মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / খোৱাপানীৰ প্ৰদূষণঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খোৱাপানীৰ প্ৰদূষণঃ

খোৱাপানীৰ প্ৰদূষণৰ বিষয়ে লিখা হৈছে

খোৱাপানীৰ প্ৰদূষণ কেনেকৈ হয়-

 

পানীয়েই প্ৰাণীৰ প্ৰাণ। আপাত দৃষ্টিত পৃথিৱীখন পানীৰেই ভৰি আছে। পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশই পানীয়ে আৱৰা বুলি আমি জানো। পিছে এই বিশাল পানীভাগৰ শতকৰা ৯৭.২ ভাগেই লুণীয়া হেতুকে পেয় নহয় বুলি আমি বহুতেই নাজানো। অৱশিষ্ট মাত্ৰ ২.৮ শতাংশ পানীৰ ওপৰতে ৭৪০ কোটি জনসংখ্যাৰ সমগ্ৰ মানৱ জাতি তথা অন্যান্য জীৱকুলে জীৱন ধাৰণৰ বাবে নিৰ্ভৰ কৰিব লাগে।

খোৱাপানীৰ প্ৰদূষণৰ প্ৰধান কাৰক-

 

খোৱাপানী দৃশ্যগতভাৱে গ্ৰহণীয়, স্বচ্ছ আৰু বৰণহীন লগতে গ্ৰহণযোগ্য সোৱাদ বা গোন্ধহীন, খাবলৈ বা খাদ্য প্ৰস্তুত কৰাৰ বাবে নিৰাপদ হ’ব লাগে। মূলতঃ দুই ধৰণৰ কাৰকে খোৱাপানী প্ৰদূষিত কৰিব পাৰে- জৈৱিক কাৰক আৰু ৰাসায়নিক কাৰক। আজিকালি একাংশই তেজষ্ক্ৰিয় কাৰক বুলিও এটা কাৰকৰ উল্লেখ কৰিব খোজে। টাইফয়েড বা সন্নিপাত জ্বৰ, কলেৰা, ডায়েৰীয়া, পলিঅ’ মায়েলাইটিছ, হেপাটাইটিছ- ‘এ’ আৰু ‘চি’ আদি কেইবাটাও মানুহৰ বাবে মাৰাত্মক ৰোগ দূষিত খোৱাপানীৰ পৰা হয়। মল বা অন্য বৰ্জনীয় পদাৰ্থৰে প্ৰদূষিত পানীত এনেবোৰ বেক্টেৰিয়া বা ভাইৰাছ থাকে। এণ্টামিবা, জিয়াৰ্ডিয়া আদি প্ৰ’ট’জোৱায়ো পানী প্ৰদূষিত কৰিব পাৰে। অৱশ্যে এনেদৰে প্ৰদূষিত নোহোৱা পানীতো চিউডোমনাছ, চেৰাচিয়া, ফ্লেৱ’বেক্টেৰিয়াম, ক্ৰোমোক্তেৰিয়াম, একেনোবেক্টৰ আদি মৃতজীৱী আদি পচা উদ্ভিদজ বেক্টেৰিয়া থাকিব পাৰে, যিবোৰ মানুহৰ বাবে সচৰাচৰ অনিষ্টকাৰী নহয়।

খোৱাপানীৰ গুণাগুণ নিৰ্ণয়ৰ ক্ষেত্ৰত তিনিটা মাপকাঠী বিচাৰ্য হয়- আবয়ৱিক, জৈৱিক আৰু ৰাসায়নিক। যিহেতু প্ৰদূষিত পানীৰ উপৰি আপাত দৃষ্টিত বীজাণুমুক্ত পানীতো বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ বা প্ৰ’ট’জোৱা আদি থাকিব পাৰে, গতিকে আমি খোৱাৰ বাবে ব্যৱহাৰ কৰা পানী নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিয়মীয়াকৈ বীজাণু সম্পৰ্কীয় পৰীক্ষা-পাতি কৰি থাকিব লাগে। অঞ্চল তথা ঋতুভেদে এনে ব্যৱধান এদিনৰো হ’ব পাৰে বা এমাহৰো হ’ব পাৰে। খোৱাপানী সকলো ধৰণৰ অনিষ্টকাৰী বীজাণুৰ পৰা মুক্ত হ’ব লাগে। গতিকে গুণাগুণ পৰীক্ষাৰ উদ্দেশ্যও এনে সকলোবোৰ অনিষ্টকাৰী বেক্টেৰিয়া আদি নিৰ্ণয় কৰা হ’ব লাগিছিল। পিছে ৰোগকাৰী বেক্টেৰিয়াসমূহ পানীত এনেভাৱে থাকে যে উচ্চ প্ৰযুক্তিৰ সহায় নোলোৱাকৈ ইহঁতক নিৰ্ণয় কৰা সম্ভৱ নহয়। সেয়ে সহজে নিৰ্ণয় কৰিব পৰা, বৃহৎ মাত্ৰাত পানীত থকা কোনো বেক্টেৰিয়া প্ৰজাতিৰ পৰিমাণ নিৰ্ণয়কে সূচ্য ইণ্ডিকেটৰ হিচাপে ধৰি অহা হৈছে। উদাহৰণস্বৰূপে ই-কলাই, ফিকেল ষ্ট্ৰেপ্ট’কক্কাই, ক্লষ্ট্ৰিডিয়াম পাৰফ্ৰিন’জেঞ্চ আদি বেক্টেৰিয়াক পানীৰ মলজনিত প্ৰদূষণৰ সূচ্য হিচাপে ধৰা হয়। বেক্টেৰিয়াজনিত পৰীক্ষা কৰাৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰোঁতে কিছুমান বিশেষ নীতি মানি চলিব লাগে। খোৱাপানী পৰিষ্কাৰ কৰাৰ বাবে ক্ল’ৰিন বহুলভাৱে ব্যৱহাৰ কৰা হয়। পানীত ক্ল’ৰিনৰ উপস্থিতিয়ে সময়ৰ লগে লগে বেক্টেৰিয়াৰ সংখ্যা কমাই গৈ থাকে। গতিকে শুদ্ধ বেক্টেৰিয়া গণনাৰ বাবে পানীত ৰৈ যোৱা অৱশিষ্ট ক্ল’ৰিনৰ নিষ্ক্ৰিয়কৰণ প্ৰয়োজনীয়। ইয়াৰ বাবে ছ’ডিয়াম থায়োছালফেট নামৰ ৰাসায়নিক দ্ৰব্য এবিধ পৰীক্ষা কৰিব খোজা পানীৰ নমুনাত মিহলাব লাগে। সংগ্ৰহৰ পিছত যথাসম্ভৱ সোনকালে পানীৰ নমুনা নিৰ্দিষ্ট পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব লাগে। ভাইৰাছ নিৰ্ণয়ৰ বাবে কিছুমান বিশেষ পৰীক্ষা আছে যদিও পানীৰ গুণাগুণৰ নিয়মীয়া পৰীক্ষাত ইয়াক অন্তৰ্ভুক্ত কৰা হোৱা নাই, কিয়নো পানী বিশুদ্ধকৰণত বহুলভাৱে ব্যৱহৃত ক্ল’ৰিনৰ প্ৰভাৱত প্ৰায়বোৰ ভাইৰাছেই ধ্বংস হয়। প্ৰতি লিটাৰ পানীত ০.৫ মিলিগ্ৰাম অৱশিষ্ট মুক্ত ক্ল’ৰিন আৰু অম্লতা ৮তকৈ কম অৱস্থাত ৩০ মিনিট সময় ৰাখিলেই পানীত থকা ভাইৰাছসমূহ ধ্বংস হয়। প্ৰ’ট’জোৱাজনিত প্ৰদূষণ নিৰ্ণয়ৰ নিৰ্ভৰযোগ্য সূচ্য এতিয়াও ওলোৱা নাই। পানীৰ ৰাসায়নিক প্ৰদূষকৰ ভিতৰত গধুৰ ধাতু, নাইট্ৰেট, নাইট্ৰাইট, ফ্ল’ৰাইড বা আৰ্ছেনিক যৌগ আদি উল্লেখ কৰিব লাগিব। গধুৰ ধাতুসমূহৰ বিৰূপ ক্ৰিয়া মানুহৰ শৰীৰত ধীৰে ধীৰে হোৱাৰ বিপৰীতে নাইট্ৰ’জ বা আৰ্ছেনিক যৌগৰ কুপ্ৰভাৱ তুলনামূলকভাৱে তাৎক্ষণিক ৰূপত হয়। ফ্ল’ৰাইড যৌগ কম মাত্ৰাত স্বাস্থ্যৰ বাবে লাভদায়ক যদিও মাত্ৰাধিক হাৰত খোৱাপানীত ইয়াৰ উপস্থিতিয়ে দাঁত, হাড় আদিত ক্ষতিকাৰক প্ৰভাৱ পেলায়। গোটেই বিশ্বতে প্ৰায় ছয় কোটি লোক বিভিন্ন মাত্ৰাত উচ্চ হাৰৰ ফ্ল’ৰাইডযুক্ত পানীৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি ঠাৱৰ কৰা হৈছে। আৰ্ছেনিক প্ৰদূষণ আৰু অধিক ব্যাপক। বিশ্বজুৰি প্ৰায় ১৪ কোটি লোক এনে খোৱাপানীজনিত আৰ্ছেনিক প্ৰদূষণৰ সন্মুখীন হৈছে বুলি সমীক্ষাত প্ৰকাশ। এনেবোৰ প্ৰকৃতিগত ৰাসায়নিকৰ উপৰি মানৱ সৃষ্ট ক্ষুদ্ৰ কণাৰ দ্বাৰা হোৱা খোৱাপানীৰ প্ৰদূষণ বিশেষকৈ ঔদ্যোগিক অঞ্চলসমূহত এক চিন্তনীয় বিষয় হৈ পৰিছে। তথ্য অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোকে আজিৰ তাৰিখতো অসুৰক্ষিত খোৱাপানী ব্যৱহাৰ কৰি আছে। ইয়াৰ বাবে বছৰি পাঁচ লক্ষাধিক লোকৰ প্ৰাণহানি হোৱাৰ উপৰি বহুতেই পংগুত্বক আঁকোৱালি ল’ব লগা হৈছে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ ৰমেন কুমাৰ কাকতি, চিকিৎসা আৰু স্বাস্থ্য বিষয়া, তামুলপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ)।

3.08695652174
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top