মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গাঁঠিৰ বিষ উপশমৰ কাৰণে ‘খাদ্য দ্ৰব্য’:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাঁঠিৰ বিষ উপশমৰ কাৰণে ‘খাদ্য দ্ৰব্য’:

গাঁঠিৰ বিষ উপশমৰ কাৰণে ‘খাদ্য দ্ৰব্য’ৰ বিষয়ে লিখা হৈছে

গাঁঠিৰ বিষত ভোগা ৰোগীয়ে বিশেষভাৱে বাছিহে খাদ্য খোৱাত গুৰুত্ব দিব লাগে। যধে-মধে খাই থকাতকৈ ৰোগীয়ে কিছুমান খাদ্য বাদ দি থাকিলেহে এই বেমাৰৰ পৰা বাচি থাকিব পাৰিব। আনহাতে, শৰীৰৰ যিকোনো অংগত হোৱা বিষ বা গাঁঠিৰ বিষত খোৱা-বোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰে। আমি খোৱা খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ ঔষধি গুণৰ প্ৰতি লক্ষ্য ৰাখি, তেনেবোৰ দ্ৰব্য বেছি মাত্ৰাত খাব পাৰিলে গাঁঠিৰ বিষৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰে। যদি এই খাদ্য-সামগ্ৰীসমূহ নিয়মিতভাৱে সেৱন কৰা হয়, তেন্তে নিশ্চিতভাৱে গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰে। তলত গাঁঠিৰ বিষৰ ৰোগীৰ বাবে উপকাৰী কিছুমান খাদ্য সামগ্ৰীৰ বিষয়ে চমুকৈ বিষয়ে চমুকৈ বৰ্ণনা কৰা হৈছে।

পিয়াঁজ:

পিয়াঁজ বহুত প্ৰসিদ্ধ পাচলি, খাদ্যত প্ৰাচীন কালৰে পৰা ইয়াৰ ব্যৱহাৰ হৈ আহিছে। ভালেমান ৰোগৰ লগতে গাঁঠিৰ বিষ, বাত বিষ আৰু পেটৰ বেমাৰৰ পৰাও পিয়াঁজে সকাহ দিয়ে। গাঁঠিৰ বিষত পিয়াঁজৰ ৰস আৰু বিছ গ্ৰাম সৰিয়হৰ তেল মিহলাই বিষ অবুভৱ হোৱা অংগত আশে-পাশে মালিচ কৰিলে বিষৰ পৰা উপশম পোৱা যায়।

  • পিয়াঁজে বায়ু দূৰ কৰে, পেটৰ বিভিন্ন ধৰণৰ বেমাৰৰ বাবে পিয়াঁজ মহৌষধ স্বৰূপ। আদাৰ দৰে পিয়াঁজকো অলপ অলপকৈ ব্যৱহাৰ কৰিলে বায়ুসম্বন্ধীয় বেমাৰৰ পৰা মুক্তি পোৱা যায়।
  • পিয়াঁজৰ ৰসত হিং আৰু নিমখ মিহলাই সেৱন কৰিলে গেছৰ ফলত পেটত সৃষ্টি হোৱা বিষ নাইকিয়া হয়।
  • মূৰৰ বিষ হ’লে অকণমান পিয়াঁজ কাটি নাকেৰে শুঙি থাকিলে আৰু পিয়াঁজ পিচি ভৰিৰ তলুৱাত মোহাৰি থাকিলে মূৰৰ বিষৰ পৰা তাৎক্ষণিকভাৱে আৰাম পোৱা যায়।

আদা:

আদাই বায়ু, কফ আৰু গাঁঠিৰ বিষ নাইকিয়া কৰাত সহায় কৰে। আদাৰ ৰস, নেমুৰ ৰস আৰু ক’লা নিমখ একেলগে মিহলাই আহাৰ গ্ৰহণ কৰাৰ আগতে খালে পেট জ্বলা-পোৰা ভাল হয়। আহাৰ হজম হয় আৰু বাত ৰোগৰ পৰাও উপশম পোৱা যায়। লগতে গাঁঠিৰ বিষ বা গাঁঠি ফুলা বেমাৰৰ পৰা মুক্তি পোৱা যায়।

  • বিজ্ঞানীয়ে গৱেষণাৰ জৰিয়তে এটা কথা প্ৰমাণ পাইছে যে আদা সন্ধিশৃংখলৰ বাবে সৰ্বশ্ৰেষ্ঠ ঔষধীয় পদাৰ্থ। বিশেষজ্ঞই এক অধ্যয়ন কালত গাঁঠিৰ বিষ আৰু মাংসপেশীৰ বিষত ভুগি থকা লোকক তেওঁলোকৰ আহাৰৰ সৈতে আদা দিয়া হৈছিল। তেতিয়া ৬৩ শতাংশ লোকৰ ছমাহৰ ভিতৰত বিষৰ পৰা মুক্ত হোৱা দেখা গ’ল। আদাৰ জিনজৰোলচ নামৰ এবিধ উপাদান থাকে আৰু এইবিধ দ্ৰব্যই বিষ বৃদ্ধি কৰা হৰমোনক নিয়ন্ত্ৰণ কৰি ৰাখে। বিশেষজ্ঞৰ মতে অতি কমেও দুচামুচ কটা আদা অথবা দুচামুচ শুকান আদাৰ গুড়ি খাদ্যত মিহলাই খাব লাগে। আদা আৰু নহৰুৰ ৰস মিহলাই খালে গাঁঠিৰ বিষৰ পৰা আৰাম পোৱা যায়।

জালুক:

মছলা হিচাপে জালুকৰ ব্যৱহাৰ হয়। জালুক আৰু নহৰু পিচি আহাৰৰ প্ৰথম গৰাহত ঘিউ মিহলাই খালে বায়ুৰ বিকাৰ নাইকিয়া হয়। সঠিক মাত্ৰাত জালুক দৈনিক সেৱন কৰিলে বায়ুৰ বিষ বা কষ্ট নাইকিয়া হয়।

  • জালুকৰ গুড়ি দুই গ্ৰাম আদা আৰু নেমুৰ ৰসৰ সৈতে মিহলাই খালে পেটৰ বেমাৰ ভাল হয়।
  • জালুক ঠাণ্ডা পানীৰ সৈতে পিচি মিশ্ৰণ কৰি বায়ুৰ ফলত বিষ হোৱা অংগত লগাই দিলে উপকৃত হোৱা দেখা যায়।

লং:

আয়ুৰ্বেদত বাত বিষৰ বাবে লঙৰ ব্যৱহাৰ কৰা হয়। দাঁতৰ বিষত লঙৰ তেল দুই বা তিনি টোপাল দাঁতত লগাই দিলে দাঁতৰ বিষৰ পৰা আৰাম পোৱা যায়। যদি দাঁতৰ বিষ অধিক হয়, তেন্তে লং দাঁতৰ মাজত লৈ লাহে লাহে চোবাই থাকিলে, দুঘন্টাৰ ভিতৰতে দাঁতৰ বিষ আৰু দাঁতৰ আলু ফুলা নাইকিয়া হৈ যায়। লঙত থকা ‘ইয়কেনাল’ নামৰ পদাৰ্থই প্ৰাকৃতিক এনাস্থেছিয়াৰ কাম কৰে।

  • লঙৰ তেলেৰে মালিচ কৰিলে গাঁঠিৰ বিষ তথা মূৰৰ বিষ নাইকিয়া হয়।
  • লং পিচি ইয়াক গাঁঠিত বা শৰীৰৰ যিকোনো ফুলা অংশত লেপ দি থলে আৰাম পোৱা যায়।

নহৰু:

বাতনাশক ৰোগৰ বাবে নহৰুৰ প্ৰয়োগ কৰা দেখা যায়। ভৰিৰ বিষ, গাঁঠিৰ বিষ, পিঠিৰ বিষ আদি ৰোগত নহৰুৰ ব্যৱহাৰ কৰা হয়।

  • বিছ গ্ৰাম নহৰু বাকলি গুচাই পিচি ২৫০ গ্ৰাম গাখীৰৰ সৈতে উতলাই লওক। পিছত ইয়াত ইচ্ছানুযায়ী চেনি মিহলাই সেৱন কৰক। এনে কৰিলে বাত বিষৰ পৰা উপশম পোৱা যায়।
  • কাণৰ বিষ হ’লে নহৰুৰ তেল গৰম কৰি দুটোপালকৈ প্ৰতিদিনে দুবাৰকৈ চাৰিদিন কাণত দিব। নিউ মেক্সিকো স্কুল অৱ মেডিচিন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ মতে ই ঔষধতকৈ অধিক উপকাৰী। এই তেলে অকল কাণৰ বিষেই নিৰাময় নকৰে, লগতে কাণৰ বিভিন্ন সংক্ৰমণৰ মুক্তি দিয়ে। নহৰুত থকা জাৰ্মেনিয়াম, ছেলেনিয়াম আৰু ছালফাৰ পদাৰ্থই কাণৰু বিষ উৎপন্ন কৰা বেক্টেৰিয়া ধ্বংস কৰে। নহৰুৰ তেল প্ৰস্তুত কৰিবলৈ হ’লে তিনিটা নহৰুৰ ফোটা কুটি আধাকাপ অলিভ অয়লৰ সৈতে মিহলাই দুই মিনিটৰ কাৰণে জুইত গৰম কৰিব। পিছত ইয়াক চেকি দুসপ্তাহলৈ ফ্ৰিজত থৈ দিয়ক। ইয়াক ব্যৱহাৰ কৰাৰ পূৰ্বে অলপ গৰম কৰি ল’ব।

ধনিয়া:

ধনিয়া এবিধ সাধাৰণ মছলা। কিন্তু ইয়াৰ ঔষধীয় গুণৰ কথা হয়তো বহু কম লোকেহে জানে। শৰীৰৰ যিকোনো অংগ ফুলিলে অথবা জ্বলন হ’লে ধনিয়া পিচি লেপ দিলে আৰাম পোৱা যায়। মুখৰ ভিতৰত ঘা হ’লে সেউজীয়া ধনিয়াৰ পাতৰ ৰস ঘাত লগাব পাৰে। তদুপৰি পেটৰ বিষ অথবা জ্বলন হ’লে ধনিয়া গুটিৰ গুড়ি মিচিৰিৰ সৈতে পানীত মিহলাই খালে আৰাম পোৱা যায়।

চজিনা:

সচৰাচৰ চজিনাৰ ব্যৱহাৰ পাচলিৰূপে বা আচাৰৰূপে কৰা হয়। বিষ বেমাৰ থকা তথ্য শৰীৰ ফুলা ব্যক্তিৰ বাবে চজিনা উপকাৰী। চজিনাৰ চাল আৰু পাতৰ ৰস বেদনানাশক।

  • চজিনাৰ সৈতে হিং আৰু শুকান আদা মিহলাই সেৱন কৰিলে পেটৰ গেছ দূৰ হয়।
  • চজিনাৰ পাতৰ ৰসত ২০ গ্ৰাম চেনি মিহলাই তিনি দিনলৈ খালে বাত বিষ নাইকিয়া হয়।
  • বায়ুৰ প্ৰকোপৰ ফলত শৰীৰ যিকোনো গাঁঠি অথবা মাংসপেশীত বিষ হ’লে ছজিনাৰ পাচলিৰ জোল বনাই তাত অলপ হিং আৰু শুকান আদাৰ গুড়ি মিহলাই সেৱন কৰিলে বিষৰ পৰা উপশম পোৱা যায়।

জাবিত্ৰী:

জাবিত্ৰীৰ ব্যৱহাৰ সাধাৰণতে মছলা হিচাপে কৰা যায়। ই সুগন্ধিযুক্ত, ৰুচিকাৰক তথা বাত আৰু কফনাশক। জাবিত্ৰীৰ তেল সৰিয়হ তেলৰ সৈতে মিহলাই গাঁঠিৰ পুৰণি ফুলা অংশত মালিচ কৰিলে বিষ নিৰাময় হয়। সন্ধিবাতৰ ফলত বিনষ্ট হৈ পৰা সন্ধিস্থল এই তেলে খুলি দিয়ে। ফলত গাঁঠিৰ বিষৰ পৰা আৰাম পোৱা যায়।

  • জাবিত্ৰীৰ তেল ক্ষয় যোৱা দাঁতত লগাই দিলে সংক্ৰমণ নিৰাময় হয় আৰু দাঁতৰ বিষ নোহোৱা হয়।
  • জাবিত্ৰীৰ তেল গাঁঠিত ভালদৰে মোহাৰি লগালে গাঁঠিৰ বিষ নাইকিয়া হয়।

নিমখ:

নিমখক পাকঘৰৰ ৰজা বুলি কোৱা হয়। নিমাখ পাঁচ প্ৰকাৰৰ। ইয়াতে বিশুদ্ধ নিমখ শ্ৰেষ্ঠ। ঔষধৰ ক্ষেত্ৰত এই নিমখ ব্যৱহাৰ কৰা হয়। কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ মতে নিয়মিত ৰূপত কুহুমীয়া গৰম পানীত নিমখ মিহলাই তাত ভৰি ডুবাই ৰাখিলে নখচুকীয়াৰ বিষ আৰু সংক্ৰমণৰ পৰা এসপ্তাহতে আৰাম পোৱা যায়। নিমখত এণ্টিবেক্টেৰিয়াম আৰু বিষ নিবাৰক পদাৰ্থ থাকে। ই বীজাণু নাশ কৰি বিষ আৰু ফুলাৰ পৰা সোনকালে মুক্তি দিয়ে।

  • গোৰোহা ফুলা বা বিষ হ’লে নিমখে আৰাম দিয়ে। দুকাপ গৰম পানীত দুই চামুচ নিমখ মিহলাই দিনত দুবাৰকৈ বিছ মিনিট সময় পানীত ডুবাই ৰাখিলে গোৰোহাৰ বিষৰ পৰা তাৎক্ষণিকভাৱে মুক্তি পোৱা যায়।
  • নিমখ আৰু হালধি পানীৰ সৈতে পিচি লেপ দি থ’লে মোচোকা খোৱাৰ ফলত হোৱা বিষৰ পৰা উপশম পোৱা যায়।
  • ডিঙি অথবা মাংসপেশীৰ বিষ হ’লে নিমখ আৰু হালধিৰ মিশ্ৰণ কৰি উক্ত ঠাইত কিছু সময় লগাই থ’লে ভাল ফল পোৱা যায়।
  • গাঁঠিৰ বিষত ভুগি থকা লোকে নিমখি আৰু গুড় সমান মাত্ৰাত লৈ ভালদৰে পিচি গৰম কৰিব। পিছত ইয়াক বিষ হোৱা অংগত লেপ দি কাপোৰেৰে বান্ধি থ’ব। এনে কৰিলে গাঁঠিৰ বিষ, গাঁঠি ফুলা আদিৰ পৰা উপশম পোৱা যায়।

চেৰি:

অলাপতে হৈ যোৱা এক গৱেষণাত এই কথা পোহৰলৈ আহিছে যে প্ৰতি চাৰিজন ব্যক্তিৰ দুজন আৰ্থ্ৰাইটিছ, গাঁঠিৰ বিষ বা দীৰ্ঘদিনীয়া মূৰৰ বিষৰ অসুবিধাত ভুগি থাকে। যদি আপুনি এনেধৰণৰ সমস্যাত ভুগি আছে, তেন্তে আপুনি চেৰি খোৱা আৰম্ভ কৰক। চেৰিয়ে শৰীৰৰ বিষৰ পৰা আপোনাক ৰক্ষা কৰিব। চেৰিত এন্থছিয়ানিন নামৰ এবিধ পদাৰ্থ থাকে, এই পদাৰ্থই চেৰিক ৰঙা হোৱাত সহায় কৰে। ই এণ্টিইফ্লুমেটৰী আৰু আইব্ৰুপ্ৰ’ফেন, এচপিৰিণতকৈ ২০ গুণ বেছি উপকাৰী।

পিপাৰমিন্ট:

মাংসপেশীত আঘাত পালে মাংসপেশী টানি ধৰা অথবা বিষ অনুভৱ হয়। যদি ভালদৰে ইয়াৰ চিকিৎসা কৰা নহয়, তেন্তে ই ভৱিষ্যতে অধিক অসুবিধাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত গৰম পানীৰ সৈতে বিছ টোপাল পিপাৰমিন্ট তেল মিহলাই ল’ব। পিছত মাংসপেশীৰ বিষ হোৱা অংশত সেক দিয়ক। এইদৰে সপ্তাহত তিনিবাৰ সেক দিলে মাংসপেশী টানি ধৰা সমস্যা তথা বিষৰ পৰা আৰাম পোৱা যায়। গৰম পানীয়ে মাংসপেশীক সকাহ দিয়াৰ লগতে পিপাৰমিন্ট তেলে মাংসপেশীৰ সিকা-উপসিৰাক আৰাম দিয়ে। এই উপকৰণ মাংসপেশী টানি ধৰা ৰোগৰ ক্ষেত্ৰত ঔষধতকৈও অধিক উপকাৰী।

মাটিকঠাল:

যদি আপুনি গেছৰ বাবে পেটৰ বিষত ভুগি আছে তথা শৰীৰ ভাগৰুৱা হৈছে, তেন্তে দুকাপ সতেজ মাটিকঠাল খালে আৰাম পোৱা যায়। মাটিকঠালত প্ৰ’টিয়লাইটিক এনজাইমছ নামৰ এবিধ পদাৰ্থ থাকে। এই দ্ৰব্যই পাচন ক্ৰিয়াক সহায় লগতে পেটত বিষ উৎপন্ন কৰা প্ৰোটিন ধ্বংস কৰে।

আঙুৰ:

পিঠিৰ বিষৰ পৰা তাৎক্ষণিকভাৱে আৰাম পাবলৈ হ’লে আঙুৰ বিশেষ উপকাৰী। ষ্টেট বিশ্ববিদ্যালয়ৰ গৱেষণাৰ মতে দৈনিক দুকাপ আঙুৰৰ ৰস সেৱন কৰিলে সিৰা-উপসিৰাই আৰাম লাভ কৰে। ফলত পিঠিৰ বিষ নিৰাময় হয় আৰু ক্ষতিগ্ৰস্ত কোষলৈ অধিক হাৰত ৰক্তসঞ্চালন কৰে, ফলত বিষৰ পৰা আৰাম পোৱা যায়।

দৈ:

অধিকাংশ মহিলাই মাহেকীয়া হোৱাৰ পূৰ্বে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে প্ৰতিমাহে এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰণ হৰমোনৰ নিঃসৰণ প্ৰক্ৰিয়াৰ বিসংগতি। দৈনিক দুকাপ দৈ খালে মহিলাসকলে এই সমস্যাৰ পৰা ৮০ শতাংশ ৰেহাই পায়। নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষণা অনুযায়ী দৈ কেলচিয়ামৰে ভৰপূৰ। কেলচিয়ামে আমাৰ শৰীৰৰ য়স্নায়ু তন্ত্ৰৰ বিভিন্ন ৰোগ ঠিক কৰাৰ লগতে বিষ নাইকিয়া হোৱত সহায় কৰে।

তিচি:

গাঁঠিৰ বিষ, সংক্ৰমণ আৰু ঘাৰ বিষৰ পৰা আৰাম পোৱাৰ ক্ষেত্ৰত তিচি যথেষ্ট লাভদায়ক। তিনি চামুচ পিচি লোৱা তিচি গুটি প্ৰতিদিনে নিজৰ আহাৰত অন্তৰ্ভুক্ত কৰক। তিচিত ফায়ট’এক্সাটাজন নামৰ এবিধ পদাৰ্থ থাকে। ই এষ্ট্ৰ’জেন হৰমোন নিঃসৰণৰ মাত্ৰা বৃদ্ধিত বাধা প্ৰদান কৰে। ফলত গাঁঠিৰ বিষৰ পৰা আৰাম পোৱা যায়। তিচিৰ গুড়ি চালাড অথবা দৈৰ সৈতে মিহলাই খালেও সুফল লাভ কৰিব পাৰি।

  • তিচি গুটি পটাত বটি তাত অলপ নিমখ মিহলাই গৰম কৰি লেপ দিলে গাঁঠিৰ বিষ আদিৰ পৰা উপশম পোৱা যায়।
  • তিচি গুটি তিল অথবা সৰিয়হৰ সৈতে একেলগে বটি ল’ব। পিছত ইয়াক গৰম কৰি লেপ দি কাপোৰেৰে বান্ধি দিলে আঘাত পোৱা অংশত হোৱা বিষ-বেদনাৰ পৰা আৰাম পোৱা যায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.85
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top