অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাউট :

গাউটৰ বিষয়ে লিখা হৈছে ।

 

গাউট এবিধ অতিশয় যন্ত্ৰণাদায়ক বিশেষ ধৰণৰ গাঁঠিৰ বিষ। এই বিষৰ কাৰণে মাত্ৰাধিক পৰিমাণৰ ইউৰিক এচিড শৰীৰত জমা হোৱা। প্ৰকৃতাৰ্থত ইউৰিক এচিডৰ আধানযুক্ত পদাৰ্থক ইউৰেট বোলা হয়। এই ইউৰেটৰ মনছডিয়াম ইউৰেট মনহাইড্ৰেটৰ স্ফটিক অস্থিসন্ধি ঢাকি ৰখা চাইন’ভিয়েল পৰ্দাৰ চৌদিশে জমা হোৱা বাবেই বিষৰ অৱতাৰণা হয়। অৱশ্যে গাউটৰ অন্যান্য দেহৰ কোষত ইউৰেটৰ স্ফটিক জমা হৈ জটিলতাৰ সৃষ্টি কৰে।

বিশ্বৰ বিভিন্ন স্থানৰ বিভিন্ন জনগনৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ভিন্ন ভিন্ন। তত্ৰাচ সাধাৰণভাৱে ১-২ শতাংশ মানুহৰ মাজত ইয়াক দেখা পোৱা যায়। মহিলাতকৈ পুৰুষৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক পৰিলক্ষিত হয়। দেখা যায় যে বয়স বৃদ্ধিৰ লগে লগে গাউটৰ পৰিসংখ্যা বৃদ্ধি হয় আৰু ইউৰিক এচিডৰ মাত্ৰাও বৃদ্ধি হয়। বিভিন্ন নৃগোষ্ঠীয় জনগণ আৰু দেহৰ মেদবহুলতাৰ ওপৰতো স্বাভাৱিক ইউৰিক এচিডৰ মাত্ৰাৰ তাৰতম্য লক্ষ্য কৰা যায়। বৰ্তমান সমাজত দেখা পোৱা বিপাকীয় ছিণ্ড্ৰম নামৰ সমস্যাটোৰ সৈতে উচ্চ মাত্ৰাৰ ইউৰিক এচিড সংযুক্ত হৈ পৰা পৰিলক্ষিত হৈছে। সেইবাবে উচ্চ ৰক্তচাপ, কৰ’নেৰী ধমনীৰ ৰোগ, বৃক্কৰ ৰোগ, তেজ বাহিকা নলীৰ ৰোগৰ সৈতে ইউৰিক এচিডৰ মাত্ৰাধিকা স্বীকৃত হৈছে।

গাউটৰ শৰীৰ বিকৃতি বিজ্ঞান -

মানৱ দেহত বিদ্যমান জিনসমুহৰ হৰণ- ভগন, জিনৰ প্ৰস্তুতকৰণ, জিনৰ সংশ্লেষণ, প্ৰ’টিনৰ সংশ্লেষণ আদি স্বাভাৱিক প্ৰক্ৰিয়াৰ সৈতে পিউৰিন গোট, পাইৰিমিডিন গোট ওতপ্ৰোতভাৱে জড়িত। ইহঁতৰ উপজাত দ্ৰব্য হিচাপে ইউৰিক এচিডৰ সৃষ্টি হয়। ইউৰিক এচিড বৃক্ক আৰু ক্ষুদ্ৰান্ত্ৰৰ মাধ্যমেৰে নিৰ্গত হয়। কিছুমান এনজাইমে পিউৰিনৰ সংশ্লেষণ আৰু অপকৰ্ষৰ সমতা ৰক্ষা কৰে। জেনথিন অক্সিডেজ এনজাইমে হাইপ’জেনথিনক জেনথিনলৈ পৰিৱৰ্তন সাধন কৰে আৰু অৱশেষত জেনথিনৰ পৰা ইউৰিক এচিডলৈ পৰিৱৰ্তন সাধন কৰে।

ইউৰিক এচিডৰ আধানযুক্ত পৰিণতিকে ‘ইউৰেট’ বোলা হয়। ই স্ফটিক হিচাপে সৃষ্ট হৈ দেহৰ কোষত জমা হৈ নানা ৰোগৰ সৃষ্টি কৰে। মানৱ দেহৰ জিনসমুহৰ সম্পদসমুহৰ বঢ়া-টুটা, হৰণ-ভগন, সংশ্লেষণ, অপকৰ্ষ আদি অত্যাৱশ্যকীয় আৰু স্বাভাৱিক প্ৰক্ৰিয়া। সেইবাবে পিউৰিনৰ পৰা উপজাত দ্ৰব্য হিচাপে ইউৰিক এচিডৰ সৃষ্টি এক স্বাভাৱিক প্ৰক্ৰিয়া। সাধাৰণতে বৃক্কৰ দ্বাৰা ২/৩ অংশ অন্ত্ৰৰ দ্বাৰা ১/৩ অংশ নিষ্কাশন বা নিৰ্গত হয়। দেহত সৃষ্টি হোৱা ইউৰিক এচিডৰ মাত্ৰা স্বাভাৱিক হৈ থকাৰ বাবে এই উপজাত দ্ৰব্যই কোনো ৰোগ বা সমস্যাৰ সৃষ্টি নকৰে। মানৱ দেহত সুষম বা স্বাভাৱিক ইউৰিক এচিডৰ মাত্ৰা ৬.৮ মি:গ্ৰাম/ ডি এল হ্ৰাস হ’ব লগে। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত এই মাত্ৰা কিছু ভিন্ন।

মানুহৰ দেহৰ ইউৰিক এচিড দুই উৎসৰ পৰা সংগৃহীত হয়। এক-তৃতীয়াংশ আহে খাদ্যৰ পৰা দুই-তৃতীয়াংশ আহে দেহৰ পিউৰিন বিপাকীয় প্ৰণালীৰ পৰা। দেহত থকা ইউৰিক এচিডৰ পৰিমাণ আৰু দেহৰ পৰা নিৰ্গত হোৱা ইউৰিক এচিডৰ সমতাৰ ওপৰতেই ইয়াৰ মাত্ৰাৰ তাৰতম্য হোৱা দেখা যায়। ইউৰিক এচিড বৃদ্ধি আৰু গাউটৰ কাৰণসমুহ বৰ্ণনা কৰা হ’ল-

ইউৰিক এচিড বৃদ্ধিৰ কাৰণসমুহ -

১) বৃক্কৰ দ্বাৰা নিৰ্গমণ বা ৰেচন কাৰ্য হ্ৰাসকৰণ –

ক) বৃক্কৰ ভিতৰত বিদ্যমান নলিকা (Tubule) ৰ দ্বাৰা ইউৰিক এচিড অত্যধিক শোষণ।

খ) বৃক্কৰ বিকলতা (Renel failure)

গ) সীহৰ দ্বাৰা বিষাক্তকৰণ।

ঘ) লেকটিক এচিড’ছিছ

ঙ) সুৰা অত্যধিক পান।

চ) থায়েজাইড জাতীয় মুত্ৰল ঔষধ (diuretic) ৰ অত্যধিক প্ৰয়োগ।

ছ) চাইক্ল’স্পৰিন আৰু পাইৰিজিনেমাইড ঔষধ সেৱনৰ দ্বাৰাও সংঘটিত হ’ব পাৰে।

২) খাদ্যৰ উপকৰণ বৃদ্ধিভাৱে সেৱন-

ক) অত্যধিক চৰ্বিযুক্ত মাংস (Red meat)

খ) সাগৰীয় আহাৰৰ উপকৰণ বৃদ্ধি

গ) অন্যান্য খাদ্যৰ উপকৰণ

৩) অত্যধিক মাত্ৰাত ইউৰিক এচিডৰ দেহত সৃষ্টি

ক) তেজৰ ৰোগ। যেনে- মাইল’প্ৰলিফাৰেটিভ লিম্ফ’প্ৰলিফাৰেটিভ ৰোগ আদি।

খ) চ’ৰিয়াছিছ

গ) অত্যধিক পৰিমাণে ফ্ৰুক্ট’জ সেৱন

ঘ) বংশগতিৰ মাধ্যমেৰে সৃষ্ট উচ মাত্ৰাত ইউৰিক এচিড

১) লিছ নিহান ছিণ্ড্ৰম (Lesch Nyhan)

২) পাইৰ’ফছফেট সংশ্লেষণ আদি।

ইয়াৰ উপৰি অন্যান্য বহু কাৰকৰ বাবে দেহত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। যেনে-প্ৰাইমেৰী ইডিঅ’পেথিক, পলিচিষ্টিক বৃক্কৰ ৰোগ, ডায়েবেটিছ, ইনচিপিডাছ ৰোগ, হাইপ’থাইৰয়ডিজম, চাৰকইডছিছ, অত্যধিক মেদবহুলতা , ডাউন ছিণ্ড্ৰম আদি। বৰ্তমান বংশগতিৰ প্ৰভাৱ দেখা যায়।

গাউট গাঁঠিৰ বিষৰ লক্ষণসমুহ -

১) এই গাঁঠিৰ প্ৰদাহৰ প্ৰধান লক্ষণ এয়ে যে যন্ত্ৰণাদায়ক বিষ প্ৰধানকৈ এটা গাঁঠিতহে দেখা যায়। ভৰিৰ আঙুলিৰ অস্থিসমুহ সংযোগ কৰা অস্থি পাঁচডাল। এইকেইডালে ভৰিৰ আঙুলিৰ সৰু সৰু অস্থিসমুহ (যাক অংগুলাস্থি বুলি কোৱা হয়) সংযুক্ত কৰে। ইয়াৰে প্ৰথমডাল সংযুক্ত গাঁঠিটোত আক্ৰান্ত কৰে। শতকৰা ৫০ ভাগতকৈ অধিকসংখ্যক ৰোগীৰ ক্ষেত্ৰত এনে হোৱা দেখা যায়। তদুপৰি ভৰিৰ সৰু গাঁঠি, ভৰিৰ পটাৰ মধ্য অংশত, আঁঠু, মণিবন্ধৰ অস্থিসন্ধি, কিলাকুটি সন্ধি, হাতৰ মাজৰ সৰু সৰু গাঁঠি বা সন্ধিসমুহো আক্ৰান্ত কৰিব পাৰে। ই এক তীব্ৰতৰ গাঁঠিৰ বিষ।

এই বিষ হঠাতে তীব্ৰতৰভাৱে আৰম্ভ হয় আৰু ২-৬ ঘণ্টাৰ ভিতৰত অসহ্যকৰ হৈ পৰে। বহু সময়ত বিষৰ প্ৰকোপত ৰোগী পুৱাই সাৰ পাই উঠে।

৩) অতিশয় বেদনাদায়ক আৰু চিকিৎসা-বিজ্ঞানত ইয়াক worst pain, নিকৃষ্টতম বিষ বুলি অভিহিত কৰা হয়।

৪) ৰোগীয়ে মোজা পিন্ধিব নোৱাৰা হয়, আনকি বিছনাত ইকাতি-সিকাতি কৰিব নোৱাৰা ধৰণৰ তীব্ৰতৰ বিষ অনুভৱ কৰে।

৫) ভৰিৰ গাঁঠিটো ফুলি উঠে, ৰঙা হৈ পৰে আৰু ছালখন উজ্জ্বল হৈ পৰে।

৬) অৱশ্যে প্ৰায় ১৪ দিন মানত ৰোগ প্ৰশমিত হয়।

৭) গাঁঠি ফুলি উঠা ৰঙা হোৱাৰ উপৰি এই ৰোগত জ্বৰ, দুৰ্বলতা, অলসতাত আক্ৰান্ত হোৱা দেখা যায়। যদি ডাঙৰ সন্ধি, যেনে- আঁঠু আদি গাউট ৰোগত আক্ৰান্ত হয়, তেন্তে বহু সময়ত মানসিকভাৱে বিভ্ৰান্তিৰ বা খেলিমেলি অৱস্থাৰ সৃষ্টি হ’ব পাৰে।

৮) ৰোগ উপশম হ’লে গাঁঠিত খজুৱতি হ’ব পাৰে। তদুপৰি ছালখনৰ অধিত্বক অংশৰ বাহিৰৰ স্তৰটো ছিগি সৰি পৰিবলৈ আৰম্ভ কৰে।

৯) যদিও গাউটত সাধাৰণতে এটা সন্ধিহে আক্ৰান্ত হয়, কেতিয়াবা কেইবাটাও সন্ধি বা গাঁঠি আক্ৰান্ত হ’ব পাৰে।

১০) কেতিয়াবা এটা গাঁঠি আক্ৰান্ত হোৱাৰ কেইদিনমান পিছতহে অন্য গাঁঠি আক্ৰান্ত হোৱা দেখা যায়। একেলগে একে সময়তে কেইবাটাও সন্ধি আক্ৰান্ত হোৱা দেখা নাযায়।

১১) কিছুমান মানুহৰ ক্ষেত্ৰত প্ৰথমবাৰ আক্ৰান্ত হোৱাৰ পিছত দ্বিতীয়বাৰ গাউট ৰোগত আক্ৰান্ত নহয়। বহুতৰ ক্ষেত্ৰত দেখা যায় যে বছৰৰ ব্যৱধানতহে ৰোগে আক্ৰান্ত কৰে। কিছুমান ৰোগীৰ ক্ষেত্ৰত এবছৰৰ ভিতৰতে দ্বিতীয়বাৰ ৰোগত পতিত হয় আৰু অৱশেষত চৰকাৰী গাউট (Chronic Gout)লৈ পৰ্যৱসিত হয়। এই ক্ষেত্ৰত ৰোগীৰ চিৰকাৰীভাৱে বিষ থাকে, সন্ধি নষ্ট হ’বলৈ ধৰে, গাঁঠি বিকলাংগ হৈ কাম-কাজ কৰিব নোৱাৰা হয়। যিবিলাক ৰোগীৰ তেজৰ ইউৰিক এচিডৰ মাত্ৰা বশলৈ আনি স্বাভাৱিক কৰিব পৰা নাযায় তেনেবিলাক ৰোগীও অৱশেষত চিৰকাৰী গাউটৰ ৰোগী হৈ পৰে। সঘনাই গাউটৰ বিষ হৈ থাকিলেও শেষত চিৰকাৰী গাউটত পৰিণত হৈ পৰে।

ইউৰিক এচিডৰ স্ফটিকবিলাক গাঁঠিৰ ভিতৰত জমা হৈ পৰে, দেহৰ কোমল কোষসমুহত জমা হয়। এইবিলাক গোটা, অসমান, কঠিন স্ফটিক হৈ পৰাৰ দৰে হয়। ইয়াক টফাই (Tophi) বুলি কোৱা হয়। এই টফাইসমুহ দেহত জমা হয় যদিও দেহৰ বিশেষ কিছুমান স্থানত জমা হোৱাৰ প্ৰৱণতা অতি বেছি। যেনে- আঙুলি, হাত, হাতৰ ঠাৰি (হাতৰ মণিবদ্ধ গাঁঠিৰ পৰা কিলাকুটিলৈকে থকা হাতৰ অংশ), কিলাকুটি, ভৰিৰ পেশী বন্ধনীৰ কণ্ডৰা, কৰ্ণকুণ্ডলী । হাতৰ ক্ষেত্ৰত সম্প্ৰসাৰিত ছালৰ অংশত জমা হয়। টফাইসমুহ বগা বৰণৰ আৰু এই স্ফটিকসমুহ ফাটি বগা বগা লুতুৰী জাতীয় পদাৰ্থ নিৰ্গত হয়। এনে  অৱস্থাত সাৱধানতা গ্ৰহণ নকৰিলে সেই স্থানত ৰোগ সঞ্চাৰ সংঘটিত হৈ জটিলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা। চিৰকাৰী বৃক্কৰ ৰোগৰ সৈতে গাউট থাকিলে এনে অৱস্থাপ্ৰাপ্ত হোৱা দেখা যায়।

১২) মাত্ৰাধিক ইউৰিক এচিডৰ দ্বাৰা বৃক্কত পাথৰৰ সৃষ্টি হ’ব পাৰে। আকৌ বৃক্কত ইউৰেট জমা হোৱাৰ পৰিপ্ৰেক্ষিতত বৃক্কৰ বিকলতাৰো সৃষ্টি কৰাৰ সম্ভাৱনা।

গাউট ৰোগৰ নিৰ্ণায়ক পৰীক্ষাসমুহ -

১) গাউট ৰোগত সৃষ্টি হোৱা ইউৰেট স্ফটিকসমুহ গাঁঠিৰ পৰা বা টফাইবিলাক শোষণ কৰি উলিয়াই পৰীক্ষা কৰা। ইয়াৰ দ্বাৰা মোটামুটিভাৱে ৰোগ নিৰ্ণয় কৰা হয়।

২) গাঁঠিৰ বিষ তীব্ৰতৰ হৈ থকা অৱস্থাত গাঁঠিৰ চাইন’ভিয়েল পৰ্দাৰ ভিতৰত থকা জুলীয়া অংশ উলিয়াই পৰীক্ষা কৰিলে স্বচ্ছ নহৈ ধুসৰ হোৱা দেখা যায়। এনে হোৱাৰ কাৰণ হ’ল ইয়াত তেজৰ শ্বেত কণিকাৰ মাত্ৰা বৃদ্ধি হোৱা।

৩) চিৰকাৰী গাউট ৰোগত এই জুলীয়া অংশত মাত্ৰাধিক স্ফটিক দেখা পোৱা যায়।

৪) তেজত ইউৰিক এচিডৰ মাত্ৰা অধিক পোৱা যায়।

৫) ই-এছ আৰু চি আৰ পি বৃদ্ধি হয়।

৬) এক্স-ৰে’-তীব্ৰতৰ গাউট ৰোগত এক্স-ৰে’ কৰিলে বিশেষ একো দেখা পোৱা নাযায়। কিন্তু চিৰকাৰী গাউট অস্থিৰ উপৰিভাগৰ কলা ক্ষয় যোৱা দেখা যায়। এক্স-ৰে’ৰ দ্বাৰাই টফাইসমুহো নিৰ্ণয় কৰিব পৰা যায়।

গাউট ৰোগৰ চিকিৎসা -

গাউট ৰোগৰ ফলপ্ৰসু চিকিৎসা আছে। বিষৰ বাবে বিষ নিৰাময়ক ঔষধ ব্যৱহাৰ কৰিব পৰা যায়। চিকিৎসকৰ পৰামৰ্শ নিতান্তই আৱশ্যকীয়। থোৰতে কেইটিমান ঔষধৰ নাম ব্যক্ত কৰা হ’ল।

*কলচিচিন: ই এবিধ পুৰণি ঔষধ যদিও বৰ্তমানো ফলপ্ৰসু

*তীব্ৰতৰ অৱস্থাত কলচিচিন ঔষধ দিয়াৰ উপৰি চিকিৎসকৰ পৰামৰ্শনুযায়ী কৰটিক’ষ্টেৰয়ড ঔষধ ব্যৱহাৰৰ নিৰ্দেশনা আছে।

*এলপিউৰিনেল: ইও এবিধ ফলপ্ৰসু ঔষধ। চিকিৎসকে দিব।

*ফেবুক্সেষ্টে: ইও এবিধ ফলপ্ৰসু ঔষধ। চিকিৎসকৰ পৰামৰ্শনুযায়ীহে সেৱন কৰা উচিত।

*ইউৰিকচুৰিক ঔষধ: ইয়াৰ অন্তৰ্গত প্ৰবেনিচিড, ছালফিন- পাইৰাজন। ই ফলপ্ৰসু যদিও বহু টেবলেট খাব লগা হোৱাটো অসুবিধাজনক।

*পেগলটিকেজ: ই এবিধ নতুন ঔষধ। টফাইত আক্ৰান্ত হোৱা ৰোগীৰ ক্ষেত্ৰত ফলপ্ৰসু।

গাউটৰ অন্যান্য চিকিৎসা -

সবাতোকৈ ডাঙৰ চিকিৎসাৰ পথসমুহ এনেধৰণৰ। ইতিমধ্যে ইউৰিক এচিড বৃদ্ধি হোৱাৰ কাৰণসমুহ বৰ্ণনা কৰা হৈছে। চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা উক্ত কাৰণসমুহ চিনাক্ত কৰা উচিত। চিনাক্তকৰণৰ পশ্চাদপটত কাৰণসমুহৰ উপযুক্ত চিকিৎসা কৰা উচিত। এনে ব্যৱস্থাৰ দ্বাৰা গাউট ৰোগ প্ৰতিহত কৰা সম্ভৱপৰ। অৱশ্যে বহু সময়ত কাৰকসমুহ চিনাক্ত কৰিব পৰা নাযায় আৰু সেইবাবে চিকিৎসকৰ পৰামৰ্শ অতি আৱশ্যকীয়।

খাদ্য আৰু খাদ্যৰ উপকৰণ -

ইতিমধ্যে বৰ্ণনা কৰা হৈছে পিউৰিন পদাৰ্থ দেহৰ বাবে আৱশ্যক। ইয়াৰ বিপাকীয় প্ৰণালীৰ পৰাই উপজাত দ্ৰব্য হিচাপে ইউৰিক এচিডৰ সৃষ্টি হয়। ইউৰিক এচিড দেহৰ পৰা নিৰ্গত হয় আৰু মানৱ দেহত এক স্বাভাৱিক মাত্ৰাতহে থাকে। ইয়াত ইউৰিক এচিড থকা খাদ্যৰ উপকৰণ এখন তালিকা দিয়া হ’ল। গাউট ৰোগত আক্ৰান্ত ৰোগীয়ে সেই উপকৰণসমুহ দৈনন্দিন খাদ্যৰ তালিকাৰ পৰা পৰিহাৰ কৰা উচিত।

যিসকল মনউহৰ গাউট ৰোগ নাই অথবা ইউৰিক এচিডৰ মাত্ৰা স্বাভাৱিক, তেওঁলোকে এনে উপকৰণ গ্ৰহণ কৰাত বাধা নাই যদিও অত্যধিক পৰিমাণে গ্ৰহণ নকৰাই মংগলজনক।

আহাৰৰ কোন উপাদানত ইউৰিক এচিড পোৱা যায় -

১) শাক-পাচলি:

ক) শুকান মাহজাতীয় শস্য, বীনজাতীয়

খ) কাঠফুলা

গ)পালেং শাক

ঘ)ফুলকবি

ঙ) শতমুল

২) মাংস জাতীয়

ক) জন্তুৰ যকৃৎ, বৃক্ক

খ) ডাঙৰ জন্তুৰ মাংস

গ) ৰাজহাঁহৰ দৰে চৰাইৰ মাংস

ঘ) হঁয়কলী চৰাই, কইৰা

ঙ) খোলা থকা সামুদ্ৰিক প্ৰাণীৰ মাংস

৩) অত্যধিক চৰ্বিজাতীয় উপকৰণ:

ক) সম্পুৰ্ণ গাখীৰ

খ) আইচক্ৰীম

গ) কেক আৰু মাফিন জাতীয় খাদ্য

ঘ) অত্যধিকভাৱে ভজা খাদ্য

ঙ) মাত্ৰাধিক মচলাযুক্ত জোল, চীজজাতীয় পদাৰ্থৰ খাদ্যত মাত্ৰাধিক ব্যৱহাৰ।

৪) অন্যান্য:

ক) মদ্যপান বা সুৰাপান, বিশেষকৈ বিয়েৰ।

খ) ইষ্টজাতীয় পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা মাংস আদি খাদ্যৰ উপকৰণ।

গ) মাংসৰ দ্বাৰা প্ৰস্তুত কৰা চুপজাতীয় পানীয়।

লেখক: ডা: ৰতন কুমাৰ কটকী (জি এনআৰচি স্বাস্থ্য)

 

 

 

 

 

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top