মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গলৰ বেমাৰ আৰু ইয়াৰ চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গলৰ বেমাৰ আৰু ইয়াৰ চিকিৎসা

গলৰ বেমাৰ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে গলৰ বেমাৰ বুলি ক’লে গল বিষোৱা, গল খজুওৱা বা গলৰ খচখচনি ভাব এটাকে বুজায় । এনে অৱস্থাত কিবা জুলীয়া বা গোটা আহাৰ খালে গলত বিষ অনুভৱ হয় । গলৰ বেমাৰৰ আন লক্ষণবিলাক থাকিলেও ইয়াৰ মূল লক্ষণটো হ’ল বিষ । ইয়াৰ উপৰি-

১) গল শুকাই যোৱা

২) গলৰ চাৰিওফালে থকা গুটিবিলাক ফুলি যোৱা

৩) টনচিলত বগা দাগ হোৱা

৪) মাত ভাঙি যোৱা আদি লক্ষণ দেখা দিয়ে ।

যিকোনো বয়সৰ মানুহৰ এই বেমাৰ হ’ব পাৰে যদিও তলত উল্লেখ কৰাসকলৰ ক্ষেত্ৰত এই বেমাৰ বেছি হয় ।

১) সৰু সৰু ল’ৰা-ছোৱালীৰ

২) ধূমপান কৰাসকলৰ

৩) এলাৰ্জী থকাসকলৰ

৪) দুৰ্বল মানুহসকলৰ

লক্ষণবিলাক কি কি ?

গলৰ বেমাৰ বহু কাৰণত হ’ব পাৰে-

ভাইৰেল ইনফেকচন (Viral infection) :-

গলৰ অসুখৰ বেছি অংশই ভাইৰাছৰ সংক্ৰমণৰ পৰা হয় । সাধাৰণ চৰ্দি বা ফ্লু ইয়াৰ অন্যতম উদাহৰণ । ইয়াৰ উপৰি আন আন ভাইৰাছৰ আক্ৰমণৰ পৰা হোৱা বেমাৰ, যেনে- আই (pox), কাহ(croup) আদি হ’লে গলৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলায় ।

বেক্টেৰিয়াৰ সংক্ৰমণ :-

বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও গলৰ বেমাৰ হ’ব পাৰে । ষ্ট্ৰেপ থ্ৰ’ট, ডিপথেৰিয়া, হুপিং কাহ আদি ।

পৰিৱেশজনিত কাৰণ -

আমাৰ পৰিৱেশৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ প্ৰদূষণজনিত কাৰণত এলাৰ্জী হ’ব পাৰে আৰু এই এলাৰ্জীৰ বাবে ঘন ঘন হাঁচি আৰু নাকেৰে পানী ওলায় । এই বিজলুৱা পানী গলৰ ওপৰ অংশত জমা হৈ খজুৱতি, প্ৰদাহ আৰু বিষৰ সৃষ্টি কৰিব পাৰে ।

১) শুকান বতাহে গলৰ ওপৰত প্ৰভাৱ পেলায় ।

২) অত্যধিক চিগাৰেট খোৱাৰ পৰাও গলৰ বেমাৰ হ’ব পাৰে ।

৩) জোৰে কথা কোৱা বা বেছি কথা কোৱাৰ পৰাও গলৰ বেমাৰ হ’ব পাৰে ।

গেষ্ট্ৰিকজনিত কাৰণ -

গেষ্ট্ৰিকজনিত কাৰণত ঢেকুৰৰ জৰিয়তে যেতিয়া এচিড আমাৰ মুখলৈ আহে তেতিয়া ই গলৰ এক পোৰাণিৰ সৃষ্টি কৰে ।

গলৰ বিষ বা জ্বলা-পোৰাৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগেনে ?

গলৰ বেমাৰ (Sore Throat) ৰ বাবে সাধাৰণতে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নহয় । কিন্তু অসুখ বেছি দিনলৈ হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক হয়  ।

তলত উল্লেখ কৰা লক্ষণবিলাক দেখা দিলে চিকিৎসাৰ প্ৰয়োজন হয় ।

১) উশাহ লোৱাত অসুবিধা

২) গাঁঠিৰ বিষ

৩) খাদ্য গিলিবলৈ অসুবিধা

৪) কাণৰ বিষ

৫) গলত ৰঙা ৰঙা দাগ হোৱা

৬) ১০১° ফাৰেনহাইটতকৈ বেছি জ্বৰ হোৱা

৭) গলত কিবা লাগি থকা অনুভৱ হোৱা

৮) দুই সপ্তাহতকৈ বেছি মাত ভাঙি থাকিলে

গলৰ অসুখৰ চিকিৎসা -

গলৰ অসুখৰ চিকিৎসা নিৰ্ভৰ কৰে ইয়াৰ কাৰণৰ ওপৰত । বেছিভাগ গলৰ অসুখৰ চিকিৎসা ঘৰুৱাভাৱে কৰিব পাৰি । যেনে-

১) নিমখীয়া পানীৰে গৰগৰ কৰা

২) গৰম পানীয় বেছি খোৱা

৩) এলাৰ্জী হ’ব পৰা বস্তুৰ পৰা আঁতৰি থকা

৪) গল পৰিষ্কাৰ কৰা চকলেট খোৱা

৫) এণ্টি-ইনফ্লেমেচন ঔষধ লোৱা

যদি বেক্টেৰিয়া সংক্ৰমণৰ বাবে গলৰ অসুখ হয় তেন্তে এণ্টিবায়টিক দিয়া হয় । এক সপ্তাহতকৈ বেছি দিন ঔষধ ল’ব লাগে । কম দিন ঔষধ ল’লে পুনৰ সংক্ৰমনৰ সম্ভাৱনা থাকে ।

গলৰ অসুখৰ হোমিঅ’পেথিক চিকিৎসা -

বেমাৰৰ লক্ষণবিলাক অধ্যয়ন কৰি সঠিক ঔষধ প্ৰয়োগ কৰিলে অতি কম দিনত এই বেমাৰৰ পৰা ৰক্ষা পাব পাৰি । প্ৰায়ে ব্যৱহৃত হোৱা কেইটামান হোমিঅ’পেথিক ঔষধ তলত আলোচনা কৰা হ’ল ।

বেলাডোনা (Belladonna) :-

গলৰ ভিতৰখিনি প্ৰচণ্ড শুকান হৈ থাকে । প্ৰদাহিত হোৱাৰ বাবে গলৰ ভিতৰৰ অংশ টনছিল আদি ৰঙা হৈ যায় । সোঁফালৰ টনছিল বেছি ফুলি যায় । সদায় ঢোক গিলাৰ ইচ্ছা হয় । জুলীয়া আহাৰ খালে বিষ অনুভৱ হয় ।

মাৰ্ক ছল (Merc Sol) :-

গলৰ বেমাৰৰ বাবে ই এটা অতি দৰকাৰী ঔষধ । বিষ, শুকান ভাব আৰু অনবৰত ঢোক গিলাৰ ইচ্ছা থাকে । গলৰ ওচৰত থকা গ্লেণ্ডখিনি ফুলি যায় । মুখৰ পৰা অনবৰত লালটি ওলায় আৰু বেয়া গোন্ধ এটা সদায় থাকে ।

ফাইট’লাক্কা (Phytolacca) :-

গলৰ ভিতৰৰ অংশ ডাঠ ৰঙা বৰণৰ হয় । টনছিল ফুলি যায় ।কিবা খালে বিষ গলৰ পৰা কাণলৈ যায় । কোনো গৰম বস্তু খাব নোৱাৰি । গলত সদায় কিবা বস্তু লাগি থকাৰ অনুভৱ হয় । গলত ঘা হয় আৰু গৰম ভাব এটা থাকে ।

গলৰ অসুখ (Sore Throat) নহ’বলৈ কি কি ব্যৱস্থা ল’ব লাগে -

এই বেমাৰৰ বেছিভাগ কাৰণ হ’ল বেক্টেৰিয়া বা ভাইৰাছৰ আক্ৰমণ, গতিকে সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিলে ভৱিষ্যতৰ আক্ৰমণৰ পৰা নিজক বচাব পাৰি । বাৰে বাৰে হাত ধোৱাৰ অভ্যাস থাকিলে আমি সহজে সংক্ৰমিত হোৱাৰ পৰা হাত সাৰিব পাৰো ।

তলত উল্লেখ কৰা ব্যৱস্থাবোৰ আমি গ্ৰহণ কৰিব লাগে-

১) আনৰ পানী খোৱা বা আহাৰ খোৱা পাত্ৰ আমি ব্যৱহাৰ কৰিব নালাগে ।

২) পানী আৰু চাবোন নাথাকিলে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে ।

৩) সদায়ে বহু মানুহে স্পৰ্শ কৰি থকা স্থানোবোৰ আমি যিমান পাৰো কমকৈ স্পৰ্শ কৰিব লাগে ।

৪) এলাৰ্জীৰ কাৰণ, যেনে- ধূলি (Sust), প্ৰদূষণ আদিৰ পৰা আঁতৰি থাকিব লাগে ।

৫) ধূমপান কৰিব নালাগে ।

৬) ঘৰৰ ভিতৰৰ আৰ্দ্ৰতা স্থিৰ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে, যাতে অত্যন্ত শুকান (Dry) অৱস্থাৰ সৃষ্টি নহয় ।

লেখক : ডা: ৰাজুল আলম

উৎস :- জি এনআৰচি স্বাস্থ্য

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top