অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ্ন ৰোগ

কৰ্ন ৰোগৰ বিষয়ে লিখা হৈছে

কৰ্নৰ অসমীয়া প্ৰতিশব্দ আমাৰ বোধেৰে 'শালচকুৱা'|অতি প্ৰাচীন কালৰ পৰা মানুহে ভৰিৰ চাফ-চিকুণতা আৰু সৌন্দৰ্য্যৰ প্ৰতি যতন লৈ আহিছে ৷ প্ৰাচীন মিছৰ দেশত আৰু সিন্ধু উপত্যকাত ভৰিৰ সৌন্দৰ্য্য চৰ্চাত বিশেষ মনোনিবেশ কৰা হৈছিল ৷ যোদ্ধা নেপলিয়নৰ ভৰিৰ এজন নিজা তত্বাবধায়ক আছিল বুলি জনা যায় ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহম লিংকনৰো ইছাচাৰ যাচ্চেইৰি (Isachar Zacharie) নামৰ এজন তত্বাবধায়ক আছিল ৷ এনে ভৰিৰ তত্বাবধান লোৱা লোকসকলক Chiropodists বা Podiatrists বোলা হয় ৷ ১৮৯৫চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত চিৰ'প'ডিষ্টসকলৰ প্ৰথমখন চ'চাইটি গঠিত হয় ৷ ১৯১০চনৰ পৰা আমেৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়া আদি দেশত এই বিষয়ৰ শিক্ষাৰ উদ্দেশ্য 'ফুট হস্পিতেল' স্থাপিত হবলৈ ধৰে ৷ শেহতীয়াকৈ গোটেই বিশ্বতে চিৰপডিষ্ট হৈছে এক সন্মানজনক আৰু উচ্চ আয় কৰোতা চিকিৎসাবৃতিৰ বিশেষজ্ঞ বুলি পৰিচিত লোক ৷ চিৰপডিষ্টসকলে ভৰিৰ ছালৰ, নখৰ, হাঁডৰ,গাঁঠিৰ সকলো ধৰণৰ চাৰ্জিকেল আৰু মেডিকেল চিকিৎসা প্ৰদাণ কৰে ৷ এজন অৰ্থপেডিক চাৰ্জনতকৈ এওঁলোকৰ দক্ষতা কোনো গুণে কম নহয় ৷ যি সকললোক ডায়েবেটিজত আক্ৰান্ত ; যাৰ ভৰিৰ তেজ সঞ্চালন কম হোৱা ৰোগ (Peripherial vascular disease) আছে - তেনেলোকসকল সহজতেই ভৰিৰ নানাবিধ ৰোগত আক্ৰান্ত হয় ৷ সেয়ে আজিৰ দিনত চিৰপডিষ্টসকলৰ প্ৰয়োজনীয়তা দিনকদিনে বাঢ়ি আহিব ধৰিছে ৷

আমাৰ চুবুৰীয়া পাহাৰীয়া ৰাজ্য মেঘালয়, মিজোৰাম, নগালেণ্ড আৰু অৰুণাচলৰ অভিজ্ঞতা থকা লোকসকলে এটা কথা নিশ্চয় মন কৰিছে ৷ এই জনজাতীয় মহিলাসকলে দুয়োটা ভৰি ভালদৰে ঘঁহি-পিহি বেচ চিকচিকিয়া কৰি ৰাখে ৷ ইয়াৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰে এচটা শিল, কাঠৰ বা বাঁহৰ নহলে প্লাষ্টিকৰ ব্ৰাছ, ভোলৰ ছাল আদি ৷ সেই মহিলাসকলৰ ভৰিৰ তলুৱা ফটা, ভৰিত আচিনাই বা কৰ্ন হোৱা চকুত নপৰে ৷

কৰ্ন হ'ল সাধাৰণতে ভৰিত দেখা দিয়া প্ৰায়েই ঘূৰণীয়া আকৃতিৰ মৃত ডাঠ, খহটা ছালৰ টুকুৰা যাক হেঁচিলে বিষ অনুভৱ কৰা যায়


কৰ্ন তিনি ধৰণৰ হব পাৰে -


•কঠিন - সাধাৰণতে ভৰিৰ কেঞা আঙুলিৰ চাইদত নহলে ভৰিৰ আন আঙুলিৰ ওপৰত হব পাৰে ৷
•কোমল- ভৰিৰ দুটা আঙুলিৰ ফাকত হোৱা কোমল মিহি,ৰঙচুৱা বৰণৰ, চুলে বিষ হোৱা ছালৰ টুকুৰা ৷
•গুটিৰ দৰে - সাধাৰণতে ভৰিৰ গোৰোহাত হোৱা, বেচ বিষ থকা মৃত ছালৰ টুকুৰা ৷

কেলাচ হ'ল মৃত ছালৰ টুকুৰা, কৰ্নতকৈ আকাৰত বহল আৰু ইয়াৰ সঠিক সীমা নাথাকে ৷ সাধাৰণতে হাঁড়ৰ ওপৰত আৰু ভৰিৰ তলুৱাত কেলাচ হোৱা চকুত পৰে ৷ কেলাচত আৰম্ভণিতে বিষ নাথাকে, কিন্তু কিছুমান কেলাচত পিছলৈ বিষ অনুভৱ হয়

কৰ্ন আৰু কেলাচৰ উৎপত্তিৰ কাৰণ-


দুয়োটাৰে উৎপত্তিৰ কাৰণ হ'ল : ১-হেঁচা খোৱা বা চাপ পৰা, ২- ঘঁহটা খোৱা বা ঘৰ্ষণ হোৱা ৷ সাধাৰণতে ভালকৈ ফিটিং নোহোৱা, বেচাইজৰ জোতা পিন্ধি দীঘলীয়া সময় ঠিয় হৈ থাকিলে বা চলাফিৰা কৰিলে ছালৰ একো একোটা অংশৰ পৰিবৰ্তন হৈ কৰ্ন বা কেলাচৰ সৃষ্টি হয় ৷ ভৰিৰ আঙুলিৰ বিসংগতি (যেনে হাতুৰি আকৃতিৰ ভাজ লোৱা ভৰিৰ আঙুলি- Hammer toe ) নাইবা কোনো অংশত অস্বাভাবিক হাঁড়ৰ বৃদ্ধি (Bunion) -থকা লোকৰ শৰীৰত কৰ্ন আৰু কেলাচৰ উৎপত্তিৰ সম্ভাৱনা বেচি ৷ আকৌ খালি ভৰিৰে খোজ কাঢ়োতে আঘাতপ্ৰাপ্ত হৈ কৰ্ন আৰু কেলাচৰ জন্ম হব পাৰে ৷ অতি টাইট জোতা আৰু হাইহিল জোতায়ো কৰ্ন আৰু কেলাচ কৰে ৷ ভৰিৰ আঘাতৰ বাবে খেলুৱৈৰ কৰ্ন আৰু কেলাচ হব পাৰে ৷ মোজা নোহোৱাকৈ জোতা পিন্ধিলেও আঘাত,ঘৰ্ষণ আদিৰ ফলত কৰ্ন বা কেলাচ হব পাৰে ৷ ভৰিৰ উল্লেখিত অংশৰ বাহিৰেও কৰ্ন আৰু কেলাচ শৰীৰৰ ছালৰ আন হেঁচা পৰা ঠাইটো (যেনে কিলাকুটিত) হব পাৰে ৷ ডায়েবেটিজ ৰোগী, দুৰ্বল শৰীৰৰ ৰোগী, স্নায়ুৰ দুৰ্বলতা থকা ৰোগী, তেজ সঞ্চালনৰ বিজুতি থকা ৰোগীৰ কৰ্ন আৰু কেলাচ সহজে নিৰাময় নহয় ৷

কৰ্নৰ চিনাক্তকৰণ কৰোতে আচিনাইৰ কথা পাহৰি নাযাব ৷ আচিনাই হয় হিউমেন পেপিলমা ভাইৰাচৰসংক্ৰমণৰ ফলত ৷ কৰ্নৰ পৰা হব পৰা জটিলতা হ'ল- বীজাণুৰ সংক্ৰমন (Infection ) - বিশেষকৈ ডায়েবেটিজ ৰোগীৰ ক্ষেত্ৰত ৷

কৰ্ন আৰু কেলাচৰ চিকিৎসা –


পোনতেই হেঁচা পৰাৰ কাৰণটো আতৰাব লাগিব ৷ বহু ক্ষেত্ৰত চাপ দূৰ কৰাৰ পিছত কৰ্ন আৰু কেলাচ লাহে লাহে নিজে নিজে নোহোৱা হয় ৷
আজিকালি বজাৰত,ফাৰ্মাচীত কৰ্নৰ উপশম ঘটাব পৰা নানাবিধ সজুলি বা সৰঞ্জাম উপলব্ধ ৷ সেইবিলাকৰ কিছুমান হ'ল- কৰ্ন কেপ, কৰ্ন প্লাষ্টাৰ,লগোৱা ঔষধ চেলিচাইলিক এচিড ৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজে সেইবিলাকৰ প্ৰয়োগ কৰা অনুচিত ৷ বিশেষকৈ ডায়েবেটিজ ৰোগীৰ কৰ্নত বীজানুৰ সংক্ৰমনৰ সম্ভাৱনা বহু পৰিমাণে থাকেই ৷

চাৰ্জাৰীৰ দ্বাৰা মৃত,টান ছাল কাটি এৰাই পেলোৱা - এই কাম ৰোগীয়ে নিজে নকৰি অভিজ্ঞ চিকিৎসক বা চিৰপডিষ্টৰ হতুৱাই কৰাব লাগে ৷ ডায়েবেটিজ ৰোগীক ইনচুলিন দি তেজৰ চুগাৰ নিয়ন্ত্ৰণ কৰিহে আগবঢ়া উচিত ৷

আজিকালি লেজাৰৰ দ্বাৰাও দোষ নোপোৱাকৈ কৰ্ন আতৰ কৰা হয় ৷

ভৰিৰ যতন লোৱা কিছুমান সজুলিৰ বিষয়ে কবলগীয়া - যিসকল ৰোগীৰ হেমাৰ ট' বা বুলিয়ন জাতীয় বিসংগতি আছে ,তেওঁলোকৰ বাবে বজাৰত বিশেষ ধৰণৰ জোতা উপলব্ধ নাইবা নিজে অৰ্ডাৰ দি বনাই লব পাৰি ৷

গৃহ চিকিৎসা আৰু আয়ুৰ্বেদিক প্ৰতিবিধান-


কৰ্ন গলাবলৈ নিম্নলিখিত প্ৰয়োগ কৰি সুফল পোৱা বুলি আয়ুৰ্বেদিক চিকিৎসকসকলে দাবী কৰে -
- পিঁয়াজৰ ৰস লগোৱা 
- নহৰু পিচি লগোৱা 
- নেমুৰ ৰস লগোৱা
-কেচাঁ অমিতাৰ ৰসৰ প্ৰয়োগ
-হালধি আৰু মৌজোলৰ মিশ্ৰণৰ প্ৰলেপ
- বগা ভিনেগাৰ ঘঁহি
- বেকিং চোডাৰ প্ৰয়োগ কৰি
ভৰিত ঘঁহা পাথৰ (Pumice stone) ৰ সদোপ্ৰয়োগ কৰি কৰ্ন আৰু কেলাচৰ আকাৰ সৰু কৰি চিকিৎসা কৰিব পাৰি ৷

 

লিখক:ডা০ ভূপেন শইকীয়া

3.4347826087
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top