মূল পৃষ্ঠা / স্বাস্থ্য / ৰোগসমূহ / গুটখা, পাণ-মচলা, চাধাৰ পৰা হোৱা ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গুটখা, পাণ-মচলা, চাধাৰ পৰা হোৱা ৰোগ

গুটখা, পাণ-মচলা, চাধাৰ পৰা হোৱা ৰোগৰ বিষয়ে লিখা হৈছে ।

 

চোবাই খোৱা ধঁপাত সেৱন যেনে- গুটখা, চাধা, খৈনী, পাণ-মচলা আদি মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি গণ্য কৰা হয়। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে মুখ, জিভা, দাঁতৰ আলু, ওঁঠ বা খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা। সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত উপমহাদেশত এনেধৰণৰ চোবাই খোৱা ধোঁৱাবিহীন ধঁপাতৰ প্ৰচলন সৰ্বাধিক হোৱা দেখা যায়। আমেৰিকাৰ ‘মেয়’ ক্লিনিকে’ ঘোষণা কৰিছে যে ধোঁৱাবিহীন ধঁপাত বিড়ি, চিগাৰেট আদি ধোঁৱামুক্ত ধঁপাততকৈ কোনোগুণে  কম ক্ষতিকাৰক নহয়। তেওঁলোকৰ মতে, ক্ষতিবিহীন ধঁপাত বুলি কোনো সামগ্ৰী নাই। মুখত ৰখা ধঁপাতৰ পৰা নিকটিন নামৰ ক্ষতিকাৰক দ্ৰব্য মুখৰ ছালেদি আৰু পেটলৈ গৈ শৰীৰত প্ৰৱেশ কৰে। মুখত ৰখা ধঁপাতৰ ফলত মুখৰ ভিতৰত জমা হোৱা থুখিনি পিক হিচাপে পেলাই দিয়া হয় অথবা গিলি দিয়া যায়। বহুত ক্ষেত্ৰত এই ধঁপাতবোৰত সুগন্ধি আতৰ মিহলি কৰা হয়। ইয়াক সাধাৰণতে জৰ্দা বা সুগন্ধি গুটখা বোলা হয়।

মুখত ৰখা ধঁপাতৰ পৰা বিভিন্ন ৰোগ হ’ব পাৰে। তাৰ ভিতৰত তলত কিছুমান ৰোগ উল্লেখ কৰা হ’ল।

কৰ্কট বা কেন্সাৰ ৰোগ -

মুখত ৰখা, ধঁপাতৰ পৰা মুখৰ ভিতৰৰ গাল, জিভা, ওঁঠ, দাঁতৰ আলু, টনচিল, খাদ্যনলী আদিৰ কৰ্কট ৰোগ হ’ব পাৰে। বিড়ি, চিগাৰেট আদিতকৈ মুখত ৰখা ধঁপাত অধিক সময় মুখগহ্বৰত ৰাখি থোৱা হয়। ফলত ধঁপাতৰ ক্ষতিকাৰক গুবণবোৰে অধিক সময় ধৰি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। সেয়েহে সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত উপমহাদেশত মুখগহ্বৰৰ কৰ্কট ৰোগ সৰ্বাধিক হোৱা দেখা যায়।

লুক’প্লেকিয়া বা মুখৰ ভিতৰৰ বগা দাগ ৰোগ -

গুটখা আদি ধঁপাতৰ পৰা মুখগহ্বৰত বগা দাগ পৰা দেখা যায়। এই বগা পৰা দেখা যায়। এই বগা দাগবোৰক লুক’প্লেকিয়া বোলা হয়। এই বগা দাগবোৰক কৰ্কট ৰোগৰ পূৰ্বাভাস বুলি কোৱা হয়। ধঁপাত সেৱন পৰিত্যাগ কৰি ভাল চিকিৎসা কৰিলে এই বগা দাগবোৰ বহু ক্ষেত্ৰত নিৰাময় হ’লেও কেতিয়াবা এইবোৰ কৰ্কট ৰোগলৈ পৰিৱৰ্তন হোৱা দেখা যায়।

হৃদপিণ্ডৰ অসুখ:

মুখত ৰখা গুটখা, খৈনী আদিৰ পৰা নিক’টিন নিঃসৰণ হয়। এই নিক’টিনৰ প্ৰভাৱত উচ্চ ৰক্তচাপ, হৃদপিণ্ডৰ অসুখ, হাৰ্ট এটেক আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি হয় বুলি গণ্য কৰা হয়।

দাঁত আৰু দাঁতৰ আলুৰ ৰোগ -

গুটখা, খৈনী আদিৰ ফলত দাঁতৰ বিভিন্ন ৰোগ হোৱা দেখা যায়। বহুতে আকৌ দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ ধঁপাত সেৱন কৰা আৰম্ভ কৰে। ফলত দাঁতৰ স্নায়ুবোৰ নষ্ট হৈ যায় আৰু দাঁতৰ বিষয় নোহোৱা হয়। কিন্তু প্ৰকৃততে দাঁতবোৰ ক্ষয় যায়, , দাঁতৰ ফুটা হয়, দাঁত ভাঙি যায়, দাঁতৰ আলুত ঘা হয় আৰু অন্যান্য বহু ৰোগে আক্ৰমণ কৰা দেখা যায়।

গৰ্ভৱতী স্ত্ৰীৰ বিপদ:

গুটখা, খৈনী আদি সেৱন কৰা স্ত্ৰী গৰ্ভৱতী হ’লে গৰ্ভপাত, গৰ্ভস্থ শিশুৰ কম ওজন, গৰ্ভস্থ শিশুৰ হৃদপিণ্ডৰ অসুখৰ সম্ভাৱনা বৃদ্ধি হোৱা বুলি চিকিৎসকসকলে মত পোষণ কৰে।

শিশুৰ বিপদ:

গুটখা জাতীয় ধঁপাত সেৱন কৰিলে শিশুৰ নিক’টিন বিষক্ৰিয়া হ’ব পাৰে। ফলত বমি, দুৰ্বলতা, হৃদপিণ্ডৰ হ্ৰোগ আদি হ’ব পাৰে। সেয়েহে শিশুৰ ক্ষেত্ৰত গুটখা, খৈনী আদি অত্যন্ত হানিকাৰক বুলি গণ্য কৰা হয়।

ধঁপাত এৰাৰ উপায় -

গুটখা, খৈনী আদি এৰিবৰ বাবে এই সামগ্ৰীবোৰ হানিকাৰক দিশটোৰ বিষয়ে সম্যক জ্ঞান থকা প্ৰয়োজন। সেয়েহে এনে সামগ্ৰী ব্যৱহাৰ কৰা লোকক পৰামৰ্শ দিয়া প্ৰয়োজন। চিকিৎসক, শিক্ষক, সামাজিক কাৰ্যকৰ্তা আদি লোকে এনে লোকৰ পৰামৰ্শদাতা হিচাপে কাৰ্য কৰা উচিত।

আজিকালি ধঁপাত সেৱনৰ অভ্যাস এৰুৱাবলৈ কম পৰিমাণৰ ধঁপাত মিহলি ছুইংগাম পোৱা যায়। এনে ছুইংগাম ব্যৱহাৰ কৰি গুটখা, খৈনী, জৰ্দা আদিৰ প্ৰতি আসক্তি কমাই অনাত সহায় কৰা হয়। কিন্তু ধঁপাতৰ আসক্তি এবাবৰ বাবে প্ৰকৃত অস্ত্ৰ মনোবল।

লেখক: ডাঃ বিশ্বনাথ শৰ্মা( নিয়মীয়া বাৰ্তা)

3.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top