মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গাখীৰৰ জৰিয়তে সংক্ৰ্মিত বেমাৰ আৰু জনস্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাখীৰৰ জৰিয়তে সংক্ৰ্মিত বেমাৰ আৰু জনস্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ

গাখীৰৰ জৰিয়তে সংক্ৰ্মিত বেমাৰ আৰু জনস্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ ৰ বিষয়ে লিখা হৈছে ।

 

গাখীৰ সকলো বয়সৰ আৰু সকলো অৱস্থাৰ লোকৰ বাবে উৎকৃষ্ট আৰু সহজে হজম কৰিব পৰা প্ৰ’টিন জাতীয় প্ৰতিৰক্ষাকাৰক খাদ্য। ল’ৰা-ছোৱালীৰ শৰীৰ গঠনত, গৰ্ভৱতীৰ স্বাস্থ্য অটুট ৰখাত, বেমাৰীক শক্তি দিয়াত আৰু নিৰামিষভোজীসকলক জৈৱিক মাংসসাৰ যোগোৱাত গাখীৰ কেতিয়াও বাদ দিব নোৱৰা আহাৰ।

গাখীৰ আমাৰ যিদৰে পুষ্টিকৰ খাদ্য সেইদৰে নানা জীৱাণু বৃদ্ধিৰ বাবেও অতি ভাল মাধ্যম। বেয়া গাখীৰ খোৱাৰ পৰাই বহুত লোক নানা বেমাৰত ভুগিব লগা হয় আৰু বহুত সাময়ত গাখীৰৰ পৰাই নানা সংক্ৰামক বেমাৰ মানুহৰ মাজত বিয়পা দেখা যায়। বহুক্ষেত্ৰত গৰু-ম’হৰ শৰীৰৰ পৰা বেমাৰৰ জীৱাণু গাখীৰৰ লগত মিহলি হৈ মানুহৰ শৰীৰলৈ প্ৰৱেশ কৰে, আনকি গাখীৰ চোৱা-মেলা কৰা বা ইয়াৰ ব্যৱসায় কৰা লোকৰ পৰাও গাখীৰৰ মাধ্যমেৰে বেমাৰৰ বীজাণু বিয়পা দেখা যায়। কেৱল সেয়ে নহয়-

*পাৰিপাৰ্শ্বিক অৱস্থা,

*গোবৰ,

*প্ৰ্স্ৰাৱ,

*ধূলি-বালি,

*খেৰ,

*জাবৰ,

*গাখীৰ থোৱা বাচন-বৰ্তন আদিৰ পৰাও নানা বেমাৰৰ জীৱাণু গাখীৰৰ লগত মিহলি হৈ মানুহক আক্ৰমণ কৰে।

আমাৰ দেশত সাধাৰণতে গাখীৰ উৎপাদক আৰু ইয়াৰ ব্যৱসায়ীসকল এই বিষয়ে অজ্ঞ। বহুক্ষেত্ৰত অধিক লাভৰ বাবে ইয়াৰ বিশুদ্ধতা ৰক্ষা কৰাৰ বিপৰীতে য’ৰে-ত’ৰে পানী মিহলোৱাৰে পৰা আৰম্ভ কৰি আন বহুতো উপায় অৱলম্বন কৰা প্ৰায়ে দেখা যায়। শেষত এই ভেজাল গাখীৰ গাখীৰ নহৈ মানুহৰ শৰীৰৰ বাবে বিহ হৈ পৰে।

গাখীৰৰ পৰা বিয়পিব পৰা বিশেষ কিছুমান বেমাৰ -

১)ক্ষয়ৰোগ,

২)চবকা,

৩)গলফুলা,

৪)জলাতংক,

৫)ব্ৰুচেলোচিছ,

৬)ওহাৰ শিৰা,

৭)একটিনোমাইক’চিছ,

৮)হাইজা,

৯)সান্নিপাত,

১০)পেৰাটাইফড,

১১)ঘোঁৰা শলখা,

১২)তেজ হাগনি।

ইয়াৰ উপৰি তাম, কাঁহ আদি পাত্ৰত থোৱা গাখীৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা বিষাক্ত হয় আৰু সেই গাখীৰ খালে মানুহৰ শৰীৰৰ অপকাৰ হ’ব পাৰে। বিষাক্ত ঘাঁহ-বন খালে নাইবা শস্যত ব্যৱহাৰ কৰা কীটনাশক ঔষধ ঘাঁহ বা দানাৰ লগত খীৰতী গাইৰ পেটলৈ গ’লে ইয়াৰ বিহ অংশৰ কিছুমান তেজৰ লগত মিহলি হৈ গাখীৰৰ লগত ওলায়। তেনে গাইৰ গাখীৰ খালে-

*পেট বিষ,

*শৌচ,

*বমি আদি নানা বেমাৰ হ’ব পাৰে।

গাখীৰ দি থকা অৱস্থাত গাইৰ বেমাৰ হ’লে চিকিৎসাত ব্যৱহাৰ কৰা ঔষধ তেজৰ লগত গৈ গাখীৰৰ লগত মিহলি হৈ মানুহৰ অপকাৰ কৰাৰ সম্ভাৱনা নথকা নহয়।

যক্ষ্মা বেমাৰী গাইৰ গাখীৰৰ লগত এই ৰোগৰ জীৱাণু থাকিব পাৰে আৰু এনেদৰে মানুহক আক্ৰমণ কৰিব পাৰে।

ইয়াৰ উপৰি এই ৰোগত ভোগা মানুহৰ থু-খেকাৰ পৰি নাইবা তেনে বেমাৰী মানুহৰ হাত, মুখ, পিন্ধা কাপোৰ-কানিৰ পৰা বেমাৰৰ জীৱাণু গাখীৰৰ লগত মিহলি হৈ বহু লোকলৈ এই বেমাৰ বিয়পিব পাৰে।

গৰু, ম’হত হোৱা যক্ষ্মা বেমাৰৰ জীৱাণুৱে বিশেষকৈ ল’ৰা-ছোৱালীক সহজে আক্ৰমণ কৰে। এই ৰোগৰ জীৱাণুযুক্ত গাখীৰ ১৪০° ফাৰেনহাইটত ২০ মিনিট সময় গৰম কৰিলে জীৱাণুবোৰ মৰে।

গোহালিত যিকোনো গৰু চবকা বেমাৰত ভুগিলে ইয়াৰ মুখৰ ফেন, পূজ আদি খেৰ-জাবৰৰ লগত মিহলি হৈ গাখীৰৰ লগত মিহলি হোৱাৰ সম্ভাৱনা থাকে।

এই মিহলি গাখীৰ খালে মানুহৰ পেটৰ বিষ, কামোৰণি, আভোক আদি লক্ষণ দেখা দিয়ে। এনে গাখীৰৰ পৰা পক্ষত ব্যৱহাৰ নকৰাই ভাল।

খীৰতী গাই কেনেবাকৈ জলাতাংক বেমৰাত আক্ৰান্ত হ’লে এই ৰোগৰ জীৱানু গাখীৰত থাকিব পাৰে। সেই গাইৰ গাখীৰ খোৱা লোকৰো এই বেমাৰ হ’ব পাৰে যদিহে কাৰোবাৰ পেটত কোনো ধৰণৰ ঘা থাকে।

গাখীৰ ভালমতে উতলালে ইয়াৰ জীৱানুবোৰ সোনকালে ধ্বংস যদিও এনে গাখীৰ ব্যৱহাৰ নকৰাই ভাল।

খীৰতী গাই কেনেবাকৈ জলাতংক বেমাৰত আক্ৰান্ত হ’লে এই ৰোগৰ জীৱাণু গাখীৰত থাকিব পাৰে। সেই গাইৰ গাখীৰ খোৱা লোকৰো এই বেমাৰ হ’ব পাৰে যদিহে কাৰোবাৰ পেটত কোনো ধৰণৰ ঘা থাকে।

গাখীৰ ভালমতে উতলালে ইয়াৰ জীৱাণুবোৰ সোনকালে ধ্বংস হয় যদিও এনে গাখীৰ ব্যৱহাৰ নকৰাই ভাল।

সৰহকৈ গাখীৰ দিয়া গাইবোৰৰ মাজত ওহাৰ শিৰা নামৰ এবিধ বেমাৰ ওহাৰত হয়। এনেকুৱা গাখীৰত জীৱাণু, তেজ-পূজৰ উপৰি জীৱাণুবোৰে উৎপন্ন কৰা কিছুমান বিষাক্ত বস্তু থাকে।

এনেকুৱা গাইৰ গাখীৰ ব্যৱহাৰ কৰিলে মানুহৰ মুখৰ ঘা, তেজ হাগনি আদি বেমাৰ হ’ব পাৰে। এনে গাখীৰ গৰম কৰি হ’লেও খোৱা অনুচিত।

ব্ৰুচেলোচিছ, হাইজা, সান্নিপাত, পেৰাটাইফড, ঘোঁৰা শলখা আদি বেমাৰৰ জীৱাণু গাখীৰৰ জৰিয়তে মানুহৰ গালৈ বিয়পিব পাৰে। গাখীৰৰ পৰা বিয়পা বেমাৰৰ পৰা ৰক্ষা পাবলৈ হ’লে এনেবোৰ ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক।

১)খীৰতী গাই থকা গোহালি আৰু ইয়াৰ চাৰিওফাল সদায় পৰিষ্কাৰ কৰিব লাগে আৰু ৰ’দ পৰা ঠাইত হ’ব লাগে।

২)খীৰতী গাইবোৰ আৰু গাখীৰ খীৰোৱা বা চোৱা-মেলা কৰা মানুহ সদায় সুস্থ হ’ব লাগে, সময়ে সময়ে গাইবোৰক আৰু সংস্পৰ্শত থকা লোকক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাব লাগে।

৩)খীৰতী গাইৰ ওহাৰ গাখীৰ খীৰোৱাৰ আগতে পৰিষ্কাৰ পানীৰে ধুই শুকাই ল’ব লাগে।

৪)ওহাৰৰ প্ৰত্যেকটো বাটৰ পৰা প্ৰথম দুবাৰমান গাখীৰ এটা পাত্ৰত উলিয়াই লৈ গোহালিৰ পৰা আঁতৰত পেলাই দিব লাগে।

৫)গাখীৰ উতলালে যদিও ইয়াৰ কিছুমান উপকাৰী উপাদান নষ্ট হয় তথাপি গাখীৰ নুতলোৱাকৈ খোৱাটো উচিত নহয়।

জনস্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখি বাস্তৱমুখী নতুন আইন প্ৰণয়নৰ অতিশয় প্ৰয়োজন হৈছে। এইটো সকলোৱে উপলব্ধি কৰা উচিত যে গাখীৰৰ জৰিয়তে মানুহৰ নানা ৰোগ হ’ব পাৰে। সেয়েহে জনস্বাস্থ্য ৰক্ষাত পশু চিকিৎসকসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে।

উৎস: ৰাইজৰ বাতৰি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top