মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গ'লব্লাডাৰ আৰু গ'লব্লাডাৰ পাথৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ'লব্লাডাৰ আৰু গ'লব্লাডাৰ পাথৰ :

গ'লব্লাডাৰ আৰু গ'লব্লাডাৰ পাথৰৰ বিষয়ে লিখা হৈছে ।


ভাৰতবৰ্ষৰ ভিতৰতে অসমত গ'লব্লাডাৰ পাথৰ হোৱা ৰোগীৰ সংখ্যা আটাইতকৈ বেছি । প্ৰথমতে আমি গলব্লাডাৰটোনো কি জানি লও ।অসমীয়াত ইয়াক পিত্তথলী বুলি কোৱা হয়, যিটো আমাৰ সকলোৰে পেটত আছে। আমি খোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়াৰ বাবে ই অতি দৰকাৰী এটা অংগ। খাদ্য পাচনৰ বাবে বিষেশকৈ চৰ্বী জাতীয় খাদ্য পাচন কৰিবলৈ ক্ষাৰকীয় প্ৰকৃতিৰ পিত্তৰসৰ প্ৰয়োজন। পিত্তৰসে খাদ্যৰ চৰ্বী অংশৰ ওপৰত ক্ৰিয়া কৰি চৰ্বীৰ বৃহৎ অনুবোৰ ভাঙি সৰু সৰু অংশলৈ বিভক্ত কৰে।ফলত অগ্নাশয় গ্ৰন্হিয়ে ক্ষৰণ কৰা চৰ্বী পাচক উতসেচকে চৰ্বী সহজেই পাচন কৰিব পাৰে।এই পিওৰসবোৰ তৈয়াৰ হয় আমাৰ যকৃতত (Liver)।যকৃতৰ পৰা পিত্তবাহী নলীয়েদি পিত্তৰস ওলাই আহি পিত্তস্থলীত জমা হয়। গতীকে পিত্তস্থলী বা Gall bladder হৈছে যকৃতৰ পৰা নিঃসৰিত পিত্তৰস জমা কৰি ৰখা এবিধ মোনাহে।পিত্তৰসত 97% পানী বাকী 3% কলেষ্টেৰল খনিজলৱন,পিত্তৰঞ্জন আৰু পিত্তএচিড আদি থাকে।


গলব্লাডাৰ পাথৰ উৎপত্তিৰ কাৰণ -


গলব্লাডাৰ পাথৰ সৃষ্টি হোৱাৰ প্ৰকৃত সকলোবোৰ কাৰণ জনা হোৱা নাই যদিও সাধাৰণতে জনা কিছুমান প্ৰধান কাৰণ হৈছে :-
মেদবহুলতা:-মেদবহুলতা হৈছে দেহত অতিৰিক্ত চৰ্বী জমা হোৱাৰ ফলত শকত হৈ গৈ থকা অৱস্থা। মানুহৰ শৰীৰত চৰ্বীৰ অতিৰিক্ত অংশ কলেষ্টেৰল হিচাপে জমা হৈ থাকে। এই চৰ্বী চালৰ তলত,ধমনীবোৰৰ ভিতৰত,হৃদযন্ত্ৰৰ আবৰন আদি বিভিন্ন ঠাইত জমা হয়। পিত্তথলীৰ ভিতৰতো এই কলেষ্টেৰলৰ পৰিমান বৃদ্ধি পাব ধৰে।ফলত পিত্তথলীত এচিডৰ পৰিমান কমি যায় তেতিয়া কলেষ্টেৰল অদ্ৰৱণীয় অৱস্হালৈ গৈ পাথৰৰ সৃষ্টি কৰে।
বীজাণুজনিত:- নাক, মুখ আৰু খাদ্যৰ জৰিয়তে আমাৰ দেহত বীজাণুৰ প্ৰবেশ ঘটে ।সকলো বীজাণু য়ে দেহত বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে যদিও ক্ষতি সাধন কৰে।বহুতো বীজাণু তেজত থকা WBC বোৰে মাৰিবলৈ সক্ষম হয়। মৃত বীজাণু তেজৰ জৰিয়তে আহি পিত্তস্থলীত জমা হব পাৰে।  এই বীজাণু বোৰৰ ওপৰত কেলছিয়াম কাৰ্বনেট আৰু কলেষ্টেৰল তৰপে তৰপে জমা হৈ পাথৰৰ সৃষ্টি হব পাৰে।
পিত্তৰসৰ মন্থৰ গতি:- যদি কোনো কাৰণবশত পিত্তস্থলীৰ পৰা পিত্তৰসৰ গতি সামান্য হ'লেও মন্থৰ হয় তেন্তে পিত্তৰস বেছি সময় পিত্তস্থলীত জমা হয় ।ইয়াৰ ফলত পিত্তৰসৰ পানীভাগ শোষণ হয়। পৰিণতিত আন উপাদান বোৰ গোট মাৰি কঠিন অৱস্থালৈ যায় ।এইবোৰেই তৰপে তৰপে জমা হৈ পাথৰ হয়। এইবাবেই আমি পানী বেছি খাব লাগে। লঘোনে থকা অৱস্থাত বিশেষকৈ পানী খাব লাগে।


পাথৰৰ কাৰণ বোৰ কেনেকৈ সৃষ্টি হয় -


আধুনিক যুগত ব্যক্তিৰ শাৰীৰিক শ্ৰম দিনক দিনে কমিছে মানসিক শ্ৰম বাঢ়িছে ।বেছিভাগ মানুহেই অফিছত বহি বহি য়েই কাম কৰিব লগা হয়।আনকি গৃহিণী সকলৰো আগৰ নিচিনা কাম নোহোৱা হল।এল. পি.জি.চিলিণ্ডাৰ,  মিক্সাৰ,ৱাচিং মেচিন, ৰানিং ওৱাটাৰ আদিৰ ব্যৱহাৰে শাৰীৰিক শ্ৰম বহুখিনি হ্ৰাস কৰিছে।ফলত এনে ব্যক্তিৰ দেহত স্বাভাবিকভাবে কলেষ্টেৰলৰ পৰিমান বৃদ্ধি পাইছে ।বেছিভাগ পুৰুষৰ এই কলেষ্টৰল জনিত কাৰনতেই গলব্লাডাৰ পাথৰ হয়।। এনে ব্যক্তিয়ে নিতৌ খোজ কঢ়া বা ব্যয়াম কৰা অভ্যাস কৰাটো ভাল।
বেছিভাগ বিবাহিতা মহিলাৰ ক্ষেত্ৰত গলব্লাডাৰ পাথৰ হোৱা দেখা যায় ।ইয়াৰ কাৰণ কি?মাইকী মানুহৰ দেহত ইষ্ট'জেন নামৰ এবিধ হৰমোন থাকে যিয়ে নাৰী সুলভ চৰিত্ৰ গঠন কৰে।গৰ্ভধাৰণ কৰা মহিলাৰ তেজত ইষ্ট'জেন হৰমোন বেছিকৈ নি:সৰিত হয়।এই হৰমোনে পিত্তস্থলীৰ সংকোচন প্ৰক্ৰিয়া কমাই দিয়ে।ফলত পিত্তৰস পিত্তস্থলীত বেছি সময় জমা হৈ থাকে।এই অৱস্থাত পিত্তস্থলীৰ বেৰে পানী ভাগ শোষণ কৰে আৰু বাকী গোটা পদাৰ্থ বোৰ তৰপে তৰপে জমা হৈ পাথৰ হয়।গতিকে ঘনাই গৰ্ভধাৰণ কৰা মহিলাৰ গলব্লাডাৰ হোৱাৰ সম্ভাৱনা বেছি। আনহাতে গৰ্ভধাৰণ নকৰিবলৈ বেছিভাগ মহিলাই গৰ্ভনিৰোধক টেবলেত খাই।এই টেবলেত বোৰত ইষ্ট'জেন আৰু প্ৰজেষ্ট'জেন হৰমোন থাকে।অতিৰিক্ত ভাবে খোৱা ইষ্ট'জেন হৰমোন বোৰ দীৰ্ঘকাল ব্যৱহাৰ কৰাৰ ফলত গলব্লাডাৰৰ ভিতৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি ঘটি এচিডৰ পৰিমাণ হ্ৰাস পায়। ফলত তৰপে তৰপে জমা হৈ পাথৰ সৃষ্টি হয় ।গতিকে গৰ্ভনিৰোধক টেবলেত বোৰ দীৰ্ঘকাল ব্যৱহাৰ নকৰাই ।

এক সমীক্ষা অনুসৰি শকত ,বহুবাৰ গৰ্ভধাৰণ কৰা মহিলা আৰু 50 বছৰ ওপৰৰ মহিলাৰ গলব্লাডাৰ হোৱাথ প্ৰবনতা আটাইতকৈ বেছি । সেইবুলি ক্ষীণ মানুহৰ বা সৰু সৰু লৰাছোৱালীৰো আন আন কাৰনত গলব্লাডাৰ পাথৰ হব পাৰে।ইয়াৰ বাদেও লিভাৰৰ ৰোগ,তেজৰ ৰোগ যেনে এনিমিয়া ,মধুমেহ আদি ৰোগৰ বাবেও গলব্লাডাৰ পাথৰ হব পাৰে।
ৰোগৰ লক্ষণ: - ৰোগীৰ আচম্বিতে পেটৰ বিষ, পিঠিৰ বিষ,বমি হোৱা, খোৱাৰ পাছত পেট ফুলি থকা জ্বৰ আদিয়েই গ'লষ্টোনৰ প্ৰধান লক্ষণ যদিও কিছুমানৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ সাধাৰন পৰীক্ষাত পাথৰ থকা কথাটো গম পায় ।

চিকিৎসা -

এজন ডাক্টৰে প্ৰসংগক্ৰমে মোক কৈছিল -"আমি যেতিয়া ডাক্টৰ পঢ়িছিলো তেতিয়া আলট্ৰাছ'ন'গ্ৰাফী আবিষ্কাৰ হোৱা নাছিল।গলব্লাডাৰ পাথৰ থকা সন্দেহ হলে অনুমানতে পেট ফলা হৈছিল।কিন্তু চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী আবিষ্কাৰ আলট্ৰাছ'ন'গ্ৰাফী ওলোৱাৰ পাছত পেটৰ ভিতৰখন ভালকৈ চাব পৰা হ'ল।"সঁচাই এতিয়া আৰু অনুমানত মিছাকৈ পেট কাটিব নালাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি আলট্ৰাছ'ন'গ্ৰাফী কৰি পাথৰ থকা গম পালে তাৰ উচিত ব্যৱস্থা লব লাগে ।মই জনাত অস্ত্ৰোপচাৰ ইয়াৰ একমাত্ৰ উত্তম চিকিৎসা ।বাকী ডাক্টৰৰ পৰামৰ্শ অনুসৰি ব্যৱস্থা লোৱা উচিত ।আজিকালি পেট কাটিবও নালাগে ।মিনিলেপ অস্ত্ৰোপচাৰ, লেপাৰোস্ক'পিক অস্ত্ৰোপচাৰ আদিৰ দ্বাৰা সহজেই পেট নকটাকৈ পাথৰ আতৰাব পাৰি।
গ'লব্লাডাৰ অপাৰেচন কৰোতে পাথৰৰ লগতে গ'লব্লাডাৰ বা পিত্তস্থলীটো ও কাটি পেলোৱা হয়।ইয়াৰ বাবে ৰোগীৰ সাধাৰনতে একো অসুবিধা নহয় যদিও চৰ্বী যুক্ত বস্তু খালে হজম নহব পাৰে।পাতল পাইখানা হব পাৰে।সেয়েহে চৰ্বী যুক্ত বস্তু কমাই খাব লাগে। ঘিঁউ, মাখন,মাংস , তেলত ভজা বস্তু নোখোৱাকৈ থকা ভাল।

লেখক :- নৱ ওজা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top