কম । ভোকৰ সময়ত পটেট’ চিপছ জলপানৰ ভুমিকাও লয়। কিন্তু অত্যধিক পৰিমাণৰ শৰ্কৰা আৰু কেলৰিযুক্ত পটেট’ চিপছে ওজন বৃদ্ধি কৰে। কলেষ্টৰেল বৃদ্ধি আৰু উচ্চ ৰক্তচাপৰো ই কাৰক।
সংসাধিত মাংস: আজিকালি সংসাধিত মাংস বহুতেই গ্ৰহণ কৰে। ছাগলী, গাহৰিৰ পৰা গো মাংসলৈ প্ৰায় সকলো মাংস এই প্ৰক্ৰিয়াৰে বিক্ৰী কৰা হয়। জিভাত তৃপ্তি দিয়া এনে মাংস সংসাধন কৰাৰ সময়ত অত্যধিক মাত্ৰাত নিমখ আৰু ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয়। ইয়াৰ ফলত এনে খাদ্য শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰে। মৃত্যুৰ সময়ো কেতিয়াবা চমু চপাই আনে। ছ’ডিয়ামৰ উপৰি আন বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলি কৰাৰ ফলত সংসাধিত মাংস সতেজ হৈ নাথাকিলেও দেখাত সতেজ যেন লাগে। সেয়ে এনেধৰণৰ মংসৰ পৰিবৰ্তে সতেজ মাংস খোৱা উচিত।
এলক’হল: ধপাতৰ পিচতেই কৰ্কটৰ কাৰক হ’ল এলক’হল। নিয়মমাফিক সুৰাপান স্বাস্থ্যৰ বাবে উপকাৰী, হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ বিপৰীতে অত্যধিক সুৰাপান ষ্ট্ৰ’ক, আকস্মিক মৃত্যুৰ কাৰক। ২০০৭ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাত পোহৰলৈ অহা অনুসৰি মুখ, লিভাৰ, পাকস্থলী, মলাশয় আৰু স্তনৰ কৰ্কটৰ কাৰক হ’ল অত্যধিক মাত্ৰাত সুৰাপান কৰা।
ডায়েট ফুড: ডায়েট অথবা ‘ল’ ফেট’ হিচাপে লেবেল মাৰি ৰখা ডায়েট ফুডত এছপাৰ্টেম থাকে। কৰ্কট, হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ কাৰক হ’ল এছপাৰ্টেম।
বনস্পতি তেল: বিভিন্ন ধৰণৰ বনস্পতি তেল ইয়াৰ উৎসৰ পৰা প্ৰাকৃতিকভাৱে নিষ্কাশন কৰা হয়। ৰাসায়নিক প্ৰক্ৰিয়াৰে নিষ্কাশন কৰি সতেজ ৰাখিবৰ বাবে ৰং আৰু গোন্ধো মিহলোৱা হয়। তদুপৰি সকলো বনস্পতি তেলত অ’মেগা-৬ ফেটি এচিড মিহলোৱা হয়। এই এচিডৰ অত্যধিক পৰিমাণে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ আৰু ছালৰ কৰ্কটৰ সম্ভাৱনা বৃদ্ধি কৰে।
পৰিশোধিত চেনি: পৰিশোধিত চেনিয়ে কেৱল শৰীৰৰ ইনছুলিনৰ মাত্ৰাই বৃদ্ধি নকৰে, ই কৰ্কটৰ কোষৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে। কেক, কুকিজ, ছ’ডা, পানীয় আদিত এনে চেনি ব্যৱহাৰ কৰা হয়। সেয়ে পৰাপক্ষত এনে খাদ্য খোৱাৰ পৰা দুৰত থকা উচিত।
মাইক্ৰ’ৱেভত তৈয়াৰ কৰা পপকৰ্ন: মাইক্ৰ’ৱেভত তৈয়াৰ কৰা পপকৰ্ন স্বাস্থ্যৰ বাবে হানিকাৰক। মাইক্ৰ’ৱেভৰ পাত্ৰবোৰত থকা পাৰফ্লউৰুকটাইন নামৰ এচিডে মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতা হ্ৰাস কৰে। এই এচিডে কিডনী, লিভাৰৰ কৰ্কটৰ সম্ভাৱনা বৃদ্ধি কৰে।
অত্যধিক নিমখযুক্ত-পোৰা খাদ্য: সাধাৰণতে খাদ্য সংৰক্ষণ কৰিবৰ বাবে অত্যধিক নিমখৰ সহায় লোৱা হয়। যি কৰ্কটৰ কাৰণ হ’ব পাৰে। অত্যধিক তাপত পোৰা মাছ-মঙহ বা যিকোনো খাদ্য বিষময় হৈ উঠিব পাৰে।
উৎস: দেওবৰীয়া সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 2/14/2023